অসমৰ বানপানী

আৰম্ভণি: পানীৰ অস্বাভাৱিক বাঢ়নিয়েই বানপানী। ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে আটাইতকৈ বেছি বানপানী আসক্ত প্ৰদেশ। বৰ্ণনাতীত কালৰে পৰা অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জন-জীৱন বানপানীৰ দ্বাৰা সকৰুণভাবে প্ৰভাৱিত হৈ আহিছে।  ই হ’ল অসমৰ এক স্বতঃস্ফূর্ত  প্ৰাকৃতিক বিপৰ্যয়। 

বানপানীৰ কাৰণ ঃ অসমৰ বানপানীৰ বাবে  বহুতো উৎস দায়ী, যথা: 

প্ৰথমতে, গ্ৰীষ্ম কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়, যাৰ ফলত অসমৰ বাট-পথ, গাওঁ-ভূই প্লাৱিত হৈ বাপানীৰ সৃষ্টি হয়। 

দ্বিতীয়তে, অসম হৈছে পাহৰ আৰু পবর্ত, নদী আৰু উপনদী, জান আৰু জুৰিৰ দেশ। ইয়াৰ ওচৰে-পাঁজৰে থকা  পাহাৰ আৰু পর্বত  (বিশেষকৈ হিমালয় পৰ্বত ) সমূহত জমা হৈ থকা বৰফবোৰ  গ্ৰীষ্ম ঋতুত  সূৰ্যৰ তাপত গলি অসমৰ ব্রহ্মপুত্ৰ আৰু ইয়াৰ  উপনৈসমূহ প্লাৱিত কৰি বানপানীৰ সৃষ্টি কৰে।

তৃতীয়তে, চৰকাৰে নিৰ্মাণ কৰা নলী-নৰ্দমা, দলং, কালভাৰ্ট, নদীৰ মাথাউৰি আদিত বহুতো আসোঁৱাহ থকাৰ বাবে বাৰিষা কালত পানীৰ হেচাঁত ভাঙি-চিঙি  নদী উপ-নদীৰ পানী গাওঁ-ভূই, শস্য পথাৰ আদিত সোমাই  বানপানীৰ সৃষ্টি কৰে। 

বানপানীৰ প্রভাব: বানপানীৰ প্ৰভাৱ  অসমবাসীৰ কাৰণে সুদূৰ-প্ৰসাৰী। ই মানুহৰ খেতি-বাতি, পথাৰ, পুখুৰী আদি নষ্ট কৰাৰ উপৰিও হাজাৰ হাজাৰ ঘৰবাৰী, ভিটা-মাটি উচ্ছন্ন কৰে।  বহু পৰিয়ালক  গৃহহীন কৰে। বহু মানুহক জীৱন্তে উঠাই লৈ গৈ সলিল সমাধি ঘটায়। ই ৰাস্তা-ঘাট, সাঁকো, দলং, আদিৰ ক্ষতি সাধন কৰি যোগাযোগ বিচ্ছিন্ন কৰে। 

তাৰোপৰি বানপানীৰ পিছতো গেলা-পচা বস্তু আৰু মৰা-শৰ গোন্ধই পৰিৱেশ  দূষিত কৰি অনাহাৰ -অনিদ্ৰাত ভূগি থকা মানুহক বেমাৰত  পেলায়।  কেতিয়াবা কেতিয়াবা মহামাৰীৰ সৃষ্টি কৰি বহুত লোকৰ প্ৰাণ নাশ কৰে। ফলত সামাজিক, আৰ্থিক, আৰু সাংস্কৃতিক দিশত অৱনমন ঘটে। মুঠতে বানপানীয়ে অসমবাসীৰ কাৰণে চৰম অভিশাপ হৈ জন- জীৱন সকৰুণভাৱে বিধবস্ত কৰে।

বানপানী ৰোধৰ উপায়: প্ৰতিটো সমস্যাৰ সমাধান থকাৰ দৰে বানপানী নামৰ দৈত্যটোক ৰোধ কৰাৰো উপায় নিশ্চয় আছে। ইয়াক ৰোধৰ বাবে  আমি তলত দিয়া উপায়বোৰ  গ্ৰহণ কৰিব পাৰো: 

প্ৰথমতে,  মহাবাহু ব্রহ্মপুত্ৰক বৈজ্ঞানিকভাৱে নিয়ন্ত্ৰণ কৰি বা দুয়ো পাৰে শক্তিশালী মাথাউৰি বান্ধি ইয়াৰ জলশক্তিক অন্য কামত ব্যৱহাৰ কৰিব পাৰিলে বানপানীৰ প্ৰাৱল্যৰ পৰা নিশ্চয় অসমবাসী সকাহ পাব। 

দ্বিতীয়তে, ব্রহ্মপুত্ৰ নদীৰ সকলো উপনদীসমূহকো সুপৰিকল্পিতভাবে  নিয়ন্ত্ৰণ কৰি স্থায়ীভাৱে মাথাউৰি নিৰ্মাণ কৰাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিব লাগে।

তৃতীয়তে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে  অধিক গছ-গছনি ৰুব লাগে আৰু যধে-মধে গছ-গছনি কটা ৰোধ কৰিব লাগে।

চতুৰ্থতে, সুপৰিকল্পিতভাৱে  আলিবাট, কালভাৰ্ট, দলং আদি নিৰ্মাণ কৰিব লাগে যাতে অতিৰিক্ত পানীৰ প্ৰাৱল্য  প্ৰতিৰোধ কৰিব পাৰে।

পঞ্চমতে, হ্রস্বম্যাদী আঁচনিবোৰৰ  ভিতৰত বানপানীয়ে সৃষ্টি কৰা দুৰ্যোগ চম্বালিবলৈ চকৰকাৰী অনুদান, বৰঙণি, সাহাৰ্য আদি বৃদ্ধি কৰিব লাগে আৰু কোনো ধৰণৰ ৰঙা-ফিটাৰ মেৰপাক সোমাব নিদিয়াকৈ ৰাইজক যোগান ধৰিব লাগে।

সামৰণি: অসমৰ বানপানী যদি নিয়ন্ত্ৰণ কৰিব পৰা যায়, তেন্তে অসম তথা ভাৰতৰ অৰ্থনীতি নিশ্চয় টনকীয়াল হ’ব আৰু অসম ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত এক লেখতলবলগীয়া ৰাজ্যত পৰিণত হ’ব।

…ৰাব্বি মছৰুৰ

Two Useful books for Students:

Leave a Reply

Your email address will not be published. Required fields are marked *