বুৰঞ্জী প্রসিদ্ধ ঠাই ভ্ৰমণ 

বুৰঞ্জী প্রসিদ্ধ ঠাই ভ্ৰমণ ঐতিহাসিক পটভূমি থকা স্থানক বুৰঞ্জী প্ৰসিদ্ধ ঠাই বুলি কোৱা হয়। সাধাৰণতে নতুন ঠাই চাবলৈ, নতুন কথা শিকিবলৈ, অতীতৰ ঘটনাৰ  সাক্ষীস্বৰূপ কীৰ্তিচিহ্নসমূহ  নিজ চকুৰে চাবলৈ মানুহৰ  মনৰ ভিতৰত তীব্ৰ  কৌতুহল আৰু হাবিয়াস জন্মে।  এনে কৌতুহল  নিবৃতিৰ বাবেই মানুহে ঠাই ভ্ৰমণ কৰে।  ঐতিহাসিক ঠাই ভ্ৰমণৰ প্ৰতি মোৰো দুবৰ্বলতা আছে। মই ভাৰতৰ বিভিন্ন ঐতিহাসিক স্থানবোৰ  দৰ্শন কৰাৰ এক সুদূৰ সপোন মনতে পুহি ৰাখিছো। ইতিমধ্যে মই  অসমৰ ঐতিহাসিক ঠাই শোণিতপুৰ ভ্ৰমণ কৰিছো। […]

Read More

সময়ৰ মূল্য বা নিয়মানুৱৰ্তিতা

সময়ৰ মূল্য।নিয়মানুৱৰ্তিতা প্ৰবাদ বাক্যত কোৱা হয়, ‘সময় আৰু জোঁৱাৰ কাৰোবাবে ৰৈ নাথাকে।’ কথাষাৰৰ নিশ্চয় সাৰ্বজনীন সত্যতা আছে; কাৰণ সময় হৈছে এনেকুৱা এটা বস্তু যিয়ে থমকি ৰ’বলৈ শিকা নাই। পাৰ হৈ যোৱা সময় আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো।  সময় ইমানেই মূল্যৱান যে ইয়াক কোনো টকা-পইচাৰে কিনিব নোৱাৰি। প্ৰত্যেকেই সময়ৰ যথাযথ ব্যৱহাৰৰ প্ৰতি মনোযোগী হ’ব লাগে কাৰণ আচলতে জীৱনটো সময়ৰ এক সমষ্টিহে মাথোন। আমি সকলোৱে সময়ৰ কাম সময়ত কৰিব লাগে।  ছাত্ৰ-ছাত্ৰীসকলে সময়মতে  পঢ়া-শুনা কৰি  সময়ৰ […]

Read More

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা মানুহ সামাজিক জীৱ। সমাজক বাদ দি কোনো মানুহেই সভ্য আৰু সুস্থ জীৱন যাপন কৰিব নোৱাৰে। সেয়ে সামাজিক প্ৰাণী হিচাপে  সকলো ব্যক্তিৰে সমাজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। অধ্যয়নেই ছাত্ৰ-ছাত্ৰীৰ প্ৰধান কৰ্তব্য যদিও ছাত্ৰ-ছাত্ৰীসকলো সামাজিক প্ৰাণী; সমাজৰ পৰাই সিহঁতে শিক্ষা-দীক্ষা লাভ কৰে বা শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰে। সেয়ে সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰো কৰ্তব্য আৰু দায়িত্ব আছে। বৰ্তমান শিক্ষাৰ যুগ যদিও সমাজৰ অধিকাংশ মানুহ আজিও অশিক্ষিত আৰু […]

Read More

মোৰ কৰ্তব্য

মোৰ কৰ্তব্য মই এজন ছাত্ৰ আৰু অধ্যয়নেই হৈছে মোৰ একমাত্ৰ কৰ্তব্য। মই কিতাপ  পঢ়ো  যাতে মই অধিক তথ্য আৰু জ্ঞান আহৰণ কৰি দেশৰ এজন সু নাগৰিক হ’ব পাৰো।  যদিও অধ্যয়ন মোৰ প্ৰধান কৰ্তব্য তথাপি মই অকল অধ্যয়নতেই মোৰ সকলো সময় আৰু শক্তি খৰচ নকৰো। মই মোৰ এজন শ্ৰদ্ধেয় শিক্ষকৰ পৰামৰ্শ অনুসৰি  অধ্যয়নৰ এটি সময়সূচী প্ৰস্তুত কৰি লৈছো আৰু সেইটো মই বৰ কঠোৰভাবে  মানি চলো। মই বিদ্যালয়লৈ যোৱাৰ দিনেবাৰত ৰাতিপুৱা নিয়মিত তিনি ঘন্টাকৈ […]

Read More

 মহাত্মা গান্ধী

 মহাত্মা গান্ধী আৰম্ভনি : যিজন ব্যক্তিয়ে মানৱ সমাজলৈ সুখ, শান্তি, শৃঙ্খলা, সংহতি, ভাতৃত্ববোধ আদিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়ায়  সেইজন ব্যক্তিক ‘মহান ব্যক্তি’ বুলি বিবেচনা কৰা হয়। মানৱ ইতিহাসত অৱশ্যে মহান ব্যক্তিৰ অভাৱ নাই। কিন্তু তেনে মহান ব্যক্তিসকলৰ মাজৰ পৰা মই মহামানৱ মহাত্মা গান্ধীক মোৰ আদৰ্শ  ব্যক্তি হিচাপে  নিৰ্বাচন কৰিছো। মহাত্মা গান্ধীৰ জন্ম  আৰু পৰিচয়:  মহাত্মা গান্ধীৰ আচল নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। তেওঁ অক্টোবৰ ২, ১৮৬৯ চনত গুজৰাটৰ পোৰবন্দৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ […]

Read More

বাতৰি কাকত

বাতৰি কাকত হৈছে বিভিন্ন বিষয়ৰ সর্ব্বশেষ  জ্ঞান আৰু তথ্য সমৃদ্ধ  এসোপা প্ৰকাশিত কাগজ। ই হ’ল যোগাযোগৰ জনপ্ৰিয় আৰু সহজ মাধ্যম।

Read More

পৰিবেশ প্ৰদূষণ

 পৰিবেশ প্ৰদূষণ আমাৰ চাৰিওফালৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু, গছ-গছনি, বায়ু, পানী, মাটি, নদ-নদী আদি মিলি যি অৱস্থাৰ সৃষ্টি হয়, সেয়াই পৰিবেশ। অৰ্থাৎ প্ৰকৃতিৰ মুকলিমূৰীয়া অৱস্থা বা স্বভাৱৰ লগত আমাৰ অৱস্থা মিলি পৰিবেশৰ সৃষ্টি হয়। আকৌ ‘প্ৰদূষণ’ মানে স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা অৱস্থা। এতেকে “পৰিবেশ প্ৰদূষণ” মানে আমাৰ চাৰিওফালৰ স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা পৰিস্থিতি। বৰ্তমান জন-অৰণ্যময় বিশ্বত কিছুমান মানুহে জীয়াই থকাৰ তাগিদাত আৰু কিছুমান মানুহে আৰাম আৰু […]

Read More

অসমৰ ক্রীড়া জগত

অসমৰ ক্রীড়া জগত । অসমত  খেল ধেমালিৰ পৰিৱেশ। খেল-ধেমালী অতি প্ৰাচীন কালৰ পৰাই শিক্ষা, বিনোদন আৰু শৰীৰ চৰ্চাৰ এক চলিত মাধ্যম হিচাপে  বিবেচিত হৈ আহিছে। পৃথিৱীৰ বিভিন্ন দেশ, জাতি বা অঞ্চলৰ বিভিন্ন জন-গোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ স্বকীয় খেল-ধেমালী থকাৰ দৰে ভাৰতৰ পূৰ্ব প্ৰান্তৰ সীমামূৰীয়া ৰাজ্য অসমৰো কিছুমান নিজস্ব খেল-ধেমালী আছে। অসমৰ খেল-ধেমালীৰ ইতিহাসক তিনিটা যুগত ভাগ কৰিব পাৰি, যথা- (ক) প্ৰাচীন যুগ (খ) মধ্য যুগ আৰু (গ) আধুনিক যুগ। অসমৰ প্ৰাচীন যুগ বুলিলে ৰামায়ণ-মহাভাৰতৰ […]

Read More