মোৰ প্রিয় সাহিত্যিক। লক্ষ্মীনাথ বেজবৰুৱা

সৰুতে আতা, আবু আৰু বয়োজেষ্ঠ  সকলৰ মুখৰ পৰা পৰম্পৰাগত সাধু আৰু বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী আৰু গল্প শুনি সাহিত্যৰ প্ৰতি মোৰ অনুৰাগ জন্মে। সেয়ে মোৰ পাঠ্যপুথি পঢ়াৰ আঁৰে আঁৰে থোৰতে খৰ মাৰি বিভিন্ন সাহিত্যিকৰ সাহিত্য অধ্যয়নৰ অভ্যাস গঢ়ি  উঠিছে। এতিয়া সাহিত্য অধ্যয়ন মোৰ অকল অভিৰুচিয়েই নহয়, ই মোৰ নিচা আৰু নিৰ্জন সময়ৰ বিনোদন হৈ পৰিছে। আজিলৈ মই যিসকল সাহিত্যিকৰ লিখনি পঢ়িছোঁ- সেইসকলৰ কোনোজন সাহিত্যিকেই মোৰ অপ্ৰিয় নহয়, তথাপি আজি মোক মোৰ প্ৰিয় সাহিত্যিকজনৰ বিষয়ে লিখিবলৈ দিয়াত মই মোৰ সেইজন প্ৰিয় সাহিত্যিকক বাছি ললোঁ- যিজন সাহিত্যিকে আধুনিক অসমীয়া ভাষা আৰু সাহিত্যক অনিশ্চিত ভৱিষ্যতৰ গঢ়া-খহনীয়াৰ পৰা ৰক্ষা কৰি সাহিত্যৰ সকলোবোৰ শাখাত নিপুন আৰু দক্ষ হাতৰ পৰশ বিলাই ষোড়শ-উপচাৰেৰে অলংকৃত কৰি অসমীয়া ভাষা সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা  কৰি থৈ গ’ল- সেইজন মহান আৰু স্বনামধন্য সাহিত্যিকজনৰ নাম সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।

মোৰ এই প্ৰিয় সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হয়  ১৮৬৪ চনৰ নভেম্বৰ মাহৰ লক্ষ্মীপুৰ্ণিমাৰ দিনা। লক্ষ্মীপুৰ্ণিমাৰ দিনা তেওঁৰ জন্ম হয় বাৰে মাক-দেউতাকে তেওঁৰ নাম ৰাখে লক্ষ্মীনাথ। তেওঁৰ পিতাক দীননাথ বেজবৰুৱা সেইসময়ত ইংৰাজৰ অধীনত সন্মানীয় মুন্সিফৰ চাকৰি কৰিছিল।

উচ্চ শিক্ষিত পিতাকৰ তত্বাৱধানত  লক্ষ্মীনাথে সৰু কালৰ পৰাই শিক্ষাৰ এক সুস্থ পৰিৱেশ পাই ১৮৮৬ চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্রবেশিক্ষা পৰীক্ষা পাচ কৰি কলিকতাৰ ৰিপন কলেজৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰে। তেওঁ এম. এ আৰু আইন পঢ়িছিল যদিও  শিক্ষা বিভাগৰ আসোঁৱাহৰ বিৰুদ্ধে নীৰৱ প্ৰতিবাদ জনাই চূড়ান্ত পৰীক্ষাত নবহি সিমানতে আনুষ্ঠানিক  শিক্ষা জীৱনৰ যৱনিকা টানে।। কলিকতাত থাকোতে তেওঁ ১৮৯১ চনত কলিকতাৰ প্ৰখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা-সুন্দৰীক বিয়া কৰে।

বেজবৰুৱাৰ  কলেজীয়া জীৱনে তেওঁলৈ আনে সাহিত্য সাধনাৰ অফুৰন্ত উৎসাহ আৰু অনুপ্ৰেৰণা। কলিকতাতেই তেওঁ আন কেইজনমান বন্ধুৰ  লগলাগি অসমীয়া ভাষা সাহিত্যৰ উন্নয়নৰ অৰ্থে, “অসমীয়া ভাষা উন্নতি সাধিনী সভা” ৰ জন্ম দি ‘জোনাকী’ কাকত উলিয়ায় আৰু  একানপতীয়াকৈ সাহিত্য সাধনাত লাগে।

লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ অৰ্থে আধুনিক সাহিত্যৰ সকলোবোৰ  শাখাতেই  দক্ষ আৰু আলফুল হাতৰ পৰশ বোলাই কালজয়ী সাহিত্য ৰচনা কৰি থৈ গেছে। তেওঁৰ সাহিত্য কৰ্মক তলত দিয়া শ্ৰেণীত ভাগ কৰিব পাৰি-

চুটিগল্প: সুৰভি, জোনবিৰি,  কেহোঁকলি ।

সাধু কথাৰ পুথি:  বুড়ী আইৰ সাধু, সাধু কথাৰ কুঁকি, ককা দেউতা আৰু নাতি ল’ৰা।

উপন্যাস:   পদুম কুঁৱৰী।

নাটক:  চক্ৰধবজ সিংহ, জয়মতী, বেলিমাৰ আদি।

কবিতা:  কদমকলি।

জীৱনী গ্ৰন্থ: শংকৰদেৱ, শংকৰদেৱ আৰু মাধৱদেৱ।

তত্বমূলক ৰচনা:  তত্বকথা, শ্ৰীকৃষ্ণকথা  আদি।

এতিয়া প্ৰশ্ন হ’ল মই অন্যান্য সাহিত্যিসকলৰ লিখনিও ভাল পাওঁ যদিও বেজবৰুৱাদেৱক মোৰ প্ৰিয় সাহিত্যিক হিচাপে  বাছি লোৱাৰ কাৰণ কি ? ইয়াৰ কাৰণ কেইবাটাও-

প্ৰথমতে, সাহিত্য সমাজ বা জাতি এখনৰ দাপোণ স্বৰূপ। যি সাহিত্য যিমানে সমাজমুখী আৰু বাস্তৱধৰ্মী সেই সাহিত্য সিমান আবেদনময়ী। বেজবৰুৱাৰ সাহিত্যও ঠিক তেনেকুৱাই। তেওঁৰ সাহিত্যত অসমীয়া সমাজৰ প্ৰতিটো দিশ তথা প্ৰেম, ভালপোৱা, পূজা-পাৰ্বন, অন্ধ বিশ্বাস, ঠগ, ভণ্ডামি, জাতিভেদ প্ৰথা আলস্যতা, মুখাপিন্ধা পাণ্ডিত্যাভিমানী  আদি সকলো দিশ অকনো কল্পনা বা  অতিশয়োক্তিৰ ৰহন নলগাকৈ ভাস্বৰ হৈ উঠিছে। এই ক্ষেত্ৰত তেখেত নাটক, সাধুকথা আৰু চুটিগল্পসমূহ অসমীয়া সমাজৰ জীৱন্ত দলিল।

দ্বিতীয়তে, তেওঁৰ কাব্য তথা নাটক সমূহ তেওঁৰ পাঠকৰ বাবে  স্বদেশ প্ৰেমৰ অফুৰন্ত ভাৱ উদ্ৰেককাৰী অনন্য সৃষ্টি। তেওঁৰ নাটকসমূহ প্ৰাচীন অসমৰ  শৌৰ্য-বীৰ্য, বল-বিক্ৰম আৰু জয়গাঁথাৰ অনবদ্ধ সংস্কৰণ। । তলত উদ্ধৃত কবিতা কলিকেইটাৰ দ্বাৰাই তেওঁ  পাঠকৰ  মনত স্বদেশ প্ৰেমৰ আলোড়ণ তুলিব পাৰে:

“আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ’ম

 সকলো আছিল, সকলো আছে, নুশুনো নলও গম,

 বাজক ডবা, বাজক শঙ্খ, বাজক মৃদং খোল,

 অসম আকৌ উন্নতি পথত জয় আই অসম বোল ।”

তৃতীয়তে, তেওঁৰ সৃষ্টি সাহিত্যৰাজিৰ পাতে-পাতে বিমল  হাস্য-ৰসৰ কল্লোলিত খলকনি আছে- যি হাস্য-ৰসৰ জৰিয়তে অসমীয়া সমাজৰ ফোঁপোলা  স্বভাৱটো উদং কৰি দেখুৱাৰ লগতে পাঠকৰ হৃদয়ত হাস্য-ৰসৰ হেন্দোলনি তোলে।

চতুৰ্থতে, এইজন সাহিত্যিকৰ ৰচনাই মোৰ দৰে পাঠক এজনৰ হৃদয় মন জয় কৰাৰ আন এক কাৰণ হৈছে তেওঁৰ ভাষা,  শব্দ চয়ন আৰু বাক্য বিন্যাস। তেওঁৰ ভাষা খাটি অসমীয়া গোন্ধৰে আমোলমোল। তেখেতে সাধাৰণ ভাৱ এটাকো অসাধাৰণ শব্দ চয়ন  আৰু ব্যঙ্গ দৃষ্টিৰ ৰহণ  লগাই শ্ৰুোতা আৰু পাঠকৰ মন-প্ৰাণ হৰণ কৰাত সিদ্ধহস্ত। “মোৰ জীৱন সোঁৱৰণ” শিৰোনামৰ প্ৰৱন্ধটিত তেখেতে নিজৰ জন্ম বৃত্তান্তৰ কাহিনী যি ভাষাতে দাঙ্গি  ধৰিছে, সেয়া  অসমীয়া ভাষা সাহিত্যৰ আচুতীয়া সম্পদ ।

পঞ্চমতে, লক্ষ্মীনাথ বেজবৰুৱাদেৱ যে অকল সাহিত্যিক হিচাপে মোৰ প্ৰিয় সেয়া নহয়, তেওঁ মোৰ এজন আদৰ্শ ব্যক্তিও। তেওঁ আছিল স্বাধীনচেতীয়া,  অসমীয়া জাতি আৰু  ভাষা-সাহিত্যৰ চিৰ হিতাকাঙ্খী, সফল আলোচনী সম্পাদক, উদাৰ বৈষ্ণৱ, স্বদেশপ্ৰেমিক, অসমীয়া কৃষ্টিৰ পৃষ্ঠপোষক  আৰু আশাবাদী সমাজ সংস্কাৰক।  মুঠতে অসমীয়া জাতি গঠনত শ্ৰীমন্ত শংকৰদেৱৰ যি অৱদান অসমীয়া ভাষা সাহিত্যৰ বিকাশত বেজবৰুৱাদেৱৰ সেই অৱদান।

এইেবাৰ কাৰণতে বেজবৰুৱাদেৱ মোৰ প্ৰিয় সাহিত্যিক। মই ভাৱো যে সাহিত্য পঢ়ি  সোৱাদ, আনন্দ আৰু জ্ঞান লাভ কৰাৰ মানসিকতা যিজন ব্যক্তিৰ আছে, সেইজন ব্যক্তিয়ে যদি বেজবৰুৱাদেৱৰ সাহিত্য অধ্যয়ন কৰে, তেন্তে সাহিত্যৰথী বেজবৰুৱাদেৱ তেওঁৰো নিশ্চয় প্ৰিয় সাহিত্যিক হ’ব।

…ৰাব্বি মছৰুৰ

Two Useful Books for Sudents:

 

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *