মহাপুৰুষ শ্ৰীমন্ত  শংকৰদেৱ

শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯- ১৫৬৮)) নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত।  তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত আইতা খেৰসুতিয়ে  শংকৰদেৱক তুলি-তালি ডাঙৰ -দীঘল কৰে।

আইতা খেৰসুতিয়ে  শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভৰ্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ সংস্কৃত শাস্ত্ৰত পাৰ্গত হৈ উঠে।

একৈশ বছৰ বয়সত তেওঁ সূৰ্যৱতীক বিয়া কৰায় আৰু তিনি বছৰ পিছত এটি কন্যা সন্তানৰ জন্ম দি সূৰ্যাৱতী স্বৰ্গগামী হয়।  পত্নী বিয়োগ হোৱাত তেওঁৰ মন ভাগি পৰে আৰু সংসাৰ বিৰাগী হৈ ১৪৮১ চনত ১৭ জন সঙ্গীৰ সৈতে তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলায়। এই ভ্ৰমণ কালত তেওঁ উত্তৰ  ভাৰতৰ  প্ৰায়বোৰ তীৰ্থস্থান পৰিদৰ্শন কৰে আৰু সেই সময়ৰ হিন্দু ধৰ্মৰ বহুতো ধৰ্ম গুৰুৰ সৈতে মত বিনিময় কৰি আধ্যাত্মিক জ্ঞানত পুষ্ঠ হৈ বাৰ বছৰ পিছত অসমলৈ উভতি আহে। ঘৰলৈ উভতি আহি কালিন্দী নামৰ ছোৱালী এগৰাকীক বিয়া কৰায়।

সেই সময়ত অসমত সামাজিক আৰু ধৰ্মীয় জীৱনত নানান খেলিমেলি দেখি হিন্দু ধৰ্ম সংস্কাৰ কৰাৰ মানসেৰে শ্ৰীমদ্বভাগৱত গীতাৰ ভিত্তিত এক নতুন ধৰ্মমতৰ পাতনি মেলে। এই ধৰ্মক ‘ নৱবৈষ্ণৱ ধৰ্ম’ বুলি কোৱা হয়। লগে লগে তেওঁ তেওঁৰ ধৰ্ম মত প্ৰচাৰৰ মাধ্যম হিচােপ সাহিত্য ৰচনা আৰম্ভ কৰে।

১৫২২ চনত তেওঁ ধূঞাহাটৰ বেলগুৰিত মাধবদেৱক লগ পায়। শ্ৰীশংকৰদেৱৰ লগত মাধবদেৱ শাস্ত্ৰীয় তৰ্কত পৰাজিত হৈ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু আজীৱন গুৰু শংকৰদেৱৰ লগত থাকি ধৰ্ম প্ৰচাৰত মনোনিেবশ কৰে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক ‘মণি-কাঞ্চন সংযোগ’ বুলি কোৱা হয়। শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ অৰ্থে ঠায়ে ঠায়ে সত্ৰ, থান, নামঘৰ, ভাওনাঘৰ আদি স্থাপন কৰে আৰু অসমীয়া সমাজক খোল, তাল, ডবা আদিৰ ব্যৱহাৰ শিকায়। ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’ – হৈছে তেওঁৰ ধৰ্মৰ মূলমন্ত্ৰ।

শংকৰদেৱে তেওঁৰ ধৰ্মীয় তত্ত্ব সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ মাধ্যম হিচােপ বহুতো গ্ৰন্থও ৰচনা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।

কাব্য: হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ আদি।

ভক্তিমূলক পুথি:  ভক্তি প্ৰদীপ, নিমি-নৱসিদ্ধ সংবাদ, ভক্তি ৰত্নাকৰ, অনাদি পতন আদি।

নাম প্ৰসঙ্গমূলক: কীৰ্তন ঘোষা, গুণমালা আদি।

অনুবাদমূলক: ভাগৱত, আৰু  উত্তৰাকাণ্ড ৰামায়ণ।

অংকীয়া নাট: পত্নী প্ৰসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামজিয়।

গীত: বৰগীত,ভটিমা।

শ্ৰীমন্ত শংকৰদেৱৰ ‘কীৰ্তন ঘোষা’ নামৰ পুথিখন হৈছে তেওঁৰ সাহিত্যিক কীৰ্তি স্তম্ভ স্বৰূপ। এইখন গ্ৰন্থখনক  নৱবৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ পুথি বুলি গণ্য কৰা হয়। শংকৰেদেৱে ব্রজাৱলী নামৰ এক কৃত্ৰিম ভাষাত তেওঁৰ গ্ৰন্থেবাৰ ৰচনা কৰিছিল।  ব্রজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথেলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। এই ভাষাত স্বৰধবনিৰ প্ৰয়োগ অধিক বাবে  শ্ৰুতি মধুৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ সৰহভাগ ৰচনাত ব্রজাৱলী ভাষাৰ ব্যৱহাৰ কৰিছে। শংকৰদেৱৰ সকলোবোৰ  গ্ৰন্থ ব্রজাৱলী ভাষাত ৰচনা কৰা যদিও তেওঁৰ একমাত্ৰ পুথি ‘ভক্তি ৰত্নাকৰ’ খন সংস্কৃত ভাষাত ৰচিত।

শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ অকল এক নতুন ধৰ্ম দি যোৱাই নহয়, তেওঁ অসমীয়া সমাজ সংস্কৃতিলৈয়ো নানান অৱদান আগবঢ়াই  অসমীয়া জাতিক এক স্বকীয়তা প্ৰদান কৰি গৈছে।

এইজন মহাপুৰুষে ১৫৬৮ চনত এশ ঊনৈশ বছৰ বয়সত কোচ বিহাৰৰ ভেলা  মধুপুৰ সত্ৰত  ইহলীলা সম্বৰণ কৰে।

— ৰাব্বি মছৰুৰ

 

Leave a Reply

Your email address will not be published. Required fields are marked *