দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ —ভাব সম্প্ৰসাৰণ 

দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ —ভাব সম্প্ৰসাৰণ  ডাঙৰৰ অৰিয়া-অৰিৰ সময়ত যে সৰু লোকৰ ক্ষতি হয় সেয়া বুজাবলৈ উক্ত প্ৰৱচনটো  সততে ব্যক্ত কৰা হয়। ম’হ এবিধ ডাঙৰ  আৰু শক্তিশালী প্ৰাণী। কেতিয়াবা কেতিয়াবা এটা ম’হে আন এটাৰ লগত যুঁজ দিয়ে। প্ৰাণী দুটা ডাঙৰ আৰু শক্তিমন্ত হোৱা বাবে   সিহঁতৰ যুঁজ বহু সময় ধৰি চলে। কোনেও সহজতে হাৰ নামানে। কিন্তু দুই ম’হৰ যুঁজৰ সময়ত যুদ্ধস্থলীৰ মাজত থকা সৰু সৰু বিৰিণা সিহঁতৰ ভৰিৰ  গচকত ধূলিসাৎ হৈ যায়।  ঠিক তেনেদৰে […]

Read More

এপাচি শাকত এটা জালুক —ভাব সম্প্ৰসাৰণ

এপাচি শাকত এটা জালুক —ভাব সম্প্ৰসাৰণ ‘এপাচি শাকত এটা জালুক’: কথাফাকি অসমীয়া মানুহে সততে কোৱা এক প্ৰবচন।য’ত বহুত বস্তুৰ প্ৰয়োজন তেনে স্থলত সামান্য বস্তুৰ উপস্থিতি বুজাবলৈ উপলুৱা কৰি উক্ত প্ৰৱচনফাকি মতা হয়। শাক মানুহৰ এবিধ ভাল খাদ্য। শাক খালে হজম শক্তি বৃদ্ধি হয়, পেট  খোলোচা হয়, চকুৰ দৃষ্টি শক্তি বৃদ্ধি পায়  ইত্যাদি বহুত উপকাৰ পোৱা যায়। কিন্তু শাক ৰান্ধোতে কোনো মচলা দিয়া নহয়। কাৰণ মচলা দিলে হোনো শাকৰ উপকাৰিতা হ্রাস পায়। কিন্তু শাকত জলকীয়া […]

Read More

বাছি খাবা জাগি শুবা — ভাব সম্প্ৰসাৰণ 

বাছি খাবা জাগি শুবা — ভাব সম্প্ৰসাৰণ  সকলো কামতে সতৰ্কতা অৱলম্বন কৰা প্ৰসংগত উক্ত কথাফাঁকি কোৱা হয়। আমাৰ সমাজত চোৰৰ বৰ ভয়। চোৰে ৰাতি ঘৰত সিন্ধি দি গৃৰ্হস্থ্যৰ ঘৰৰ বস্তু-সামগ্ৰী চোৰ কৰি লৈ যায়। চোৰৰ পৰা হাত সাৰাৰ প্ৰধান উপায় হৈছে  সতৰ্কহৈ থকা। গৃৰ্হস্থ্যই যদি সতৰ্ক হৈ থাকে, তেন্তে  চোৰে ঘৰত সোমবলৈ ভয় কৰে। অৰ্থাৎ সতৰ্ক হৈ থাকিলে চোৰে বস্তু-সামগ্ৰী চোৰ কৰিব নোৱাৰে। সেইদৰে আমাৰ জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন। খাদ্যৰ দ্বাৰা আমাৰ […]

Read More

জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ —ভাব সম্প্ৰসাৰণ

জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ —ভাব সম্প্ৰসাৰণ  ‘জননী’ শব্দই জন্মধাতৃ আই আৰু ‘জন্মভূমি’ শব্দৰ দ্বাৰা স্বদেশক বুজোৱা হৈছে। জননী আৰু জন্মভূমিৰ মহত্ব আৰু তাৎপৰ্যৰ বিষয়ে বুজাবলৈ উক্ত কথাফাকি সঘনে উদ্ধৃত কৰা হয়।  পৃথিৱীৰ সকলো মানুহ আৰু সকলো আত্মীয়তকৈ জন্মধাতৃ আই হ’ল শ্রেষ্ঠ। কিয়নো আইয়ে আমাক জন্ম দিয়াৰ উপৰিও বুকুৰ গাখীৰ খুৱাই অতি কষ্ট কৰি ডাঙৰ-দীঘল কৰিছে। আইৰ মুখৰ পৰা আমি মাতৃভাষাটো শিকি লৈছো। আইয়েই প্ৰকৃতিৰ গছ-গছনি, তৰু-লতা, নদ-নদী আদিৰ লগত পৰিচয় কৰাই […]

Read More

আপোন ভালেই জগত ভাল — ভাব সম্প্ৰসাৰণ 

 আপোন ভালেই জগত ভাল — ভাব সম্প্ৰসাৰণ  মানুহৰ আচাৰ-আচৰণৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত কথাফাকি কোৱা হয়।  ‘আপোন’ বুলিলে নিজক বুজোৱা হয়। আমি জীৱনত বহুত মানুহৰ লগত যোগাযোগ, আত্মীয়তা, লেন-দেন আদি কৰিব লগা হয়। বহু সময়তে আমি এনে কিছুমান লোকক লগ পাওঁ যিসকলৰ আচাৰ-আচৰণক আমি ভাল নাপাই সিহঁতৰ বিৰুদ্ধে সমালোচনা কৰি থাকো। প্ৰকৃততে আমি আনক সমালোচনা কৰাটো যুক্তি সংগত হ’ব নোৱাৰে। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে আমি নিজকে সমালোচনা কৰা উচিত। কাৰণ আমি […]

Read More

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়া চিন দিয়ে —ভাব সম্প্ৰসাৰণ

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ  চিন দিয়ে —ভাব সম্প্ৰসাৰণ ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে। কাৰণ  ৰাগি কৰা মানুহৰ স্বভাৱ-চৰিত্ৰ সলনি হয়, খৰতকীয়া মানুহ ঢিমা হয়, তজবজীয়া মানুহ সোৰোপা হয়, জুৰ মানুহ খঙাল  হয়, সৰল মানুহ ছলাহী হয়, শান্ত মানুহ দুষ্ট হয়। সেয়ে বহু দিন ৰাগি কৰিলে মানুহৰ স্বভাৱ চৰিত্ৰত এনে কিছুমান লক্ষণে দেখা দিয়ে  যি অস্বাভাৱিক আৰু নিৰাময়ৰ অযোগ্য হয়। অৰ্থাৎ  মানুহ  ৰাগিৰ প্ৰভাৱত সজ বাটৰ পৰা পিছলি গৈ অসজ বাটত পৰি […]

Read More

মানুহৰ সজ চৰিত্ৰ শুৱনি ফুলাতকৈও মনোহৰ — ভাব সম্প্ৰসাৰণ

মানুহৰ সজ চৰিত্ৰ শুৱনি ফুলনিতকৈও মনোহৰ — ভাব সম্প্ৰসাৰণ ফুলনিত নানা ধৰণৰ ফুল ফুলি সৌন্দৰ্য বঢ়ায় । কিন্তু সজ চৰিত্ৰবান মানুহ ফুলনিতকেয়ৈা সুন্দৰ। কাৰণ সজ চৰিত্ৰবান মানুহে সকলোৰে আদৰ, মৰম, সন্মান, প্ৰশংসা আদি  পায়। সজ চৰিত্ৰবান মানুহৰ সংস্পৰ্শত অহা সকলো মানুহেই কম-বেছি পৰিমাণে তেওঁৰ আচৰণৰ দ্বাৰা প্রভাবিত হয়। ফলত আমাৰ দৈনন্দিন জীৱন সুন্দৰ আৰু সুখকৰ হয়। সেয়ে সজ চৰিত্ৰ ফুলনিতকৈয়ো মনোহৰ বুলি ক’ব পাৰি।    

Read More

বিনয় পৰম ভূষণ–ভাব সম্প্ৰসাৰণ

বিনয় পৰম ভূষণ–ভাব সম্প্ৰসাৰণ   ‘বিনয়’ অৰ্থাৎ বিনীত ভাব  বা ভদ্ৰতা যে এক ডাঙৰ  গুণ তাকে বুজাবলৈ উক্ত কথাফাকি ব্যক্ত কৰা হয়।  সঁচা অৰ্থত মানুহ হ’বলৈ হ’লে এজন ব্যক্তিৰ কেইবাটাও মানৱীয় গুণ থাকিব লাগে, যেনে: দয়া, ক্ষমা, পৰোপকাৰিতা, সহিষ্ণুতা, প্ৰেম, মৰম, অহিংসা, বিনয়  ইত্যাদি। এই গুণবোৰৰ ভিতৰত ‘বিনয়’ গুণটোক ‘পৰম’ অৰ্থাৎ শ্রেষ্ঠ বুলি কোৱা হয়। আকৌ বিনয় গুণে ভদ্ৰতা, নম্ৰতা, সৰলতা আদি গুণক সামৰি লয়। সাধাৰণতে অন্যান্য মানৱীয় গুণ আয়ত্ব কৰোতে  প্ৰথমতে ব্যক্তি এজন বিনয়ী হ’ব […]

Read More

মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ’ব নালাগে — ভাব সম্প্ৰসাৰণ

মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ’ব নালাগে — ভাব সম্প্ৰসাৰণ মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ’ব নালাগে। ধন সম্পদক  লৈ  দম্ভ কৰা আৰু দুখ দৰিদ্ৰতাত অধীৰ হোৱা নীচ লোকৰ কাম। মহৎ লোকসকল  সকলো অৱস্থাতে একে থাকে। অৰ্থাৎ মহৎ লোকসকলে সম্পদ আৰু বিপদকালত অধীৰ নহৈ সুস্থিৰে থাকিব পাৰে। কাৰণ সিহঁতে জানে যে মানৱ জীৱনটো সুখ আৰু দুখৰ সমষ্টি। অকল সুখ বিচৰাটো অজ্ঞানীৰ লক্ষণ। বিপদত অধীৰ হ’লে বিপদ আঁতৰ নহয়, ইয়াৰ বোজা অধিক বৃদ্ধিহে পায়। সেয়ে […]

Read More

কৰ্তব্য  মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু — ভাব সম্প্ৰসাৰণ 

কৰ্তব্য  মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু — ভাব সম্প্ৰসাৰণ  ‘কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্ৰভু।’ নিষ্ঠা  সহকাৰে কৰ্তব্য কৰি গ’লে যে আমি জীৱনত সফল হ’ব পাৰো সেয়া বুজাবলৈ উক্ত কথাফাকি কোৱা হয়।  ‘আৰাধ্য’ মানে আৰাধনা বা পূজা কৰিবলগীয়া বস্তু অৰ্থাৎ দেৱতা। মানুহে মনৰ আশা পূৰ্ণ কৰিবলৈ বা সুখ শান্তি কামনা কৰি দেৱতাক পূজা-সেৱা কৰে। কিন্তু দেৱতাক পূজা কৰি মানুহে জীৱনত সফল পাৰে নে নোৱাৰে সেয়া ক’ব নোৱাৰি। কিন্তু নিয়মিতভাৱে নিষ্ঠা সহকাৰে […]

Read More