উদক ভেঁটা ৰখীয়া পতা —ভাব সম্প্ৰসাৰণ

 উদক ভেঁটা ৰখীয়া পতা খকুৱা বা লুভীয়া  মানুহক খাদ্য বস্তু বা সম্পদৰ ৰখীয়া পাতিলে সম্পদ ৰক্ষা কৰাৰ সলনি নিজেই যে ভক্ষণ কৰি নিঃশেষ কৰে – উক্ত প্ৰবচনটিৰ দ্বাৰা তাকেই বুজোৱা হৈছে। চেপা পাতি মাছ ধৰিবলৈ  মানুহে  জান, জুৰি আদিত ভেঁটা মাৰে।  ভেঁটাত বাধা পাই ডাঙৰ  মাছবোৰে  জপিয়াই ভেঁটা পাৰ হ’বলৈ চেষ্টা কৰে। সেইবাবে  ভেঁটাত ৰখীয়া থাকিব লাগে।  উদৰ প্ৰিয় খাদ্য হ’ল মাছ আৰু ই অতি লুভীয়া প্ৰাণী। তেনে ক্ষেত্ৰত যদি উদক ভেঁটা ৰখীয়া […]

Read More

বুঢ়াৰ কথা নুশুন ডেকা  টানত পৰি কিয় কেকা— ভাব সম্প্রসাৰণ

বুঢ়াৰ কথা নুশুন ডেকা  টানত পৰি কিয় কেকা উক্ত কথাষাৰ গূঢ়ার্থ থকা বহুলভাৱে   ব্যবহৃত  অসমীয়া লোকবচন। ডেকাসকলে যে অভিজ্ঞ বুঢ়া  মানুহৰ উপদেশ মানি সংসাৰত বাট বুলিব লাগে  তাকেই উক্ত  প্ৰবচনটিৰ দ্বাৰা বুজোৱা হৈছে। বুঢ়া মানুহ সংসাৰৰ   আটাইতকৈ অৱিজ্ঞ ব্যক্তি। সিহঁতৰ আনুষ্ঠানিক  শিক্ষা নাথাকিব পাৰে; কিন্তু সিহঁতে সংসাৰত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন  হৈ বহুতো বাস্তৱ জ্ঞান লাভ কৰে।  সিহঁতে লাভ কৰা জ্ঞান প্ৰকৃত বা আচল।  কাৰণ সিহঁতে ঠেকিহে শিকে। সিহঁতৰ তুলনাত শিক্ষিত মানুহে অধিক কথা জানিব পাৰে, কিন্তু সেয়া […]

Read More

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা — ভাব সম্প্রসাৰণ

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা।  উক্ত  কথাফাকি বৰ তাৎপৰ্যপূৰ্ণ।এই প্ৰবচনটোৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে  শক্তিমন্তই দুবৰ্বলীক যেনে-তেনে ব্যৱহাৰ কৰিবলৈ কুন্ঠাবোধ  নকৰে। আদা বৰ উপকাৰী বস্তু। ইয়াক বিভিন্ন ঔষধী কামত ব্যৱহাৰ কৰাৰ উপৰিও যিকোনো পৰিস্থিতিত খাব পাৰি। ই হজম শক্তিও বৃদ্ধি কৰে।  কিন্তু আদা যেতিয়া বুঢ়া  হয় তেতিয়াহে ইয়াৰ গুণাগুণ বাঢ়ে  লগতে বুঢ়া আদা জাল হয়।বুঢ়া আদা জাল হয় বুলি যিকোনো সময়তেই ইচ্ছা কৰিলেই খাব নোৱাৰি। আনহাতে কুমলীয়া আদা জাল কম। ইয়াৰ […]

Read More

মৰে অসম জীয়ে কোন  জীয়ে অসম মৰে কোন (ডিম্বেশ্বৰ নেওগ) — ভাব সম্প্রসাৰণ

মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন  উক্ত পদ ফাকিৰ দ্বাৰা স্বজাতি আৰু স্বদেশৰ প্ৰতি প্ৰেমভাব  প্ৰকাশ কৰা  হৈছে । ইয়াত কবিয়ে দেশ আৰু জাতি – এই দুটাৰ মাজত যে অভিন্ন সম্পৰ্ক আছে তাকে ব্যক্ত কৰিছে। অসমীয়া জাতিৰ লগত অসম দেশৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। অৰ্থাৎ অসম বুলিলে অসমীয়া জাতিক সামৰি লয় আৰু অসমীয়া জাতি বুলিলে অসম দেশক সামৰি লয়। এটা অবিহনে আনটোৰ স্বতন্ত্ৰ পৰিচয় নাই। গতিকে কবিয়ে ক’ব বিচাৰিছে যে যদি অসমখন […]

Read More

হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাও — ভাব সম্প্রসাৰণ

হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাও  অসমীয়া ভাষাত বহুলভােব ব্যবহৃত  হোৱা এইটো এটা গভীৰ অৰ্থব্যঞ্জক প্ৰৱচন। ই সংস্কৃত “মনিনাঞ্চ মতিভ্ৰম” পদ ফাকিৰ সমাৰ্থক। এই কথাফাকিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে অতি সাৱধানী ডাঙৰ  প্ৰাণী বা ডাঙৰ মানুহৰো ভুল হয়। হাতী বৰ ডাঙৰ  জন্তু। ইয়াৰ খোজবোৰো গহীন। সাধাৰণতে হাতীৰ খোজ নিপিছলে। ইয়াৰ ভৰি পিছলা মানে এক ব্যতিক্ৰম। তথাপি কেতিয়াবা কিবা ব্যতিক্ৰম বা অসুবিধাজনক পৰিস্থিতিত হাতীৰ দৰে ডাঙৰ  জন্তুৰো ভৰি পিছলে। এইদৰে সজ্জনে সদায় ভাবি-চিন্তিহে কাম কৰে। সিহঁত […]

Read More

আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা — ভাব সম্প্রসাৰণ

 আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা এইটো এটা উল্লেখযোগ্য প্ৰবচন।সামৰ্থৰ কথা উপলব্ধি নকৰি নিজক জহাবলৈ যোৱা মানুহক সাধাৰণতে উপলুঙা বা তিৰস্কাৰ কৰিবলৈ অসমীয়া ভাষাত এই প্ৰবচনটো ব্যৱহাৰ কৰা হয়। আদা হৈছে নানান ঔষধী গুণেৰে পৰিপূৰ্ণ হজমকাৰী উপকাৰী বস্তু। ইয়াক আঞ্জা আৰু অন্যান্য খোৱা বস্তুৰ লগত খোৱা হয়। কিন্তু কেতুৰী একজাতীয় বস্তু হ’লেও ই মানুহৰ খাদ্য নহয় আৰু ই কোনো কামতো নালাগে।  আদাক মানুহে খোৱা  […]

Read More

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল — ভাব সম্প্রসাৰণ

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল  উক্ত ফকৰা যোজনাটো অসমীয়া সমাজত সততে ব্যৱহাৰ হোৱা দৃষ্টান্তমূলক কথা। উক্ত কথাফাকিৰ জৰিয়তে ইয়াকে বুজোৱা হৈছে যে কোনো মূল্যবান বা গুৰুত্বপূৰ্ণ বস্তু বা সমাগ্ৰী যদি ব্যৱহাৰ কৰা নহয় তেন্তে সেইটো থকা বা নথকা সমান কথা। কৃষকৰ বাবে  গৰু এবিধ প্ৰয়োজনীয় সম্পদ। গৰু নোহোৱাকৈ কৃষকৰ কোনো পৰিচয় নাই। গতিকে গৰু কৃষকৰ বাবে অতি মূল্যৱান সম্পদ। কিন্তু  এই মূল্যবান জন্তু পুহিও যদি হাল বোৱা নহয়  বা কোনো কামত খটোৱা […]

Read More

 বাটৰ দুবুৰি বন গচককত পৰা তাৰো এটি পাতে দিয়ে সৰগৰ বতৰা —ভাব সম্প্রসাৰণ

 বাটৰ দুবুৰি বন গচককত পৰা  তাৰো এটি পাতে দিয়ে সৰগৰ বতৰা  উক্ত কথাফাকি অতি সূক্ষ্ম  জ্ঞানগৰ্ভ অৰ্থ বহন কৰা আধ্যাত্মিক ভাবসম্পন্ন শ্লোক। এই শ্লোকৰ দ্বাৰা বুজোৱা হৈছে যে বিশ্ব ব্রহ্মাণ্ডৰ সামান্য বস্তুও বিভিন্ন দিশৰ পৰা প্ৰয়োজনীয় আৰু আধ্যাত্মিক দিশৰ পৰা চিন্তা কৰিলে সকলোতে ভগৱানৰ মাহাত্ম্য নিহিত আছে বুলি জ্ঞান লাভ কৰিব পাৰি। দুবুৰি বন অতি সামান্য তৃণ। ই সদায় ভৰিৰ পতাৰ তলতহে  থাকে।  এই সামান্য তৃণও বহু সময়ত বিভিন্ন কামত  ব্যৱহাৰ […]

Read More

 নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান — ভাব সম্প্রসাৰণ 

 নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান — ভাব সম্প্রসাৰণ অসমীয়া ভাষাত প্ৰৱচন হিচাপে  চলি অহা উক্ত শ্লোকফাকিৰ দ্ধাৰা সজ্জন আৰু দুজ্জ্বনৰ  প্ৰকৃতি বা চৰিত্ৰৰ বিষয়ে আলোকপাত কৰিছে। দুজ্জ্বন অৰ্থাৎ নিলাজৰ কোনো লাজ নাই।  সিহঁতৰ কথাৰো কোনো মূল্য নাই। কাৰণ সিহঁতে কিবা কৰিম বুলি ভাবিলে বা কাৰোবাক  কিবা প্ৰতিশ্ৰুতি দিলে সেয়া পালন কৰিবৰ বাবে  তৎপৰ নহয় বা পালন নকৰে। ইয়াৰ বাবে  সিহঁতে লোক ভৎৰ্সনা পালেও সিহঁত লজ্জিত নহয় বা অপমান বোধ  নকৰে। […]

Read More

মোৰ প্রিয় খেল। ফুটবল ৰচনা 

মোৰ প্রিয় খেল। ফুটবল ৰচনা  মানুহে বিনোদন আৰু শৰীৰ চৰ্চাৰ উদ্দেশ্যে যিবোৰ কাৰ্য কৰিবলৈ লয় সেইবোৰক খেল-ধেমালি বুলি ক’ব পাৰি। খেল-ধেমালি কাৰ্যটো মানুহৰ সহজাত প্রবৃত্তি । ডেকাৰ পৰা  বুঢ়ালৈকে সকলোৱে খেল-ধেমালি কৰি ভাল পায়। পৃথিৱীৰ প্ৰায় সকলোবোৰ জাতি, উপজাতি, দেশ বা অঞ্চলতে খেল-ধেমালিৰ প্ৰচলন আছে। খেল-ধেমালি বিভিন্ন ধৰণৰ আছে। কিছুমান খেল ঘৰৰ ভিতৰত খেলিব পাৰি আৰু কিছুমান খেল আমি ঘৰৰ বাহিৰত মুকলি পথাৰত খেলিব লগা হয়। কিছুমান খেলত দুজন আৰু কিছুমান দখলত […]

Read More