ঘোঁৰা

পৰিচয়: ঘোঁৰা এবিধ চাৰিঠেঙীয়া  জন্তু। পৃথিৱীৰ প্ৰায় সকলো দেশতে ঘোঁৰা পোৱা  যায়। ঘোঁৰা ঘৰচীয়া জন্তু যদিও বনৰীয়া ঘোঁৰাও পোৱা যায়।

আকৃতি: ঘোঁৰা বৰ শক্তিশালী জন্তু। ই দেখিবলৈ সুন্দৰ। ইয়াৰ গাটো নোমেৰে ঢকা। ইয়াৰ দুখন কাণ আছে। কাণ দুখন থিয়। ঘোঁৰাৰ  শিং নাই। ইয়াৰ ডিঙিটো  দীঘল। ঘোঁৰাৰ ডিঙিত দীঘল দীঘল নোম আছে। এইেবাৰক ‘কেশৰ’ বোলে । ঘোঁৰাৰ দুপাৰি দাঁত আছে। ইয়াৰ খুৰা আছে যদিও খুৰােবাৰ ফটা নহয়।

প্ৰকৃতি: ঘোঁৰাই বৰ বেগাই দৌৰিব পাৰে।  ই পৰিশ্ৰমী । ঘোঁৰা ত্ৰিশৰ পৰা চল্লিশ বছৰমান জীয়াই থাকে। মাইকী ঘোঁৰা বছৰত এবাৰকৈ পোৱালি দিয়ে। ঘোঁৰা নানা বৰণৰ আছে, যেনে – ৰঙা, কলা, মুগা, বগা ইত্যাদি।

খাদ্য: ঘোঁৰা তৃণেভাজী জীৱ। ই ঘাঁহ, বুট, মাহ, দানা, গছৰ পাত আদি খাই জীয়াই থাকে।

উপকাৰিতা: ঘোঁৰা বৰ উপকাৰী জন্তু। আগৰ যুগত ঘোঁৰাৰ দ্বাৰা বোজা  কঢ়িওৱা হৈছিল আৰু মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘোঁৰাৰে ভ্ৰমণ কৰিছিল। ঘোঁৰা যুদ্ধতো ব্যৱহাৰ কৰা হৈছিল। ৰাছিয়া আৰু ইংলণ্ডৰ মানুহে ঘোঁৰাৰে  হাল বায়। 

সামৰণি: ঘোঁৰা এবিধ বৰ উপকাৰী জন্তু। আমি পোহনীয়া ঘোঁৰাৰ যত্ন লোৱা উচিত।

…ৰাব্বি মছৰুৰ

December 2018
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Leave a Reply

Your email address will not be published.