আলি-আই-লৃগাং

ভাৰতৰ নুমলী জীয়ৰী অসমখন হৈছে এখন জনজাতি প্ৰধান ৰাজ্য। দূৰ অতীতৰে পৰা অসমৰ পাহাৰে-ভৈয়ামে নানাৰঙী জনগোষ্ঠীসমূহে বসবাস কৰি আহিছে। সকলো জনগোষ্ঠীৰে  সুকীয়া সংস্কৃতি, আচাৰ-আচৰণ, উৎসৱ-পাৰ্বন আদি আছে। অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ ভিতৰত এক উল্লেখনীয় জনগোষ্ঠী হৈছে মিচিংসকল।  মিছিংসকলক বিশেষকৈ উজনি অসমৰ ফালে বেছিকৈ দেখা যায়। এওঁলোক মূলতঃ কৃষিজীৱী আৰু সিহঁতৰ উৎসৱ-পাৰ্বণ আদিও কৃষিৰ সৈতেই জড়িত। সিহঁতৰ এক প্ৰধান উৎসৱ হৈছে ‘আলি-আই-লৃগাং’। বিহু উৎসৱৰ দৰে ইও এক কৃষিভিত্তিক  উৎসৱ।

আলি-আই-লৃগাং কেতিয়া, কেনেকৈ আৰম্ভ হ’ল তাৰ হদিছ পোৱাটো কঠিন। কিছুমান পণ্ডিতে ক’ব খোজে যে মিছিংসকলে ভৈয়ামলৈ আহি নাঙল-যুঁৱলিৰে ধান খেতি কৰিবলৈ লোৱাৰ আগৰে পৰাই  এই উৎসৱ পালন কৰিবলৈ লৈছিল। হয়তো সেই সময়ত ইয়াক পালন কৰাৰ ধৰণ বা উপচাৰসমূহ বেলেগ আছিল। তেতিয়াৰে পৰা ই ক্ৰমবিকাশৰ জৰিয়তে  বৰ্তমানৰ স্থিতি লাভ কৰিছে।

মিছিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ বা কঠিয়া, ‘আই’ মানে ফল আৰু ‘লৃগাং’ মানে আৰম্ভণি। অর্থাৎ  ই হ’ল শস্য ৰোপণৰ আৰম্ভণি উৎসৱ। অন্যান্য জনগোষ্ঠীসমূহৰ দৰেই, মিছিংসকলৰো জীৱন ধাৰণৰ মূল কেন্দ্ৰবিন্দু হৈছে কৃষি আৰু কৃষিভিত্তিক পৰম্পৰা। সেয়ে শস্য ৰোপণৰ আৰম্ভণি হৈছে তেওঁলোকৰ জাতীয় জীৱনৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংশ। সিহঁতে ভগৱানক সন্তুষ্ট কৰি ভাল উৎপাদন কামনা কৰাৰ লগতে ৰং-ধেমালীৰ মাজেৰে এই সময় পাৰ কৰিবলৈ আলি-আই-লৃগাং উৎসৱটো পালন কৰে। এই উৎসৱ পোনতে ফাগুন মাহৰ যিকোনো দিনত  পালন কৰা হৈছিল। কিন্তু আজিকালি ইয়াৰ বাবে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ ধাৰ্য কৰা হৈছে।

মিছিংসকলৰ আলি-আই-লৃগাং উৎসৱটি দুটা ভাগত বিভক্ত। উৎসৱৰ প্ৰথম দিনটোৰ বাবে বাৰীৰ এটুকুৰা মাটি বিশেষভাৱে চহাই  ঘৰৰ মুৰব্বীয়ে বিশেষ মন্ত্ৰ মাতি মাটিডৰাত কণী  ভাঙি  আলু, আদা, ধান আদি ৰোপণ  কৰে। ইয়াকেই ‘লৃগাং’ বুলি কোৱা হয়। ইয়াৰ পাছত ভগৱানলৈ পুৰাং আৰু আপং আগবঢ়াই মংগলময় জীৱন আৰু ভাল কৃষিৰ বাবে প্ৰাৰ্থনা জনায়।

মিছিংসকলে গধূলি সময়ৰে পৰা ‘গুমৰাগ’ নৃত্যৰ আয়োজন কৰে। ডেকা-গাভৰুহঁতে নতুন কাপোৰ পিন্ধি গুমৰাগ নাচ নাচি ৰং-ধেমালি কৰে। নাচৰ লগে লগে ডোল, তাল, পেঁপা, গগনা, লেংনং, মাধা, লেনদেন, তাপুং আদি বাদ্যযন্ত্ৰ বজায়।

আলি-আই-লৃগাং উৎসৱ সাধাৰণতে পাঁচদিন ধৰি চলে। এই পাঁচদিন ডেকা-গাভৰুসকলে মানুহৰ ঘৰে ঘৰে গৈ গুমৰাগ নৃত্য কৰি ধান, চাউল আদি সংগ্ৰহ কৰে আৰু শেষৰ দিনা ভোজ-ভাত খায়। কোনো কোনো অঞ্চলত এই উৎসৱ তিনি দিন চলে। 

এই উৎসৱৰ সময়ছোৱাত ঘৰলৈ পূজাৰী মতাই আনি ইষ্ট দেৱতাৰ পূজা কৰা হয়। উৎসৱ চলি থকা দিনকেইটাত গছ-বন কটা, মাছ মৰা, মাটি চহোৱা, পথাৰত কোৰ ধৰা আদি কামৰ পৰা বিৰত থকা হয়। ইয়াক কোৱা হয় ‘মদনাম ’ বা কৰ্মবিৰতি। উৎসৱৰ সামৰণিৰ দিনা ভোজ-ভাত খাই মদনামৰ অন্ত পেলোৱা হয়।

মূলতঃ কৃষিপ্ৰধান উৎসৱ হ’লেও, আলি-আই-লৃগাঙৰ পৰিসৰ বিশাল। ইয়াৰ সৈতে জড়িত গীত-মাত, বস্ত্ৰ, বাদ্যযন্ত্ৰ, খাদ্যাভ্যাস, বিশ্বাস, লোক-পৰম্পৰা আদিয়ে মিছিং জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় দৃঢ়  কৰি তুলিছে। 

…ৰাব্বি মছৰুৰ    

3 Comments

Leave a Reply

Your email address will not be published.