আধুনিক সভ্যতাত বিজ্ঞানৰ অৱদান

আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। অষ্টাদশ শতাব্দীৰ অন্তিম ভাগৰ পৰা বিংশ শতাব্দীৰ মাজ ভাগলৈ বিজ্ঞানে চৰম উৎকৰ্ষ সাধন কৰি মানৱ সভ্যতাৰ ৰেহ-ৰূপ সম্পূৰ্ণ  সলনি কৰি দিছে। বিজ্ঞানে যে অকল বস্তু-সামগ্রী, সা-সঁজুলি, যন্ত্ৰপাতিৰ দিশতেই মানৱ সমাজখনক পৰিৱৰ্তন কৰিছে সেয়া নহয়; বিজ্ঞানে মানুহৰ দৃষ্টিভঙ্গী, যুক্তি বিচাৰ আদিকো সলনি কৰি মানৱ সভ্যতালৈ এক দৃষ্টান্তহীন বৈপ্লৱিক পৰিৱৰ্তন আনি দিছে। ইংৰাজ দাৰ্শনিক C. M. Joad ৰ ভাষাত, “Science has not only changed the lives of men, but made them happier, easier and more secure.”

আজি মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান ইমানেই যে আজিৰ মানুহে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই পিছদিনা আকৌ টোপনিলৈ যোৱাৰ সময়খিনিত  যি যি বস্তু স্পৰ্শ কৰিছে বা যি কাৰ্য্য সমাধা কৰিছে সকলোতে বিজ্ঞানৰ অৱদান আছে। অৰ্থাৎ আমাৰ দৈনদিন জীৱনৰ প্ৰতিটো পল-অনুপল বিজ্ঞানে অধিকাৰ কৰি লৈছে। বিজ্ঞানৰ ইমান অলেখ-অপাৰ অৱদানৰ বিষয়ে সীমিত পৰিসৰৰ এটি প্ৰবন্ধত বৰ্ণনা কৰিবলৈ যোৱা অবান্তৰহে মাথোন। তথাপি আমাৰ দৈনন্দিন জীৱনৰ যোগাযোগ, পৰিবহন আৰু যাতায়ত, শিল্প, কৃষি, আকাশ বিজ্ঞান, জ্ঞান বিকাশৰ দিশ, স্বাস্থ্য বিজ্ঞান, কু-সংস্কাৰ দূঢ়ীকৰণ আদি বিভাগত বিজ্ঞানে যোগোৱা অৱদানৰ বিষয়ে চমু আভাষ দিবলৈ অৰ্থাৎ “হাতী মাৰি ভুৰুকাত সুমুৱাবলৈ” অসাধ্য প্ৰচেষ্টা চলোৱা হ’ল-

আজিৰ যুগত বিজ্ঞানে যাতায়ত আৰু পৰিবহনৰ দিশত ইমান অৱদান আগবঢ়াইছে যে আমি মূহুৰ্তৰ ভিতৰতে বিশ্বৰ এঠাইৰ পৰা আন ঠাইলৈ নিজ ইচ্ছা অনুযায়ী যাতায়ত কৰিব পৰা হলোঁ। যাতায়তৰ দিশত বিজ্ঞানে আগবঢ়োৱা অৱদানসমূহ হ’ল- চাইকেল, মটৰ গাড়ী, ৰেল গাড়ী, জাহাজ, জেট বিমান আৰু ক’ত যে কিহ্! যোগাযোগৰ ক্ষেত্ৰত টেলিফোন, টেলিগ্ৰাফ, ফেক্স, কেৱল ফোন, বেতাৰ ইত্যাদি- যিবোৰৰ জৰিয়তে আজি যিকোনো সময়তে বিশ্বৰ যিকোনো ঠাইৰ ব্যক্তিৰ সৈতে যোগাযোগ সম্ভৱ হৈ বিশ্বখন এটা পৰিয়ালৰ দৰে সৰু কৰি পেলাইছে।

শিল্প উদ্যোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান অনস্বীকাৰ্য।  আজি বিজ্ঞানে শিল্প উদ্যোগৰ বাবে ইমানবোৰ যন্ত্ৰপাতি, সা-সঁজুলি আদিৰ উদ্ভাৱন কৰিছে যে তাৰ তালিকা প্ৰস্তুত  কৰাটো সম্ভৱ নহয়। তথাপি  থোৰতে ক’বলৈ গ’লে সূতা কটা যন্ত্ৰ, কাপোৰ বোৱা মেচিন, খাৰুৱা তেল উদ্ঘাটন কৰা যন্ত্ৰ, বিজুলী শক্তিৰ আৱিষ্কাৰ ইত্যাদি।

বিজ্ঞানে আজি কৃষিৰ ক্ষেত্ৰতো বিপ্লৱ আনয়ন কৰিছে। ই হালবোৱা মেচিন, মাটি খন্দা মেচিন আৱিষ্কাৰ কৰাৰ লগতে খেতিত উৎপাদন আশাতীতভাৱে বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাসায়নিক সাৰৰ উদ্ভাৱন, পোক- পৰুৱাৰ পৰা শস্যক ৰক্ষা কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কীটনাশক দ্ৰৱ্যৰ যোগান ধৰিছে।

জ্ঞান বিকাশ আৰু বিস্তাৰ অৰ্থাৎ লিখা-পঢ়াৰ দিশতো বিজ্ঞানৰ অৱদান লেখতলবলগীয়া। কলম, টাইপ ৰাইটিং, ছপাশাল, কম্পিউটাৰ আদি আৱিষ্কাৰ কৰাৰ লগতে কলা আৰু কণা মানুহৰ বাবেও শিক্ষাৰ সঁজুলি উদ্ভাৱন কৰি জ্ঞান লাভৰ পথ প্ৰশস্ত কৰিছে।

স্বাস্থ্য বিজ্ঞানৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান কম নহয়। আজিৰ মানুহে কম দুখ-যন্ত্ৰণা ভোগ কৰে- কিয়নো প্ৰায় প্ৰতিটো ৰোগৰ ঔষধ বিজ্ঞানে আৱিষ্কাৰ কৰি আৰু স্বাস্থ্য ৰক্ষাৰ যাবতীয় দিশৰ সন্ধান উলিয়াই মানৱ জীৱনটো দীৰ্ঘায়ু কৰিছে। ফলত আজি মৃত্যুৰ হাৰ যথেষ্ট কমি গৈছে।

উক্ত সকলোবোৰ দিশৰ লগতে বিজ্ঞানে মহাকাশ বিজ্ঞানৰ দিশতো সমানে আগবঢ়াইছে। আজি বিজ্ঞানে এনেকুৱা যান আৱিষ্কাৰ কৰিছে যাৰ দ্বাৰা চন্দ্ৰত মানুহ পঠাব পৰা হোৱাৰ উপৰিও মঙ্গল গ্ৰহত মানুহৰ পদাৰ্পনৰ  সম্ভৱনাৰ  দিশো প্ৰশস্ত কৰিছে। আজি আমাৰ সৌৰজগতৰ বাহিৰতো যোগাযোগ স্থাপন কৰাৰ প্ৰচেষ্টা চলিছে।

বিজ্ঞানে মানুহৰ বাহ্যিক জীৱনত বাৰুকৈয়ে পৰিৱৰ্তন সাধন কৰাৰ লগতে মানুহৰ মানসিকতা পৰিৱৰ্তন কৰি সমাজৰ পৰা পৰম্পৰাগতভাৱে চলি অহা অন্ধ বিশ্বাসো দূঢ়ীকৰণত ইন্ধন যোগাইছে। আজিকালি মানুহ যুক্তিবাদী হৈছে। যুক্তি, পৰ্যেবক্ষণ আৰু বিশ্লেষণৰ তুলাচনীত সকলো কাৰ্য্য আৰু বিশ্বাস জুখি-মাখিহে গ্ৰহণ কৰে। ফলত আজিৰ বিশ্ব সম্পূৰ্ণ সলনি হৈ গৈছে।

মুঠতে বিজ্ঞানে আমাৰ মানৱ সমাজৰ দৈনদিন জীৱনৰ প্ৰতিটো দিশ হস্তগত কৰি আমাক বিজ্ঞানৰ দাসত পৰিণত কৰি লৈছে। আজি আমি বিজ্ঞান নোহোৱাকৈ এটা মূহৰ্তও পাৰ কৰিব নোৱাৰো আৰু এখোজো  আগুৱাব  নোৱাৰো।

বিজ্ঞানে মানৱ সভ্যতাৰ ৰূপ কল্পনাতীতভাৱে সলনি কৰি উন্নয়নৰ শীৰ্ষত তুলি দিছে  সঁচা, কিন্তুু বিজ্ঞানে মানৱ সমাজলৈ অশান্তি আৰু ধবংসও মাতি আনিছে। উদাহৰণ স্বৰুপে যাতায়ত,পৰিবহন, শিল্প, কৃষি আদিৰ ক্ষেত্ৰত যিবোৰ  অৱদান আগবঢ়াইছে, সেইেবাৰ অপৰিকল্পিত আৰু অতিৰিক্ত ৱ্যবহাৰৰ ফলত পৰিেবশ প্ৰদূষিত হৈ মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকি স্বৰূপ হৈ উঠিছে।

আজিৰ বিজ্ঞানে টেষ্ট টিউবত প্ৰাণৰ স্পন্দন সম্ভৱ কৰি স্ৰষ্টাকো প্রত্যাহ্বান  জনাইছে সঁচা, তাৰ বিপৰীতে গণ বিধবংসী অস্ত্ৰ-শস্ত্ৰ  যথা- বন্দুক=বাৰুদ, যুদ্ধ জাহাজ, পাৰমানৱিক বোমা, আদিও বিজ্ঞানেই আৱিষ্কাৰ কৰিছে। এক শ্ৰেণীৰ স্বার্থান্বেষী অবিবেচকী  এনেবোৰ  মৰণাস্ত্ৰৰ সুবিধা গ্ৰহণ কৰি বিশ্বত্ৰাসৰ সৃষ্টি কৰি বিশ্ব শান্তিত কুঠাৰাঘাত কৰিছে। সম্প্ৰতি আফগানিস্থান, ইৰাক, পেলেষ্টাইন আদি দেশত চলোৱা ধবংস যজ্ঞ বিজ্ঞানৰ  অৱদানৰ বাবেই সম্ভৱ হৈছে।    

সামৰণিত ক’ব পাৰি বিজ্ঞান মানৱ সভ্যতাৰ ওপৰত আৰ্শীবাদ আৰু অভিশাপ দুয়োটাই। মানুহে যুক্তি বিচাৰৰ তুলাচনীত বিজ্ঞানৰ অৱদানসমূহ জুখি-মাখি ইয়াৰ আৰ্শীবাদসমূহ গ্ৰহণ কৰি অভিশাপসমূহ বৰ্জন কৰিব লাগিব। তেতিয়াহে বিজ্ঞানৰ অৱদানে মানৱ সমাজলৈ প্ৰত্যাশিত শান্তি-শৃঙ্খলা আনয়ন কৰিব পাৰিব।অন্যথা বিশ্ব সভ্যতা এদিনাখন বিজ্ঞানৰ অৱদানসমূহৰ বাবেই  ধবংস হৈ যাব। 

…ৰাব্বি মছৰুৰ

 

Leave a Reply

Your email address will not be published. Required fields are marked *