আমাৰ নগৰ। আমাৰ নগৰ ৰচনা

আমাৰ নগৰ

আৰম্ভণি: আমাৰ নগৰখনৰ নাম বৰেপটা ৰোড। ই হৈছে নামনি অসমৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ। ই বৰেপটা জিলাৰ সদৰ ঠাইৰ পৰা প্ৰায় তেৰ কিলোমিটাৰ উত্তৰ দিশত অৱস্থিত  । 

বিৱৰণ: নগৰখন ঘন বসতিপূৰ্ণ।  ইয়াত প্ৰায় বিশ হেজাৰ  মানুহে শান্তিৰে বসবাস কৰি আছে। ইয়াত পাঁচখন প্ৰাথমিক বিদ্যালয়, তিনিখন উচ্চ মাধ্যমিক বিদ্যালয়, দুইখন কনিষ্ট মহাবিদ্যালয় আছে। ইয়াত ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ সাতখন মচজিদ আৰু ছয়খন মন্দিৰ আছে।  ইয়াত এখন পুথিভঁৰালো আছে।  পুথিভঁৰালখন বিভিন্ন বিষয়ৰ কিতাপেৰে  পৰিপূৰ্ণ। ইয়াত দুখন চৰকাৰী চিকিৎসালয়, এখন ডাকঘৰ আৰু এখন পশু চিকিৎসালয় আছে। নগৰখনৰ কেন্দ্ৰত এটি আৰক্ষী চকী আছে। 

বজাৰখন হ’ল নগৰখনৰ ব্যৱসায়ৰ কেন্দ্ৰ। বজাৰখন শাক-পাঁচলিৰ কাৰণে অসম বিখ্যাত।  অসমৰ চুক-কোণৰ পৰা বহুত বেপাৰী  কেঁচা শাক-পাঁচলি  ক্ৰয় কৰিবলৈ নগৰখনলৈ আহে। সোমবাৰ আৰু বৃহস্পতিবাৰ ইয়াৰ বজাৰৰ দিন।  বজাৰৰ দিনা নগৰখন মানুহেৰে ঠাহ খাই পৰে। 

বজাৰখনৰ প্ৰধান আকৰ্ষণীয় বস্তুটো হ’ল ইয়াৰ নামঘৰখন। ৰাস মহোৎসৱৰ সময়ত বহুত দূৰ-দূৰণিৰ পৰা ইয়াত ভক্তপ্ৰাণ ৰাইজে যোগদান কৰি সিহঁতৰ অন্তৰ পৱিত্ৰ কৰে।

সামৰণি: মই মোৰ নগৰখনক বৰ ভাল পাওঁ। মই ইয়াৰ সর্বাঙ্গীন উন্নয়ন কামনা কৰো।

…ৰাব্বি মছৰুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *