আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা

যিবোৰ  চলন্ত উপসৰ্গই আজি মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰি আধুনিক সমাজৰ শান্তি-শৃঙ্খলাক নিঃশেষ কৰি মানৱ জাতিক অশান্তি তথা অবনতিৰ কৰাল গ্ৰাসত নিঃপতিত কৰি আছে সেই উপ-সর্গবোৰৰ ভিতৰত অনুশাসণহীনতা তথা দুৰ্নীতিপৰায়ণতা এটি অন্যতম উপসৰ্গ। আজি প্ৰতিটো পৰিয়াল, প্ৰতিটো সমাজ তথা প্ৰতিখন  ৰাষ্ট্ৰই এই অনুশাসনহীনতা  তথা দুৰ্নীতিৰ হাঁতোৰাৰ হাতত বন্ধী হৈ অটল মহাসাগৰৰ মাজত ডুবি নিঃসহায় নিঃকিন হৈ মৃত্যুৰ ক্ষণ গণি ককবকাই আছে। এই অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা  হঠাতে উদ্ভৱ হোৱা নাই। মানৱ জাতিয়ে ‘ক্ষমতা’ নামৰ দৈত্যটোৰ জন্ম দিয়াৰ পৰাই এই ব্যাধিটোৰো জন্ম হৈছে। কেতিয়াবা ই শান্ত-শিষ্ট মেঘ পশুৰ দৰে সামাজিক উন্নয়ণৰ কুঁহিপাতবোৰ  খাই উন্নয়ণত বাধা দিছে, কেতিয়াবা বলিয়া হাতীৰ দৰে দৌৰি এফালৰ পৰা ভয়াতুৰসকলক পদ তলত নিক্ষেপ কৰি অবদমিত কৰিছে আৰু কেতিয়াবা নৰখাদক বনৰাজ সিংহৰ দৰে এফালৰ পৰা খেদি নৰৰক্ত পাণ কৰি তৃপ্তিৰ অট্টহাস্য  মাৰিছে। কিন্তু বৰ্তমান এই একবিংশ শতাব্দীৰ দুৱাৰ মুখত থিয় হৈ বিজ্ঞানৰ চৰম বিন্দুত  উপনীত হৈয়ো মানৱ সভ্যতাই এই অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা নামৰ মাৰাত্মক ব্যাধিটোৰ পৰা হাত সাৰিব পৰা নাই, বৰঞ্চ ই আগতকৈয়ো দহগুণে শক্তিমন্ত হৈ জীৱ শ্ৰেষ্ট মানৱ সমাজক চাৰিও পিনৰ পৰা আক্ৰমণ কৰি অশান্তিৰ নিশান উৰাইছে। ফলত মানৱ প্ৰমুল্য, মানৱ শান্তি তথা মানৱ জাতিৰ উন্নয়ণ ব্যহত হৈ অবনতিৰ বাটেৰে দ্ৰুত গতিত অপমৃত্যুৰ উৎসলৈ আগবাঢ়ি আছে। আজি প্ৰতিটো সমাজ তথা ৰাষ্ট্ৰীয় অনুষ্ঠান, আদালত, অফিচ, স্কুল কলেজ আনকি প্ৰাৰ্থনা গৃহতো এই অনুশাসণহীনতাই অবাধ ৰাজত্ব চলাইছে। অনুশাসণহীনতা তথা দুৰ্নীতিপৰায়ণতা সকলো প্ৰকাৰৰ উন্নয়ণ তথা শান্তি-শৃঙ্খলাৰ বাটত হেঙাৰ স্বৰূপ। কিন্তু কিয় এই অনুশাসণহীনতা ? কিয় এই দুৰ্নীতি পৰায়ণতা ?এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি কোনো বুদ্ধিজীৱি, পণ্ডিত বা দাৰ্শনিকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই; আমাৰ বিবেক  আৰু জ্ঞান চকুক মুকলি কৰি নিজকে আৰু নিজৰ আত্মীয় স্বজন তথা সমাজ আৰু সামাজিক পৰিৱেশ  গমি চালেই ইয়াৰ উত্তৰ জল জলপটকৈ আমাৰ আগত ধৰা দিব।

অনুশাসনহীনতা বা দুৰ্নীতিপৰায়ণতাৰ কাৰণ বহুতো। তাৰে প্ৰধান কাৰণেবাৰ তলত চমুকৈ আলোচনা কৰা হ’ল।

কাৰিকৰীবিহীন চাকৰীমুখী শিক্ষা: অনুশাসনহীনতাৰ প্ৰধান কাৰণবোৰৰ  ভিতৰত প্ৰথমতে আসোৱাপূৰ্ণ শিক্ষানীতি আৰু ইয়াৰ প্ৰয়োগিক দিশটো উল্লেখ কৰিব পাৰি। স্কুল-কলেজ বা যিকোনো  শিক্ষানুষ্ঠানত  কেৱল তাত্ত্বিক (Theoretical) দিশটোৰ ওপৰত গুৰুত্ব দি প্ৰয়োগিক বা কাৰিকৰী (Technical) দিশ দিশটোৰ প্রতি  বাৰুকৈয়ে অৱহেলা কৰা হয়। ফলত ছাত্ৰ-ছাত্ৰীসকল কৰ্ম বা শ্ৰমৰ প্ৰতি বিমুখ হয়। সেয়ে লিখা-পঢ়া শেষ কৰি কোনোৱে শাৰীৰিক শ্ৰম খটুৱাই উৎপাদানমুখী কৰ্মত নিয়োজিত হ’বলৈ ইচ্ছা নকৰি কেৱল চৰকাৰী চাকৰিৰ আশাত হাত সাবটি বহি থাকে। ফলস্বৰূেপ দেশত বা সমাজত উৎপাদন জনসংখ্যা বা ভোক্তা  অনুসৰি বৃদ্ধি নাপায়। আনহাতে শ্ৰম-বিমুখ শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি নাপাই শ্ৰম বিহীন টকা উপাৰ্জন কৰাৰ মানসিকতাৰ আশ্ৰয় লয়।ফলত দুৰ্নীতিৰ উদ্ভৱ হয়।

চাকৰিয়ালসকলৰ কৰ্তব্যৰ প্ৰতি অৱহেলাঃ দুৰ্নীতিপৰায়ণতাৰ দ্বিতীয় কাৰণ হিচাপে চাকৰিয়াল বিষয়া সকলৰ কৰ্তব্যৰ প্ৰতি অৱহেলা লেখতলবলগীয়া কাৰণ বুলি উল্লেখ কৰিব পাৰি। আজিকালি প্ৰতিটো চৰকাৰী বিভাগতে ঘোচ দিয়া আনকি লোৱাৰ প্ৰৱণতা ইমান বৃদ্ধি পাইছে যে ঘোচ নাপালে কোনো বিষয়াই মুখ নুখুলে আনকি কলমো নধৰে। তাৰোপৰি নিজৰ নিজৰ কৰ্তব্যৰ প্ৰতি অৱহেলা কৰি বহি থাকিলেও কোনো ধৰোতা নাই, কিয়নো প্ৰতিজন বিষয়াই কলা টকাৰ বাবে বলিয়া। ফলত অফিচ-আদালত দুৰ্নীতিৰ বকৰাণী তথা গেলা জাবৰত পুত  গৈ আছে।

শোষণ আৰু দৰিদ্ৰতাঃ  শোষণ আৰু দৰিদ্ৰতা অনুশাসণহীনতা সৃষ্টিৰ প্ৰধান কাৰণবোৰৰ ভিতৰত অন্যতম। আজিকালি সমাজত স্পষ্টকৈ দুটা শ্ৰেণীৰ সৃষ্টি হৈছে- এটা হৈছে শোষক শ্ৰেণী আনটো হৈছে শোষিত  শ্ৰেণী। শোষক শ্ৰেণীৰ ভিতৰত প্ৰথমতে হৈছে চৰকাৰী চাকৰিয়াল বিষয়াসকল, দ্বিতীয়তে পুজিপতি মহাজন সকল আৰু তৃতীয়তে স্বাৰ্থান্বেষী ব্যৱসায়ী সকল। চৰকাৰী চাকৰিয়ালসকলে গোটেই দিনৰ মাথো কেইঘন্টামান কাম কৰি যি পাৰিশ্ৰমিক পায় তাৰ বিপৰীতে দহজন বনুৱাই গোটেই দিন ৰ’দ-বৰষুণ নেওচি কপালৰ ঘাম মাটিত পেলাই  হাড়-ভগা পৰিশ্ৰম কৰিও সিমানখিনি পাৰিশ্ৰমিক নাপায়। ফলত দৰিদ্ৰসকল কঠোৰ পৰিশ্ৰম কৰিও দৰিদ্ৰতাত পুত  গৈ থাকে। বহুতে দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ চুৰি, ডকাইত, ঠগবাজী, দালালি, কলা ব্যৱসায়ৰ আশ্ৰয় লয়, ফলত দুৰ্নীতিৰ সৃষ্টি হয়।

নৈতিকতাবিহীন জীৱন যাপনঃ  আজি এই বিজ্ঞানৰ যুগত জীৱন-যাপন ক্ৰমান্বয়ে কৃত্ৰিমতাৰ পৰা কৃত্ৰিমতালৈ গতি কৰি আছে; লগে লগে মানবতাহীনতা আৰু নৈতিকতাবিহীনতাও বৃদ্ধি পাই  আছে। আনুষ্ঠানিক শিক্ষাৰ পাঠ্যপুথিতো নৈতিকতা শিক্ষাৰ কোনো অনুশীলন নাই। নৈতিকতাবিহীন শিক্ষা লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে যিকোনো উপায়ে ধন ঘটাৰ চেষ্টা চলায়। ফলত সিহঁতৰ জীৱন-যাপনত বিশৃঙ্খলতা তথা দুৰ্নীতিয়ে দেখা দিয়ে।

স্বাৰ্থান্বেয়ী ৰাজনৈতিক নেতাসকলৰ ক্ষমতা লাভৰ অন্ধ সংগ্ৰামঃ অনুশাসণহীনতা বৃদ্ধি  পোৱাৰ এটি প্ৰধান ঘৃণনীয় উৎস হৈছে বৰ্তমানৰ ৰাজনীতি আৰু ৰাজনৈতিক নেতাসকল- যি সকলৰ হাততেই অনুশাসন বজাই ৰখাৰ দায়িত্ব  বা চাবিকাঠি থাকে। অকল ক্ষমতা লাভৰ বাবেই  নেতাসকলে দৰিদ্ৰ  জনসাধাৰণক লৈ জুৱাৰ খেল খেলে। সিহঁতে কেনেবাকৈ ক্ষমতা দখল কৰিব পাৰিলেই নিজকে আইনৰ উৰ্দ্ধত ‘ভগৱান’ বুলি ভাৱে আৰু যি ইচ্ছা তাকেই কৰি ফুৰে। কিন্তু ধৰোতা কোনো নাই; কিয়নো দৰিদ্ৰ জনসাধাৰণৰ জনমতৰ মূল্য কেৱল কাকত -আলোচনী আৰু নেতাসকলৰ মুখ-পাত্ৰতেই সঞ্চিত থাকে।

বুদ্ধিজীৱি তথা মানবতাবাদী দাৰ্শনিকৰ স্বাৰ্থান্ধতাঃ অনুশাসনহীনতা উদ্ভৱ হোৱাৰ প্ৰধান কাৰণবোৰৰ ভিতৰত বুদ্ধিজীৱি তথা মানবতাবাদী দাৰ্শনিকসকলৰ স্বাৰ্থান্ধতা এটি অন্যতম কাৰণ। যিসকলক আজি কালি বুদ্ধিজীৱি বা দাৰ্শনিক বুলি স্বীকৃতি দিয়া হয় সিহঁত, সৰল  ভাষাত ক’বলৈ গ’লে, মুখা পিন্ধা সুবিধাবাদীহে। কিয়নো যিসকল নিজকে বুদ্ধিজীৱি বুলি পৰিচয় দিয়ে সিহঁতৰ কোনোৱেই উৎপাদনমূলক কামৰ লগত জড়িত নহয়। সিহঁতে চৰকাৰৰ পৰা সুবিধা আদায়ৰ বাবে  চৰকাৰৰ হাতৰ মুঠিত থাকি নিজস্ব মস্তিষ্কত সত্য লুকাই ৰাখি চৰকাৰৰ বহতীয়া  হিচাপে  সিহঁতৰ বুদ্ধি প্ৰয়োগ কৰে। অৱশ্যে দুই এজন প্ৰকৃত মানবতাবাদী বুদ্ধিজীৱি আছে যদিও চৰকাৰ নামৰ ৰবটটোৱে কলিতে বিনাশ কৰি দিয়ে। ফলত সাধাৰণ জনগণে পদ-প্ৰদৰ্শকৰ অভাৱত বিপথে পৰিচালিত হৈ বিশৃঙ্খলতা তথা দুৰ্নীতিৰ সৃষ্টি কৰে।

অনুশাসণহীনতা তথা দুৰ্নীতিপৰায়ণতা প্ৰতিকাৰৰ উপায়ঃ অনুশাসনহীনতা উদ্ভৱ হোৱাৰ কাৰণবোৰৰ আঁৰতেই ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহ লুকাই আছে। আমাৰ শিক্ষা পদ্ধতি চাকুৰীমুখী নহৈ কৰ্মমুখী হ’লে, চাকৰিয়ালসকল কৰ্তব্যৰ প্ৰতি অবহেলা নকৰি জনসেৱা বুলি সততাৰে লাগি থাকিলে, ধনী দুখীয়াৰ মাজত বৰ্তমান সমাজ ব্যৱস্থাত দেখ-দেখকৈ কৰা অৰ্থনৈতিক অসমতা দূৰ কৰিলে, নৈতিকতাপূৰ্ণ জীৱন যাপন কৰিলে, ৰাজনৈতিক নেতাসকলে ৰাজনীতিক ধন ঘটাৰ ব্যৱসায় হিচাপে  গ্ৰহণ নকৰি দেশৰ প্ৰতি নিঃস্বাৰ্থ কৰ্তব্য বুলি ভাবি সবৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্য আগত ৰাখি কাম কৰি গ’লে আৰু বুদ্ধিজীৱি, দাৰ্শনিকসকল চৰকাৰৰ বহতীয়া নহৈ জনসাধাৰণৰ পদ প্ৰদৰ্শকৰ অগ্ৰদূত হিচাপে  নিজৰ নিজৰ কৰ্তব্য পালন কৰিলে দুৰ্নীতি নিশ্চয় আঁতৰ হ’ব আৰু সমাজত শান্তি শৃঙ্খলা তথা অনুশাসন প্রতিষ্ঠা  হ’ব।

সমৰণিঃ  আপোন ভালেই জগত ভাল। প্ৰত্যেকেই জন কল্যাণমূলক আদৰ্শ আগত ৰাখি দুৰ্নীতিমুক্ত জীৱন-যাপন কৰিলে আৰু দুৰ্নীতিৰ প্ৰতি তীব্র  বিৰোধীতা কৰি গ’লে অনতিপলমেই  সমাজ  তথা ৰাষ্ট্ৰ অনুশাসনহীনতা নামৰ মাৰাত্মক ব্যাধিটোৰ পৰা মুক্ত হ’ব।  অন্যথাই  মানৱ সভ্যতা যে অচিৰেই বিনাশ ঘটি এইখন পৃথিৱী অনন্ত যন্ত্ৰনাৰে ভৰা নৰকত পৰিণত হ’ব তাত কোনো সন্দেহ নাই।

…ৰাব্বি মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *