(ভাৱ সম্প্ৰসাৰণ (Amplification ) ত সাধাৰণতে কিছুমান পটন্তৰ, ফৰকা যোজনা, কোনো বিখ্যাত ব্যক্তিৰ জ্ঞানগৰ্ভ উক্তি  আদি দিয়া হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰৰ ভাৱ সম্পৰসাৰণ কৰিব লাগে অৰ্থাৎ ভাৱ বহলাই লিখিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে প্রদত্ত বিষয়টো ভালদৰে বুজি লৈ নিজৰ ভাষাত ইয়াৰ ব্যাখ্যা কৰিব লাগে। অৱশ্যে প্ৰায় বেছিভাগ  পটন্তৰ, ফৰকা যোজনা, কোনো বিখ্যাত ব্যক্তিৰ জ্ঞানগৰ্ভ উক্তি আদিত দুটা ভাৱ বা অৰ্থ থাকে – এটা উপৰুৱা আৰু আনটো অন্তৰ্নিহিত। প্ৰথমে উপৰুৱা অৰ্থটো চমুকৈ বৰ্ণনা কৰি দ্বিতীয়তে অৰ্ন্তনিহিত  অৰ্থটো বহলাই ব্যাখ্যা কৰিব লাগে। ভাষাৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিব লাগে।  ভাষা সহজ আৰু সৰল হ’ব লাগে। ভাৱ সম্প্ৰসাৰণ কৰাটো সহজ কাম নহয়। ইয়াৰ বাবে  অনুশীলনৰ প্ৰয়োজন ।)

আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা

ঈৰ্ষাপৰায়ণ লোকে নিজৰ ঘোৰ অনিষ্ট সাধন কৰি আনৰ সামান্য অনিষ্ট সাধন কৰি সন্তুষ্টি লাভ কৰাৰ প্ৰসংগত উক্ত প্ৰবচনটো কোৱা হয়।

আমাৰ সমাজত পৰম্পৰাগতভাৱে এই বিশ্বাস চলি আহিছে যে যাত্ৰা কালত অংগক্ষত লোক দেখা পালে যাত্ৰা অশুভ হয়। সেয়ে তেনে অৱস্থাত যাত্ৰা স্থগিত ৰখা হয়। সতিনীসকল স্বাভাৱিকতে ঈৰ্ষাপৰায়ণ। সিহঁতে সদায় পৰস্পৰৰ অমংগল কামনা  কৰে। মাকৰ ঘৰলৈ যোৱাটো তিৰোতাসকলৰ বাবে বৰ আনন্দৰ কথা।সেইবাবে কোনো সতিনীয়ে মাকৰ ঘৰলৈ যাবলৈ ওলোৱা দেখিলে আনজনী ঈৰ্ষাত জ্বলি উঠে। সেয়ে সি সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ উপায় বিচাৰি ফুৰে। কিন্তু কোনো উপায় নাপালে কিছুমানে নিজৰ নাক কাটি অৰ্থাৎ নিজকে অংগক্ষত কৰি আনজনীৰ সন্মুখত দেখা দি যাত্ৰা ভংগ কৰায়। অৰ্থাৎ সতিনীয়ে নিজৰ মহা অনিষ্ট সাধন কৰি সতিনীৰ সামান্য অনিষ্ট কৰি মহা সন্তোষ পায়।

ইয়াৰ  দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ঈৰ্ষাপৰায়ণ লোকে  আনৰ সামান্য অনিষ্ট সাধন কৰিবলৈ নিজৰ মহা অনিষ্ট বা ক্ষতি কৰিবলৈ কুণ্ঠােবাধ নকৰে।

উৎস গ্রন্থ: অসমীয়া ভাব সাম্প্রসাৰণ

 

Leave a Reply

Your email address will not be published. Required fields are marked *