বুৰঞ্জী প্রসিদ্ধ ঠাই ভ্ৰমণ

ঐতিহাসিক পটভূমি থকা স্থানক বুৰঞ্জী প্ৰসিদ্ধ ঠাই বুলি কোৱা হয়। সাধাৰণতে নতুন ঠাই চাবলৈ, নতুন কথা শিকিবলৈ, অতীতৰ ঘটনাৰ  সাক্ষীস্বৰূপ কীৰ্তিচিহ্নসমূহ  নিজ চকুৰে চাবলৈ মানুহৰ  মনৰ ভিতৰত তীব্ৰ  কৌতুহল আৰু হাবিয়াস জন্মে।  এনে কৌতুহল  নিবৃতিৰ বাবেই মানুহে ঠাই ভ্ৰমণ কৰে। 

ঐতিহাসিক ঠাই ভ্ৰমণৰ প্ৰতি মোৰো দুবৰ্বলতা আছে। মই ভাৰতৰ বিভিন্ন ঐতিহাসিক স্থানবোৰ  দৰ্শন কৰাৰ এক সুদূৰ সপোন মনতে পুহি ৰাখিছো। ইতিমধ্যে মই  অসমৰ ঐতিহাসিক ঠাই শোণিতপুৰ ভ্ৰমণ কৰিছো। এই ভ্ৰমণৰ বিষয়ে মই ইয়াত কিছুকথা ক’বলৈ ওলাইছো।

শোণিতপুৰ আছিল ঐতিহাসিক বাণৰজাৰ ৰাজধানী। আমি ইতিহাসত পাইছো যে বাণৰজাৰ ঊষা নামেৰে এগৰাকী সুন্দৰী জীয়েক আছিল। ৰজাই নিজৰ জীয়েকক পুৰুষৰ সংস্পৰ্শৰ পৰা নিলগত ৰাখিবলৈ অগ্নিগড় নামেৰে এটি দুৰ্গ সাজিছিল আৰু তাত সশস্র পহৰাৰ মাজত নিজৰ জীয়েকক সুৰক্ষিত কৰি ৰাখিছিল।  কিন্তু এদিনাখন তাই শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক সপোনত   দেখা পাই তেওঁৰ প্ৰেমত পৰে আৰু চিত্ৰলেখা নামৰ তাইৰ সখিয়েকৰ সহায়ত অনিৰুদ্ধক মাতি আনে আৰু গোপনে তেও’ৰ লগত পলাই যায়। ঊষা পলাই যোৱাৰ বাতৰি পাই বাণ ৰজাই সসৈন্যে অনিৰুদ্ধক আক্ৰমণ কৰি বন্ধী কৰে। ইপিনে নাতিয়েক বন্ধী হোৱা বাতৰি পাই শ্ৰীকৃষ্ণই বানৰজাৰ ৰাজ্য আক্ৰমণ কৰে।  বাণৰজা প্ৰভু শিৱৰ ভক্ত আছিল। বাণ ৰজাৰ এনে দুৰ্যোগৰ সময়ত শিৱই তেওঁক সহায় কৰিবলৈ  আগবাবাড়ি  আহে। ফলত শ্ৰীকৃষ্ণ আৰু বাণৰজাৰ মাজত তয়াময়া ৰণ হয়। যুদ্ধত বাণৰজা পৰাজয় হয় আৰু শ্ৰীকৃষ্ণই অনিৰুদ্ধ আৰু ঊষাদেৱীক দ্বাৰকালৈ লৈ গৈ দুয়োজনৰ বিবাহ পাতি দিয়ে। এই যুদ্ধ দুই দেৱতা অৰ্থাৎ হৰি  (শ্ৰীকৃষ্ণ) আৰু হৰ (শিৱ) ৰ মাজত হোৱা বাবে  ইয়াক ‘হৰিহৰৰ যুদ্ধ’ বুলি কোৱা হয়। 

বাণৰজাৰ প্ৰাচীন ৰাজধানী আৰু ঊষাদেৱীক সুৰক্ষা দি ৰখা সেই অগ্নিগড় চাবলৈ মনত বহু দিনৰ পৰাই হেঁপাহ আছিল আৰু যোৱা বছৰ গৰমৰ বন্ধত মই তালৈ ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। সৌভাগ্যক্ৰমে মোৰ সম্বন্ধীয় খুৰায়েকৰ ল’ৰা এজন চাকৰিসূত্ৰে তাত থাকে। তেওঁৰ ওচৰত মোৰ হেঁপাহৰ বিষয়ে কোৱাত তেওঁ মোক তেওঁৰ লগত সেইখন ঠাইলৈ লৈ যায়। আমি দুয়ো জুলাই মাহৰ প্ৰথম দিনাই ৰাতিৰ বাছত উঠি তেজপুৰলৈ যাওঁ। তাত মই প্ৰায় একসপ্তাহ থাকো আৰু এই সময়খিনিত তেওঁ মোক শোণিতপুৰৰ বহুতো ঐতিহাসিক ঠাইলৈ লৈ যায়। 

ঠাইখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভ’ৰপুৰ এখন সুন্দৰ ঠাই। এই ঠাইখন ইমানেই চাফ-চিকুন যে মই চাই বিষ্ময়ত অবাক হ’লো। আমি অগ্নিগড়, মহা ভৈৰৱী মন্দিৰ আৰু বাণ ৰজাৰ ৰাজধানীৰ ধবংসাৱশেষ চালো। এইদৰে তাত এসপ্তাহ থাকি মনৰ দীৰ্ঘদিনীয়া কৌতুহল নিবাৰণ কৰি ওভতি আহিলো।

ঠাইখনৰ স্মৃতি মোৰ চিৰদিন মনত থাকিব।  

— ৰাব্বি মছৰুৰ

 

Leave a Reply

Your email address will not be published. Required fields are marked *