গৰু

আৰম্ভিণি: গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ  দেশতে পোৱা যায় ।  প্ৰায় প্ৰতিটো কৃষক পৰিয়ালেই গৰু পোহে । কিছুমান দেশত বনৰীয়া গৰুও পোৱা  যায়।

বিৱৰণ: গৰুৰ দুটা চকু, দুটা কাণ, আৰু মূৰৰ ওপৰত দুটা শিং আছে। ইয়াৰ এডাল ডাঙৰ  নেজো আছে। ইয়াৰ দ্বাৰা ই মহ- মাখি খেদায়। ইয়াৰ খুৰাবোৰ  ফটা। ইয়াৰ গোটেই শৰীৰত মিহি নোম আছে। গৰু বিভিন্ন বৰণৰ আছে, যথা: বগা, কলা, ৰঙা, পখৰা, কজলা আদি।

খাদ্য: গৰুৱে সাধাৰণতে ঘাঁহ, খেৰ, গছৰ পাত আদি খাই জীয়াই থাকে। 

উপকাৰিতা: গৰু অতি উপকাৰী জন্তু। গাই গৰুৱে আমাক গাখীৰ দিয়ে।  গাখীৰৰ পৰা আমি ঘি, মাখন আদি পাওঁ। ইয়াৰ গাখীৰ বৰ পুষ্টিকৰ  খাদ্য।কিছুমান মানুহে ইয়াৰ মাংস খাদ্য হিচাপে  গ্ৰহণ কৰে। কৃষকে ইয়াৰ সহায়ত পথাৰত হাল বায়। ষাঁড় গৰু আৰু বলধ গৰুৰ দ্বাৰা গাড়ী চলোৱা হয়। গৰুৰ গোৱৰ উত্তম  সাৰ।  ইয়াৰ হাড়ৰ দ্বাৰা ৰাসায়নিক সাৰ আৰু ঔষধ তৈয়াৰ কৰা হয়। ইয়াৰ ছালৰ পৰা বেগ, মোনা, পেটী, জোতা, জেকেট আদি তৈয়াৰ কৰা  হয়।

সামৰণি: আমাৰ দৈনন্দিন জীৱনত গৰু বৰ উপকাৰী জীৱ। আমি ইয়াৰ উপযুক্ত যত্ন লোৱা উচিত।

…ৰাব্বি মছৰুৰ

Some Useful Books for Students:

Leave a Reply

Your email address will not be published. Required fields are marked *