অসমীয়া লোক-সাহিত্য

মানুহৰ মুখে মুখে ৰচিত আৰু পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে চলি অহা সাহিত্যকে লোক-সাহিত্য (Folk-lore) বুলি কোৱা হয়। লোক-সাহিত্য জাতি একোটাৰ সহজাত সম্পদ । লোক-সাহিত্যৰ মাজেৰে কোনো এটি বিশেষ অঞ্চল বা জাতি বা ভাষা- গোষ্ঠীৰ  সভ্যতা-সংস্কৃতিৰ আটাইবোৰ  দিশ যথা- সমাজ নীতি, অৰ্থনীতি, ধৰ্মনীতি, নৈতিকতা আদিৰ লগত জাতি একোটাৰ প্ৰেম-প্ৰণয়, সুখ-দুখ, আশা-আকাংখা, চিন্তা-ভাবনা, কল্পনা আদি সহজ আৰু সৰল ভাষাত প্ৰতিফলিত হয়। পৃথিৱীৰ প্ৰায় সকলোবোৰ  জাতি বা ভাষা-গোষ্ঠীৰ নিজস্ব লোক-সাহিত্য আছে। ভাৰত প্ৰজাতন্ত্ৰৰ নুমলী জী অসমতো বিভিন্ন ভাষা-গোষ্ঠীৰ স্বকীয় লোক-সাহিত্য আছে। অসমীয়া লোক-সাহিত্যৰ মাজেদি অসমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতিটো দিশেই প্ৰতিভাত হৈছে। দেশ বা জাতি একোটাৰ পুৰাতত্ব দিশ, পুৰণি সমাজৰ চিন্তাধাৰা, সভ্যতাৰ উত্থান-পতন, পুৰণি ঐতিহ্য আদি জানিবলৈ লোক-সাহিত্যৰ গুৰুত্ব অপৰিসীম।

অসমীয়া লোক-সাহিত্য অসমীয়া জাতিৰ দাপোণ  স্বৰূপ। অন্যান্য ভাৰতীয় ভাষাৰ লোক-সাহিত্যৰ দৰে অসমীয়া ভাষাৰ লোক-সাহিত্যও অতিকৈ চহকী। অসমীয়া লোক-সাহিত্যক বহলকৈ ৪ টা ভাগত ভাগ কৰিব পাৰি যথা- (১) লোকগীত (২) ফকৰা যোজনা (৩) সাধু কথা আৰু (৪)  মন্ত্ৰ-সাহিত্য।

অসমীয়া লোক-সাহিত্যৰ ভিতৰত সবাতোকৈ চহকী আৰু জনপ্ৰিয় শাখাটোৱেই হ’ল লোকগীত। লোকগীতত অসমীয়া জাতিৰ প্ৰাণৰ উচ্ছাসৰ মূৰ্ত অভিব্যক্তি ঘটিছে। অসমীয়া লোকগীতসমূহক পটভূমি আৰু কথিতব্য বিষয় অনুসৰি পাঁচটা ভাগত ভাগ কৰিব পাৰি যথা- (ক) অনুষ্ঠানমূলক  (খ) আখ্যানমূলক (গ) দেহ বিচাৰমূলক (ঘ) নিচুকনি আৰু (ঙ ) বিবিধ।

লোকগীতৰ অনুষ্ঠানমূলক বিভাগটোত সাধাৰণতে বিহু নাম, হুচৰি, আই নাম, বিয়া নাম, সুবচনীৰ গীত, লখিমী সবাহৰ গীত, অপেশ্বৰী  সবাহৰ গীত , মহহু  গীত আদি অন্তৰ্ভুক্ত। বিহুগীত, হুচৰী, বনগীত আদিয়ে অসমীয়া ডেকা-ডেকেৰীৰ প্ৰাণোচ্ছল যৌৱনৰ আৱেগ- অনুভূতি, প্ৰেম- বিৰহ আদি ভাৱ আৰু আৱেগৰ সন্টালনি প্ৰকাশ কৰা অতি জনপ্ৰিয় গীত। আমি বিহুগীতত পাঁও-

“অতিকৈ চেনেহৰ মুগাৰে মহুৰা

অতিকৈ চেনেহৰ মাকো,

তাতোকৈ চেনেহৰ বহাগৰ বিহুটি

নেপাতি কেনেকৈ থাকো।”

কোনো কোনো বিহুগীতত ডেকা-গাভৰুৰ অন্তৰে অনুভৱ কৰা অথচ বাস্তৱত  নোপোবা  অধীৰ অস্থিৰ হোৱা ভাৱৰ প্ৰকাশ ঘটিছে। উদাহৰণ-

“ঘৰতো নবহে মন, সমনীয়া পথাৰতো নবহে মন

  কমোৱা তুলােবাৰ যেনেকৈ উৰিছে

তেনেকৈ উৰিবৰ মন”

বিহুগীতৰ লেখীয়া বনগীতবোৰত  অনাহুত কামনা-বাসনাৰ  দুর্ব্বাৰ আকাঙ্খা তথা প্ৰেম- বিচ্ছেদৰ  আল্পনাৰে আচ্ছাদিত, যেনে-

“হাঁহ হৈ চৰিম গৈ তোমাৰ পুখুৰীত

পাৰ হৈ চৰিম গৈ চালত,

মাখি হৈ উৰি গৈ চুমা খাই আহিম গৈ

তোমাৰ লাবনী গালত।”

আই নাম, বিয়া নাম, আদি বিবাহ উৎসৱত গোৱা গীত। এইবোৰ  গীতত বিয়াৰ সময়ত পালন কৰা বিভিন্ন আনুষ্ঠানিকতাৰ  বৰ্ণনা পোৱা যায়। এইবোৰত  প্ৰেম, বিৰহ, শৃংগাৰ, কাৰুণ্য আদি ভাৱৰ সমাৰোহ ঘটিছে।

আখ্যানমূলক লোকগীতসমূহ (Ballads)  একো-একোটা সামাজিক বা বুৰঞ্জীমূলক কাহিনীত   কৰুণ ৰসৰ সমাবেশ  ঘটাই ৰচনা কৰা  হৈছে। আখ্যানমূলক গীতবোৰক  বিষয়-বস্তু অনুসৰি ৩ টা ভাগত ভাগ কৰিব পাৰি, যথা- (১) বুৰঞ্জীমূলক গীত (২) কিংবদন্তীমূলক আৰু (৩) কাল্পনিক। এইবোৰৰ  ভিতৰত বুৰঞ্জীমূলক গীত যথা- বৰফুকনৰ গীত, জয়মতী কোঁৱৰীৰ গীত, পদুম কোঁৱৰীৰ গীত, মনিৰাম দেৱানৰ গীত আদি বিখ্যাত।

দেহ বিচাৰমূলক গীতবোৰ আধ্যাত্মিক ভাবাপন্ন। এইবোৰত  মানৱ দেহাৰ ক্ষণস্থায়িত্ব, ধন-দৌলতৰ অসাৰত্ব আদি ভাৱ প্ৰকাশ পাইছে।

নিচুকনি গীতবোৰ  লোকগীতৰ আন এক মূল্যবান শাখা। এইবোৰ ঘাইকৈ শিশুসকলক সুৰ আৰু ভাৱৰ দ্বাৰা সন্মোহিত কৰি টোপনি নিয়াবলৈ গোৱা গীত। শ্ৰীধৰ কন্দলীৰ “কাণখোৱা” অসমীয়া লোক সাহিত্যৰ শ্রেষ্ঠ সম্পদ ।

“ঘুমতি  যাওৰে অ’ৰে কানাই

হৰে কাণখোৱা আসে,

সকল শিশুৰ কাণ খাই খাই

আসয় তোমাৰ পাশে।”

বিবিধ গীতৰ ভিতৰত- জুনা গীত, নাওঁ খেলৰ গীত, মোৱামৰীয়া ৰণুৱাৰ গীত, আদি উল্লেখযোগ্য।

অসমীয়াৰ লোক সাহিত্যৰ দ্বিতীয় শক্তিশালী আৰু জীৱন্ত শাখাটো হ’ল ফকৰা-যোজনাসমূহ। অসমীয়া লোক সাহিত্যৰ এই শাখাটি অসমীয়া জীৱনৰ টিপ্পনী বুলি ক’ব পাৰি। কিয়নো ইয়াৰ মাজেদি জীৱনৰ কিছুমান গভীৰ সত্য কেতিয়াবা সৰল আৰু প্ৰাঞ্জল ভাষাত আৰু কেতিয়াবা সাঁথৰময় ভাষাত প্ৰকাশ পাইছে, যথা-

(১) হস্তীৰো পিছলে পাৱ

      সজ্জনৰো বুৰে নাওঁ

(২) মাজ মূৰত চুলি নাই,  গিৰীয়েকে  মাতে ৰূপহী বুলি।

(৩)  আইৰ ঘৰলৈ যাম, দুই হাতে খাম

      বিধাতাই বোলে  পাচে পাচে যাম।

(৪)  আশা কৰিছো মুলুক জুৰি

      খোদাই থৈছে বেঙেনা  পুৰি। ইত্যাদি।

অসমীয়া লোক সাহিত্যৰ সাধু কথাৰ শাখাটিও কম চহকী নহয়। অসমীয়া সাধুকথাবোৰ  চিত্ৰধৰ্মী। এইবোৰ বিভিন্ন বাস্তৱ উপদেশ আৰু নীতি শিক্ষাৰ সমলেৰে পূৰ্ণ। সাধুকথাবোৰৰ ভিতৰত- ৰজা ৰাণীৰ সাধু, বুঢ়া-বুঢ়ীৰ সাধু, সাউদৰ পুতেকৰ সাধু, বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু আদি উল্লেখযোগ্য।

অসমীয়া লোক সাহিত্যৰ আন এক আকৰ্ষণীয় বিভাগ হৈছে মন্ত্ৰ সাহিত্য। মন্ত্ৰ সাহিত্যৰ ভিতৰত কৰতি মন্ত্ৰ, সাপৰ ধৰণী ধৰা মন্ত্ৰ, মোহিনী মন্ত্ৰ,বীৰাজৰা মন্ত্ৰ, সবৰ্বঢাক  মন্ত্ৰ আদি উল্লেখযোগ্য । মন্ত্রবোৰ  সাধাৰণতে বিভিন্ন দেৱ-দেৱীৰ নামত শপত দি গোৱা হয়। এই মন্ত্ৰবোৰৰ  দ্বাৰা সমাজত চিকিৎসাও কৰা হৈছিল। কিন্তু এই মন্ত্ৰবোৰ  বাস্তৱ জীৱনত কিমান কাৰ্যকৰী সেয়া এতিয়া গৱেষণাৰ বিষয়।

বৰ্তমান শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ যুগত আজিকালি সৰ্বসাধাৰণে বিশেষকৈ শিক্ষিত চামে ঐতিহ্যমণ্ডিত লোক-সাহিত্যৰ প্ৰতি পিঠি দি লিখিত সাহিত্যৰ প্ৰতি অধিক অনুৰাগ দেখুওৱা পৰিলক্ষিত হৈছে। সেয়ে লোক সাহিত্য এতিয়া হেৰাই যোৱাৰ পথত।

এটা জাতিৰ পুৰণি ঐতিহ্য আৰু সংস্কৃতি জনাত লোক সাহিত্যৰ গুৰুত্বৰ তুলনা নাই। সেয়ে লোক সাহিত্য সময়ৰ সোঁতত হেৰাই যাবলৈ নিদি সেইবোৰ  সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা উচিত।

কিন্তুু “উমৈহতীয়া শ বাহী শ” হোৱাৰ দৰে দেশৰ বিভিন্ন প্ৰান্তত সিচৰঁতি হৈ থকা লোক বা সাহিত্যসমুহ  মানুহৰ মুখৰ পৰা কোনে উদ্ধাৰ কৰি সংৰক্ষণ কৰিবলৈ ওলাই আহিব?                                                                                                          …ৰাব্বি মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *