মোৰ প্রিয় গ্রন্থ 

মই অসমীয়া ভাষাৰ বৰ্ণমালা শিকাৰে পৰা গ্ৰন্থৰ প্ৰেমত পৰো  আৰু পাঠ্যপুথি  পঢ়াৰ  আঁৰে আঁৰে ঢৌতে খৰ মাৰি বহুতো লিখক যেনে: সত্যনাথ বৰা, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, নলিনীবালা দেৱী, ৰঘুনাথ চৌধাৰী,  নজৰুল ইছলাম, ৰবীন্দ্ৰনাথ ঠাকুৰ আদিৰ বহুকেইখন গ্ৰন্থ পঢ়ি অটাইছো। এইসকল লিখকৰ সৰহৰভাগ গ্রন্থই মোৰ প্ৰিয় যদিও আজি মোক মোৰ প্ৰিয় গ্ৰন্থৰ বিষয়ে  লিখিবলৈ দিয়াত মই এনে এখন গ্ৰন্থ বাছি ললোঁ যিখন গ্ৰন্থৰ জৰিয়তে ভাৰতৰ সাহিত্য প্ৰতিভা সমগ্ৰ বিশ্বদৰবাৰত প্রতিষ্ঠিত হয়  আৰু সাহিত্যিকজনো বিশ্বৰ দামী আৰু সন্মানী  নবেল পুৰস্কাৰেৰে বিভূষিত হয়। সেইখন গ্ৰন্থৰ নাম ‘গীতাঞ্জলি’ আৰু গ্ৰন্থখনৰ ৰচকজনৰ নাম হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰ। গ্ৰন্থখন এখন গীতি কবিতাৰ সংকলন। গ্ৰন্থখনত শতাধিক বাংলা গীত সন্নিবিষ্ট হৈছে।

এতিয়া প্ৰশ্ন হ’ল বহুতো গ্ৰন্থৰ মাজৰ পৰা মই এই গ্ৰন্থখনক মোৰ প্ৰিয় গ্ৰন্থ হিচাপে বাছি লঁলো কিয়? ‘গীতাঞ্জলি’ গ্ৰন্থখনৰ বিষয়বস্তু আলোচনা কৰিলেই ইয়াৰ উত্তৰ  ওলাই পৰিব। 

গ্ৰন্থখনৰ প্ৰতিপাদ্য বিষয় হৈছে প্ৰেম। ঈশ্বৰ প্ৰেম, প্ৰকৃতি প্ৰেম, মানৱ প্ৰেম আৰু দেশ প্ৰেম — এই চাৰিটা প্ৰেমৰ সুঁতি  শাখা-উপ-শাখাৰ সৈতে অনাবিল বিশাল স্বৰ্গীয় প্ৰেমত মিলিত হৈছে।     

গীতি কবিতাখনৰ প্ৰথম গীতটোতেই কবিয়ে নিজকে ঈশ্বৰৰ চৰণত  সঁপি দি গাইছে:

“আমাৰ মাথা নত কৰে  দাও হে তোমাৰ

চৰণ ধূলাৰ তলে।

 সকল অহংকাৰ হে আমাৰ ডুবাও

 চোখেৰ জলে।”

                                (গীত নং – ১  )

কবি ৰবীন্দ্ৰনাথে নিজকে প্ৰচাৰ বিমূখ কৰি ৰাখিবলৈ দৃঢ়তা  প্ৰকাশ কৰি ঈশ্বৰৰ ইচ্ছা তেওঁৰ নিজৰ জীৱনৰ কৰ্মৰাজিৰ মাজেৰে প্ৰকাশ কৰিবলৈ ঈশ্বৰক প্রাৰ্থনা কৰি লিখিছে: 

“আমাৰে  না যেন কৰি প্ৰচাৰ

আমাৰ আপন কাজে –

তোমাৰি ইচ্ছা কৰহে  পূৰ্ণ

আমাৰ জীবন মাঝে।”

(গীত নং – ১  )

কবি ঈশ্বৰৰ ওচৰত পৰম কৃতজ্ঞ, কিয়নো ঈশ্বৰে কবিক সকলো মহত্ব দান কৰিছে। সেইবুলি তেওঁ বাহ্যিক জীৱণত নিজৰ স্বাধীনতা বিসর্জন  দিয়া নাই। কবিয়ে সকলো কামনা, জয়-পৰাজয়, বিপদ-আপদত ঈশ্বৰৰ পৰা প্ৰত্যক্ষভাৱে সহায় নিবিচাৰি তেওঁ প্ৰাৰ্থনা কৰিছে যেন তেওঁ বিপদ আৰু দুঃখ সহ্য কৰিব পাৰে। কবিৰ ভাষাত ,

“বিপদে মোৰে  ৰক্ষা কৰো 

এনোহে মোৰ প্ৰাৰ্থনা

বিপদে আমি না যেন কৰি ভয়।

দুঃখ তাপ  ব্যাথিত চিত্তে 

নাইবা দিলে সান্তনা 

দুঃখ যেন কৰিতে পাৰি জয়।”

(গীত নং -৪  )

ভগবৎ প্ৰেমৰ ওপৰিও এই কাব্যগ্ৰন্থখনত স্বদেশ প্ৰেম, মানৱ প্ৰেম আৰু প্ৰকৃতি প্ৰেমৰো অসংখ্য পংক্তি আছে। কবিৰ স্বদেশ প্ৰেম সাৱলীল আৰু আক্ষেপময় যথা –

“জননী তোমাৰ  চৰণ খানি 

হেৰিনু আজি অৰুণ  কিৰণ ৰূপে ।

জননী তোমাৰ মৰণ হৰণ বাণী

নীৰব গগনে ভৰি উঠে চুপে চুপে ।”

(গীত নং – ১৪  )

কবিয়ে সেই সময়ত ভাৰতবৰ্ষক ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰাৰ আন্দোলনত জঁপিয়াই পৰা স্বাধীনতা যুঁজাৰুসকলক সম্বোধি, সিহঁতক সাহস যোগাই আশাবাদী মন লৈ লিখিছে:

“ছাড়িস নে ধৰে  থাক এঁটে ,

ওৰে  হবে  তোৰ জয়।

অন্ধকাৰ যায় বুঝি কেটে,

ওৰে আৰ নেই ভয়।

(গীত নং – ১০৯  )

কবিৰ প্ৰকৃতিপ্ৰেম ৰমন্যাসধৰ্মী। প্ৰকৃতিৰ সৌন্দৰ্য্যত কবি বিভোৰ । সেয়ে কবিয়ে গাইছে , 

“আজ ধানেৰ খেতে ৰৌদ্র  ছায়ায় 

লুকোচুৰি খেলা।

নীল আকাশে কে ভাসালে

সাদা মেঘেৰ ভেলা।”                      

(গীত নং – ৮  )

কবিৰ গীতাঞ্জলিৰ ভাষা আৰু ছন্দ সাবলীল, সৰল, সাংগীতিক আৰু কাব্যিক  ৰসত কোমল। ওপৰত দিয়া পংক্তিবোৰেই এই মন্তব্যৰ যথাৰ্থ প্ৰমাণ।

অবশেষত ক’ব পাৰি কবি ৰবীন্দ্ৰনাথৰ ‘গীতাঞ্জলি’ কাব্যগ্ৰন্থখন অকল বাংলা ভাষাতে কিয়, সমগ্ৰ বিশ্ব সাহিত্যৰ এক আপুৰুগীয়া সম্পদ কাৰণ এই  গ্ৰন্থখনত প্ৰকাশ পোৱা ধৰণে ভগবৎ প্ৰেম ইমান আন্তৰিকতাৰে আৰু সাৰ্বজনীন আবেদন সহকাৰে আন কোনো কাব্য গ্ৰন্থত চিত্ৰিত হোৱা আজিলৈকে আমাৰ চকুত পৰা নাই।

উপৰি উক্ত কাৰণবোৰৰ বাবে  ৰবীন্দ্ৰনাথৰ ‘গীতাঞ্জলি’ কাব্য গ্ৰন্থখন মোৰ অতি প্ৰিয়। মই ভাৱো যিকোনো পাঠকে গ্ৰন্থখন অধ্যয়ন কৰিলে ই  তেওঁৰ প্ৰিয় ন’হৈ নোৱাৰে। 

প্রসঙ্গঃ ৰবীন্দ্রনাথৰ  গীতাঞ্জলি 

…ৰাব্বি মছৰুৰ    

Leave a Reply

Your email address will not be published.