মাদাৰ টেৰেছা

পৰিচয়: মাদাৰ টেৰেছা আছিল বিশ্ববৰেণ্য এজনী মানৱতাবাদী কৰ্মী, দয়া, কৰুণা আৰু ত্যাগৰ এক জলন্ত প্ৰতিমূৰ্তি। নিঃকিন, দীন-দৰিদ্ৰ, ৰোগী, পতিত আৰু গৃহহীন লোকসকলৰ সেৱা আৰু কল্যাণ সাধন কৰাই আছিল তাইৰ জীৱনৰ একমাত্ৰ লক্ষ্য।

জন্ম আৰু শিক্ষা  জীৱন: মাদাৰ টেৰেছাই  ইংৰাজী ১৯১০ চনৰ আগষ্ট মাহৰ ২৭ তাৰিখে ইউৰোপৰ যুগোশ্লাভিয়াত জন্ম গ্ৰহণ কৰে। তাইৰ দেউতাকৰ  নাম আছিল নিকোলাচ আৰু মাকৰ নাম আছিল মিচেচ ড্ৰানা। সৰুতে মাদাৰ টেৰেছাক পিতৃ-মাতৃয়ে ‘এগনেছ’  নামেৰে মাতিছিল।

মাদাৰ টেৰেছাই পাঁচ বছৰ বয়সত স্থানীয় বিদ্যালয়ত নাম ভৰ্তি কৰে। সাত বছৰ বয়সত তাইৰ দেউতাকৰ মৃত্যু হয়। ফলত পৰিয়ালটি আৰ্থিক সংকটত পৰে। মাকৰ তত্বাৱধানত তাই হাই স্কুলীয়া শিক্ষা সাং কৰি আনুষ্ঠানিক  শিক্ষাৰ সামৰণি মাৰে।

কৰ্ম জীৱন: মাদাৰ টেৰেছা এজনী কোমল হৃদয়া ছোৱালী আছিল। মানুহৰ দুখ, কষ্টৰ প্ৰতি তাই অতিকৈ সংবেদনশীল আছিল। সেয়ে তাই মানৱ সেৱাত নিজকে নিয়োজিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি  খ্ৰীষ্টান মিছনেৰী সংগঠন এটিত যোগ দি ভাৰতলৈ আহে।

এগনেছে ১৯২৮ চনত ভাৰতবৰ্ষলৈ আহি দাৰ্জিলিঙ  চহৰত ‘লৰেটো’ সংগঠনৰ এখন বিদ্যালয়ত শিক্ষাদান কৰিবলৈ লয়। সেই সময়ত তাই ‘টেৰেছা’ নাম গ্ৰহণ কৰে। তাৰ পিছত তাই কলকাতাৰ ‘চেন্ট মেৰীজ স্কুল’ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে যদিও পিছলৈ টেৰেছাই দৰিদ্ৰ ল’ৰা- ছোৱালীসকলৰ বাবে ‘মিছনেৰী অফ চেৰিটি’ নামৰ এক সংস্থাৰ জন্ম দি দৰিদ্ৰ জনগণৰ সেৱাত মনোনিেবশ কৰে। ইয়াৰ পিছত তাই ‘নিৰ্মল শিশু ভৱন’ আৰু ‘নিৰ্মল হৃদয়’ নামৰ শুশ্ৰূষাগৃহ স্থাপন কৰে।

টেৰেছাই তাইৰ মিছনেৰী অফ চেৰিটিৰ অধীনত পৃথিৱীৰ বিভিন্ন দেশত ষাঠিখন বিদ্যালয় আৰু দুই শতাধিক চিকিৎসালয়  স্থাপন কৰে আৰু এইবোৰ অনুষ্ঠানৰ  যোগেদি গোটেই  জীৱন নিঃস্ব আৰু দৰিদ্ৰ জনগণৰ সেৱা কৰি ১৯৯৭ চনৰ ৫ চেপ্তেম্বৰৰ দিনা পৰলোকগামী হয়।

স্বীকৃতি: মাদাৰ টেৰেছাই তাইৰ মানৱ সেৱাৰ স্বীকৃতি হিচাপে  বহুত ৰাষ্ট্ৰীয় আৰু আন্তজাৰ্তিক সন্মান আৰু পুৰষ্কাৰেৰে ভূষিত হয়। তাৰ ভিতৰত ১৯৭৯ চনত শান্তিৰ নেবল বঁটা, ভাৰত চৰকাৰৰ পৰা ‘পদ্মশ্ৰী’, ‘ভাৰতৰত্ন’ আদি উপাধি লাভ কৰাৰ উপৰিও ‘জৱাহৰলাল নেহৰু এৱাৰ্ড’,  ‘ৰাজীৱ গান্ধী সম্ভৱনা বঁটা‘, ‘মেঘেছেছে বঁটা’ আদি  নানান  বঁটা লাভ কৰে। তাই  নিজে নিচেই সাধাৰণ আৰু সৰল জীৱন যাপন কৰি  পুৰষ্কাৰ হিচাপে লাভ কৰা সকলো ধন দৰিদ্ৰ জনগণৰ কল্যাণৰ বাবে খৰচ কৰিছিল।

সামৰণি: মাদাৰ টেৰেছাই  মানৱ সেৱাত নিজকে ইমানেই একানপতীয়কৈ নিয়োজিত কৰিছিল যে তাই বৈবাহিক বান্ধোনৰ কথা পাহৰি গোটেই জীৱন অবিবাহিত হৈয়ে কটাইছিল। চিৰকুমাৰী থাকিও তাই নিঃস্ব আৰু দৰিদ্ৰ জনসাধাৰণৰ বিশ্বমাতৃ হিচাপে সকলোৰে পৰা শ্ৰদ্ধা লাভ কৰিছিল। আমি তাইৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা উচিত।

…ৰাব্বি মছৰুৰ

 

Leave a Reply

Your email address will not be published. Required fields are marked *