কবিতা

প্ৰেমৰ বতৰ পাৰ হওঁ হওঁ বয়সত 

মোৰ প্ৰেম হৈছিল 

এটি পুৰণি কবিতাৰ স’তে আকস্মিক

কম্পমান, ভয়ত থৰ থৰ বুকুৰে বগাই গৈছিলো 

প্ৰেমৰ সবুজ পথাৰ

গিৰি-খাদ আৰু ইয়াৰ অন্ধকাৰ উপত্যকা।

বাৰটা মাহেৰে গঢ়া এটি মাথো বছৰতে পাৰ হৈ গ’ল 

হেজাৰখন প্ৰেমৰ শ্বাশত বতৰ

উত্থান-পতনো আহিল বহুবাৰ

শোক আহিল, দুখ আহিল-আনন্দৰ লগতে

কবিতাটি এতিয়াও পুৰণি

মই নতুনৰ দৰে আওৰাও।

বসন্ত দুটি বাগৰি গ’ল

আকস্মিক আহিল এটি নতুন কবিতা 

মোৰ জীৱনলৈ

তাৰ পিছৰখিনি জলন্ত উল্কা !

এতিয়া আকৌ পুৰণি কবিতাটিকে নতুনকৈ পঢ়িবলৈ ল’লো।

পঢ়ি আছো, পঢ়ি আছো 

আৰু ভাৱি আছো-

একান্তভাৱেই মোৰ এটি কবিতা থকা হ’লে!

মই ৰিজাই চাইছো 

জীৱনলৈ অহা দুয়োটা কবিতাকে

পুৰণিত যি আছে- নতুনতো সেয়া আছে।

মাথো সলনি হৈছে পোছাক।

ভাৱৰ গহীনতা, ভাষাৰ গাম্ভীৰ্য—

দুয়োটাতে পাৰ্থক্য আকাশ পাতাল

তথাপি দুয়োটাকে ‘কবিতা’ বুলি ভুল কৰো বাৰে বাৰে।০ ০ ০

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *