আমাৰ গাওঁ ৰচনা

আমাৰ গাওঁ

আৰম্ভণি: আমাৰ  গাওঁখনৰ নাম বেতবাৰী পাথাৰ। ই বৰেপটা টাউনৰ পৰা প্ৰায় ছয় কিলোমিটাৰ উত্তৰে  অৱস্থিত।  ই এটি সৰু দুখীয়া কৃষি প্ৰধান গাওঁ।

বিৱৰণ: আমাৰ গাওঁখনত  প্ৰায় তিনিশমান পৰিয়াল বসবাস কৰে । আমাৰ গাওঁত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে।  প্ৰায় সকলোবোৰ  পৰিয়ালেই কৃষক আৰু আৰ্থিকভাবে  দুর্বল । কিছু ব্যৱসায়ী আৰু কিছু চাকৰীয়াল আছে যদিও সিহঁতৰ সংখ্যা নিচেই কম। 

আমাৰ গাওঁৰ যোগাযোগ ব্যৱস্থাও অতি শোকজনক। আমাৰ গাৱঁলীয়া ৰাস্তাবোৰ  নিৰ্মাণ কৰাত চৰকাৰ মৌন হৈয়ে আছে। আমি বিজুলী বাতি আৰু এখন স্থানীয় ডাকঘৰৰ পৰাও বঞ্চিত।

আমাৰ গাওঁখনত মাত্ৰ দুটা প্ৰাথমিক বিদ্যালয় আৰু এখন মাত্ৰ মজলীয়া বিদ্যালয় আছে।  ইয়াৰ বেছিভাগ মানুহ  ইছলাম ধৰ্মাৱলম্বী। আমাৰ গাওঁখনত  তিনিখন সৰু সৰু মচজিদ আছে।

সামৰণি: যদিও আমাৰ গাওঁখন দুখীয়া তথাপি আমি ইয়াক বৰ ভাল  পাওঁ। আমি গাওঁখন উন্নয়নৰ দিশলৈ আগুৱাই নিবলৈ চেষ্টা কৰি আছো।

…ৰাব্বি মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *