অসমৰ প্রাকতিক সম্পদ

প্ৰকৃতিৰ বুকুত মুক্তভাৱে পোৱা বা প্ৰকৃতিৰ বুকুত উদ্ভব  হোৱা সম্পদেই প্ৰাকৃতিক সম্পদ। দেশ এখনৰ সামগ্রিক উন্নয়নত প্ৰাকৃতিক সম্পদৰ গুৰুত্ব অপৰিসীম। যিখন দেশ প্ৰাকৃতিক সম্পদত চহকী, সেইখন দেশৰ সামগ্রিক উন্নয়নৰ পথ  সিমানে প্ৰশস্ত। ভাৰতৰ পূৰ্ব প্ৰান্তত অৱস্থিত অসম নামৰ প্ৰদেশখনো প্ৰাকৃতিক সম্পদত ভাৰতৰ আন আন প্ৰদেশৰ তুলনাত ঈৰ্ষাজনক ভাৱে চহকী। অসমৰ গাঁৱে-ভূয়ে, পাহাৰে পৰ্বতে, হাবি-জঙ্গলে, ভূমিয়ে-নদীয়ে অলেখ-অপাৰ সম্পদ যেন প্ৰকৃতিদেৱী নিজ হাতে অসমী আইৰ সন্তানসকলৰ বাবে চিৰদিন সঞ্চয় কৰি ৰাখিছে। অসমৰ এনে অলেখ-অপাৰ প্ৰাকৃতিক সম্পদক সাধাৰণতে চাৰিটা  ভাগত ভাগ কৰিব পাৰি, যথা:  (ক) বনজ সম্পদ (খ) খনিজ সম্পদ (গ) জলজ সম্পদ আৰু  (ঘ) কৃষিজ সম্পদ।

অসমৰ বনজ সম্পদক আকৌ দুটা  ভাগত ভাগ কৰিব পাৰি যেনে- (১) গছ-গছনি আৰু (২) জীৱ- জন্তু। অসমৰ হাবি- বননিত বহুমূল্যবান গছ গছনি যথা- শাল, চেগুণ, তিতাচপা, গামেৰী, শিশু, চন্দন, অগৰ আদি যথেষ্ট পৰিমাণে পোৱা যায়। এইবোৰৰ দ্বাৰা গৃহ নিৰ্মাণ, আচৱাব-পত্ৰ নিৰ্মাণ, ৰেলৰ শ্লিপাৰ  নিৰ্মাণ আদি কামত ব্যৱহাৰ কৰা হয়। চন্দন, অগৰ আদি ঔষধ আৰু সুগন্ধি তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা হয়। নাও তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা চাও গছো অসমত পোৱা যায়। শিমলু গছ  প্লাইউড  উদ্যোগত ব্যৱহাৰ কৰা হয়। অসমৰ হাবিত গছ-গছনিৰ উপৰিও অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকতি পোৱা যায়। জন্তুবোৰৰ  ভিতৰত বাঘ, ভালুক, সিংহ, হৰিণ, বান্দৰ, হাতী, গড় আদি উল্লেখযোগ্য। অসমৰ এশিঙ্গিয়া গড় বিশ্ব বিখ্যাত। ই অসমৰ এদনীয়া সম্পদ । অসমৰ হাবিত পোৱা চৰাই-চিৰিকতিৰ ভিতৰত- মইনা, কাউৰী, ভাটো, মৰা চৰাই, ধনেশ, বাদুলী, কাউৰী, কেতেকী আদি যথেষ্ট পৰিমাণে পোৱা যায়। এই বনজ সম্পদবোৰৰ ওপৰত ভিত্তি  কৰি অসমত কেইবাটাও উদ্যোগ গঢ়ি উঠিছে যেনে- দিয়াচলাই উদ্যোগ, প্লাইউড উদ্যোগ, কাগজ উদ্যোগ, বনস্পতি উদ্যোগ, আদি। অসমে প্ৰতি বছৰে প্ৰাকৃতিক সম্পদ আহৰণ কৰি আৰু সেইবোৰ বিদেশলৈ ৰপ্তানি কৰি যথেষ্ট ৰাজহ সংগ্ৰহ কৰিব পাৰে।

বনজ সম্পদৰ দৰে খনিজ সম্পদতো অসম অন্যান্য ভাৰতীয় ৰাজ্যবোৰৰ  তুলনাত ঈৰ্ষাজনকভাৱে চহকী। অসম খাৰুৱা তেলৰ বাবে  ভাৰত বিখ্যাত। অসমত কয়লা যথেষ্ট পৰিমাণে পোৱা যায়। অসমৰ লিডু মাৰ্ঘেৰিটা, বৰ গোলাই, টিপয়. মাকুম আদিত কয়লাৰ  খনি আছে। কয়লাবোৰ  বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয়। প্ৰতিবছৰে অসমে কয়লাৰ পৰা যথেষ্ট ৰাজহ লাভ কৰে। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হুগ্ৰীজান আদিত তেলৰ পুং আৱিষ্কাৰ হৈছে। অসমত চূণশিলো  পোৱা যায়। ইয়াক চিমেন্ট কাৰখানাত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি অসমত বালিচন্দা, সোণ আৰু লোৰ আকৰ পোৱা যায়। অসমৰ খনিজ সম্পদৰ ওপৰত ভিত্তি  কৰি বঙাইগাও, গুৱাহাটীৰ  নুনমাটি, ডিগবৈ  আদিত তেল শোধানাগাৰ স্থাপন কৰা হৈছে।

জলজ সম্পদৰ ভিতৰত অসম ভাৰতৰ ভিতৰত চহকী ৰাজ্য। অসমত যথেষ্ট নদ-নদী আছে। ব্রহ্মপুত্ৰ অসমৰ প্ৰধান নৈ। ইয়াৰোপৰি বাৰিষা কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়। ফলত অসমৰ জলজ সম্পদ ইমানেই বৃদ্ধি পায় যে অসমীয়া মানুহে সেইবোৰৰ  ব্যৱহাৰ কৰিব নোৱাৰাত বিশ্বই অসমবাসীক অকৰ্মণ্য আৰু সম্পদৰ মূল্য নুবুজা জাতি বুলি গালি দিয়ে। অসমৰ জলভাগত মাছ কাছ, জলজ উদ্ভিদ আদি যথেষ্ট পৰিমাণে উৎপন্ন হয়।

কৃষিজাত সম্পদকো প্ৰাকৃতিক সম্পদ হিচাপে  ধৰিব হয় । কিয়নো ভূমিৰ সাৰুৱা গুণৰ বাবেই কৃষিজাত সামগ্ৰী উৎপাদন সম্ভৱ হয়। অসমত ধান, মাহ, সৰিয়হ, মৰাপাট, তামোল, কঁঠাল, মাটি কঁঠাল  আদি যথেষ্ট পৰিমাণে উৎপন্ন হয়। অসমৰ এৰি, মুগা আদিও প্ৰাকৃতিক সম্পদ। এইেবাৰ সম্পদৰ ওপৰত ভিত্তি  কৰি পলু পোহা  হয়।

মুঠতে অসমখন প্ৰকৃতিৰ বাৰেমিহলি সম্পদৰে মেটমাৰি আছে। মাত্ৰ আমি অসমীয়াসকলহে সেইবোৰৰ মূল্য বুজিব পৰা নাই। অসমৰ প্ৰাকৃতিক সম্পদৰাজি উপযুক্তভাৱে কামত লগাব পাৰিলে আৰু কৰ্ম বিমুখ অসমীয়া লোকে আলস্য এৰি অসমৰ প্ৰাকৃতিৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰিলে, অসম ভাৰতৰ ভিতৰতে চহকী প্ৰদেশত পৰিণত হ’ব আৰু অসমৰ নিৱনুৱা সমস্যাও সমাধান হ’ব। শেষত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত ক’ব পৰি-

“আমি অসমীয়া নহওঁ দুখীয়া

কিহৰ দুখীয়া হম,

সকলো আছিল, সকলো আছে

নুশুনো নলও গম।”  

…ৰাব্বি মছৰুৰ

 

Leave a Reply

Your email address will not be published. Required fields are marked *