এশ গৰু মাৰিলে বাঘৰো মৰণ —ভাব সম্প্রসাৰণ 

অতি অন্যায়ৰ পৰিণতি যে বেয়া  হয় তাকে বুজাবলৈ উক্ত প্ৰবচনটি  ব্যৱহাৰ কৰা হয়।

গৰু-ম’হ বাঘৰ খাদ্য। সিহঁতে গৰু -ম’হ চিকাৰ কৰি সেইবোৰৰ  মাংস ভক্ষণ কৰি জীয়াই থাকে। গৰু-ম’হ বাঘৰ খাদ্য যদিও বাঘে যদি প্ৰায়োজনতকৈ অধিক গৰু মাৰি পেলায়, তেন্তে  তেনে কাৰ্যই বাঘৰ বিপদ মাতি আনে। কাৰণ প্ৰয়োজনতকৈ অধিক গৰু মাৰিলে এটা সময়ত গৰু শেষ হৈ যাব, তেতিয়া সি চিকাৰ কৰিবলৈ কোনো গৰু নাপাই নেখাই মৰিব লাগিব।  নাইবা কৃষকৰ পোহনীয়া গৰু অধিক মাৰিলে এটা সময়ত সমাজৰ আটাইবোৰ কৃষকে মিলি বাঘকো মাৰি পেলাব পাৰে। সেয়ে বেয়া  মানুহে যদি মানুহৰ হাক-বচন নামানি বেয়া  কাম বা দুষ্কার্যবোৰ সদায় কৰি থাকে, তেন্তে মানুহে তেওঁৰ ওপৰত বিতুষ্ট হৈ কঠোৰ শাস্তি বিহিব পাৰে। সেয়ে কোৱা হয় যে দুষ্কাৰ্যৰ সীমা চেৰাই গ’লে শাস্তি অৱধাৰিত।

উৎস গ্রন্থ: আসমীয়া ভাব সম্প্রসাৰণ

Leave a Reply

Your email address will not be published. Required fields are marked *