বন্ধুত্ব। বন্ধুত্ব ৰচনা।Friendship, Importance of Friendship -An Essay in Assamese

বন্ধুত্ব আৰম্ভিণি: বন্ধুত্ব হৈছে দুজন মানুহৰ মাজত আন্তৰিক ঘনিষ্টতা যি দুজনে পৰস্পৰে পৰস্পৰৰ সুখ-দুখ, আনন্দ-নিৰানন্দ, সৌভাগ্য-দুৰ্ভাগ্য আদিৰ সমভাগী হয়। বন্ধুত্বৰ প্ৰকৃতি: বন্ধুত্বক আমি বহলভাবে দুই শ্ৰেণীত ভগাব পাৰো, যথা: সঁচা বন্ধুত্ব আৰু কৃত্ৰিম বা মিছা বন্ধুত্ব। কৃত্ৰিম বন্ধুত্ব বা মিছা বন্ধুত্ব তাকেই কোৱা হয় যি বন্ধুত্বই অকল আমাৰ আনন্দ আৰু সৌভাগ্যৰ অংশীদাৰ হয় আৰু বিপদ বা দুৰ্যোগৰ সময়ত আতঁৰি যায়। এনে বন্ধুত্বক ‘সম্পদ কালৰ বন্ধু’ বুলি কোৱা হয়। আনহাতে সঁচা বা […]

Read More

মোৰ প্রিয় কাম।মোৰ প্রিয় কাম ৰচনা

মোৰ প্রিয় কাম আৰম্ভণি: দৈনন্দিন কাম-কাজ আৰু প্ৰধান কৰ্তব্যৰ  উপৰিও আনন্দৰ কাৰণে বা মনক সজীৱ ৰাখিবলৈ যি কাম কৰা হয তাকে এজনৰ প্ৰিয় কাম (hobby) বুলি কোৱা হয়। ব্যক্তি ভেদে  প্ৰিয় কাম ভিন ভিন হয়। মোৰো এটি প্ৰিয় কাম আছে আৰু ই হৈছে বাগিছাত কাম কৰা। বিৱৰণ:  গছ মোৰ অতিকৈ প্ৰিয়। সেয়ে মই বাগিছা পতা কামটো মোৰ প্ৰিয় কাম হিহিচাপে  গ্ৰহণ কৰিছো। আমাৰ এটি আহল-বহল বাহিৰা চোতাল আছে।  মই চোতালখনক চাৰিটা ভাগত ভাগ কৰি লৈছো। […]

Read More

মাদাৰ টেৰেছা ।মাদাৰ টেৰেছা ৰচনা

মাদাৰ টেৰেছা পৰিচয়: মাদাৰ টেৰেছা আছিল বিশ্ববৰেণ্য এজনী মানৱতাবাদী কৰ্মী, দয়া, কৰুণা আৰু ত্যাগৰ এক জলন্ত প্ৰতিমূৰ্তি। নিঃকিন, দীন-দৰিদ্ৰ, ৰোগী, পতিত আৰু গৃহহীন লোকসকলৰ সেৱা আৰু কল্যাণ সাধন কৰাই আছিল তাইৰ জীৱনৰ একমাত্ৰ লক্ষ্য। জন্ম আৰু শিক্ষা  জীৱন: মাদাৰ টেৰেছাই  ইংৰাজী ১৯১০ চনৰ আগষ্ট মাহৰ ২৭ তাৰিখে ইউৰোপৰ যুগোশ্লাভিয়াত জন্ম গ্ৰহণ কৰে। তাইৰ দেউতাকৰ  নাম আছিল নিকোলাচ আৰু মাকৰ নাম আছিল মিচেচ ড্ৰানা। সৰুতে মাদাৰ টেৰেছাক পিতৃ-মাতৃয়ে ‘এগনেছ’  নামেৰে মাতিছিল। মাদাৰ টেৰেছাই […]

Read More

বৰ্তমান সমাজত দুৰ্নীতি আৰু তাৰ প্ৰতিকাৰ। দুৰ্নীতি আৰু তাৰ প্ৰতিকাৰ

বৰ্তমান সমাজত দুৰ্নীতি আৰু তাৰ প্ৰতিকাৰ যি আইন বা নীতি বিৰুদ্ধ সেয়াই দুৰ্নীতি। বিস্তৃত ভাষাত ক’বলৈ গ’লে, সমাজ বা দেশত প্ৰচলিত আইন, নীতি, নৈতিকতা, মানবতা আদিৰ বিৰুদ্ধে যিবোৰ কাৰ্য্য-কলাপ সকলোৱে জানে অথচ গোপনে চলি সমাজ তথা দেশৰ শান্তি -শৃঙ্খলা আৰু সামগ্ৰিক উন্নয়নত হেঙাৰ স্বৰুপে  দেখা দিয়ে- সেয়াই দুৰ্নীতি। আজি বিজ্ঞান আৰু যুক্তিৰ যুগত মানৱ সমাজ, সভ্যতা আৰু উন্নয়ণৰ দিশত যিমানেই আগুৱাই আছে, দুৰ্নীতিয়েও সমান্তৰাল গতিত চৰম সীমালৈ গতি কৰি এক […]

Read More

বিহু। অসমৰ জাতীয় উৎসৱ।Bihu, National Festival of Assam in Assamese

বিহু। অসমৰ জাতীয় উৎসৱ আৰম্ভিণি: বিহু হ’ল অসমৰ জাতীয় উৎসৱ। ই প্ৰেম, শান্তি, ভাতৃত্ত্ববোধ, একতা আৰু জাতীয় সংহতিৰ প্ৰতীক। বিহু মুঠতে তিনিটা, যথা: বহাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু। বহাগ বিহু: বহাগ বিহু চ’ত মাহৰ শেষৰ দিনা  আৰম্ভ হয় আৰু ই বহাগ মাহৰ সাত তাৰিখলৈ চলি থাকে। এই বিহুৰ আৰম্ভনী দিনটো ‘গৰু বিহু’ বুলি কোৱা হয় কাৰণ এই দিনা গৰুক নৈ বা পুখুৰীত গা-পা ধুৱাই গৰুৰ শিং, মূৰ, কাণ আদিত তেল […]

Read More

ভাৰতৰ জাতীয় সংহতি

ভাৰতৰ জাতীয় সংহতি । ভাৰত  আৰু  জাতীয় সংহতি  কোনো এখন দেশ বা জাতি একোটাৰ ভিতৰত বসবাস কৰা বিভিন্ন বৰ্ণ-সম্প্ৰদায়, ভাষা-ভাষী আৰু ধৰ্মালম্বীৰ লোকসকলৰ মাজত সমন্বয় বা একতাই জাতীয় সংহতি। উত্তৰে  হিমগিৰিৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে বিস্তৃত ভাৰতবৰ্ষ ঐক্য বা সংহতিৰ এক লীলাভূমি। এইখন ভাৰতবৰ্ষত  প্ৰাকৃতিক দিশত অনৈক্য আছে যথা-কিছুমান অঞ্চল অতিপাত ঠাণ্ডা, কিছুমান অঞ্চল অতিপাত গৰম আৰু কিছুমান অঞ্চল নাতিশীতোষ্ণ। এনেদৰে ইয়াত  বিভিন্ন ভাষা ভাষী বা সম্প্ৰদায় যথা- অসমীয়া, বঙালী, মাৰাঠী, তামিলী, হিন্দী, ৰাজস্থানী […]

Read More

অসমৰ বানপানী। Great Flood of Assam

অসমৰ বানপানী আৰম্ভণি: পানীৰ অস্বাভাৱিক বাঢ়নিয়েই বানপানী। ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে আটাইতকৈ বেছি বানপানী আসক্ত প্ৰদেশ। বৰ্ণনাতীত কালৰে পৰা অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জন-জীৱন বানপানীৰ দ্বাৰা সকৰুণভাবে প্ৰভাৱিত হৈ আহিছে।  ই হ’ল অসমৰ এক স্বতঃস্ফূর্ত  প্ৰাকৃতিক বিপৰ্যয়।  বানপানীৰ কাৰণ ঃ অসমৰ বানপানীৰ বাবে  বহুতো উৎস দায়ী, যথা:  প্ৰথমতে, গ্ৰীষ্ম কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়, যাৰ ফলত অসমৰ বাট-পথ, গাওঁ-ভূই প্লাৱিত হৈ বাপানীৰ সৃষ্টি হয়।  দ্বিতীয়তে, অসম হৈছে পাহৰ আৰু পবর্ত, নদী আৰু […]

Read More

পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)। ৰাব্বি মছৰুৰ

     পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন) (ইন্টাৰনেট সংস্কৰণ) ৰাব্বি  মছৰুৰ        গ্ৰুহিলচ্ পাব্লিশিং    কমলপুৰ, বৰেপটা (অসম)    Prithibir Aaru Mour: A collection of Assamese poems composed by Rabbi Masrur and Published by Growhills Publishing.  Kamalpur, Barpeta, Assam (India). First edition 2018.     প্ৰকাশকঃ গ্ৰুহিলচ্ পাব্লিশিং, কমলপুৰ, বৰপেটা  (অসম) Email: growhillsngo@gmail.com Website:  growhillsnet.com Mobile: 9101249321   সৰ্ব্বস্বত্ব প্ৰকাশকৰ দ্বাৰা সংৰক্ষিত    আগলিপাত পবৰ্বতৰ খলা-বমা গচকি গচকি কঠিন শিলৰ কৰ্কশ বাধা-বিঘিনীকো […]

Read More

মোৰ প্ৰিয় কবি। নলিনীৱালা দেৱী

   মোৰ প্ৰিয় কবি।নলিনীৱালা দেৱী মোৰ স্কুলীয়া জীৱনৰ প্ৰাৰম্ভিকতে মাতৃভাষাৰ বৰ্ণমালা উচ্চাৰণ কৰিব পৰা হোৱাৰে পৰা মই সাহিত্য-বিশেষকৈ কবিতাৰ প্ৰেমত পৰো। সেয়ে তেতিয়াৰ পৰা মই মোৰ পাঠ্যপুথি অধ্যয়ন কৰাৰ লগতে ঢৌতে  খৰমাৰি বিভিন্ন কবিৰ কবিতাৰ সোৱাদ লওঁ। আজি কবিতা অধ্যয়ন মোৰ অকল অভিৰুচিয়েই নহয়, ই মোৰ নিচা আৰু নিৰ্জন সময়ৰ বিনোদনত পৰিণত হৈছে। আজিলৈকে মই যিকেইজন কবিৰ কবিতা অধ্যয়ন কৰিছো, সেইসকল কবিৰ প্ৰায় আটাইকেইজনেই মোৰ প্ৰিয় যদিও আজি মই মোৰ প্ৰিয় কবিৰ বিষয়ে […]

Read More

অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ

অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ অলেখ- অপাৰ প্ৰাকৃতিক সম্পদেৰে বিনন্দীতা ভাৰতৰ নুমলী জীয়ৰী অসমখন হ’ল প্ৰকৃতিৰ এক ৰম্যভূমি। অসংখ্য সেউজীয়া গছ-গছনি, পাহাৰ-পৰ্বত, নদ-নদী আদিৰে পৰিবেষ্টিতা প্ৰকৃতিৰ এই ৰম্যভূমিলৈ গতানুগতিক ছন্দৰে প্ৰতি বছৰেই বিভীষিকাময় সংহাৰী ৰূপত নামি আহে এক সহজাত অভিশাপ – অভিশাপটিৰ নাম ‘বানপানী’। ইতিহাস-বিষ্মৃত দিনৰ পৰাই বানপানীয়ে অসমী আইৰ আঁচলৰ ধন: জীৱজন্তু, মানুহ-দুনুহ, গছ-গছনি, শস্য-মৎস্য আদি লুটি নি অসমীয়া জাতিৰ সার্বিক  উন্নয়ণ অৱদমিত কৰি ৰাখিছে আৰু আজি বানপানী নামৰ অভিশাপটো […]

Read More