(ভাৱ সম্প্ৰসাৰণ (Amplification ) ত সাধাৰণতে কিছুমান পটন্তৰ, ফৰকা যোজনা, কোনো বিখ্যাত ব্যক্তিৰ জ্ঞানগৰ্ভ উক্তি আদি দিয়া হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰৰ ভাৱ সম্পৰসাৰণ কৰিব লাগে অৰ্থাৎ ভাৱ বহলাই লিখিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে প্রদত্ত বিষয়টো ভালদৰে বুজি লৈ নিজৰ ভাষাত ইয়াৰ ব্যাখ্যা কৰিব লাগে। অৱশ্যে প্ৰায় বেছিভাগ পটন্তৰ, ফৰকা যোজনা, কোনো বিখ্যাত ব্যক্তিৰ জ্ঞানগৰ্ভ উক্তি আদিত দুটা ভাৱ বা অৰ্থ থাকে – এটা উপৰুৱা আৰু আনটো অন্তৰ্নিহিত। প্ৰথমে উপৰুৱা অৰ্থটো চমুকৈ বৰ্ণনা কৰি দ্বিতীয়তে অৰ্ন্তনিহিত […]
Read MoreMonthly Archives: January 2019
এশ গৰু মাৰিলে বাঘৰো মৰণ —ভাব সম্প্রসাৰণ
এশ গৰু মাৰিলে বাঘৰো মৰণ —ভাব সম্প্রসাৰণ অতি অন্যায়ৰ পৰিণতি যে বেয়া হয় তাকে বুজাবলৈ উক্ত প্ৰবচনটি ব্যৱহাৰ কৰা হয়। গৰু-ম’হ বাঘৰ খাদ্য। সিহঁতে গৰু -ম’হ চিকাৰ কৰি সেইবোৰৰ মাংস ভক্ষণ কৰি জীয়াই থাকে। গৰু-ম’হ বাঘৰ খাদ্য যদিও বাঘে যদি প্ৰায়োজনতকৈ অধিক গৰু মাৰি পেলায়, তেন্তে তেনে কাৰ্যই বাঘৰ বিপদ মাতি আনে। কাৰণ প্ৰয়োজনতকৈ অধিক গৰু মাৰিলে এটা সময়ত গৰু শেষ হৈ যাব, তেতিয়া সি চিকাৰ কৰিবলৈ কোনো গৰু নাপাই নেখাই মৰিব […]
Read Moreআঠুৱা চাই ঠেং মেলা —ভাব সম্প্রসাৰণ
আঠুৱা চাই ঠেং মেলা —ভাব সম্প্রসাৰণ সামৰ্থ অনুসৰি কাম কৰাৰ প্ৰসংগত উপদেশৰ সুৰত উক্ত প্ৰবচনফাঁকিৰ উদ্ধৃতি দিয়া হয়। আমি ৰাতি শুবৰ সময়ত ম’হৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ আঠুৱা মেলি লও। আঠুৱাৰ ৰ্দ্ঘৈৰ এক সীমা আছে। আমি আঠুৱাৰ ভিতৰত থাকিলেহ ম’হৰ উৎপাতৰ পৰা ৰক্ষা পাব পাৰি। যদি আঠুৱাটো সৰু হয় তেন্তে আমি ঠেং মেলিলে আঠুৱাৰ বাহিৰলৈ ওলাই যাব আৰু তেতিয়া আমাক মহে কামুৰিব। সেয়ে আঠুৱা সৰু হ’লে আমি সেইমতে ঠেং মেলিলে […]
Read Moreআইৰো বাৰ্তা গংগাৰো যাত্ৰা –ভাব সম্প্রসাৰণ
আইৰো বাৰ্তা গংগাৰো যাত্ৰা –ভাব সম্প্রসাৰণ সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে বুজাবলৈ উক্ত প্ৰৱচনটো সততে ব্যৱহাৰ কৰা হয়।এই প্ৰৱচন মতে শশুৰৰ ঘৰত থকা বোৱাৰীয়ে নিজ মাতৃৰ অসুখৰ বাৰ্তা পোৱাৰ লগে লগেই আইক চাবলৈ পিতৃ-মাতৃৰ ঘৰলৈ যাত্ৰা কৰে। বেলেগ ক’ৰবালৈ যাবলৈ ওলাওঁতে প্ৰতিজনী বোৱাৰীয়ে সাজোন-কাচোনত বহুত সময় লয়। অৰ্থাৎ যথা সময়ত ওলাব নোৱাৰে। কিন্তু আইৰ অসুখৰ খবৰ পোৱাৰ লগে লগেই সি উধাতু খাই যাত্ৰা আৰম্ভ কৰে। অৰ্থাৎ অলেপা সময়ৰ অপব্যয় নকৰে। আইৰ […]
Read Moreসময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা —ভাব সম্প্রসাৰণ
সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা —ভাব সম্প্রসাৰণ ‘সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা’: কথাষাৰ অসমীয়া ভাষাত সময়ৰ উপযুক্ত ব্যৱহাৰৰ বিষয়ে সচেতন কৰিবলৈ সততে কোৱা শুনিবলৈ পোৱা যায়। শৰ মানে কাঁড়। ইয়াক ধেনুত গুণ লগাই জীৱ-জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ’ল একশ্ৰেণীৰ তীব্ৰ বেগী পহু। ইয়াৰ মঙহ খাবলৈ সোৱাদ। সেই সোৱাদ লগা মঙহ খাবলৈ হ’লে আমি পহুৰ গতিৰ বেগতকৈ অধিক বেগত ইয়াৰ […]
Read Moreমাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা — ভাব সম্প্ৰসাৰণ
মাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা — ভাব সম্প্ৰসাৰণ এইটো জ্ঞানীলোকে কোৱা এক প্ৰবচনহে। কৰ্তব্যৰ খাতিৰত বা প্ৰয়োজনত যে টান কামো কৰিব লাগে আৰু অপ্ৰয়োজনত যে আনন্দজনক কামো কৰিব নালাগে তাক বুজাবলৈ উক্ত প্ৰবচনটো মতা হয়। ৰণ বা যুদ্ধ কৰিবলৈ কোনেও ভাল নাপায়। কাৰণ যুদ্ধত নানা ধৰণৰ কষ্ট কৰিবলগা হোৱাৰ উপৰিও তাত জীৱন-মৰণৰ প্ৰশ্ন জড়িত হৈ থাকে। আনহাতে ভোজ খাবলৈ মানুহে ভাল পায়। কাৰণ ভোজত সাধাৰণতে নানা ধৰণৰ উপাদেয় খাদ্য খাবলৈ দিয়া […]
Read Moreঅনন্ত বিশ্বৰ এই অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই — ভাব সম্প্ৰসাৰণ
অনন্ত বিশ্বৰ এই অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই — ভাব সম্প্ৰসাৰণ এই বিশাল বিশ্বত অসংখ্য গ্ৰহ, নক্ষত্ৰ, জীৱ-জন্তু, চৰাই-চিৰিকতি ইত্যাদি আছে। সেই সকলো বস্তু বা জীৱ-জন্তুৰ মাজত মানুহ হৈছে অতি নগন্য এটি জীৱ। অৰ্থাৎ অসংখ্য জীৱৰ মাজত মানুহ এটি ধূলিকণা সদৃশ। এই বিশাল বিশ্বৰ বুকুৰ পৰা কোনোৱা ব্যক্তি মৰি গ’লে বা নাইকীয়া হৈ গ’লে বিশ্বৰ অকনো ক্ষতি নহয়, বিশ্বৰ নীতি-নিয়মৰো অকনো হেৰ-ফেৰ নহয়। গ্ৰহ-নক্ষত্ৰবোৰে নিজ নিজ ধৰ্ম মতে নিজ নিজ কক্ষপথত ঘূৰি থাকিব, […]
Read Moreবিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে — ভাব সম্প্ৰসাৰণ
বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে — ভাব সম্প্ৰসাৰণ উক্ত কথাফাঁকিৰ জৰিয়তে বিদ্যা লাভ কৰাৰ গুৰুত্ব তথা তাৎপৰ্যৰ বিষয়ে কোৱা হৈছে। মানুহে জন্মৰ সময়তে ধন, মান, প্ৰতিভা বা যশস্যা লৈ জন্ম গ্ৰহণ নকৰে। এইবোৰ মানুহে অৰ্জনহে কৰিব লাগে। ধন, মান, যশস্যা আদি লাভ কৰাৰ মূলতে হৈছে বিদ্যা। বিদ্যাৰ দ্বাৰা মানুহে নিজৰ প্ৰতিভা বিকাশ আৰু প্ৰকাশ কৰিবলৈ সক্ষম হয়। বিদ্যাই মানুহৰ কৰ্মকুশলতা বৃদ্ধি কৰে। বিদ্যাই মানুহক […]
Read Moreহৰিণাৰ মাংসই বৈৰী — ভাব সম্প্ৰসাৰণ
হৰিণাৰ মাংসই বৈৰী — ভাব সম্প্ৰসাৰণ অসমীয়া ভাষাত সততে কোৱা ই এক প্ৰৱচন। নিজৰ মাজত আনে শত্ৰুতা কৰিব পৰা গুণ থকা প্ৰসংগত উক্ত প্ৰৱচনফাকি মতা হয়। হৰিণ হৈছে এবিধ বনৰীয়া কিন্তু অতি নিৰ্জু আৰু সুন্দৰ প্ৰাণী। ই মানুহৰ একো ক্ষতি নকৰে। ই ঘাঁহ আৰু পাতল বিৰিণাজাতীয তৃণ থকা ঠাইত থাকিবলৈ ভাল পায়। ইয়াৰ মঙহ অতি সোৱাদযুক্ত। ইয়াক সহজে চিকাৰ কৰিবও নোৱাৰি। কাৰণ ই অতি বেগাই দৌৰিব পাৰে। কিন্তু ইয়াৰ মঙহ সোৱাদযুক্ত হোৱা বাবে মানুহে নানান কৌশল […]
Read Moreঅভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ—ভাব সম্প্ৰসাৰণ
অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ—ভাব সম্প্ৰসাৰণ অভ্যাসৰ বলত যে কঠিন কামো সহজ হৈ যায় তাকে বুজাবলৈ উক্ত প্ৰবচনটো কোৱা হয়। তিৰোতা মানুহে অলংকাৰ পৰিধান কৰিবৰ বাবে দুয়োখন কাণৰ পতা বিন্ধা কৰে। এই বিন্ধা অতি সৰু । ইয়াৰ মাজেদি শৰ এপাত সৰকি যাব নোৱাৰে। কিন্তু এনে কিছুমান লোক আছে সিহঁতে কৰ্ণপথেদিও সুকললে পাৰ হৈ যাব পৰাকৈ শৰ মাৰিব পাৰে। অৰ্থাৎ অভ্যাসৰ জৰিয়তে কিছুমান লোকে অসম্ভৱকো সম্ভৱ কৰিব পাৰে। সেইদৰে আমি যদি একাণপতীয়াকৈ কোনো […]
Read More