ভাৰতৰ জাতীয় সংহতি

ভাৰতৰ জাতীয় সংহতি । ভাৰত  আৰু  জাতীয় সংহতি 

কোনো এখন দেশ বা জাতি একোটাৰ ভিতৰত বসবাস কৰা বিভিন্ন বৰ্ণ-সম্প্ৰদায়, ভাষা-ভাষী আৰু ধৰ্মালম্বীৰ লোকসকলৰ মাজত সমন্বয় বা একতাই জাতীয় সংহতি। উত্তৰে  হিমগিৰিৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে বিস্তৃত ভাৰতবৰ্ষ ঐক্য বা সংহতিৰ এক লীলাভূমি। এইখন ভাৰতবৰ্ষত  প্ৰাকৃতিক দিশত অনৈক্য আছে যথা-কিছুমান অঞ্চল অতিপাত ঠাণ্ডা, কিছুমান অঞ্চল অতিপাত গৰম আৰু কিছুমান অঞ্চল নাতিশীতোষ্ণ। এনেদৰে ইয়াত  বিভিন্ন ভাষা ভাষী বা সম্প্ৰদায় যথা- অসমীয়া, বঙালী, মাৰাঠী, তামিলী, হিন্দী, ৰাজস্থানী আদিৰ লোক বসবাস কৰে। আকৌ ভাৰতবৰ্ষত পৃথিৱীৰ আটাইবোৰ  ধৰ্মৰ লোক যথা- হিন্দু, বৌদ্ধ, খৃষ্টান, মুছলমান,পাৰ্চী আদি ধৰ্মৰ লোক কাহানিৰেপৰাই পৰাই বসবাস কৰি আছে। বাস্তৱত দেখা যায় ভাৰতবৰ্ষ এখন অনৈক্যৰ বিচৰণ ক্ষেত্ৰ । তথাপি এনে অনৈক্যৰ মাজত ভাৰতবাসীয়ে সংহতিৰ বান্ধোনেৰে বান্ধ খাই আছে। আজি আমি আটায়ে মহান ভাৰতৰ নাগৰিক বুলি গৰ্ব কৰো। সমগ্ৰ বিশ্বয়ো আজি ভাৰতবৰ্ষৰ সংহতিত বিষ্ময় মানে। অৰ্থাৎ ভাৰতবৰ্ষখন অনৈক্যৰ মাজত ঐক্যৰ এক বিৰল নিদৰ্শন। কিন্তু ভাৰতৰ এই ঐক্য বা সংহতি একে দিনাই স্থাপন হোৱা নাছিল। ভাৰতবৰ্ষই আজি যি সংহতি, একতাৰ গৌৰৱ বা সন্মানৰ অধিকাৰী হৈছে সেয়া ইতিহাসৰ কোনোৱা এটি যুগৰ পৰা আৰম্ভ কৰি সমন্বয় আৰু বিকাশৰ মাজেদি আজিৰ অৱস্থা পাইছেহি।

ভাৰতৰ মহান সংহতি গঠনত কেইবাটাও কাৰকে বা উপাদানে অৰিহণা আগবঢ়াইছে। প্ৰথমে ৰাজনীতিৰ কথাকেই  উনুকিয়াব পাৰি। আমি ইতিহাসত পাওঁ যীচু খ্ৰীষ্ট জন্মৰ কেইবা শতাব্দীৰ আগতে ভাৰতত ‘ভৰত’ নামৰ এজন মহান ৰজাই ডাঙৰ সাম্ৰাজ্য স্থাপন কৰিছিল। তেতিয়া এই বিশাল ৰাষ্ট্ৰৰ অধিবাসীসকলে একেজন শাসনকৰ্তাৰ অধীনত শাসিত হ’বহৈ পাই সিহঁতে এটা জাতি হিচাপে  ভাৱিবলৈ আৰম্ভ কৰিছিল। দ্বিতীয়তে মোগল সম্ৰাট সকলেও ভাৰতত এটি ডাঙৰ  সম্ৰাজ্য স্থাপন কৰি সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ মানুহক একতাৰ জৰীৰে  বান্ধিবলৈ প্ৰচেষ্টা চলাইছিল। যাৰ ফলত হিন্দু আৰু মুছলমান বা অন্যান্য সম্প্ৰদায় বা ধৰ্মালম্বী লোকসকলৰ মাজত  সমন্বয়  সম্ভৱ হৈছিল। মোগল শাসকসকলৰ পিছত ভাৰতবৰ্ষখন ইংৰাজৰ হাতলৈ যায়। সিহঁতে ভাৰতত শোষণ কৰিবলৈ লোৱাত ভাৰতীয় মানুহে ইংৰাজৰ হাতৰ পৰা দেশখন স্বাধীন কৰিবলৈ স্বাধীনতা যুদ্ধত জপিয়াই পৰিছিল। ফলত ভাৰতীয়সকলৰ মাজত সংহতিৰ ভেটিটো অধিক কটকটীয়া হয়।

দ্বিতীয়তে ধৰ্ময়ো ভাৰতীয় সংহতি স্থাপনত  ভূমিকা গ্ৰহণ কৰিছে। এই সংহতি স্থাপনৰ নায়কসকল  হ’ল কবিৰ,  শংকৰাচাৰ্য্য, নানক, শংকৰদেৱ, মাধৱদেৱ আদি ধৰ্ম সংস্কাৰক সকল। সিহঁত আটাযে ভাৰতত একেশ্বৰবাদ প্ৰচাৰ কৰে। সিহঁতে সকলো মানুহকে ঈশ্বৰৰ সন্তান বুলি উদাৰ মনোভাৱ গ্ৰহণ কৰি ভাৰতীয় জীৱনত প্ৰভাৱ পেলায়। ফলত সকলো ধৰ্মৰ মাজত সমন্বয় আৰম্ভ হয়। গুৰু নানকক হিন্দুসকলে ‘গুৰু’ আৰু মুছলমানসকলে ‘পীৰ’ বুলি মান্য কৰে-

“গুৰু নানক ছাহ ফকিৰ

হিন্দুকা গুৰু মুছলমান কা পীৰ।”

ভাৰতত মোগল সম্ৰাটসকলৰ ধৰ্মীয় নীতিয়ো ভাৰতীয় সংহতি স্থাপনৰ এটি উপকাৰক। মোগল সম্ৰাটসকলে সকলো প্ৰজাক সমান চকুৰে চোৱা আৰু যোগ্যতাৰ ভিত্তিত  ৰাজসভাত স্থান দিয়া উদাহৰণ ইতিহাসত আছে। আকবৰে হিন্দু পণ্ডিত টোডৰমল আৰু বীৰবলক ৰাজসভাত বিষয়-ভাৱ দিছিল। ইয়াৰোপৰি মোগল সম্ৰাটসকলে হিন্দু কোঁৱৰীৰ পাণিও গ্ৰহণ কৰি ধৰ্মীয় ঐক্য সাধনত ইন্ধন যোগাইছিল। স্বাধীনতা পোৱাৰ পিছত ভাৰতীয় সংবিধানে সকলো ধৰ্মৰ লোকসকলৰ বাবে একে নীতি, একে ভূমি, একে শাসন প্ৰবৰ্তন কৰি ধৰ্মনিৰেপক্ষতা বজাই ৰখাত গুৰুত্ব দিয়ে। ফলত ধৰ্মীয় সহনশীলতাৰ প্ৰকোপ বাঢ়ি সংহতি স্থাপনত অৰিহণা যোগাইছে।

তৃতীয় শক্তিশালী কাৰকটো হ’ল ভাৰতীয় সমাজত চলি থকা ধৰ্মীয় উৎসৱ -পাৰ্বনসমূহ। আজি দুৰ্গা পূজা, লক্ষ্মী পূজা, স্বৰস্বতী পূজা, শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা আদি অকল হিন্দুসকলৰ উৎসৱ নহয়; এইবোৰ উৎসৱত সকলো ধৰ্মৰ মানুহে অংশ গ্ৰহণ কৰি সৰ্বভাৰতীয় উৎসৱত পৰিণত কৰিছে।

চতুৰ্থতে ভাষা আৰু সাহিত্যেয়েও জাতীয় সংহতি স্থাপনত বৰঙণি  আগবঢ়াইছে। আজি ৰামায়ণ, মহাভাৰত, পুৰাণ অকল হিন্দুসকলৰ গ্ৰন্থ নহয়। ই ভাৰতীয়সকলৰ উমৈহতীয়া আদৰ্শ বা আধ্যাত্মিক  প্ৰেৰণাৰ গ্ৰন্থ। বহু মুছলমানেও  হিন্দুৰ ধৰ্ম গ্রন্থবোৰৰ  পৰা আধ্যাত্মিক নিৰ্য্যাস আহৰণ কৰি আছে। মোগল সম্ৰাট ছাহজাহানৰ পুত্ৰ দাৰা ছিকো এজন পাৰ্চী, আৰৱী আৰু সংস্কৃত ভাষাৰ পণ্ডিত আছিল। সাহিত্যৰ দিশত ইকবাল, ৰবীন্দ্ৰনাথ, নজৰুল আদি সাহিত্যিকৰ ধৰ্মনিৰেপক্ষ লিখনিয়ে সকলো ভাৰতীয়কে উদ্বুদ্ধ  কৰে। ৰবীন্দ্ৰনাথে ভাৰতীয় সংহতিক স্বীকাৰ কৰি লিখিছে-

“হেথায় আৰ্য হেথায় অনাৰ্য,

হেথায় দ্ৰাবিড় চীন

হক,শূণ  দল পাঠান মোগল

এক দেহে হ‘ল লীন।”

স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত যাতায়ত, যোগাযোগ, ব্যৱসায় বাণিজ্য আদি সম্প্ৰসাৰিত হৈছে। যাৰ ফলত বিভিন্ন অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত যোগাযোগ আৰু মিলা-মিছা সম্ভৱ হৈ সংহতি স্থাপনত অৰিহণা যোগাইছে।

এনেদৰে অনৈক্যৰ লীলাভূমি ভাৰতবৰ্ষত উক্ত কাৰক সমূহে সংহতি স্থাপন কৰি আজি মহান ভাৰতীয় জাতি গঠন কৰিছে।

ভাৰতবৰ্ষ সংহতিৰ দিশত বিশ্বৰ ঈৰ্ষাৰ পাত্ৰ হলেও ভাৰতত সংহতিৰ পথত কাঁইট বা বাধা নথকাও নহয়। আজি এচাম গোড়া স্বাৰ্থান্বেষী লোকে ভাৰতত সম্প্ৰদায়িকতাৰ বিষ-বাষ্প বিয়পাই দিছে। ফলত বিভিন্ন সম্প্ৰদায় আৰু ধৰ্মালম্বীসকলৰ মাজত বৈষম্য তথা হিংসা-হিংসিৰ ঘটনা ঘটিবলৈ পাইছে। উদাহৰণ স্বৰূেপ ১৯৫০ চনত হোৱা হিন্দু মুছলমান সংঘৰ্ষ, ১৯৮০-৮৫ চনত অসমীয়া আৰু মুছলমান সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষ, যোৱা ২০০৩ ত সংগঠিত হোৱা গুজৰাটৰ হিন্দু-মুছলমান সংঘৰ্ষ, অসমৰ পৰা বিহাৰী খেদা আন্দোলন আদি কিছুমান বিক্ষিপ্ত উদাহৰণ।

উক্ত ঘটনাবোৰে   ভাৰতীয় মহান সংহতিত কিছু আঘাত হানিলেও সেয়া ক্ষণস্থায়ী। ইয়াৰ বাবে  ঘাইকৈ ৰাজনৈতিক নেতাবোৰৰ স্বাৰ্থান্বেষী মনোভাৱেই  সততে দায়ী। অৱশ্যে ভাৰতৰ জাতীয় সংহতিত আজি চৰম পৰ্যায়ত থকা বুলি ক’ব নোৱাৰি। কিয়নো অন্যান্য কিছুমান বৈষয়িক তথা ধৰ্মীয় কাৰণো ইয়াৰ বাবে  দায়ী। বৈষয়িক কাৰণৰ ভিতৰত ভাৰতত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা অধিক। দৰিদ্ৰতাৰ কবলত পৰি কেতিয়াবা শিক্ষিত বা অশিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে নানান কুটাঘাতমুলক কামত ব্যস্ত হয়-যিবোৰ কামে বহু সময়ত সোঁচৰা বেমাৰৰ দৰে জনসাধাৰণৰ মাজত অশান্তি তথা সাম্প্ৰদায়িক হিংসা খৰিয়ালৰ উদ্ভৱ কৰে।

ভাৰতৰ জাতীয় শক্তি অটুট ৰখাৰ লগতে ইয়াক অধিক শক্তিশালী কৰি তুলিবলৈ সাম্প্ৰদায়িকতাবাদ সমূলেঞ্চ নিৰ্মূল কৰিব লাগিব। লগতে আজি আমাৰ দৃষ্টিভঙ্গী উন্নত কৰি  আমি যে আটাইয়ে ঈশ্বৰৰ সন্তান- সেয়া সদায় মনত ৰাখি আৰু হিংসা, ঈৰ্ষা আদি পাহৰি আমি ভাৰতীয় বুলি একে পতাকাৰ তলত থিয় দি জাতীয় সংহতি বজাই ৰখাত আগবাঢ়ি  আহিব লাগিব। অন্যথা বৰ্তমান সৰু সুৰা ‘সাম্প্ৰদায়িতা’ নামৰ স্ফুলিংগই প্ৰকাণ্ড অগ্নিকুণ্ড হৈ আমাক নিঃশেষ কৰিব।

…ৰাব্বি মছৰুৰ

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *