মোৰ প্ৰিয় কবি।নলিনীৱালা দেৱী

মোৰ স্কুলীয়া জীৱনৰ প্ৰাৰম্ভিকতে মাতৃভাষাৰ বৰ্ণমালা উচ্চাৰণ কৰিব পৰা হোৱাৰে পৰা মই সাহিত্য-বিশেষকৈ কবিতাৰ প্ৰেমত পৰো। সেয়ে তেতিয়াৰ পৰা মই মোৰ পাঠ্যপুথি অধ্যয়ন কৰাৰ লগতে ঢৌতে  খৰমাৰি বিভিন্ন কবিৰ কবিতাৰ সোৱাদ লওঁ। আজি কবিতা অধ্যয়ন মোৰ অকল অভিৰুচিয়েই নহয়, ই মোৰ নিচা আৰু নিৰ্জন সময়ৰ বিনোদনত পৰিণত হৈছে। আজিলৈকে মই যিকেইজন কবিৰ কবিতা অধ্যয়ন কৰিছো, সেইসকল কবিৰ প্ৰায় আটাইকেইজনেই মোৰ প্ৰিয় যদিও আজি মই মোৰ প্ৰিয় কবিৰ বিষয়ে লিখিব লগা হোৱাত মোৰ প্ৰিয় কবিৰ তালিকাৰ পৰা এজনী অসমীয়া মহিলা কবিক বাছি ললো- যিজনীয়ে ব্যক্তিগত জীৱনত মাতৃ মেদিনীৰ সমস্ত কাৰুণ্য, সাহিষ্ণুতা আৰু ধৈৰ্য্যৰ ভাণ্ডাৰ বুকুত লৈ পূর্ব্ব -দৃষ্টান্তহীন অতীন্দ্ৰিয় ৰহস্যবাদী অনুভূতিৰ ব্যঞ্জনাৰে লালিত্যময় ছন্দসজ্জাত কবিতা ৰচনা কৰি অসমীয়া কাব্য কাননৰ ভঁৰাল চহকী কৰাৰ লগতে অসমীয়া কাব্য প্ৰেমী পাঠকক চিৰ দিনৰ বাবে  হৃদয় স্পৰ্শী সুৰৰ মুর্ছনাৰে মোহিত কৰি ৰাখিছে- সেই মহিমামণ্ডিতা  কবিজনীৰ নাম নলিনীৱালা দেৱী।

মোৰ প্ৰিয় কবি নলিনীৱালা দেৱীৰ জন্ম হয় ১৮৯৮ চনত। তেওঁৰ পিতৃৰ নাম আছিল নবীন চন্দ্ৰ বৰদলৈ- যাক অসমীয়া জাতিয়ে ‘কৰ্মবীৰ’ উপাধিৰে বিভূষিত কৰিছিল। তাইৰ মাতৃৰ নাম আছিল হেমন্ত কুমাৰী দেৱী। সেই সময়ত কু-সংস্কাৰাচ্ছন্ন অসমীয়া সমাজত নাৰী শিক্ষাৰ প্ৰচলন নাছিল বাবে নলিনীৱালাই আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিতা হৈছিল। তাৰোপৰি সেই সময়ত সমাজত প্ৰচলিত বাল্য বিবাহৰ  বলি হৈ মাত্ৰ এঘাৰ বছৰ বয়সতে জীৱেশ্বৰ চাং কাকতি নামৰ ডেকা এজনৰ লগত বিয়া হয়। কিন্তু স্বামীৰ ঘৰত সুখে সন্তোষে  থকাৰ যি ৰঙীন  কল্পনা লৈ তাই বিয়াত সোমাইছিল সেয়া বহু বছৰ নৰজিল। মানুহে পাঙে  ঈশ্বৰে ভাঙে – কথাফাকিৰ দৰে তাইৰ ৰঙীন  কল্পনা মাত্ৰ বিশ বছৰ বয়সতে ধূলিসাৎ  হৈ বৈধব্যৰ বগা কােপাৰ মূৰত ললে। স্বামী চাংকাকতিয়ে মাত্ৰ আঠ বছৰ বৈবাহিক জীৱন-যাপন কৰি তাইক পাঁচজন পুত্ৰ সন্তান উপহাৰ দি পৰপাৰলৈ গমন কৰে। নলিনীৱালাই বৈধব্যৰ জ্বালা বুকুত বান্ধি সন্তানসহ পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ঘৰত আশ্ৰয় ললে। স্বামী বিয়োগৰ চিতা-জুইকুৰা বুকুত দাউ-দাউকৈ জ্বলি থকাৰ সময়তেই ভূতৰ ওপৰত দানহ পৰাৰ দৰে তাইৰ দুটি পুত্ৰ সন্তানৰ অকাল মৃত্যু হয়। স্বামী শোক আৰু পুত্ৰ শোকত ম্ৰিয়মান নলিনীৱালাই পিতাকৰ পৰামৰ্শমতে বুকুৰ জুই কুৰাৰ  পৰা অলপ হ’লেও উপশম পোৱাৰ অৰ্থে ঘৰত অসমীয়া, বাংলা আৰু সংস্কৃত পঢ়িবলৈ আৰম্ভ কৰে। বিভিন্ন কিতাপ-পত্ৰ পঢ়ি সাহিত্যৰ জ্ঞান লাভ কৰি শোক-তাপৰ শেষ আশ্ৰয় হিচাপে  কাব্য ৰচনাত হাত দিয়ে।

১৯২৮ চনত তেখেতৰ প্ৰথম কবিতাৰ পুথি “সন্ধিয়াৰ সুৰ” প্ৰকাশ পায়। লগে লগে অসমীয়া কাব্য কাননত এটি নতুন  প্ৰতিভা প্ৰতিভাত হ’ল। ইয়াৰ পিছত তাই আৰু ৰব লগা হোৱা নাই। এটাৰ পিছত এটাকৈ কবিতা পুথি প্ৰকাশ হৈ থাকিল। তাইৰ কবিতা পুথিৰ ভিতৰত- সপোনৰ  সুৰ, পৰশ মণি, যুগ দেৱতা, স্মৃীতিতীৰ্থ, অলকানন্দা  আদি প্ৰকাশ পায় আৰু পাঠক সমাজৰ পৰা বিপুল সমাদৰ লাভ কৰে।

তাইৰ কাব্য-প্ৰতিভাৰ স্বীকৃতি হিচাপে  ‘অলকানন্দা’ কাব্য পুথিৰ বাবে  ১৯৬৮ চনত সাহিত্য একাডেমীৰ পুৰষ্কাৰ লাভ কৰে। ১৯৪৭ চনত অসম চৰকাৰে তাইলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়। ১৯৫১ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ একবিংশতম অধিবেশনত সভানেত্ৰী পদ অলংকৃত  কৰে। ১৯৫৫ চনত দিল্লীত অনুষ্ঠিত  হোৱা সৰ্বভাৰতীয় কবি সন্মিলনীলৈ আমন্ত্ৰিত হৈ ভূয়সী প্ৰশংসা পোৱাৰ লগতে ৰাষ্ট্ৰপতিৰ সম্ভৰ্ধনা লাভ কৰে।

কবিতা ৰচনাৰ উপৰিও তাই জীৱনী গ্ৰন্থ, নাটক আৰু আত্ম-জীৱনীও ৰচনা কৰে। অতীন্দ্ৰিয় ৰহস্যবাদ, স্বদেশ প্ৰেম, প্ৰেম-বিৰহ  তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।

এই গৰাকী মহান কবিৰ মহাপ্ৰয়াণ ঘটে ১৯৭৭ চনত।

এতিয়া প্ৰশ্ন হ’ল মই মোৰ আন আন প্ৰিয় কবিৰ মাজৰ পৰা নলিনীৱালা দেবীক   মোৰ প্ৰিয় কবি হিচাপে  বাছি ললোঁ কিয় ?তাইৰ কবিতাৰ বৈশিষ্ট্য বিশ্লেষণ কৰিলেই ইয়াৰ  কাৰণেবাৰ ওলাই পৰিব, যথা-

প্ৰথমতে, নলিনীৱালাৰ কবিতা অতীন্দ্ৰিয় ৰহস্যবাদৰ সুৰেৰে পুক্ত । মানুহে ৰোগ, শোক, জৰা, মৃত্যু আদিৰে ভৰপুৰ পৃথিৱীত প্ৰশান্তি আৰু সমান্তৰাল শেষ আশ্ৰয় হিচাপে আধ্যাত্মিক চিন্তাত মনোনিেবশ কৰে। তাইৰ কবিতাই শোকাকুল পাঠকক সেই আধ্যাত্মিকতাৰ খোৰাক যোগায়। কবি গৰাকীয়ে বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো ধূলি-বালিত ঈশ্বৰৰ  সন্ধান পাইছে। সেয়ে তাই গাইছে-

“জগতৰ প্ৰতি ৰেণু মাজে

আছা তুমি জানো ভালকৈয়ে।”

কবিয়ে ভাৱিছে মানৱ আত্মাৰ শেষ আশ্ৰয় ঈশ্বৰৰ কোলাত। তাইয়ো ঈশ্বৰ আত্মাৰ লগত বিলীন হ’বলৈ হাবিয়াস কৰি গাইছে-

“তুমি জ্যোতি মই ৰেণু

হে  অৰূপ ৰূপৰ আলয়

অনুৰুপে  অনাদিত

তোমাতেই লীন হ’ম গৈ।”

কবি নলিনীবালাই ঈশ্বৰক  মহাশক্তিশালী সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু বিনাশকৰ্তা হিচাপে  উপলব্ধি কৰি মানৱ জীৱন যে ঈশ্বৰৰ হাতৰ পুতুলা- ঈশ্বৰৰ ইচ্ছাতে পৰিচালিত হৈ আছে, সেয়া প্ৰকাশ কৰি লিখিছে-

“কাৰোবাৰ মুখত হাঁঁহি

চকুপানী কাৰোবা বোৱাই,

হিয়া জুৰি জুই জ্বালি

শান্তি ঢালি, দিয়া নুমুৱাই।”

দ্বিতীয়তে, মই তাইৰ কবিতা ভালপোৱাৰ আন এক কাৰণ হৈছে, তাইৰ কবিতাত সততে পোৱা দেশপ্ৰেমৰ অবিমল উৎস। কবিয়ে নিজৰ দেশক ইমানেই ভাল পায় যে মাতৃভূমিয়েই তাইৰ বাবে  স্বৰ্গ। তাই কৈছে-

“তোমাৰ ই ধূলি বালি

তোমাৰ আকাশ বায়ু

আই মোৰ সৰগৰ বাস;

তুমি মোৰ মৰতৰ

পুণ্য মুকুতিৰ ভূমি

তুমি মোৰ তীৰ্থৰ প্ৰবাস।”

কবিজনীৰ দেশপ্ৰেমমূলক কবিতাৰাজিয়ে পাঠকৰ মন-প্ৰাণত দেশপ্ৰেমৰ ভাৱেৰে আপ্লুত কৰি স্বদেশ প্ৰীতিৰ বাবে  উদ্বুদ্ধ কৰে।

তৃতীয়তে, তাইৰ কবিতাৰ আন এক অবিমল উৎস হ’ল তাইৰ প্ৰেমানুভূতি। তাই নিজৰ স্বৰ্গগত স্বামীগৰাকীক কেতিয়াও পাহৰিব পৰা নাই। প্ৰতি মূহৰ্ততে স্বামীৰ স্মৃতি মনত ৰাখি তেওঁৰ আত্মাৰ সৈতে মিলি যাবলৈ আকুণ্ঠ বাসনা ৰাখিছে। স্বামীৰ বিৰহত তাইৰ অন্তৰ হাহাকাৰ কৰি চিঞৰি উঠিছে,

“অন্তৰ বিদাৰি নিতে

উঠে হাহাকাৰ বিৰহৰ

আছা তুমি, আছা তুমি ক’ত·”

অকালতে হেৰুৱা পুত্ৰ শোকত কবি ম্ৰিয়মান। সেয়ে তাই শোক কৰি গাইছে,

“ধেমালি সামৰি থৈ, সন্ধিয়া পৰত

যোৱা তুমি কাৰ কাষলৈ

ধূলি বালি মচি কোনে, মোৰ দৰে বাৰু

বুকুত সাবটি তুলি লয়·”

ইংৰাজ কবি P. B Shelley  য়ে কৈছিল, Our sweetest songs are those that tell of saddest thoughts, অৰ্থাৎ সেইবোৰেই  আমাৰ সুমধুৰ সঙ্গীত যি সঙ্গীতে দুখৰ কাহিনী শুনায়। নলিনীৱালাৰ কবিতা মন-প্ৰাণ স্পৰ্শা একো একোটা শোক- দুখৰ জয় গাঁথা।

চতুৰ্থতে, নলিনীৱালাৰ কবিতাৰ ভাষা¸ আৰু ছন্দ-সজ্জা পাহাৰী নিজৰাৰ দৰে তীব্র, গতিময় আৰু আবেগ-বিহবল- যিয়ে প্ৰতিজন পাঠকৰ হূদয়ত অফুৰন্ত শিহৰণ আৰু ঝংকাৰৰ  প্ৰতিধবনি তোলে। ইয়াৰ উপৰি তাইৰ প্ৰতিটো কল্পচিত্র যেন একো-একোটা মনি-মুকুতা খচিত  হীৰাৰ মালা। তলত উদ্ধৃত কবিতাফাঁকি ইয়াৰ এটি সাধাৰণ উদাহৰণ, যথা-

“ৰচিম হোমৰ  বেদী

চিৰ শেষ শ্মশান চিতাত

নিবেদিম অৰ্ঘ মোৰ

পূৰ্ণ হ’ব হে পূৰ্ণ তোমাত

চিতাগ্নি হোমাগ্নি হ’ব

সমীৰণ মলয় চন্দন।”

মুঠতে নলিনীৱালা দেৱীৰ কবিতা পঢ়ি মোৰ দুখ-শোকেৰে পুৰ্ণ খন্তেকীয়া পাৰ্থিৱ  জীৱনৰ নীৰৱ মুহূর্তবোৰ  পাৰ কৰাৰ লগতে আধ্যাত্মিকতাৰ কোলাত ঢলি  পৰিব পাৰি। সেয়ে নলিনীৱালা দেৱীৰ কবিতা মই ভাল পাওঁ আৰু তাই মোৰ প্ৰিয় কবি।

শেষত কামনা কৰো, মোৰ প্ৰিয় কবি নলিনীৱালা দেৱীৰ আত্মা ঈশ্বৰ আত্মাৰ লগত বিলীন হৈ পৰমপদ  লাভ কৰি চিৰ শ্বাশত শান্তিধাম স্বৰ্গত প্ৰৱেশ কৰক। 

    …ৰাব্বি মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *