মোৰ কৰ্তব্য

মই এজন ছাত্ৰ আৰু অধ্যয়নেই হৈছে মোৰ একমাত্ৰ কৰ্তব্য। মই কিতাপ  পঢ়ো  যাতে মই অধিক তথ্য আৰু জ্ঞান আহৰণ কৰি দেশৰ এজন সু নাগৰিক হ’ব পাৰো। 

যদিও অধ্যয়ন মোৰ প্ৰধান কৰ্তব্য তথাপি মই অকল অধ্যয়নতেই মোৰ সকলো সময় আৰু শক্তি খৰচ নকৰো। মই মোৰ এজন শ্ৰদ্ধেয় শিক্ষকৰ পৰামৰ্শ অনুসৰি  অধ্যয়নৰ এটি সময়সূচী প্ৰস্তুত কৰি লৈছো আৰু সেইটো মই বৰ কঠোৰভাবে  মানি চলো। মই বিদ্যালয়লৈ যোৱাৰ দিনেবাৰত ৰাতিপুৱা নিয়মিত তিনি ঘন্টাকৈ পাঠ্যপুথি অধ্যয়ন কৰো।  ৰাতি মই তিনিৰ পৰা চাৰি ঘন্টা বিজ্ঞান, গণিত আৰু ইংৰাজী  বিষয়বোৰ  অধ্যয়ন কৰো।

কিন্তু বন্ধৰ দিনবোৰত  মই এই কাৰ্যসূচী কঠোৰভাবে পালন নকৰো। মই এজন অনুসন্ধিৎসু ছাত্ৰ; সেয়ে মই মোৰ পাঠ্যপুথি অধ্যয়ন  কৰাৰ উপৰিও  অন্যান্য কিতাপ বিশেষকৈ সাহিত্য আৰু ধৰ্ম বিষয়ক কিতাপ বৰ আগ্ৰহেৰে অধ্যয়ন কৰো।  মই বিখ্যাত লোকৰ জীৱনী, আত্মজীৱনী আৰু ভ্ৰমণ কাহিনী পড়িও  ভাল পাওঁ। মই ইতিমধ্যে ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা, হিতেশ ডেকা আদি সাহিত্যিকসকলৰ  লিখনিবোৰ পড়ি  অটাঁইছো।

বাহিৰা কিতাপ অধ্যয়ন কৰি মই বহুত উপকৃত হৈছো। বাহিৰা কিতাপ (পাঠ্যপুথিৰ বাদে) অধ্যয়ন কৰি মই এনেকুৱা কিছুমান মূল্যৱান কথা শিকিছো যিবোৰ স্কুল-কলেজত শিকোৱা নহয়। 

মই ঈশ্বৰক প্ৰাৰ্থনা কৰো যেন ঈশ্বৰে মোৰ গা-মন ভালে ৰাখে যাতে মই গোটেই জীৱন অধ্যয়নত ব্রতী  থাকিব পাৰো আৰু অধ্যয়নৰ পৰা পোবা  সুফল মানৱ জাতিৰ কল্যাণৰ হকে প্ৰয়োগ কৰিব পাৰো। 

— ৰাব্বি  মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *