কলগছ

 

পৰিচয়: কল এবিধ ওখধি তৃণ জাতীয় গছ। পৃথিৱীৰ প্ৰায় সকলোবোৰ  দেশতে কলগছ উৎপন্ন হয়। কল এবিধ পুষ্টিকৰ ফল।

উৎপাদন:  সাধাৰণতে গ্ৰীষ্মকালত কল গছ ৰোৱা হয়। কলগছৰ মূঢ়া  বা আলুৰ পৰা কলগছ হয়। কলগছ যিকোনো প্ৰকাৰৰ মাটিত হয় যদিও বালিচহীয়া মাটিত কলগছ ভাল হয়। কলগছ সাত ফুটৰ পৰা সোতৰ-ওঠৰ ফুট দীঘল হয়। কলগছ ৰোওঁতে ইয়াৰ গুৰিত ছাই  আৰু খলিহৈ প্ৰয়োগ কৰিব লাগে। ইয়াৰ গুৰিত গোবৰ দিব নালাগে। গোবৰে কলগছৰ গুৰিত নানান ৰোগ সংক্ৰমণ হোৱাত সহায় কৰে।

প্ৰকাৰ: কল নানা প্ৰজাতিৰ আছে, যেনে- মালভোগ, চেনিচম্পা, মনোহৰ, ভীম কল, আঠিয়া কল, জাহাজী কল ইত্যাদি।

উপকাৰিতা: কল এবিধ অতি পুষ্টিকৰ খাদ্য। কল পূজাৰ  উপচাৰ হিচাপেও ব্যৱহাৰ হয়। ইয়াৰ শিপাৰ পৰা ঔষধ তৈয়াৰ কৰা হয়। কলগছৰ পাত গৰু-ম’হ, ভেড়া-ছাগলী আৰু হাতীৰ ভাল খাদ্য। শুকান কলগছ জুইত পুৰি খলখাৰ তৈয়াৰ কৰা হয়। ইয়াৰ পাত ভোজন  পাত্ৰ হিচাপেও  ব্যৱহাৰ কৰা হয়। বানপানী আসক্ত দেশত কলগছেৰে ভুৰ বনোৱা হয়।

সামৰণি: কল এবিধ সোৱাদযুক্ত ফল। অসমীয়া মানুহে গাখীৰ ভাতৰ লগত কল খাই ভাল পায়। এনে এবিধ ভাল ফল গছ আমাৰ সকলোৰে ঘৰত থকা উচিত। 

…ৰাব্বি মছৰুৰ

Userful Books for Students:

 

Leave a Reply

Your email address will not be published. Required fields are marked *