ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন — ভাব সম্প্ৰসাৰণ

ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন — ভাব সম্প্ৰসাৰণ ৰাগিয়াল বস্তুৰ এক গুণ হৈছে ‘ৰাগি’। এই গুণ নঞাৰ্থক অৰ্থতহে ব্যৱহাৰ কৰা হয়।  ‘ৰাগিয়াল বস্তু’ বুলিলে সেইেবাৰ বস্তুক বুজোৱা হয় যিবোৰ বস্তু খালে মানুহৰ নিচা হয় আৰু হিত-অহিত জ্ঞান হ্রাস  পায়। উদাহৰণস্বৰূেপ মদ, ভাং কানি, ফটিকা ইত্যাদি। এই বস্তুবোৰৰ যিকোনো এটা খালে মানুহৰ ৰাগি হয়। প্ৰথমতে মানুহে ইয়াক আনন্দৰ বাবে খাবলৈ আৰম্ভ কৰে যদিও পিছলৈ ই নিচা বা অভ্যাসত পৰিণত হয়। ৰাগিয়াল বস্তু সম্পৰ্কে কিছুমান মানুহে […]

Read More

মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা  পাহৰে — ভাব সম্প্ৰসাৰণ  

মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা  পাহৰে — ভাব সম্প্ৰসাৰণ   ৰাগিয়াল বস্তুৰ ভিতৰত মদো এবিধ। মদপীয়ে মদৰ ৰাগি দেখুৱাবলৈ ভাল পায়। সেয়ে সি ঘৰৰ পৰা বাহিৰ ওলাই সকলোৰে আগত ঢলং-পলং কৰি ফুৰে। এইদৰে ফুৰাটো তেওঁৰ মনত মহতালি যেন লাগে। ৰাগি লগা ব্যক্তিয়ে নিজৰ আনকি আনৰ গুপ্ত কথাবোৰ ব্যক্ত কৰি ফুৰে আৰু অসময়ত বৰ কথা কৈ বিপদত পৰে।  সি অবাবত খং  আৰু অবাবত ৰং কৰে, অবাবত হাঁহে আৰু অবাবত কান্দে। কিন্তু […]

Read More

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে — ভাব সম্প্ৰসাৰণ

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে — ভাব সম্প্ৰসাৰণ মদেই হওঁক বা কানিয়েই হওঁক ৰাগি মাত্ৰৰে এটা দোষ আছে। ৰাগি লগাই মতলীয়া কৰিলে, তাক শলাগিবলৈ দুই-চাৰিজন মানুহ লাগে নহ’লে মতলীয়ালিত কোনো আনন্দ নাপায়। এজনে তাল নধৰিলে গায়নৰ গা নুঠাৰ দৰে মদপীৰ ক্ষেত্ৰতো সেয়া হয়। কিন্তু নিমতলীয়া মানুহে মতলীয়াৰ কথা নশলাগে, মতলীয়াইহে মতলীয়াৰ কথাত ৰস পায়। সেইবাবে কানীয়া, ভঙুৰা, মদপী সকলোৱে লগ  বিচাৰে আৰু লগৰীয়াৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে।  সেয়ে সিহঁতে […]

Read More

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ —ভাব সম্প্ৰসাৰণ 

 কিনা হাঁহৰ ঠোঁটলৈকে মঙহ —ভাব সম্প্ৰসাৰণ  টকা খৰচ কৰি ক্ৰয় কৰা বস্তুৰ সর্বোচ্চ  সদ্ব্যৱহাৰৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত কথাফাকি ব্যক্ত কৰা হয়। হাঁহ এবিধ চৰাই। ইয়াক মানুহে পালন কৰে। হাঁহৰ মঙহ  বৰ উপাদেয়। মানুহে ইয়াক বিভিন্নভাৱে ৰন্ধন কৰি খায়। বিয়া-সবাহতো হঁহাৰ মঙহ  খাদ্য সম্ভাৰত স্থান দিয়া হয়। ভৈয়ামৰ অসমীয়া মানুহে মঙহৰ বাবেই  হাঁহ পোহে যদিও চহৰ অঞ্চলৰ মানুহে হাঁহ পোহা দেখা নাযায়। উপাদেয় গুণৰ বাবে মানুহে বজাৰৰ পৰা হাঁহ কিনি আনে। হাঁহৰ ঠোঁট মঙহ হিচাপে খাব নোৱাৰি; কিন্তু […]

Read More

আজিকালি ধনেই আলাউদ্দিনৰ চাকি —ভাব সম্প্ৰসাৰণ 

আজিকালি ধনেই আলাউদ্দিনৰ চাকি —ভাব সম্প্ৰসাৰণ  আজিকালি আমাৰ সমাজত সৎ গুণৰ পৰিৱৰ্তে  ধনেই যে প্ৰভাৱ বিস্তাৰ কৰি আছে, সেই কথা বুজাবলৈ  উক্ত কথাষাৰৰ অৱতাৰণা কৰা হয়। আমাৰ সমাজত ধনৰ প্ৰভাৱ অসীম। ধনৱান লোক এজনৰ কোনো গুণ নাথাকিলেও সি ধনৰ প্ৰভাৱত সমাজত উচ্চ আসন লাভ কৰা দেখা যায়। ধনী লোক এজনে তেওঁৰ ধন কোনো ভাল কামত খৰচ নকৰি অসৎ কামত খৰচ কৰিলেও ধন থকাৰ বাবে তেওঁৰ সন্মান হ্রাস নাপায়। সাধাৰণ মানুহেও ধনী লোকক ভয়তে […]

Read More

ৰূপ ঈশ্বৰ প্রদত্ত — ভাব সম্প্ৰসাৰণ 

ৰূপ ঈশ্বৰ প্রদত্ত — ভাব সম্প্ৰসাৰণ     প্ৰাণীৰ অবয়ৱ আৰু ৰূপ প্ৰকৃতিগতভাৱে পোৱা যায়। অৰ্থাৎ ৰূপ ঈশ্বৰ প্রদত্ত। কথাষাৰৰ বৰ তাৎপৰ্যপূৰ্ণ। আমি দেখা পাওঁ যে আমাৰ মাজৰ কিছুমানৰ শাৰীৰিক ৰূপ অতুলনীয়, আকৌ কিছুমান লোক সিমান দেখনিয়াৰ নহয় আৰু  কিছুমানৰ ৰূপ কুৎসিত। কুৎসিত চেহেৰাৰ লোকে বহু সময়ত সুন্দৰ বা দেখনিয়াৰ নোহোৱা বাবে দুঃখ কৰা দেখা যায়। বাস্তৱিকতে এয়া ভুল ধাৰণা। শাৰীৰিক ৰূপৰ ওপৰত আমাৰ কোনো হাত নাই । কাৰণ ৰূপ জন্মগত এটি গুণ। আমি ইয়াক […]

Read More

ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতিকুল— ভাব সম্প্ৰসাৰণ

ধনেই ধৰ্মৰ মূল, ধন নহ’লে  যায় জাতিকুল— ভাব সম্প্ৰসাৰণ  উক্ত কথাফাকিৰ জৰিয়তে ধনৰ গুৰুত্ব  আৰু তাৎপর্যৰ  বিষয়ে কোৱা হৈছে।  আমি সুন্দৰ আৰু মৰ্যদাপূৰ্ণ জীৱন যাপন কৰোতে ধনৰ প্ৰয়োজন। ধনৰ বাবেই মানুহে পৰিশ্ৰম কৰে, কৃষকে  হাড় ভগা পৰিশ্ৰম কৰি খেতি কৰে, শ্ৰমিকে বাটত শিল ভাঙে , ঠেলাৱালাই ঠেলা চলায়।  ধনৰ দ্বাৰা আমি যি ইচ্ছা তাকে কৰিব পাৰো। ধন থাকিলে আমি দুখীয়াক দান কৰিব পাৰো, সমাজ সেৱামূলক কাম-কাজ কৰিব পাৰো।  ধৰ্ম কৰিবলৈয়ো ধনৰ প্ৰয়োজন হয়। […]

Read More

সোণৰ জেউতি অমান্য কৰিলে নকমে — ভাব সম্প্ৰসাৰণ

সোণৰ জেউতি অমান্য কৰিলে নকমে — ভাব সম্প্ৰসাৰণ মূল্যৱান বস্তুক উলাই কৰিলেই যে তাৰ গুণ বা মূল্য নকমে তাকে ব্যক্ত কৰিবলৈ উক্ত কথাফাকি উদ্ধৃত কৰা হয়। সোণ এবিধ বহুমূলীয়া ধাতু। ইয়াৰ  উজ্জ্বলতা আৰু  দুষ্প্রাপ্যতাৰ  বাবে  মানুহে ইয়াক বৰ মূল্যৱান ধাতু বুলি বিবেচনা কৰে। সোণক মূল্যৱান স্থাবৰ সম্পদ বুলিও ধৰা হয়। সোণৰ দ্বাৰা মানুহে মূল্যৱান আ-অলংকাৰ তৈয়াৰ কৰে। দেশ এখনৰ অৰ্থনৈতিক দিশটোও সোণৰ জৰিয়তে মূল্যায়ন কৰা হয়। আন্তৰ্জাতিক বিনিময়ৰ ক্ষেত্ৰতো সোণ ব্যৱহাৰ কৰা হয়। সেয়ে সোণৰ […]

Read More

বলে মানুহক সাহস,  স্ফ্রুর্তি  আৰু আনন্দ দিয়ে —ভাব সম্প্ৰসাৰণ  

বলে মানুহক সাহস,  স্ফ্রুর্তি  আৰু আনন্দ দিয়ে —ভাব সম্প্ৰসাৰণ   ইয়াত ‘বল’ বুলিলে শাৰীৰিক শক্তিৰ কথা বুজোৱা হৈছে। শাৰীৰিক বল গৌৰৱৰ এক কাৰণ। ইতিহাসত আমি ভীম আৰু হাৰ্কিউলিচৰ  শাৰীৰিক বলৰ বিষয়ে পঢ়িবলৈ পাওঁ। ভীমৰ যথেষ্ট বল থকা বাবে বহুতে তেওঁক ভয় কৰিছিল। সেইদৰে  হাৰ্কিউলিচে দৈত্যৰ লগত যুদ্ধ কৰি পৰাভূত কৰিছিল। বল থাকিলে মানুহে আনৰ ওপৰত কেতিয়াবা প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয় আৰু ভক্তি আকৰ্ষণ কৰিব পাৰে। বল ঈশ্বৰ প্ৰদত্ত হ’লেও তাক নিজে চেষ্টা […]

Read More

বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে —ভাব সম্প্ৰসাৰণ

বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে —ভাব সম্প্ৰসাৰণ ধন বা বল অৰ্থাৎ শক্তি সামৰ্থৰ দ্বাৰা যে মানুহক পৰাস্ত কৰিব পাৰি, কিন্তু মনক জয় কৰিব নোৱাৰি সেই কথা বুজাবলৈ গৈ  উক্ত কথাফাকি কোৱা হয়।  ইতিহাসত দেখা যায় যে বহুতো ৰজা মহাৰজাই সিহঁতৰ শক্তি সামৰ্থৰে বহুতো দেশ জয় কৰিছিল। উদাহৰণ স্বৰূেপ আলেকজেণ্ডাৰ, নেপোলিয়ন, চীজাৰ আদি ৰাজনৈতিক নায়কসকলে বহুতো দেশ জয় কৰিছিল। কিন্তু সিহঁতৰ জয় ক্ষণস্থায়ী আছিল। কালৰ গতিত সিহঁতৰ সাম্ৰাজ্য […]

Read More