অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা।আধুনিক সমাজৰ ব্যাধিঃ

আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা যিবোৰ  চলন্ত উপসৰ্গই আজি মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰি আধুনিক সমাজৰ শান্তি-শৃঙ্খলাক নিঃশেষ কৰি মানৱ জাতিক অশান্তি তথা অবনতিৰ কৰাল গ্ৰাসত নিঃপতিত কৰি আছে সেই উপ-সর্গবোৰৰ ভিতৰত অনুশাসণহীনতা তথা দুৰ্নীতিপৰায়ণতা এটি অন্যতম উপসৰ্গ। আজি প্ৰতিটো পৰিয়াল, প্ৰতিটো সমাজ তথা প্ৰতিখন  ৰাষ্ট্ৰই এই অনুশাসনহীনতা  তথা দুৰ্নীতিৰ হাঁতোৰাৰ হাতত বন্ধী হৈ অটল মহাসাগৰৰ মাজত ডুবি নিঃসহায় নিঃকিন হৈ মৃত্যুৰ ক্ষণ গণি ককবকাই আছে। এই অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা  হঠাতে […]

Read More

অসমীয়া লোক-সাহিত্য

অসমীয়া লোক-সাহিত্য মানুহৰ মুখে মুখে ৰচিত আৰু পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে চলি অহা সাহিত্যকে লোক-সাহিত্য (Folk-lore) বুলি কোৱা হয়। লোক-সাহিত্য জাতি একোটাৰ সহজাত সম্পদ । লোক-সাহিত্যৰ মাজেৰে কোনো এটি বিশেষ অঞ্চল বা জাতি বা ভাষা- গোষ্ঠীৰ  সভ্যতা-সংস্কৃতিৰ আটাইবোৰ  দিশ যথা- সমাজ নীতি, অৰ্থনীতি, ধৰ্মনীতি, নৈতিকতা আদিৰ লগত জাতি একোটাৰ প্ৰেম-প্ৰণয়, সুখ-দুখ, আশা-আকাংখা, চিন্তা-ভাবনা, কল্পনা আদি সহজ আৰু সৰল ভাষাত প্ৰতিফলিত হয়। পৃথিৱীৰ প্ৰায় সকলোবোৰ  জাতি বা ভাষা-গোষ্ঠীৰ নিজস্ব লোক-সাহিত্য আছে। ভাৰত প্ৰজাতন্ত্ৰৰ নুমলী জী […]

Read More

অসমৰ লোক-সংস্কৃতি

অসমৰ লোক-সংস্কৃতি কোনো এটি বিশেষ অঞ্চলৰ বা জাতি এটাৰ উমৈহতীয়া সামাজিক জীৱন প্ৰণালীয়েই হৈছে লোক-সংস্কৃতি। লোক-সংস্কৃতিয়ে জাতি এটাৰ সাধাৰণতে চাৰিটা দিশ সামৰি লয়, যথা- (ক) লোক সাহিত্য (খ) সামাজিক প্ৰথা আৰু  ৰীতি-নীতি যথা – পূজা-পাৰ্বণ, উৎসৱ, খেল-ধেমালী আদি  (গ) দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক সা-সঁজুলি আৰু (ঘ) পৰিবেশিত  কলা । পৃথিৱীৰ প্ৰায় সকলো জাতিৰে নিজস্ব লোক-সংস্কৃতি আছে। তেনেদৰে ভাৰতৰ পূৰ্ব প্ৰান্তৰ সীমামূৰীয়া ৰাজ্য অসমৰো এক ঐতিহ্যমণ্ডিত স্বকীয় সংস্কৃতি আছে। অসমীয়া […]

Read More

অসমৰ প্রাকতিক সম্পদ। প্রাকতিক সম্পদ

অসমৰ প্রাকতিক সম্পদ প্ৰকৃতিৰ বুকুত মুক্তভাৱে পোৱা বা প্ৰকৃতিৰ বুকুত উদ্ভব  হোৱা সম্পদেই প্ৰাকৃতিক সম্পদ। দেশ এখনৰ সামগ্রিক উন্নয়নত প্ৰাকৃতিক সম্পদৰ গুৰুত্ব অপৰিসীম। যিখন দেশ প্ৰাকৃতিক সম্পদত চহকী, সেইখন দেশৰ সামগ্রিক উন্নয়নৰ পথ  সিমানে প্ৰশস্ত। ভাৰতৰ পূৰ্ব প্ৰান্তত অৱস্থিত অসম নামৰ প্ৰদেশখনো প্ৰাকৃতিক সম্পদত ভাৰতৰ আন আন প্ৰদেশৰ তুলনাত ঈৰ্ষাজনক ভাৱে চহকী। অসমৰ গাঁৱে-ভূয়ে, পাহাৰে পৰ্বতে, হাবি-জঙ্গলে, ভূমিয়ে-নদীয়ে অলেখ-অপাৰ সম্পদ যেন প্ৰকৃতিদেৱী নিজ হাতে অসমী আইৰ সন্তানসকলৰ বাবে চিৰদিন সঞ্চয় কৰি ৰাখিছে। অসমৰ এনে […]

Read More

 মোৰ প্রিয় সাহিত্যিক। লক্ষ্মীনাথ বেজবৰুৱা

মোৰ প্রিয় সাহিত্যিক। লক্ষ্মীনাথ বেজবৰুৱা সৰুতে আতা, আবু আৰু বয়োজেষ্ঠ  সকলৰ মুখৰ পৰা পৰম্পৰাগত সাধু আৰু বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী আৰু গল্প শুনি সাহিত্যৰ প্ৰতি মোৰ অনুৰাগ জন্মে। সেয়ে মোৰ পাঠ্যপুথি পঢ়াৰ আঁৰে আঁৰে থোৰতে খৰ মাৰি বিভিন্ন সাহিত্যিকৰ সাহিত্য অধ্যয়নৰ অভ্যাস গঢ়ি  উঠিছে। এতিয়া সাহিত্য অধ্যয়ন মোৰ অকল অভিৰুচিয়েই নহয়, ই মোৰ নিচা আৰু নিৰ্জন সময়ৰ বিনোদন হৈ পৰিছে। আজিলৈ মই যিসকল সাহিত্যিকৰ লিখনি পঢ়িছোঁ- সেইসকলৰ কোনোজন সাহিত্যিকেই মোৰ অপ্ৰিয় নহয়, […]

Read More

কম্পিউটাৰ

কম্পিউটাৰ বৰ্তমান যুগটো হৈছে বিজ্ঞানৰ যুগ। আজি বিজ্ঞানে মানৱ সভ্যতালৈ যি যি বৰঙণি  আগবঢ়াইছে, সেইবোৰৰ  ভিতৰত আটাইতকৈ বেছি বিষ্ময়কৰ আৱিষ্কাৰটো  হৈছে কম্পিউটাৰ। কম্পিউটাৰ এনে এটি যন্ত্ৰ যাৰ দ্বাৰা গণনা কৰিব পাৰি, তথ্য সংগ্ৰহ কৰিব পাৰি আৰু নিৰ্দেশ দিয়া মতে কামত ব্যৱহাৰ কৰিব পাৰি। আধুনিক সভ্যতাত কম্পিউটাৰ কাৰ্য্য পৰিসৰ যথেষ্ট বৃদ্ধি পাইছে। কম্পিউটাৰ কোনো এজন ব্যক্তিৰ নিজস্ব আৱিষ্কাৰ নহয়। কম্পিউটাৰ আৱিষ্কাৰকসকলৰ ভিতৰত মেণ্ডেলি নামৰ বৈজ্ঞানিক এজনৰ নাম যুক্ত হৈ আছে। তেওঁ পোন প্ৰথমে ১৯৪০ […]

Read More

আধুনিক সভ্যতাত বিজ্ঞানৰ অৱদান

আধুনিক সভ্যতাত বিজ্ঞানৰ অৱদান আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। অষ্টাদশ শতাব্দীৰ অন্তিম ভাগৰ পৰা বিংশ শতাব্দীৰ মাজ ভাগলৈ বিজ্ঞানে চৰম উৎকৰ্ষ সাধন কৰি মানৱ সভ্যতাৰ ৰেহ-ৰূপ সম্পূৰ্ণ  সলনি কৰি দিছে। বিজ্ঞানে যে অকল বস্তু-সামগ্রী, সা-সঁজুলি, যন্ত্ৰপাতিৰ দিশতেই মানৱ সমাজখনক পৰিৱৰ্তন কৰিছে সেয়া নহয়; বিজ্ঞানে মানুহৰ দৃষ্টিভঙ্গী, যুক্তি বিচাৰ আদিকো সলনি কৰি মানৱ সভ্যতালৈ এক দৃষ্টান্তহীন বৈপ্লৱিক পৰিৱৰ্তন আনি দিছে। ইংৰাজ দাৰ্শনিক C. M. Joad ৰ ভাষাত, “Science has not only […]

Read More

শিক্ষাৰ মাধ্যম হিচাপে  মাতৃভাষা

শিক্ষাৰ মাধ্যম হিচাপে  মাতৃভাষা । মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা শিশু এজনে মাতৃগৰ্ভৰ পৰা ভূমিষ্ট হৈ পিতৃ-মাতৃৰ মুখৰ পৰা স্বতঃস্ফূর্তভাৱে যি ভাষা শিকে তাকে “মাতৃভাষা” বোলে । ই হৈছে মানুহৰ এক সহজাত শিক্ষা। পৃথিৱীত কেইবা হাজাৰ ভাষা আছে, তাৰে কিছু সংখ্যক ভাষাৰ নিজস্ব লিপি আৰু সাহিত্য আছে। আনহাতে কিছুসংখ্যক ভাষাৰ লিপি নাই আৰু কোনো লিখিত সাহিত্যও নাই। কিন্তু আজি এয়া প্ৰমাণ পোৱা যায় যে যি জাতিৰ ভাষা-সাহিত্য যিমানে চহকী সেই  জাতিৰ সভ্যতাও সিমানে উন্নত। […]

Read More

শংকৰদেৱ

মহাপুৰুষ শ্ৰীমন্ত  শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯- ১৫৬৮)) নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত।  তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত আইতা খেৰসুতিয়ে  শংকৰদেৱক তুলি-তালি ডাঙৰ -দীঘল কৰে। আইতা খেৰসুতিয়ে  শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভৰ্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ সংস্কৃত শাস্ত্ৰত পাৰ্গত […]

Read More

অসমৰ বয়ন শিল্প

অসমৰ বয়ন শিল্প সাধাৰণ হাতে গঢ়া  সা-সঁজুলিৰ সহায়ত নিজ ঘৰৰ পৰিসৰৰ ভিতৰত থলুৱা কেঁচা সমগ্ৰীৰে যিবোৰ  উদ্যোগ স্হাপন কৰা  হ্য়  সেইেবাৰ উদ্যোগকে কুটিৰ উদ্যোগ বা কুটিৰ শিল্প বুলি কোৱা হয়। প্ৰাচীন কালৰ পৰাই ভাৰত কুটিৰ শিল্পত চহকী। ভাৰতৰ উত্তৰ-পুর্বাঞ্চলৰ  ৰাজ্য অসমো কুটিৰ শিল্পত আগবঢ়া । আনকি কেইবাটাও ক্ষেত্ৰত ই অন্যান্য ৰাজ্যতকৈয়ো বেছি চহকী। অসমত থকা কুটিৰ শিল্পসমূহৰ ভিতৰত বয়ন শিল্প, বাহঁ -বেতৰ শিল্প, ভাস্কৰ্য শিল্প, মৃৎ শিল্প, হাতীদাঁতৰ শিল্প, কাহঁ-পিতলত শিল্প আদিয়েই প্ৰধান।  […]

Read More