অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ

অলেখ- অপাৰ প্ৰাকৃতিক সম্পদেৰে বিনন্দীতা ভাৰতৰ নুমলী জীয়ৰী অসমখন হ’ল প্ৰকৃতিৰ এক ৰম্যভূমি। অসংখ্য সেউজীয়া গছ-গছনি, পাহাৰ-পৰ্বত, নদ-নদী আদিৰে পৰিবেষ্টিতা প্ৰকৃতিৰ এই ৰম্যভূমিলৈ গতানুগতিক ছন্দৰে প্ৰতি বছৰেই বিভীষিকাময় সংহাৰী ৰূপত নামি আহে এক সহজাত অভিশাপ – অভিশাপটিৰ নাম ‘বানপানী’। ইতিহাস-বিষ্মৃত দিনৰ পৰাই বানপানীয়ে অসমী আইৰ আঁচলৰ ধন: জীৱজন্তু, মানুহ-দুনুহ, গছ-গছনি, শস্য-মৎস্য আদি লুটি নি অসমীয়া জাতিৰ সার্বিক  উন্নয়ণ অৱদমিত কৰি ৰাখিছে আৰু আজি বানপানী নামৰ অভিশাপটো হৈ পৰিছে অসমীয়া জাতিক তিল তিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া মৃত্যুদূত স্বৰূপ।

But no effect without cause- কাৰণ অবিহনে  কাৰ্য নহয়। প্ৰতিবছৰে অসমলৈ নামি অহা বানপানী সৃষ্টিৰো কাৰণ আছে, যথা:

প্ৰথমতে, অসম হ’ল মৌচুমী বতাহৰ দেশ। প্ৰতি বছৰে বৰ্ষাকালত মৌচুমী বতাহৰ প্ৰভাৱত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। সেই বৰষুণৰ পানীয়ে অসমৰ নদ-নদীত অধিক পানী বোৱাই বানপানীৰ সৃষ্টি কৰে।

দ্বিতীয়তে, অসম হ’ল নদী মাতৃক দেশ। ইয়াত অসংখ্য নদ-নদী আছে। মহাবাহু ব্রহ্মপুত্ৰৰ লগতে ইয়াৰ আটাইবোৰ  উপ-নৈসমূহ বাৰিষা কালত সূৰ্যৰ পোহৰত হিমগিৰি হিমালয়ৰ গাত জমা হৈ থকা বৰফ গলি নৈসমূহেদি বৈ  অহা পানী ধাৰণ কৰিব নোৱাৰি পাৰ ওপচাই বানপানীৰ সৃষ্টি কৰে।

তৃতীয়তে, ইতিহাসে গৰকা ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পই  ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বুকু  বহুত ওপৰলৈ দাং খুৱালে। ফলত আগতে যিখিনি পানী এইবোৰে  ধাৰণ কৰিব পাৰিছিল, আজি তাতকৈ কম পানী ধাৰণ কৰিব পাৰে। ফলত বাৰিষাৰ লগে লগে নদীবোৰ পানীৰে নধৰা হৈ অতিৰিক্ত পানীখিনি গাওঁ-ভূইলৈ সোমাই আহি বানপানীৰ সৃষ্টি কৰে।

চতুৰ্থতে, অসমত আজি লাগ-বান্ধ নোহোৱাকৈ নিৰ্দ্বিধাই গছ-গছনি কাটি পেলোৱা হৈ আছে। ফলত নদীৰ পাৰত খহনীয়াৰ সৃষ্টি হৈ পাৰৰ মাটি নদ-নদীৰ বুকুলৈ উঠি গৈ নদীবোৰ তৰাং হৈ পৰিছে – যি পৰিস্থিতিত নদীসমূহৰ ধাৰণ ক্ষমতা যথেষ্ট পৰিমাণে কমি আহি বানপানীৰ সৃষ্টিত অৰিহণা যোগাইছে।

পঞ্চমতে, অসমৰ নদ-নদীসমূহ আজিলৈ চৰকাৰী পৰিকল্পনাৰ ছত্ৰ-ছায়াত সোমাব পৰা নাই। চৰকাৰে অপৰিকল্পিতভাবে  যি ৰাস্তা-ঘাট বা মাথাউৰি বান্ধিছে সেইবোৰ বাৰিষাৰ প্ৰৱল পানীৰ ঢৌক বাধা দিব নোৱাৰি অসমৰ নদীসমূহৰ পানী সহজে ভিতৰুৱা খেতি-পথাৰলৈ সোমাই আহি বানপানীৰ সৃষ্টি কৰে।

প্ৰতিটো কাৰ্যৰে ফল থকাৰ দৰে অসমৰ প্ৰলয়ংকাৰী বানপানীৰো ইতিবাচক আনকি নেতিবাচক ফলো আছে। কিন্তু অসমৰ বানপানীৰ ক্ষেত্ৰত ইতিবাচক দিশতকৈ নেতিবাচক দিশেই বহুত বেছি, যথা –

প্ৰথমতে, অসমৰ বানপানীয়ে প্ৰতিবছৰে অসমীয়া কৃষক সমাজৰ অবৰ্ণনীয় ক্ষতি কৰে। শস্য, গছ-গছনি, নাদ, পুখুৰী, আদি নষ্ট কৰি অসমীয়া মানুহক দুর্ভিক্ষৰ কবলত পেলায়। মানুহ-দুনুহ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। ঘৰ-দুৱাৰ ভাঙি-চিঙি অসংখ্য্য মানুহক অঘৰীৰ পথলৈ ঠেলি দিয়ে। অসমৰ কিছুমান অঞ্চল বানপানী তথা ব্রহ্মপুত্ৰৰ কৰাল গ্ৰাসত পৰি চিৰদিনৰ বাবে  নিঃশ্চিহ্ন হৈ গৈছে। উদাহৰণ স্বৰূেপ তাৰাবাৰী, পলাশবাৰী, নাওপাৰা  আদি ঐতিহ্যমণ্ডিত অঞ্চল ব্রহ্মপুত্ৰৰ বুকুত জাহ গৈছে।

দ্বিতীয়তে, বানপানাীয়ে অসমৰ ৰাস্তা-ঘাট, দলং-সাঁকো, আদিৰ বিস্তৰ ক্ষতি সাধন কৰি অসমৰ যোগাযোগ  ব্যৱস্থা স্থবিৰ কৰি ৰাখে। ফলত ব্যৱসায়-বাণিজ্যৰ যথেষ্ট ক্ষতি সাধন হোৱাৰ উপৰিও অসমৰ উদ্যোগিকৰণো অনুন্নত কৰি ৰাখিছে।

তৃতীয়তে, বানপানীৰ সময়ত  অলেখ-অপাৰ ক্ষতি  হোৱাৰ উপৰিও বানপানীৰ অন্তত কেঁচা ঘাত নেমু টেঙা  দিয়াদি দেখা দিয়ে মহামাৰী সদৃশ নানা বেমাৰ-আজাৰ। ইতিমধ্যে বানপানীয়ে ভাঙি  থৈ যোৱা ৰাজহাড়ডালৰ যন্ত্ৰণাত ছটফটাই থকা অসমীয়া মানুহে সোণকালেই বেমাৰ -আজাৰত আক্ৰান্ত হৈ জীয়াতু ভূগি অকালতে সিপুৰীলৈ যাত্ৰা কৰে।

মুঠতে বানপানীয়ে আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ব ক্ৰমান্বয়ে ধূলিসাৎ কৰি প্ৰকৃতিৰ বুকুত জীৱন্ত  কংকালত পৰিণত কৰি আছে।

অসমত প্ৰতিবছৰে বানপানী হয় আৰু প্ৰতিবছৰেই অসমৰ সীমাহীন ক্ষতিসাধন কৰে যদিও অসমৰ ইতিহাসত ১৯০৪ চনৰ, ১৯৮৪ চনৰ আৰু ২০০৪ চনৰ বানপানীৰ ক্ষয়-ক্ষতি উদাহৰণযাগ্য। ১৯৩৪ চনত নগাওঁ জিলাত কপিলী নদীৰ প্ৰলয়ংকৰী বানে নজিৰবিহীন ক্ষতি সাধন কৰে। ১৯৮৪ চনত অসমৰ বৰেপটা জিলা, ধেমাজী জিলা, গোৱালপাৰা, বঙাইগাওঁ আদি অঞ্চলত তাণ্ডৱলীলা  চলাই সেই অঞ্চলবোৰৰ  বাসিন্দাসকলক যি নাৰকীয় যন্ত্ৰণা ভূগালে সেয়া কাৰো অবিদিত নহয়। সেইদৰে যোৱা ২০০৪ চনৰ বানপানীয়ে অসমৰ পশ্চিম অঞ্চলটোত ইমানেই ক্ষতি সাধন কৰিলে যেন এই অঞ্চলটোলৈ ঈশ্বৰৰ প্ৰলয়ৰ দিনহে নামি আহিছিল।

প্ৰতিটো সমস্যাৰে সমাধানৰ উপায় থকাৰ দৰে অসমৰ এই  প্ৰলয়ংকৰী বানপানীৰো সমাধান বা প্ৰতিকাৰ নথকা নহয়। কিন্তু ইয়াৰ বাবে  লাগে মাথো  সদ ইচ্ছা আৰু গঠনমূলক ব্যৱস্থাক কাৰ্যকৰী কৰাৰ মানসিকতা। বানপানী যিহেতু আমাৰ উমৈহতীয়া সমস্যা সেয়ে এই সমস্যা সমাধানত চৰকাৰেই আগভাগ লব লাগিব আৰু ৰাইজেও ইয়াৰ বাবে হাতে হাত মিলাই  আগবাঢ়ি  আহিব লাগিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ মিলি অসমক এই বানপানীৰ দুৰ্যোগৰ পৰা চিৰদিনৰ বাবে  মুক্ত কৰিবলৈ হ্ৰস্ব কালীন আৰু দীৰ্ঘকালীন ব্যৱস্থা অচিৰেই গ্ৰহণ কৰিব লাগিব। দীৰ্ঘকালীন ব্যব্যস্থাবোৰৰ  ভিতৰত তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে।

প্ৰথম, অসমৰ নদ-নদীসমূহৰ তলি খান্দি সেইবোৰৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰিব লাগিব যাতে বাৰিষা কালত অতিৰিক্ত পানীখিনি নদ-নদীয়ে সহজে বহন কৰিব পাৰে।

দ্বিতীয়তে, নদ-নদীসমূহক দুয়োফালৰ পৰা শক্তিশালী মাথাউৰীৰ দ্বাৰা বেষ্টন কৰিব লাগিব যাতে নদীৰ বাঢ়নি  পানী ভিতৰুৱা অঞ্চললৈ সোমাই আহি গাওঁ-ভূই  শস্য-পথাৰ আদি বুৰাই পেলাব  নোৱাৰে।তৃতীয়তে, অসমৰ নদীসমূহৰ গঢ়াখহনীয়া ৰোধ কৰাৰ অৰ্থে নদীৰ পাৰত বুৰুজ আদি দিয়াৰ উপৰিও নদীৰ পাৰত গছ-গছনি আদি ৰুই দিব লাগিব।

ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ আজি কেইবা  দহক পাৰ হৈ গ’ল যদিও আজিলৈ অসমৰ বানপানীৰ  স্থায়ী সমাধান নোহোৱাটো আমাৰ সকলোৰে বাবে  মহা লাজৰ কথা। ইতিমধ্যে চৰকাৰে ‘বান নিয়ন্ত্ৰন বোৰ্ড’, ‘ ব্রহ্মপুত্ৰ বোৰ্ড’ আদি গঠন কৰিছে যদিও সেইবোৰৰ  কাম-কাজ আজিলৈ বাস্তৱ ৰূপ পোৱা নাই। সেয়ে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে  স্বীকৃতি দি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে অচিৰেই বিশেষ আঁচনিৰ যোগেদি বাননিয়ন্ত্ৰন আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে স্থায়ী ব্যৱস্থা কাৰ্যকৰী কৰিব লাগে।

অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিব পাৰিলে আৰু ইয়াৰ জল সম্পদখিনি উপযুক্তভাবে  খটুৱাব পাৰিলে অৰ্থাৎ জলবিদ্যুৎ উৎপাদন, মৎস্য পালন, জলযানৰ যোগাযোগ বৃদ্ধি আদি আঁচনি গ্ৰহণ কৰিব পাৰিলে অসমৰ বানপানী অসমৰ বাবে  অভিশাপ নহৈ অসম তথা ভাৰতবৰ্ষৰ বাবে  আৰ্শীবাদত পৰিণত হ’ব যেনেদৰে একালৰ আমেৰিকাৰ দুখ ‘টেনিচ‘ নদী আৰু চীনৰ ‘হোৱাংহো’ নদী আজি দুয়োখন দেশৰ বাবে  আৰ্শীবাদ স্বৰূপ হৈ পৰিছে।

…ৰাব্বি মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *