অসমৰ লোক-সংস্কৃতি

কোনো এটি বিশেষ অঞ্চলৰ বা জাতি এটাৰ উমৈহতীয়া সামাজিক জীৱন প্ৰণালীয়েই হৈছে লোক-সংস্কৃতি। লোক-সংস্কৃতিয়ে জাতি এটাৰ সাধাৰণতে চাৰিটা দিশ সামৰি লয়, যথা- (ক) লোক সাহিত্য (খ) সামাজিক প্ৰথা আৰু  ৰীতি-নীতি যথা – পূজা-পাৰ্বণ, উৎসৱ, খেল-ধেমালী আদি  (গ) দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক সা-সঁজুলি আৰু (ঘ) পৰিবেশিত  কলা । পৃথিৱীৰ প্ৰায় সকলো জাতিৰে নিজস্ব লোক-সংস্কৃতি আছে। তেনেদৰে ভাৰতৰ পূৰ্ব প্ৰান্তৰ সীমামূৰীয়া ৰাজ্য অসমৰো এক ঐতিহ্যমণ্ডিত স্বকীয় সংস্কৃতি আছে। অসমীয়া সংস্কৃতি অনৈক্যৰ মাজত ঐক্যৰ নিদৰ্শন  স্বৰূপ  বিভিন্ন ভাষা-ভাষীৰ লোক যথা- অসমীয়া, বাংলা, বড়ো, আবৰ, মিৰি, নেপালী আৰু বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লোক যথা- হিন্দু, বৌদ্ধ, মুছলমান, খৃষ্টান আদিৰ সংমিশ্ৰণত গঢ়ি উঠিছে। তলত অসমীয়া লোক-সংস্কৃতিৰ দিশবোৰ  চমুকৈ আলোচনা কৰিবলৈ লোৱা হ’ল-

অসমৰ লোক-সংস্কৃতিৰ প্ৰধান অংগটো হৈছে অসমৰ লোক বা মৌখিক সাহিত্য। মৌখিক সাহিত্যৰ দিশত অসম বাৰুকৈয়ে চহকী। অসমৰ মৌখিক সাহিত্যক বহলকৈ ৪ টা ভাগত ভাগ কৰিব পাৰি, যেনে- (১) লোকগীত, (২) প্ৰবচন বা ফকৰা যোজনা (৩) সাধুকথা আৰু (৪) মন্ত্ৰ সাহিত্য। অসমীয়া লোক-সাহিত্যৰ মাজেদি অসমীয়া জাতিৰ সামাজিক নীতি নিয়ম, প্ৰেম-বিৰহ, আশা-আকাঙ্খা, সুখ-দুখ, চিন্তা-ভাৱনা, কল্পনা আদি আটাইবোৰ  দিশেই  প্ৰতিফলিত হৈছে।

অসমীয়া লোক-সাহিত্যৰ প্ৰধান ভাগ লোকগীতসমূহক পটভূমি আৰু  বিষয় অনুসৰি ৫ ভাগত ভাগ কৰিব পাৰি যথা- (১) অনুষ্ঠানমূলক  (২) আখ্যানমূলক (৩) দেহ  বিচাৰমূলক (৪) নিচুকনি আৰু (৫) বিবিধ। অনুষ্ঠানমূলক  বিভাগটোত সাধাৰণতে বিহুগীত, হুচৰি, আইনাম, বিয়ানাম, সুবচনীৰ গীত, লখিমী সবাহৰ গীত ইত্যাদি অন্তৰ্ভূক্ত। বিহুগীত তথা বনগীতবোৰ  অসমীয়া আখ্যানমূলক লোকগীতসমূহৰ ভিতৰত আটাইতকৈ বেছি আকৰ্ষণীয় আৰু সাহিত্য তথা সংস্কৃতিৰ ধ্বজ্জাবাহক। বিহুগীতবোৰৰ  মাজত অসমীয়া ডেকা গাভৰুৰ প্ৰাণোচ্ছল যৌৱনৰ আবেগ, অনুভূতি, প্ৰেম বিৰহ আদি ভাৱৰ সন্টালনি প্ৰকাশ ঘটিছে।

“ঘৰতো নবহে মন, সমনীয়া পথাৰতো নবহে মন

  কমোৱা তুলাবোৰ  যেনেকৈ উৰিছে

  তেনেকৈ উৰিবৰ মন”

লোকগীতৰ আখ্যানমূলক গীতৰ মাজেদি অসমীয়া সামাজিক কাহিনী বিশেষকৈ-প্ৰেম প্ৰণয়ৰ ঘটনা কৰুণ  ৰসেৰে সিক্ত হৈ বৰ্ণিত হৈছে। আখ্যানমূলক লোকগীত সমূহক ৩ টা ভাগত ভাগ কৰিব পাৰি, যথা- (১) বুৰঞ্জীমূলক (২) কিংবদন্তীমূলক আৰু (৩) কাল্পনিক।

লোকগীতৰ তৃতীয় বিভাগটো হৈছে দেহ বিচাৰমূলক গীত। এনে গীতবোৰৰ  মাজেদি মানৱ দেহাৰ ক্ষণস্থায়িত্ব, ধন-দৌলতৰ অসাৰত্ব আৰু পাৰলৌকিক চিন্তাৰ প্ৰকাশ ঘটিছে।

নিচুকনি গীতবোৰ  অসমীয়া লোকগীতৰ আন এটি শাখা। নিচুকনি গীতবোৰ সাধাৰণতে ল’ৰা-ছোৱালীক সুৰ আৰু ভাৱৰ দ্বাৰা সন্মোহিত কৰি টোপনি নিয়াবলৈ গোৱা গীত। শ্ৰীধৰ কন্দলীৰ কাণখোৱা’ শিৰোনামৰ নিচুকনি গীতটোৰ অসমীয়া নিচুকনি গীতৰ শ্ৰেষ্ঠ নিদৰ্শন।

অসমীয়া লোক-সংস্কৃতিৰ দ্বিতীয় অংগটো হ’ল সামাজিক প্ৰথা,  যথা- ৰীতি নীতি, উৎসৱ, পূজা পাৰ্বন আদি। অসমীয়া মানুহে পালন কৰা বিহু তিনিটা যেনে- বহাগ বিহু, কাতি বিহু আৰু  ভোগালী বিহু। পূজা পাৰ্বন,  যথা- কালি পূজা, দুৰ্গা পূজা, স্বৰস্বতী পূজা, মা কামাখ্যা দেৱীৰ পূজা ইত্যাদি।উৎসববোৰ  হৈছে- দৌল, পচেতী, ভথেলী বাম্বোল, সোনোৰায় আদি । খেল- ধেমালীবোৰ  হৈছে- টাংগুটি,  লুকাভাকু, বাঘাবুল , গছক পতি, হাউ ইত্যাদি। অসমীয়া জাতিৰ ঐক্য আৰু সংহতি স্থাপন আৰু অটুট ৰখাত উক্ত উৎসৱসমূহ , খেল- ধেমালি আৰু পূজা পাৰ্বনে  যথেষ্ট  অৰিহণা যোগাইছে। এনেবোৰ  সামাজিক প্ৰথাত সকলো মানুহে – জাতি ধৰ্ম নিৰ্ৱিশেষে- অংশগ্ৰহণ কৰে।

অসমীয়া লোক-সংস্কৃতিৰ তৃতীয় অংগটো হ’ল দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক  কলা বা সা সঁজুলি। ইয়াৰ ভিতৰত পৰে অসমীয়া মানুহৰ ঘৰ-দুৱাৰ সজাৰ পদ্ধতি, কাম বন কৰাৰ আহিলা, অসমীয়া সমাজত মুনিহ  আৰু তিৰোতাসকলে পৰিধান কৰা কাপোৰ যেন: পাট কাপোৰ, মুগা কাপোৰ, এৰি  কাপোৰ আদি বিশ্ব বিখ্যাত। এইবোৰ  অসমীয়া সমাজৰ এদনীয়া সম্পদ । তাৰোপৰি সোণ-ৰূপৰ কাম, হাতী দাঁতৰ অলংকাৰ, পিতল বা কাঁহৰ কাম-কাজত অসমীয়া জাতি নিপুন আৰু উদাহৰণৰ যোগ্য।

অসমীয়া সমাজ-সংস্কৃতিৰ চতুৰ্থটো অংগ হ’ল অসমীয়া সমাজত পৰিবেশিত  হোৱা সংগীত, নৃত্য আৰু বাদ্য যন্ত্ৰসমূহ। অসমীয়া সংগীতত ব্যৱহাৰ কৰা বাদ্য-যন্ত্ৰসমূহৰ ভিতৰত- তাল, খোল, মৃদং, পেঁপা, বাঁহী আদি উল্লেখযোগ্য । নৃত্যৰ ভিতৰত বিহু নৃত্য, দেউধনী নৃত্য, ৰাভাসকলৰ ফৰকানি নৃত্য,  বছাও নৃত্য, ওজাপালি নৃত্য, ভাৰীগান নৃত্য  আদি।

ইয়াৰ ওপৰিও অসমীয়া মানুহৰ খোৱা-লোৱাৰ বিশেষ বৈশিষ্ট্য আছে, যথা- অসমীয়া লোকে খাৰ খায়, তামোল পান খায় লগতে অসমীয়া মানুহৰ ৰন্ধণ প্ৰণালীও যুতি লগা আৰু অন্যান্য জাতিৰ তুলনাত পৃথক।

এইদৰে অসমীয়া সংস্কৃতিটো ভাৰতীয় অন্যান্য ৰাজ্য বা জাতিৰ সংস্কৃতিৰ দৰেই চহকী আৰু বিশেষ বৈশিষ্ট্যমণ্ডিত। ই বহুলভাবে  অন্যান্য জাতিৰ সংস্কৃতিৰ পৰা পৃথক। বৰ্তমান অসমীয়া সংস্কৃতিত বিদেশী প্ৰভাৱৰ ধল বৈছে । বিশেষকৈ পাশ্চাত্য অপ-সংস্কৃতিয়ে অসমীয়া স্বকীয় সংস্কৃতিত আঘাত সানিছে। আনৰ সংস্কৃতি গ্ৰহণত বাধা নাই যদিহে সেই সংস্কৃতি আমাতকৈ উন্নত হয়। কিন্তু  বাস্তৱত দেখা যায়, কিছুমান অসমীয়াই বিদেশী অপ-সংস্কৃতিৰ বলি হৈছে। এয়া নিশ্চয় শুভ লক্ষণ নহয়। আমি আমাৰ ঐতিহ্যমণ্ডিত সংস্কৃতি ম্লান পৰিবলৈ  নিদি ইয়াক জীয়াই ৰখাটোহে বিবেচকৰ কাম হ’ব। কিয়নো যি জাতিৰ নিজস্ব সংস্কৃতি হেৰায়, সেই জাতিটোৰ সত্বাও হেৰাই যায়।

সামৰণিত ক’ব পাৰি অসমীয়া সংস্কৃতিৰ প্ৰতি প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰ চকুৰে চাই ইয়াক জীয়াই ৰাখক। অন্যথা অসমীয়া সংস্কৃতি যে ক্ৰমে নি:শেষ  হৈ  পৰ-সংস্কৃতিয়ে দখল কৰি আমাৰ সত্বাক পৰাধীন কৰিব সেয়া উলাই কৰিব নোৱাৰি।

…ৰাব্বি মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *