পৃথিৱীৰ আৰু মোৰ

(কাব্য সংকলন)

(ইন্টাৰনেট সংস্কৰণ)

ৰাব্বি  মছৰুৰ

  

 

 

গ্ৰুহিলচ্ পাব্লিশিং   

কমলপুৰ, বৰেপটা (অসম) 

 

Prithibir Aaru Mour: A collection of Assamese poems composed by Rabbi Masrur and Published by Growhills Publishing. 

Kamalpur, Barpeta, Assam (India). First edition 2018.

 

 

প্ৰকাশকঃ গ্ৰুহিলচ্ পাব্লিশিং, কমলপুৰ, বৰপেটা  (অসম)

Email: growhillsngo@gmail.com

Website:  growhillsnet.com

Mobile: 9101249321

 

সৰ্ব্বস্বত্ব প্ৰকাশকৰ দ্বাৰা সংৰক্ষিত 

 

আগলিপাত

পবৰ্বতৰ খলা-বমা গচকি গচকি

কঠিন শিলৰ কৰ্কশ বাধা-বিঘিনীকো অতিক্ৰমি

স্বতঃস্ফূর্ত ভাৱে  বৈ  যোৱা ঝৰ্ণাৰ দৰে 

মোৰ হৃদয়ৰ  কোনোৱা আনুভূতিক তন্ত্ৰীৰ পৰা

এই কবিতা অথবা  অকবিতাবোৰ 

বাৰিষাৰ বাঢ়নী পানীৰ দৰে পাৰ  ভাঙি 

ওলাই আহিছিল শব্দৰ সন্ধান বিচাৰি।

-তাৰে বহুলাংশ কান্দোন আৰু চকুলো হৈ 

শব্দ ৰূপত ধ’ৰা দিয়াৰ আগতেই 

হে’ৰাই গ’ল চিৰদিনৰ  বাবে ।

মাথো আলস্য ভাঙি  শব্দৰে ধৰি ৰখা 

দুই এটা ভাৱ আৰু অনুভূতিৰ

খহটা সংকলন –

পৃথিৱীৰ  আৰু মোৰ ‘

শিৰোনামাৰ এই পাণ্ডুলিপি।

 ——-  ৰাব্বি মছৰুৰ¸ শান্তি কানন, ডিচেম্বৰ, ২০১৭

 

উছৰ্গা

বিংশ শতাব্দীৰ আশীৰ দহকৰ পৰা  

অসমী আইৰ আত্মাক লৈ হেতালী খেলোৱা কিছুসংখ্যক উন্মাদ,  বিবেক -বৰ্জিত শিয়ালৰ নখ আৰু  বেয়োনেটৰ  নিৰ্দয় নিদাৰুণ আঘাতত 

প্ৰাণ আহুতি দিয়া 

নিৰ্যাতিত, নিপীড়িত, সহজ সৰল শ্বহীদসকলৰ স্মৃতিত

সিহঁতৰ আত্মাৰ সদ্গতি কামনা কৰি সিহঁতৰ নামত

মোৰ এই সামান্য সৃষ্টিকৰ্ম

পৃথিৱীৰ আৰু মোৰ

শিৰোনামৰ কবিতা সংকলনটি 

উছৰ্গা কৰিলো।                 

——– ৰাবিব মছৰুৰ, শান্তি কানন,  কমলপুৰ, বৰেপটা।

 

 

কৃতজ্ঞতা

নহওতো মই কবি কোনো দিন

দৈন্যতাত ভূগা নিঃসহায় যামিনীত

কবিতা পঢ়ি  ভালেপাৱা এজন দুৰ্ভগীয়া প্ৰেমিক।

অনেক প্ৰাচীন অথবা অৰ্বাচীন কবিৰ কবিতা

আওৰাই শান্ত কৰিছো 

মোৰ উজাগৰী নিদাঘ নিশাৰ নিঃসহায়তা। 

আয়ে ফটা  কাপোৰেৰে বৈ  দিয়া কঁথাৰে বাধা দিব নোৱাৰা

হেমন্তৰ শীতলতাক  উষ্ণ কৰিছো 

আওৰাই বহুতো নমস্য কবিৰ কবিতাৰ পংক্তি ।

কবি বুলি দুঃসাহস কৰা এই কবি কৃতজ্ঞ

সেই সকলো কবিৰ প্ৰতি

-যিসকলৰ কবিতাৰ দীৰ্ঘ হুমুনিয়াহ ভ’ৰা জৰায়ুত এই কবিৰ কবিতাৰ  উমনি, জন্ম আৰু আজন্ম অস্তিত্ব। 

সেয়ে সেইসকল  কবিৰ কবিতাৰ প্ৰভা 

এই দুৰ্ভগীয়া কবিৰ কবিতাত 

নিশ্চয় বৰ্তমান !

 

 

নির্ঘন্ট

শিৰোনামা / পৃষ্ঠা  নং

কবিতা / ১১

জোনাকী ৰাতি / ১২

শিয়াল / ১৩

বিচিত্ৰ দেশ / ১৪

ৰক্ত গোলাপ / ১৬

সাম্প্ৰতিকী / ১৭

ধৰ্ষিতা / ১৮

গল্প / ১৯

আকৌ / ২১

চোলা / ২২

প্ৰিয়া তুমি / ২৩

অন্তিম অনুৰোধ  / ২৪

সপোনত তুমি / ২৫

বিপ্লৱ / ২৬

আজি ৰাতিটোৰ বাবে / ২৮

প্ৰেয়সী / ২৯

এজন কবিৰ কথাৰে / ৩০

ফুল / ৩২

প্ৰেমৰ স্তৱক / ৩৩

আমাৰ এদল শিল্পীৰ প্ৰয়োজন / ৩৪

বৰ্ষা / ৩৬

অন্তঃদ্বন্দ্ব / ৩৭

অভীপ্সা / ৩৮

স্তৱক / ৩৯

গোলাপ যেন সুন্দৰ / ৪০

আকৌ প্ৰেমৰ স্তৱক / ৪১

অন্তিম নিশাৰ কবিতা / ৪২

বছনিয়াৰ বিপ্লৱীসকলৰ প্ৰতি / ৪৩

আশাৰ সূৰুয  / ৪৪

আকৌ এজন কবিৰ কথাৰে / ৪৫

সময় সমাগত / ৪৭

মোৰ আই   / ৪৮

প্ৰতিনিয়ত / ৪৯

প্ৰেমিক শতাব্দীৰ / ৫০

মোক দূৰত থাকিবলৈ দিয়া / ৫১

বিদেশী বন্ধুলৈ / ৫২

তোমাৰ আৰ্শীবাদত / ৫৪

প্ৰতীকি / ৫৫

সাম্প্ৰতিক খবৰ / ৫৬

এখন পুৰণি চিঠি / ৫৭

তেওঁ অহা বাট / ৫৮

স্নেহাৰ্দ্ৰৰ নামত / ৫৯

মই সাৰে থাকো / ৬১

কেইটিমান অনুেচ্ছদ / ৬৩

আমি যদি সংঘবদ্ধ হওঁ / ৬৪

মহানগৰ / ৬৬

পৃথিৱীৰ আৰু মোৰ / ৬৮

একাত্মকতা / ৭০

বাঁহী / ৭১

বিকল্প / ৭২

আই মোৰ / ৭৬

আকৌ আহিব / ৭৭

তোমাৰ বাবে  আই / ৭৮

সৌ তাতে / ৭৯

নমস্কাৰ মহানগৰ / ৮০

শব্দ / ৮১

এয়া সুসময় নে দুঃসময় / ৮২

কবিতা মানেইতো / ৮৩

এই ফাগুনত / ৮৪

বিচাৰি যাম / ৮৫

লিটল বয় / ৮৬

অস্থিৰ হৈ /৮৭

কি বীভৎস দিন / ৮৮

জলন্ত কাঁড়  / ৮৯

বাতৰি / ৯০

সংহতি / ৯১

আঘোণ / ৯২

কপৌ / ৯৩

দুর্জেয়  দিন / ৯৪

বৰষুণত মুখ গুজি / ৯৫

হেৰুৱাই আছো / ৯৬

তুমি সঁচাই প্ৰেমত পৰিছা / ৯৬

 

 

 

পৃথিৱীৰ আৰু মোৰ

(মূল পাঠ )

 

কবিতা 

প্ৰেমৰ বতৰ পাৰ হওঁ হওঁ বয়সত 

মোৰ প্ৰেম হৈছিল 

এটি পুৰণি কবিতাৰ স’তে আকস্মিক

কম্পমান, ভয়ত থৰ থৰ বুকুৰে বগাই গৈছিলো 

প্ৰেমৰ সবুজ পথাৰ

গিৰি-খাদ আৰু ইয়াৰ অন্ধকাৰ উপত্যকা।

বাৰটা মাহেৰে গঢ়া এটি মাথো বছৰতে পাৰ হৈ গ’ল 

হেজাৰখন প্ৰেমৰ শ্বাশত বতৰ

উত্থান-পতনো আহিল বহুবাৰ

শোক আহিল, দুখ আহিল-আনন্দৰ লগতে

কবিতাটি এতিয়াও পুৰণি

মই নতুনৰ দৰে আওৰাও।

বসন্ত দুটি বাগৰি গ’ল

আকস্মিক আহিল এটি নতুন কবিতা 

মোৰ জীৱনলৈ

তাৰ পিছৰখিনি জলন্ত উল্কা !

এতিয়া আকৌ পুৰণি কবিতাটিকে নতুনকৈ পঢ়িবলৈ ল’লো।

পঢ়ি আছো, পঢ়ি আছো 

আৰু ভাৱি আছো-

একান্তভাৱেই মোৰ এটি কবিতা থকা হ’লে!

মই ৰিজাই চাইছো 

জীৱনলৈ অহা দুয়োটা কবিতাকে

পুৰণিত যি আছে- নতুনতো সেয়া আছে।

মাথো সলনি হৈছে পোছাক।

ভাৱৰ গহীনতা, ভাষাৰ গাম্ভীৰ্য—

দুয়োটাতে পাৰ্থক্য আকাশ পাতাল

তথাপি দুয়োটাকে ‘কবিতা’ বুলি ভুল কৰো বাৰে বাৰে।০ ০ ০

 

জোনাকী ৰাতি

নতুনকৈ পাত মেলা জামু গছৰ দৰে

বসন্তৰ কোলালৈ নামি আহিছিল

জোনাকী ৰাতিটো

হাঁতোৰা লগোৱা এটি কৃত্ৰিম বাঘৰ দৰে

থাপ মাৰি ধৰিছিল বুকুৰ উম

এতিয়া এহাতত তেজৰ বসন্ত

আনটোত গোট মাৰি বৰফ হোৱা তেজৰ চেকা।

 

জোনাকী ৰাতিটো এতিয়া ওলমিছে 

কোলাহলপূৰ্ণ অন্ধকাৰত।

আমিবোৰ  বন্ধী বাকহীন নিস্তব্দ নীৰৱতাত। ০ ০ ০

 

শিয়াল

আল নোপোৱা  সূতাৰ আঁহৰ দৰে 

একা- বেঁকা  পথটোৰে

আগবাঢ়ি আহি আছে এজাক শিয়াল

ভয়ত এস্তমান দুপৰীয়াৰ নক্ষত্ৰ

নিস্তব্ধতাত ভাঙি পৰিছে কুঁৱলীৰ কোলাহল।

শিয়াল দুটি বৈদেশিকভাবে  স্বদেশী 

সিহঁতে হোঁৱা নিদিয়ে

গাহৰিৰ দৰে ‘গো’ ‘গো’ শব্দ সিহঁতৰ সহজাত সম্পদ ।

নতুন পৃথিৱীৰ শেহতীয়া মডেলৰ কোট 

আৰু বাদামী ৰং সনা নোম সিহঁতৰ

সিহঁতৰ মুখত কিছুমান অত্যাধুনিক ফুচফুচনি

বালডাক, নিপ্পোন কোম্পানীৰ চচমা নাকত পিন্ধিছে।

সিহঁতৰ  চকু চাৰিটা

মৰাশ সিহঁতে নাখায়

সিহঁত নৰৰক্ত পিপাসু সিংহৰ হেনো বংশধৰ

ৰাস্তাৰ সোঁমাজেৰে সিহঁতে নাচি নাচি আগবাঢ়ে    

কিছুমান ৰবটে সিহঁতৰ নিৰ্দেশ মানি যোগান ধৰে  উচ্ছৃষ্ট

আৰু তেজ আৰু হালধীয়া ৰঙৰ  স্বদেশত তৈয়াৰী বিদেশী পানীয়।০ ০ ০

 

বিচিত্ৰ দেশ 

সকলো প্ৰকাৰৰ জৌটিল্য ৰহিত এইখন অতিকৈ বিচিত্ৰ দেশ

অতিকৈ নমনীয় ইয়াৰ সংবিধান, আইন আৰু বিবেকৰ  আদালত।

মন কৰিলেই ইয়াত সংবিধান অমান্য কৰিব পাৰি

আইনৰ তৰ্জু থাপ মাৰি হাতত তুলি ল’ব পাৰি

মন কৰিলেই জুখিব পাৰি মানুহৰ আত্মাৰ ওজন 

স্বেচ্ছাধীনভাৱে দ’ৰ-দাম কৰিব পাৰি সাধুতা লঙ্খনৰ  

অথবা কুমাৰীত্ব হননৰ।

মন কৰিলেই কাৰোবাৰ মূৰ উৰ্ফাল মাৰি উৰাই দিব পাৰি

দুছোৱা কৰিব পাৰি মানুহৰ  হৃদয় 

মন কৰিলেই পানীৰ বৰণ সলাব পাৰি

সাঁতুৰিব পাৰি তেজৰ নদীত

হাঁহি হাঁহি বিখণ্ডিত কৰিব পাৰি বুকুৰ উম

চূৰ্ণ-বিচূৰ্ণ কৰিব পাৰি মানুহৰ মূৰ 

কি! বিচিত্ৰ দেশ এইখন।

 

ইচ্ছা কৰিলেই কাঢ়ি  ল’ব পাৰি কাৰোবাৰ আত্মা

কাঢ়ি ল’ব পাৰি সুখৰ সপোন 

ইচ্ছা কৰিলেই ইয়াত হত্যা কৰিব পাৰি সৰল হৃদয় 

আৰু শোক সভাও পাতিব পাৰি ইচ্ছা কৰিলেই

ইচ্ছা কৰিলেই ঘোষণা কৰিব পাৰি হাট-বজাৰ বন্ধ,

অফিচ বন্ধ, চকা বন্ধ, কথা বন্ধ।

ইচ্ছা কৰিলেই ইয়াত চলাব পাৰি গুলিয়া-গুলি

আৰু লগে লগে ঘোষণা কৰিব পাৰি সান্ধ্য আইন

ইচ্ছা কৰিলেই ইয়াত মোহাৰি নিৰ্মূল কৰিব পাৰি শিশুৰ নিৰ্মল হাঁহি

ইচ্ছা কৰিলেই ইয়াত ‘গুৰু বাবা’ সাজিব পাৰি

ইচ্ছা কৰিলেই ইয়াত আফিং, ভাং আৰু নিচাৰ লাইচেঞ্চ ল’ব পাৰি।

 

ইচ্ছা কৰিলেই দেশপ্ৰেমিক হ’ব পাৰি, সভা পাতিব পাৰি, 

বক্তৃতা দিব পাৰি আৰু সলাব পাৰি তেজৰ বৰণ

ইচ্ছা কৰিলেই হৰণ কৰিব পাৰি কুমাৰী নাৰীৰ কুমাৰীত্ব

ইচ্ছা কৰিলেই ৰণ শিঙা বজাব পাৰি, যুদ্ধ লগাব পাৰি

আৰু ইচ্ছা কৰিলেই নৃত্য কৰিব পাৰি- কঢ়াল  নৃত্য

আৰু পঠাব পাৰি শান্তি মিচন।

ইচ্ছা কৰিলেই মধ্যাহ্নতো নমাই আনিব পাৰি দুপুৰ ৰাতিৰ অন্ধকাৰ

ইয়াত সকলো কিছুই সহজ, সৰল, নমনীয় আৰু নিত্যান্তই স্বাভাৱিক।

কি! বিচিত্ৰ দেশ এইখন। ০ ০ ০

 

ৰক্ত গোলাপ  

কপৌ  ফুলা বতৰত তোমাক মনত পৰিছিল

মই পঢ়িবলৈ বুলি মেলি লোৱা 

কবিতাটি জপাই থলো।

 

কপৌ ফুলৰ সুভাসে আৰু সুভাসিত নকৰে 

তোমাৰ-মোৰ বহাগৰ বতৰ।

 

তোমাৰ মেঘহেন কলা চুলিবোৰ  যে ৰাঙলী  হ’ল

মই এদিনাখন গুজি দিয়া ৰক্ত গোলাপতকৈয়ো 

বেছি  ৰঙা  

তোমাৰ আজিৰ চুলিৰ খোপা। ০ ০ ০

 

সাম্প্ৰতিকী

আমি ধোঁৱা, ছাই আৰু কলা ডাৱৰে ভিৰ কৰা 

আকাশটো মূৰত লৈ জীয়াই আছো।

ৰক্ত ৰঙা  চকুলোৰে তিতা আমাৰ বুকুৰ ওপৰত

বৰষুণৰ সলনি সণ্ঢালনিকৈ সৰি পৰিছে বাৰুদৰ জুই।

আমি এতিয়া কাঁইটেৰে ভ’ৰা উদং গছবোৰ  দেখিছো

পাতহীন হৈ হালধীয়া বৰণ লৈছে ইয়াৰ সেউজ ডালবোৰ।

আমি আজন্ম যাক ‘আই’ বুলি মাতিছো

তাই প্ৰতিপুৱা, প্ৰতি দুপৰীয়া, প্ৰতি ৰাতি ধৰ্ষিতা হৈ আছে।

আমি এতিয়া যি গীত গাইছো

তাৰ ছন্দে ছন্দে, লয়ে লয়ে গাঁথি দিয়া হৈছে তপত হুমুনিয়াহ।

পানীৰ তলৰ মৰা মাছৰ দৰে

আমি এতিয়া ভাঁহি উঠিছো 

তথাপিও আমি ভাবি আছো-

আমি  নহওঁ মৃত

কাঠফুলা ভেঁকুৰৰ দৰেই জীৱন্ত। ০ ০ ০

 

ধৰ্ষিতা

দিনৰ পোহৰত ছোৱালীজনী ধৰ্ষিতা হ’ল

তাই মোৰ ভনী 

তোমাৰ বান্ধৱী, ৰমেনৰ প্ৰেয়সী

যদুৰ ভাৱী বোৱাৰী

আমি আটায়ে তাইৰ ধৰ্ষিতা দেহালৈ চাই শোক কৰিলো

সমবেদনা  জনোৱাৰ আখৰা কৰিলো।

তাইৰ দেহা এতিয়া আমাৰ সকলোৰে আড্ডাৰ কেন্দ্ৰ বিন্দু হ’ল

আমি বহুতে তাইক লৈ বহুতো গল্প সাজিলো

কিছুমানে হাঁহিলো।

সমাজে তাইক পৰিত্যক্তা কৰিলে

ঘৰখনক এঘৰীয়া কৰিলে।

আমি আটাইয়ে আটাইৰ কৰ্তব্য সমাধা কৰিলো

অকল তাই মাথো নীৰৱে উচুপি আছে

তাই উচুপিব লাগিব ওৰেটো জীৱন

কাৰণ- 

তাই যে ধৰ্ষিতা ! ০ ০ ০

গল্প 

 মই অনুবাদ কৰিব পাৰো গল্পৰ জন্ম নোহোৱা যুগৰ গ্ল্পবোৰ 

কিন্তু কৰা নাই।

মোৰ আগতেও বহুতে চেষ্টা কৰিছে

কিন্তু পৰা নাই।

মোৰ পিছতো বহুতে চেষ্টা কৰিব

সিহঁতো সফল নহ’ব

– কিয়নো আমিবোৰ  কাগজৰ ফুল ভালপোৱা  মানুহ

জীৱন্ত ফুলৰ সুঘ্ৰাণ আমাৰ বাবে  দুৰ্গন্ধ।

আমি সুৰুযৰ সলনি জুইশলা পকেটত লৈ ফুৰা যুগৰ মানুহ

জপাই থোৱা ছাতিৰ দৰে আমাৰ হৃদয় 

মৃত ভাষা এটাৰ দৰে আমাৰ মস্তিষ্ক।

মহাত্মা, মহম্মদ, বুদ্ধ, ৰাচেল, আইনষ্টাইনৰ আদৰ্শ

বেৰত  আঁৰি থৈ – শিষ্য বুলি গৌৰৱ কৰা যুগৰ মানুহ আমি ।

আমিবোৰ  জেট যুগৰ মানুহ

আমাৰ সুৰ আৰু স্বৰত আছে 

নিজকে নিজৰ মাজত হেৰাই পেলোৱাৰ কল্লোল।

আমিবোৰ  ‘গ্ৰীণ ৰূম’ যুগৰ মানুহ

আমাৰ সন্মুখত ওলোটা টেবিল- নিত্যান্তই সৰ্বাধুনিক

যাৰ ওপৰত অনুদিত হৈ আছে আমাৰ তেজ

মাংস, হাড়, উশাহ আৰু নিশাহ।

প্ৰতিটো নিশাৰ প্ৰতিটো পলক 

আমাৰ গল্পৰ পাণ্ডুলিপি।

আমিবোৰে  এতিয়া অনুবাদ কৰিব লাগিব

এতিয়াও জন্ম নোহোৱা যুগৰ গল্পবোৰ ।  ০ ০ ০

  

আকৌ

মই আকৌ অৰণ্যৰ মাজত সোমাই পৰিলো

ৰাতিৰ অন্ধকাৰ ভাঙি সোমাই আহিল

মই পাহৰিব খোজা অতীত কাহিনীৰ যুৱৰাণী।

মই আলফুলে অথচ শংকাতুৰ ভয়ত অৱগাহন কৰিলো

সেই শুকাই যাবলে’ ধৰা পাহাৰী জিৰ্ জিৰ্ ঝৰ্ণাত।

অতীতৰ প্ৰতি মোৰ কোনো বিশেষ মোহ নাই

মাথো পুৰণি নিচাই  উক দিয়া বাবেই  মোৰ এই গতানুগতিক পাপ।

 

তুমি যদি জানিলাহেঁতেন-

তুমিহীন মোৰ আত্মাৰ মোহাবদ্ধ যন্ত্ৰণা কিমান উগ্ৰ!

তথাপি তুমি আতঁৰি যোৱা

তথাপি মই তোমাৰ পৰা আতঁৰি আছো

কিজানিবা তোমাৰ কষ্ট হয় অতিপাত ওচৰত পোৱাৰ আনন্দত।

সেয়ে মোৰ এই সহজাত সহজ উপায়

তোমাৰ প্ৰতি বিশ্বাস ভঙ্গৰ মোৰ অন্য কোনো অভিপ্ৰায় নাই।

কোনোবা এজন বাঙালী  কবিয়ে ক’বৰ দৰে 

ময়ো সহজে স্বীকাৰ কৰিব পাৰো:

মই পুৰি যাবলৈ ভাল পাওঁ

তাৰ অৰ্থ এয়া নহয় যে 

আনক পুৰিব নোৱাৰি।  ০ ০ ০ 

 

চোলা

আহা,

আমাৰ  ৰংচঙীয়া  চোলাবোৰ  খুলি থওঁ

আমাৰ ৰঙীন   চোলাবোৰৰ বুটামবোৰো  ৰঙীন 

ৰঙীন  ইয়াৰ কলাৰ, ইয়াৰ সন্মুখভাগ, ইয়াৰ পিছভাগ

পদ-পথৰ ৰঙা -কলা, হালধীয়া অথবা মটীয়া ৰঙৰ  ধূলি মাকতি লাগি

আমাৰ  চোলাবোৰৰ  ওপৰত নতুনকৈ ৰং লাগিছে

আৰু দ্বিগুণ ৰঙীন  হৈছে আমাৰ আওপুৰণি লেতেৰা  চোলাবোৰ।

 

আহা,

আমি খুলি থওঁ আমাৰ বহুল ব্যৱহৃত  পুৰণি   চোলাবোৰ

আৰু নতুনকৈ গুঁথি লও আন এটি চোলা

আমাৰ সকলোৰে শৰীৰত খাপ খাব পৰাকৈ।

ই আটিলকৈ খাপ খাই পৰিব আমাৰ  শৰীৰত

খাপ খাই পৰিব সৰু-বৰ সকলোৰে গাত

খাপ খাই পৰিব পূৰ্ব পৃথিৱীৰ, পশ্চিম পৃথিৱীৰ 

সকলোৰে ক’লা অথবা বগা শৰীৰত। 

সুমেৰু আৰু কুমেৰুতো ই আমাৰ গাত লিপিত খাই পৰিব

তিৰোতা- বিবাহিতা অথবা অবিবাহিতা 

সকলোৰে বাবে  প্ৰযোজ্য হ’ব সেই চোলাটো। 

আমাৰ সকলোৰে বাবে  এটাই মাথো চোলা

চোলাটোৰ ৰং হ’ব শুধ বগা

আহা, আমি আটায়ে সেই চোলাটো গুঁথি লও। ০ ০ ০ 

 

প্রিয়া তুমি

নিৰ্জন ৰাতিৰ তৰাবোৰলৈ  চাই 

এটি পলক ভাবিছানে তুমি- এই নিঃস্ব কবিক

চকুলো টুকিছা জানো তুমি – 

পূৰ্ণিমাৰ দগমগ্ জোনটিলৈ নিথৰে চাই ?

হয়তোবা ভাবিছা তুমি-

নীলিমাৰ পৰা সৰি নপৰে আৰু নক্ষত্ৰৰ তিমিৰ, 

নপৰে সৰি দুপৰ নিশাৰ বেলি 

শৰতৰ বতৰত নুফুলে আৰু শেৱালি

 বহাগত নেমাতে আৰু কুলি

প্ৰিয়া, ভুল নুবুজিবা তুমি-

আকৌ ৰাতি হ’ব

জিলমিল ত’ৰাৰে আখৈ ফুটিব আকাশ

সুবাসেৰে ভৰিব শেৱালিৰ শৰৎ

কুলিৰ মিঠা মাতে মুখৰিব বহাগৰ বতৰ

মাথো নাথাকিবা তুমি, প্ৰিয়া তুমি।

নীলাভ আকাশৰ তলে তলে মই সুৰ তুলি গান গাম

যেন নুঠে প্ৰতিধ্বনি  বুকুত তোমাৰ !

কেতিয়াও নেদেখা সাগৰত মই সাঁতুৰিম

ঢৌৱে ঢৌৱে ভাঙি  যাব দাঁতি। 

মই কোনোবা অচিন দেশৰ আচহুৱা পথিক হৈ

আওৰাম বিৰহ গীতি।

প্ৰিয়া, ভুল নুবুজিবা তুমি। ০ ০ ০

 

অন্তিম  অনুৰোধ

(“নামাৰিবা নামাৰিবা

পাৰা যদি মৃত্যুক অৱৰুদ্ধ কৰা।”) 

হে বন্ধুসকল, 

শোণিত লোহিত কণাৰ প্ৰতিদানেৰে গঢ়া 

আইৰ চোতাল ৰক্তাক্ত নকৰিবা

পাৰা যদি সেউজ  বোলেৰে 

এমুঠি চিৰজয়ী শান্তি বিলোৱা।

 

বন্ধুসকল , 

আগুৱাই যোৱা, 

মহাঐক্যৰ জৰীৰে মহীয়ান হৈ

শাশ্বত শান্তিৰ বাবে 

পাৰা যদি আগুৱাই  যোৱা।

 

মহা মহা মনীষীয়ে  বুকুৰ তেজেৰে গঢ়া 

বাগিছাখন নাভাঙিবা 

পাৰা যদি তাত প্ৰেমৰ ফুল ফুলোৱা। ০ ০ ০

 

 সপোনত  তুমি

যোৱা ৰাতি মই তোমাক সপোনত  লগ পালো

তুমি নতুনকৈ কইনা সাজিছা

আৰু মই পুৰণি পোছাকযোৰ নতুনকৈ পিন্ধিছো।

নতুন আলহীৰে ভৰি পৰিছে তোমাহঁতৰ ঘৰ

লগত মোৰ একান্ত ব্যক্তিগত বন্ধুবোৰ 

সকলোৰে ভয়- হয়তোবা খহি পৰে আকৌ আকাশৰ সূৰুয

মই মাথোঁ পাল তৰিছো বতাহৰ স’তে

কোনো আশা নাই, কোনো শংকা নাই

সাগৰৰ অশান্ত উৰ্মিমালাই মোক  নচুৱাই আছে 

মই নাচি আছো

পোৱাৰ  আনন্দও জগা নাই

হেৰোৱাৰ বেদনাও  মোৰ নাই।

পুৱাৰ সময়,

তোমাৰ গালে-মুখে ছিটিকি পৰিছে ৰাঙলী বেলিৰ  হেঁঙুলী কিৰণ

হাঁহিৰ সঁফুৰা তোমাৰ ওঁঠত

ধাৰ কৰা আনন্দৰ সাগৰত ময়ো নিমজ্জ্বিত হ’লো।

তাৰ পিছৰখিনিতো ইতিহাস!

 

সময়বোৰ  এনেকৈয়ে সৰি পৰে হাতৰ মুঠিৰ পৰা

সৰি পৰে হৃদয়ৰ বুকুৰ পৰা

তথাপি আমি হাঁহো যেন হাঁহিৰে ঢাকি ৰাখিব পাৰো 

বসন্তৰ সমস্ত বেদনা । ০ ০ ০

  

বিপ্লৱ  

বিপ্লৱ মানে-

সহস্ৰ মধুমক্ষিকাৰ গুণ গুণ গুঞ্জণ

জোৰ কৰি জাপি দিয়া অন্ধকাৰ যামিনীৰ বিৰুদ্ধে

এমুঠি পোহৰৰ  স্বতঃস্ফূর্ত  অভিযান

ৰুৰোদ্যমান জনতাৰ তপত চকুলোৰ লেলিহান শিখা

ৰক্তাপ্লুত দেহাৰ বিনিময়ত আলফুলকৈ সাঁচি ৰখা

বুভুক্ষু জনতাৰ দুর্বিনীত  হাবিলাস।

 

বিপ্লুৱ মানে-

বিমুক্ত মুক্তাৰ মুক্ত প্ৰেম, জনতাৰ বিহমুক্ত অম্লজান,

ৰক্তিম ৰাতিৰ পিছত উদিত হোৱা লাৱণ্যময়ী ৰাতিপুৱাৰ আগজাননী

শাণিত সময়ৰ সুবিমল সেঁতুময়তা,

শত শত ৰক্তক্ষয়ী শ্বহীদৰ

চিৰাকাঙ্খিত সপোনৰ  স-প্ৰতিভ বৰ্তমান।

 

বিপ্লৱ মানে-

শত সহস্ৰ বীণাৰ তাঁৰত  প্রতিধ্বনিত  হোৱা

পিঞ্জৰাৱদ্ধ বিহঙ্গৰ মুক্তিৰ তান

হতাশাত ভাগি পৰা আইৰ মুখত হাঁহিয়াগমনৰ পূৰ্ব বতৰা।

 

বিপ্লৱ মানে-

ক্ৰুৰ কুটিল যামিনীৰ শেষ লগ্নৰ সুপ্ৰভাত

বিক্ষোভৰ বিৰুদ্ধে দাং খাই উঠা তীক্ষ্ণ তৰোৱাল

যুগাচ্ছাদিত শিল্পী প্ৰতিভাৰ স-সাহসা প্ৰতিফলন

অন্ধকাৰ নিশাৰ বিৰুদ্ধে আনয়ন কৰা নক্ষত্ৰলোকৰ হাঁহি

বিপ্লৱ মানে- 

শান্তিৰ প্ৰতি সহজাত প্ৰেম

জীয়াই থকাৰ এক সৰল শাশ্বত প্ৰেৰণা।  ০ ০ ০

 

আজি ৰাতিটোৰ বাবে 

আজি ৰাতিটোৰ বাবে  মোক দিয়া

এপলক হেঙুল সময়

হাওঁফাওঁত সুমুৱাই লওঁ বিশুদ্ধ বতাহ

আতঁৰক বুকুৰ পৰা 

হাহাকাৰ কৰি ফুৰা শ্বাস-শূণ্যতা।

 

মাথো আজি ৰাতিটোৰ বাবে  

মোক দিয়া এপলক হেঙুল সময়

শিথিল নিঃসাৰ আঙুলিত

আন্দোলিত হওঁক হেৰাই যোৱা বাগ্ময়তা

মোৰেই বিৰুদ্ধে 

গৰ্জি উঠক মোৰেই প্ৰতীতি

মোৰ শান্তি-উন্মুত্ত  চিৰন্ময়তা। ০ ০ ০

 

প্রেয়সী 

মোৰ এজনী প্ৰেয়সী আছে

তাইক তুমি সকলোতে পাবা

তোমাৰ চাৰি আলিৰ চুকত

ৰাতিৰ চাৰিওটা প্ৰহৰত

শিল ভাঙি  থকা অথবা মাটিৰ চপৰা মূৰত লৈ বনুৱা কৰা।

তুমি তাইক পাবা জুৱাৰ আড্ডাত, মদৰ ভাটিত

মদ বাকি থকা ত্ৰিকোণী গিলাচত

তাইৰ মুখত অকৃত্ৰিমভাৱে কৃত্ৰিম হাঁহিৰ সঁফুৰা।

বুকুত তাইৰ আটলান্টিক মহাসাগৰৰ প্ৰকাণ্ড ঢৌ

তোমাৰ নিজৰ বুকুত হাত থলেই

শুনিবলৈ পাবা তাইৰ বুকুৰ স্পন্দন।

তুমি তাইক পাবা বোলছবি গৃহত

দূৰদৰ্শনৰ পৰ্দাত, যাত্ৰা পাৰ্টিৰ নায়িকাৰ ভূমিকাত

কোনো এক সাংস্কৃতিক সন্ধিয়াত নৰ্তকীৰ অভিনয়ত

তুমি তাইক তোমাৰ একান্ত ব্যক্তিগত গৃহতো পাবা

তোমাৰ একান্ত নিগূঢ় মূহুৰ্তবোৰত  তোমাৰ স’তে কথা পাতি থকা।

তুমি তাইক পাবা তোমাৰ আগ চোতালত, তোমাৰ ৰান্ধনী শালত,

তোমাৰ অফিচ অথবা তুমি সঘনাই অহা-যোৱা কৰা পদ-পথত

তুমি তাইক পাবা গভীৰ নিশা তোমাৰ শোৱা কোঠালিত

চকু মুদি চালেও তুমি তাইক দেখিবলৈ পাবা

তাইৰ নাম নাৰী- মোৰ প্ৰেয়সী। ০ ০ ০

 

 এজন কবিৰ কথাৰে

 মই এজন সাধাৰণ কবি

হাতত মোৰ শূন্যতা

মই ৰাতিৰ আকাশৰ তলত   সুদাপেটে  থাকো

নিৰ্জন নিশাৰ নক্ষত্ৰই শান্ত কৰে মোৰ হতাশাত ভাগি পৰা হৃদয় 

মই নিশাৰ অন্ধকাৰত খেপিয়াই পোহৰ  ধৰো

শূণ্য হৃদয়  ফুলাই তোলো কিছু নীৰৱ মূহুৰ্তৰে

বতাহে কথা পাতে মোৰ স’তে

বাতৰি কঢ়িয়াই   আনে সৰগৰ দেউতাৰ পৰা

(দেউতা হেনো ভালে আছে

কিমান যে নিঃস্ব নাছিল সি!)

 

মই পাৰ ভগা  নদীৰ বলিয়া বান

পলসেৰে ভ’ৰাই তোলো দুয়োপাৰ

মই কবি 

শূন্যতাৰে ভ’ৰা মোৰ দুহাত

বুকুখন উদং

কামিহাড় লেখিব পাৰো আঙুলিৰে

মই সপোন  ৰচো দিনৰ দুভাগ ৰাতি

মই গান গাওঁ হৃদয়ৰ ভিতৰে-বাহিৰে

মোৰ কোনো ঠিকনা নাই 

চন্দ্ৰ মোৰ জিৰণি চ’ৰা

আকাশ মোৰ চোতাল,

মঙ্গল মোৰ অতিথিশালা

জনতা মোৰ আত্মা।

মই কবি 

প্ৰায়ে মই শুদাপেটে  থাকো 

আয়ে মোলৈ চাই সকৰুণ চকুলো ৰচে

মোৰ প্ৰেয়সীৰ প্ৰেম দৰজাৰে সোমাই খিৰিকীৰে লৰ মাৰে।

মই কবি

নিচেই সাধাৰণ মোৰ  পৰিচয় । ০ ০ ০

 

 ফুল

এতিয়াও বাজি উঠা নাই বাঁহীটো

কাইলৈ সূৰ্যোদয়ৰ দিন

হয়তোবা স্বয়ংক্ৰিয়ভাবেই  উদ্গীৰিত হ’ব জ্বালামূখীটো

শিল্পী হাতৰ তৰোৱালৰ চিকমিকনিত 

মূৰ দাঙি ওলাই আহিব 

আকাশ নীলা ৰামধেনু।

কবিৰ হাতত অঞ্জলি ভৰ্তি ফুল।  ০ ০ ০

 

 প্ৰেমৰ স্তবক 

প্ৰেমৰ মানেনো কি …..

নিশ্চয় শিলে শিলে ঘৰ্ষণ খাই জ্বলি উঠা

অগ্নি-স্ফূলিঙ্গ 

মূহুৰ্তৰ উত্তেজনাত উত্তাল  মাৰি ওফন্দি উঠা

সাগৰৰ ঢৌ

হয়তোবা !

পাহাৰৰ শিলদ’ল ভাগি নামি অহা

জিৰ জিৰ নিজৰা।

 

সকলো আছে বাবেই  মই আছো

অথবা  মই আছো বাবেই  সকলো আছে

আছে শূন্যতাত আশাৰ সঁফুৰা

আছে প্ৰেমৰ পথাৰ

আছে সাগৰ 

আছে¸ মাজ নিশাৰ জোন।  ০ ০ ০

 

আমাৰ এদল শিল্পীৰ  প্রয়োজন 

আমাৰ এদল শিল্পীৰ প্ৰয়োজন

হৃদয়ত  শুভ্ৰতা  পৰিহিতা  এদল সঁচা শিল্পী

চিৰা-চৰিত ৰুদ্ধদ্বাৰ চিৰদিনৰ বাবে  উন্মুক্ত কৰিবলে’।

 

আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন

যিহঁতে মহা মাতঙ্গৰ শৌৰ্য-বীৰ্যৰে বলীয়ান হৈ 

ওলাই আহিব সন্ত্ৰাসৰ বিৰুদ্ধে

স্পৰ্ধাময় দুবাহু দাঙি 

শান্তি-উন্মুত্ত  ৰণ শৃঙ্খল সজাবলে’।

 

আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন

যিহঁতৰ চকুলোৰ দুকোল ঢকা বান

চিৰ তিমিৰাচ্ছন্ন অন্ধকাৰৰ বিৰুদ্ধে গৰ্জি উঠিব।

 

আমাৰ সেইদল শিল্পীৰ প্ৰয়োজন

ভণ্ড তপস্যীহঁতৰ দুৰ্দ্দান্ত মুণ্ড

সহস্ৰ চূড়ান্ততাত কৰিব পণ্ড

শোষণকাৰী, সন্ত্ৰাসী, সুযোগ সন্ধানী, 

ধৰ্ষণকাৰী, নৰৰক্ত খাদকৰ বিৰুদ্ধে 

স্পৰ্ধাময় কণ্ঠত চিঞৰি উঠিব।

 

আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন

যিসকল শিল্পীয়ে সাগৰ যেন বিশাল

আকাশ যেন উদাৰ শুভ্ৰ নীলাভ হৃদয়েৰে 

উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি 

সমতাৰ শান্তি বাণীৰে পতিতৰ ত্ৰাণকৰ্তা হ’ব।

 

আমাক সেইসকল শিল্পীৰ প্ৰয়োজন

যিসকল শিল্পীয়ে 

‘সত্যম, শিৱম, সুন্দৰম’ মহামন্ত্ৰৰে

আমাক ক’ব:

সোণোৱালী ৰাতিপুৱাৰ কথা

ফুলেৰে দোৰোল খাই পৰা 

নীলাভ দুপৰীয়াৰ কথা

শান্তি শ্লোকেৰে ৰজনজনাই যোৱা দিৱসৰ কথা

জোনাক ভ’ৰা ৰূপালীম নিশাৰ কথা।

 

আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন

যিহঁতৰ অপাপবিদ্ধ হৃদয় 

ছিন্ন-বিচ্ছিন্ন প্ৰোত্থিত সময়ৰ কৰাল গ্ৰাসৰ পৰা মুক্ত। ০ ০ ০

  

বৰ্ষা

শুকান ফাগুনৰ মধ্যাহ্নত 

বৰ্ষা নামে মোৰ শব্দৰ পৃথিৱীত

আনন্দাপ্লুত দুচকুত দোৰোল খাই পৰে

সদ্য প্রস্ফুটিত  ফুল

মোৰ আকাশৰ ইপাৰে-সিপাৰে

ৰামধেনুৰ কাষে কাষে।

বাজি উঠে, বাজি  উঠে মোৰ 

নিঃসাৰ সত্ত্বাৰ বীণ নিশাৰ আঁৰে আঁৰে।  ০ ০ ০

  

 আন্তঃদ্বন্দ্ব 

‘ব্যহত’ আৰু ‘অব্যহত’ শব্দ দুটিক লৈ বহুত দিন 

মোৰ মনত চলি আছিল  খেলিমেলিৰ অন্তঃদ্বন্দ্ব। 

বহু সময়ত ব্যৱহৃত  হৈছিল ‘ব্যহত’ৰ ঠাইত ‘অব্যহত’। 

বহু সময়ত উচ্চাৰিত হৈছিল ‘অব্যহত’ৰ ঠাইত ‘ব্যহত’।

পৰিণামত উদ্গীৰিত জ্বালামূখীয়ে চাৰিওদিশ ধোঁৱা, ছাই, লাভাৰে খেলিমেলি লগোৱাৰ দৰে  

বিশৃঙ্খলতাৰে বিপৰ্যস্ত হৈ পৰিছিল মোৰ অহেতুক প্ৰেমৰ গল্প, কবিতাৰ কলি, গদ্য-ছন্দৰ সুশৃঙ্খল শব্দ বিন্যাস। 

হুমুনিয়াই লৈছিল বিকৃত ৰূপ।

ৰূপ হেৰুৱাই  অপৰূপত ধ’ৰা দিছিল মোৰ উষ্ণ অনুভুতিবোৰ ।

গঢ়া-খহনীয়াত উটুৱাই নিয়া সাগৰৰ পাৰৰ কাঁইটীয়া ফেনা গছবোৰৰ  দৰেই

এক গতানুগতিক ভুলৰ মাজত

বিলিন হৈছিল মোৰ চিৰ পোহনীয়া হাঁহি -কান্দোন।

 

আজি বহুত দিনৰ মূৰত মোৰ ভুল ভাগিল।

আনন্দত পুলকিত হ’ল মোৰ নিৰানন্দ হৃদয় ।

মনাকাশত ফুলিল আশাৰ নতুন নক্ষত্ৰ।

নির্ভুল  হোৱাৰ সম্পূৰ্ণ ঐকান্তিকতাত আৰু সফল হোৱাৰ অনাবিল আনন্দত

উৎফুল্লিত হৈ উঠিল মোৰ কোমল কাব্যকুঞ্জ। ০ ০ ০

 

 অভীপ্সা

আকৌ আহিব 

বিশুদ্ধ বোলেৰে  বলা

ৰিব ৰিব বতাহ

আৰু আমাৰ প্ৰতিশ্ৰুত স্বাধীনতা ।

 

আকৌ উদিত হ’ব 

নীলিমাৰ বুকুত

শান্তি সূৰ্য

গোটেই মেদিনী জুৰি 

বিকিৰণ কৰিব আলোৰ দ্যুতি

আৰু ঘূৰাই আনিব 

আমাৰেই হেৰুৱা অস্তিত্ব।

 

আকৌ আহিব কুলি

ক-উ, ক-উ মাতেৰে

জাগ্ৰত কৰিব প্ৰভাতী পৃথিৱী

আহিব বসন্ত, ফুলিব ফুল

আৰু নক্ষত্ৰলোকৰ উজ্জ্বলতাৰে

চিক-মিকাই  তুলিব আইৰ সেমেকা মুখ। ০ ০ ০

  

স্তৱক 

তোমাৰ মুখলৈ চালেই

মোৰ মানস দাপোণত  প্ৰতিফলিত হয়-

চ’তৰ নিদাঘ দুপৰীয়া

আহাৰৰ ধাৰাষাৰ বৰষুণ

আৰু নামি আহে মোৰ চকুৰ তন্ত্ৰীৰ মাজেৰে

এবুকু তপত লো।

 

‘তোমালোকৰ হৃদয়  বৰ কঠোৰ’

– গ্ৰীক নাটকত এজনী প্ৰতাৰিত কুমাৰীৰ 

এটি গানৰ কলিৰ দৰে 

মোৰো আজি অকপটে আওঁৰাবলৈ মন গৈছে:

সঁচাকৈ সময়ৰ হৃদয়বোৰ  যে কিমান কঠিন শিল !  ০ ০ ০

 

গোলাপ যেন সুন্দৰ

গোলাপ যেন সুন্দৰ

সপোনৰ  জখলাৰে নামি আহিল এটি সাপ

পদুম ৰঙী পাখি লগাই ৰক্তাক্ত দেহাৰে সি আহিল

সি আহিল আৰু ৰক্তাক্ত দেহাৰেই সি গুচি গ’ল।

সি আহিল আৰু গ’ল

ফুল হৈ আৰু নুফুলিলে

আমিবোৰে  এনেকৈ আহো আৰু এনেকৈয়ে যাওঁ

এক গতানুগতিক ছন্দহীনতাৰ মাজেৰে।

 

এই যে মানুহবোৰ  দেখিছা 

তিৰোতাবোৰো  

ফটা গাৰে শিল কোবাই থকা

ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে আবৰ্জনাৰ দ’ম খুচুৰি থকা 

ল’ৰা অথবা   ছোৱালিবোৰ  

এজন কবি বন্ধুয়ে  কোৱাৰ দৰে 

সিহঁতেই হেনো আচল  কবিতা

কিয়নো সিহঁত ভোকাতুৰ !  ০ ০ ০ 

 

আকৌ প্ৰেমৰ স্তবক 

মাথো আৰু এখোজ গ’লেই 

ফৰকাল আকাশৰ চোতাল

মাথো এখোজ গ’লেই 

হয়তো বাস্তৱ মোৰ বৰ্তমান

হায! বহুতো খোজ আহি আহি

ভাগৰি পৰা মই ক্লান্ত কবি।

 

আশাত বৰশী বোৱাৰ  দৰে

মই বৈ  আছো তোমাৰ হৃদয় 

মোৰ বুকুত

এন্ধাৰ হেন গভীৰ ৰণ-উন্মুত্ত  ৰাতিতো। ০ ০ ০

 

অন্তিম  নিশাৰ কবিতা

পাহাৰবোৰ  এতিয়াও ক’লা ডাৱৰে 

আঁৰ কৰি আছে

হৃদয়ৰ  পৰা খহি পৰিছে হৃদয় 

আলোৰ দ্যোতনাত দুলি আছে অন্ধকাৰ সময়

‘পৃথিৱী’ নামৰ গ্ৰহটিত ফুলিছে

‘অপৃথিৱী’ নামৰ ফুল পাহি

কোৱা-

কেনেকৈ বজাও মোৰ নিশাৰ প্ৰেমবাঁহী ?

 

নিতাল মাৰি শুই থকা দেৱ শিশুটি

শুলে যে শুলেই

সি আৰু কোনো দিনেই আমনি নকৰে

মাকৰ পিয়াহ বিচাৰি

কি! দুর্বিবহ  

ভয়াবহ ৰাতি !  ০ ০ ০

 

বছনিয়াৰ   বিপ্লবীসকলৰ প্রতি  

তোমালোকৰ বুকুৰ তেজত প্রতিধ্বনিত  হয়

স্বাধীনতা

সেউজ সপোন  আত্মীয়তা।

তোমালোকৰ মেঘে ঢকা আকাশখন

ফৰকাল হ’বলৈ বেছি  পৰ নাই

তোমালোকৰ তেজে বিনিময় কৰিব-

সবুজ ফুল

নীলাভ অন্তৰীক্ষ

মাথো মুক্তিৰ চিৰাকাঙ্খিত পতাকাখন 

ঢলি পৰিবলৈ নিদিবা।

 

তোমালোকৰ নিঃক্ষৰিত তেজৰ ছিটিকনি 

কবিৰ বুকুত

তোমালোকৰ অনাথ শিশুৰ হাহাধ্বনি  

আমাৰ কলিজাত

তোমালোকৰ প্ৰতি উশাহত

এই কবিৰ  সহৃদয়া শুভাশীষ।

 

বিপ্লৱী মানেইতো সগোত্ৰতা

বিপ্লৱ মানেইতো জীৱন

বিপ্লৱ মানেইতো প্ৰেম

অন্ধকাৰ ৰাতিৰ শেষত ফৰকাল দিন। ০ ০ ০

 

আশাৰ সূৰুয

মই মৰি আছো আৰু মৰি আছো

আৰু ক্ৰমান্বয়ে  আগবাঢ়ি আহি আছে মোৰ শাশ্বত জীৱন

প্ৰতি খোজতে মই পৰাভূত হৈ আছো 

আৰু মোৰ পৰাজয়ে দৃঢ় কৰি আছে –

হে মোৰ আই, তোমাৰ জয়ৰ নিচান।

মই কান্দি আছো আৰু কান্দি আছো 

মোৰ কান্দোনক আৱৰি, হে মোৰ আই, 

তোমাৰ মুখত ফুলক হাঁহিৰ ফুল।

মই প্ৰতিটো পলক উজাগৰে আছো আৰু  উজাগৰে আছো

আৰু যিমানেই মই উজাগৰে আছো 

সিমানেই ওচৰ চাপি আহি আছে, হে মোৰ আই, 

তোমাৰ  সোণালী সুপ্ৰভাত।

মই দিনৰ পিছত দিন আৰু দিন দুর্বোধ্য  হৈ আছো 

আৰু যিমানেই মই  দুর্বোধ্য  হৈ আছো সিমানেই  সহজ হৈ আছে 

হে মোৰ আই তোমাৰ হৃদয় ।

মই মাৰ্তণ্ডৰ প্ৰতিটো গচকতে তোমালোকৰ পৰা আঁতৰি আছো

আৰু যিমানেই আঁতৰি আছো সিমানেই ওচৰ চাপি আহি আছে 

হে মোৰ আই, তোমাৰ সুহৃদ ।

মই প্ৰতিটো পলত নিৰাশাৰ হাতোঁৰাত বন্ধী হৈ আছো

আৰু মোৰ বন্ধীত্বৰ লগে লগে উদিত হৈ আছে 

হে মোৰ আই, তোমাৰ আশাৰ সূৰুয। ০ ০ ০

 

 আকৌ এজন কবিৰ কথাৰে

 মই কবি 

অনেক অচিন দেশৰ অজান বাতৰি মই কঢ়িয়াওঁ হৃদয়ত 

আনকি বতাহৰ ফুচফুচনিৰ ভাষাও মই বুজি পাওঁ। 

মই কবি 

মই জানো স্বৰ্গত এতিযা কোন আছে 

ঈশ্বৰ এতিয়া কিমান ক্লান্ত

ৰাতিৰ বৰষুণ কাৰ চকুলো হৈ নামি আহে

মই তাকো কৈ দিব পাৰো হেলাৰঙে ।

মই চকুৰ পচাৰতে ভ্ৰমণ কৰো স্বৰ্গ

পান কৰো অমিয়া, স্বৰ্গ সুধা, অমৃত

লগতে গৰলো।

দেৱদূতৰো মই সাক্ষাৎকাৰ লও

আৰু সুৰ সলাও হালধীয়া পাতৰ স’তে

বন্ধুৰ  পৰা পোৱা  উষ্ণ অথবা সেমেকা অভিনন্দন পোৱাৰ  সন্ধিয়া 

মই শুদা গাৰেই কটাই দিব পাৰো 

অৰণ্যৰ মাজত হেমন্তৰ হাড় কঁপা যামিনী।

মই বুকুত কঢ়িয়াওঁ  নীল নদীৰ বুকুৰ উম

আমাজানৰ বলিয়ালি 

মিচিচিপিৰ দীৰ্ঘ নিশ্বাস 

ব্রহ্মপুত্ৰৰ ভিতৰি ভিতৰি কাটি নিয়া আঘাত

আই গংগাৰ পৱিত্ৰতা।

মই কবি 

মোৰ সকলো আছে

মাথো নিঃস্ব মোৰ পৃথিৱীৰ আৱৰণ

মই সকলো জানো 

মাথো জানিব নোৱাৰিলো –

মই প্ৰকৃতিৰ আৰ্শীবাদ নে অভিশাপ ! ০ ০ ০

 

সময় সমাগত

আমি বিপ্লৱৰ বহ্নি জ্বলাও বা নজ্বলাও 

এয়া কিন্তু বিপ্লৱৰেই সময়

আমি সংগ্ৰাম কৰো বা নকৰো 

এয়া কিন্তু সন্নিকট সংগ্ৰামৰেই সময়।

 

বীভৎস বিষন্ন পৃথিৱীৰ ভূমিকম্পন হওঁক বা নহওঁক 

এয়া কিন্তু জ্বলামূখী উদ্গীৰণৰেই সময়

আমি সংঘবদ্ধ হওঁ বা নহও 

নিত্যান্ত নিৰ্জন ৰাতিৰ অন্ধকাৰেও চিঞৰি কয়-

এয়া সংঘবদ্ধ হোৱাৰেই সময়।

 

আমি উষ্ণ উমাল বাহুৰে অভিনন্দন জনাওঁ বা নজনাও

বিবস্ত্ৰা নিদাঘ ৰাতিৰ ৰাজহাড় কঁপা 

একাঁজলী বৰ্ণোজ্জ্বল হাঁহিৰে

এয়া কিন্তু অৰুনোদয়ৰেই সময়।

 

আমি অস্পৃশ্যতাক বৰ্জন কৰো বা নকৰো

ক্ৰোধাগ্নিৰ বিজুলী শিখাৰে

অস্পৃশ্যতাক ছাৰখাৰ কৰাৰ 

এয়া যে বিপুল অগ্নি প্ৰজ্জ্বলনৰেই সময়।  ০ ০ ০

 

মোৰ আই

তুমি মোৰ আই

বুকুত সোণালী সপোনৰ  থোপা আঁৰি দিয়া 

মোৰ কল্পচিত্ৰৰ কল্যাণময়ী প্ৰেৰণা।

তোমাৰ হাতৰ কোমল পৰশে পাহৰাই দিয়ে মোৰ

হাজাৰ নিশাৰ কৰাল কান্দোন।

মোৰ আই 

তুমি মোৰ সুনীল আকাশ বগোৱা সুবিমল সোপান

তুমি মোৰ তেজে ধোৱা বননিত গজা কোমল ঘাঁহ।

 

মোৰ আই

তুমি মোৰ এস্ত ৰাতিৰ শেষ লগ্নত উদিত হোৱা 

সোণোৱালী সূৰুযৰ হেঙুলী কিৰণ।

 

তুমি বিহনে মোৰ আই 

নিশাৰ সপোনে  হাহাকাৰ কৰি পাৰ ভাঙে  নদীৰ

চেতনাৰ ৰুদ্ৰাক্ষ মণিত সাৰ পায় মোৰ দুখৰ হুমুনিয়াহ।

মই প্ৰত্যহ নিজকে  প্ৰত্যক্ষ কৰো

তোমাৰ চকুত মোৰ আই

তুমি মোৰ যুদ্ধমগ্ন ধৰিত্ৰীৰ

শান্তিৰ শুভ্ৰ পাৰ চৰাই। ০ ০ ০

 

প্রতিনিয়ত 

দিনৰ পিছত দিন আৰু ৰাতি

মই নদীৰ কাষলে’ যাওঁ

তাইৰ বিশাল বুকুত প্ৰসাৰণ কৰো মোৰ 

সংকোচিত হৃদয় ।

দিনৰ পিছত দিন আৰু ৰাতি

সুনীল আকাশৰ সেউজীয়াৰ স’তে মিতিৰালি পাতো

আৰু  পাহৰিব খোজো তেজে ধোৱা ৰক্ত-ৰঙা  দুখেবাৰ।

দিনৰ পিছত দিন আৰু ৰাতি 

নদীৰ হাত ধ’ৰা-ধৰিকৈ 

ময়ো বগাব খোজো সময়ৰ সৰ্পিল বাট। 

কিন্তু প্ৰতিবাৰেই উৰ্ফাল খাই বাগৰি পৰো 

আৰু চূৰ্ণ-বিচূৰ্ণ হৈ যায় মোৰ সমস্ত অনুভৱৰ শৰীৰ

নিমিষতে ৰক্তাক্ত হৈ পৰে মোৰ আত্মাৰ অস্তিত্ব

এনেদৰে মই দিনৰ পিছত দিন আৰু ৰাতি 

মই বগাই আছো আৰু বাগৰি আছো। ০ ০ ০

 

প্রেমিক  শতাব্দীৰ

 হে প্ৰেমিক শতাব্দীৰ 

আহা, আমি এটি মাথো মূহুৰ্তৰ বাবে 

আশ্ৰয় লওঁ এইখন গছজোপাৰ তলত

আৰু পৰস্পৰে পৰস্পৰৰ পোছাক  খুলি নাঙঠ  হওঁ

বিনিময় হওঁক কিছু প্ৰেম, কিছু নীৰৱতা।

 

অলপ সময়ৰ বাবে 

আহা আমি দলিয়াই পেলাওঁ 

ক’লা বগা আৱৰণবোৰ 

আত্মীয়তাৰে ভৰি উঠক 

তোমাৰ মোৰ শূন্য হৃদয় ।  ০ ০ ০

 

মোক দূৰত থাকিবলৈ দিয়া

মোক ধৰ্ম নামৰ আফিংৰ পৰা আতঁৰত থাকিবলৈ দিয়া

আফিং খাই  বিবেক  হেৰুৱাই 

মইতো হত্যা কৰিব নোৱাৰো মছজিদৰ ঈশ্বৰ

মন্দিৰৰ ভগৱান

গীৰ্জাৰ গড।

মোক ধৰ্ম নামৰ আফিংৰ পৰা আতঁৰি থাকিবলৈ দিয়া

লাগিলে মোক অধাৰ্মিক অথবা নাস্তিক অথবা কাফিৰ 

যি ইচ্ছা তাকেই ক’ব পাৰা তুমি

মোক তোমালোকৰ মন্দিৰ-মছজিদৰ আফিংৰ পৰা 

আতঁৰি থাকিবলৈ দিয়া।

মোক এজন মানুহ হ’বলৈ দিয়া

যাৰ ঈশ্বৰ বাস কৰে মছজিদত নহয় মন্দিৰত নহয় 

নিৰ্যাতিত, নীপিড়ীৰিত, শোষিত হেজাৰ জনতাৰ হৃদয়ত ।

 

মোক এজন মানুহ হ’বলৈ দিয়া 

অন্তত বিবেকহীন  উন্মদ  আফিংৰ হাতোঁৰাৰ পৰা  

ঈশ্বৰজন জীয়াই থাকক ! ০ ০ ০

  

বিদেশী বন্ধুলৈ  

প্ৰিয় বিদেশী বন্ধু ,

তোমালৈ কি লিখিম

মোৰ কথানে আমাৰ কথা ?

মোৰ বিষয়ে ক’বলৈ মোৰ একোৱেই নাই

মোৰ এটাই মাথো জুপুৰী ঘৰ-

ইয়াতেই মই গান গাওঁ, খাওঁ, শোওঁ, ক্লান্ত হও আৰু জিৰণি লও

আকৌ ক্লান্ত হও, আকৌ জিৰণি লও

নিজৰ স’তে হাঁহো, কান্দো ইয়াতেই

কাজিয়া কৰো একান্তই মোৰ নিজৰ স’তে

ইয়াতেই মৰো, ইয়াতেই পুনৰ জী উঠো।

ইয়াৰ বাহিৰে মোৰ আৰু একোৱেই নাই।

 

প্ৰিয় বন্ধু  শুনা, আমাৰ কথাকেই কওঁ-

আমাৰ কথা মানে আমাৰ ইয়াৰ কথা

আমি বাস কৰা গাওঁ, দেশ আৰু সাম্ৰাজ্যৰ কথা

আমি বাস কৰা সময়ৰ কথা।

 

শুনা  বন্ধু,

আমাৰ ইয়াত সূৰুজ নুঠে

ইয়াত ত’ৰােবাৰে জ্যোতি নিবিলায় 

জোনে জোনালী নকৰে ৰাতিৰ  আকাশ

ইয়াত প্ৰবাহিত নহয় নদী

ডাৱৰে নিদিয়ে বৰষুণ 

নহ’লেবা ইয়াত ইমান এন্ধাৰনে ?

ইয়াত সকলো স্তব্ধ- মৃত পাহাৰৰ দৰে 

ইয়াত কণ্ঠ আছে- সুৰ নাই

ইয়াত প্ৰতিদিনেই হত্যা কৰা হয়  শিশুৰ থুনুকথানাক মাত।

ইয়াত আছে কেৱল মৃত চিৎকাৰ আৰু হাহাকাৰৰ আৰ্তনাদ।

 

আমাৰ ইয়াত আছে  অকালবৃদ্ধতা, 

অকাল মৃত্যু, নাবালক বলাৎকাৰ

শুকান পাহাৰ আৰু নাঙঠ  নদী।

এইখন ঈশ্বৰৰ দেশ

ইয়াত আছে সদায় জ্যোতি বিলাই থকা সাম্প্ৰদায়িকতাৰ সূৰ্য

মন্দিৰ-মছজিদৰ অৰিয়াঅৰি।

ইয়াত প্ৰতিদিনেই হত্যা কৰা হয় ভগৱানক।

আমি এই যে জীয়াই আছো-

এয়া মাথো বহু আখৰাৰে আয়ত্ব কৰা এক  দুর্বিবহ  অভ্যাস।

আজিলৈ আহিলো।

 

বিঃ দ্রঃ  তুমি যে সূৰুযখনৰ  কথা কৈছিলা – সি এতিয়া কিমান ডাঙৰ  হৈছে ? পাৰিলে এচামুচ পোহৰ পঠিয়াই দিবা। ০ ০ ০ 

 

তোমাৰ আশীর্বাদত 

তোমাৰ আশীর্বাদত  মোৰ আই

সাৰ পাই উঠিল মোৰ ভিতৰৰ সত্বা

বিলুপ্ত হ’ল মনৰ সমস্ত অৰাজকতা

ক্ষৰিত তেজত জিলিকি উঠিল যদৃচ্ছাকৃত সপোনবোৰ ।

তোমাৰ আৰ্শীবাদত  আই মোৰ 

জলপ্লাৱন আহিল মোৰ হৃদয়  সাগৰত

ভাপহৈ উৰি গ’ল বুকুত গোট মৰা তেজৰ চেকা। 

তোমাৰ আৰ্শীবাদত আই মোৰ 

অৰুণোদয় হ’ল মোৰ মানস মালঞ্চত

নিমিষতে পুৰি ছাৰ-খাৰ হৈ গ’ল বিলাসী বাসনাবোৰ ।

মই এতিয়া তোমাৰ স’তে,  মোৰ আই

পাৰ কৰিব পাৰো দিন অথবা ৰাতিৰ প্ৰতিটো কুটিল  মূহুৰ্ত

হাঁহিমুখে আদৰিব পাৰো দুখ, শোক আৰু বিষাদৰ বেদনাবোৰ ।

তোমাৰ আশীর্বাদত  মোৰ আই

জী উঠিল মোৰ সমস্ত সুপ্ত অস্তিত্ব।

তোমাৰ আশীর্বাদত  মোৰ আই

অকাতৰে বিলাই দিব পাৰো মোৰ  মুমূৰ্ষু মূহুৰ্তবোৰ 

তোমাৰ  আশীর্বাদত আই মোৰ 

মই সানন্দে খেলা কৰিব পাৰো

গীত সুৰ অথবা কবিতাৰ স’তে

তোমাৰ আশীর্বাদত  মোৰ আই 

মই শব্দৰ পৃথিৱীত সূত্ৰধাৰ হ’লোঁ। ০ ০ ০

  

প্রতীকি 

অন্ধকাৰে জুৰুলা কৰা 

নিঃসাৰ ৰাতিৰ মহাসন্ধিত 

সাৰ পায় মোৰ খাগৰি

ৰক্তজবাৰ দৰে ৰঙা  তেজৰ শলিতা জ্বলাই

আঁকি যায় অবিৰাম

ভঙা-গঢ়াৰ  অলেখ ছবি।

 

ফুল বছা আকাশৰ তলত 

কোনে বজায় বাঁহী·

মোৰ আত্মাৰ গোপন কুঠৰীত 

সেই  সুৰৰ প্রতিধ্বনি । ০ ০ ০

  

সাম্প্ৰতিক খবৰ

সম্প্ৰতি আমাৰ ইয়াত পানীৰ বৰ আকাল

গছ-লতাবোৰ পাত হেৰুৱাই নাঙঠ  হ’ল 

সম্প্ৰতি ইয়াত সবুজ শস্য নগজে

ক্ষৰিত তেজেৰে প্লাবিত হ’ল মাটি 

বোকাত  গজিল বালি

সমভূমিবোৰ  মৰুভূমি হ’ল 

সোণে হেৰুৱালে উজ্জ্বলতা

নদীয়ে হেৰুৱালে খৰস্ৰোতা

মাছবোৰ  কেতিয়াবাই জীৱাষ্ম হ’ল

ফৰকাল আকাশত জুইৰ শিখা জ্বলিছে দাউ-দাউকৈ

অহৰহ উচুপিছে আকাশে। 

ইয়াত কেইবা দহক জুৰি ফুল নুফুলে। 

মাথো কাঁইটীয়া সাগৰ ফেনাই বিন্ধি

ৰক্তাক্ত কৰিছে আমাৰ হৃদয় ।  ০ ০ ০

 

এখন পুৰণি চিঠি

মোৰ মানস জুপুৰিটোৰ এচুকত জমা হোৱা 

আবৰ্জনাৰ দ’মবোৰ  খুচুৰি থাকোতে 

হঠাৎ পাই গ’লো 

আজিৰ পৰা দুই দহকমান আগতে লিখা 

এখন পুৰণি চিঠি।

চিঠিখন ময়েই লিখিছিলো এজন বন্ধুলৈ 

চিঠিখনত আমাৰ ইয়াৰ কিছু খবৰ আছিল

আৰু আছিল কিছু নিচেই একান্ত ব্যক্তিগত কথা।

আছিল প্ৰেম আৰু ভালেপাৱাৰ কথা

আছিল জুইৰ কথা, এন্ধাৰৰ কথাও তাত আছিল, 

আছিল পোহৰৰ   কথাও

আছিল শতাব্দীয়ে শ্বাসৰুদ্ধ হৈ আত্মহত্যা কৰাৰ কথা।

আৰু কিছু কথা আছিল ঠিক চিঠিখনৰ শেষৰ পিনে

কথাখিনি উঁই পোকে  খাই  পঢ়িব নোৱাৰা কৰিলে।

কিন্তু চিঠিখন বন্ধুলৈ  পঠোৱা হোৱা নাছিল।

সম্ভৱতঃ ডাক টিকটৰ অভাৱৰ বাবে 

অথবা মোৰ বিস্মৃতিৰ বাবেই  চিঠিখন তাতে পৰি আছিল।

আজিও সেই কথাখিনি দুই দহক আগৰ দৰেই প্ৰাসঙ্গিক

চিঠিখন আজিও পঠাব পাৰো

কিন্তু মই যে বন্ধুৰ   ঠিকনা হেৰুৱালো ! ০ ০ ০

 

তেওঁ অহা বাট

এইমাত্ৰ মই গম পালো

তেওঁ অহা নাই

আইৰ বুকুৰ বেদনা  গুচোৱাৰ শক্তি সঞ্চয়ত সি হেনো ব্যস্ত

আহা, আমি সুগম কৰো তেওঁ অহা বাট

আহা! আমি হাতত লওঁ নল, খাগৰি কিংবা পাখি 

অথবা তীক্ষ্ণ তৰোৱাল। 

আহা আমি কণ্ঠত ধাৰণ কৰো – সুৰ, গান আৰু কিছু কথা

তুলিকাত ভ’ৰাই লওঁ আমাৰেই নিঃসৃত ৰক্ত কণিকা

আহা, আমি নীলা অন্তৰীক্ষত উৰুৱাও

সংহতি, প্ৰেম আৰু মুক্তিৰ পতাকা।

আহা, আমি সুগম কৰো তেওঁ অহা বাট।  ০ ০ ০

 

 স্নেহাৰ্দ্ৰৰ নামত 

(১) 

তোমাক মই কি দিব পাৰো, বন্ধু 

হাতৰ অঞ্জলি ভ’ৰাই মইতো দিব নোৱাৰো

কেঁচা তেজ অথবা বুকু ভ’ৰা ভালেপাৱা

চকুৰ পতাত বিগলিত হৈ আছে শ্বাশত অশ্ৰু

লাগে যদি বন্ধু  উভাতাই নিয়া

সিবোৰ  যে এদিন তুমিয়েই দিছিলা। 

(২)

বতাহজাক এতিয়াও বলা নাই

তিমিৰ সিক্ত ৰক্তজবাই ক’লে

আলসুৱা বনত হালি-জালি থকা নাই

শুভ্ৰ শেৱালী

ই হেনো শৰতত ফুলে !

(৩)

পাতবোৰ  তুমিয়েইতো সজীৱ কৰি তুলিছিলা

চকুলোৰ বানত ডুব গৈছিল

বাগিছাৰ প্ৰতিটো ফুলৰ মূলঃদেশ

নিথৰ দেহাত অৱগাহন কৰিছিল তোমাৰ বলিয়া দেহা

তাৰ পিছত সংগ্ৰাম

ক্ষুধাৰ স’তে। 

সংগ্ৰাম কৰি কৰিয়েই

তোমাৰ ৰাতি আহিল, ফাগুন আহিল,

বসন্ত আহিল, ফুল ফুলিল

সন্মুখত তোমাৰ হেজাৰ অনিদ্ৰ ৰাতিৰ কোৰ্হাল।

 (৪) 

নাঙঠ অসিহীন কাকতত জিলিকি উঠে 

ৰাতি সৰা তিমিৰৰ টোপাল

হহায় ! ইযে পোৰা সোণৰ দৰে উজ্জ্বল। ০ ০ ০

 

মই সাৰে থাকোঁ

অন্তঃশীলা ফল্গুৰ দৰে

বৈ  আছে মোৰ অনুযোগ

হাবিয়াসলব্ধ পোহৰৰ  দৰে

তমসা ৰাতিৰ সপোনবোৰ  মোৰ 

দিঠক হৈ যায় আৰু এন্ধাৰৰ মাজত হেৰাই যায় ক্ৰমে ক্ৰমে।

মোৰ অযত্ন-বিন্যস্ত শব্দৰ ইপিঠিত-সিপিঠিত

তাৰেই ব্যৰ্থ অনুৰণন।

মোৰ আন্তঃসংঘাত মোৰ সুহৃদ 

সিহঁতৰ পৰাই মই আখৰা লও

সম্পূৰ্ণ নিৰ্ভুল  হোৱাৰ। 

বিশালতাৰে ভ’ৰাই তোলো মোৰ শব্দ ভাণ্ডাৰ

বুটলো নীলোজ্জ্বল নক্ষত্ৰৰ বীজ

আৰু বাৰিধিৰ এবুকু নীলা।

মোৰ অনুসন্ধানী মন থমকি ৰয়

যেতিয়া ৰাজপথত পৰি থাকে ৰঙীন  সূৰ্য।

মোৰ সপোনৰ  অকাল বৃদ্ধ বিপ্লৱ 

মোৰ সুপ্ত সংঘাতৰ স’তে

প্ৰতিনিয়ত যুঁজ কৰে মোৰেই প্ৰতীতিৰ বিৰুদ্ধে

প্ৰতিবাৰেই মই পৰাজিত হওঁ

আৰু প্ৰতিবাৰতে মই প্ৰতিজ্ঞাবদ্ধ হওঁ

নতুনকৈ সাৰ পোৱাৰ ।

সোণালী অৰুনোদয়ৰ অপেক্ষাত 

হাহাকাৰ কৰি ফুৰে মোৰ বিপ্লৱী শ্লোগান 

মোৰ মানস মালঞ্চত

তাৰে মাজত মই সাৰে থাকো

গোটেই দিন, গোটেই ৰাতি

যদিও নিথৰ মোৰ অস্তিত্ব।  ০ ০ ০

 

কেইটিমান অনুেচ্ছদ

(১) 

হে সতীৰ্থ কবিসকল, 

আহা, আমালোকৰ তকমাত ধাৰণ কৰো

সভ্যতাই গচকি যোৱা খলা-বমা ইতিহাস।

আহা, আমি পোছাক  পিন্ধাও

সভ্যতাৰ শিখৰৰ পৰা উখহি পৰা 

নিলাজ সৌ পাহাৰেবাৰক।

(২) 

শিশিৰ-স্নাত মোৰ স্বদেশৰ আত্মজ ভাইসকল

তোমালোকৰ বাবে  খুলি ৰাখিছো

বুকুৰ সকলোবোৰ দ্বাৰ

অৱগাহন কৰা

ইয়াত কোনো জাতি নাই, গোষ্ঠী  নাই, ভেদ  নাই

আমি এটাই জাতি

আমাৰ এটাই পৰিচয়- আমি মানুহ।  ০ ০ ০

 

আমি যদি সংঘবদ্ধ হওঁ

আমি যদি সংঘবদ্ধ হওঁ

সংঘঠিত হয় যদি শিল্পী প্ৰতিভা

আমি সলাব পাৰোঁ ৰক্তাক্ত সময়

তিমিৰ ফালি আনয়ন কৰিব পাৰো

সুবিমল সূৰ্যালোকৰ উৎস। 

হিংসাৰ বিৰুদ্ধে অহিংসাৰ বীজমন্ত্ৰ সিঁচিব পাৰো

শিলৰ প্ৰাচীৰ ভাঙি গঢ়িব  পাৰো সংহতিৰ এনাজৰী

হেঙুল সময়ৰ বাবে  নামিব পাৰো বিশ্ব গঢ়াৰ সংগ্ৰামত।

 

আমি যদি হাতৰ ওপৰত ৰাখিব পাৰো হাত

হৃদয়ৰ  ওপৰত হৃদয় ,

প্ৰেমৰ সলনি দিব পাৰো প্ৰেম- 

মানৱতাৰ জয় অনিবাৰ্য।

বীভৎস অন্ধকাৰত যেতিয়া পতিত হয় শিল্পী স্বাধীনতা, 

হাতৰ মুঠিৰ শস্যও যেতিয়া  লুণ্ঠিত হয়

প্ৰতিদিন যেতিয়া শাসনৰ নামত এৰি দিয়া হয় শোষণৰ চিতা বাঘ,

নিৰ্মল নিকা বতাহত ঢালি দিয়া হয় বিহ-

তেতিয়া আমাৰ এটাই বিকল্প :

সংঘঠিত হোৱাৰ, বিপ্লৱ ৰুজু কৰাৰ।

 

সেই সময় সমাগত, 

হে মেহনতি জনতা,

তোমাৰ মূৰৰ ক্লান্ত ঘামৰ ৰাসায়নিক বিক্ৰিয়াৰে আটোমটোকাৰিকৈ সজা খেৰী ঘৰত 

যেতিয়া তোমাৰেই সমাধি

তেতিয়া আমাৰ এটাই বিকল্প:

মুষ্ঠিবদ্ধ হোৱাৰ, বিপ্লৱ ৰুজু কৰাৰ।

 

আমি যদি মুষ্ঠিবদ্ধ হওঁ,

সংঘঠিত হয় যদি শিল্পী প্ৰতিভা

এনে কোনো শক্তি নাই 

কাঢ়ি  লয় আমাৰ হাতৰ পৰা আমাৰেই কাঙ্খিত স্বাধীনতা। ০ ০ ০

 

মহানগৰ

আশাৰ অসিময় আলো লৈ খোজ কাঢ়িছো 

খলা-বমা ৰাজপথৰ দাঁতিয়ে দাঁতিয়ে

হেঙুল সময়ৰ তালে তালে।

 

আড়ষ্ট সময়ৰ অসহায়তাত মোৰ হৃদয়-ঘৰ ভাৰাক্ৰান্ত

অকনমান কোলাহলহীন নীৰৱতাৰে, অকনমান শুকুলা শান্তিৰে 

কটাব নোৱাৰো ইয়াত এৰাতিও-

ভৰিৰ তলৰ পৰা আঁতৰ হয় মাটি

বুকুৰ পৰা আশা,

হাতৰ পৰা শতাব্দীৰ মুক্তিৰ বীণ

কণ্ঠৰ পৰা প্ৰাগলভ শ্লোগান।

 

মহানগৰৰ উপকণ্ঠত থিয় হৈ শুনিলো:

শতাব্দী জ্বলি-পুৰি শেষ হোৱাৰ কথা

আৰু মৃত্যুৰ দুৱাৰ দলিত ঠেলা-হেঁচা কৰা

হেজাৰ অনাথ শিশুৰ মৃত্যু চিৎকাৰ

অকালতে  পৌঢ়ত্ব  পোৱা ডেকা-ডেকেৰীৰ কোৰ্হাল হাই-উৰুমি

মাজে মাজে কোনোৱে কাৰো মাত নুশুনা কৰাল আহ্বান – 

বিপ্লৱী শ্লোগান।

আধুনিক কবিতাৰ দৰে কেৱল কবিসকলেহে বুজি পায়।

 

জীৱন মৰুত হেৰুৱা মুকুতাখিনি

কাহানিবাই জীৱাষ্ম হোৱাৰ দৰে

মহানগৰৰ শান্তি নামৰ পাৰ চৰাইটি

কেতিয়াবাই শিলাস্তূপত জাহ গ’ল।

 

আৰু চিৰিয়াখানা·

তাত আছে শতাব্দীৰ যৌৱনোদ্যম ডেকা-ডেকেৰীৰ

কান্ধত কান্ধ মিলাই সপোন  ৰচাৰ বনৰীয়া বাসনা।

 

মহানগৰৰ বুকুত সূৰ্যোদয় নহয়

আছে মাথো

এডিচনৰ চাকিৰ নতুন সংস্কৰণৰ পয়োভৰ।

 

কবিৰ চকুত এতিয়া আশা ভঙ্গৰ কৰুণতা

অকালপক্ক বৃদ্ধাৰ হুমূনিয়াৰ দৰে নিঃস্ব। ০ ০ ০

  

পৃথিৱীৰ আৰু মোৰ 

সবুজ শস্যৰ বাবে  গান গোৱা

মাটিৰ বাবে গীত গোৱা

প্ৰেম, সংহতি আৰু শান্তিৰ বাবে

কণ্ঠ উজাৰি সুৰ নিঃসৃত কৰা 

প্ৰতিজন গায়ক, প্ৰতিজন কবি, প্ৰতিজন শিল্পীয়েই 

পৃথিৱীৰ আৰু মোৰ।

 

ৰ’দ, বতাহ, বৰষুণ, বিজুলি-ঢেৰেকনী

হেলাৰঙে  মূৰত লৈ

কঠিন শিলত ফুল ফুলোৱা, শস্য গজোৱা, 

প্ৰতিজন কৃষক শিল্পীয়েই 

পৃথিৱীৰ আৰু মোৰ।

 

দেশৰ কলিজা, আত্মা আৰু আড়ষ্ট শুকান মাটিক জীপাল কৰিবলে’

নিজৰ হাড় আৰু মাংসক পানী কৰা প্ৰতিজন শ্ৰমিক বনুৱাই 

পৃথিৱীৰ আৰু মোৰ।

 

যিসকলৰ বিশাল বুকুৰ তেজেৰে 

উৰ্বৰ হয় বছনিয়াৰ বুকু, ভিয়েটনামৰ চোতাল, ইৰাকৰ শিল, আফগানিস্থানৰ গিৰিখাদ

যিসকলৰ প্ৰশ্বাসত নিগৰিত হয় আজন্ম পৰাধীনত্বৰ বিৰুদ্ধে 

চিকমিক অগ্নিস্ফুলিঙ্গ

যিসকলৰ কলিজাৰ বিনিময়ত উদিত হয় স্বাধীন নক্ষত্ৰ

সেইসকল প্ৰতিজন শ্বহীদ বীৰেই 

পৃথিৱীৰ আৰু মোৰ।

 

যুদ্ধৰ বিৰুদ্ধে, যুদ্ধৰ ধোঁৱা-ছাইৰ বিৰুদ্ধে

প্ৰতিটি পৰিকল্পিত হত্যাযজ্ঞৰ বিৰুদ্ধে

শুধ বগা কপৌক  উত্তোলন  কৰা

প্ৰতিজন কবি, প্ৰতিজন অসি ধাৰক, প্ৰতিজন লিখক 

অথবা প্ৰতিজন শিল্পীয়েই

পৃথিৱীৰ আৰু মোৰ।

 

হিন্দু অথবা মুছলমান, খ্ৰীষ্টান অথবা বৌদ্ধ  নামৰ সংকীৰ্ণ গণ্ডীৰ পৰা

স-সাহসে ওলাই মানুহ হোৱাৰ পণ কৰা সংগ্ৰামত ৰত থকা

প্ৰতিজন বিপ্লৱীয়েই

পৃথিৱীৰ আৰু মোৰ।   ০ ০ ০

 

একাত্মকতা 

আমি  শিল হৈ  আগবাঢ়ি আছো

সন্মুখত আমাৰ বিশাল নৈ

নৈখনৰ পাৰত আমি লগা-লগি হওঁ প্ৰতি ৰাতি

কথা পাতো হৃদয়ৰ  ভাষাৰে

কাৰো স’তে কেতিয়াও নপতা কথা।

 

আমি শিল হৈ  আগবাঢ়ি আছোঁ

আমাৰ সন্মুখত বিশাল সাগৰ

আমি প্ৰতিদিন উপকূলখনতে লগালগি হওঁ

আৰু বিনিময় কৰো আত্মীয়তা।

 

আমি শিল হৈ আগবাঢ়ি আছোঁঁ

সন্মুখত আমাৰ জ্বালামূখীৰ জুই

আমি প্ৰতি দুপৰীয়া ইয়াতে লগালগি হওঁ

বুকু ফালি  বিনিময় কৰো আত্মা।

 

আমি শিল হৈ  আগবাঢ়ি আছোঁ

সন্মুখত আমাৰ সাঁথৰ -পোহৰ  আৰু এন্ধাৰৰ 

আমি ইয়াতেই লগালগি হওঁ

যেতিয়া দৌৰি পলায় সভ্যতাৰ আত্মাই।

এনেদৰেই প্ৰতিপল

আমি শিল হৈয়েই অভিসাৰ কৰো প্ৰেমৰ পথাৰত। ০ ০ ০

 

বাঁহী

তুমি যেতিয়া বাঁহী বজোৱা

দুভাগ ৰাতি নামি আহে জোন

উজাই আহে ফাগুন

সেমেকি উঠে মোৰ চকু।

 

তুমি যেতিয়া বাঁহী বজোৱা

বৰষুণ নামে মোৰ কলিজাত

তুমি যেতিয়া বাঁহী বজোৱা 

প্ৰেমৰ নদীয়ে জোঁৱাৰ তোলে বুকুত।

 

তোমাৰ বাঁহীয়ে বন্ধু 

এনেকৈয়ে মোক দিয়ে সুখ আৰু  দুখ।  ০ ০ ০

 

বিকল্প 

যেতিয়া মহামান্য স্বয়ম্ভু ঈশ্বৰহঁতে 

স্নায়ুত আখৰা কৰে গণ হত্যাৰ  ৰণ-কৌশল

অস্ত্ৰ আৰু গোলা-বাৰুদেৰে আটোম-টোকাৰিকৈ সজ্জিত কৰে

মগজুৰ কুঠৰি

তেতিয়া আমাৰ এটাই বিকল্পঃ

হাঁহিমূখে বুকুখন উদং কৰি দিয়া

অথবা বিপ্লৱৰ ৰঙা   নিচান উত্তোলন  কৰা।

 

যেতিয়া ৰাজনীতিকৰ কোষাগাৰত 

প্ৰতিজন নাগৰিকৰ নায্য অধিকাৰ

ধূসৰ ধূলিৰ লগত নিচিহ্ন কৰি দিয়াৰ পাশৱিক অৰিয়া-অৰি চলে 

তেতিয়া আমাৰ এটাই বিকল্প

হাঁহি হাঁহি আত্মাক সিহঁতৰ হাতত তুলি দিয়া

অথবা বিপ্লৱ ৰুজু কৰা।

 

যেতিয়া সমৰ সজ্জাত সজ্জিত হয় আইনজ্ঞৰ আদালত

কিতাপৰ পৃষ্ঠাৰ  পৰা মচি দিয়া হয় মানৱতাবাদ

তেতিয়া আমাৰ এটাই বিকল্প-

কণ্ঠ থাকিও বোবা  হৈ থকা

অনুভূতি থকা সত্বেও নিক্ৰিয় হৈ থকা 

অথবা সমগ্ৰ দেশ জুৰিয়েই

 বিপ্লৱৰ ৰণ শিঙা  বজোৱা।

যেতিয়া পৰমাণুৰ সংকুচিত বলৰ পৰা

উদ্গীৰণ হয় অবিৰাম বজ্ৰ,  ছাই

গলিত তেজ আৰু ধূসৰ ধোঁৱা

তেতিয়া আমাৰ এটাই বিকল্প:

হেলাৰঙে  মৃত্যুক অভিনন্দন জনোৱা

অকনো লৰচৰ নকৰাকৈ 

বোকা  আৰু ধোঁৱাৰ সতে বিলিন হৈ যোৱা

অথবা বিপ্লৱ শিখা দাউ দাউকৈ জ্বলাই দিয়া।

 

যেতিয়া শান্তি-সম্প্ৰীতি ৰক্ষাৰ ভেকো-ভাওনাৰে

ছদ্মেবশী শিল্পীসকলে হাতত লয় মানৱতাৰ প্ৰাণ

গ্ৰাস কৰে কৌটিকলীয়া সংহতিৰ এনাজৰী

তেতিয়া আমাৰ এটাই বিকল্প:

হেলাৰঙে বুকুত ছুৰি সুমুৱাবলৈ দিয়া !

অথবা সমস্ত জনতাই মুষ্টিবদ্ধহৈ ৰাজপথলৈ ওলাই অহা।

 

য’ত প্ৰতিজন শান্তিকামী শিল্পীক বোবা  কৰি ৰখা হয়

বুকুৰ পৰা কাঢ়ি  নিয়া হয় সিহঁতৰ সহচৰ

কণ্ঠৰ পৰা সুৰ

তেতিয়া আমাৰ এটাই বিকল্প

অকাল মৃত্যুক আহ্বান  জনোৱা !

অথবা বিপ্লৱৰ দুন্দুভি বজোৱা।

 

য’ত অধিকাৰ, ন্যায়, নৈতিকতা

আৰু সম্প্ৰীতিৰ পৃষ্ঠা উকা

য’ত জনমতৰ জন্মতেই ডিঙি  চেপি হত্যা কৰা হয়

তাত আমাৰ এটাই বিকল্প:

মৃত্যুৰ কোলাত ঢলি পৰা !

অথবা সমগ্ৰ দেশজুৰিয়েই বিপ্লৱৰ জুই জ্বলাই দিয়া !

 

আইন থকা সত্বেও যিদেশত চলে  সোপা-সোেপে  কলা বজাৰ

যি দেশৰ কোনো বিষয়াই মুখ নুখুলে উৎকোচ নেপালে

সেই দেশত আমাৰ এটাই বিকল্প:

বিনা দ্বিধাই দাসত্বৰ শিকলি পিন্ধি লোৱা !

অথবা সমগ্ৰ দেশ জুৰিয়েই বিপ্লৱৰ অগ্নি প্ৰজ্জ্বলিত কৰা।

 

শংকৰ, চৈতন্য, কবীৰ, শংকৰাচাৰ্য

জন্ম লোৱা সত্বেও যি দেশৰ আত্মা অন্ধকাৰত আচ্ছন্ন

যি দেশৰ নাগৰিকৰ হৃদয় 

মছজিদ, নামঘৰ অথবা গীৰ্জাত বন্ধী

যি দেশৰ সংবিধানত সমাজবাদৰ এক বিশাল অধ্যায়  থকা সত্বেও

চৰকাৰক ক্ৰয় কৰিব পৰা আছে গডমেনৰ দৰে বহুতো স্বামী

ঘাটে-পথে কলা বেপাৰী

তাত আমাৰ এটাই বিকল্প:

মৃত্যুৰ কোলাত নিঃশব্দে শুই পৰা !

অথবা ভীমৰ গদা হাতত লৈ অবিৰাম বিজুলী শিখা জ্বলোৱা।

 

যি দেশত প্ৰতিজন নেতাক হাতৰ মুঠিত লৈ 

বুঢ়া আঙুলিৰে টিটি টিপি চাব পৰা ডাউদ ইব্রাহিম  আছে

যি দেশত গেৰুৱা পোছাক পৰিহিতা সন্নাসীৰ দ্ধাৰা 

ধৰ্ষিতা হয়  যৌৱনা নাৰী

সেই দেশত আমাৰ এটাই বিকল্প :

সমগ্ৰ দেশজুৰিয়েই বিপ্লৱৰ অগ্নি শিখা প্ৰজ্জ্বলিত কৰা।

স্বাধীনতা পায়ো যি দেশৰ প্ৰতিজন কৃষক আৰু বনুৱাৰ বুকুৰ পৰা কাঢ়ি নিয়া হয়

সিহঁতৰ স্বাধীনতাৰ স্বচ্ছ দৰ্পণ

তেনে দেশত আমাৰ এটাই বিকল্প:

অকাতৰে প্ৰাণৰ মমতা এৰি মৰণত শৰণ লোৱা

অথবা বিক্ষোভৰ সমস্ত জ্বালামূখীৰ শলিতাত জুই জ্বলাই দিয়া

জ্বলি পুৰি শেষ হ’বলৈ দিয়া

প্ৰগতিৰ পথৰ সকলো প্ৰাচীৰ

শান্তিৰ সকলো প্ৰতিবন্ধকতা।  ০ ০ ০

 

মোৰ আই

মোৰ আই মোৰ দেশ

মোৰ শত আকাঙ্খাৰ সোণালী বেশ 

আজন্ম সময়ৰ আয়ুৰে আয়ুষ্মান মোৰ আই মোৰ দেশ

আগত ইতিহাসৰ পৃষ্ঠাতো  থাকি যাওক তোমাৰ ৰূপালীম বেশ ।

মোৰ আই মোৰ দেশ

মচি নিয়া তোমাৰ সন্তানৰ মনৰ পৰা হিংসা-বিদ্বেষ

তুমি জানো বিচৰা, হে মোৰ আই

ভাতৃঘাতী মহাসংঘাতেৰে আমি হৈ যাওঁ নিঃশেষ?

মোৰ আই মোৰ দেশ

মোৰ হৃদয়লোকৰ কল্পতৰু অলেখ

মোৰ আই মোৰ দেশ

তোমাৰ মহিমাৰ নাই শেষ !   ০ ০ ০ 

  

আকৌ আহিব 

আকৌ আহিব ওভতি 

আইৰ মুখৰ হেৰুৱা জ্যোতি

প্ৰেম আৰু সংহতিৰে আনিব ঘূৰাই 

তোমাৰ শিল্পীয়ে

তোমাৰ বুকুতে হেৰুৱা আমাৰেই অস্তিত্ব।

আকৌ আহিব ওভতি 

আইৰ বুকুৰ সূৰ্যমণি

বীৰ্যমন্ত দুবাহু দাঙি 

দলিয়াই পেলাব 

শোষণ- নিষ্পেষণৰ শিকলি

আকৌ আহিব ওভতি

তোমাৰ বুকুত সূৰ্যালোকৰ বীৰ

তোমাৰ গৰ্ভত স্থিতি ল’ব আকৌ

বুদ্ধ, যীশু, মহম্মদ আৰু শংকৰ

তেতিয়া আৰু নেথাকিব

পতিত আত্মাৰ কৰুণ বিননি।

উচ্চ-নীচ,  ভেদ -ভাৱ, 

সাম্প্ৰদায়িকতাৰ বিষবাষ্প 

নিমিষতে যাব উৰি। ০ ০ ০

 

তোমাৰ বাবে  আই

আই 

তোমাৰ বাবে  আজি 

আকৌ কান্দিবৰ মন গ’ল

সেয়ে গোটেই যামিনী কান্দিলো।

তোমাৰ বাবে 

কান্দিলো আজি ৰাতি 

ভাগি পৰিল আকাশৰ জোনটি।  ০ ০ ০

  

সৌ তাতে

সৌ তাতে মোৰ প্ৰেমপ্ৰাৰ্থী

জুইৰ শিখাৰ দৰে জ্বলিছে। 

আৰু মই গভীৰ দ খাদত 

পোহৰ  বিচাৰি বোকা  বুটলিছো।

আজি দিন দুপুৰতে মাৰ গ’ল মোৰ বেলিটি

অন্ধকাৰত আগবঢ়াই  দিলে 

মোৰ প্ৰেয়সীৰ জলন্ত হাত দুটি

প্ৰেয়সীৰ প্ৰেমৰ স্পৰ্শত

ময়ো এতিয়া উঠিছো জ্বলি ।  ০ ০ ০

 

নমস্কাৰ মহানগৰ

নমস্কাৰ মহানগৰ

তোমাৰ কোমল শয্যাত

উঁই পোকৰ  বাঁহ।

তোমাৰ ৰাজপথত নৰকৰ কোৰ্হাল

পাৰ্কত শ্বাসৰুদ্ধতা

বতাহত বিশুদ্ধ বিহ।

তোমাৰ গৰাকী অন্ধ

আইন বোবা 

তোমাৰ কাৰ্যালয়ত চলে কলা টকাৰ বেহা

তোমাৰ নাগৰিকৰ হৃদয়  উকা

তোমাৰ মুখত সস্তীয়া হাঁহিৰ প্ৰয়োভৰ।

হে মহানগৰ

তুমি জল স্থল-

সকলোতে উভচৰ।

নমস্কাৰ ! হে মহানগৰ।  ০ ০ ০

 

শব্দ

হে শব্দ

তোমাৰ আত্মাৰে মই প্রতিষ্ঠা  কৰিব বিচাৰো

পাই হেৰুৱা চিৰাকাঙ্খিত স্বাধীনতা

পিতৃ পৰিচয়হীন অনাথ শিশুৰ মৰম।

হে শব্দ 

তোমাৰ শক্তিৰে মই প্রতিষ্ঠা  কৰিব খোজো

অনুৰ্বৰ ভূমিত সেউজ শস্যৰ সজীৱতা

তোমাৰ বাহুৰে মই উন্মোচন কৰিব খোজো

তাহানিতে মাৰ যোৱা হিৰন্ময় সূৰ্য

তোমাৰ চিন্ময়ী সুৰেৰে 

মই ৰচিব বিচাৰো সংহতিৰ অট্টালিকা

তোমাৰ আলসুৱা হাতৰ পৰশেৰে

মচিব বিচাৰো মই

আইৰ মুখৰ চিৰ বিষন্নতা।

হে শব্দ 

তোমাৰ জখলাৰে মই নমাই আনিব বিচাৰো 

স্বৰ্গৰ চিৰ যৌৱনা অমৃত স্ৰোতধাৰা।

হে শব্দ 

তোমাৰ আত্মাৰে  মই প্রতিষ্ঠা  কৰিব বিচাৰো 

মানুহ 

আৰু মানুহৰ বাবে  এখন মানুহৰ পৃথিৱী।  ০ ০ ০

 

এয়া সু সময়নে দুঃসময়

এয়া সু সময়নে দুঃসময় ?

যি সময়ত প্ৰতিজন ডেকা-ডেকেৰীৰ জীৱনলৈ নামি আহে অকাল বৃদ্ধতা,

ফুল ফুলাৰ আগতেই সৰি যায় কলি !

এয়া সু সময়নে দুঃসময় ?

যি সময়ৰ ৰাজধানীত চলে মগজু বেচা -কিনাৰ দৰ-দাম

সুন্দৰৰ গান গোৱা প্ৰতিজন শিল্পীৰ বুকুত সোমাই যায় চোকা বুলেট, ধাৰাল ছুৰি অথবা কিল, ভুকু আৰু লাথি।

যি সময়ৰ প্ৰতিজন শ্ৰমিকৰ মূৰৰ ঘাম আৰু বুকুৰ কেঁচা তেজ হয় মুষ্টিমেয়ের  বিলাসৰ বোলছবি

যি সময়ৰ ফুল মালঞ্চত চলে

সভ্যতাক লৈ হেতালি খেলাৰ আখৰা। 

এয়া সু সময়নে দুঃসময় ?

যি সময়ৰ প্ৰতিজন মাতৃয়েই নিজ চোতালতে

ধৰ্ষণৰ বীভৎস ভয়ত আচ্ছন্ন

যি সময়ৰ প্ৰতিগৰাকী নাৰীয়েই পুৰুষৰ বিলাসৰ পুতুলা।

এয়া সুসময়নে দুঃসময় ?

যি সময়ত ফুলা ফুলত নাথাকে সুবাস

শ্বাসৰুদ্ধতাত বন্ধী পখীৰ গান

বতাহে কঢ়িয়ায়   বিহৰ কণিকা

যি সময়ত সকলো আনন্দই হয় আহত

ধৰ্ষিতা হয় ভালেপাৱা ।

এয়া সু সময়নে দুঃসময় ? ০ ০ ০

 

কবিতা মানেইতো

কবিতা মানেইতো 

প্ৰাগলভ স্পৰ্ধাময় স্বাধীন কণ্ঠ

হিংসাৰ বায়োনেটৰ সন্মুখত 

প্ৰেমৰ অব্যৰ্থ প্ৰতিদ্বন্ধী

ভালেপাৱাৰ শ্বাশত আখৰা

শূণ্যতাত হাহাকাৰ কৰি ফুৰা

নিঃস্ব হৃদয়ত  এমুখ হাঁহিৰ  অনুৰণন।

কবিতা মানেইতো

সমস্ত ভূমণ্ডল জুৰি পালন কৰা 

স্বকীয় আত্মীয়তা

প্ৰেমৰ সহজাত অভিব্যক্তি

শ্ৰেণীহীন শোষণহীন সমাজ গঢ়াৰ  

এক স্বতঃস্ফূর্ত  স্বীকাৰোক্তি।

কবিতা মানেইতো বিপ্লৱ

মানৱতাৰ শ্লোগান

অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ অবিৰত সংগ্ৰাম।  ০ ০ ০

 

এই ফাগুনত

এই ফাগুনত 

তোমাক কি দিব পাৰো

আশা ?

হৃদয় ?

নে ভালেপাৱা ?

মোৰ হৃদয়  শূন্য

জুৰুলা মোৰ জোলোঙা 

কেনেকৈ ছটিয়াওঁ

এই ফাগুনত 

তোমালৈ মোৰ প্ৰেমৰ ফাকুঁৱা !  ০ ০ ০

  

বিচাৰি যাম

তোমালোকে সহাঁৰি দিয়া বা নিদিয়া 

মই বিচাৰি যাম হেৰুৱা শুকুলা ঘোঁৰাটো

বহু দিন সি আমাৰ চোতলতে ৰৈ আছিল

আমাৰ চকুৰ পতাবোৰ  আলস্যত জাপ খাই আছিল বাবেই  

আমি দেখা নাপালো।

বহুদিন সি আমাক পিঠিত কঢ়িয়াই  ভ্ৰমণ কৰাইছিল সেউজ উপত্যকা

আমিবোৰ  মৃত আছিলো বাবেই  গম পোৱা  নাছিলো

সিতো বহুত দিন আমাক জিকাইছিল দৌৰ খেলত 

আমি বিবেকহীন হোৱা বাবেই  

বুজি পোৱা  নাছিলো জয় আৰু পৰাজয়ৰ অৰ্থ।

সি আমাক সেৱা কৰাৰ একান্ত ইচ্ছাৰেই  

দুৱাৰ মুখত ৰৈ আছিল বহু দিন

আৰু অপেক্ষাৰ  ক্লান্তত

ক’ৰবালৈ হেৰাই গ’ল নিঃশব্দে, হাতত সাৰে, ভৰিত সাৰে।

আহা, আমি এতিয়া ঘোঁৰাটোক বিচাৰি যাওঁ

যদিহে আমাৰ চকুয়ে আলস্য ভাঙি  চাবলৈ শিকিছে

যদিহে আমি মৃত্যুৰ পৰা জী উঠিছো

যদিহে আমি জয়-পৰাজয়ৰ অৰ্থ বুজি পাইছো

আহা ,আমি ঘোঁৰাটোক  বিচাৰি যাওঁ।

তোমালোকে সঁহাৰি দিয়া বা নিদিয়া 

মই অকলেই বিচাৰি যাম হেৰুৱা শুকুলা ঘোঁৰাটো।  ০ ০ ০

 

লিটল বয়

লিটল বয় এতিয়াও শুই আছে নীৰৱে

হিৰোচিমাৰ কোমল বুকুত

মাথো অস্থিৰ কোলাহল জাহ গৈছে।  

ইয়াৰ  সবুজ দুবৰি বন

আজি ছয় দহকৰ পিছতো

তাত চলি আছে লিটল বয়ৰ 

ৰাসায়নিক অস্ত্ৰোপচাৰ

অংগ হেৰুৱাই বিকলাংগ হৈছে 

জৰায়ু ফালি ওলাই অহা নবীন দেৱদূত

নাঙঠ  হৈছে ক্ষৰিত তেজৰ পলসত দপদপাই গজি উঠা 

সৰল গছবোৰ । 

লিটল বয় শুই আছে এতিয়াও নিঃশব্দে হিৰোচিমাত।

কক্বকাই সাৰে আছে ইয়াৰ সূৰুযটো।  ০ ০ ০

 

অস্থিৰ  হৈ

মোৰ হৃদয়ৰ  উত্তাপত অস্থিৰ হৈ 

এই উপত্যকা এৰি যিখন উপত্যকালৈ গৈ আছা তুমি

তাতো আছে মৰুভূমি।

 

তাতো কেকটাচ জন্মে

নাঙঠ শিলৰ ফাঁকে ফাঁকে।

কেকটাচৰ কাঁইটে তোমাকো বিন্ধিব পাৰে

যেনেদৰে বিন্ধিছে মোৰ হৃদয়ৰ   ভিতৰে-বাহিৰে।  ০ ০ ০

 

কি বীভৎস দিন 

কি বীভৎস দিন !

প্ৰতিদিনেই ইয়াত লাঞ্ছিত হয় সূৰ্য

অকাতৰে পোহৰ বিলোৱা দোষটোৰ বাবে ।

সিহঁতৰ বাবে  দিনতকৈ ৰাতি ভাল

পোহৰতকৈ এন্ধাৰ ভাল

অৰণ্যতকৈ মৰুভূমি ভাল।

জীৱনতকৈ মৃত্যু ভাল।

কাঁইটীয়া কেটেলাই ক’লে মনে মনে-

তাতকৈ অধিক ভাল 

যদিহে সিহঁতবোৰ  নাথাকিলেহেঁতেন !  ০ ০ ০

  

জলন্ত  কাঁড়

আকাশৰ পৰা খহি পৰিল 

এটি জলন্ত কাঁড়

বিন্ধিল হীৰেন নামৰ কবিৰ বুকুত

যন্ত্ৰণাত মৃতপ্ৰায় হ’ল তাঁতি, অৰ্ধেন্দু, কৰবী, হিতেশ, প্ৰভা, ইছমাইল আৰু অনেকৰ আত্মা।

তেজ ওলাল মহন্ত, হিমন্ত, বৰা, গগৈহঁতৰ বুকুত।

তাৰ পিছত বক্তৃতাৰ বৰষুণ।

কি মায়াবী সেই কাঁড়টো !  ০ ০ ০

 

বাতৰি

হাঁহিৰ খলকনিৰে নায়কজন গুচি গ’ল অহা বাটেৰেই

মঞ্চত কাঠ হৈ পৰি থাকিল কিছু শ্লেষ

কিছু  নির্ভেজাল  আলোৰ দ্যোতি

কিছু প্ৰোত্থিত সময়ৰ বক্ৰোক্তি।

 

নিতাল মাৰি শুই পৰা ৰাতিয়ে মাথো গম পালে

নায়কজন আহিছিল

কাণে কাণে সোঁৱৰাই গ’ল

আমাৰ আত্মাৰে হেনো 

সিহঁতে এক ভোজমেল পাতিব

য’ত নিমন্ত্ৰিত হ’ব নাঁৱৰ গুৰিয়ালবোৰ  ! ০ ০ ০

 

সংহতি

তোমাৰ হাতখন মোলৈ আগবঢ়াই  দিয়া

মই অতিকৈ ক্লান্ত

তোমাৰ হাত ধৰি কিজানিবা মই বগাই উঠিব পাৰো

সৌ দ্বিতীয় মহলালৈ

তাত মোৰ আত্মাক বন্ধী কৰা হৈছে

ঠিক মোৰ জন্মৰ দিনাই

তোমাৰ হাতখন আগবঢ়াই  দিয়া 

মই পুনৰ জী উঠিব খোজো।

ওপৰ মহলাৰ কোনো এক কোঠাত 

বন্ধী আছে মোৰ আত্মা।  ০ ০ ০

 

আঘোণ

 বতাহজাকে ক’লেঃ

অহা বছৰ হেনো আঘোণ সোণকালেই আহিব

চৰাইজাকে আনন্দত কিৰীলি পাৰি উঠিল।

আনন্দত আত্মহাৰা হ’ল চিলনীবোৰ 

আঘোণৰ ধান খাই  

লহপহকৈ বাঢ়ি অহা মূৰ্গী পোৱালীবোৰ  

সিহঁতে হেনো থাপ মাৰি ধৰিব।

 

আহা আমি আঘোণৰ কোলাত ঢলি পৰো

আঘোণৰ সোণ বৰণীয়া  ধানবোৰ  আমাৰ নহ’লেও 

আমাৰ হাতেৰেই সনা ইয়াৰ ৰঙবোৰ ।  ০ ০ ০

 

কপৌ 

ৰাতিপুৱাৰ সূৰুযটিলৈ আঙুলিয়াই

এটি কপৌ  উৰি আহিল 

মোৰ আইৰ কোলালৈ

মোৰ আয়ে আলফুলে

বোকোচাত লৈ মিঠা মিঠা চুমাৰে 

উপচাই দিলে কপৌজনীৰ সৰল শান্ত মুখনি

বাৰিষাৰ বানে নদ-নদী উপচাই পেলোৱাৰ দৰে।

 

মাথো এটা বসন্ততেই 

কপৌ জনী থুনুক-থানাক মাত শিকিলে

আৰু আন এটি বসন্ত নগচকিতেই

কণ্ঠ কাঢ়ি  নিয়া হ’ল তাইৰ ডিঙিৰ  পৰা।

তাই এতিয়া বোবা । 

মাতিব নোৱাৰে।  ০ ০ ০

 

দুর্জেয় দুৰ্দ্দিন

দুর্জেয়  দুৰ্দ্দিন।

সময়বোৰ  কাৰাগাৰত বন্ধী।

অনাহাৰত বেকাৰ  খাটে

অমৰত্বৰ প্ৰতিশ্ৰুতিৰ শিকলিত বন্ধা শতাব্দীৰ আত্মা।

ঈশ্বৰহঁতৰ কি যে ভেকো-ভাওনা !

 

আৰু এটা নিৰ্বাচন সন্মুখত

তাৰ পিছতেই সংস্থাপন

আত্মাহঁতৰ।

 

সময়বোৰ  এনেকৈয়ে আগবাঢ়ে 

পিঙ্গল পঙ্গুত্বক সশৰীৰে কঢ়িয়াই 

কালান্তক এন্ধাৰে কৰ্ষণ কৰে 

জীৱন্ত আত্মাৰ কবৰ।

দুর্জেয়  দুৰ্দ্দিনে এনেকৈয়ে

হেতালি খেলে

শতাব্দীক জীয়াই ৰখাৰ প্ৰুতিশ্ৰুতিৰে

শিকলিত বন্ধা আত্মাসবৰ লগত। ০ ০ ০

 

বৰষুণত মুখ গুজি 

অকলশৰীয়া তগৰ জোপাই 

বৰষুণত মুখ গুজি উচুপে 

এজাক ৰ’দৰ বাবে  

এদিনাখনতো এইজোপা তগৰেই

হাহাকাৰ কৰি ফুৰিছিল এটুপি পানীৰ  বাবে ।

এতিয়া ধাৰাষাৰ বৰষুণেও

আঁতৰ কৰিব নোৱাৰে তগৰৰ বুকুৰ তৃষ্ণা।

 

সেয়ে বৰষুণৰ পিছত আকৌ ৰ’দৰ বাবে 

এই শোক, এই বিষাদ, এই উচুপনি

প্ৰেমৰ সোৱাদ সেয়ে নেকি 

আইনষ্টাইনৰ 

আপেক্ষিকতাবাদৰ সূত্ৰৰ চকৰিত বন্ধী হৈ ঘূৰি ফুৰে ! ০ ০ ০

হেৰুৱাই আছো

নিৰন্ন নিৰানন্দত নিন্দিত মোৰ নবীন দিনবোৰ 

মই হেৰুৱাই আছো

অপচ্ছায়াময় অকালপক্ক অন্ধকাৰত

হেৰুৱাই আছে মোৰ সুনিল, সুনিৰ্মল, সহজাত সপোনবোৰ 

মোৰ হেৰুৱাই থকা অস্বিত্বৰ পৃথিৱীখনৰ লগতে হেৰুৱাই আছে

মোৰ আইৰ মৃদু মধুৰ মুখৰ সবুজ সৰলতা

হেৰুৱাই আছে 

কোনোবা নবীন গাভৰুৰ আহলাদিত ৰামধেনুময় স্বপ্নবোৰ ।

আমি এনেকৈয়ে হেৰুৱাই আছো

প্ৰতিনিয়ত, প্ৰতিপুৱা

আমাৰ হেৰুৱাক আৱৰি নামি আহে 

আকাশৰ পৰা হাহাকাৰ কৰি ফুৰা শূন্যতা। ০ ০ ০

তুমি সঁচাই প্ৰেমত পৰিছা

মই  বাধা  দিলো 

তুমি জুইত হাত দিলা 

মই বাধা দিলো 

তুমি আকৌ  জুইত হাত দিলা 

মই  পুনৰ বাধা দিলো 

তুমি পুনৰ জুইত হাত দিলা 

এইবাৰ মই বাধা নিদিওঁ 

মই বুজিলো সঁচাই 

তুমি সঁচাই প্ৰেমত পৰিছা। ০ ০ ০

                                               

                                                       সমাপ্ত

 

35 Comments

  1. খুব ভাল লাগিছে। আমাৰ এদল শিল্পীৰ প্ৰয়োজন শীৰ্ষক কবিতাখন মোৰ প্ৰিয় কবিতাৰ তালিকাত সোমাই পৰিল।

  2. Pingback: আকৌ আহিব।ৰাব্বি মছৰুৰ – Growhills Publishing

  3. Pingback: আকৌ আহিব।ৰাব্বি মছৰুৰ – Growhills Publishing

  4. Pingback: তুমি সঁচাই প্ৰেমত পৰিছা।ৰাব্বি মছৰুৰ – Growhills Publishing

  5. Pingback: কবিতা মানেইতো।ৰাব্বি মছৰুৰ – Growhills Publishing

  6. Pingback: তোমাৰ বাবেআই। ৰাব্বি মছৰুৰ – Growhills Publishing

  7. Pingback: কবিতা মানেইতো।ৰাব্বি মছৰুৰ - Growhills Publishing

  8. Pingback: তোমাৰ বাবেআই। ৰাব্বি মছৰুৰ - Growhills Publishing

  9. Pingback: তোমাৰ আশীর্বাদত।ৰাব্বি মছৰুৰ - Growhills Publishing

  10. Pingback: তোমাৰ আশীর্বাদত।ৰাব্বি মছৰুৰ - Growhills Publishing

  11. Pingback: বিদেশী বন্ধুলৈ।ৰাব্বি মছৰুৰ - Growhills Publishing

  12. Pingback: হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবি  আৰু কবিতা প্ৰসঙ্গ - Growhills Publishing

  13. Pingback: হীৰেন ভট্টাচাৰ্যৰ কবিতা: এক বৈশিষ্ট্যমূলক আলোচনা - Growhills Publishing

  14. Pingback: - Growhills Publishing

  15. Pingback: ইছমাইল হোছেইনৰ কবিতা 'কৃষক বন্ধুলৈ': এক বিশ্লেষণ - Growhills Publishing

  16. Pingback: ইছমাইল হোছেইনৰ কবিতা 'বিদ্ৰোহ': এক বিশ্লেষণ - Growhills Publishing

  17. Pingback: ইছমাইল হোছেইনৰ কবিতা 'জীৱন আৰু মানুহ বিষয়ক': এক বিশ্লেষণ - Growhills Publishing

  18. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দুঃসময়': এক  বিশ্লেষণ - Growhills Publishing

  19. Pingback: ইছমাইল হোছেইনৰ কবিতা 'ৰোৱনীজনী: তোৰ বিজন অৰণ্যত'-এক  বিশ্লেষণ - Growhills Publishing

  20. Pingback: ইছমাইল হোছেইনৰ কবিতা 'বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ': এক বিশ্লেষণ - Growhills Publishing

  21. Pingback: ইছমাইল হোছেইনৰ কবিতা 'বন্ধুবোৰ': এক  বিশ্লেষণ - Growhills Publishing

  22. Pingback: ইছমাইল হোছেইনৰ কবিতা 'মোক আকোৱালি লোৱা': এক বিশ্লেষণ - Growhills Publishing

  23. Pingback: ইছমাইল হোছেইনৰ কবিতা 'চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি': এক বিশ্লেষণ - Growhills Publishing

  24. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দৰিদ্ৰতা': এক বিশ্লেষণ - Growhills Publishing

  25. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আস্থানিক':  এক  বিশ্লেষণ - Growhills Publishing

  26. Pingback:  ইছমাইল হোছেইনৰ কবিতা 'বহুৰঙী': এক বিশ্লেষণ - Growhills Publishing

  27. Pingback: অতুল চন্দ্ৰ বৰুৱা-চমু পৰিচয় - Growhills Publishing

  28. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় - Growhills Publishing

  29. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় । Ismail Hossain - Growhills Publishing

  30. Pingback: ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা - Growhills Publishing

  31. Pingback: ইছমাইল হোছেইনৰ কবিতাত কৰুণ ৰস - Growhills Publishing

  32. Pingback: ইছমাইল হোছেইনৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *