সময়ৰ মূল্য বা নিয়মানুৱৰ্তিতা

সময়ৰ মূল্য।নিয়মানুৱৰ্তিতা

প্ৰবাদ বাক্যত কোৱা হয়, ‘সময় আৰু জোঁৱাৰ কাৰোবাবে ৰৈ নাথাকে।’ কথাষাৰৰ নিশ্চয় সাৰ্বজনীন সত্যতা আছে; কাৰণ সময় হৈছে এনেকুৱা এটা বস্তু যিয়ে থমকি ৰ’বলৈ শিকা নাই। পাৰ হৈ যোৱা সময় আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো।  সময় ইমানেই মূল্যৱান যে ইয়াক কোনো টকা-পইচাৰে কিনিব নোৱাৰি।

প্ৰত্যেকেই সময়ৰ যথাযথ ব্যৱহাৰৰ প্ৰতি মনোযোগী হ’ব লাগে কাৰণ আচলতে জীৱনটো সময়ৰ এক সমষ্টিহে মাথোন। আমি সকলোৱে সময়ৰ কাম সময়ত কৰিব লাগে।  ছাত্ৰ-ছাত্ৰীসকলে সময়মতে  পঢ়া-শুনা কৰি  সময়ৰ যথাযথ ব্যৱহাৰ কৰিব লাগে।  ব্যৱসায়ী এজনে সময়ৰ ব্যৱহাৰ এনেভাবে  কৰিব লাগে যাতে তেওঁৰ খৰচ কৰা সময় ব্যৱসায়ৰ উত্তৰোত্তৰত ব্যৱহাৰ হয়। আচলতে জীৱনৰ সফলতা সময়ৰ উপযুক্ত ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ কৰে।

আলস্যতা সময়ৰ হত্যাকাৰী বুলি ক’ব পাৰি। যিসকলে অভাৱতে সময় নষ্ট কৰে সিহঁতে নিশ্চয় ইয়াৰ ফল জীৱনত ভোগ  কৰিব লাগিব। পিছত তেওঁ সময়ৰ মূল্য অনুধাৱন কৰিব পাৰিলেও¸ অনুতাপৰ বাহিৰে কৰিবলগীয়া একো নাথাকিব। আমি আমাৰ মূল্যৱান সময় ফচহু গল্প কৈ বা শুনি, বেয়া  কিতাপ অধ্যায়ন  কৰি  বা কৰ্তব্যক অৱহেলা কৰি নষ্ট কৰা উচিত নহয়।

মানৱ জীৱন বৰ মূল্যৱান।  এজন মানুহৰ মূল্য তেওঁ সম্পাদন কৰা কৰ্মৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়। আমি ইতিহাসৰ পাতত পাওঁ যিসকল ব্যক্তিয়ে  মানৱ সভ্যতালৈ বিশেষ অৱদান  আগবঢ়াইছে  সিহঁতে সময়ৰ প্ৰতিটো মূহুৰ্তৰ সৎ ব্যৱহাৰৰ প্ৰতি সচেষ্ট আছিল। সময় ধনুৰ পৰা কাড় উৰি যোৱাৰ দৰে প্ৰতি মূহুৰ্তত আমাৰ পৰা আতঁৰি গৈ আছে। বুদ্ধিমানে সময় উৰি যোৱাৰ আগতেই থাপ মাৰি ধৰি ইয়াৰ সুপ্ৰয়োগ  কৰে। সংক্ষেপতে  ক’বলৈ গ’লে আমি সকলোৱেই জীৱনত নিয়মানুৱৰ্তিতা মানি চলিব লাগে।  

ৰাব্বি মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *