বৰ্তমান সমাজত দুৰ্নীতি আৰু তাৰ প্ৰতিকাৰ

যি আইন বা নীতি বিৰুদ্ধ সেয়াই দুৰ্নীতি। বিস্তৃত ভাষাত ক’বলৈ গ’লে, সমাজ বা দেশত প্ৰচলিত আইন, নীতি, নৈতিকতা, মানবতা আদিৰ বিৰুদ্ধে যিবোৰ কাৰ্য্য-কলাপ সকলোৱে জানে অথচ গোপনে চলি সমাজ তথা দেশৰ শান্তি -শৃঙ্খলা আৰু সামগ্ৰিক উন্নয়নত হেঙাৰ স্বৰুপে  দেখা দিয়ে- সেয়াই দুৰ্নীতি। আজি বিজ্ঞান আৰু যুক্তিৰ যুগত মানৱ সমাজ, সভ্যতা আৰু উন্নয়ণৰ দিশত যিমানেই আগুৱাই আছে, দুৰ্নীতিয়েও সমান্তৰাল গতিত চৰম সীমালৈ গতি কৰি এক সামাজিক আৰু সোঁচৰা বেমাৰত পৰিণত হৈছে। বৰ্তমান আমাৰ সমাজ তথা দেশৰ এনে এটি বিভাগ পাবলৈ নাই  য’ত দুৰ্নীতি নাই। প্ৰশাসনীয় বিভাগ, চৰকাৰী কাম কাজ আদি সকলোতে দুৰ্নীতিয়ে বাহ  লৈ আমাৰ সমাজ তথা মানৱ সভ্যতাক আক্টুপাচ  দৰে মেৰিয়াই লৈছে। দুৰ্নীতিৰ বিষয়ে কৈ অন্ত পেলাব নোৱাৰি যদিও তলত দেশৰ বিভিন্ন বিভাগত চলি থকা দুৰ্নীতিৰ বিষয়ে চমু আভাষ দিবলৈ চেষ্টা কৰা হ’ল-

আজি সৰ্বসাধাৰণ মনুহে মুকলিভাৱেই কোৱা আৰম্ভ কৰিছে যে দুৰ্নীতি কৰি কৰি যিজনে পৰিয়াল তথা সমাজত স্থান নাপায় সেইজনে ৰাজনীতিত আশ্ৰয় লয়। কথাষাৰ হাস্যকৰ যেন লাগিলেও ইয়াৰ সত্যতা নুই কৰিব নোৱাৰি। আজি ৰাজনীতি যে দুৰ্নীতিৰ “সঞ্চয়-ভৰাল” সেয়া সকলো সুস্থ মস্তিষ্কৰ ব্যক্তিয়ে একমুখে স্বীকাৰ কৰিব। দুৰ্নীতিত পুত  যোৱা ৰাজনৈতিক নেতা সকলে অকল ক্ষমতাৰ লোভত বহুসময় টকা আৰু ভুৱা প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জয়ী হৈ গাদী দখল কৰে আৰু পিছত নিৰ্বাচনত খৰচ হোৱা টকাৰ কেইবা হাজাৰ গুণ দুৰ্নীতিৰ মাধ্যমেদি আদায় কৰি লয়। অৰ্থাৎ আজি ৰাজনীতি হৈ পৰিছে দুৰ্নীতিৰ এক ডাঙৰ বেহা। ৰাজনৈতিক শীৰ্ষ নেতা বোৰৰ আদৰ্শ তথা উৎসাহ পাই তলতীয়া কৰ্মচাৰী সকলেও ৰাইজৰ পৰা মিছা প্ৰতিশ্ৰুতি দি বা চাকৰি দিয়াৰ প্ৰলোভন দি লাখ লাখ টকা আত্মসাৎ কৰি আছে।

দ্বিতীয়তে শিক্ষা বিভাগৰ কথাকেই ল’ব পাৰি। আজিৰ যোগত শিক্ষা লাভ কৰাটো জ্ঞান লাভ কৰাক নুবুজায়। আজিৰ যুগত শিক্ষা মানে ব্যৱসায় আৰু দুৰ্নীতিৰ অনুশীলন। উদাহৰণ হিচােপ সৰ্বশিক্ষা আঁচনি, অনানু‡ানিক শিক্ষা আঁচনি, সপ্তম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি যোগান ধৰা আঁচনি নিশ্চয় শিক্ষাৰ নামত েভকু ভাওনাহে । দেখা গৈছে বহু স্কুলত পাঠ্যপুথি নোহোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলৈ লোৱা হৈছে। আনহাতে চৰকাৰে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি সমূহ কেজি হিচােপ বজাৰত বিক্ৰী হৈছে। এয়া স্বাভাৱিক উদাহৰণ যদিও উচ্চ শিক্ষাৰ ক্ষেত্ৰত দুৰ্নীতি আৰু লজ্জ্বাজনক। দেখা গৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যিক বা দেশীয় বিদ্যালয় বা বিশ্ববিদ্যালয়ত পাচ কৰিব নোৱাৰে তেনে ছাত্ৰেবাৰে কিছুমান ব্যৱসায়ধৰ্মী দেশী বা বিদেশী বিশ্ব বিদ্যালয়েবাৰৰ পৰা টকাৰে অৰ্হতা কিনি আনি শিক্ষা বিভাগত সোমাই নতুন চামক দুৰ্নীতিৰ আঁখৰা দি আছে। 

ব্যৱসায় বাণিজ্যতো দুৰ্ৰ্নীতিৰ প্ৰভাৱ কম নহয়। আজিকালি অধিক মুনাফা আদায়ৰ আশাত ব্যৱসায়ীসকলে Îবয়া বস্তুকো বিজ্ঞাপনযোগে ভাল বুলি জাহিৰ কৰি জনসাধাৰণক ঠগাইছে। বহুসময়ত নিত্য সামগ্ৰীসমূহৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি জনসাধাৰণক শোষণ কৰিছে।

তেনেদৰে  চৰকাৰী অফিচ আদালতৰ বিভিন্ন বিভাগ আৰু বিভিন্ন নিযুক্তিতো দুৰ্নীতিয়ে নীতিত পৰিণত হৈছে। আজি  উৎকোচ নিদিয়াকৈ কোনোৱে যোগ্যতা থাকিলেও চৰকাৰী চাকৰিত সোমাৱ নোৱাৰে। ভাৰতত চলি থকা দুৰ্নীতিৰ বিষয়ে মন্তব্য কৰি এজন ইংৰাজ লিখকে লিখিছিল- “ভাৰত হৈছে বিশেষ আটাইতকৈ ধনীদেশ কিয়নো ভাৰতৰ সামান্য প্ৰহৰীৰ চাকৰি কৰা ব্যক্তিৰ পৰা শাসন ক্ষমতাৰ শীৰ্ষতম ব্যক্তিয়েও উৎকোচ গ্ৰহণ কৰিও ভাৰতবৰ্ষ ইমান দিনে জীয়াই আছে।” উক্ত মন্তব্যটো কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে নিশ্চয়।

মুঠতে ভাৰতবৰ্ষৰ লগতে তৃতীয় বিশ্বৰ দেশসমূহ দুৰ্নীতিত ইমানেই লিপ্ত যে যাৰ বােব সিহঁতৰ উন্নয়নৰ পথ ৰুদ্ধ হৈ পৰিছে। এনেদৰে দুৰ্ৰ্নীতি চলি থাকিলে অৱশেষত সিহঁতে যে নিজৰ ভিতৰতে আত্মজাহ যাব সেয়া নিশ্চিত।

এতিয়া প্ৰশ্ন হ’ল- আমাৰ সমাজত চলি থকা দুৰ্নীতি নামৰ ব্যধিটোৰ কাৰণ কি·

ইয়াৰ উMৰত ভিন্নজনে Îপাষণ কৰিলেও এয়া সঁচা যে আমাৰ দেশ তথা সমাজ দুৰ্নীতিত Îপাত যোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে আমাৰ সাধাৰণ মানুহেবাৰৰ নৈতিক স্খলন। মানুহেবাৰ নৈতিকতাৰ দিশত প্ৰতি দিনে অধঃপতিত হৈ আছে। আমাৰ সমাজত বৰমূIÿীয়া তথা শিক্ষিত সকলেই এই পতনত ইন্দন আৰু আৰ্হি যোগাইছে। স্কুল কলেজতো নৈতিকতাৰ শিক্ষা দিয়া নহয়। সকলোৱে  উপৰঞ্চি  মুনাফা থকা ব্যৱসায় বা  চৰকাৰী চাকৰিৰ  প্ৰতি আগ্ৰহী হয়। কিন্তু কোনেও এনে  অÍবধ বা কলা টকা  উপাৰ্জনৰ পৰা  পিতৃ- মাতৃয়েও সন্তানক বিৰত নকৰে। সেয়ে দুৰ্নীতি আজি আমাৰ হাড়ে-হিমজুৰে থিতাপি লৈছে।

দ্বিতীয়তে, দৰিদ্ৰতা দুৰ্ৰ্নীতিৰ আন এক শক্তিশালী কাৰণ। আমাৰ সমাজৰ অধিকাংশ মানুহেই দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰে। সেয়ে সিহঁতে বহুসময়ত ক্ষুধাৰ জ্বালাত অÍবধ  কাম- কাজত সোমাই পৰে।

তৃতীয়তে, শিক্ষা ব্যৱস্থাও  দুৰ্নীতিৰ কাৰণ বুলি ক’ব লাগিব। কিয়নো আমাৰ দেশত শিক্ষা ব্যৱস্থাটো আসোঁৱাহপূৰ্ণ। লগতে ইয়াৰ কাৰিকৰী দিশতকৈ তাত্ত্বিক শিক্ষাতহে Îবছি প্ৰাধান্য দিয়া হয়। ফলত প্ৰতি বছৰে হাজাৰ হাজাৰ শিক্ষিত যুৱক স্কুলীয় শিক্ষা লাভ কৰি চাকৰি-বাকৰি নেপাই ঘৰতে নিৱনুৱা হৈ বহি  থাকে। কাৰিকৰী শিক্ষা নথকা বােবও সিহঁতে কোনো কাম-বন নাপাই আৰ্থিক  তাড়ণাত  দুৰ্নীতিত সোমাই সহজতে ধন ঘটাৰ পথ অৱলম্বন কৰে। 

মুঠতে আজি দুৰ্নীতি আমাৰ সমাজৰ পৰম্পৰা নীতিত পৰিণত হৈছে। প্ৰতিটো পৰিয়ালতে দুৰ্নীতি আছে, প্ৰতিটো বিভাগতে দুৰ্নীতি আছে। সেয়ে পিচৰ প্ৰজন্ময়ো যেতিয়া সেই আসন দখল কৰে তেতিয়া সিহঁতেও দুৰ্নীতিক পৰম্পৰাগত সম্প¿M হিচােপই গ্ৰহণ কৰে।

প্ৰতিটো Îবমাৰৰ ঔষধ থকাৰ দৰে দুৰ্নীতি নামৰ ব্যধিৰ্টোৰো ঔষধ বা প্ৰতিকাৰ নথকা নহয়। প্ৰথমে আমি দুৰ্ৰ্নীতিৰ পৰা নিজক আৰু সমগ্ৰ সমাজ তথা দেশক ৰক্ষা কৰিবলৈ হ’লে আমি প্ৰত্যেকেই দুৰ্নীতি মুক্ত মানসিকতা গঠন কৰিব লাগিব। দুৰ্ৰ্নীতিক ঘিণ কৰা শিকিব লাগিব। কোনো সন্তানে  দুৰ্নীতিৰ দ্বাৰা ধন উপাৰ্জন কৰিলে পিতৃ- মাতৃয়ে সেই ধন অগ্ৰাহ্য কৰিব লাগিব। দ্বিতীয়তে আমাৰ  শিক্ষা ব্যৱস্থাতনৈতিকতাৰ শিক্ষাও অৰ্ন্তভুক্ত কৰিব লাগিব। লগতে তাত্ত্বিক শিক্ষাতকৈ কাৰিকৰী শিক্ষা প্ৰদানত শিক্ষা বিভাগে গুৰুত্ব দিব লাগিব। চতুৰ্থতে, দুৰ্নীতিৰ বিৰুদ্ধে আইন প্ৰনয়ণ কৰি দুৰ্নীতিত লিপ্ত বিষয়াক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগিব। পঞ্চমতে,  দৰিদ্ৰতা হ}াস কৰি উন্নয়ণৰ বােব নতুন নতুন আঁচনি প্ৰস্তুত কৰি  লাগিব।

সামৰণিত ক’ব পাৰি দুৰ্ৰ্নীতি আমাৰ সাৰি্বক উন্নয়নৰ অন্তৰায়। সেয়ে আমি আটায়ে দুৰ্নীতিৰ বিষয়ে সচেতন হৈ ইয়াৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি দুৰ্নীতিক সমূলেঞ্চ  নাশ কৰিব লাগিব। 

…ৰাব্বি মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *