ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা

মানুহ সামাজিক জীৱ। সমাজক বাদ দি কোনো মানুহেই সভ্য আৰু সুস্থ জীৱন যাপন কৰিব নোৱাৰে। সেয়ে সামাজিক প্ৰাণী হিচাপে  সকলো ব্যক্তিৰে সমাজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। অধ্যয়নেই ছাত্ৰ-ছাত্ৰীৰ প্ৰধান কৰ্তব্য যদিও ছাত্ৰ-ছাত্ৰীসকলো সামাজিক প্ৰাণী; সমাজৰ পৰাই সিহঁতে শিক্ষা-দীক্ষা লাভ কৰে বা শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰে। সেয়ে সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰো কৰ্তব্য আৰু দায়িত্ব আছে।

বৰ্তমান শিক্ষাৰ যুগ যদিও সমাজৰ অধিকাংশ মানুহ আজিও অশিক্ষিত আৰু সহজ-সৰল বা হজুৱা। সেয়ে বৰ্তমান বিজ্ঞান তথা যুক্তিৰ যুগত অশিক্ষিত সহজ-সৰল গাঁৱলীয়া লোকে নিজকে যুগৰ লগত খাপ খুৱাই  নিজৰ অধিকাৰ তথা দায়িত্ব সাব্যস্ত কৰিব  নোৱাৰে। তাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলে কিতাপ-পত্ৰ, বাতৰি কাকত, আলোচনী আদি অধ্যয়ন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান -প্রতিষ্ঠানৰ লগত জড়িত হৈ সভ্যতাৰ সৰ্বাধুনিক গতি-বিধিৰ বিষয়ে সহজে ভূ পাব পাৰে। সেয়ে অশিক্ষিত গাঁৱলীয়া আৰু হোজা লোকসকলক ছাত্ৰ-ছাত্ৰীসকলে সভ্যতা আৰু বিকাশৰ  দিশত হাতে হাত ধৰি আগবঢ়াই  লৈ যাব লাগিব।

স্কুল-কলেজত থকা বিভিন্ন সমাজ সেৱা বিভাগ যথা- এ. চি. চি., এন. চি. চি, এন. এছ. এছ, স্কাউট আৰু গাইড আদিত ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰি সমাজ সেৱাত যোগদান কৰিব পাৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ  সমাজ সেৱামূলক কাম কাজৰ বিভিন্ন দিশ আছে, যথা-

সমাজৰ অধিকাংশ মানুহেই অশিক্ষিত। সেয়ে ভাৰতবৰ্ষ, পাকিস্থান, আফগানিস্থান, নেপাল আদিৰ দৰে অনুন্নত  দেশত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আজৰি সময়ত দুই চাৰিজন অশিক্ষিত লোকক সাক্ষৰ কৰি তুলিব পাৰে।  

প্ৰাকৃতিক দুৰ্যোগ যথা- বানপানী, খৰাং বতৰ, ভূমিকম্প, মহামাৰী আদিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ওলাই আহি সৰ্বসাধাৰণ লোকক সহায়-সাহায্য আগবঢ়াব  পাৰে, ঔষধ-পাতি, কােপাৰ-কানি বিতৰণ কৰিব পাৰে, বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ প্ৰদান কৰিব পাৰে।

আজিৰ বিজ্ঞানৰ চৰম উৎকৰ্ষৰ যুগতো বহুতো অঞ্চলত কুসংস্কাৰ, অন্ধবিশ্বাস, বাল্য বিবাহ আদি প্ৰচলিত হৈ আছে। ছাত্ৰ-ছাত্ৰী সকলে যুক্তিৰ ভিত্তিত  সৰ্বসাধাৰণক বুজাই-বঢ়াই  এনেকুৱা কুসংস্কাৰ আঁতৰ কৰিব পাৰে।

অসম তথা ভাৰতৰ অধিকাংশ অঞ্চলত আজিলৈকে উপযুক্ত ৰাস্তা-ঘাট, দলং আদিৰ বিকাশ হোৱাহি নাই। ছাত্ৰ-ছাত্ৰীসকলে সিহঁতৰ বিভিন্ন সেৱামূলক সংগঠনৰ যোগেদি প্ৰয়োজনীয় ৰাস্তা-ঘাট, দলং আদি নিৰ্মাণত অৰিহণা যোগাব পাৰে।   

শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বাবে খেলা-ধূলা অপৰিহাৰ্য্য। ছাত্ৰ-ছাত্ৰীসকলে নিজকে খেলা-ধূলাৰ লগত জড়িত ৰাখি সৰ্বসাধাৰণ ৰাইজকো খেলা-ধূলাৰ উপকাৰিতাৰ বিষয়ে বুজাই খেলা-ধূলাৰ উপযুক্ত পৰিবেশ  ৰচনা কৰিব  পাৰে।

বৰ্তমান বিশ্বত জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই আছে বাবে নিবনুৱা সমস্যাও প্ৰকট ৰূপ ধাৰণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে নিবনুৱাসকলক কৰ্ম সংস্থান পোৱাৰ  এক সহায়ক উপায় হিচাপে  আত্মসহায়ক গোট স্থাপন কৰি তাৰ যোগেদি কিছু পৰিমাণে হ’লেও অৰ্থ সাহাৰ্য্য দি বা দিহা-পৰামৰ্শ আগবঢ়াই  সমাজৰ প্ৰতি সেৱা আগবঢ়াব  পাৰে।

যি জাতি যিমানেই শিক্ষিত, সেই জাতি সিমানেই উন্নত। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে সমাজত সামাজিক পুথিভঁৰাল স্থাপন কৰি গাঁৱলীয়া মানুহক পুথি অধ্যয়নত উৎসাহ যোগাব পাৰে।

পৰিবেশ  সচেতনতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্য আছে। আজিকালি ৰাসায়নিক বা কৃত্ৰিম সা-সামগ্ৰীৰ অত্যাধিক ব্যৱহাৰ, ৰবৰ বা প্লাষ্টিক জাতীয় দ্ৰৱ্যৰ ব্যৱহাৰ, খেতি-পথাৰত কীট নাশক দ্ৰব্যৰ ব্যৱহাৰ, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা, পেলনীয়া পদাৰ্থ, যান-বাহনৰ পৰা ওলোৱা অতিপাত শব্দ আদিয়ে আমাৰ পৰিৱেশ  তথা মাটি, পানী, বায়ু আদি প্ৰদূষিত কৰি আছে। ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰদূষণৰ বিষয়ে জনসাধাৰণক সচেতন কৰি প্ৰদূষণমুক্ত পৃথিৱী গঢ়াৰ  বাৰে  উদ্বুদ্ধ কৰিব পাৰে।

ছাত্ৰ-ছাত্ৰীসকলে কৰিব পৰা সমাজ সেৱাৰ আন এটি দিশ হৈছে বৃক্ষ ৰোপন। বৃক্ষ ৰোপনে প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰখাৰ উপৰিও সৌন্দৰ্য বৃদ্ধি কৰে। 

আমি যদি ইতিহাসৰ পাতলৈ লক্ষ্য কৰো, তেন্তে দেখা পাম যে প্ৰায় সৰহভাগ মহান ব্যক্তিয়েই ছাত্ৰ জীৱনৰ পৰাই সামাজিক কাম-কাজৰ লগত জড়িত আছিল। সেয়ে মহান ব্যক্তিসকলৰ আদৰ্শ শিৰোগত কৰি পাঠ্যপুথি অধ্যয়ন কৰাৰ আঁৰে আঁৰে  ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গঠনমূলক সমাজ সেৱাত মনোনিেবশ কৰা উচিত।

ৰাব্বি মছৰুৰ

 

Leave a Reply

Your email address will not be published. Required fields are marked *