মহাত্মা গান্ধী

আৰম্ভনি : যিজন ব্যক্তিয়ে মানৱ সমাজলৈ সুখ, শান্তি, শৃঙ্খলা, সংহতি, ভাতৃত্ববোধ আদিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়ায়  সেইজন ব্যক্তিক ‘মহান ব্যক্তি’ বুলি বিবেচনা কৰা হয়। মানৱ ইতিহাসত অৱশ্যে মহান ব্যক্তিৰ অভাৱ নাই। কিন্তু তেনে মহান ব্যক্তিসকলৰ মাজৰ পৰা মই মহামানৱ মহাত্মা গান্ধীক মোৰ আদৰ্শ  ব্যক্তি হিচাপে  নিৰ্বাচন কৰিছো।

মহাত্মা গান্ধীৰ জন্ম  আৰু পৰিচয়:  মহাত্মা গান্ধীৰ আচল নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। তেওঁ অক্টোবৰ ২, ১৮৬৯ চনত গুজৰাটৰ পোৰবন্দৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী। তেওঁ সেই সময়ত ৰাজকোটৰ এজন মন্ত্ৰী আছিল। তেওঁৰ মাকৰ নাম আছিল পুতুলী বাঈ। তাই এগৰাকী ধৰ্মভীৰু মহিলা আছিল। 

শিক্ষা আৰু কৰ্ম জীৱন: গান্ধীয়ে ৰাজকোটৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি  উচ্চ শিক্ষাৰ বাবে ইংলণ্ডলৈ যায় আৰু এজন উকিল হৈ আহে। প্ৰথমতে তেওঁ ভাৰতৰ বম্বে হাই কোৰ্টত উকালতি আৰম্ভ কৰে।  তাৰ পাছত তেওঁ উকালতি ব্যৱসায়ৰ উদ্দেশ্যে দক্ষিণ আফ্রিকালৈ যায়। দক্ষিণ আফ্ৰিকাত  থকা সময়খিনিত তেওঁ সেই সময়ত ঔপনিবেশিক শাসকসকলে থলুৱা আফ্রিকীয়সকল আৰু প্ৰবাসী ভাৰতীয়সকলৰ ওপৰত কৰা দমনমূলক অন্যায় নীতিৰ বিৰুদ্ধে এলানি আন্দোলনৰ গুৰি ধৰি সফলতা আৰু জনপ্ৰিয়তা অৰ্জন কৰে।

১৯১৫ চনত তেওঁ ভাৰতলৈ ঘূৰি আহি ভাৰতীয় জাতীয় কংগেছত যোগদান কৰি ইয়াৰ নেতৃত্ব গ্ৰহণ কৰে।  তেওঁ নেতৃত্ব বহন কৰি  ইংৰাজসকলক ভাৰতৰ পৰা খেদিবলৈ আৰু বিদেশী শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ এলানি আন্দোলন পৰিচালনা কৰে আৰু  অৱশেষত আগষ্ট ১৫, ১৯৪৭ চনত ভাৰতবৰ্ষক স্বাধীন কৰে। ভাৰতবৰ্ষক বিদেশী শাসকসকলৰ হাতৰ পৰা স্বাধীন কৰাৰ  পিছত  জানুৱাৰী ৩০, ১৯৪৮ চনত নাথুৰাম গডচ  নামৰ এজন উম্মত্ত  গোড়া হিন্দুৱে তেখেতক গুলিয়াই হত্যা কৰে। 

তেখেত মোৰ আদৰ্শ ব্যক্তি হোৱাৰ কাৰণ: মহাত্মা গান্ধীক মই ভাল পাওঁ আৰু প্ৰশংসা কৰো এই কাৰণে যে তেখেত এজন মানৱ দৰদী মহান নেতা আছিল। তেখেতৰ আদৰ্শ আৰু ব্যক্তিত্বত মোহিত হৈ দেশী-বিদেশী বহুতো ব্যক্তিয়ে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। তেওঁ সদায় সহজ-সৰল জীৱন যাপন কৰিছিল। তেওঁ সমাজৰ পৰা অস্পৃস্যতা দূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। হিন্দু আৰু মুছলমানৰ মাজত সংহতি স্থাপন কৰাৰ বাবেও  যৎপৰোনাস্তি চেষ্টা কৰিছিল।  তেওঁ এজন মহান সমাজ সংস্কাৰকো আছিল। তেওঁ ভাৰতবৰ্ষত  কুটিৰ শিল্পৰ বিকাশৰ হকে মাত মাতিছিল আৰু নিজে সুতা কাটি কাপোৰ বৈছিল। তেওঁ সাৰ্বজনীন শিক্ষাৰো পোষকতা কৰিছিল।  ইয়াৰ উপৰিও তেওঁ এজন লিখকো আছিল। তেওঁ নিজে কেইবাখনো আলোচনী সম্পাদনা কৰিছিল। সিবিলাকত তেওঁৰ বহুত মূল্যবান লিখনি সিঁচৰতি হৈ আছে। তেওঁৰ আত্মজীৱনী ‘মোৰ সত্য অন্বেষণৰ কাহিনী’ খন বিশ্বজুৰি লাখ লাখ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে। 

সামৰণি: মহাত্মা গান্ধীৰ জীৱন অধ্যয়ন কৰি আমি বহুত আদৰ্শ  শিকিব পাৰো। আমি সকলোৱে তেওঁৰ জীৱনৰ পৰা শিক্ষা লাভ কৰা উচিত।

ৰাব্বি  মছৰুৰ

Related Searches:

 

Leave a Reply

Your email address will not be published. Required fields are marked *