মোৰ প্রিয়  বিজ্ঞানী ৰচনা। চাৰ্লচ ডাৰউইন

আৰম্ভণি: মই ল’ৰালি কালৰে পৰা ককা আৰু আইতাৰ মুখত বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী শুনি কিতাপ পঢ়াৰ  বাবে  আগ্ৰহী হওঁ। সেয়ে মাতৃভাষাৰ বৰ্ণমালা শিকাৰে পৰাই বিভিন্ন কিতাপ-পত্ৰ পঢ়িবলৈ লওঁ। তাৰোপৰি  মোৰ ল’ৰালি কালৰ সৰহভাগ দিন মোৰ মোমায়েকৰ ঘৰত কটাইছিলো। মোৰ মোমায়েকৰ ঘৰত কিতাপ পঢ়াৰ এক ভাল পৰিবেশ আছিল । সেয়ে মই প্ৰতি মাহতে দুই-তিনিটাকৈ নতুন কিতাপ পঢ়াৰ সুযোগ পাইছিলো। মোৰ ডাঙৰ  মোমায়েকে মোৰ কিতাপ পঢ়াৰ আগ্ৰহ দেখি মাজে মাজে মোক নতুন নতুন কিতাপ যোগান ধৰিছিল। এনেদৰে মই বিভিন্ন ধৰণৰ কিতাপ গো-গ্ৰাসে পঢ়ি  গৈছিলো যদিও প্ৰখ্যাত ব্যক্তিৰ জীৱনী গ্ৰন্থ পঢ়াৰ প্ৰতি মোৰ এক দুৰ্বলতা আছিল। সেয়ে মই আইনষ্টাইন, নিউটন, প্লাংক, টমাচ আলভা এডিচন, জেমচ ওৱাট,  আলফ্ৰেড  নবেল,  চি. ভি. ৰমন, চাৰ্লচ ডাৰউইন আদি প্ৰখ্যাত বিজ্ঞানীসকলৰ জীৱনী পঢ়ি অঁটাইছিলো। এই বিজ্ঞানীসকলৰ সকলোৰে জীৱনৰ পৰা মই জীৱনত আগবাঢ়ি  যাবলৈ বহুত প্ৰেৰণা লাভ কৰিছো আৰু সিহঁতৰ প্ৰত্যেকজনেই মোৰ প্ৰিয়। তথাপি আজি মোক মোৰ প্ৰিয় বিজ্ঞানী এগৰাকীৰ বিষয়ে লিখিবলৈ দিয়াত মই এইসকল বিজ্ঞানীসকলৰ মাজৰ পৰা এনে এজন বিজ্ঞানীক বাছি ললোঁ  যিজনৰ চিন্তা-চৰ্চা আৰু আৱিষ্কাৰৰ তত্ত্বই মানুহৰ চিন্তা জগতত এক আমূল পৰিৱৰ্তন সাধন কৰিছিল। সেই বিজ্ঞানীজন হ’ল চাৰ্লচ ডাৰউইন। তেওঁক বিৱৰ্তনবাদ তত্ত্বৰ পিতৃ বুলি কোৱা হয়।

জন্ম আৰু বংশ পৰিচয়: বিৱৰ্তনবাদ তত্ত্বৰ পিতৃ ডাৰউইন  এক ঐতিহ্যময় শিক্ষিত পৰিয়ালত ১৮০৯ চনত জন্ম গ্ৰহণ কৰিছিল।  ডাৰউইনৰ পিতামহ আছিল এ’ৰাছমাছ ডাৰউইন। তেওঁ  আছিল এজন ডাক্তৰ, কবি আৰু ভাবুক। ডাৰউইনৰ মাতামহ জোছিয়া ওৱেজউদ আছিল সেই সময়ৰ পৃথিৱীৰ আটাইতকৈ প্ৰতিভাশালী আৰু বিখ্যাত কুমাৰ। ককাদেউতাকৰ নিচিনাকৈ ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনো এজন ডাক্তৰ আছিল। ডাক্তৰী কৰি তেওঁ ইমান ধন উপাৰ্জন কৰিছিল যে ডাৰউইনে গোটেই জীৱনত জীৱিকা অৰ্জনৰ কাৰণে কোনো ধৰণৰ কাম আৰু চিন্তা কৰিব লগা হোৱা নাছিল। সেয়ে তেওঁ জীৱনৰ গোটেই সময়খিনি উছৰ্গা কৰিব পাৰিছিল বিজ্ঞানৰ সাধনাত। তদুপৰি তেওঁৰ মাক ছুছানায়ো যৌতুক হিচাপে  পিতৃগৃহৰ পৰা বিপুল পৰিমাণৰ ধন লগত আনিছিল। ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনৰ ছয়জন ল’ৰা-ছোৱালী ভিতৰত ডাৰইউন আছিল পঞ্চম। 

শিক্ষা: ডাৰউইনে স্থানীয় প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল।  তাত  এবছৰ পঢ়াৰ পিছত ডাৰউইনে শ্ৰুছবাৰ স্কুল  নামৰ এখন বিখ্যাত স্কুলত ভৰ্তি হয়। ডাৰউইনে স্কুলত পঢ়ি থাকোঁতে পাঠ্যপুথি পঢ়াতকৈ প্ৰকৃতি অধ্যয়নত বেছি মনোযোগ দিছিল। ডাৰউইনৰ পৰিয়ালটো আছিল বংশানুক্ৰমে চিকিৎসক পৰিয়াল। গতিকে ৰবাৰ্ট ডাৰউইনে তেওঁৰ দ্বিতীয় পুত্ৰ চাৰ্লছ  ডাৰউইনকো ডাক্তৰি পঢ়ুওৱাৰ মানসেৰে ১৮২৫ খ্ৰীষ্টাব্দত,  এডিনবৰো মেডিকেল কলেজত  ভৰ্তি কৰাই দিছিল। কিন্তু ডাক্তৰি-বিদ্যাত ডাৰউইনৰ সমূলি মন বহা নাছিল। কাৰণ মানুহৰ শৰীৰ কটা-ছিঙা কৰিবলৈ তেওঁ  বেয়া পাইছিল। এই সময়তে তেওঁ আকৌ দুটা নতুন বিষয়ৰ প্ৰতি আকৃষ্ট হয় । তাৰে এটা হ’ল সামুদ্ৰিক প্ৰাণী আৰু উদ্ভিদ আৰু আনটো হ’ল ভূ-তত্ত্ব। বিশেষকৈ ভূ-তত্ত্বই ডাৰউইনৰ চিন্তাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।

সমুদ্ৰ যাত্ৰা আৰু গৱেষণা: ১৮৩১ খ্ৰীষ্টাব্দৰ ২৭ ডিচেম্বৰত অনাৱিষ্কৃত দুৰ্গম অঞ্চলত জীৱবিজ্ঞান অধ্যয়নৰ উদ্দেশ্য কেপ্তেইন ৰবাৰ্ট ফিৎসৰয়ৰ সৈতে ডাৰউইনে বিগল জাহাজত দক্ষিণ আমেৰিকালৈ এক দীঘলীয়া সমুদ্ৰ যাত্ৰাত অংশগ্ৰহণ কৰে।

এই সমুদ্ৰ যাত্ৰাত তেওঁ বিভিন্ন ধৰণৰ দুখ-কষ্ট সহ্য কৰিবলগা হৈছিল। জাহাখন অতিশয় সৰু আৰু ঠেক আছিল। কেৱল জাহাজখনেই যে তেওঁৰ একমাত্ৰ সমস্যা আছিল তেনে  নহয়। তেওঁৰ স্বাস্থ্যই তেওঁৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। বমি, জ্বৰ, অ-ভোক, মূৰঘূৰণি আদি সমুদ্ৰৰোগৰ লক্ষণে তেওঁৰ লগ এৰা নাছিল। কিন্তু সেইবোৰৰ মজতো তেওঁ প্ৰশান্ত চিত্তে নিজৰ কামত লাগি আছিল আৰু অৱশেষত সেই চেষ্টাত সফলো হৈছিল।  দক্ষিণ আমেৰিকাৰ বিভিন্ন অঞ্চলত ঘূৰি-ফুৰি তেওঁ অৰণ্যৰ উদ্ভিদ, পশু-পক্ষী, কীট-পতংগ আৰু সৰীসৃপ আৰু জীৱাশ্ম অধ্যয়ন কৰা কামত নিয়োজিত হৈছিল। ডাৰউইনৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল গালাপাগাছ দ্বীপপুঞ্জৰ শিলাময় মাটিৰ অধ্যয়ন। তাতেই তেওঁ তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ পাইছিল। গালাপাগাছ দ্বীপপুঞ্জত তেওঁ আৱিষ্কাৰ কৰিছিল যে এটা দ্বীপৰ কাছৰ লগত আন এটা দ্বীপৰ কাছৰ মিল নাই। ঠিক তেনেদৰে তেওঁ দেখিবলৈ পাইছিল যে বিভিন্ন দ্বীপৰ একে জাতিৰ চৰাইবোৰৰ মাজতো অমিল আছিল।

বিৱৰ্তনবাদ তত্ত্ব: গালাপাগাছ  দ্বীপুঞ্জলৈ কৰা ডাৰউইনৰ সমুদ্ৰ ভ্ৰমণে তেওঁৰ চিন্তাৰ মূৰ সম্পূৰ্ণৰূপে  ঘূৰাই দিছিল।  তেওঁ সেই অঞ্চলত থকা প্ৰাণীবোৰ  অধ্যয়ন কৰি  এক সিদ্ধান্তত উপনীত হয় যে পৃথিৱীৰ প্ৰাণীবোৰে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অবিৰামভাৱে পৰস্পৰে যুদ্ধ কৰি থাকে। কেতিয়াবা সীমিত পৰিমাণৰ খাদ্যৰ বাবে নিজৰ মাজতে তুমুল প্ৰতিযোগিতাৰ সৃষ্টি হয়। এই প্ৰতিযোগিতাত টিকি থাকিব পৰা  প্ৰাণীয়েহে  দ্ৰুত গতিৰে বিকশিত হ’ব পাৰে। তেনেকুৱা বিশেষ গুণ আয়ত্ত বা বিকশিত কৰিব নোৱাৰো প্ৰাণীবোৰ চিৰকাললৈ বিলুপ্ত হৈ যায়।  ইয়াৰ ফলতে এনেবোৰ মূলৰ প্ৰাণীৰ পৰাই নতুন নতুন আকৃতি আৰু প্ৰকৃতিৰ বিভিন্ন প্ৰাণীৰ উদ্ভৱ হৈছে। এইটোৱে হ’ল বিৱৰ্তন সম্পৰ্কে ডাৰউইনৰ মহান আৰু যুগান্তকাৰী তত্ত্ব। ডাৰউইনে তেওঁৰ বিখ্যাত কিতাপ ‘অৰিজিন অৱ স্পেছিজত’ এই যুগান্তকাৰী তত্ত্বটো দাঙি ধৰিছিল। 

ডাৰউইনে প্ৰাণীৰ উৎপত্তিৰ বিষয়ে এই নতুন তত্ত্ব দাঙি ধৰাৰ আগলৈকে পৃথিৱীৰ সকলো মানুহে এই কথা স্বতঃসিদ্ধ বুলি ধৰি লৈছিল যে এটা স্বৰ্গীয় শক্তিয়ে এই পৃথিৱী আৰু তাৰ সমস্ত প্ৰাণীক একেদিনেই সৃষ্টি কৰিছিল আৰু সৃষ্টি দিন ধৰি প্ৰাণীবোৰ একেটা ৰূপতে আছে। কিন্তু ডাৰউইনৰ যুগান্তকাৰী বিৱৰ্তন-তত্ত্বই সেই ধাৰণাটোক ভুল বুলি প্ৰমাণ কৰিলে। পৰিণামত ডাৰউইনৰ ব্যাখ্যাক কেন্দ্ৰ কৰি এফালে ধৰ্মযাজক আৰু আনফালে বিজ্ঞানীসকলৰ মাজত এক ৰোমাঞ্চকৰ তৰ্ক যুদ্ধৰ সূচনা হৈছিল। ডাৰউইনৰ তত্ত্বই বিজ্ঞানৰ জগতখনক সম্পূৰ্ণ এটা নতুন ৰূপ দিবলৈ সমৰ্থ হ’ল। 

এইজন মহান বিজ্ঞানী তথা চিন্তা নায়কে ১৮৮২ চনত নশ্বৰদেহা ত্যাগ কৰি পৰপাৰলৈ গমন কৰে।

প্রসঙ্গঃ চাৰ্লচ ডাৰউইন

…ৰাব্বি মছৰুৰ 

Leave a Reply

Your email address will not be published. Required fields are marked *