কুলি চৰাই

আমি দেখা নানান প্ৰকাৰৰ চৰাইবোৰৰ  ভিতৰত এক প্ৰকাৰৰ চৰাই হৈছে কুলি চৰাই।  ই চৰাইৰ কুকুলিফৰমিছ বৰ্গৰ অন্তৰ্গত। এই চৰাইবিধ বিশেষকৈ এচিয়া মহাদেশত দেখা যায়।

মতা কুলি চৰাই  দেখাত চিকচিকিয়া ক’লা যদিও  মাইকী কুলিৰ বৰণ অলপ কজলা হয়।  ই আকৃতিত কাউৰীতকৈ অলপ সৰু আৰু  ডিঙিটো কাউৰীতকৈ অলপ দীঘল। ই দীঘলে ৪০-৪৫ ছেন্টিমিটাৰ মান হয়। ইয়াৰ চকুৰ মণিবলয় ডাঠ ৰঙা ।

ই এক প্ৰকাৰৰ পৰিভ্ৰমী চৰাই । ই বসন্ত ঋতু  চলি থকা অঞ্চলত অধিক দেখা যায়। ই ‘কউ-কউ’ বুলি মাতে। ই কেতিয়াবা ‘টু টু’ বুলিও মাতে। মতা কুলিয়ে ‘কিক-কিক কিক’ বুলি মতা শুনা যায়।

বসন্ত ঋতু হৈছে ইয়াৰ প্ৰজননৰ সময়। ই এবাৰতে তিনি-চাৰিটাকৈ কণী পাৰে। কুলি চৰায়ে বাহ সাজিব নাজানে। সেয়ে ই চুৰ কৰি কাউৰীৰ বাহত কণী পাৰে আৰু কাউৰীয়ে নিজৰ কণী বুলি উমনি দি পোৱালি  জগায়।

কুলি চৰাই এক সুন্দৰ চৰাই নহয় আৰু ইয়াক  পোহ   মনাব নোৱাৰি যদিও বহুতো কবিয়ে  কুলি চৰাইক লৈ কবিতাও ৰচনা কৰিছে। 

গছৰ ফলমূল, শস্য, পোক-পতংগ আদি কুলি চৰাইৰ  প্ৰধান খাদ্য। ই এবিধ বনৰীয়া চৰাই যদিও মানুহৰ বসতি অঞ্চলতো দেখা যায়।

বৰ্তমান হাবি-জংগলৰ পৰিমাণ কমি অহাত কুলি চৰাইৰো সংখ্যা কমি আহিছে বুলি পক্ষীবিদসকলে ক’ব খোজে।

মূলগ্রন্থঃ অসমীয়া ৰচনা শিক্ষা

প্রসঙ্গঃ কুলি  

…ৰাব্বি মছৰুৰ 

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *