স্বাস্থ্য  নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে —ভাৱ সম্প্ৰসাৰণ 

স্বাস্থ্য  নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে —ভাৱ সম্প্ৰসাৰণ  স্বাস্থ্য ধন পৰম সম্পদ। সদায় সুস্থ থকাই শৰীৰৰ স্বভাৱ যদিও স্বাস্থ্য ভালে থকালৈকে মানুহে ইয়াৰ তাৎপৰ্য অনুভৱ নকৰে।  কিন্তু অৱহেলা কৰি বা স্বাস্থ্যবিধি নিয়মমতে মানি নচলাৰ বাবে  এবাৰ যদি স্বাস্থ্য পৰি যায় বা ৰোগীয়া হৈ যায় তেন্তে তাৰ বাবে  বহুত যাতনা ভূগিব লগা হয় আৰু তেতিয়াহে মানুহে স্বাস্থ্য যে পৰম সম্পদ তাক অনুভৱ কৰিব পাৰে। সেয়ে স্বাস্থ্য ভালে থকা সময়ৰ […]

Read More

ৰোগ মানুহৰ এটা পৰম শক্ৰ —ভাৱ সম্প্ৰসাৰণ

ৰোগ মানুহৰ এটা পৰম শক্ৰ  ৰোগ মানুহৰ পৰম শত্ৰু বুলি কোৱা হয়। মানুহৰ নানা শত্ৰু থাকিব পাৰে। কোনো শত্ৰুৱে আমাক জীৱনতো মাৰি পেলাব পাৰে। কিন্তু যদি কোনো মানুহ ৰুগীয়া হয় তেওঁ বাৰে বাৰে মৰণ যন্ত্ৰণা ভোগ কৰিব লাগে। সেয়ে ৰোগ মানুহৰ পৰম শত্ৰু বুলি কোৱা হয়। বুদ্ধিমান মানুহে ৰোগ নামৰ পৰম শত্ৰুক সদায় এৰাই চলিবলৈ যত্নবান হয়।      

Read More

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে -ভাব সম্প্রসাৰণ

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে শ্ৰম-বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাক বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হয়। হাঁহ-কুকুৰা শিয়ালৰ প্ৰিয় খাদ্য। কিন্তু হাঁহ-কুকুৰাবোৰ  আেপানা-আপুনি শিয়ালৰ ওচৰত ধৰা নিদিয়ে। শিয়ালে নিজ চেষ্টাৰে এইবোৰ  ধৰিব লাগে। নানান ফন্দিও কৰিব লগা হয়। সেয়ে শিয়াল এজনীয়ে যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে, তেন্তে সি হাঁহ ধৰিব নোৱাৰি নেখাই মৰিব লাগিব। ঠিক তেনেকৈ মানুহে জীৱনত সুখ-শান্তিত থাকিবলৈ হ’লে তেওঁ পৰিশ্ৰম কৰিব […]

Read More

টেঙা  আম এবাৰহে বেচিব পাৰি –ভাব সম্প্রসাৰণ

টেঙা  আম এবাৰহে বেচিব পাৰি  ছল-চাতুৰীৰ দ্বাৰা যে মানুহক বাৰে বাৰে ঠগাব নোৱাৰি তাকে বুজাবলৈ উক্ত নীতিবচনটো সততে উদ্ধৃত কৰা হয়। আম অতি ভাল ফল। ইয়াক মানুহে খায় আৰু ভাল পায়। ইয়াৰ বিশেষ শক্তিবৰ্দ্ধক গুণো আছ। কিন্তু টেঙা আম আমি খাব নোৱাৰি। সেয়ে টকা খৰচ কৰি  কোনও টেঙা  আম কিনিব নিবিচাৰে।  কিন্তু বিক্ৰেতাৰ কথা বিশ্বাস কৰি যদি ক্ৰেতাই টেঙা আম কিনে তেন্তে সি ঘৰলৈ গৈ খোৱাৰ পিছত বিক্ৰেতাৰ প্ৰৱঞ্চনা ধৰা পৰিব। তেনে […]

Read More

তুলসীৰ লগত কলপটুৱাৰ মুক্তি

তুলসীৰ লগত কলপটুৱাৰ মুক্তি  ভালৰ লগত বেয়া থাকিলেও বেয়াও যে বহু সময়ত ভালৰ মৰ্যাদা লাভ কৰে তাকে বুজাবলৈ উক্ত ফকৰা যোজানটি উদ্ধৃত কৰা হয়।  তুলসী গছক পৱিত্ৰ বুলি গণ্য কৰা হয়। ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ লোকে ইয়াক পূজাও কৰে। কাৰণ ইয়াৰ বহুতো ঔষধি গুণো আছে।  কিন্তু  ইয়াৰ তুলনাত কলপটুৱা অতি সাধাৰণ বস্তু। কলপটুৱাক কোনো মানুহে পূজা নকৰে। কিন্তু কলপটুৱাৰ খোল সাজি তাতে তুলসী থৈ পূজা-পাতলৰ কামত ব্যৱহাৰ কৰা হয় বাৰে  কলপটুৱাৰো মূল্য […]

Read More

ৰাইজে নখ জোকাৰিলে নৈ বয়

ৰাইজে নখ জোকাৰিলে নৈ বয় উক্ত উক্তিটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হোৱা এটি প্ৰবচন। সমজুৱাভাৱে কাম কৰিলে যে জটিল কামো সহজে সমাধান কৰিব পাৰি তাকে  বুজাবলৈ  প্ৰবচনটি মতা হয়। নদ-নদী সাধাৰণতে প্ৰাকৃতিক প্ৰক্ৰিয়াত সৃষ্টি হয়। মানুহে নৈ সৃষ্টি কৰাটো অসম্ভৱ। কিয়নো নৈ বৈ  যাবলৈ বহুত পানীৰ প্ৰয়োজন। এই পানী বৰষুণৰ উপৰিও বিভিন্ন উৎসই যোগান ধৰে। অৰ্থাৎ এটুপি এটুপিকৈ বহুত পানী লগ হৈ নৈ বৈ যায়। ঠিক তেনেকৈ আমাৰ এনে বহুতো কাম আছে যিবোৰ  আমি […]

Read More

অতি ভক্তি চোৰৰ লক্ষণ —ভাব সম্প্রসাৰণ

অতি ভক্তি চোৰৰ লক্ষণ  অতিপাত নমনীয়তা বা সাধুতাত যে ভণ্ডালি থাকিব পাৰে তাকে বুজাবলৈ অসমীয়া ভাষাত এই প্ৰৱচনটো কোৱা হয়। প্ৰত্যেক বস্তু বা কথাৰে একোটা সীমা থাকে। যেতিয়ালৈকে সি সীমাৰ ভিতৰত থাকে, তেতিয়ালৈকে তাৰ সুফল সকলোৱে ভোগ কৰিবলৈ পায়।সেইদৰে সাধু স্বভাৱৰ বা ভক্তিপৰায়ণ লোক সকলোৰে আদৰৰ। কিন্তু ভক্তি যেতিয়া অতিপাত বা অতিৰঞ্জিত হয় তেতিয়া তাত কৃত্ৰিমতা থাকে। সমাজত এনে বহু লোক পোৱা যায় যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে  স্বাভাৱিকতকৈ অধিক বিশ্বাসভাজন বা ভক্তিপৰায়ণ […]

Read More

বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা —ভাব সম্প্ৰসাৰণ

বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা  কোনো কাম, কথা বা অৱস্থাৰ ভাল-বেয়া যে মানুহৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে তাকে বুজাবলৈ উক্ত প্ৰৱচনফাঁকি সততে উদ্ধৃৃত কৰা হয়। মানুহে  মাটিত আৰামদায়কভাৱে বহিবলৈ পীৰাৰ প্ৰয়োজন। সেইদৰে ক্ষুদা নিবাৰণ কৰিবলৈ আমাৰ খাদ্যৰ প্ৰয়োজন। কিন্তু জুতি লগাবলৈ আমি সুস্বাধু খাদ্য বিচাৰো। আমি ইচ্ছা কৰিলেই যিকোনো পৰিস্থিতিত আৰামদায়কভাৱে বহিবলৈ বা জুতি লগাকৈ খাবলৈ খাদ্য বস্তু নেপাওঁ। তেনে স্থলত আমি আমাৰ মনৰ ভিতৰত  কোনো অসন্তোষভাৱ পোষণ […]

Read More

যিবিলাক ৰীতি-নীতি নৰৰ গঠিত সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত।— ভাব সম্প্ৰসাৰণ

যিবিলাক ৰীতি-নীতি নৰৰ গঠিত সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত মানুহৰ দ্বাৰা ৰচিত ৰীতি-নীতি যে বহু সময়ত ভূল বা স্বাৰ্থান্বেষী হয় সেই কথাষাৰকেই উক্ত কথাফাঁফিৰ দ্বাৰা বুজোৱা হৈছে। সমাজত মানুহে শান্তি-শৃঙ্খলা, নৈতিকতা, মানৱতা আদি বজাই ৰাখিবলৈ প্ৰয়োজন অনুসাৰে বহুতো ৰীতি-নীতি, আইন-কানুন গঢ়ি  তোলা হয় আৰু সেই ৰীতি-নীতিবোৰ মানি চলিবলৈ সকলোকে বাধ্যও কৰোৱা হয়। কাৰণ সকলোবোৰ ৰীতি-নীতি, আইন-কানুন আদিৰ নেপথ্যত মানুহৰ কল্যাণৰ উদ্দেশ্য নিহিত থাকে। কিন্তু বাস্তৱত দেখা যায় যে বহু সময়ত সেই ৰীতি-নীতিবোৰে মানুহৰ কল্যাণ […]

Read More

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট  কণীেবাৰ ভঙ্গাই  পেলাই বাহো  কৰিলো নষ্ট —ভাব সম্প্ৰসাৰণ

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীেবাৰ ভঙ্গাই  পেলাই বাহো  কৰিলো নষ্ট  উক্ত ফকৰা যোজনাটিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে অজ্ঞানী বা মূৰ্খক সজ উপদেশ দিলে সিহঁতে ভুল বুজি উপকাৰীৰহে অনিষ্ট সাধন কৰে। উক্ত ফকৰাটি হৈছে দৃষ্টান্তমূলক উপদেশ বাণী। দৃষ্টান্তত কোৱা হৈছে যে বান্দৰ অতি মূৰ্খ প্ৰাণী। বৰষুণত তিতি-বুৰি কষ্ট পোৱা বান্দৰবোৰক  এবাৰ  চৰাই বিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজি থাকিবলৈ উপদেশ দিছিল।  কিন্তু মূৰ্খ বান্দৰবোৰে বিদ্ৰূপ কৰা বুলি ভাবি টোকোৰা চৰাইৰ বাহত […]

Read More