মেকুৰী। মেকুৰী ৰচনা

মেকুৰী পৰিচয়: মেকুৰী এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু। ই পৃথিৱীৰ প্ৰায় সকলো দেশতে পোৱা যায়। কোনো কোনো দেশত বনৰীয়া মেকুৰীও আছে। আকৃতিঃ মেকুৰী এবিধ সৰু জীৱ। ই দেখিবলৈ প্ৰায় বাঘৰ দৰে। ইয়াৰ  গাটো মিহি নোমেৰে ঢকা। ইয়াৰ ঠেং চাৰিখন। ইয়াৰ চকু দুটি বৰ উজ্জ্বল। ইয়াৰ দাঁতবোৰ  অতি চোকা। মেকুৰীৰ মুখমণ্ডল ঘূৰণীয়া। ইয়াৰ মুখত দীঘল দীঘল কেইডালমান গোঁফ আছে। মেকুৰী নানা বৰণৰ আছে, যেনে – কলা, বগা, কজলা, পখৰা ইত্যাদি। প্ৰকৃতি: মেকুৰী এক শান্ত  আৰু সহজে পোহমনা […]

Read More

ঘোঁৰা। ঘোঁৰা ৰচনা

ঘোঁৰা পৰিচয়: ঘোঁৰা এবিধ চাৰিঠেঙীয়া  জন্তু। পৃথিৱীৰ প্ৰায় সকলো দেশতে ঘোঁৰা পোৱা  যায়। ঘোঁৰা ঘৰচীয়া জন্তু যদিও বনৰীয়া ঘোঁৰাও পোৱা যায়। আকৃতি: ঘোঁৰা বৰ শক্তিশালী জন্তু। ই দেখিবলৈ সুন্দৰ। ইয়াৰ গাটো নোমেৰে ঢকা। ইয়াৰ দুখন কাণ আছে। কাণ দুখন থিয়। ঘোঁৰাৰ  শিং নাই। ইয়াৰ ডিঙিটো  দীঘল। ঘোঁৰাৰ ডিঙিত দীঘল দীঘল নোম আছে। এইেবাৰক ‘কেশৰ’ বোলে । ঘোঁৰাৰ দুপাৰি দাঁত আছে। ইয়াৰ খুৰা আছে যদিও খুৰােবাৰ ফটা নহয়। প্ৰকৃতি: ঘোঁৰাই বৰ বেগাই দৌৰিব পাৰে।  ই পৰিশ্ৰমী । […]

Read More

আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল

আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল আৰম্ভণি: পুথিভঁৰাল হৈছে এখন কোঠালী  বা ঘৰ য’ত অধ্যয়নৰ কাৰণে নানান বিষয়ৰ কিতাপ সযত্নে আৰু শৃঙ্খলাবদ্ধভাবে  ৰখা হয়। পুথিভঁৰাল অবিহনে কোনো এখন বিদ্যালয়ে পৰিপূৰ্ণ বিদ্যালয়ৰ মৰ্যদা লাভ কৰিব নোৱাৰে। প্ৰায়বোৰ বিদ্যালয়তে থকাৰ দৰে আমাৰ বিদ্যালয়তো এখন আহল-বহল পুথিভঁৰাল আছে।  বিৱৰণ: আমাৰ বিদ্যালয়ৰ পুথিভঁৰালটো শিক্ষকসকলৰ উমৈহতীয়া কোঠালীটোৰ লগতে অৱস্থিত।  ই হৈছে এটি ডাঙৰ কোঠালী য’ত এখন পুথিভঁৰালত থাকিবলগীয়া প্ৰায় সকলোবোৰ আধুনিক সা-সুবিধা আছে।  আমাৰ বিদ্যালয়ৰ এজন অধ্যয়নশীল শিক্ষক আমাৰ পুথিভাঁৰলটোৰ তত্বাৱধানত আছে।  আমাৰ […]

Read More

আমাৰ নগৰ। আমাৰ নগৰ ৰচনা

আমাৰ নগৰ আৰম্ভণি: আমাৰ নগৰখনৰ নাম বৰেপটা ৰোড। ই হৈছে নামনি অসমৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ। ই বৰেপটা জিলাৰ সদৰ ঠাইৰ পৰা প্ৰায় তেৰ কিলোমিটাৰ উত্তৰ দিশত অৱস্থিত  ।  বিৱৰণ: নগৰখন ঘন বসতিপূৰ্ণ।  ইয়াত প্ৰায় বিশ হেজাৰ  মানুহে শান্তিৰে বসবাস কৰি আছে। ইয়াত পাঁচখন প্ৰাথমিক বিদ্যালয়, তিনিখন উচ্চ মাধ্যমিক বিদ্যালয়, দুইখন কনিষ্ট মহাবিদ্যালয় আছে। ইয়াত ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ সাতখন মচজিদ আৰু ছয়খন মন্দিৰ আছে।  ইয়াত এখন পুথিভঁৰালো আছে।  পুথিভঁৰালখন বিভিন্ন বিষয়ৰ কিতাপেৰে  পৰিপূৰ্ণ। ইয়াত দুখন চৰকাৰী […]

Read More

আমাৰ গাওঁ ৰচনা

আমাৰ গাওঁ আৰম্ভণি: আমাৰ  গাওঁখনৰ নাম বেতবাৰী পাথাৰ। ই বৰেপটা টাউনৰ পৰা প্ৰায় ছয় কিলোমিটাৰ উত্তৰে  অৱস্থিত।  ই এটি সৰু দুখীয়া কৃষি প্ৰধান গাওঁ। বিৱৰণ: আমাৰ গাওঁখনত  প্ৰায় তিনিশমান পৰিয়াল বসবাস কৰে । আমাৰ গাওঁত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে।  প্ৰায় সকলোবোৰ  পৰিয়ালেই কৃষক আৰু আৰ্থিকভাবে  দুর্বল । কিছু ব্যৱসায়ী আৰু কিছু চাকৰীয়াল আছে যদিও সিহঁতৰ সংখ্যা নিচেই কম।  আমাৰ গাওঁৰ যোগাযোগ ব্যৱস্থাও অতি শোকজনক। আমাৰ গাৱঁলীয়া ৰাস্তাবোৰ  নিৰ্মাণ কৰাত চৰকাৰ মৌন হৈয়ে আছে। আমি […]

Read More

আমাৰ  বিদ্যালয় ৰচনা

আমাৰ  বিদ্যালয় আৰম্ভণি: আমাৰ বিদ্যালয়খনৰ নাম কুঁজাৰপীঠ হাই স্কুল। ই বৰেপটা টাউনৰ পৰা সাত কিলোমিটাৰ উত্তৰে  অৱস্থিত।  বিৱৰণ: আমাৰ স্কুলত চাৰিখন বিল্ডিং আছে। প্ৰতিটো বিল্ডিঙত   চাৰিটাকৈ কোঠালী আছে। ইয়াৰ দুটা কোঠালি  শিক্ষকসকলৰ  কমনৰুম হিচাপে,  এটা পুথিভঁৰাল হিচাপে  আৰু এটা পেক্ষাগৃহ হিচাপে  ব্যৱহাৰ কৰা হয়।  প্ৰতিটো ৰুমত ছয়টাকৈ খিড়িকী আৰু দুটাকৈ দৰজা আছে। প্ৰতিটো কোঠালীত সুন্দৰ চিলিং আছে।  আমাৰ স্কুলত প্ৰায় তিনিশ ছাত্ৰ-ছাত্ৰী আছে।  আমাৰ স্কুলত এটি আহল-বহল খেল-পথাৰো আছে। স্কুলখন ১৯৫২ চনত স্থাপন কৰা হয়। স্কুলখনে ইয়াৰ স্থাপনৰ […]

Read More

আমাৰ শ্ৰেণী কোঠা।আমাৰ শ্ৰেণী কোঠা ৰচনা

আমাৰ শ্ৰেণী কোঠা আৰম্ভণি: মই জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ। মই অষ্টম শ্ৰেণীত পঢ়ো । আমাৰ স্কুলত চাৰিখন বিল্ডিং আছে। ইয়াৰ এটা লাইব্রেৰী আৰু শিক্ষকসকলৰ বাবে  ব্যৱহাৰ কৰা হয়। আমাৰ শ্ৰেণীকোঠাটো নতুন বিল্ডিঙৰ অন্তৰ্গত এটি সুন্দৰ কোঠালী। বিৱৰণ: আমাৰ শ্ৰেণী কোঠাটো বৰ পৰিপাটি। এইটোত প্ৰায় পঁচিশযোৰ ডেক্স-বেঞ্চ  আছে। এইবোৰ সৰল কাঠেৰে তৈয়াৰী। কোঠাটোৰ সন্মুখৰ এটা চুকত প্লেটফৰ্ম আৰু তাৰ ওপৰত শিক্ষক বহিবলৈ এটি চিয়াৰ আৰু এটি টেবিল আছে। চিঁয়াৰখনৰ কাষতে বেৰত  এটি ডাঙৰ ব্লাকবোর্ড  আছে।  কোঠাটোত মুঠতে ছয়টা […]

Read More

। হাতীৰ বিষয়ে ৰচনা

হাতী আৰম্ভিণি: হাতী চাৰিঠেঙীয়া  প্ৰকাণ্ড জন্তু। হাতী সাধাৰণতে বনৰীয়া যদিও ইয়াক পোহ  মনাব পাৰি।  বিৱৰণ: হাতীৰ দুটা চকু, দুখন বিচনীৰ দৰে কাণ, এডাল দীঘল শুঁৰ আছে। ইয়াৰ শুঁৰ ডালেই ইয়াৰ নাক।  হাতীৰ দুটা দাঁত আছে। ইয়াৰ দাঁত বৰ মূল্যৱান। পোহনীয়া হাতীয়ে মানুহক নানান ধৰণে সহায় কৰে।  ই গধুৰ বয়-বস্তু কঢ়িয়াব  পাৰে। ই চিকাৰীসকলৰ বন্ধু । চিকাৰীসকলে ইয়াৰ পিঠিত উঠি  চিকাৰলৈ যায়।  পোহনীয়া হাতীৰ দ্বাৰা বনৰীয়া হাতী চিকাৰ কৰা হয়। এচিয়া আৰু আফ্ৰিকা মহাদেশত হাতী […]

Read More

কুকুৰ। কুকুৰৰ বিষয়ে ৰচনা

কুকুৰ আৰম্ভণি: কুকুৰ চাৰিঠেঙীয়া  জন্তু।  ই মানুহৰ অতি বিশ্বাসী জন্তু বুলি কোৱা হয়। কিছুমান মানুহে কুকুৰ পোহে । বিৱৰণ:  কুকুৰৰ দুখন চকু, দুখন কাণ আৰু এখন বেঁকা  নেজ আছে। ইয়াৰ চোকা দাঁত আৰু নখ আছে। এইেবাৰৰ সহায়ত ই শত্ৰুৰ লগত যুঁজে।  ই এবাৰতে কেইবাটাও পোৱালি জন্ম দিয়ে।  কুকুৰৰ বহুতো প্ৰজাতি আছে, যেনে: এলচাচিয়ান কুকুৰ, জাপানী কুকুৰ, যুঁজাৰু  কুকুৰ, চিকাৰী কুকুৰ, স্পেনিয়েল কুকুৰ ইত্যাদি। যুঁজাৰু  কুকুৰ ইয়াৰ শক্তি, সাহস আৰু আঁকোৰগোজ স্বভাৱৰ কাৰণে বিখ্যাত।  এলচাচিয়ান […]

Read More

গৰু। গৰু ৰচনা

গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ  দেশতে পোৱা যায় ।  প্ৰায় প্ৰতিটো কৃষক পৰিয়ালেই গৰু পোহে । কিছুমান দেশত বনৰীয়া গৰুও পোৱা  যায়।

Read More