এক গুচ্ছ জীৱনী

এক গুচ্ছ জীৱনী 

ইন্টাৰনেট সংস্কৰণ )

 

 

ৰাব্বি মছৰুৰ

 

গ্রোহিলচ  

……………………………………………………………………………………………………………………………….

 

পাতনি

 

এক গুচ্ছ জীৱনী  গ্রন্থখনত কেইজনমান অসমীয়া সাহিত্যিকৰ চমু জীৱনীৰ লগতে দেশী -বিদেশী কেইজনমান সাহিত্যিক তথা  বিজ্ঞানীৰ জীবনী সন্নিৱিষ্ট কৰা হৈছে। আশা কৰিছো পাঠক সমাজে কিতাপখন ভাল পাব।  

ৰাব্বি মছৰুৰ 

 

……………………………………………………………………………………………………………………………….

 

সূচীপত্র  

 

নিধি লেভি ফাৰৱেলে

লম্বোদৰ বৰাৰ

যতীন্দ্ৰনাথ দুৱাৰা

বাণীকান্ত কাকতি

অম্বিকাগিৰী ৰায়চৌধুৰী

হেমচন্দ্ৰ গোস্বামী 

হেমচন্দ্ৰ বৰুৱা

কৃষ্ণাকান্ত সন্দিকৈ

সূৰ্যকুমাৰ ভূঞা

পদ্মনাথ গোহাঞিবৰুৱা

ৰজনীকান্ত বৰদলৈ

সত্যনাথ বৰা

ভাৰ্জিনিয়া উলফ

জৰ্জ হাৰ্বাৰ্ট

জন মিলিনটন চিনজ্

জৰ্জ বাৰ্ণাৰ্ড শ্ব’

চেমুৱেল বেকেট

লুডউইগ ভ’ন বিথুভেন

ষ্টিফেন উইলিয়াম  হকিং

উইলিয়াম শ্বেক্সপীয়েৰ

কল্পনা চাওলা

নীতি কাহিনীকাৰ  ঈছপ

……………………………………………………………………………………………………………………………..

 

  নিধি লেভি ফাৰৱেল 

১৮২৬ চনৰ   ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে ইংৰাজসকলে অসমৰ শাসনভাৰ নিজৰ হাতলৈ লোৱাৰ ৮ বছৰ পিছত অৰ্থাৎ ১৮৩৬ চনত অসমত খৃষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ড০ নাথান ব্রাউনৰ নেতৃত্বত এটি খৃষ্টান মিছনেৰী দল অসমলৈ আহে। তেওঁ অসমৰ বিভিন্ন ঠাই ঘূৰি-ফুৰি ছয় বছৰৰ মূৰত এজন মাত্ৰ অসমীয়াক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰিবলৈ সমৰ্থ হয়। তেওঁৰ নাম আছিল নিধিৰাম কেওট। ১৮৪১ৰ চনৰ ১৩ জুনৰ দিনা জয়পুৰত মাইলচ ব্রন্সন চাহাবে  নিধিৰাম কেওটক খ্ৰীষ্টান ধৰ্মত দীক্ষা দিয়ে। ধৰ্ম গ্ৰহণ অনুষ্ঠানত ফাৰৱেল নামেৰে এজন ধনী আমেৰিকান চাহাবে খৰচৰ ধন দিবলৈ গাত লোৱাত নিধিৰামক চাহাবজনৰ নাম অনুসৰি ‘ফাৰৱেল’ উপাধি প্ৰদান কৰা হয়। তেতিয়াৰ পৰা নিধিৰাম কেওট ‘নিধি লেভি ফাৰৱেল’ হয়। খৃষ্টান ধৰ্মত দীক্ষিত হৈয়েই নিধি লেভি ফাৰৱেলে অসমত খৃষ্টান ধৰ্ম প্ৰচাৰ আৰু অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ অৰ্থে নিজকে আত্ম-নিয়োগ কৰে। প্ৰথম অসমীয়া এই খৃষ্টান জনৰ জন্ম হয় ১৮২৭ চনত গহপুৰত। তেওঁৰ পিতৃ-মাতৃৰ নাম জনা নাযায় যদিও তেওঁ  যে ‘কেওট’ সম্প্ৰদায়ৰ মানুহ আছিল তেওঁৰ নামৰ উপাধিৰ পৰাই তাৰ প্ৰমাণ পাব পাৰি।

খৃষ্টান মিচনেৰীসকলে  অসমত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমীয়া ভাষা শিকি, অসমীয়া ভাষাত ধৰ্মমূলক পুথি প্ৰণয়নত মনোযোগ দিয়ে। নিধি লেভি ফাৰৱেলে খৃষ্টান মিচনেৰীসকলক এই কাৰ্যত গুৰিৰে পৰা সহায়-সহযোগ আগবঢ়ায় । তেওঁ আছিল তীক্ষ্ণ  বুদ্ধিৰ আৰু পৰিশ্ৰমী ল’ৰা। ১৮৪৭ চনত নিধি লেভি ফাৰৱেলে ‘ইলাইজা’ নামেৰে এজনী অসমীয়া খৃষ্টান ছোৱালীক বিয়া কৰায়। আদিতে ইলাইজা শিৱসাগৰৰ কোনোবা হিন্দু পৰিয়ালৰ ছোৱালী আছিল। ১৮৪৪ চনত ড০ নাথান ব্রাউনে ইলাইজাক খৃষ্টান ধৰ্মত দীক্ষিত কৰে। নিধি লেভি ফাৰৱেল আৰু ইলাইজাৰ দাম্পত্য জীৱন সুখকৰ আছিল আৰু সিহঁতৰ চাৰিজনী ছোৱালী সন্তানৰ জন্ম হৈছিল কিন্তু কোনো পুত্ৰ সন্তানৰ জন্ম হোৱা নাছিল।

নিধি ফাৰৱেল নিজৰ গুণৰ বলত চাহাবসকলৰ অতি প্ৰিয়পাত্ৰ হৈছিল আৰু ড০ নাথান ব্রাউন আৰু মাইলচ ব্রন্সন চাহাবৰ সোঁহাতস্বৰূপ হ’বলৈ সমৰ্থ হৈছিল। তেওঁ ইংৰাজী আৰু অসমীয়া দুয়ো ভাষাতেই পাৰ্গত হৈ উঠিছিল আৰু অসমীয়া ভাষাত বহুত কবিতা আৰু প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ আদিৰে পৰা অৰুণোদয়ৰ এজন নিয়মীয়া  লেখক আছিল। তেওঁৰ সাহিত্য কৰ্মৰাজিক দুটা ভাগ কৰিব পাৰি, যথা: খৃষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে লিখা ধৰ্মমূলক লিখনি আৰু অসমীয়া ভাষা সাহিত্য বিকাশৰ বাবে লিখা লেখনি। অৰুণোদইত তেওঁ ‘বিনয় বচন’, ‘তীৰ্থৰ বিৱৰণ’, ‘সৰগৰ বিৱৰণ’, ‘নৰকৰ বিৱৰণ’, ‘হিন্দুস্থানী বুৰঞ্জী’ আদি ভালেমান প্ৰবন্ধ আৰু কবিতা প্ৰকাশ কৰিছিল। এই কাকতখনলৈ তেওঁ আদিৰে পৰা তেওঁৰ মৃত্যু পৰ্যন্ত ন. ল. ফ. এই সংক্ষিপ্ত ছদ্ম নামেৰে গদ্য আৰু কবিতা দুয়োবিধ বৰঙণি আগবঢ়াইছিল। তেওঁ পৰম্পৰাগত অসমীয়া ছন্দত খৃষ্টান ধৰ্মৰ নীতিপদসমূহ কবিতা আকাৰে লিখি অৰুণোদয়ত প্ৰকাশ কৰিছিল। তেওঁৰ ধৰ্মমূলক কবিতাসমূহ অসমীয়া বৈষ্ণৱী কবিতাৰ গোন্ধেৰে আমোলমোল; মাথো ‘কৃষ্ণ’ শব্দৰ ঠাইত ‘যিচু’ শব্দ বহুৱাই খৃষ্টানগন্ধী কৰিছে। অৰুণোদয়ত প্ৰকাশ কৰাৰ ওপৰিও নিজাববীয়াকৈ কেইবাখনো সৰু সৰু পুথি খৃষ্টান মিছন প্ৰেছৰ পৰা ছপা কৰি উলিয়াইছিল। সেইবোৰৰ  ভিতৰত ‘কেনি বেহেৰুৱাৰ সাধু’, ‘সত্য গুৰুৰ পৰিচয়’, ‘এজন দেশীয় লোকে লিখা’, ‘নিস্তাৰৰ উপায়’ আদি পুস্তিকা উল্লেখযোগ্য। হিন্দু ধৰ্মমতে কৃষ্ণ যে একমাত্ৰ ত্ৰাণকৰ্তা, সেইদৰে খৃষ্টান ধৰ্মাৱলম্বী সকলৰ বাবে  যিচু যে একমাত্ৰ ত্ৰাণকৰ্তা – এই বাণী প্ৰচাৰ কৰাই তেওঁৰ কবিতাবোৰৰ উদ্দেশ্য আছিল। তাৰোপৰি তেওঁ ১৮৬৫ চনত ‘ভাৰতীয় দণ্ডবিধি আইন’ আৰু ‘পদাৰ্থ বিদ্যাসাৰ’ নামৰ দুখন ইংৰাজী পুথি অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল।

ফাৰৱেলৰ অসমীয়া ভাষা, শব্দ বিন্যাস আৰু বানান পদ্ধতি ব্রাউন আৰু ব্রন্সনে গ্ৰহণ কৰা পদ্ধতিৰ অনুৰূপ আছিল। মিছনেৰীসকলে ভাষাত বিশেষকৈ শব্দ গঠন আৰু বানানত সৰলীকৰণ নীতি গ্ৰহণ কৰিছিল। নিধি ফাৰৱেলে এই নীতিকে সমৰ্থন কৰিছিল। সেয়ে হেমচন্দ্ৰ বৰুৱাই বিজ্ঞানসন্মত বৰ্ণ বিন্যাস প্ৰচলন কৰোতে নিধি লেভি ফাৰৱেলে প্ৰৱল বাধা আৰোপ কৰিছিল। ইয়াৰ কাৰণ হয়তো এয়াই আছিল যে তেওঁৰ গুৰু ব্রাউন চাহাবৰ বিৰুদ্ধে যোৱা মানেই যিচুৰ বিৰুদ্ধে যোৱা। তেওঁৰ বৰ্ণ বিন্যাস যে ব্রাউন চাহাবৰ বৰ্ণ বিন্যাসৰ হুবহু অনুকৰণ তলত দিয়া উদ্ধৃতিয়েই তাৰ চানেকি-

‘সুনা সৰ্বজন বিনই বচন

ৰিদয়ে দিওক বাস

পাপ তৰিবৰ যিচু পদ সাৰ

নাহি অন্য আৰ আস।

তেৱে দয়াতুৰ আপুনি ইশ্বৰ

পূৰ্ণ ব্রহম সনাতন।’

অৰুণোদয়ত সকলোতকৈ বেছি লেখনি আগবঢ়োৱা  তেঁৱেই হৈছে প্ৰথম আৰু শেষজন অসমীয়া। তেওঁ মাজে মাজে কফ ৰোগত ভূগিছিল আৰু এই ৰোগ লৈয়েই  অসমীয়া সাহিত্যলৈ যি বৰঙনি আগবঢ়াই  গৈছে সি অতি প্ৰশংসনীয়। এইজন ভাষা সাহিত্য প্ৰেমী তথা প্ৰথম অসমীয়া খৃষ্টানজনৰ মৃত্যু হয় ১৮৭৩ চনত শিৱসাগৰত। তেওঁৰ ৰচনাৰ প্ৰাসঙ্গিকতা তথা জনপ্ৰিয়তা হ্রাস  পালেও আধুনিক অসমীয়া ভাষা সহিত্যৰ ইতিহাসত তেওঁৰ নাম যাউতীযুগীয়া হৈ থাকিব।

এক গুচ্ছ জীৱনী

 

লম্বোদৰ বৰা

১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ অসমীয়া ভাষা সাহিত্যৰ বিপৰ্যয়ৰ যুগ (The Age of Disaster)।  কাৰণ ১৮২৬ চনত ইংৰাজসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত অসমীয়া ভাষা আৰু সংস্কৃতি সম্বন্ধে অনভিজ্ঞ ইংৰাজসকলে শাসনকাৰ্যত সহায়ক হিচাপে বংগদেশৰ পৰা বঙালী কেৰানী-মহৰী আমদানি কৰে। সিহঁতৰ প্ৰৰোচনাত ইংৰাজসকলে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষা প্ৰৱৰ্তন কৰে। ফলত অসমীয়া ভাষা-সাহিত্য বিপৰ্যয় তথা অৱলুপ্তিৰ পথলৈ গতি কৰে। কিন্তু কিছুমান শিক্ষিত ভাষা-হিতৈষী অসমীয়া লোকে অসমীয়া ভাষা সাহিত্যৰ উদ্ধাৰ আৰু বিকাশৰ বাবে সাহিত্যৰ সাধনাত ব্রতী হয়। লম্বোদৰ বৰা আছিল সেই বিপৰ্যয় যুগৰ এজন ডেকা সাহিত্যিক। তেওঁ মাত্ৰ ৩২ বছৰ জীয়াই আছিল আৰু এই ৩২ বছৰৰ ভিতৰত তেওঁ অসমীয়া ভাষা-সাহিত্যলৈ কেইখনমান গধুৰ জ্ঞানগৰ্বী গ্ৰন্থ আৰু প্ৰবন্ধ এৰি গৈছে।এই অলপ সংখ্যক ৰচনাই তেওঁৰ সাহিত্য প্ৰতিভাৰ উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰে। তেঁৱেই পোন প্ৰথমে অসমীয়া ভাষাত ওজস্বী অলংকাৰপূৰ্ণ আৱেগিক গদ্যৰ অৱতাৰণা কৰে। 

এইজন ডেকা সাহিত্যিক লম্বোদৰ বৰাৰ জন্ম হয় ১৮৬০ চনত তেজপুৰৰ গমিৰি মৌজাৰ খালিপোকৰীয়া নামৰ এখন গাঁৱত। তেওঁৰ পিতাকৰ নাম আছিল বৃকোদৰ পাঠক। বৃকোদৰ গমিৰি মৌজাৰ কাকতি আছিল। লম্বোদৰ বৰাৰ ককাদেউতা আহোম যুগৰ কুৰ গোট ‘শেন চোৱা’ পাইকৰ ওপৰত বৰা আছিল। কিন্তু ইংৰাজকলে অসমৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ পিছত এই আহোম যুগৰ বিষয়-বাববোৰৰ  অন্ত পৰে। সৰু কালতে লম্বোদৰ বৰাই মাতৃক হেৰুৱায়। লম্বোদৰে ১৮৭২ চনত গমিৰি মৌজাত নকৈ স্থাপন হোৱা প্ৰাথমিক বিদ্যালয়ত ভর্তি  হয়। প্ৰাথমিক পৰ্যায়ৰ পৰাই লম্বোদৰ বৰাই পঢ়া-শুনাত মেধা শক্তিৰ পৰিচয় দিছিল। নিজৰ অধ্যাৱসায় আৰু মেধা শক্তিৰ গুণত তেওঁ পঢ়া-শুনাত দোপত-দোপে উন্নতি কৰি ১৮৭৭ চনত প্ৰাথমিক শিক্ষা সাং কৰি তেজপুৰৰ চৰকাৰী হাইস্কুলত ভর্তি হয়। ছাত্ৰ হিচাপে  তেওঁ আছিল মেধাবী আৰু আদৰ্শবান। সজ চিন্তা-চৰ্চা কৰা আৰু সামাজিক সভা-সমিতিত আগভাগ লোৱাই আছিল তেওঁৰ ব্যক্তিত্ব। স্কুলৰ ছাত্ৰসভাৰো তেওঁ  আছিল গুৰি ধৰোতা। তেওঁৰ চেষ্টাতেই স্কুলৰ ছাত্ৰসকলৰ মাজত ‘আলোচনী সভা’ স্থাপন হৈছিল। সেই আলোচনা সভাত সাহিত্য বিষয়ক নানান ৰচনা পাঠ কৰি ছাত্ৰসকলক ভাষা আৰু সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ  লগতে মহৎ লোকৰ জীৱনাদৰ্শৰ প্ৰতিও অনুপ্ৰাণিত কৰিছিল। হাইস্কুলত পঢ়ি থকাৰ সময়ত লম্বোদৰে পিতাকক হেৰুৱায়। পিতাকৰ মৃত্যু হোৱাত পৰিয়ালটি আৰ্থিক দুৰ্যোগত পৰে যদিও লম্বোদৰে নিৰাশ নহৈ পঢা-শুনা চলাই থাকিল। সেইখন স্কুলৰ পৰা সুখ্যাতিৰে কুৰি টকীয়া বৃত্তিসহ এণ্ট্ৰেন্স পৰীক্ষা পাচ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। তাত মেট্রোপলিটান কলেজ (বৰ্তমান ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰ কলেজ) ত ভর্তি  হয়। কিন্তু প্ৰথমবাৰ এফ. এ. পৰীক্ষা পাছ কৰিব নোৱাৰিলে। তথাপি হতাশ নহৈ দুগুণ উৎসাহেৰে পিছৰ বছৰ পৰীক্ষাত বহি সুখ্যাতিৰে এফ. এ. পাছ কৰে। তাৰ পিছত তেওঁ বি. এ. পাছ কৰে।  অধিক পঢ়াৰ ইচ্ছা আছিল যদিও তেওঁৰ আৰ্থিক অৱস্থা ইমানেই নিঃস্ব আছিল যে তেওঁ জীৱিকাৰ পথ ল’বলৈ বাধ্য হ’ল আৰু সেই উদ্দেশ্যে অসমলৈ উভতি আহি কোহিমা চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ চাকৰিত সোমায়। সেই চাকৰিত কিছু টকা সাঁচি দুবছৰ পিছত আইন পঢ়িবলৈ পুনৰ কলিকতালৈ যায় আৰু তাতে আইন কলেজত পঢ়ি তেওঁ বি. এল. পাছ কৰে। ছাত্ৰ অৱস্থাৰে পৰা তেওঁ বিভিন্ন কাকত-আলোচনীত প্ৰবন্ধাদি প্ৰকাশ কৰিছিল। বি. এল.পাছ কৰি অসমলৈ আহি তেজপুৰত স্বাধীনভাৱে আইন ব্যৱসায় আৰম্ভ কৰে আৰু লগে লগে ভাষা সাহিত্যৰ উন্নয়নৰ বাবে  সাহিত্য চৰ্চা আৰু লেখা-মেলা কৰাত মনপুতি লাগে। সেই সময়ত চৰকাৰী অফিচ-আদালতৰ বিষয়াসকলৰ স্বেচ্ছাচাৰীতা বাঢ়ি গৈছিল। লম্বোদৰৰ প্ৰচেষ্টাত তেজপুৰত চৰকাৰী বিষয়াসকলৰ স্বেচ্ছাচাৰীতা বহু পৰিমাণে লোপ পায়। তেওঁ ইমানেই ন্যায়পৰায়ণ আৰু স্পষ্টবাদী আছিল যে তেওঁৰ প্ৰতাপত দুৰন্ত পুলিচ তথা চৰকাৰী বিষয়া শান্ত হৈ পৰিছিল। ইতিমধ্যে ওকালতি ব্যৱসায়ৰ দ্বাৰা আৰ্থিক অনাটন কিছু লাঘৱ হৈছিল আৰু তেজপুৰত মাটি কিনি তাতে স্থায়ীভাৱে থাকিবলৈ ঘৰ-বাৰী সাজি লয় আৰু সাহিত্য ৰচনাত একানপতীয়াকৈ লাগে। কিন্তু কালে নসহিলে। তাতেই তেওঁ হাইজা (জহনী) ৰোগত আক্ৰান্ত হয় আৰু মাত্ৰ ৩২ বছৰ বয়সতে জীৱন লীলাৰ অন্ত পৰে। লগে লগে এজন ভাষা সাহিত্য-হিতৈষীৰ প্ৰতিভা চিৰদিনৰ বাবে স্তমিত হৈ পৰে। তেজপুৰত নকৈ সজা ঘৰখনতে তেওঁ এক পুথিভঁৰালো স্থাপন কৰে য’ত তেওঁ দেশ-বিদেশৰ বহুতো মূল্যৱান পুথি সংগ্ৰহ কৰিছিল। বহুতো পাণ্ডুলিপিও অপ্ৰকাশিত অৱস্থাত ৰাখি গৈছিল। কিন্তু সেই সময়ত অন্ধবিশ্বাস আছিল যে কোনো মানুহ কোনো সংক্ৰামক বেমাৰত মৃত্যু হ’লে তেওঁ ব্যৱহাৰ কৰা সকলোবোৰ  বস্তুই চিতাৰ জুইত পেলাই দিয়া উচিত। লম্বোদৰ বৰাৰ পুথিভঁৰাল আৰু পাণ্ডুলিপিবোৰৰ  সেই দশাই হ’ল। তেওঁৰ অশেষ পৰিশ্ৰমৰ ফলসমূহ চিতাৰ জুইত জাহ গ’ল।

লম্বোদৰ বৰাই ছাত্ৰাৱসস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল যদিও যেতিয়া তেওঁ সাহিত্য সাধনাৰ এক পৰিৱেশ ৰচনা কৰি একাগ্ৰতাৰে সাহিত্য সাধনাৰ ব্রতত ব্রতী  হোৱাৰ সিদ্ধান্ত লৈছিল, সেই সময়তে কালে তেওঁক উভালি নিলে। এক সম্ভৱনাময় প্ৰতিভাৰ কলিতে বিনাশ হ’ল।

ছাত্ৰাৱস্থাত লিখা তেওঁৰ সৰহভাগ প্ৰৱন্ধ ‘আসাম বিলাসিনি’, ‘আসাম নিউজ’, ‘আসাম বন্ধু’ আদি আলোচনীৰ পাতত প্ৰকাশ পাইছিল। উক্ত আলোচনীসমূহত প্ৰকাশ পোৱা প্ৰৱন্ধসমূহ আছিল ‘সদানন্দৰ কলাঘূমটি’, ‘মত্ত  মাতঙ্গিনী বৰুৱা আৰু দেৱ সুন্দৰী’, ‘উপন্যাস আৰু আত্মহত্যা’, ‘গান’, ‘বিয়াৰ খৰচ’, ‘অলংকাৰ আৰু দৰকাৰ’ আদি। ইয়াৰ উপৰিও আৰু বহুতো প্ৰৱন্ধ ‘জোনাকী’, ‘আসাম তৰা’ আদিত প্ৰকাশ পাইছিল যদিও সেইবোৰৰ  লেখ আজিলৈ পোৱা হোৱা নাই।

অসমীয়া ভাষা সম্পৰ্কেও তেওঁ কেইটামান গভীৰ প্ৰৱন্ধ ৰচনা কৰিছিল। তাৰে ভিতৰত “অসমীয়া ভাষাৰ আখৰ জোঁটনি” কেইবাটাও খণ্ডত ‘জোনাকী’ত প্ৰকাশ পাইছিল। 

তেওঁ ‘জ্ঞানোদয়’ আৰু ‘লৰাবোধ’ নামৰ দুখন কিতাপ স্কুলৰ পাঠ্যপুথি হিচাপে ৰচনা কৰিছিল। কিতাপ দুখনত ল’ৰা-ছোৱালীৰ মানসিকতাৰ জোখাৰে বিভিন্ন জ্ঞানগৰ্ভী আদৰ্শ জীৱনীমূলক প্ৰৱন্ধ আৰু আলোচনা সন্নিৱিষ্ট কৰিছিল। ‘অসমীয়া প্ৰাকৃত ভূগোল’  নামৰ ভূগোল বিষয়ক কিতাপখন পঢ়াশালিত পাঠ্যপুথি হিচাপে ব্যৱহাৰ হৈছিল।

ল’ৰা-ছোৱালীৰ উদ্দেশ্যে পাঠ্যপুথি হিচাপে লিখা গ্রন্থবোৰৰ বাহিৰে তেওঁৰ বেছিভাগ প্ৰৱন্ধ ব্যঙ্গাত্মক। অসমীয়া শিক্ষিত লোকৰ মৈমতালি আৰু সোৰোপালিক ব্যঙ্গ কৰি লোকসমাজৰ আগত দাঙি ধৰাই তেওঁৰ ব্যঙ্গাত্মক ৰচনাৰাজিৰ উদ্দেশ্য আছিল। ‘সদানন্দৰ কালাঘূমটি’, ‘সদানন্দৰ সানমিহলি টোকা’, ‘সদানন্দৰ সমাচাৰ’, ‘সদানন্দৰ নতুন অভিধান’ আদি তেওঁৰ  ব্যঙ্গাত্মক ৰচনাৰ উজ্জ্বল চানেকি।

তেওঁ এজন জীৱনী চৰিতকাৰো আছিল। ‘আনন্দৰাম বৰুৱাৰ জীৱন চৰিত’, ‘ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জীৱন চৰিত’ আদি ৰচনা কৰিবলৈ লৈছিল যদিও কালে সময় নিদিলে। ইয়াৰোপৰি ‘সমাজ দৰ্পণ’ নামৰ এখন নাটকো অসমাপ্ত অৱস্থাত ৰাখি গৈছিল। পিছত সকলো অগ্নিগৰ্ভত জাহ যায়। 

তেওঁ এজন সমাজ সংস্কাৰকো আছিল। দৰং জিলাত ‘বেগাৰ ধৰা’ নামেৰে এটি কু-প্ৰথা সমাজত প্ৰচলিত আছিল। লম্বোদৰে এই প্ৰথাৰ বিলোপ সাধনৰ বাবে চেষ্টা কৰিছিল আৰু এই উদ্দেশ্যে ‘বেগাৰ ধৰা প্ৰথা’ নামেৰে এটি প্ৰৱন্ধও ‘আসাম নিউজ’ত প্ৰকাশ কৰিছিল। 

ইয়াৰোপৰি তেওঁৰ সাহিত্যিক জীৱনৰ ডাঙৰ কীৰ্তি হ’ল কালিদাসৰ মূল সংস্কৃত নাটক ’অভিজ্ঞান শকুন্তলা’ৰ অসমীয়া ভাঙনি । তেওঁৰ এই অনুবাদখনেই সংস্কৃত ভাষাৰ পৰা আধুনিক অসমীয়ালৈ অনুবাদ কৰা প্ৰথম পুথি। অনুবাদখন সহজ-সৰল ভাষাত মূলৰ অকণো বিকৃত নকৰাকৈ কৰা অসমীয়া অনুবাদে সংস্কৃত সাহিত্যত থকা তেওঁৰ পাণ্ডিত্য আৰু দখলৰ উজ্জ্বল চানেকি দাঙি ধৰে।

ইমানবোৰ সাহিত্যিক অৱদানৰ উপৰিও অসমীয়া গদ্য শৈলীলৈ তেওঁ এক নতুন অৱদান আগবঢ়ায় । সেয়া হৈছে অলংকাৰপূৰ্ণ, ওজস্বী অথচ সৰল আৰু ছান্দিক গতিময় গদ্যশৈলী। ইংৰাজ প্ৰৱন্ধকাৰ বেকনৰ গদ্যৰীতিৰ লগত তেওঁৰ গদ্যৰ মিল আছে। তেওঁৰ গদ্য ইমানেই গতিশীল যে কেতিয়াবা কেতিয়াবা আবেগিক  হৈ বক্তব্য-বিষয় দীঘলীয়াও হৈ পৰিছে। 

তেওঁৰ এই চুটি জীৱনত যিখিনি সাহিত্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে তালৈ চাই ক’ব পাৰি কালে তেওঁক অকালতে হৰি নিনিয়া হ’লে সময়ত তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাললৈ কালজয়ী মূল্যৱান সাহিত্যৰত্ন উপহাৰ দিব পাৰিলেহেঁতেন।

এক গুচ্ছ জীৱনী

 

যতীন্দ্ৰনাথ দুৱৰা

আজিলৈকে অসমত এনে দুজন কবিৰ জন্ম হৈছে যি দুজনাই গোটেই জীৱন অবিবাহিত থাকি কবিতাকেই প্ৰেয়সী হিচাপে গ্ৰহণ কৰি অনিত্য সংসাৰৰ শোক-দুখ পাহৰিবলৈ চেষ্টা কৰিছে—তাৰে এজনৰ নাম ৰঘুনাথ চৌধাৰী আৰু আনজনৰ নাম যতীন্দ্ৰনাথ দুৱাৰা। ৰঘুনাথ চৌধাৰীয়ে চৰাই আৰু নৈসৰ্গিক দৃশ্যৰাজিক কবিতাৰ প্ৰধান বিষয়-বস্তু হিচাপে গ্ৰহণ কৰিছে আৰু যতীন্দ্ৰনাথ দুৱাৰাই ব্যৰ্থ প্ৰেমৰ স্মৃতি আৰু জীৱন ৰহস্যক কবিতাৰ বিষয়-বস্তু হিচাপে গ্ৰহণ কৰি অসমীয়া সাহিত্যাকাশত ৰোমান্টিক কবি হিচাপে উজ্জল নক্ষত্ৰৰ জ্যোতিৰে জোতিষ্মান হৈ আছে।

এইজন ৰোমান্টিক কবি যতীন্দ্ৰনাথ দুৱাৰাৰ জন্ম হয় শিৱসাগৰত ১৮৯২ চনত। তেওঁৰ পিতাকৰ নাম শ্যাম সুন্দৰ দুৱৰা আৰু মাকৰ নাম আছিল পুনন্দা দুৱৰাণী। যতীন্দ্ৰনাথ দুৱাৰাৰ উপৰিপুৰুষ অসম ৰাজ গৌৰীধবজ সিংহৰ দিনত কনৌজৰ পৰা অসমলৈ আহি অসমীয়া ভাষা শিকি অসমীয়াৰ লগত হাড়ে হিমজুয়ে মিলি গৈছিল। তেওঁ স্কুলীয়া শিক্ষা ৰংপুৰ আৰু শিৱসাগৰত লাভ কৰে। তেওঁ মাতৃভাষা অসমীয়াত শিক্ষা লাভ কৰাৰ সুযোগ নাপাই বঙালী মাধ্যমতে প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষা সাং কৰি কৃতকাৰ্য্যতাৰে প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ  হৈ ১৯০৯ চনত কটন কলেজত নাম ভৰ্তি কৰে।

মাধ্যমিক স্তৰত পঢ়ি থকা কালৰ পৰাই যতীন্দ্ৰনাথৰ অন্তৰত কবিতাৰ উঁহৰ জন্ম হ’বলৈ ধৰে। তেতিয়াই পাঠ্যপুথিৰ  “Twinkle Twinkle Little Star” নামৰ কবিতাটি “চিকিমিকি সৰু তৰা” শিৰোনামেৰে অসমীয়ালৈ অনুবাদ কৰে। এনে সৰু বয়সত ইংৰাজী কবিতা এটি যথোচিত ছন্দৰ সাবলীলতা ৰক্ষা কৰি ভাঙনি  কৰিব পৰাটোৱেই দুৱৰাৰ অসমীয়া কাব্যস্পৃহাৰ কথাকেই প্ৰমাণ কৰে।

যতীন্দ্ৰনাথে কটন কলেজত নাম ভর্তি কৰিলেও কটন কলেজৰ পৰিবেশে তেওঁক আমুৱালে কাৰণ সেই সময়ত অসমীয়া ভাষা সাহিত্য চৰ্চাৰ পৰিবেশ  অসমত নাছিল; আছিল কলিকতাতহে। অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ বাবে কলিকতালৈ পঢ়িবলৈ  যোৱা ছাত্ৰ-ছাত্ৰীয়েই বেছি চিন্তা-চৰ্চা কৰিছিল। যতীন্দ্ৰনাথ দুৱৰায়ো মনে মনে এনে পৰিৱেশত সোমাই পৰিবলৈ কটন কলেজ এৰি কলিকতাৰ ‘স্কুটিছ চাৰ্চ’ কলেজত নাম লগাই সাহিত্যিক পৰিৱেশৰ মাজত সোমাই পৰিল। ১৯১৩ চনত দুৱাৰাই এই কলেজৰ পৰা সুখ্যাতিৰে বি. এ. পাচ কৰি এম. এ. আৰু বি. এল. পঢ়িবলৈ লয় যদিও পঢ়া সম্পূৰ্ণ নকৰাকৈয়ে  অসমলৈ ঘূৰি আহে।

কলিকতাত থাকোতেই যতীন্দ্ৰনাথ দুৱৰাৰ মনৰ গোপন কোণত সুপ্ত হৈ থকা কাব্যিক মনে কুঁহিপাত মেলিবলৈ আৰম্ভ কৰে। ইতিমধ্যে লক্ষ্মীনাথ বেজবৰুৱাই কেইজনমান অসমীয়া ডেকাৰ সহযোগত কলিকতাৰ পৰা ‘বাঁহী’ আলোচনী উলিয়ায়। যতীন্দ্ৰনাথ দুৱৰাও সিহঁতৰ ভিতৰত এজন আছিল। বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অনুপ্ৰেৰণাত যতীন্দ্ৰনাথে কবিতা ৰচনাত একাণপতীয়াকৈ লাগে। কিন্তু যতীন্দ্ৰনাথ লাজকুৰীয়া স্বভাৱৰ আছিল বাবে লুকাই লুকাই কবিতা ৰচনা কৰিছিল আৰু ৰচিত কবিতাসমূহ কাকো দেখুওৱা নাছিল আৰু কোনো আলোচনীলৈয়ো নপঠিয়াই গোপনে ৰাখিছিল।

ইয়াৰ পিছত যতীন্দ্ৰনাথে অসমলৈ ওভতি আহি ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত শিক্ষকতাৰ চাকৰিত সোমায়। কিন্তু এই চাকৰিত সৰহ দিন স্থায়ী নাথাকি কলিকতাৰ স্কুটিছ চাৰ্চ কলেজৰ অধ্যক্ষৰ আমন্ত্ৰণক্ৰমে তালৈ যায় আৰু  ‘স্কটিছ চাৰ্চ কলেজিয়েট স্কুল’ৰ ইতিহাসৰ শিক্ষক পদত নিযুক্তি লাভ কৰে লগতে কবিতা চৰ্চাত মনোনিেবশ কৰে। তেওঁ কবি হিচাপে দশম-একাদশ শতিকাৰ পাৰস্যৰ কবি ওমৰ খৈয়াম, ইংৰাজ কবি শ্যেলী আৰু হাফেজৰ কবিতাৰ সংস্পলৈ আহে আৰু সিহঁতৰ কবিতাৰ দ্বাৰা প্ৰভাৱিত হয়। ওমৰ খৈয়ামৰ ‘ৰুৱায়েত’ নামৰ কবিতা পুথিখন ফিট্জাৰেল্ড নামৰ এজন ইংৰাজ কবিয়ে ইংৰাজীলৈ অনুবাদ কৰে। দুৱৰাই এই অনুবাদ পঢ়ি  ইমানেই আকৰ্ষিত হয় যে শেষত কবিতাপুথিখন সম্পূৰ্ণৰূপে ফিট্জাৰেল্ডৰ ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰে ‘ওমৰ তীৰ্থ’ শিৰোনামেৰে। তেওঁৰ অনুবাদখন ইমানেই সাৱলীল আৰু কোমল যে এই পুথিখনৰ কবিতাসমূহ যে অনুবাদ সেয়া বুজিব নোৱাৰি। তেওঁ সম্পূৰ্ণ অসমীয়া পৰিবেশেৰে  অথচ কোনো বিকৃতি  নকৰাকৈ এনেভাৱে অনুবাদ কৰিছে যেন ই তেওঁৰ মৌলিক ৰচনা। পুথিৰ আকাৰত প্ৰকাশ কৰা এইখনেই তেওঁৰ প্ৰথম কবিতাপুথি। এইখন প্ৰকাশিত হয় ১৯২৬চনত।

ইয়াৰ পিছত ১৯৩৩ চনত তেওঁ ৰুচ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ -ৰ আদৰ্শত অসমীয়া ভাষাত ‘কথা কবিতা’ শিৰোনামেৰে কথা কবিতা ৰচনা কৰি প্ৰকাশ কৰে। এইখনেই অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম  কথা কবিতাৰ পুথি। কথা কবিতা গদ্যত ৰচিত যদিও বিষয়বস্তু, ভাৱ, আৱেগ, অনুভূতি, ভাৱ প্ৰকাশৰ চিত্ৰধৰ্মীতা আৰু অলংকাৰ প্ৰয়োগৰ দিশত কাব্যধৰ্মী। ই প্ৰধানকৈ ৰূপকাত্মক। ১৯৩৮ চনত তেওঁৰ গীতি কবিতাৰ সংগ্ৰহ ‘আপোন  সুৰ’ প্ৰকাশ পায়। ১৯৪৮ চনত তেওঁ স্কটিছ কলেজীয়েট স্কুলৰ শিক্ষকতা পদ এৰি অসমলৈ আহি ডিব্ৰুগড় কানৈ কলেজৰ অসমীয়া মুৰববী অধ্যাপক পদত নিযুক্তি লাভ কৰে। ১৯৫২ চনত তেওঁৰ দ্বিতীয় গীতি কবিতাৰ পুথি ‘বনফুল’ প্ৰকাশ পায়। এই পুথিখনে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰে। ১৯৬০ চনত তেওঁৰ দ্বিতীয় অনুবাদ  কবিতা পুথি ‘মিলনৰ সুৰ’ প্ৰকাশ পায়। এই পুথিখন পাৰস্যৰ কবি হাফেজৰ কবিতাৰ অনুবাদ সংকলন। পুথিখন তেওঁ ইংৰাজী অনুবাদৰ পৰা অসমীয়া অনুবাদ কৰিছিল। এইখনো “ওমৰ তীৰ্থৰ” দৰে অসমীয়া গোন্ধেৰে আমোলমোল আৰু মৌলিকতাৰ গোন্ধেৰে সুভাষিত। যতীন্দ্ৰনাথ দুৱাৰাই হৈছে অসমীয়া ভাষালৈ অনুবাদ কৰা বিদেশী কবিতাৰ অনুবাদক যাৰ অনুবাদ বেছি নিখুঁত আৰু মৌলিকতা গুণেৰে ভৰপুৰ। তেওঁ কবিতাসমূহৰ ইংৰাজী অনুবাদ পঢ়ি নিজৰ মস্তিস্কত মন্থন কৰি সম্পূৰ্ণ অসমীয়া ভাৱধাৰাৰে অথচ মূল বিষয় অটুট ৰাখি অনুবাদ কৰিছিল। ৰহস্যময়তা তেওঁৰ অনুবাদ কবিতাসমূহৰ মূল বিষয়বস্তু।

১৯৬০ চনত কানৈ কলেজৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপকৰ পদৰ পৰা দুৱৰাই অৱসৰ গ্ৰহণ কৰে। তেওঁৰ কাব্য প্ৰতিভাৰ স্বীকৃতি হিচাপে সাহিত্য একাডেমী পুৰস্কাৰ পোৱাৰ উপৰিও ১৯৫৫ চনত ‘অসম সাহিত্য সভা’ৰ সভাপতি আসনত অধিষ্ঠিত হয়। ১৯৬০ চনত চাকৰিৰ পৰা অৱসৰ লৈ তেওঁৰ জন্মস্থান শিৱসাগৰত থাকিবলৈ লয়। তেতিয়াৰ পৰা তেওঁৰ স্মৃতিশক্তি লোপ পাবলৈ ধৰে। সকলো কথা নিমিষতে পাহৰি যায়। খোৱা-বোৱাৰ কথাও মনত নেথাকে। অৱশেষত এনে অৱস্থাতেই ১৯৬৪ চনত সকলোকে কন্দুৱাই জীৱনৰ শেষ নিশ্বাস পেলায়  আৰু লগে লগে এটি কবিতাময় সুৰৰ ঝংকাৰ চিৰদিনলৈ বন্ধ হৈ যায়।

তেওঁ শেষ বয়সৰ কিছুমান লিখনি পাণ্ডুলিপি হিচাপে ৰৈ যায়। পিছলৈ মৰণোত্তৰভাৱে ‘মৰমৰ সুৰ’ শিৰোনামেৰে কিতাপ আকাৰে প্ৰকাশ কৰা হয়। তেওঁৰ কবিতাসমূহ নৈৰাশ্যৰ হা-হুমুনিয়াহ আৰু চকুলোৰে ভৰপুৰ। তেওঁ কবিতাত কিবা এটি নোপাৱা আৰু মৰণৰ পিছত সেইটো পোৱাৰ আশাবাদৰ ইংগিত আছে। কবিতাক তেওঁ জীৱনৰ সুখ-দুখ, হৰ্ষ-বিষাদ হাঁহি-অশ্ৰু আদিৰ আধাৰ হিচাপে গ্ৰহণ কৰিছে। তেওঁৰ কবিতা  সমসাময়িক সমাজ সচেতনতাৰ পৰা মুক্ত। তেওঁ সমাজৰ প্ৰতি উদাসীন হৈ মনৰ গোপন কোণৰ আনুভূতিক ভাবোদ্দীপনাক কল্পনাৰ মায়াজালেৰে সজাহ-পৰাই কবিতাত ৰূপ দিছে। তেওঁৰ প্ৰতিটো কবিতাই ঐকান্তিক ঐক্যৰ নিদৰ্শন। তেওঁৰ ভাষা কোমল ছন্দময় আৰু গতিশীল। অসমীয়া ভাষাত প্ৰেমৰ কবিতাৰ আদৰ থাকে মানে যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাৰ সমাদৰ থাকিব।

এক গুচ্ছ জীৱনী 

 

 বাণীকান্ত কাকতি

বাণীকান্ত কাকতি আছিল অসমৰ এজন প্ৰখ্যাত ভাষাতত্ববিধ (Philologist) আৰু সাহিত্য সমালোচক (Literary Critic)। তেঁৱেই¸ পোন প্ৰথমে অসমীয়া ভাষাৰ উৎপত্তি  আৰু গঠনৰ ওপৰত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আলোচনা কৰি অসমীয়া ভাষাক এক স্বতন্ত্ৰ ভাষা  হিচাপে বিশ্বৰ আগত  দাঙি দৰে। তাৰোপৰি তেঁৱেই পোন প্ৰথমে অসমীয়া সাহিত্যত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সমালোচনা সাহিত্যৰ পাতনি মেলে।

এইজন ভাষাতত্ববিদ আৰু সাহিত্য সমালোচক বাণীকান্ত কাকতিৰ জন্ম হয় ১৮৯৪ চনত বৰেপটাৰ বাতি-কুৰিহা নামৰ গাঁও এখনত। তেওঁৰ পিতাকৰ নাম ললিতৰাম কাকতি আৰু মাকৰ নাম আছিল লাহোবালা কাকতি। ললিতৰাম কাকতিৰ ঔৰসত আৰু লাহোবালা কাকতিৰ গৰ্ভত পাঁচোটি সন্তানৰ জন্ম হয়। বাণীকান্ত কাকতি আছিল সেই পাঁচোটি সন্তানৰ ভিতৰত কনিষ্টতম সন্তান। বাণীকান্ত কাকতি মাকৰ গৰ্ভত থাকোতেই পিতাক ললিতৰাম কাকতিৰ মৃত্যু হয়। পৰিয়ালটি কৃষিৰ ওপৰত নিৰ্ভশীল আছিল বাবে  অৰ্থনৈতিক দিশত সিমান স্বচ্ছল নাছিল। বাণীকান্ত কাকতিৰ পূৰ্বপুৰুষ আহোম ৰজাৰ পৰা কাকতিৰ বাব পাইছিল। কিন্তু বৃটিছ ৰাজত্বৰ লগে লগে এই বাবৰ অন্ত পৰে। সৰুতে পিতৃ বিয়োগ হোৱাত আৰু লগতে পৰিয়ালটি অৰ্থনৈতিক দিশত দুৰ্বল হোৱা বাবে বাণীকান্তই স্কুললৈ যোৱাৰ পৰিবেশ পোৱা নাছিল যদিও ককায়েক ৰাধাকান্তৰ তদাৰক আৰু উৎসাহত সৰু কালতে বাণীকান্তই বাতি-কুৰিহা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত ভৰ্তি হয়। বাণীকান্তই প্ৰথম শ্ৰেণীৰ পৰাই বিশেষ মেধা শক্তিৰ পৰিচয় দিছিল আৰু প্ৰাথমিক স্কুলৰ চূড়ান্ত পৰীক্ষাত বৃত্তিসহ কৃতকাৰ্য্য হৈছিল।

ইয়াৰ পিছত বাণীকান্তই বৰেপটা চৰকাৰী হাইস্কুলত নাম ভৰ্তি কৰে। হাই স্কুলতো বাণীকান্তই মেধা শক্তিৰ পৰিচয় দি স্কুলৰ শিক্ষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সকলো বিষয়তে তেওঁৰ প্ৰতিভা আৰু পাৰদৰ্শিতা ফুটি উঠিছিল যদিও গণিত, ইংৰাজী আৰু সংস্কৃতত বিশেষ প্ৰতিভাৰ পৰিচয় দিছিল। এবাৰ পৰীক্ষাৰ উত্তৰ  বহীত সংস্কৃতত শিক্ষকে এশ নম্বৰৰ ভিতৰত এশ পাঁচ নম্বৰ দি কৈছিল যে বাণীকান্তৰ উত্তৰ  বহীত কোনো ক্ৰটি ধৰিব নোৱাৰি পুৰস্কাৰ হিচাপে  পাঁচ নম্বৰ বেছি দিয়া হৈছে। শ্ৰেণী পৰীক্ষাত তেওঁ সদায় প্ৰথম হৈছিল আৰু শিক্ষকসকলৰ পৰা পুৰস্কাৰ হিচাপে দুখন কিতাপ পাইছিল। এখন আহিছিল চেমুৱেল স্মাইলচৰ ‘self-Help’ –যিখন কিতাপে  জীৱনত প্ৰতিষ্ঠা  লাভত তেওঁক অনুপ্ৰেৰণা যোগাইছিল আৰু আনখন আছিল জাৰ্মান ভাষাতত্ববিধ ‘মেক্সমূলাৰৰ জীৱন চৰিত’। এই কিতাপখনে বাণীকান্তক অধ্যয়নশীল আৰু ভাষাতত্বৰ প্ৰতি মনোযোগী হোৱাত অনুপ্ৰেৰণা দিছিল। ১৯১১ চনত তেওঁ বৰেপটাৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষাত বহি অসম উপত্যকাৰ ভিতৰতে প্ৰথম হৈ কৃতকাৰ্য হয়।

প্ৰৱেশিক্ষা পৰীক্ষাত সুখ্যাতিৰে বৃত্তিসহ  পাছ কৰি কটন কলেজত উচ্চ শিক্ষাৰ বাবে  ভৰ্তি হয়। তেওঁ সৰুৰে পৰা বৰ লাজকুৰীয়া স্বভাৱৰ ল’ৰা আছিল। সেইবাবে শ্ৰেণী কোঠাত পিছৰ বেঞ্চত বহিছিল আৰু নিজকে জাহিৰ কৰাৰ পৰা আৰু শিক্ষকসকলৰ চকুৰ পৰা নিজকে আঁৰ কৰি ৰাখিছিল। ১৯১৩ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ আই. এ. পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি সগৌৰৱে উত্তীৰ্ণ হয়। তেওঁৰ এনে কল্পনাতীত কৃতিত্বত অসমীয়া ৰাইজে নথৈ আনন্দিত হৈ তেওঁক গুৱাহাটী, যোৰহাট আদি ঠাইত ৰাজহুৱা  অনুষ্ঠান পাতি সম্বৰ্ধনা জনায়। বাণীকান্ত কাকতিৰ পৰিয়ালটি আৰ্থিক দিশত দুৰ্বল আছিল বাবে সেই সময়ত যোৰহাটৰ ৰাইজে দুখীয়া বাণীকান্তক অসমৰ দ্বিতীয় আনন্দৰাম গঢ়িবৰ  নিমিত্তে  ‘বাণীকান্ত ফাণ্ড’ নাম দি এটি পূঁজি গঠন কৰি বাণীকান্তক অৰ্থ সাহায্যৰে অনুপ্ৰাণিত কৰে।

উচ্চ শিক্ষা লাভ কৰিবৰ মানসেৰে বাণীকান্তই কলিকতালৈ গৈ প্ৰেচিডেন্সী কলেজত নাম ভৰ্তি কৰে। সেই কলেজৰ পৰা ১৯১৫ চনত বি. এ. পৰীক্ষাত বহি তেওঁ সেই কলেজৰ ভিতৰত প্ৰথম হৈ ‘টনী স্মৃতি বটা’ লাভ কৰে। বি. এ. পাচ কৰি উঠিয়েই কাকতিয়ে বিবাহ বান্ধোনত সোমায় আৰু কনকলতা কাকতিক বিয়া কৰায়। তেওঁৰ বৈবাহিক জীৱন সুখ আৰু শান্তিময় হৈছিল যদিও কাকতিয়ে এম. এ. পঢ়িবৰ  কাৰণে পুনৰ কলিকতালৈ গৈ কলিকতা বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি পঢ়া  আৰম্ভ কৰে। ইতিমধ্যে আৰ্থিক অনাটনৰ বাবে সেই সময়ত অসমৰ শিক্ষাধিকাৰ কানিংহান চাহাবলৈ আৰ্থিক দুৰ্বলতা বৰ্ণাই চিঠি লিখে। কানিংহানে তেওঁৰ চিঠিৰ শুদ্ধ ভাষা আৰু সুন্দৰ ৰচনা ভংগী দেখি বিষ্ময় মানি নিজৰ পকেটৰ পৰা প্ৰতিমাহে বাণীকান্তক কিছু টকা দান দি থাকে। ইতিমধ্যে এম. এ. পৰীক্ষা আহিল আৰু বাণীকান্তৰো শাৰীৰিক অসুখে দেখা দিলে। অসুখীয়া গা লৈয়েই পৰীক্ষাত বহি বাণীকান্তই ইংৰাজী সাহিত্যত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি এম. এ. পাচ কৰে।

এম. এ. পাচ কৰি অসমলৈ উভতি আহি বাণীকান্তই কটন কলেজৰ ইংৰাজী অধ্যাপক নিযুক্ত হয়। তেওঁ আছিল বিদ্যানুৰাগী। চাকৰিত সোমালেও তেওঁ লিখা-পঢ়াক তেওঁৰ নিত্য সংগী কৰি ল’লে। 

অধ্যাপনা কাম চলাই থাকোতেই বাণীকান্তই অসমীয়া ভাষা সম্বন্ধে পঢ়া-শুনা কৰি অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে আগ্ৰহী হয়। ফলত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ‘Assamese: Its Formation and Development’ নামৰ গৱেষণাত্মক গ্ৰন্থ প্ৰনয়ণ কৰে আৰু এইখনৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। এইখনেই হৈছে অসমীয়া ভাষাৰ ওপৰত লিখা প্ৰথম ভাষাতত্ত্ব বিষয়ক গৱেষণামূলক পুথি। কিতাপখনৰ জৰিয়তে বাণীকান্তই প্ৰমাণ কৰি দেখুৱায় যে অসমীয়া ভাষা এটি স্বতন্ত্ৰ ভাষা আৰু ইয়াৰ উৎপত্তি আৰু বিকাশৰ এক নিজস্ব ইতিহাস আছে। কিতাপখন অসমীয়া ভাষাৰ মাইলৰ খুঁটি । ইমান জটিল বিষয় এটাক কাকতিয়ে গৱেষণাৰ বিষয় হিচাপে বাছি লোৱাত নিজৰ ভাষা সাহিত্যৰ প্ৰতি তেওঁ যে সহানুভূতিশীল আৰু শ্ৰদ্ধাশীল আছিল তাকেই সূচায়।

১৯৪৭ চনত বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ পদত নিযুক্ত হয়। এই পদত দুই বছৰ কাৰ্য নিৰ্বাহ কৰি থাকোতেই  ১৯৪৮ চনত স্থাপিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী হয় আৰু এই পদত থাকি অৱশেষত ১৯৫০ চনৰ পৰা বিশ্ববিদ্যালয়ৰ ‘কলাগুৰু’ আসনত অধিষ্ঠিত হৈ আজীৱন এই পদতে নিযুক্ত থাকে। এইজন পণ্ডিতে ১৯৫২ চনৰ ১৫ নৱেম্বৰৰ দিনা হঠাতে নশ্বৰ দেহা এৰি পৰপাৰলৈ গমন কৰে।

বাণীকান্ত কাকতি এজন লাজকুৰীয়া, শান্ত স্বভাৱৰ নিৰ্জনতা প্ৰিয় আৰু জ্ঞানপিপাসু ব্যক্তি আছিল। তেওঁ এজন বৰ দানীও আছিল। তেওঁৰ ছাত্ৰ জীৱনত যিসকল ব্যক্তিয়ে তেওঁক অৰ্থৰে সহায় কৰিছিল পিছত তেওঁ সেইসকলৰ ঋণ পৰিশোধ কৰিও দুখীয়া ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য আগবঢ়াইছিল ।

তেওঁ ভাষাতত্ত্বৰ উপৰিও অসমীয়া ভাষাত পোন প্ৰথমতে বৈজ্ঞানিক আৰু বিশ্লেষণাত্মক সমালোচনা সাহিত্যৰ ধাৰা প্ৰৱৰ্তন কৰিছিল। তেওঁ সমালোচনা পাণ্ডিত্যপূৰ্ণ। তেওঁৰ ভাষা ওজস্বী আৰু অনুকৰণীয়। তেখেতে প্ৰাচ্য আৰু পাশ্চাত্য উভয় সাহিত্য অধ্যয়ন কৰি অসমীয়া গদ্যক সুসংহত ৰূপ দিয়ে।  কাকতিৰ সাহিত্যকৃতি বহুধা বিভক্ত। তেখেতে ৰচনা কৰা বিভিন্ন গ্ৰন্থৰ ভিতৰত অসমীয়া পুৰণি সাহিত্য, সাহিত্য আৰু প্ৰেম, কলিতা জাতিৰ ইতিবৃত্ত, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, পখিলা, নতুন অসমীয়া সাহিত্য  আদি অন্যতম।

অসমীয়া ভাষাত উক্ত গ্রন্থসমূহ ৰচনা কৰাৰ ওপৰিও তেখেতে ইংৰাজী ভাষাতো কেইখনমান গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ ইংৰাজী গ্ৰন্থ প্ৰধানকৈ তিনিখন যেনে: The Mother Goddess Kamakhaya, Visnuit Myths and Legends, Assamese: Its Formation and Development।  

মানৱ সমাজত পাণ্ডিত্যৰ আদৰ থাকে মানে বাণীকান্ত কাকতিৰ নাম থাকিব।

এক গুচ্ছ জীৱনী

 

 অম্বিকাগিৰী ৰায়চৌধুৰী

ইংৰাজ সকলে ১৮২৬ চনত অসমৰ শাসনভাৰ নিজৰ হাতলৈ লোৱাৰ পিছত অসমৰ পুৰণি ঐতিহ্য আৰু ভাষা-সংস্কৃতি ইংৰাজী আৰু বাঙালিৰ  প্ৰভাৱত লুপ্ত হ’বলৈ ধৰে। তেনে সময়তে বিদেশী ইংৰাজৰ বিৰুদ্ধে স্বদেশক জগাবলৈ অসমত এজন বিপ্লৱী নায়ক আৰু কবিৰ জন্ম হৈছিল- তেওঁৰ নাম আছিল অম্বিকাগিৰী ৰায়চৌধুৰী। তেওঁ শৰীৰ, হৃদয় মস্তিস্ক তথা সৰ্বস্ব সমাজ সচেতক তেজোদ্বীপ্ত বিপ্লৱী কবিতা ৰচনাৰ কামত উছৰ্গা কৰিছিল। তেওঁ আছিল এনে এজন বিপ্লৱী নায়ক যিজনে বিপ্লৱ আৰু সংগঠনৰ নামত নিজৰ ভাটিৰ মাটিকো বিক্ৰী কৰি দাৰিদ্ৰৰ টোপোলা  হাততলৈ ৰাজপথত আশ্ৰয় লৈছিল। কবি হিচাপে তেওঁ আছিল মৌলিক, সমাজ সচেতক আৰু  প্ৰভাৱশালী-যাৰ কবিতাৰ পংক্তিসমূহ বিপ্লৱৰ সময়ত শ্লোগান হিচাপেও মানুহৰ মুখে মুখে উচ্চাৰিত হৈছিল।

এইজন মহান বিপ্লৱী নেতা তথা বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল বৰেপটাত ১৮৮৫ চনত। তেওঁৰ পিতাকৰ নাম আছিল কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাকৰ নাম আছিল দৈৱকী দেৱী। অম্বিকাগিৰীৰ পিতৃ কৃষ্ণৰাম ৰায়চৌধুৰী আছিল নিচেই সৰল, হোজা আৰু ন্যায়নিষ্ঠা  পুৰুষ। তেওঁ সহজ, সৰল, হোজা হোৱা বাবেই  ভাই ককায়েকে তেওঁক পিতৃ সম্পত্তিৰ  পৰা বঞ্চিত কৰিছিল যদিও কৃষ্ণৰাম এজন নিপুন কর্মী আছিল। তেওঁ নানা কাৰু-কাৰ্য্য প্ৰয়োগ কৰি চিত্ৰধৰ্মী ধুনীয়া চন্দ্ৰাতপ আৰু চৌগা চাপকণ তৈয়াৰ কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু তেওঁ বেছি দিন জীয়াই নাথাকিল। অকালতে তেওঁৰ মৃত্যু হোৱাত পৰিয়ালটি দৰিদ্ৰতাৰ সন্মুখীন হয়। কিন্তু দৈৱকী দেৱী এজনী অসাধাৰণ প্ৰতিভাৰ অধিকাৰিণী আছিল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী অম্বিকাগিৰীৰ পিতৃৰ বিয়োগ হোৱাতো দৈৱকী দেৱীয়ে শোকত ভাগি নপৰি সন্তানসহ অতি কষ্টেৰে কিন্তু ন্যায় নিষ্ঠাৰে  দিন নিয়াৰলৈ  ধৰে। দৈৱকী দেৱী এজনী সংস্কৃতবান তিৰোতা আছিল। তাই বৰগীত, আইনাম, বিয়ানাম আদি গোৱাত বৰ পাকৈত আছিল। তাইৰ কণ্ঠস্বৰো আছিল অতি মধুৰ। তাই যেতিয়া গীত গাইছিল তেতিয়া তাইৰ গীতৰ সুৰ শুনি ৰাতিপুৱা  প্ৰাতঃ ভ্ৰমণলৈ ওলোৱা লোকসকলেও থৰ লাগি তাইৰ গীত শুনিছিল। সৰুতে অম্বিকাগিৰীয়ে মাকৰ পৰা গীত-মাতৰ আৰু সংস্কৃতিবান  হোৱাৰ খোৰাক পাইছিল।

কৃষ্ণৰাম ৰায়চৌধুৰীৰ ঔৰষত আৰু দৈৱকী দেৱীৰ গৰ্ভত চাৰিজন ল’ৰা ছোৱালীৰ জন্ম হৈছিল। ডাঙৰ  জনৰ নাম আছিল গিৰিশচন্দ্ৰ ৰায়চৌধুৰী আৰু সৰু জনেই আছিল অম্বিকাগিৰী। বাকী দুজন আছিল ছোৱালী সন্তান। গিৰিশচন্দ্ৰই অলপ ডাঙৰ হোৱাত এজন চহকী লোকে তেওঁক ঘৰুৱা কাম কাজত সহায়ক হিচাপে লৈ যায়। তেতিয়া মাকৰ স’তে বাকী পৰিয়ালটিৰ ভৰণ পোষণৰ ভাৰ পৰে অম্বিকাগিৰীৰ ওপৰত। তাতে নানা কষ্টৰ মাজেদি লোকৰ ঘৰত কাম-কাজ কৰিও আজৰি সময়ত লিখা পঢ়াৰ সময় উলিয়াই স্থানীয় স্কুলত ভৰ্তি হয়। অম্বিকাগিৰীহতঁৰ এনে আৰ্থিক অনাটন দেখি স্থানীয় কৃষক ৰাইজে সিহতঁক কিছু পৰিমাণে ধান-চাউল দি সহায় কৰিছিল। ৰবি শস্যৰ বতৰত খোৱাৰ পিছত খেতিত পৰি থকা বাকী শস্য গোটাই অম্বিকাগিৰীয়ে মাকৰ হাতত দিছিল আৰু মাকে সেইখিনি বেচি পৰিয়ালটো পোহ-পাল কৰিছিল। এনে দৰিদ্ৰতাৰ মাজত অম্বিকাগিৰীয়ে কষ্ট সহিষ্ণুতাৰে শিক্ষা লাভ কৰিছিল।

ইমান দৰিদ্ৰতাৰ বোজা মূৰত লৈয়ো অম্বিকাগিৰীয়ে ভাগি পৰা নাছিল। নিয়মিত ভাৱে পঢ়া-শুনা চলাই গৈছিল। প্ৰাথমিক মহলাৰ শেষ বৰ্ষত তেওঁ কৃতকাৰ্য্যতাৰে উত্তীর্ণ হৈ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ যায় আৰু তাতে সোণাৰাম উচ্চ ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়। কিন্তু ক্ৰমান্বয়ে তেওঁৰ মন স্বদেশৰ দুৰৱস্থাৰ প্ৰতি সচেতন হ’বলৈ ধৰে। ইতিমধ্যে ১৯০৫ চনত হোৱা বংগ ভংগ প্ৰতিবাদৰ জোঁৱাৰ অসমতো উঠিল। ডেকা অম্বিকাগিৰীৰ মন বিদ্ৰোহী হৈ উঠিল। স্কুলৰ কঠোৰ অনুশাসনৰ পৰা মুক্ত হৈ বিপ্লৱী যুৱক খুদীৰাম বসু, ৰবীন্দ্ৰ ঘোষ, উল্লাস্কৰ দাস  আদিৰ লগলাগি বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে। ফলত তেওঁ বৃটিছ চৰকাৰৰ ৰোষত পৰে আৰু পুলিচে গ্ৰেপ্তাৰ কৰি বৰপেটাত  বন্ধী কৰি ৰাখে। তেতিয়াৰ পৰাই তেওঁৰ শৰীৰ আৰু মন দুয়োটাই বিদ্ৰোহী হৈ পৰে আৰু বিদ্ৰোহৰ হৃদয়ানলত ভিতৰি ভিতৰি দগ্ধৰ যন্ত্ৰণাত ভূগিবলৈ ধৰে। মনৰ বিদ্ৰোহী ভাৱ আৰু অনুভূতি ধৰি ৰাখিবলৈ তেওঁ কলম হাতত লয় আৰু প্ৰাণ সঞ্চাৰী, ৰণ দুন্দুভিৰ ধৰে উদ্যম  সুৰত তেওঁৰ কাপৰ মুখেদি হৃদয়ৰ বিদ্ৰোহী উষ্ণ ভাৱৰাশি কবিতা ৰূপত আগ্নেয়গিৰিৰ দৰে উদ্গীৰণ হ’বলৈ ধৰে। ১৯০৫ চনত তেওঁ “বন্দিনী ভাৰত” নামে এখন নাটক ৰচনা কৰে আৰু সেই বছৰে নাটকখন কটন কলেজৰ ছাত্ৰসকলে অভিনয় কৰিবলৈ লোৱাত মঞ্চৰ পৰাই পুলিচে নাটকৰ পাণ্ডুলিপিখন জব্দ কৰে।

১৯০৭ চনত অম্বিকাগিৰীক বৃটিছ চৰকাৰে অন্তৰীণ কৰি ৰাখে। বন্ধীশালত থাকিলেও তেওঁ কাৰাগাৰৰ কোঠাতে অকল বহি নেথাকিল । বৰেপটা অঞ্চলত থকা কু-প্ৰথােবাৰ আঁতৰ কৰাত আৰু জনসেৱা কামত লাগি গ’ল। সেই উদ্দেশ্যে বৰপেটা  অঞ্চলৰ উদীয়মান তৰুণসকলক লৈ এটি সেৱা দল গঠন কৰে আৰু বাটৰ দাঁতিৰ জাৱৰ-জোঁথৰ পৰিস্কাৰ কৰি স্বাস্থ্যসন্মত কৰি ৰখাত মনোযোগ দিয়ে। তেওঁৰ সমাজসেৱা নিশ্চয় প্ৰশংসনীয় আৰু অতি গৌৰৱৰ বিষয়। দুখীয়া ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ ৰাইজৰ পৰা বৰঙণি তুলি সামাজিক ধনভঁৰাল স্থাপন কৰে। তাৰোপৰি তেওঁ উপলব্দি কৰিব পাৰিছিল দেশ এখন প্ৰগতিৰ পথত আগুৱাই নিবলৈ হ’লে জনসাধাৰণ শাৰীৰিকভাৱে সুস্থ আৰু সবল হ’ব লাগিব। সেই উদ্দেশ্যে এটা ব্যায়ামশালা স্থাপন কৰে।

ইংৰাজ ৰাজত্বৰ আদি ছোৱাত বাঙালী কোৰানী, মহৰী  আদি বিষায়ৰ প্ৰৰোচনাত অসমত অসমীয়া ভাষাৰ পৰিবৰ্তে বাঙালী ভাষা প্ৰচলন হোৱাত বাঙালী গীত মাত, নাটক আদি অসমত প্ৰচলন হ’বলৈ আৰম্ভ কৰে। ফলত অসমীয়াৰ নিজস্ব ঐতিহ্য অৱলুপ্তিৰ পথত আগবাঢ়ে । অম্বিকাগিৰীয়ে এই বিপৰ্য্যয় দেখি থিৰেৰ থাকিব নোৱাৰি নিজে অসমৰ পুৰণি ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে অসমীয়া ভাষাত জাতীয় ভাৱ আৰু উদ্দীপনাপূৰ্ণ নাটক লিখিবলৈ আৰম্ভ কৰে। ফলস্বৰূেপ জয়দ্ৰথ বধ, ভক্ত গৌৰৱ, কল্যাণময়ী  আদি নাটক তেওঁৰ কাপৰ পৰা ওলায় আৰু অসমৰ বিভিন্ন মঞ্চত সফলতাৰে মঞ্চস্থ হ’বলৈ ধৰে। নাটকৰ উপৰিও তেওঁ অবিৰতভাৱে কবিতাও লিখি যায়। ফলত ‘তুমি’ আৰু ‘বীণা ’ কবিতা পুথি দুখনে আত্মপ্ৰকাশ কৰে।

১৯১৪ চনত অম্বিকাগিৰীৰে মুক্তি লাভ কৰি তেওঁ ডিব্রুগড়লৈ  যায় আৰু  শিক্ষকতা কৰিবলৈ লয়। তাতে চাৰি বছৰ থাকি ১৯১৮ চনত গুৱাহাটীলৈ আহে আৰু গুৱাহাটীতে থাকিবলৈ লয়। কিন্তু কালে এৰিলেও কৰ্পতিয়ে নেৰে। অম্বিকাগিৰীৰো তেনে হ’ল। স্থান পৰিবৰ্তন কৰিলেও দাৰিদ্ৰতাই লগ এৰা নিদিলে। গুৱাহাটীত চাকৰী  যোগাৰ কৰিব নোৱাৰি মাত্ৰ দুটকা হাতত লৈ এটি প্ৰেছ খুলি চলাবলৈ ধৰে। প্ৰেছটিৰ নাম ৰাখে ‘অৰুণা প্ৰেছ’। তাতে প্ৰেছ চলোৱাৰ লগে লগে অসমৰ ডেকা শক্তিক জাগ্ৰত কৰিবলৈ গণ সচেতনামূলক বিপ্লৱী ভাবাদৰ্শৰ এখন মাহেকীয়া আলোচনী উলিয়ায় ১৯১৮ চনত। আলোচনীখনৰ নাম ৰাখে  ‘চেতনা’।  ই অলপ দিনৰ ভিতৰতে ডেকা চামৰ দৃষ্টি আকৰ্ষণ কৰে যদিও ইতিমধ্যে ১৯১৯ চনত জালিৱানৱালাবাগত সংঘটিত হোৱা হত্যাকাণ্ডৰ  প্ৰতিবাদ সমগ্ৰ ভাৰততে আৰম্ভ হয়। প্ৰতিক্ৰিয়া অসমতো দেখা দিয়ে। ইতিমধ্যে ১৯২১ চন আহিল। মহাত্মা গান্ধীৰ নেতৃত্বত ‘অসহযোগ আন্দোলন’ আৰম্ভ হয়। অসমতো আন্দোলনে মূৰ দাঙি উঠে। অম্বিকাগিৰী আৰু থিৰেৰে থাকিব নোৱাৰিলে। আন্দোলনত জপিয়াই পৰিল। চৰকাৰে আগশাৰীৰ বহুতো নেতাক বন্ধী কৰিলে। অম্বিকাগিৰীও বন্ধী হ’ল আৰু আকৌ কাৰাগাৰৰ বন্ধ দেৱালৰ চাৰিসীমাত আবদ্ধ হৈ পৰিল। শৰীৰ বন্ধ হ’ল; শিল্পী মন কিন্তু বন্ধী নহ’ল। জেলৰ ভিতৰতে তেওঁ স্বদেশানুৰাগেৰে ৰঞ্জিত বিপ্লৱী কবিতা ৰচনা কৰিবলৈ ধৰিলে। পিছত সেই গীতবোৰ Songs of the Cell শিৰোনামেৰে ইংৰাজীলৈ অনুবাদ কৰা হয় আৰু প্ৰকাশ কৰা হয়। অসহযোগ আন্দোলনত যোগদান কৰা বাবে চৰকাৰে অম্বিকাগিৰীক দুইবছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। ফলত প্ৰেছ আৰু  ‘চেতনা’  আলোচনী বন্ধ হৈ যায়। ইতিমধ্যে প্ৰেছ আৰু ‘চেতনা’ আলোচনীৰ কাৰ্য্যলয়ত জুই লাগি সকলো ভষ্মীভূত হয়। লগতে অম্বিকাগিৰীৰ কেইবাখনো  পুথিৰ পাণ্ডুলিপিও পুৰি ছাই হৈ জায়। দুবছৰ পিছত কাৰাগাৰৰ পৰা ওলাই পুনৰ প্ৰেছ আৰু  ‘চেতনা’ প্ৰকাশৰ কামত আত্ম-নিয়োগ কৰে যদিও এই কামত সিমান আগবাঢ়িব নোৱাৰিলে। কাৰণ ইতিমধ্যে ‘শতাধাৰ’ নামৰ এখন ৰাজনৈতিক মতবাদৰ পুথি প্ৰকাশ কৰাত চৰকাৰে পুথিখন বাজেয়াপ্ত কৰাৰ লগতে অম্বিকাগিৰীক তিনিমাহৰ কাৰাদণ্ড বিহে।

অম্বিকাগিৰী আছিল হাড়ে হিমজুয়ে স্বদেশপ্ৰেমী। তেওঁ বুজি পাইছিল যে ভাৰতে স্বাধীনতা পালেও সেই স্বাধীনতাৰ কোনো অৰ্থ নাথাকিব যদিহে ভাৰতবাসীয়ে  আত্ম প্রতিষ্ঠাৰ  চেষ্টা নকৰে। অম্বিকাগিৰীয়ে সেয়ে অসমীয়া, বিশেষকৈ ডেকা চামক জাগ্ৰত আৰু আত্ম প্রতিষ্ঠা লাভ কৰাবলৈ বিভিন্ন সংগঠনমূলক কাম-কাজত জড়িত হৈ পৰে। সেই উদ্দেশ্যে ১৯২৬ চনত তেওঁ “অসম সংৰক্ষিণী সভা” স্থাপন কৰে। ১৯২৬ চনত পাণ্ডু কংগ্ৰেছৰ উদ্ধোধনী  সংগীত “বন্দো কি ছন্দেৰে” গীতটি ৰচনা আৰু সুৰ সংযোজনা কৰি গায়।  তেওঁৰ বিপ্লৱী গীতটো শুনি হাজাৰ হাজাৰ লোকে মুগ্ধ হৈ অম্বিকাগিৰীক অভিনন্দন জনায়। ১৯৩৫ চনত “অসমীয়া সংৰক্ষিণী সভা” অধিক সম্প্ৰসাৰিত কৰি “অসম জাতীয় মহাসভা” স্থাপন কৰে  আৰু ইয়াৰ যোগেদি অসমীয়া ৰাইজক আত্ম প্রতিষ্ঠাৰ বিভিন্ন দিশ মুকলি কৰিবলৈ লয়। লগতে এই মহাসভাৰ আদৰ্শ প্ৰচাৰৰ মুখপাত্ৰ হিচাপে  ‘ডেকা অসম’ নামে এখন আলোচনী উলিয়ায় আৰু  নিজে  ইয়াৰ সম্পাদনাৰ ভাৰ লয়। ‘ডেকা অসম’ আলোচনীৰ সকলো কাম আনকি প্ৰেছৰ কাম-কজো তেওঁ নিজে কৰি আলোচনীখন বিতৰণৰ ব্যৱস্থাও তেওঁ নিজে কৰিছিল। ইতিমধ্যে বংগদেশৰ আচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ আদৰ্শৰে “কামৰূপ মায়াবিনী কেমিকেল ওৱৰ্কচ” নামেৰে এটা প্রতিষ্ঠান গঢ়ি  তোলে।

ৰায়চৌধুৰী জনজাগৰণ আৰু সংগঠনৰ নামত ইমানেই ব্যস্ত হৈ পৰিছিল যে বিবাহ-বাৰুৰ কথাও পাহৰি গৈছিল। কিন্তু কিছু বন্ধু-বান্ধবী আৰু মাকৰ নেৰানেপেৰা ইচ্ছাত দুকুৰি বছৰ বয়সত কৌশল্যা দেৱীক বিবাহ কৰে। কৌশল্যা দেৱী নিচেই কম বয়সীয়া আছিল যদিও স্বামীৰ আদৰ্শৰ লগত নিজকে খাপ খুৱাই লব পাৰিছিল। অম্বিকাগিৰীয়ে অসমীয়া জাতিৰ ঘৰ সংৰক্ষণ কৰিবলৈ “সংৰক্ষিণী আন্দোলন” পৰিচালনা কৰিছিল যদিও নিজৰ ঘৰৰ ভেটিটো নাছিল। গুৱাহাটীত আনৰ মাটি বন্ধকতলৈ সাধাৰণ পঁজা এটা সাজি তাতেই কোনো মতে পৰিয়ালৰ ঠিকনা পাতি স্বদেশী আন্দোলন আৰু জন সচেতনতামূলক কাম-কাজত ব্যস্ত থাকে। কিন্তু চহৰৰ মাটিৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে মাটিৰ মালিকে অম্বিকাগিৰীক তাৰ পৰা উচ্ছেদ  কৰে।  ফলত  তেওঁ ৰাজপথৰৰ দাঁতিত আশ্ৰয় লয় আৰু তাৰ পৰাই সংগ্ৰামী কাম-কাজত আত্ম নিয়োগ কৰে। এনেকৈ কেইবাখনো  ঠাইৰ পৰা উচ্ছেদ -নিৰ্যাতন ভোগ কৰি অৱশেষত গুৱাহাটিৰ শিলপুখুৰীত এডৰা মাটি দখল কৰি তাতে থাকিবলৈ লয়। তাতেও চৰকাৰৰ  ৰোষত পৰি সেই মাটি ডৰাও হেৰুৱায়। এইদৰে আজীৱন অঘৰী হিচাপে  থাকিও অম্বিকাগিৰীয়ে জাতিৰ হকে অশেষ সেৱা আগবঢ়ায় । তাৰোপৰি তেখেতে “অসম সাহিত্য সভা” প্রতিষ্ঠাৰ  ক্ষেত্ৰতো আগভাগ লৈছিল।

অম্বিকাগিৰী এজন সাহস আৰু ন্যায়ৰ প্ৰতিমূৰ্তিও আছিল। এবাৰ গুৱাহাটীৰ পৰা এটি ভাপ জাহাজ ব্রহ্মপুত্র নদীয়েদি আহি পলাশবাৰীত ৰয়। সেই জাহাজৰ পৰা দুজন ইংৰাজ চাহাব নামি দাঁতিৰ দোকান-পোহাৰ চাই চিতি সময় কটাবলৈ ধৰে। তেতিয়া এজনী বুঢ়ীয়ে  এটা পাঁচিত কিছু ফল-মূল বেচি  ফুৰা দেখা পাই চাহাব দুজনে বুঢ়ীৰ  পৰা কিছুফল লৈ খাবলৈ ধৰিলে। বুঢ়ীয়ে  পইচা খোজাত পইচা নিদি ভৰিৰ জোতাৰে বুঢ়ীজনীক  গোৰ মাৰি দিলে। জাহাজত থকা আন আন যাত্ৰীয়ে ঘটনাটো লক্ষ্য কৰি আছিল যদিও কোনোৱে একো প্ৰতিবাদ কৰিবলৈ সাহস নকৰিলে।। তেতিয়া অম্বিকাগিৰীৰ বয়স মাত্ৰ ১৪ বছৰ। তেওঁও সেইখন  জাহাজতে আছিল। ঘটনাটো চাই তেওঁ থিৰেৰে থাকিব নোঁৱাৰি জাহাজৰ পৰা ওলাই চাহাব দুজনৰ ওপৰত জপিয়াই পৰিল। উপৰ্যুপৰি  কিল, লাথি আৰু ভুকু মাৰি চাহাব দুজনক নৈত পেঁলাই দিলে। পিছত কোনোৰকমে তিতি বুৰি পাৰত উঠিল। অৱশেষত জাহাজৰ কেপ্তেইনৰ নেতৃত্বত বিচাৰ চলিল। বিচাৰত ইংৰাজ চাহাব দুজনেই দোষী সাব্যস্ত হ’ল আৰু পাঁচ টকা জৰিমনা দি বুঢ়ীৰ ওচৰত ক্ষমা ভিক্ষা কৰিলে। সঁচাকৈয়ে অম্বিকাগিৰীয়ে শৈশৱৰ পৰাই আছিল ন্যায় আৰু সাহসৰ প্ৰতিমূৰ্তি।

অম্বিকাগিৰীৰ ব্যক্তিত্বও আছিল সাহসী, বীৰোচিত আৰু স্পষ্টবাদী কিন্তু হৃদয়খন আছিল কোমল আৰু স্পৰ্শকাতৰ। কর্তব্যনিষ্ঠা আৰু সমাজ তথা দেশসেৱাই আছিল তেওঁৰ আদৰ্শ। এইজন মহান বিপ্লৱী,  সুু-সাহিত্যিক, সমাজ সংস্কাৰক অম্বিকাগিৰী ৰায় চৌধুৰীয়ে ১৯৬৭ চনত ইহলোকৰ পৰা বিদায় লৈ পৰলোকলৈ গমণ কৰে। 

অম্বিকাগিৰীৰ জন সেৱা আৰু স্বদেশ প্ৰেমে অসমীয়াৰ জাতীয় ইতিহাসৰ এক সোণালী অধ্যয়নৰ সূচনা কৰে। স্বাধীনতা সংগ্ৰামত আত্ম নিয়োগ কৰা বহুতো বিপ্লৱী নায়ক সেই সময়ত অসমত ওলাইছিল যদিও অম্বিকাগিৰী আছিল অনন্য, অসাধাৰণ আৰু অতুলনীয়। তেওঁ বৃটিছৰ বিৰুদ্ধে সংগ্ৰামত গোটেই জীৱন জড়িত থকাৰ উপৰিও তেওঁ অসমীয়া জাতিৰ আত্ম প্রতিষ্ঠাৰ নামত গঠনমূলক কাম-কাজত যিমান আত্ম নিয়োগ কৰিছিল আৰু কৃতকাৰ্য্য হৈছিল আন কোনো অসমীয়া বিপ্লৱীয়ে সিমানখিনি কৰিব পৰা নাছিল।

এজন সাহিত্যিক হিচাপেও  তেওঁ আছিল সঁচা অৰ্থত বিপ্লৱী আৰু গণ প্ৰতিনিধিত্বশীল। তেওঁ সাহিত্য ৰচনাৰ মাধ্যমেদি অসমীয়া জনসাধাৰণক নিজস্ব সভ্যতা-সংস্কৃতিৰ প্ৰতি সচেতন কৰি আত্ম প্রতিষ্ঠাৰ পথ মুকলি কৰাত অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ প্ৰতিটো সাহিত্য কৰ্মই জাতীয় ভাবধাৰাৰ অকৃত্ৰিম বাহক। মাত্ৰ অষ্টম শ্ৰেণীলৈকে পঢ়ি তেওঁ ভাষা সাহিত্যলৈ যি অৱদান দি গ’ল সি নিশ্চয় বিষ্ময়কৰ । তেওঁ বিশেষকৈ বিপ্লৱী কবি আৰু নাট্যকাৰ হিচাপেই বিখ্যাত। তেওঁৰ কবিতাসমূহ তিনিটা সুঁতিত বৈ  গৈছে- প্ৰথমটো হৈছে স্বদেশপ্ৰেমৰ সুঁতি, দ্বিতীয়টো হৈছে ৰহস্যবাদ আৰু তৃতীয়টো হৈছে কোনোৱা প্ৰেয়সীৰ প্ৰতি সহজাত প্ৰেম। তেওঁৰ স্বদেশ প্ৰেমমূলক কবিতাসমূহত অসমৰ অতীত শৌৰ্ষ-বীৰ্যৰ জয়গান আছে আৰু সেই গৌৰৱ মণ্ডিত শৌৰ্ষ-বীৰ্যৰ প্ৰতি অসমীয়া জাতীয়ে যাতে অৱলোকন কৰি সঞ্জীৱিত কৰি ৰাখিব পাৰে তাৰ বাবে অনুপ্ৰেৰণা আছে। কিন্তু কমলাকান্ত বা লক্ষ্মীনাথ বেজবৰুৱাৰ লিখনিত থকাৰ দৰে তেওঁৰ ৰচনাত কোনো ব্যঙ্গাত্মক ভৎৰ্সনা নাই। তেওঁৰ ৰহস্যবাদী কবিতাসমূহত ঈশ্বৰৰ প্ৰতি কবিৰ অসীম আত্মিক ভালপোৱা  প্ৰকাশ পাইছে। তেওঁৰ কাব্যৰ তৃতীয় সুঁতিটোত কামোদ্দীপনাৰ উমান আছে। অৰ্থাৎ এই প্ৰেম অকল  আত্মিক নহৈ  শাৰীৰিকো হৈছে।

অম্বিকাগিৰী ৰায় চৌধুৰীৰ ৰচনাৰ ভাষা সম্পূৰ্ণ  স্বকীয় গুণেৰে বিভূষিত। তেওঁ ভাষা আবেগধৰ্মী আৰু অনাবিল সমুদ্ৰ স্ৰোতৰ দৰে গৰ্জনশীল। তেওঁ শব্দ গঠনত আনকি প্ৰয়োগতো  ব্যাকৰণৰ নীতি সীমা চেৰাই গৈছে। তেওঁৰ কবিতাত ছন্দ আছে যদিও তেওঁ ছন্দ শাস্ত্ৰৰ বহতীয়া নহয়। বলিয়া ধুমুহা বতাহে গছৰ পাত দিশ-বিদিশিলৈ উৰুৱাই নিয়াৰ দৰে তেওঁ অন্তৰৰ উষ্ণ ভাব অনুভূতিয়ে যেনি ইচ্ছা তেনি ছন্দৰ সৃষ্টি কৰি আগুৱাই গৈছে। অম্বিকাগিৰী ৰায় চৌধুৰী অসমীয়া কবিসকলৰ ভিতৰত বিষয়বস্তু আৰু ভাষাৰ ক্ষেত্ৰত আটাইতকৈ বেছি মৌলিকত্ব  বহনকাৰী। কিয়নো তেওঁ ইংৰাজী আৰু বঙালী  সাহিত্যৰ প্ৰভাৱৰ পৰা মুক্ত আছিল। অৱশ্যে তেওঁৰ দুই এটা বিপ্লৱী কবিতা বঙলা  কবি নজৰুল ইছলামৰ বিপ্লৱী কবিতাৰ সমাৰ্থক।

অসমীয়া জাতিয়ে অম্বিকাগিৰীৰ পৰা যিমান আদৰ্শ পাব পাৰে সিমান আদৰ্শ আন কোনো অসমীয়া বিপ্লৱী তথা সাহিত্যকৰ পৰা পাব নোৱাৰে। অসমীয়াই যদি অসমৰ  স্বতন্ত্ৰ  অস্তিত্ব ৰক্ষাৰ প্ৰতি সচেতন হয় তেন্তে অম্বিকাগিৰীক প্ৰধান আদৰ্শ হিচাপে লোৱা উচিত।

এক গুচ্ছ জীৱনী

 

হেমচন্দ্ৰ গোস্বামী

হেমচন্দ্ৰ গোস্বামী অসমৰ এনে এজন সু-সন্তানৰ নাম যিজন আছিল একেধাৰে কবি, প্ৰত্নতাত্বিক আৰু ইতিহাসবিদ। এখেতৰ জন্ম হৈছিল ১৮৭২ চনত গোলাঘাটত। তেওঁৰ পিতৃৰ নাম ডম্বৰুধৰ গোস্বামী। তেওঁ গোলাঘাটত প্ৰাথমিক শিক্ষা সাং কৰি নগাওঁ হাইস্কুলৰ পৰা ১৮৮৮ চনত এণ্ট্ৰেন্স পৰীক্ষা সুখ্যাতিৰে পাছ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। তাত তেওঁ প্ৰেছিডেন্সী কলেজত নাম ভর্তি  কৰি ১৮৯০ চনত এফ. এ. পৰীক্ষা সুখ্যাতিৰে পাছ কৰে। ছাত্ৰ হিচাপে তেওঁ মেধাবী আছিল যদিও ইতিমধ্যে কলিকতাত তেওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু আনন্দচন্দ্ৰ আগৰৱালাৰ সান্নিধ্য লাভ কৰি সাহিত্য সাধনাৰ প্ৰতি মনোযোগ দিয়ে। তাৰোপৰি ৰত্নেশ্বৰ মহন্ত, ভোলানাথ দাস, গুণাভিৰাম বৰুৱা আদি সাহিত্যিকসকলৰ পৰা অনুপ্ৰেৰণা লাভ কৰি তেওঁ একেলেথাৰীয়ে কবিতা ৰচনাত লাগি যায়। ইতিমধ্যে ‘জোনাকী’ কাকতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ কবিতা আৰু প্ৰবন্ধ লিখাত ব্যস্ত থাকে। ফলত বি. এ. পৰীক্ষা নিদিয়াকৈয়ে কলিকতাত চাৰি বছৰ কটাই অসমলৈ উভতি আহে আৰু ইমানতে তেওঁ আনুষ্ঠানিক  শিক্ষাৰ সামৰণি মাৰে। কলিকতাৰ পৰা উভতি আহি গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষকতাৰ চাকৰিত সোমায় আৰু  সাহিত্য সাধনাত ব্রতী  হয়। এই চাকৰিত কিছুদিন কাৰ্য নিৰ্বাহ কৰি ১৮৯৭ চনত চাৱ ডেপুটি কালেক্টৰ হয়। এই পদত ১৯০৫ চনলৈ নিয়োজিত থাকি  পিছত এক্সট্ৰা এছিষ্টেণ্ট কমিচনাৰ পদত নিযুক্ত হয় আৰু তেতিয়াৰ পৰাই তেওঁ কবিতা লিখা এৰি ইতিহাস অধ্যয়ন আৰু প্ৰত্নতাত্বিক আহিলা গোটোৱাত একাণপতীয়াকৈ লাগে। অসমৰ গৌৰৱময় ইতিহাস উদ্ধাৰ কৰি বিশ্বৰ দৰবাৰত উপস্থাপন কৰাই তেওঁৰ জীৱনৰ ব্রত হিচাপে লয়। ফলত তেওঁ বহুতো ঐতিহাসিক শিলালিপি, ইতিহাসৰ পাণ্ডুলিপি, পুৰণি মুদ্ৰা আদি অনুসন্ধান কৰি প্ৰকাশ কৰিবলৈ ধৰে। তেওঁ পুৰণি পুথিসমূহৰ কেইখনমান সম্পাদনা কৰি উলিয়ায়। পুৰণি পুথি আৰু বুৰঞ্জীৰ আহিলাসমূহ সংৰক্ষণৰ বাবে ‘কামৰূপ অনুসন্ধান সমিতি’ আৰু ‘অসম ৰাজ্যিক মিউজিয়াম’ প্রতিষ্ঠা কৰাতো আগভাগ লয়। তেওঁ ‘অংকীয়া বাৰ নাট’, ‘কথা ভাগৱত’ আদি পুথি সম্পাদনা কৰি উলিয়ায়। ‘যোগিনীতন্ত্ৰ’ পুথিখনো তেওঁ কামৰূপ অনুসন্ধান সমিতিৰ হৈ সম্পাদনা কৰি শুদ্ধ পাঠ সংকলন কৰে। আহোম ৰজাসকলৰ সৈতে ভিন ভিন দেশৰ যোগাযোগৰ চিঠিপত্ৰ ‘ৰজাঘৰীয়া চিঠি’ শিৰোনামেৰে প্ৰকাশ কৰে। পোনপ্ৰথমে এইখন ‘আলোচনী’ নামৰ কাকতত প্ৰকাশ কৰিছিল। আশুতোষ মুখাৰ্জীৰ উৎসাহত তেওঁ সাতোটা খণ্ডত বিভক্ত বিৰাট ‘অসমীয়া সাহিত্যৰ চানেকী’ সংগ্ৰহ আৰু সম্পাদনা কৰি প্ৰকাশ কৰে। এইটো তেওঁৰ ডাঙৰ কীৰ্তি। ইতিমধ্যে প্ৰত্নতাত্বিক আৰু ইতিহাসবিদ হিচাপে তেওঁৰ নাম দেশ-বিদেশত সিঁচৰতি হৈ পৰে। তেওঁৰ ‘অসমীয়া সাহিত্যৰ চানেকী’ নামৰ কিতাপখন প্ৰকাশ পোৱাৰ লগে লগে দেশ-বিদেশৰ পৰা শুভেচ্ছা পোৱাৰ উপৰিও জাৰ্মানীৰ এখন বিশ্ববিদ্যালয়ৰ পৰা জগতৰ সকলো ভাষা আৰু সাহিত্যৰ বিৱৰণ থকা এখন সুবৃহৎ গ্ৰন্থৰ কাৰণে এটি প্ৰবন্ধ লিখিবলৈ অনুৰোধ কৰিছিল। প্ৰত্নতাত্বিক আৰু ইতিহাসবিদ হিচাপে সেই সময়ৰ ইংৰাজ বুৰঞ্জীবিদ গেইট চাহাব আৰু পি. আৰ. টি গৰ্ডন চাহাবৰ লগত তেওঁৰ বিশেষ পৰিচয় ঘটে আৰু সিহঁতে তেওঁক সহায়-সহযোগ আগবঢ়ায় । তেওঁৰ আন এটি কীৰ্তি হ’ল ‘Descriptive Catalog of Assamese Manuscripts’ নামৰ পুথিখন।  এইখন ১৯৩০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ যোগেদি প্ৰকাশ পায়। ইয়াৰোপৰি ৰজা দিনীয়া বহুতো পুৰণি ফলি ‘Inscription’ৰো পাঠোদ্ধাৰ কৰি প্ৰকাশ কৰে। হেমচন্দ্ৰ বৰুৱাই সংকলন কৰি থৈ যোৱা “হেমকোষ” খন নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰী খৰচত প্ৰকাশ কৰে। 

বিশ্বকবি ৰবীন্দ্ৰনাথ আৰু মহাত্মা গান্ধী এবাৰ গুৱাহাটীলৈ আহোঁতে গোস্বামীদেৱে দুয়োকো অসম গৌৰৱ “হস্তি বিদ্যাৰ্ণৱ” পুথিখন দেখুৱাই সিহঁতক প্ৰাচীন অসমৰ গৌৰৱৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। অসমৰ গৌৰৱ বিদেশত প্ৰচাৰ কৰিবৰ কাৰণে হেমচন্দ্ৰ গোস্বামীয়ে মনে-প্ৰাণে চেষ্টা কৰিছিল আৰু অসমৰ বীৰ লাচিত বৰফুকনৰ ৰণ-কৌশলৰ বিষয়ে ‘শৰাইঘাটৰ যুদ্ধ’ নামৰ এটি প্ৰৱন্ধ লিখি ‘ঊষা’ত প্ৰকাশ কৰি অসমীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেতিয়াৰ পৰা বীৰ লাচিতৰ বিষয়ে অসমীয়া  জাতি সচেতন হয় আৰু এইজনা বীৰক কেন্দ্ৰ কৰি নাটক, প্ৰবন্ধ, কবিতা আদি সাহিত্যৰ সৃষ্টি হ’বলৈ ধৰে। গোস্বামীদেৱৰ উদ্যোগতেই অসমত ‘লাচিত উৎসৱ’ পালনৰ সিদ্ধান্ত লোৱা হয়।

হেমচন্দ্ৰ গোস্বামীয়ে গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰাৰ বাহিৰেও অসমৰ সাহিত্য সাধকসকলক নানাভাৱে সহায়-সহযোগ, পৰামৰ্শ আৰু উৎসাহ প্ৰদান কৰিছিল। ১৮৯৭ চনত গেইট চাহাবৰ দ্বাৰা সম্পাদিত “অসমৰ ঐতিহাসিক অনুসন্ধানৰ বিষয়ে ৰিপোৰ্ট” নামৰ তত্বপূৰ্ণ গ্ৰন্থ প্ৰণয়ন আৰু প্ৰকাশ কৰাত গোস্বামীদেৱে গেইট চাহাবক যৎপৰোনাস্তি সহায় কৰিছিল। এই গ্ৰন্থৰ পৰিশিষ্টত থকা ‘অসমীয়া সাময়িক কাকতৰ বিৱৰণ’ শীৰ্ষক অধ্যায়টি গোস্বামীদেৱে লিখি দিছিল।

এইজন মহান লিখক হেমচন্দ্ৰ গোস্বামীদেৱে উপৰোক্ত গ্ৰন্থসমূহ সম্পাদনা, সংকলন আৰু লিখি উলিওৱাৰ বাহিৰেও ‘ঊষা’, ‘বাহী’, ‘জোনাকী’ আদি কাকতত অসমীয়া ভাষা সাহিত্য আৰু ইতিহাসৰ ওপৰত বহুত পাণ্ডিত্যপূৰ্ণ প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেওঁৰ গদ্যৰ ভাষা সৰল, স্পষ্ট, পোনপটীয়া, কোমল আৰু কিছু পৰিমাণে কথনভঙ্গীৰ। এইজন মহান ইতিহাসবিদ আৰু প্ৰত্নতাত্বিকবিদৰ মৃত্যু হয় ১৯২৮ চনত ।

তেওঁ আছিল সৰল আৰু নিৰহঙ্কাৰী। সকলো মানুহকে তেওঁ শ্ৰদ্ধাৰ চকুৰে চাইছিল। পণ্ডিত আৰু বিদ্যানুৰাগীসকলক উৎসাহ আৰু অনুপ্ৰেৰণা প্ৰদান কৰিছিল। তেওঁৰ কৰ্তব্য নিষ্ঠা আছিল অপৰিসীম। চৰকাৰী  কাম-কাজ সূচাৰুৰুপে পৰিচালনা কৰিও বিভিন্ন ভাষা সাহিত্যৰ উন্নয়নমূলক কাম-কাজ আৰু প্ৰত্নতাত্বিক অধ্যয়নত জড়িত  থাকি অসীম কষ্টসহিষ্ণুতাৰ পৰিচয় দিছিল। 

তেওঁ জীৱনৰ আগবয়সলৈকে কবি আছিল। অৰ্থাৎ ২০ বছৰলৈ তেওঁ কবিতা ৰচনাত মনোনিৱেশ কৰি কল্পানা ৰাজ্যত ভাঁহি ফুৰি প্ৰত্নতত্ব অধ্যয়নত লাগি যোৱাৰ পিছৰ পৰাই তেওঁৰ কাব্যিক মনৰ পৰিসমাপ্তি ঘটে। সেয়ে তেওঁৰ কবিতা চেঙেলীয়া বয়সৰ দৰে চঞ্চল আৰু কল্পনা প্ৰয়াসী। তেওঁৰ কবিতা পুথি মাথো এখন ‘ফুলৰ চাকি’। তেৱেই অসমীয়া ভাষাত প্ৰথম চনেট কবিতাৰ ৰচক। ডেকা বয়সৰ ৰচনা বাবে তেওঁৰ কবিতাৰ বিষয়বস্তু প্ৰেম আৰু প্ৰেম। প্ৰথম প্ৰেম ‘প্ৰিয়তমাৰ প্ৰতি’ আৰু দ্বিতীয় প্ৰেম ‘স্বদেশৰ প্ৰতি’। প্ৰেমৰ কবিতাবোৰ  ৰোমাণ্টিক ভাৱাপন্ন। দুই এটা কবিতাত ৰহস্যবাদৰ উমান আছে।

কবি হিচাপে হেমচন্দ্ৰ গোস্বামী যিমান পৰিচিত প্ৰত্নতত্ববিদ আৰু ইতিহাসবিদ হিচাপে তাতোকৈ বেছি পৰিচিত। পুৰাতত্ববিদ হিচাপে তেওঁ দেখুৱাই যোৱা বাটেদি আগবাঢ়ি পিছলৈ ড০ সূৰ্য কুমাৰ ভূঞাই বহুতো মূল্যৱান বুৰঞ্জী প্ৰণয়ন কৰে। কবি হিচাপে তেওঁক পাহৰি গ’লেও এজন প্ৰত্নতত্ববিদ হিচাপে  অসমীয়া জাতিয়ে হেমচন্দ্ৰ গোস্বামীদেৱক চিৰদিন মনত ৰখা উচিত।

এক গুচ্ছ জীৱনী

 

হেমচন্দ্ৰ বৰুৱা

 ১৮২৬ চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত শাসন কাৰ্যত সহায় হ’বৰ নিমিত্তে সিহঁতে বংগদেশৰ পৰা কিছুসংখ্যক শিক্ষিত বঙালিক অসমলৈ আমদানি কৰি কেৰানী, মহৰী আদি চাকৰিত মকবল কৰে। সিঁহতে অসমত সিহঁতৰ চাকৰি স্থায়ী কৰিবৰ উদ্দেশ্যে  ইংৰাজসকলক প্ৰৰোচনা কৰি বুজায় যে অসমীয়া ভাষাটো বঙালী ভাষাৰ এটা অপভ্ৰংশ অৰ্থাৎ চহাৰূপ। অসমীয়া ভাষা সাহিত্য সম্পৰ্কে অনভিজ্ঞ ইংৰাজসকলে বঙালীসকলৰ কথাকেই সত্য বুলি ভোল গৈ অসমৰ স্কুল, আদালতত  অসমীয়া ভাষাৰ সলনি বঙালী ভাষা প্ৰৱৰ্তন কৰে। ফলত অসমীয়া ভাষা-সাহিত্য  বিপৰ্যয়ৰ সন্মুখীন হয়। ভাষা সাহিত্যৰ চৰ্চা স্তমিত হৈ পৰে। ইতিমধ্যে ১৮৩৬ চনত আমেৰিকাৰ পৰা মিছনেৰিৰ দল এটাই খৃষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে অসমলৈ আহে। সিহঁতে অসমীয়া ভাষাৰ এনে বিপৰ্যয় দেখি অসমীয়া ভাষা উদ্ধাৰ কৰাৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰে। সিহঁতে কথিত ৰূপত অসমীয়া ভাষা আয়ত্ব কৰি এই ভাষাৰ ব্যাকৰণ আনকি অভিধানো ৰচনা কৰিলে। কিন্তু সিহঁতৰ অসমীয়া ভাষাটো আছিল কথিত ৰূপৰহে। সিহঁতে অসমীয়া ভাষাৰ শব্দ আৰু বানান পদ্ধতি এৰি সৰলীকৰণ নীতিহে প্ৰয়োগ কৰিছিল। ফলত অসমীয়া ভাষাৰ আগৰ স্বকীয় বৈশিষ্ট্য হেৰুৱাই বিকৃত ৰূপ পালে। আমেৰিকান মিছনেৰিসকলে অসমীয়া ভাষাক অৱশেষত উদ্ধাৰ কৰিলে হয়, কিন্তু অসমীয়া ভাষাই আমেৰিকান মিছনেৰিসকলৰ হাতত বন্ধী হ’ল। বোকাৰ পৰা উঠাই জালত ভৰোৱাৰ দৰে হ’ল। উদ্ধাৰ পাই অসমীয়া ভাষাই পুনৰ বিপৰ্যয়ৰ সন্মুখীন হ’ল। অসমীয়া ভাষাক এনে বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিবলৈ সেই সময়ত এজন সাহসী ব্যক্তিৰ আৱিৰ্ভাৱ হয়, তেওঁৰ নাম হেমচন্দ্ৰ বৰুৱা। তেৱেই পোন  প্ৰথমে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে অসমীয়া ভাষাৰ অভিধান, ব্যাকৰণ আদি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰে। 

এইজনা মহান ব্যাকৰণবিদ তথা অভিধান ৰচক হেমচন্দ্ৰ বৰুৱাই ১৮৩৫ চনত শিৱসাগৰ ৰজাবাহঁৰ নামৰ গাৱত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাকৰ নাম মুক্তাৰাম বৰুৱা। মুক্তাৰাম বৰুৱাই  দুগৰাকী ভাৰ্য্যা গ্ৰহণ কৰিছিল। প্ৰথম জনীয়ে যোগেশ্বৰ নামৰ ল’ৰা সন্তান এটি জন্ম দিয়েই মৃত্যু মুখত পৰাত মুক্তাৰামে দ্বিতীয়বাৰ বিবাহ কৰায়। এই দ্বিতীয় পত্নীৰ গৰ্ভত আৰু মুক্তাৰমৰ ঔৰসত দুটি সন্তানৰ জন্ম হৈছিল। প্ৰথমজনী আছিল ছোৱালী সন্তান আৰু দ্বিতীয়জনেই আছিল হেমচন্দ্ৰ বৰুৱা। মুক্তাৰামৰ আগৰ একমাত্ৰ সন্তান যোগেশ্বৰে শিক্ষা-দীক্ষা লাভ কৰি ১৮ বছৰ বয়সত মৃত্যু মুখত পৰে। ইয়াৰ পিছত দ্বিতীয় কন্যা সন্তানটিও কালৰ কৱলত পৰাত মুক্তাৰামে অতিপাত শোক পায়। সেয়ে হেমচন্দ্ৰয়ো কিছু ডাঙৰ হৈ আগৰ সন্তান দুজনৰ পথ লয় বুলি ভাৱি হেমচন্দ্ৰৰ ৯ বছৰ বয়সলৈ কোনো শিক্ষা-দীক্ষাৰ ব্যৱস্থা নকৰিলে। এই বয়সলৈ হেমচন্দ্ৰই লোকৰ মুখে মুখে শুনি বৰ্ণমালাৰ আখৰ কেইটাহে মাথো আয়ত্ব  কৰিছিল। 

অৱশেষত হেমচন্দ্ৰৰো লিখা পঢ়া কৰাৰ হেঁপাহৰ উমান পাই মুক্তাৰামে তেওঁক লিখা-পঢ়া শিকাবলৈ মন মেলিলে। হেমচন্দ্ৰই পিতাকৰ পৰা পাঠ লৈ কিছু পঢ়িব  পৰা হ’লত পিতৃ মুক্তাৰামে জহনী ৰোগত মৃত্যু মুখত পৰিল।

পিতাকৰ মৃত্যুৰ খবৰ পাই হেমচন্দ্ৰৰ দাদাইদেউ লক্ষ্মীনাথ বৰুৱাই হেমচন্দ্ৰক শিৱসাগৰলৈ লৈ যায় আৰু তাতে বেকাৰী কাম শিকিবৰ নিমিত্তে মাহে ৪ টকা বেতনত নবিচ নিযুক্তি কৰিলে। শিৱসাগৰত তেওঁ বঙালী ভাষা শিকিবলৈ লয় আৰু  উবৰ্বীধৰ বৰুৱা নামৰ এজন শিক্ষকৰ পঢ়াশালিত সংস্কৃত পঢ়িবলৈ ল’লে। সেই সময়ত শিৱসাগৰ জিলাৰ কাপ্তান ব্রুডি  চাহাবৰ লগত তেওঁৰ চিনাকী হোৱাত তেওঁৰ পৰা হিন্দী ভাষাও শিকিবলৈ লয়। ব্রুডি চাহাব এজন বিদ্যোৎসাহী লোক আছিল। হেমচন্দ্ৰৰ লিখাৰ প্ৰতি ৰাপ দেখি তেওঁ উৎসাহেৰে হেমচন্দ্ৰক হিন্দী ভাষা শিকাইছিল।

তেতিয়াৰ দিনত অসমীয়া ল’ৰা এজনে ইংৰাজী শিকাটো সাধাৰণ মানুহে সহজভাৱে ল’ব পৰা নাছিল। সেয়ে সকলোৰে বাবে ইংৰাজী শিকাটো সহজ নহৈছিল। কিন্তু হেমচন্দ্ৰই ইংৰাজী ভাষাটোও শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰাত ব্রডি চাহাবৰ পৰা ইংৰাজী বৰ্ণমালাৰ কিতাপ এখন খুজি প্ৰতি ৰবিবাৰে ব্রডি চাহাবৰ পৰা ইংৰাজী শিকাৰ মহলা ল’বলৈ ধৰিলে। ইতিমধ্যে সময়ৰ অভাৱ। ৰাতিপুৱা দহ বজালৈ সংস্কৃত শিকিব লাগে আৰু এঘাৰ বজাত কাছাৰীলৈ গৈ চাৰি বজালৈ অফিচত ব্যস্ত থাকিব লাগে। এনে সময়ৰ নাটনিৰ মাজতো সময় উলিয়াই তেওঁ ইংৰাজী শিকা আৰম্ভ কৰিলে। দুসপ্তাহমান ইংৰাজী অধ্যয়ন কৰি ইংৰাজী বৰ্ণমালাৰ ডাঙৰ আৰু সৰু ফলাৰ আখৰ কেইটামানহে শিকিব পাৰিলে, এনে সময়তে তেওঁৰ দদাইদেউ লক্ষ্মীনাথে গম পাই খঙত অগ্নিশৰ্মা হৈ ইংৰাজী পুথি-পাঁজি দলিয়াই পেলাই ঘৰলৈ উলটিবলৈ বাধ্য কৰালে। দদাইদেৱে ইংৰাজী শিকাৰ বিৰোধী আছিল আৰু এই বিৰোধ ভাৱটো হেমচন্দ্ৰৰ ওপৰতো খটালে।

ঘৰলৈ ওভতি আহি তেওঁৰ দদাইদেউৰ পুতেক পদ্মনাথৰ সৈতে সংস্কৃত ব্যাকৰণ পঢ়িবলৈ  লয় যদিও কিছুদিন পিছত সংস্কৃত পঢ়াশালিৰ পণ্ডিতজনৰ লগতে পদ্মনাথো মৃত্যু মুখত পৰে। ফলত সংস্কৃত ব্যাকৰণ শিকা তেওঁৰ ইমানতে অন্ত পৰিল। এবাৰ তেওঁৰ বন্ধু শ্ৰী কুশৰাম গগৈৰ লগত তেওঁৰ সাক্ষাৎ হোৱাত তেওঁ হেমচন্দ্ৰক ইংৰাজী পঢ়িবলৈ  পৰামৰ্শ দিয়ে। তেতিয়া তেওঁৰ বয়স কুৰি বছৰ মান হৈছে। তেওঁ ইংৰাজী বৰ্ণমালাটোৰ বাহিৰে ইংৰাজী ভাষাৰ আন একো নাজানে। তেওঁৰ পৰা তেওঁ ইংৰাজীৰ প্ৰাথমিক কিতাপখন লৈ পঢ়িবলৈ ল’লে আৰু পঢ়াত  উদ্গতিও কৰিবলৈ ধৰিলে। তেতিয়া পৰমানন্দ ভঁৰালী নামৰ ইংৰাজী শিক্ষক এজনে তেওঁক ইংৰাজী শিকাত সহায় কৰে। ইংৰাজী ভাষাৰ সাধাৰণ জ্ঞান লাভ কৰি অৱশেষত তেওঁ ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা আমেৰিকান মিছনেৰি সকলৰ ওচৰ চাপিল। সিহঁতে তেওঁক উৎসাহ-উদ্দীপনা দিয়াত দহগুণ উৎসাহেৰে ইংৰাজী শিকাত লাগিল আৰু অৱশেষত ইংৰাজী ভাষাত পাকৈত হৈ উঠিল।

ইতিমধ্যে ১৮৪৬ চনৰ পৰা মিছনেৰিসকলে ‘অৰুণোদয়’ নামৰ এখন মাহেকীয়া অসমীয়া আলোচনী উলিয়ায়। খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাই এই আলোচনীখনৰ মূল উদ্দেশ্য আছিল যদিও তাৰ লগে লগে ভাষা আৰু সাহিত্য সম্পৰ্কীয় প্ৰবন্ধও প্ৰকাশ কৰিছিল। হেমচন্দ্ৰই এইখন আলোচনীলৈ লিখা-মেলা আৰম্ভ কৰে। তেওঁ ‘অৰুণোদয়’ত লিখনী পঠোৱাৰ লগে লগে মিছনেৰিসকলৰ সতে তেওঁৰ সম্বন্ধ আৰু দৃঢ় হয়। ইতিমধ্যে মাতৃভাষাৰ প্ৰতি হেমচন্দ্ৰৰ দৰদ আৰু সহানুভূতি বাঢ়ি যায়। সেয়ে আমেৰিকাৰ মিছনেৰিসকলে গ্ৰহণ কৰা বৰ্ণবিলাকত বিস্তৰ ভুল আৰু বিকৃত ৰূপ দেখা পাই বৈজ্ঞানিক আৰু শব্দৰ মূলৰ সৈতে সংগতি ৰাখি বৰ্ণ বিন্যাস সংশোধন কৰিবলৈ চেষ্টা কৰে। কিন্তু মিছনেৰিসকলে  হেমচন্দ্ৰৰ এই কামত তীব্র  বিৰোধীতা কৰিবলৈ আৰম্ভ কৰে কাৰণ সিহঁতে অৱলম্বন কৰা বৰ্ণ বিন্যাস সৰল আছিল। ই শিকাত আনকি লিখাতো সহজ আছিল কিয়নো ই মৌখিক ভাষাৰ অনুকৰণ কৰিছিল। তাৰোপৰি মিছনেৰীসকলে ইতিমধ্যে সিহঁতে অৱলম্বন কৰা বৰ্ণ বিন্যাসৰ নীতি অনুকৰণ কৰি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে কেইখনমান পুথি লিখি ছপা কৰি উলিয়াইছিল। এনে অৱস্থাত হেমচন্দ্ৰই নতুন বৰ্ণ বিন্যাস আৰম্ভ কৰিলে মিছনেৰীসকলে কিছু জটিলতাৰ সন্মুখীন হ’ব আৰু সিহঁতে ইতিমধ্যে লিখা পুথিসমূহও অচল হৈ পৰিব। এই ভয়ত সিহঁতে হেমচন্দ্ৰৰ নতুন বৰ্ণ-বিন্যাসৰ সমৰ্থন কৰা নাছিল। কিন্তু হেমচন্দ্ৰয়ো এলা-পেচা  বিধৰ লোক নাছিল। মিছনেৰীসকলৰ প্ৰৱল বাধা সত্ত্বেও তেওঁ বৈজ্ঞানিক বিশ্লেষণাত্মক দৃষ্টিভঙ্গীৰে নতুন বৰ্ণ বিন্যাস প্ৰৱৰ্তন কৰাত লাগিল। সেই উদ্দেশ্যে অসমীয়া ভাষাক এক স্থায়ী সঠিক ৰূপত সজাবলৈ অসীম আৰু ঐকান্তিক প্ৰচেষ্টাৰে ’অসমীয়া ব্যাকৰণ’ আৰু অসমীয়া অভিধান এখন প্ৰণয়ন কৰি উলিয়ালে। তাৰোপৰি বৰ্ণ বিন্যাসৰ সংশোধনৰ সপক্ষে যুক্তি সহকাৰে আলোচনীত প্ৰবন্ধ পাতিও লিখিবলৈ ল’লে। অৱশেষত হেমচন্দ্ৰ বৰুৱা সফল হ’ল, অসমীয়া ভাষাত নতুন যুক্তিসঙ্গত বৈজ্ঞানিক বৰ্ণ বিন্যাস প্ৰচলন আৰম্ভ হ’ল। তথাপি ‘ৱ’ আখৰ প্ৰৱৰ্তনক লৈ কিছু খেলি-মেলি আছিল। আমেৰিকাৰ মিছনেৰীসকলে ‘ৱ’ আখৰটোক বৰ্ণমালাত গ্ৰহণ কৰা নাছিল। পিছলৈ হেমচন্দ্ৰৰ প্ৰচেষ্টাত এই আখৰটোও অসমীয়া বৰ্ণমালাৰ অন্তৰ্ভূক্ত হ’বলৈ ললে। হেমচন্দ্ৰ বৰুৱাৰ ‘অসমীয়া ব্যাকৰণ’ আৰু ‘বৃহৎ অসমীয়া অভিধান’ খনেই অসমীয়া ভাষাৰ বিজ্ঞানসন্মত বিশ্লেষণাত্মক গ্ৰন্থ। এই গ্ৰন্থ দুখনত নিৰ্ধাৰণ কৰি দিয়া ভাষা নীতি পিছলৈ আন আন লেখক সকলেও গ্ৰহণ কৰি অসমীয়া ভাষাক শক্তিশালী ৰূপত বিন্যস্ত কৰে। বৰ্তমানেও হেমচন্দ্ৰ বৰুৱাৰ এই ব্যাকৰণ আৰু অভিধানখনেই অসমীয়া ভাষাৰ প্ৰধান ভিত্তি আৰু পথ প্ৰদৰ্শক হৈয়ে আছে। সেয়ে হেমচন্দ্ৰ বৰুৱাক আধুনিক অসমীয়া ভাষাৰ জনক (Father of Modern Assamese Language) বুলি অভিহিত কৰিব পাৰি। কিন্তু দুখৰ বিষয় হেমচন্দ্ৰ বৰুৱাৰ জীৱন কালত বৃহৎ অসমীয়া অভিধান (হেমকোষ) খন প্ৰকাশ হৈ উঠা নাছিল। এইটো প্ৰকাশ পায় ১৯০০ চনত তেওঁৰ মৃত্যুৰ ৮ বছৰ পিছত।

হেমচন্দ্ৰ বৰুৱা মাথো অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান প্ৰণয়ন কৰি আধুনিক অসমীয়া ভাষাৰ জন্ম দিয়েই ক্ষান্ত থকা নাছিল; ভাষা আৰু সাহিত্যৰ বিকাশৰ বাবে বহুতো প্ৰবন্ধ আৰু অসমীয়া ভাষাত বহুতো পাঠ্যপুথিও ৰচনা কৰিছিল।

ইতিমধ্যে হেমচন্দ্ৰ বৰুৱাই চৰকাৰী চাকৰিত পোন প্ৰথমতে ভাষা ভঙা কাকতি হৈ শেষলৈ জুডিচিয়েল কমিচনাৰৰ অফিচত চুপাৰিণ্টেণ্ডেণ্ট পদ পায়। এক্সট্ৰা এছিচচেণ্ট কমিচনাৰ পদো তেওঁক পিছলৈ যঁচা হৈছিল যদিও তেওঁ সেই পদ গ্ৰহণ নকৰিলে। তেওঁ চৰকাৰৰ নিৰ্দেশনামতে স্কুলৰ পাঠ্যপুথি হিচাপে ১৮৮৬ চনত ‘অসমীয়া ল’ৰাৰ ব্যাকৰণ’, ১৮৭৩ চনত ‘আদিপাঠ’, ১৮৯২ চনত ‘পঢ়াশালীয়া ব্যাকৰণ’, ১৮৯৪ চনত ‘সংক্ষিপ্ত হেমকোষ’, ‘পাঠমালা’ আদি পুথি ৰচনা কৰে আৰু এই কাৰ্যাৱলীৰ বাবে ইংৰাজসকলৰ পৰা প্ৰশংসা  পোৱাৰ উপৰিও সেই সময়ত ১,১০০ টকা পুৰস্কাৰ হিচাপে  লাভ কৰে।

ইয়াৰ উপৰি তেওঁ ‘Way to Health’ নামৰ ইংৰাজী কিতাপখন “স্বাস্থ্য ৰক্ষাৰ নিয়ম” শিৰোনামেৰে অসমীয়ালৈ অনুবাদ কৰে। ‘Assamese Marriage System’ নামৰ ইংৰাজী পুথি এখনো তেওঁ লিখি ছপা কৰি উলিয়াইছিল। কিতাপখনত অসমীয়া সমাজৰ বিবাহ পদ্ধতি, নিয়ম, বিধৱা বিবাহৰ সপক্ষে যুক্তি আদি স্পষ্টতাৰে দাঙি  ধৰিছিল। তেওঁ উক্ত পুথিসমূহ লিখাৰ উপৰিও ‘কানীয়া কীর্তন’ আৰু ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ নামৰ ব্যঙ্গ পুথি দুখনো ৰচনা কৰি অসমীয়া সমাজৰ মিথ্যাচাৰ, ভণ্ডামী, দুৰ্নীতি আৰু মুৰ্খালিক তীব্র ব্যঙ্গ বাণেৰে আক্ৰমণ কৰি সমাজ সংস্কাৰৰ ভূমিকাও লৈছিল।

জীৱনৰ শেষ ভাগত ‘আসাম নিউজ’ নামৰ ইংৰাজী-অসমীয়া আলোচনী এখন উলিয়াই নিজে সম্পাদনাৰ দায়িত্ব পালন কৰিছিল। কিন্তু কাকতখন বেছি  বছৰ স্থায়ী নহ’ল। মাথো দুবছৰমান জীয়াই থাকি নানান আহুকালত পৰি বন্ধ হৈ যায়। 

হেমচন্দ্ৰ বৰুৱাই এইদৰে ভাষা সাহিত্যলৈ অপৰিসীম সেৱা আগবঢ়াই ১৮৯৬ চনত নশ্বৰ দেহা এৰি স্বৰ্গগামী হয়। ব্যক্তিত্বৰ পিনৰ পৰা তেওঁ আছিল সৰল, সাহসী আৰু স্পষ্টবাদী। তেওঁ সদায় ন্যায় আৰু যুক্তিৰ পথত আছিল। ভণ্ডামিক তেওঁ চকুপাৰি দেখিব নোৱাৰিছিল। কোনোবাই বেয়া  পায় বুলি যিটো ন্যায় আৰু যুক্তিসঙ্গত সেইটো ক’বলৈ কুন্ঠাবোধ  কৰা নাছিল। তাৰোপৰি তেওঁ আছিল অসীম কষ্ট-সহিষ্ণুতাৰ প্ৰতীক। পোন  প্ৰথমবাৰৰ বাবে  এটা ভাষাৰ শব্দ আৰু ইয়াৰ উপৰিও তত্ত্ব বিচাৰি উলিয়াই সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টি-ভঙ্গীৰে অভিধান প্ৰণয়ন কৰাটো কম ত্যাগ আৰু ঐকান্তিক প্ৰচেষ্টাৰ কাম নহয় ! এইজন মহান ভাষা আৰু সাহিত্যপ্ৰেমীক অকৃতজ্ঞ অসমীয়া জাতিয়ে পাহৰিলেও ভাষা সাহিত্যৰ ইতিহাসত তেওঁৰ নাম সোণালী আখৰেৰে চিৰদিন জিলিকি থাকিব।

এক গুচ্ছ জীৱনী

 

কৃষ্ণকান্ত  সন্দিকৈ

আজিলৈ অসম মাতৃয়ে এনে দুজন সংস্কৃত পণ্ডিতৰ জন্ম দিছে যি দুজনাই সংস্কৃত ভাষা-সাহিত্যৰ ওপৰত কেবাখনো পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ প্ৰণয়ন কৰি বিশ্বৰ দৰবাৰত সংস্কৃত সাহিত্যৰ লগতে প্ৰাচীন ভাৰতৰ গৌৰৱময় সভ্যতাকো প্রতিষ্ঠা  কৰি থৈ গৈছে: তাৰে এজনৰ নাম হ’ল আনন্দৰাম বৰুৱা আৰু আন জনৰ নাম কৃষ্ণাকান্ত সন্দিকৈ। আনন্দৰাম বৰুৱাই প্ৰতিভাৰ প্ৰাৰম্ভিক কালতে মাত্ৰ ৩৯ বছৰ বয়সতে মৃত্যু বৰণ কৰিছিল আৰু কৃষ্ণকান্ত সন্দিকৈ ৮৪ বছৰ আয়ুস পাই প্ৰতিভাৰ চূড়ান্ত  পৰ্যায়লৈ আৰোহণ কৰি বিশ্বৰ পণ্ডিত সমাজৰ শাৰীত মৰিও অমৰ হৈ আছে।

আন্দৰাম বৰুৱাৰ মৃত্যুৰ ৯ বছৰ পিছত ১৮৯৮ চনত অসমৰ দ্বিতীয়জন সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হয় যোৰহাটত। তেওঁৰ পিতাকৰ নাম ৰাধাকান্ত সন্দিকৈ আৰু মাকৰ নাম আছিল নাৰায়ণী সন্দিকৈ। সন্দিকৈ পৰিয়ালটি আগৰে পৰা অৰ্থনৈতিক দিশত আঢ্যবস্তু আৰু সামাজিক দিশত আছিল প্ৰভাৱশালী। কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ ৰাধাকান্ত সন্দিকৈ আছিল পৰোপকাৰী, দয়ালু আৰু দানশীল। মাতৃ নাৰায়ণী সন্দিকৈ আছিল শিক্ষিতা ধৰ্মপৰায়ণ আৰু সংস্কৃতমনা। তেওঁ ১৯১৩ চনত যোৰহাট চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। সৰু কালৰ পৰাই তেওঁ আছিল অত্যন্ত চোকা বুদ্ধিৰ আৰু প্ৰতিভাসম্পন্ন। প্ৰৱেশিকা পৰীক্ষা পাছ কৰি তেওঁ কটন কলেজত ভৰ্তি হয় আৰু সেই কলেজৰ পৰাই ১৯১৫ চনত সুখ্যাতিৰে আই. এ. পাছ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। তেওঁ কলিকতা সংস্কৃত কলেজৰ পৰা  ১৯১৭ চনত সংস্কৃতত প্ৰথম শ্ৰেণীত বি. এ. পাছ কৰে। তাৰ পিছত ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতৰ বেদ বিভাগত প্ৰথম শ্ৰেণীত এম. এ. পাছ কৰে। 

১৯২০ চনত কৃষ্ণকান্তই ইংলণ্ডলৈ যায় আৰু  অক্সফোৰ্ড বিশ্ববিদ্যালয়ত নাম ভর্তি কৰি ইতিহাসত এম. এ. ডিগ্ৰী লাভ কৰে। অক্সফোৰ্ডত পঢ়ি থকা সময়তেই তেওঁ ফৰাচী আৰু জাৰ্মান ভাষা শিকি লয়। ইয়াৰ পিছত চাৰিবছৰ তেওঁ ফ্রান্স  আৰু জাৰ্মানীত কটায় কোনো ডিগ্ৰী লাভ কৰাৰ ভাবে নহয়; বিভিন্ন বিখ্যাত গ্ৰন্থাগাৰত অধ্যয়ন কৰি জ্ঞান লাভ কৰিবলৈ আৰু বিশ্বৰ প্ৰধান প্ৰধান ভাষা শিকিবলৈহে। তেওঁ কেইবাটাওঁ ভাৰতীয় ভাষা শিকাৰ ওপৰিও বিশ্বৰ ১১ টা প্ৰধান ভাষা আয়ত্ব কৰিছিল। ১৯২৪ চনত তেওঁ স্বদেশলৈ ঘূৰি আহি যোৰহাটৰ জে. বি. কলেজৰ অধ্যক্ষৰ চাকৰিত সোমায় আৰু অন্যহাতে সংস্কৃত সাহিত্য অধ্যয়ন আৰু  গৱেষণাত একানপতীয়াকৈ লাগে। এই পদত ১৬ বছৰ নিয়াৰীকৈ কাৰ্য সম্পাদন কৰি গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ  প্ৰাৰম্ভিক সময়ৰ পৰাই একেবাৰে ৯ বছৰ কাল উপাচাৰ্য্যৰ পদত নিযুক্ত থাকি গুৱাহাটী বিশ্ববিদ্যায়লক সুদৃঢ় ৰূপত প্রতিষ্ঠা  কৰে।

দুটা দায়িত্বশীল পদত কাম  কৰাৰ উপৰিও তেওঁ কেবাখনো গৱেষণামূলক আৰু পাণ্ডিত্যপূৰ্ণ আপুৰুগীয়া গ্ৰন্থ প্ৰনয়ণ কৰে। তেওঁৰ প্ৰথম গৱেষণাত্মক গ্ৰন্থখন হৈছে শ্ৰী হৰ্ষই বিৰচিত মূল সংস্কৃত মহাকাব্য ‘নৈষধ চৰিতৰ টীকা আৰু ভাষ্য’। মূল মহাকাব্যখন সংস্কৃত ভাষাৰ এটি জটিল মহাকাব্য। এইখন মহাকাব্যৰ কেইবাখনো টীকা আৰু ভাষ্য পূৰ্বৰ পৰা থকা সত্ত্বেও বহু পণ্ডিতে মহাকাব্যখন বুজি পাবলৈ অনেক জটিলতাৰ সন্মুখীন হৈছিল। কৃষ্ণকান্তই এই জটিল গ্ৰন্থটি পাঠক সমাজে যাতে সহজে হৃদয়ঙ্গম কৰিব পাৰে তাৰ বাবে  পূৰ্বৰ সকলোবোৰ  টীকা অসীম কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সংগ্ৰহ কৰি এক তুলনামূলক অধ্যয়ন চলাই মৌলিকভাৱে বিস্তৃত ব্যাখ্যা প্ৰস্তুত কৰে। তেতিয়া সৰ্বসাধাৰণে ইমান দিনে জটিলতাৰ মেৰপাকত সোমাই থকা মহাকাব্যখন কৃষ্ণকান্তৰ এই টীকা আৰু ব্যাখ্যাৰ সহায়ত  পঢ়িব  আৰু বুজিব পৰা হ’ল। এই গ্ৰন্থখনে বিশ্বৰ দৰবাৰত তেওঁক পণ্ডিত বুলি জাহিৰ কৰি দিয়ে। তেওঁৰ আশাসুধীয়া এই প্ৰচেষ্টাত কৃতজ্ঞতা আৰু ধন্যবাদ জনাই দেশী-বিদেশী বহুতো পণ্ডিতে তেওঁলৈ প্ৰশংসাবাণী পঠিয়ায়। গ্ৰন্থখনৰ টীকা আৰু ব্যাখ্যা প্ৰস্তুত কৰোতে তেওঁৰ সময় লাগিছিল একে লেথাৰীয়ে আঠ বছৰ। 

তেওঁৰ দ্বিতীয়খন ভাষ্য আৰু টীকাৰ পুথি হ’ল সোমদেৱৰ ‘যশস্তিলক’। এই গ্ৰন্থখনৰ টীকা তেওঁ একেৰাহে সাত বছৰ পৰিশ্ৰম কৰি ইংৰাজীত “Yashatilaka and Indian Culture” নামেৰে প্ৰকাশ কৰে। কিতাপখনত উক্ত গ্ৰন্থৰ টীকা আৰু ব্যাখ্যা দিয়াৰ উপৰিও প্ৰাচীন ভাৰতৰ বৌদ্ধ আৰু জৈন যুগৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধৰ্মীয় দিশসমূহ উক্ত গ্ৰন্থৰ পোহৰত কৃষ্ণকান্তই বিশ্লেষণাত্মক দৃষ্টিভঙ্গীৰে যুক্তিসহকাৰে দাঙি ধৰিছে। তেওঁৰ উক্ত টীকাখন সূক্ষ্ম পৰ্যেবক্ষণ আৰু গভীৰ অধ্যয়নৰ পৰিচায়ক। 

ইয়াৰ পিছত তেওঁৰ তৃতীয়খন গ্ৰন্থ হ’ল পঞ্চম শতিকাৰ কবি প্ৰৱৰ সেনৰ মহাকাব্য ‘সেতুবন্ধ’ ৰ ইংৰাজী অনুবাদ আৰু টীকা। কৃষ্ণকান্তৰ জীৱনৰ শেষ ১৮ টা বছৰৰ অক্লান্ত সাধনাৰ ফল হৈছে উক্ত গ্ৰন্থখন। ‘সেতুবন্ধ’ৰ কাহিনীভাগ ৰামায়ণৰ। হনুমানে লংকাত সীতাৰ অনুসন্ধান কৰি উলটি অহাৰ পৰা ৰাৱণ বধলৈকে ৰামায়ণৰ এই কাহিনীছোৱা ‘সেতুবন্ধ’ত অনুপম কাব্য সৌন্দৰ্যৰ ৰহন সানি আকৰ্ষণীয় ৰূপত উক্ত মহাকাব্যখনত দাঙি ধৰা হৈছে। সন্দিকৈৰ ‘সেতুবন্ধ’ দুটা অংশত বিভক্তঃ অনুবাদ আৰু তুলনামূলক টীকা-ভাষ্য। উক্ত গ্ৰন্থখন ১৯৭৭ চনত প্ৰকাশ পায়। কৃষ্ণকান্ত সন্দিকৈ দেৱৰ উক্ত তিনিখন গ্ৰন্থ প্ৰকাশ পোৱাৰ লগে লগে বিশ্বৰ সংস্কৃত ভাষা-সাহিত্য প্ৰেমী আৰু পণ্ডিত সমাজত আনন্দৰ খলকনি উঠে। 

কৃষ্ণকান্তই প্ৰায় ১১ টা ভাষা জানিছিল যদিও তেওঁ লিখা-মেলা কৰিছিল ইংৰাজী আৰু অসমীয়া ভাষাতহে। অসমীয়াত তেওঁ কোনো গ্ৰন্থ প্ৰণয়ন কৰা নাছিল যদিও বিশ্ব সাহিত্যৰ কথা আৰু কাহিনীৰে কেইবাটাও প্ৰবন্ধ ৰচনা কৰিছিল যিবোৰ অসমীয়া ভাষাৰ বহুমূলীয়া সম্পদ। সেই প্রবন্ধবোৰ  হৈছে- ‘ৰুচ অভিনয়’, ‘ইউৰোপৰ ভাষা আৰু সাহিত্য’, ‘জাৰ্মান সাহিত্যৰ সপোণ   নাটক’, ‘গ্ৰীক নাটকৰ গান’, ‘স্পেনিজ সাহিত্যৰ ৰোমিও জুলিয়েট’, ‘সাহিত্য সমস্যা’ আদি। তেওঁৰ উক্ত প্রবন্ধবোৰে  বিশ্ব সাহিত্যৰ আভাস দাঙি ধৰে। প্ৰবন্ধসমূহে কৃষ্ণকান্তৰ উচ্চ বিশ্লেষণ শক্তি, সমালোচনাত্মক দৃষ্টিভঙ্গী আৰু তুলনামূলক অধ্যয়ন শক্তিৰ পৰিচায়ক। তেওঁৰ অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণটো সাহিত্যিক দিশত মহীয়ান। তেওঁৰ গদ্যৰ ভাষা সৰল, বাক্য চুটি চুটি, বাহুল্য বৰ্জিত আৰু বক্তব্য বিষয় পোনপটীয়া।

কৃষ্ণকান্ত সন্দিকৈ স্বভাৱত আছিল নিৰ্জু, নিৰ্জনতা প্ৰিয় আৰু স্বল্পভাষী। তেওঁ নৈসৰ্গিক জগতৰ প্ৰতি কিছু উদাসীন, কিন্তু বৌদ্ধিক আৰু জ্ঞানৰ অৰ্থাৎ মানসিক জগতৰ প্ৰতি সচেতন। তেওঁ অপ্ৰয়োজনত কাৰো স’তে এষাৰ কথাও পতা নাছিল। যেনে-তেনে যিকোনো সভা-সমিতিলৈয়ো যোৱা নাছিল। একান্ত জৰুৰী নহ’লে তেওঁ কোঠাৰ পৰা বাহিৰলৈ ওলোৱা নাছিল। এবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ  ৰাধাকৃষ্ণণ গুৱাহাটীলৈ অহাত তেওঁৰ সম্ভৰ্ধনা সভাত কৃষ্ণকান্তক মতা হৈছিল যদিও উত্তৰত  কৃষ্ণকান্তই কৈছিল (গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হৈ থকা সময়ত), “গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনে বান্ধি দিয়া নিয়ম অনুসৰিহে মই সভাপতি হ’ব পাৰো। ইয়াৰ অন্যথা মই কোনো সভাৰ সভাপতি নহওঁ।” উক্ত কথাফাঁকিয়ে প্ৰমাণ কৰে কৃষ্ণকান্ত সন্দিকৈ কেতিয়াও সন্মান আৰু যশস্যালোভী নাছিল। তথাপি সন্মান আৰু যশস্যাই তেওঁক এৰা নাছিল। তেওঁৰ জ্ঞান-সাধনাই জীৱনৰ ব্রত  বুলি কোনো চাকৰিতো সোমাব নুখুজিছিল। ৰাইজে জোৰ কৰি তেওঁক জে. বি. কলেজৰ প্ৰথম অধ্যক্ষ পাতিছিল। জোৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য পাতিছিল। তাৰোপৰি পুনাৰ ডেক্কান কলেজৰ অনাৰেৰী ফেলো, সৰ্বভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনত সভাপতি, মাদ্ৰাজত বহা সৰ্বভাৰতীয় উপাচাৰ্য্য সকলৰ প্ৰথম সন্মিলনৰ সভাপতি, পদ্মশ্ৰী, পদ্মভূষণ আদি সন্মান তেওঁৰ ওপৰত জোৰ কৰিয়েই জাঁপি দিয়া হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক প্ৰথমবাৰৰ বাবে অনাৰেৰী ডি. লিট. উপাধি প্ৰদান কৰে। তেওঁৰ অসমীয়া ৰচনাৱলীৰ বাবে মৰণোত্তৰভাবে  ভাৰতৰ সাহিত্য একাডেমি পুৰস্কাৰো দিয়া হয়।

এইজন মহান পণ্ডিত কৃষ্ণকান্তই বিশ্বৰ ১১ টা ভাষাৰ বিভিন্ন গ্ৰন্থ পঢ়িয়েই জীৱনৰ সৰহভাগ সময় কটায়। মৃত্যুৰ সময়ত প্ৰায় ৪৫ খন আলমাৰী ভর্তি  ১১ টা ভাষাৰ প্ৰায় ৪ লাখ টকাৰ বিশাল ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত দান কৰি থৈ যায়। এইজন মহান পণ্ডিতৰ মৃত্যু হয় ১৯৮২ চনৰ ৭ জুন তাৰিখে।

এক গুচ্ছ জীৱনী 

 

 সূৰ্যকুমাৰ  ভূঞা

সূৰ্যকুমাৰ ভূঞা আছিল একেধাৰে কবি, সাহিত্য সমালোচক আৰু ইতিহাসবিদ। কিন্তু কবি আৰু সাহিত্য সমালোচক হিচাপে  তেওঁ যিমানে খ্যাত তাতোকৈ বেছি খ্যাত এজন ইতিহাসবিদ হিচাপেহে। কাৰণ হেৰাই যাব ধৰা অসমৰ অতীত বুৰঞ্জীৰ সমল উদ্ধাৰ কৰি বৈজ্ঞানিক আৰু গৱেষণাত্মক দৃষ্টিভঙ্গীৰে তেঁৱেই আটাইতকৈ সৰহ সংখ্যক বুৰঞ্জী গ্ৰন্থ প্ৰণয়ন কৰিছিল। তেওঁ ইংৰাজী আৰু অসমীয়া দুয়ো ভাষাতেই সু-পণ্ডিত আছিল আৰু ইয়াৰোপৰি দুয়ো ভাষাতেই তেওঁ সাহিত্য সাধনা কৰিছিল। এইজন কবি, সমালোচক আৰু ইতিহাসবিদ সূৰ্যকুমাৰ ভূঞাৰ জন্ম হয় ১৮৯৪ চনত নগাওঁৰ এক মধ্যবিত্ত পৰিয়ালত। তেওঁ নগাওঁৰ পৰা এন্ট্রেঞ্চ পৰীক্ষা পাছ কৰি কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা বি. এ. পাছ কৰে। ছাত্ৰাৱস্থাৰ পৰাই সূৰ্য্যকুমাৰ অতি চোকা বুদ্ধিৰ আৰু প্ৰতিভাশালী আছিল। ১৯১৬ চনত তেওঁ ইংৰাজীত এম. এ. পাছ কৰে আৰু কেই বছৰমান পাছত সুখ্যাতিৰে উকালতি পাছ কৰে। 

ইংৰাজীত এম. এ. পাছ কৰি তেওঁ ১৯১৮ চনত কটন কলেজত অধ্যাপক পদত নিযুক্ত হয় আৰু তেতিয়াৰ পৰাই তেওঁ সাহিত্য সাধনাত লাগে আৰু একাণপতীয়াকৈ সাহিত্য ৰচনাত হাত দিয়ে। ‘ঊষা’, ‘বাঁহী’ আদি আলোচনীত নিয়মীয়াকৈ কবিতা প্ৰকাশ কৰে আৰু লগে লগে অসমৰ পুৰণি সভ্যতা, সংস্কৃতি আৰু বুৰঞ্জীৰ সমল গোটোৱা আৰু অধ্যয়নত মনোনিৱেশ কৰে। এওঁ বিদেশৰ গৌৰৱময় অতীত ইতিহাস উদ্ঘাটন কৰি বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰিবলৈ উঠি-পৰি লাগে আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু  পুৰাতত্ত্ব বিভাগ প্রতিষ্ঠা কৰাত আগভাগ লয়। ফলস্বৰূপে  ১৯২৮ চনত এই বিভাগ প্রতিষ্ঠা  হয় আৰু তেওঁৰ প্ৰতিনিধিত্বত পুৰণি বুৰঞ্জী পুথি সংগ্ৰহ আৰু সম্পাদনাৰ কাম আৰম্ভ হয়। তেওঁ নিজে¸ বহুতো পুৰণি বুৰঞ্জী পুথি সম্পাদনা আৰু অনুবাদ কৰি উলিয়ায়। ইমানতে ক্ষান্ত নহৈ অধিক অধ্যয়ন কৰিবলৈ আৰু উচ্চ শিক্ষা লাভ কৰিবলৈ ১৯৩৬ চনত তেওঁ ইংলণ্ডনলৈ  যাত্ৰা কৰে আৰু School of Oriental And African Studies অনুষ্ঠানত গৱেষণা কৰি ১৯৩৮ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. উপাধি লাভ কৰে। ১৯৪৬ চনত তেওঁ কটন কলেজৰ অধ্যক্ষ পদ লাভ কৰে। ১৯৪৮ চনৰ পৰা ১৯৪৯ চনলৈ তেওঁ শিক্ষা বিভাগৰ সঞ্চালকৰ পদ চলায়। ইয়াৰ পিছত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত লাগি থাকে। ১৯৫২ চনত গোৱালিয়ৰত বহা ভাৰতীয় ইতিহাস সন্মিলনৰ আধুনিক ইতিহাস শাখাৰ সভাপতিৰ আসন লাভ কৰে। ১৯৫৭ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য পদত নিযুক্ত হয় আৰু তিনি বছৰ এই পদ চলায়।

ইমানবোৰ দায়িত্বশীল পদত অধিষ্ঠিত থাকিও তেওঁ নিজৰ কৰ্তব্য নিয়াৰিকৈ সম্পাদন কৰাৰ উপৰিও বহুতো উল্লেখযোগ্য গ্ৰন্থ আৰু গৱেষণামূলক ইতিহাস গ্ৰন্থ প্ৰণয়ন কৰে আৰু প্ৰকাশ কৰে। তেওঁৰ লিখনিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি- অসমীয়া গ্ৰন্থ আৰু ইংৰাজীত প্ৰণয়ন কৰা গ্ৰন্থ। অসমীয়া গ্ৰন্থৰ ভিতৰত কবিতা, জীৱন চৰিত, চুটি গল্প আৰু বিবিধ বুৰঞ্জীমূলক পুথি। তেওঁ একমাত্ৰ কবিতা পুথিখনৰ নাম ‘নিৰ্মালি’। ‘নিৰ্মালি’ৰ কবিতাবোৰ তেওঁৰ কবিত্ব শক্তিৰ উজ্জ্বল চানেকী। কবি হিচাপে তেওঁ আছিল ৰহস্যবাদী আৰু দাৰ্শনিক ভাৱাপন্ন। তেওঁৰ শব্দ চয়ন, ভাৱৰ ঐক্য আৰু কল্পচিত্ৰৰ সুষমাই ‘নিৰ্মালি’ কবিতা পুথিখন অসমীয়া ভাষাত এখন উৎকৃষ্ট কবিতাপুথি হিচাপে জিলিকি থাকিব। তেওঁৰ জীৱন চৰিতমূলক গ্রন্থবোৰৰ ভিতৰত আছে- ‘গোপালকৃষ্ণ গোখলে’, ‘ৰবীন্দ্ৰনাথ ঠাকুৰ’, ‘আনন্দৰাম বৰুৱা’, ‘জোনাকী’, ‘চানেকী’ আৰু ‘অসম জীয়ৰী’। ‘পঞ্চমী’ শিৰোনামেৰে তেওঁ এখন চুটি গল্পৰ পুথিও প্ৰকাশ  কৰিছিল য’ত পাঁচটা চুটি গল্প সন্নিবিষ্ট হৈছিল। তাৰোপৰি তেওঁ সাহিত্য সমালোচনামূলক বহুতো প্ৰবন্ধ কেইবাটাও কাকত, আলোচনীত প্ৰকাশ কৰিছিল। ‘ত্ৰিপদী’ তেনে এখন সাহিত্য সমালোচনামূলক পুথি। তাৰোপৰি তেওঁ ‘বৰফুকনৰ গীত’ নামেৰে লোক মুখৰ পৰা পৰম্পৰাগত গীত কিছুমান সংগ্ৰহ কৰি টীকা-টিপ্পনীসহ প্ৰকাশ কৰে। অসমীয়াত ৰচনা কৰা বুৰঞ্জীমূলক গ্ৰন্থৰ ভিতৰত ‘কোঁৱৰ বিদ্ৰোহ’, ‘বুৰঞ্জীৰ বাণী’, ‘মীৰজুমলাৰ অসম আক্ৰমণ’ আদি উল্লেখযোগ্য।

গৱেষণাত্মক আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে প্ৰণয়ন কৰা ইতিহাস গ্রন্থবোৰ তেওঁ ইংৰাজী ভাষাত ৰচনা কৰিছিল। তেওঁৰ ইংৰাজী গ্ৰন্থসমূহৰ ভিতৰত Anglo-Assamese Relation (1950), Atan Buragohain and His Times (1956), An Assamese Nur-Jahan (1926), Lachit Barphukan and His Times (1947), Studies in the History of  Assam, Anglo-British Relation আদি উল্লেখযোগ্য। তেওঁৰ বুৰঞ্জী পুথিবোৰ স্পষ্ট পর্যবেক্ষণ, বিস্তৃত বিশ্লেষণ আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গীত ৰচিত। তেঁৱেই হৈছে অসমৰ একমাত্ৰ ইতিহাসবিদ যিজনে আটাইতকৈ সৰহ সংখ্যক ইতিহাস গ্ৰন্থ ৰচনা,  সংকলন আৰু সম্পাদনা কৰে । সেয়ে তেওঁক অসমৰ ‘ইতিহাস সম্ৰাট’ বুলি আখ্যা দিব পাৰি। তেওঁৰ অসমীয়া আৰু ইংৰাজী দুয়োবিধ গ্ৰন্থৰ ভাষা সহজ, সৰল, বৰ্ণনাত্মক কিন্তু ৰসাল। 

সূৰ্যকুমাৰ ভূঞা কেৱল লিখনিৰ ক্ষেত্ৰতেই যে অসমৰ ভিতৰত এজন মহান আদৰণীয় সাহিত্যিক আৰু ইতিহাসদি অকল সেয়াই  নহয়; তেওঁৰ ব্যক্তিত্বও আছিল প্ৰশংসনীয়, সকলোকে মুহিব পৰা আদৰ্শনীয় আৰু স্পষ্ট।

এইজন মহান সাহিত্যিক তথা ইতিহাসবিদ ড০ সূৰ্যকুমাৰ ভূঞাই ১৯৬৪ চনত স্বৰ্গগামী হয়।

এক গুচ্ছ জীৱনী

 

 পদ্মনাথ গোহাঞিবৰুৱা

বহু দুৰ্যোগ আৰু বিতৰ্কৰ মাজেদি ঊনবিংশ শতাব্দীৰ শেষৰ দহক পাঁচোটাত আধুনিক অসমীয়া ভাষাই জন্ম লাভ কৰে আৰু ১৮৮৯ চনত ‘জোনাকী’ আৰু ১৮৯০ চনত ‘বিজুলী’ নামৰ দুখন কাকতৰ আৱিৰ্ভাৱৰ লগে লগে আধুনিক অসমীয়া ভাষাৰ লগতে সাহিত্যৰো বিকাশ আৰু বিস্তাৰ আৰম্ভ হয়। অসমীয়া ভাষা সাহিত্যৰ বিস্তাৰৰ এই প্ৰাথমিক স্তৰত যিসকল লেখকে অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰি  সুদৃঢ়  কৰি থৈ গ’ল সেইসকল লেখকৰ এজন অন্যতম লেখকৰ নাম পদ্মনাথ গোহাঞিবৰুৱা। পদ্মনাথ গোহাঞিবৰুৱা এজন বহুমূখী প্ৰতিভাধাৰী সাহিত্যিক আছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে সাহিত্যৰ প্ৰায় সকলোবোৰ  শাখালৈ তেওঁ নিষ্ঠা সহকাৰে অৱদান আগবঢ়াই  গৈছে। তেওঁ আছিল একধাৰে কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, নাট্যকাৰ, ইতিহাসবিদ, ধৰ্মবিষয়ক পুথি লিখক, কাকতৰ সম্পাদক আৰু পাঠ্যপুথি প্ৰণেতা। 

এইজন মহান লেখক পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হয় ১৮৭১ চনত উত্তৰ লক্ষীমপুৰৰ নঁকাৰী নামৰ এখন গাঁৱত। পিতাকৰ নাম আছিল ঘিনাৰাম বৰুৱা। তেওঁৰ ল’ৰাকাল বৰ আনন্দ আৰু ধেমালীৰ মাজতেই পাৰ হৈছিল। পানীন্দ্ৰনাথ গগৈ, জীৱনচন্দ্ৰ শৰ্মা আৰু লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ লগৰীয়া আছিল। তেওঁ প্ৰাথমিক শিক্ষা শিৱসাগৰত গ্ৰহণ কৰি মৌজাদাৰ হ’বলৈ পিছত ‘চাৰ্ভে’ পঢ়িবলৈ যায় যদিও ইতিমধ্যে মৌজাদাৰ হোৱাৰ আশা নেদেখি পুনৰ স্কুলীয়া শিক্ষাত সোমায়। ১৮৯০ চনত কহিমা হাইস্কুলৰ পৰা এন্ট্রেঞ্চ পৰীক্ষা পাছ কৰি উচ্চ শিক্ষাৰ উদ্দেশ্যে কলিকতালৈ যায়। তাত এফ. এ. পাচ কৰি বি. এ. পঢ়িবলৈ  লয় যদিও তেওঁ ডিগ্ৰী ল’ব নোৱাৰিলে।

কলিকতাত থাকোতে পদ্মনাথে এক সাহিত্যিক পৰিৱেশৰ মাজত সোমাই পৰে। ১৮৮৮ চনত কলিকতাত থকা অসমীয়া ছাত্ৰসকলে “অসমীয়া ভাষা উন্নতি সাধিনী সভা” নামেৰে এটি নতুন সভা গঠন কৰি অসমীয়া ভাষা সাহিত্য সাধনাত ব্রতী  হয়। পদ্মনাথ গোহাঞিবৰুৱাই কলেজত ভর্তি হোৱাৰ লগে লগে উক্ত সভাখনৰ সৈতে জড়িত  হৈ পৰে আৰু ১৮৮৯ চনত জন্ম লাভ কৰা ‘জোনাকী’ আলোচনীত নিয়মিত লিখিবলৈ লয়। তেতিয়াৰ পৰাই সাহিত্যৰ প্ৰতি থকা তেওঁৰ অনুৰাগ ক্ৰমে ক্ৰমে বাঢ়িবলৈ  ধৰে।

সাহিত্য সাধনাত লাগি থকা বাবেই পদ্মনাথে বি. এ. পাচ কৰিব নোৱাৰি কেইবছৰমান পাছত অসমলৈ উভতি আহি কহিমা হাইস্কুলৰ শিক্ষকৰ পদত সোমায়। তাত কেইবছৰমান থকাৰ পিছত তেজপুৰৰ নৰ্মাল স্কুললৈ বদলি হয়। কিছুদিন তেওঁ তেজপুৰত অস্থায়ী তহচিলদাৰ হিচাপে কাৰ্য নিৰ্বাহ কৰে। ভাটি বয়সত তেওঁ তেজপুৰ কাছাৰীত প্ৰথম শ্ৰেণীৰ অনাৰেৰী মেজিষ্ট্ৰিটৰ পদ পায়। ইয়াৰ উপৰিও তেওঁ বহুতো সংন্থা, আলোচনা, সংগঠন আদিৰ সভাপতি হয়। “অসম সাহিত্য সভা”, “অসম ছাত্ৰ সন্মিলনী”, “মণ্ডল কানুনণ্ড সন্মিলনী”, “আসাম এছোচিয়েছন”, “অসম সংৰক্ষিনী সভা” আদি অধিৱেশনত তেওঁ সভাপতি হৈছিল আৰু সুকলমে সকলো দায়িত্ব পালন কৰি  দায়িত্বপৰায়ণ ব্যক্তি হিচাপে  আদৰ্শ ৰাখি গৈছে।

পদ্মনাথ বিভিন্ন ৰাজহুৱা কাম-কাজত জড়িত থাকি যিখিনি সমাজ তথা ৰাষ্ট্ৰসেৱাৰ আদৰ্শ ৰাখি গৈছে তাতকৈ বেছি কৰি আদৰ্শ ৰাখি যায় অসমীয়া ভাষা তথা সাহিত্যৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্রত । তেওঁ ‘জোনাকীত’ লেখা-মেলা কৰি সাহিত্যিক জীৱনৰ পাতনি মেলে যদিও সামান্য কাৰণত ‘অ. ভা. উ. সা. সভা’ৰ সভ্যসকলৰ মাজত মতানৈক্য হোৱাত পদ্মনাথ গোহাঞিবৰুৱাই, বেণুধৰ ৰাজখোৱা, কৃষ্ণপ্ৰসাদ, নীলকণ্ঠ বৰুৱা আদি ব্যক্তিসকলৰ লগলাগি ‘বিজুলী’ নামে এটি মাহেকীয়া আলোচনী উলিয়ায় ১৮৯০ চনত। ‘জোনাকী’ত আত্মপ্ৰকাশ কৰা পদ্মনাথৰ সাহিত্যিক প্ৰতিভা ‘বিজুলী’ত জিলিকিবলৈ ধৰে। এইখন কাকততে তেওঁৰ প্ৰথমখন উপন্যাস ‘ভানুমতী’ প্ৰকাশ পায়। ‘ভানুমতী’খন প্ৰকৃততে উপন্যাস নহয়; উপন্যাসধৰ্মী আখ্যানহে। ইয়াত উপন্যাসৰ আটাইেবাৰ কলাসন্মত বৈশিষ্ট্য সু-সঙ্গত ৰূপত নাই, তথাপি ইয়াক অসমীয়া উপন্যাস সাহিত্যৰ পূৰ্বসুৰী বুলি ক’ব পাৰি। উপন্যাসখন প্ৰকাশ পায় ১৮৯০-৯১ চনত। ‘ভানুমতী’ উপন্যাস প্ৰকাশ পোৱাৰ পিছতেই তেওঁৰ দ্বিতীয়খন উপন্যাসধৰ্মী আখ্যান ‘লাহৰী’ প্ৰকাশ পায়। ১৮৯৯ চনত ‘লীলা’ কাব্য ৰচনা কৰি প্ৰকাশ কৰে। ‘লীলা’ কাব্যখন শোকাত্মক। কহিমা স্কুলত শিক্ষকতা কৰি থকা সময়ত পদ্মনাথৰ পত্নী লীলাৱতীৰ মৃত্যু হোৱাত কবি পদ্মনাথ শোকাকুল হৈ পৰে আৰু তাৰ প্ৰতিধবনি হিচাপে ‘লীলা’ কাব্যখন লিখি উলিয়ায়। কাব্যখন অমিত্ৰাক্ষৰ ছন্দত ৰচিত। সংসাৰৰ অনিত্যতা আৰু পাৰলৌকিক জীৱনৰ ওপৰত কবিৰ দাৰ্শনিক আস্থা কবিতাটোত প্ৰকাশ পাইছে। কাব্যিক কল্পনা, ভাৱৰ ঐক্য আৰু বিষয-বস্তুৰ শোকাত্মক বৰ্ণনাই কবিতাটোক অনুপম কৰি জীয়াই ৰাখিছে। ‘লীলা’ কাব্য প্ৰকাশ হোৱাৰ এবছৰ পিছত ‘জুৰণি’ নামৰ গীতি কবিতাৰ পুথি প্ৰকাশ কৰে। এই কবিতা পুথিখনেই তেওঁৰ একমাত্ৰ গীতি কবিতাৰ সংকলন য’ত তেওঁৰ কবিত্ব প্ৰতিভাৰ সূত্ৰপাত হৈ বিকাশ লাভ কৰি কবি হিচাপে  তেওঁৰ নাম জীয়াই ৰাখিছে। 

গোহাঞিবৰুৱা নাট ৰচনাতো সিদ্ধহস্ত আছিল। তেওঁ প্ৰধানকৈ ঐতিহাসিক নাট ৰচনা কৰি অতীত অসমৰ গৌৰৱ আৰু মহাত্ম্য প্ৰকাশ কৰি জনসমাজৰ চকুৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছিল। জয়মতী (১৯০০), গদাধৰ (১৯০৭), সাধনী (১৯১১), লাচিত বৰফুকন (১৯১৫) এই কেইখন তেওঁৰ ঐতিহাসিক নাটক। গাওঁবুঢ়া  (১৮৯৭), টেটোন তামুলী (১৯০৯), আৰু ভূত নে ভ্ৰম (১৯২৪) আদি তেওঁৰ প্ৰহসনমূলক নাটক। ‘বাণৰজা’ (১৯৩২) তেওঁৰ একমাত্ৰ পৌৰাণিক নাটক। নাটক কেইখনৰ ৰচনা ৰীতি আৰু প্ৰকাশভঙ্গীৰ ক্ষেত্ৰত সৰ্বাধুনিক নহ’লেও আধুনিকতাৰ ছাপ স্পষ্ট। ‘টেটোন তামুলী’ নাটখন অসমত চলি থকা প্ৰাচীন সাধুকথাৰ আধাৰত ৰচিত। এইখন তেওঁ খুহুতীয়া নাটকৰ শ্ৰেষ্ট নিদৰ্শন।

পদ্মনাথ গোহাঞিবৰুৱা প্ৰত্নতত্ত্ব অধ্যয়নৰ প্ৰতিও আগ্ৰহী আছিল, সেয়ে তেওঁ ছাত্ৰাৱস্থাৰ পৰাই চৰকাৰৰ ঘৰৰ পৰা বুৰঞ্জীৰ সমল সংগ্ৰহ কৰাৰ উদ্গনি পাইছিল আৰু অৱশেষত তথ্য-পাতি অধ্যয়ন কৰি ‘অসমৰ বুৰঞ্জী’ নামৰ ইতিহাস এখন লিখি উলিয়ায় ১৮৯৯ চনত। বুৰঞ্জীখনে পুৰণি অসমৰ প্ৰণালীবদ্ধ ঘটনাপঞ্জীৰ আভাষ দিয়ে। বুৰঞ্জীখন চমু যদিও ইয়াৰ পৰা থাউকতে অসমৰ ইতিহাস সম্পৰ্কে বহু  কথা জানিব পাৰি।

গোহাঞিবৰুৱাই ভাটী বয়সত ‘শ্ৰীকৃষ্ণ’ আৰু ‘গীতাসাৰ’ নামৰ দুখন ধৰ্মালোচনামূলক গদ্য পুথি লিখি উলিয়ায়। এই দুখন পুথিয়ে তেওঁৰ আলোচনাত্মক দৃষ্টিভঙ্গীৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। তেওঁৰ গদ্য সৰল, নিমজ আৰু আদৰ্শনীয়।

তেওঁ সেই সময়ৰ স্কুলৰ উপযোগী কেইখনমান পাঠ্যপুথিও ৰচনা কৰিছিল। তাৰ ভিতৰত ‘নীতি শিক্ষা’ আৰু ‘সাহিত্য সংগ্ৰহ’ উল্লেখযোগ্য। ইয়াৰোপৰি কেবাখনো পুথি তেওঁ সম্পাদনা কৰি উলিয়াইছিল। তাৰে ভিতৰত ‘জীৱনী সংগ্ৰহ’ পুথিখন উল্লেখযোগ্য। এই ‘জীৱনী সংগ্ৰহ’ নামৰ সংকলনটিত সেই সময়ত কেইজনমান লোকৰ চমু জীৱনী সন্নিবিষ্ট কৰা হৈছে।  এইখনেই আধুনিক অসমীয়া ভাষাত প্ৰথম ডাঙৰ  জীৱনীমূলক সংগ্ৰহৰ গ্ৰন্থ।

ইমানবোৰ  সাহিত্য সৃষ্টিৰ ওপৰিও পদ্মনাথ গোহাঞিবৰুৱা এজন সুদক্ষ আলোচনী সম্পাদকো আছিল। তেওঁ কেবাখনো আলোচনী সম্পাদনা কৰিছিল আৰু তাৰে ভিতৰত ‘বিজুলী’, ‘আসাম বন্তী’, ‘বাঁহী’, ‘ঊষা’ আদি উল্লেখযোগ্য। তেওঁৰ সম্পাদনা আছিল নিখুঁত  আৰু কলা সন্মত। 

গোহাঞিবৰুৱা এজন ওখ-পাখ শক্তিশালী পুৰুষ আছিল। আচাৰ-ব্যৱহাৰত অমায়িক, কৰ্তব্যত নিষ্ঠাৱান, মিত্ৰৰ সন্মুখত সেওমনা বিধৰ আৰু শত্ৰুৰ আগত কঠোৰ আছিল গোহাঞিবৰুৱা। কথা-বতৰাত ডা-ডাঙৰীয়া আৰ্হিৰ, পিন্ধনত আছিল পৰিপাটি আৰু প্ৰকৃতিত আছিল গহীন-গম্ভীৰ। 

এইজন মহান ভাষা-সাহিত্যসেৱক পদ্মনাথ গোহাঞিবৰুৱাই ১৯৪৬ চনত স্বৰ্গগামী হয়। অসমীয়া ভাষা-সাহিত্যৰ সেৱক হিচাপে অসমীয়া জাতিয়ে এইজন মহান লেখকক চিৰদিন মনত ৰখা উচিত।

এক গুচ্ছ জীৱনী

 

 ৰজনীকান্ত বৰদলৈ

অসমৰ এজন প্ৰখ্যাত ঔপন্যাসিকৰ নাম ৰজনীকান্ত বৰদলৈ। তেওঁ ইংৰাজী আৰু বঙালী উপন্যাসৰ প্ৰভাৱত অসমীয়াত উপন্যাস ৰচনা কৰিবলৈ লয় আৰু পোন প্ৰথম তেঁৱেই অসমীয়া ভাষাত উপন্যাস সাহিত্যক এক শক্তিশালী আৰু স্বতন্ত্ৰ সাহিত্যিক শাখা হিচাপে  প্রতিষ্ঠা  কৰে। তেওঁক “অসমীয়া উপন্যাস সম্ৰাট” বুলিও কোৱা হয়।

এইজন উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ জন্ম হয় ১৮৬৭ চনত গুৱাহাটীত। তেওঁৰ পিতৃৰ নাম নৰকান্ত বৰদলৈ। সিহঁতৰ পূৰ্বপুৰুষ আহোম ৰাজত্বৰ যুগত কনৌজৰ পৰা অসমলৈ আহিছিল। ৰজনীকান্তৰ বয়স ন বছৰ নহওঁতেই তেওঁৰ দেউতাকৰ মৃত্যু হোৱাত পৰিয়ালটো আৰ্থিক সংকটৰ সন্মুখীন হয় যদিও মোমায়েক দুৰ্লভ চাংকাকতিয়ে বৰদলৈ পৰিয়ালটো পৰিচালনাৰ দায়িত্ব বহন কৰে আৰু কোনোমতে পৰিয়ালটো থান-থিত লাগে। ৰজনীকান্তই প্ৰায় পাাঁচ বছৰ বয়সত স্কুলত ভর্তি হয়। প্ৰাথমিক স্তৰৰ পৰাই ৰজনীকান্তই চোকা বুদ্ধিৰ পৰিচয় দিছিল। নিজ অধ্যাৱসায় আৰু প্ৰতিভাৰ বলত দৰিদ্ৰতাকো নেওঁচি ১৮৮৫ চনত গুৱাহাটীৰ চৰকাৰী হাইস্কুলৰ পৰা দ্বিতীয় বিভাগত এন্ট্রেঞ্চ পৰীক্ষা পাচ কৰি কুৰি টকীয়া ‘ইলিয়ট’ বৃত্তি লাভ কৰে আৰু উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈ বিদ্যাসাগৰ কলেজত ভর্তি হয়। সেই কলেজৰ পৰা তেওঁ প্ৰথম বিভাগত এফ. এ. পাচ কৰে। তাৰ পিছত ‘চিটি কলেজ’ত নাম লগাই  সেই কলেজৰ পৰা বি. এ. পাচ কৰে। কিন্তু বৰদলৈ আছিল জ্ঞানপিপাসু। সেয়ে আৰ্থিক অনাটন থকা সত্ত্বেও মেডিকেল কলেজতো নাম লগায়। কিন্তু মেডিকেল পঢ়া  সমাপ্ত নকৰি আইন পঢ়িবলৈ  লয়। আইন কলেজত পঢ়ি থকা অৱস্থাতে তেওঁৰ ভায়েক ৰোহিনীকান্তৰ মৃত্যু হয়। তেতিয়া পঢ়া-শুনা এৰি দি ঘৰলৈ ঘূৰি আহে আৰু পৰিয়ালৰ আৰ্থিক অনাটনৰ প্ৰকোপ কমাবলৈ কেৰানীৰ চাকৰিত সোমায়। কিন্তু অলপ দিনৰ ভিতৰতেই কাননগু পদলৈ আৰু শেষত ছাব-ডেপুটি পদলৈ উন্নীত হৈ লক্ষীমপুৰলৈ বদলি হয় আৰু তেতিয়াৰ পৰাই তেওঁ একাণপতীয়াকৈ সাহিত্য সাধনাত ব্রতী হয়। সেই সময়ত গুৱাহাটীত কলিয়া বৰদলৈ ঘৰৰ ছোৱালী স্বৰ্ণময়ী দেৱীক বিয়া কৰায়। তাৰ পিছত ১৯০১ চনত ই. এ. চি. হৈ গোলাঘাট, মংলদৈ, শিলচৰ, বৰেপটা আৰু শেষত  ডিব্ৰুগড়লৈ বদলি হৈ তাতে নিজাববীয়াকৈ ঘৰ-বাৰী সাজি স্থায়ীভাৱে থাকিবলৈ লয়। তেওঁৰ দাম্পত্য জীৱনৰ স্বাক্ষী হিচাপে  পাঁচটি পত্ৰ সন্তান আৰু পাঁচটি কন্যা সন্তানৰ জন্ম হয়।

বৰদলৈদেৱে চাকৰি জীৱনৰ সঞ্চিত ধনেৰে এখন চাহ বাগিছা ক্ৰয় কৰে। কিন্তু তেতিয়াৰ দিনত চাহ বাগিছা চলোৱাৰ বিশেষ সুবিধা নথকাত এজন বিহাৰী ব্যৱসায়ীৰ পৰা টকা ধাৰে লৈ বাগিছাখন চলাবলৈ লয়। শেষত সেই ব্যৱসায়ীয়ে চক্ৰান্ত কৰি চাহ বাগিছাখন বৰদলৈদেৱৰ হাতৰ পৰা নিজৰ হাতলৈ লয়। বৰদলৈদেৱে পুনৰ আৰ্থিক সংকটত পৰি পুনৰ জন্মস্থান গুৱাহাটীলৈ ঘূৰি আহে আৰু মৃত্যুৰ সময়লৈকে গুৱাহাটীতে থাকে।

চাকৰি কৰা দিনৰ পৰাই ৰজনীকান্ত বৰদলৈয়ে সাহিত্য সাধনাত লাগে আৰু অসমৰ বিভিন্ন ঠাই ঘূৰি-ফুৰি অসমীয়া অতীত সভ্যতা আৰু সংস্কৃতিৰ বুজ লৈ অসমৰ স্বকীয় বৈশিষ্ট্যৰে সাহিত্য ৰচনা, বিশেষকৈ উপন্যাস ৰচনাত মনোনিৱেশ কৰে। বৰদলৈদেৱে কলিকতাত পঢ়ি থকা অৱস্থাতে ইংৰাজী আৰু বঙালী  সাহিত্যৰ সংস্পৰ্শলৈ আহে। বিশেষকৈ ইংৰাজ ঔপন্যাসিক চাৰ ওয়াল্টাৰ স্কট আৰু বঙালী উপন্যাসিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাসৰাজিয়ে তেওঁক মোহিত কৰে আৰু সিহঁতৰ দৰে ঐতিহাসিক উপন্যাস সাহিত্য ৰচনা কৰিবলৈ সংকল্প লয়। চাকৰি সংক্ৰান্তত বৰদলৈদেৱে প্ৰখ্যাত অসম বুৰঞ্জীৰ গৱেষক তথা লিখক চাৰ এডৱাৰ্ড গেইট চাহাবৰ সান্নিধ্য লাভ কৰে — যিজনে বৰদলৈদেৱক একান্তভাৱে অসম বুৰঞ্জী আৰু বিভিন্ন জাতি-জনজাতিৰ সমাজ আৰু সংস্কৃতি অধ্যয়নৰ প্ৰতি মনোনিৱেশ কৰিবলৈ অনুপ্ৰেৰণা যোগায়। এই প্ৰেৰণাৰ ফল স্বৰুপে  বৰদলৈদেৱে মিৰি জনজাতিৰ জীৱন আৰু সংস্কৃতি অধ্যয়ন কৰি সিহঁতৰ সমাজত চলি থকা এক কাহিনীৰ আধাৰত তেওঁৰ প্ৰথমখন উপন্যাস ‘মিৰি জীয়ৰী’ ৰচনা কৰে। ১৮৯৫ চনত ‘মিৰি জীয়ৰী’ ছপা হৈ ওলায়। উপন্যাসখন ছপা হৈ ওলোৱাৰ লগে লগেই পাঠক সমাজৰ বিস্তৰ সমাদৰ লাভ কৰে। কেইবাখনো ভাৰতীয় ভাষাতো ইয়াৰ অনুবাদ হয়। ‘মিৰি জীয়ৰী’ এখন সামাজিক উপন্যাস। ইয়াত মিৰিসকলৰ সাধাৰণ জীৱন-যাপন পদ্ধতি, সিহঁতৰ বিশ্বাস, সিহঁতৰ ধৰ্ম, প্ৰেম আদি দিশবোৰ স্পষ্টভাৱে ফুটি উঠিছে। ‘মিৰি জীয়ৰী’ৰ বিশাল সমাদৰে ৰজনীকান্তক প্ৰেৰণা যোগায় আৰু তেতিয়াৰ পৰাই একেলেথাৰীয়ে উপন্যাস ৰচনা কৰিবলৈ লয়। তেওঁ মুঠতে আঠখন উপন্যাস ৰচনা কৰে। ‘মিৰি জীয়ৰী’ খনেই তেওঁৰ একমাত্ৰ সামাজিক উপন্যাস। বাকীবোৰ অৰ্থাৎ মনোমতী (১৯০০), ৰঙালী (১৯১৫), নিৰ্মল ভকত (১৯২৬), তাম্ৰেশ্বৰী মন্দিৰ (১৯২৩), ৰাধা-ৰুক্মিনীৰ ৰণ (১৯২৫), ৰহদৈ লিগিৰী (১৯১০)  আৰু দন্দুৱাদ্ৰোহ (১৯২৯) -এই সকলোবোৰ  উপন্যাসেই ঐতিহাসিক উপন্যাস।

তেওঁৰ ঐতিহাসিক উপন্যাসবোৰ আহোম ৰাজত্বৰ শেষৰ পিনৰ অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধৰ্মীয় দিশৰ সফল প্ৰতিচ্ছবি যদিও তেওঁৰ উপন্যাসসমূহ ইতিহাসৰ হুবহু নকল নহয়। ইতিহাসৰ পৰা কাহিনী বুটলি সেই কাহিনীক আশ্ৰয় কৰি হেৰাই যাব ধৰা অসমৰ সংস্কৃতিক উপন্যাসৰ জৰিয়তে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। 

ৰজনীকান্ত বৰদলৈদেৱে উপন্যাস ৰচনাত হাত দিয়াৰ আগতেই অসমীয়া ভাষাত উপন্যাসৰ ওচৰা-ওচৰি পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতি’ (১৮৯১) আৰু ‘লাহৰী’ (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ‘পদুম কোঁৱৰী’ (১৮৯০) প্ৰকাশ হৈছিল যদিও সেইবোৰ আখ্যান প্ৰধানহে। উপন্যাসৰ প্ৰধান বৈশিষ্ট্য যেনে সু-সংহত কাহিনী (Plot), বাস্তৱ চৰিত্ৰ (Characters), বিশ্বাসযোগ্য পৰিৱেশ সৃষ্টি (Environment), পৰিমিতি সংলাপ (Dialogue) আৰু জীৱন দৰ্শন (Philosophy of life) আদি উক্ত উপন্যাসসমূহত সংহত ৰূপত নাই। কিন্তু ৰজনীকান্ত বৰদলৈদেৱৰ উপন্যাসসমূহত স্বতন্ত্ৰ কলা হিচাপে উপৰিউক্ত সকলোবোৰ বৈশিষ্ট্য বিদ্যমান। অৱশ্যে তেওঁৰ উপন্যাসসমূহত মানসিক বিশ্লেষণ অৰ্থাৎ অন্তঃদ্বন্ধৰ অভাৱ পৰিলক্ষিত হয় যদিও এই অভাৱে উপন্যাসৰাজিৰ  সৌন্দৰ্য্য হ্রাস কৰিব পৰা নাই।

তেওঁৰ সকলোবোৰ উপন্যাসেই নায়িকা প্ৰধান। প্ৰেম প্ৰথমে দৈহিক অৱস্থাৰ পৰা আত্মিক স্তৰলৈ গতি কৰিছে। নায়ক আনকি নায়িকাসকল সৰল আৰু আদৰ্শাত্মক।

ৰজনীকান্ত বৰদলৈদেৱৰ ভাষা সৰল কিন্তু গম্ভীৰ আৰু দৃঢ় । তেওঁৰ উপন্যাসত কথোপকথন আছে যদিও সেয়া পৰিমিতি আৰু মাৰ্জিত।

ৰজনীকান্ত বৰদলৈৰ উপন্যাসবোৰ সঁচা-অসমীয়া সাংস্কৃতিক গোন্ধৰে সুগন্ধিত। ইয়াত কোনো কৃত্ৰিমতা নাই। পৰিৱেশ সৃষ্টিতো ৰজনীকান্তই পাৰদৰ্শিতা দেখুৱাব পাৰিছে। তেওঁৰ পৰিৱেশ সৃষ্টি ঘটনা আৰু সময়ৰ খোজৰ লগত নিকপকপীয়াকৈ মিলি গৈছে।

উপন্যাস ৰচনাৰ ওপৰিও ৰজনীকান্তই বহুতো প্ৰৱন্ধও ৰচনা কৰিছিল। সেইবোৰৰ  ভিতৰত ‘নগৰ সংকীৰ্তন’, ‘পুৰী ভ্ৰমণ’, ‘দেৱ দামোদৰ আৰু হিন্দু ধৰ্ম’, ‘অসমত উপন্যাসৰ সঁজুলি’, ‘মোৰ সাহিত্যিক জীৱন’ আদি উল্লেখযোগ্য। এইবোৰ তেতিয়াৰ বিভিন্ন আলোচনীত প্ৰকাশ পাইছিল।

ৰজনীকান্তই উপন্যাসৰ বাহিৰেও অন্যান্য প্ৰবন্ধ ৰচনা কৰিছিল যদিও ঔপন্যাসিক হিচাপেহে  অসমীয়া পাঠক সমাজে তেওঁক মনত ৰাখিছে। তেওঁৰ পিছতো বহুত অসমীয়া লিখকে উপন্যাস ৰচনা কৰিছে যদিও অসমীয়া উপন্যাস সাহিত্যৰ প্ৰকৃত ভেঁটি স্থাপন কৰি সেই ভেটিত তেঁৱেই মন্দিৰো গঢ়ি  গ’ল, সেয়ে তেওঁক ‘অসমৰ উপন্যাস সম্ৰাট’ বুলি কোৱাৰ থল আছে।

আচাৰ ব্যৱহাৰ আৰু ব্যক্তিত্বৰ দিশত ৰজনীকান্ত বৰদলৈ এজন আদৰ্শ ব্যক্তি  আছিল। জীৱনৰ শেষৰ বছৰ কেইটাত তেওঁ বহুমূত্ৰ ৰোগত ভূগিছিল আৰু সেই ৰোগতেই ৭০ বছৰ বয়সত ১৯৩৯ চনত মৃত্যু হয়।

এক গুচ্ছ জীৱনী

 

সত্যনাথ বৰা

সত্যনাথ বৰা আছিল এজন অসমীয়া ব্যাকৰণবিদ আৰু চিন্তাশীল প্ৰৱন্ধাকৰ। তেওঁৰ প্ৰবন্ধৰ বিষয়বস্তু আছিল বাস্তৱ জীৱনধৰ্মী আৰু জ্ঞানগৰ্ভী—যিবোৰ জীৱনৰ প্ৰতি খোজতে জাতি, বৰ্ণ নির্বিশেষেকে সকলোৰে বাবে প্ৰযোজ্য আৰু সাৰ্বজনীন। তাৰোপৰি সত্যনাথ বৰা হৈছে এনেকুৱা এজন অসমীয়া লিখক যিজনে পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত সহজ-সৰল আদৰ্শ গদ্যৰ অবতাৰণা কৰে, যি গদ্য শৈলী তেওঁৰ পিছৰ বহুতো লিখকৰ আৰ্হি স্বৰূপ হয়।

এইজন চিন্তাশীল প্ৰবন্ধকাৰ আৰু আদৰ্শ গদ্য শৈলীৰ জন্মদাতা সত্যনাথ বৰাৰ জন্ম হয় ১৮৬০ চনত গুৱাহাটীৰ ভৰলুমুখত। তেখেতৰ পিতৃৰ নাম দয়ানাথ বৰা। তেওঁৰ শৈশৱ আৰু কৈশোৰ দুখ আৰু দৰিদ্ৰতাৰে ভৰা। তেওঁ সাত বছৰত ভৰি দিওঁতেই মাক আৰু ন বছৰ বয়সতে পিতৃক হেৰুৱায়। সৰুতে অনাথ হোৱাত সত্যনাথ বৰা আৰু তেওঁৰ চাৰিবছৰীয়া ভনীয়েকে বুঢ়ীমাক  সূৰ্য্যা বৰবৰাণীৰ আশ্ৰয় লয়। বুঢ়ীমাক  সূৰ্য্যা বৰবৰাণীয়ে ঘাট-মাউৰা এই ল’ৰা-ছোৱালীহালক তুলি লয় আৰু অভিভাৱিকা হিচাপে  ডাঙৰ-দীঘল কৰাৰ দায়িত্ব মূৰ পাতি লয়। সত্যনাথৰ পাঁচবছৰ বয়সতে, পিতৃ জীয়াই থাকোতেই, স্কুলত নাম লগাই দিয়া হয় যদিও তেওঁ নিজৰ মাতৃভাষা অসমীয়াতে পঢ়াৰ সুযোগ নাপাই বাঙলা  মাধ্যমতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰে, কিয়নো সেই সময়ত বৃটিছৰ অধীনত চাকৰি কৰি থকা কিছুমান বঙালী কেৰানী-মহৰীৰ প্ৰৰোচনাত অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী  ভাষাৰ প্ৰচলন হয়। 

পিতৃ বিয়োগৰ পিছত বুঢ়ীমাকৰ যত্নত সত্যনাথে কথমপি প্ৰাথমিক স্তৰ পাৰ হৈ ইংৰাজী হাই স্কুলত ভর্তি হয়। সেই সময়ত সিহঁতৰ আৰ্থিক অৱস্থা ইমানেই নিঃস্ব আছিল যে কোনো কোনো দিন সত্যনাথে কল খাই স্কুলত যাব লগা হৈছিল। কিন্তু সত্যনাথক তাতেও দুৰ্ভাগ্যই এৰা নাছিল, হাইস্কুলত দুবছৰমান পঢ়ি থকা সময়তেই  একমাত্ৰ অভিভাৱক বুঢ়ীমাকৰো লোকান্তৰ ঘটে। এইবাৰ সত্যনাথে নিঠৰুৱা হৈ স্কুল এৰি দি একমাত্ৰ ভনীয়েকজনীক লৈ বুঢ়ীমাকৰ ভেটিত দিনে কোনোৰকমে এসাজ খাই দিন নিয়াবলৈ ধৰে। কিন্তু সত্যনাথে সৰুৰে পৰা চোকা বুদ্ধিৰ পৰিচয় দিছিল বাবে শিক্ষকসকলে সত্যনাথক পুনৰ স্কুলত ভর্তি কৰাবৰ বাবে উপায় চিন্তি তেওঁৰ সম্বন্ধীয় দদায়েক সোনাৰামক সত্যনাথৰ ভৰণ-পোষণৰ ভাৰ দিয়ে আৰু স্কুলৰ শিক্ষকসকলে সত্যনাথক পুনৰ স্কুলত ভৰ্তি কৰি লয়। সত্যনাথ বৰাৰ সম্বন্ধীয় দদায়েক সোনাৰাম বৰাৰ আৰ্থিক অৱস্থা ভাল আছিল বাবে সত্যনাথে পুনৰ পঢ়া-শুনা চলাই যাবলৈ দৃঢ়  প্ৰতিজ্ঞ হয়। ১৮৮১ চনত সত্যনাথে দ্বিতীয় বিভাগত এন্ট্ৰেচ  পৰীক্ষা পাছ কৰি কলেজীয়া শিক্ষা লাভ কৰিবৰ মানসেৰে কলিকতা অভিমূখে ৰাওনা হয়। কলিকতা অভিমুখে  যোৱা বাটত জাহাজত সত্যনাথে আন এজন অসমীয়া ডেকা গোপীনাথ বৰদলৈক লগ পায়। দুয়ো কলিকতালৈ গৈ তেতিয়া নতুনকৈ স্থাপন কৰা ‘চিটি কলেজ’ত নাম লগায়। সেই কলেজত দুয়ো এফ. এ. পৰীক্ষাত উত্তীর্ণ হয় কিন্তু  সেই কলেজত বি. এ. নথকা কাৰণে দুয়ো আন এখন কলেজত ভর্তি  হয় যদিও দুয়োজনেই বি. এ. পৰীক্ষাত উত্তীর্ণ  হ’ব নোৱাৰিলে।

তেতিয়া সত্যনাথে লিখা-পঢ়া  সিমানতে স্থগিত ৰাখি এৰিদপুৰত এখন হাইস্কুলত শিক্ষকতা বৃত্তি আৰম্ভ কৰে। শিক্ষকতা কৰি পোৱা  ধনৰ কিছু অংশ ৰাহি কৰি সত্যনাথে পিছৰ বছৰত বি. এ. পৰীক্ষাত অৱতীৰ্ণ হয় আৰু কৃতকাৰ্যও হয়। তেতিয়া তেওঁ আকৌ আইন পঢ়িবলৈ মন মেলাত যাৱতীয় ধনেৰে পঢ়া-শুনা কৰি বি. এল. পাছ কৰে। 

কলিকতাত পঢ়ি থকা অৱস্থাত সত্যনাথে সাহিত্য চৰ্চাৰ প্ৰতি মনোযোগী হয়। সেয়ে তেওঁ বিভিন্ন সভা-সমিতিত নিজৰ ৰচনা পাঠ কৰি আৰু বক্তৃতা দি সাহিত্য সাধনাৰ বাট মুকলি কৰে।

বি. এল. পাছ কৰি সত্যনাথে অসমলৈ উভতি আহে আৰু গুৱাহাটীত ওকালতি আৰম্ভ কৰে। গুৱাহাটীত তেওঁ সফলতাৰে উকালতি ব্যৱসায় আৰম্ভ কৰি আৰ্থিক দিশত অলপ দিনৰ ভিতৰতে স্বচ্ছলতা লাভ কৰে আৰু তেতিয়াৰ পৰাই একাণপতীয়াকৈ অসমীয়া ভাষা আৰু সাহিত্য সাধনা কৰিবলৈ লয়। এনেতে সত্যনাথ বৰাই ভূৱন মোহিনী নামৰ ৰূপে-গুণে বিভূষিতা এজনী নাৰীক বিয়া কৰায় আৰু সুখী দাম্পত্য জীৱন আৰম্ভ কৰে। ভূৱন মোহিনীজনী সাহিত্যিক নাছিল যদিও স্বামী সত্যনাথক ব্যস্ততাৰ মাজত লিখা-মেলাৰ সুযোগ দি ঘৰখনতে সাহিত্যিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰিছিল। তেতিয়াৰ পৰাই সত্যনাথৰ কাপেদি চিন্তাশীল প্ৰবন্ধ অবিৰামভাৱে ওলাই আহিব ধৰে। ‘সাহিত্য বিচাৰ’, ‘চিন্তাকলি’, ‘সাৰথি’ আদি তেওঁৰ মননশীল আৰু চিন্তাশীল ৰচনা। তেওঁৰ ‘সাৰথি’ পুথিখন বাস্তৱ জীৱনধৰ্মী চিন্তাশীল প্ৰবন্ধৰে পৰিপূৰ্ণ। ‘সাৰথি’ পুথিখনক তেওঁৰ সাহিত্য কৰ্মৰ মুকুট বুলি ক’ব পাৰি। তেওঁৰ এই ‘সাৰথি’ৰ প্ৰবন্ধসমূহৰ বিষয়বস্তু ইমানেই বাস্তৱধৰ্মী, চিন্তাশীল আৰু সাৰ্বজনীন যে সকলো যুগতে জাতি, ধৰ্ম, বৰ্ণ নির্বিশেষে সকলোৰে বাবে  পুথিখনৰ প্ৰাসঙ্গিকতা আছে। বিষয়বস্তুৰ পিনৰ পৰা কিতাপখন বিশ্ব সাহিত্যৰ অন্তৰ্ভূক্ত হোৱা উচিত। কিন্তু দুখৰ বিষয় যে কিতাপৰ মূল নুৱজা অসমীয়া জাতিৰ হেমাহি আৰু সোৰোপালিৰ বাবে  কিতাপখন বিশ্ব দৰবাৰত প্রতিষ্ঠিত হ’ব পৰা নাই। ‘সাৰথি’ৰ বিষয়বস্তু আৰু উপস্থাপন শৈলীত ইংৰাজী প্ৰবন্ধকাৰ ফ্রেঞ্চিস বেকনৰ প্ৰবন্ধ আৰু উপস্থাপন নীতিৰ ওচৰ যদিও সত্যনাথ বৰাৰ ‘সাৰথি’খনৰ বিষয়বস্তুৰ আলোচনা অসমীয়া ভাষাত মৌলিক।

বাস্তৱ জীৱনধৰ্মী আৰু চিন্তাশীল প্ৰবন্ধৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ উপৰিও সত্যনাথ বৰাই অসমীয়া ভাষাত এক নতুন সহজ-সৰল গদ্যশৈলীৰ অৱতাৰণা কৰে। সাধাৰণ শিক্ষিত মানুহেই তেওঁৰ গদ্যৰ ভাষা অনায়াসে বুজিব পাৰে আৰু সহজে হৃদয়ঙ্গমো কৰিব পাৰে। তেওঁৰ সমসাময়িক আন আন প্ৰবন্ধকাৰৰ লিখনিত পোৱা ধৰণে তেওঁৰ গদ্যশৈলীত কোনো জটিল, যুগ্ম, বঙলা আৰু সংস্কৃতীয়া শব্দৰ প্ৰয়োগ নাই। তেওঁৰ শব্দ নিভাঁজ আৰু নিখুঁত অসমীয়া বৈশিষ্ট্যৰে বৈশিষ্ট্যমণ্ডিত। মাজে মাজে কোনো ধাৰণা বা বিষয়বস্তু স্পষ্টভাৱে বুজাবলৈ উপমা আৰু ৰূপক অলংকাৰৰ ব্যৱহাৰ কৰিছে যদিও সেয়া অতি সহজ আৰু প্ৰাসঙ্গিক। তেওঁৰ বহুতো বাক্য পটন্তৰৰ লেখীয়া,  চুটী আৰু অৰ্থব্যঞ্জক। উদাহৰণ হিচাপে  তলত দিয়া উদ্ধৃতিবোৰলৈ   চকু দিব পাৰি —

(ক) অন্যায়ত চলা বন্ধুতকৈ  ন্যায়ত চলা শত্ৰুও ভাল।

(খ) পৰে আৰ্জি থোৱা ধনেৰে ডাঙ্গৰ হ’লে তাত পুৰুষালি নাই; নিজৰ বাউসীৰ বলেৰে যি ডাঙৰ হয় সেই পুৰুষহে ধন্য।

(গ) ন্যায়বন্ত মানুহ তর্জুৰ  নিচিনা। ইত্যাদি।

তেওঁৰ গদ্যশৈলী কিমান সহজ-সৰল আৰু স্পষ্ট তাৰ প্ৰমাণস্বৰুপে  তলত কেইশাৰীমান উদ্ধৃতি আগবঢ়োৱা  হ’ল —

“ভুল হ’লে সৈ কঢ়া  ন্যায়বন্তৰ ঘাই লক্ষণ। ভুল লুকাই ৰাখিলে তাক পুহি ৰখা যেন হয়; আৰু বাৰে বাৰে তাৰ ফল ভুঞ্জিব লাগে। কিন্তু ভুল ধৰা পৰিলে নিন্দা হয়, সেই দেখি সাধাৰণ মানুহে ভুল ঢাকিবলৈ যত্ন কৰে আৰু আনে দেখুৱাই দিলেও বেয়া পায়। এই বিষয়ে ন্যায়শীল মানুহৰ বিবেচনা  বেলেগ। ভুল বাছি দিলে সি তাক পৰম উপকাৰ কৰা বুলি ভাৱে।”  (ন্যায়শীলতা)

তেওঁ স্বতন্ত্ৰ কিতাপ লিখাৰ উপৰিও সেই সময়ৰ বিভিন্ন কাকত, আলোচনী যেনে- ‘আসাম বন্ধু’, ‘জোনাকী’, ‘বিজুলী’, ‘ঊষা’ আদিত বহুতো মৌলিক আৰু চিন্তাশীল প্ৰবন্ধ লিখিছিল। 

সত্যনাথ বৰা যে অকল উৎকৃষ্ট প্ৰবন্ধ লিখক সেয়া মাথো নহয়; তেওঁ এজন ব্যাকৰণবিদো আছিল। ‘বহল ব্যাকৰণ’  নামেৰে তেওঁ এখন অসমীয়া ভাষাৰ ব্যাকৰণো লিখিছিলঃ যিখন আজিও অসমীয়া ভাষা প্ৰেমীৰ বাবে বহুমূলীয়া সম্পদ।

ইয়াৰোপৰি সত্যনাথ বৰাই ‘গীতাৱলী’ নামৰ এখন গীতৰ পুথিও ৰচনা কৰিছিল। তেওঁ খুহুতীয়া আৰু ব্যঙ্গ কবিতাও ৰচনা কৰিছিল। ‘কেন্দ্ৰসভা’ এনে এখন ব্যাঙ্গ আৰু হাস্য ৰসাত্মক পুথি য’ত বৰাদেৱে সেই সময়ৰ অসমীয়া সমাজৰ অন্ধবিশ্বাসসমূহ ফুটাই তুলিছে। সত্যনাথ বৰাই ইয়াৰোপৰি ‘আকাশ ৰহস্য’ শিৰোনামাৰে বিজ্ঞান বিষয়ৰ কিতাপ এখনো  ৰচনা কৰিছিল।

এইদৰে আজীৱন অসমীয়া ভাষা সাহিত্যৰ বেদীত বিভিন্ন ধৰণৰ লেখনীৰে অৰ্ঘ আগবঢ়াই তিনিকুুৰি পাঁচ বছৰ বয়সতে ১৯২৫ চনত এইজন মহান লিখকে স্বৰ্গধামলৈ গতি কৰে। 

এক গুচ্ছ জীৱনী

 

 ভাৰ্জিনিয়া উলফ

ভাৰ্জিনিয়া উলফ (Virginia Woolf) আছিল বিংশ শতাব্দীৰ এজনী মহান ইংৰাজ মহিলা ঔপন্যাসিক। এইজনী ঔপন্যাসিকে বিংশ শতাব্দীৰ আদি ভাগত  উদ্ভৱ হোৱা মনস্তাত্বিক উপন্যাসক স্বতন্ত্ৰ তেজ-শক্তি আৰু ধাৰা (Spirit and form) আৰোপ কৰি এই শ্ৰেণীৰ উপন্যাসক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰাত বিশেষ বৰঙণি  যোগায়।

এইজনী মহান মহিলা মনস্তাত্বিক ঔপন্যাসিকজনীৰ জন্ম হয় ১৮৮২ চনত লণ্ডনৰ এটি প্ৰখ্যাত পৰিয়ালত। তাইৰ পিতাকৰ নাম আছিল লেছলি ষ্টেফেন (Leslie Stephen)। তেওঁ আছিল এজন প্ৰৱন্ধকাৰ। সেয়ে ভাৰ্জিনিয়াই নিজৰ ঘৰতে জন্মলগ্নৰে পৰা এটি সাহিত্যিক পৰিবেশ পাইছিল। ভাৰ্জিনিয়া আছিল তাইৰ পিতৃ মাতৃৰ কনিষ্ঠা  সন্তান। তাইৰ পিতাক লেছলি ষ্টেফেনৰ পঞ্চাচ বছৰ  বয়সত ভাৰ্জিনিয়াৰ জন্ম হয়। যেতিয়া ভাৰ্জিনিয়াৰ জন্ম হয় তেতিয়ালৈ ষ্টেফেনে- History of English Thought in the Eighteenth Century আৰু  The Science of Ethics শিৰোনামাৰ দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। পঞ্চাচৰ দেওনা পাৰ হোৱাৰ পিছতো লেছলিয়ে নিয়মানুবৰ্তিতাৰে লিখা আৰু পঢ়া কাম চলাই গৈছিল। তেওঁৰ অধ্যায়ানাগাৰটো আছিল ওপৰ মহলাত। ভাৰ্জিনিয়াই সৰু কালৰ পৰাই পিতাকৰ লগে লগে থাকি সাহিত্যনুৰাগী হৈ পৰিছিল। প্ৰতিদিন সন্ধিয়া ষ্টেফেনে ছোৱালী ভাৰ্জিনিয়াক লগত লৈ কেনচিনটন  গাৰ্ডেন (Kensinton Garden) লৈ ভ্ৰমণ কৰিছিল। পিছলৈ ভাৰ্জিনিয়াৰ উপন্যাসৰ বাবে এই সান্ধ্য ভ্ৰমণে পটভূমিৰ ভূমিকা গ্ৰহণ কৰিছিল। পিতাকে প্ৰায়েই ভাৰ্জিনিয়াক যি ভাল লাগে সেয়াই পঢ়িবলৈ  উদ্গনি দিছিল।

সেই সময়ত সিহঁতৰ নিবাস “হাইড পাৰ্ক গেট” (Hyde Park Gate) লৈ সঘনে প্ৰখ্যাত আৰু সাহিত্যিক ব্যক্তিসকল অহা যোৱা কৰিছিল। সেই প্ৰখ্যাত ব্যক্তিসকলৰ মাজত আছিল জেমচ ৰাছেল লৱেল, থমাচ হাৰ্ডি, হেনৰী জেমচ (James Russell Lowell, Thomas Hardy, Hanry James) আদি। জেমচ ৰাছেল লৱেল ভাৰ্জিনিয়াৰ প্ৰধান উৎসাহ আৰু প্ৰেৰণাদাতাত পৰিণতি হৈছিল।

ভাৰ্জিনিয়াৰ তেৰ বছৰ বয়সত তাই মাকক হেৰুৱায়। মাতৃ শোকত তাই গভীৰ বেদনা পাইছিল যি বেদনা তাই গোটেই জীৱন মনৰ মাজত সজীৱ কৰি ৰাখিছিল। ১৯০৪ চনত তাই পিতাকক হেৰুৱায়। সেই সময়ত ভাৰ্জিনিয়াৰ আন আন ককাই-বাইহঁতে কেমব্রিজত  পঢ়ি আছিল। কিন্তু ভাৰ্জিনিয়া নিঃকিন স্বাস্থ্যৰ বাবে আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বিৰত হৈছিল। তাই ঘৰতে গৃহ শিক্ষকৰ সহায়ত লিখা-পঢ়া শিকিছিল। তাই কিছু পৰিমাণে গ্ৰীক ভাষাও অধ্যয়ন কৰিছিল। ইয়াৰ পিছত সিহঁতে ব্লুমসবাড়ি স্কোয়াৰ (Bloomsbury Square) নামে ঠাইত বাস কৰিবলৈ লয়। তাতে কেইজনমান সাহিত্য প্ৰেমীৰ লগলাগি ‘ব্লুমসবাড়ী গ্ৰুপ ’ (Bloomsbury Group) নামে এটি সাহিত্যিক ক্লাৱ গঠন কৰে। ১৯০৬ চনত তাইৰ ককাই থবি (Thoby) পঁচিশ বছৰ বয়সত মৃত্যু মুখত পৰে। ১৯০৭ চনত তাইৰ বাইদেউ মিছ ভেনেছা (Miss Venessa) ৰ ক্লাইৱ বিল (Clive Bell) নামৰ ব্যক্তি এজনৰ লগত বিয়া হৈ যায়। তেতিয়া ভাৰ্জিনিয়াই ককাই এডৰিয়ান (Adrian) ক লগত লৈ ওচৰতে ফিটজয় স্কোয়াৰ (Fitzoy Square) অত থাকিবলৈ লয়। সেই সময়ছোৱাত ভেনেছাৰ স্বামী ক্লাইৱ বিলে তাইক সাহিত্যিক দিহা পৰামৰ্শ আৰু উদগনি দিয়ে। ১৯০৫ চনৰ পৰা ভাৰ্জিনিয়াই  Times Literary Supplement  নামৰ আলোচনীলৈ নিয়মিত প্ৰৱন্ধ লিখিবলৈ লয়। ১৯১২ চনলৈ তাই উক্ত আলোচনীখনত চল্লিশখন প্ৰৱন্ধ প্ৰকাশ কৰে। ইয়াৰ উপৰিও উক্ত সময়ছোৱাত আন আন আলোচনীতো কেইবাটাও প্ৰৱন্ধ প্ৰকাশ কৰিছিল। তাই তেতিয়ালৈকে ব্লুমসবাড়ি গ্ৰুপৰ লগত যোগাযোগ  ৰক্ষা কৰি আছিল– যি গ্ৰুপৰ লগত লিটন ষ্ট্ৰেছি (Lytton Strachey) নামৰ ব্যক্তিজনো জড়িত আছিল। লিটন ষ্ট্ৰেছি পিছলৈ প্ৰখ্যাত জীৱনীকাৰ (Biographer) হৈছিল। কেমব্রিজত   থকা কালত তেওঁ ভাৰ্জিনিয়াৰ ককাই থবিৰৰ বন্ধু  আছিল।

১৯১২ চনত লিওনাৰ্ড উল্ফ ( Leonard Woolf ) নামৰ ব্যক্তি এজনৰ লগত ভাৰ্জিনিয়াৰ বিয়া হৈ যায়। তাইৰ বাবে এই বিয়াখন আৰ্শীবাদসূচক আছিল, কাৰণ লিওনাৰ্ড আছিল সংস্কৃতিবান গুণী ব্যক্তি। তেওঁ পত্নী ভাৰ্জিনিয়াক লিখা-মেলা কৰাৰ পৰিবেশ দিয়াৰ লগতে উৎসাহ-উদগনি দি আগুৱাই যোৱাত সহায় কৰিছিল। লিওনাৰ্ডৰ লগত ভাৰ্জিনিয়াৰ বিয়া হোৱাৰ দুই বছৰ পিছত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয়। যুদ্ধখন আছিল ভাৰ্জিনিয়াৰ বাবে ভয় আৰু নিৰুৎসাহৰ অভিজ্ঞতা। তাই শাৰীৰিক দিশত দুৰ্বল আছিল। কিন্তু বিশ্বযুদ্ধৰ ভয় আৰু শংকাই তেওঁৰ হৃদয় আৰু মস্তিস্কত বিৰূপ প্ৰভাৱ পেলায় যাৰ বাবে তাই সততে মূর্ছা  ৰোগত ভূগিবলৈ লয়।

১৯১৭ চনত মিষ্টাৰ আৰু মিছেছ উল্ফ মিলি ‘The Hoggarth Press’ নামে এটি ছপাশাল স্থাপন কৰে। ১৯১৫ চনৰ পৰা ১৯২৪ চনলৈ সিহঁতে ৰিকমণ্ডৰ হগাৰ্থ হাউচত থাকিবলৈ লয়। ইয়াৰ উপৰিও সিহঁতে ছাছেক্স নামে ঠাইত এখন ঘৰ ভাড়াত লৈছিল – যি ঠাইত সিহঁতে ছুটিৰ দিনবোৰ কটাইছিল। মাজে মাজে তাই স্বামীৰ লগত লেবাৰ দলৰ সভা-সমিতিলৈয়ো গৈছিল। কিন্তু তাই নিৰ্জনত স্বামীক সমৰ্থন কৰাৰ বাহিৰে সভা সমিতিৰ কোনো আলোচনাত ভাগ লোৱা নাছিল।

ইতিমধ্যে ১৯৩৯ চন আহিল। বিশ্বৰ ৰাজনীতিত উগুল-থুগুল লাগিল। দ্বিতীয় বিশ্ব যুদ্ধ আৰম্ভ হ’ল। ভাৰ্জিনিয়াৰ মন আৰু মস্তিস্কত বিশ্বযুদ্ধৰ বিভাষিকাই বিৰূপ প্ৰভাৱ পেলালে। ভাৰ্জিনিয়াৰ মন ভাগি পৰিল। তাই আকৌ মূর্ছা ৰোগত ভুগিবলৈ ললে। তথাপি লিখা কাম চলাই থাকিল। মাজে মাজে তাই ইমান ভাগি পৰে যে কাৰো বুজনিয়েই তাইক শান্ত কৰিব নোৱাৰে। ১৯৪১ চনত এদিনখন সন্ধিয়া তাই মূৰত টুপী পিন্ধি হাতত এটি লাখুটি লৈ ঘৰৰ পৰা ওলাই গ’ল। কিন্তু মানসিকভাৱে তাই ইমানেই ভাগি পৰিছিল যে তাই জীৱনৰ স্পৃহা হেৰুৱাই পেলালে আৰু যেতিয়া এই হতাশা শীৰ্ষ বিন্দু পালে তেতিয়া তাই মূৰৰ টুপী আৰু হাতৰ লাখুটিডাল আউচ (Ouse) নামৰ নদীৰ পাৰত থৈ নদীলৈ জঁপিয়ালে। কিছু সময় পিছত নদীৰ পানীত উপঙি উঠিল এটি মৃত দেহ। লগে লগে প্ৰচাৰ হৈ গ’ল যে প্ৰখ্যাত ঔপন্যাসিক ভাৰ্জিনিয়া উল্ফৰ মৃত্যু হৈছে।

বহুতো প্ৰৱন্ধ-পাতি ৰচনা কৰাৰ উপৰিও ভাৰ্জিনিয়াই ন খন মান উপন্যাস ৰচনা কৰিছিল। তাইৰ প্ৰথম দুখন উপন্যাস The Voyage Out  আৰু Night and Day  পুৰণি ৰীতিত ৰচিত। এই দুখন সামাজিক উপন্যাস ৰচনা কৰি উঠাৰ পিছতে তাই মনস্তাত্বিক উপন্যাস লিখিবলৈ লয়। তাইৰ মনস্তাত্বিক উপন্যাসসমূহৰ ভিতৰত  To The Light House শিৰোনামাৰ উপন্যাসখন শ্ৰেষ্ট। এই উপন্যাস দুখনৰ জৰিয়তে তাই মনস্তাত্বিক উপন্যাসৰ ধাৰাক পূৰ্ণতা দান কৰে। মহিলা মনস্তাত্বিক ঔপন্যাসিক হিচাপে  তাইৰ স্থান আন আন ঔপন্যাসিকৰ তুলনাত কোনো গুণে কম নহয়।

এক গুচ্ছ জীৱনী

 

 জৰ্জ হাৰ্বাৰ্ট 

জৰ্জ হাৰ্বাৰ্ট (George Herbert) আছিল সোঁতৰ শতিকাৰ ইংলেণ্ডৰ এজন মহান ভক্তিবাদী কবি (Devotional Poet)। ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ভক্তিবাদী কবি হিচাপে এইজন কবিয়ে শ্ৰেষ্টতৰ আসনত প্রতিষ্ঠিত যদিও তেওঁ নিজৰ জীৱন কালত এটি কবিতাও প্ৰকাশ নকৰি কবি হিচাপে  তেওঁ নিজকে জাহিৰ কৰাৰ পৰা বিৰত ৰাখিছিল। অৰ্থাৎ গোটেই জীৱন তেওঁ আছিল এজন ‘গুপুত কবি’ (Private Poet)।

এই মহান কবিজনৰ জন্ম হয় এটি প্ৰখ্যাত ইংৰাজ পৰিয়ালত ১৫৯৩ খৃীষ্টাব্দৰ ৩ এপ্ৰিলত।  পিতৃ-মাতৃৰ তেওঁ আছিল পঞ্চম সন্তান। তিনি বছৰ বয়সত তেওঁ পিতাকক হেৰুৱায়। তেওঁৰ মাকৰ আছিল মেগ্ডালিন হাৰ্বাৰ্ট। তেওঁৰ মাক মেগ্ডালিন আছিল অতি ধৰ্মপৰায়ণা আৰু সৰল অন্তৰৰ মহিলা। যেতিয়া সাতোজন পুত্ৰ আৰু তিনিজনী ছোৱালী সন্তান এৰি তাইৰ স্বামীৰ মৃত্যু হয়, তেতিয়া তাই অসহায় অৱস্থাত পৰে আৰু নিজৰ আনকি সন্তানসকলৰ আশ্ৰয় হিচাপে লৰ্ড ডেনভাৰ্চ (Lord Danvers) নামৰ এজন সম্ভ্ৰান্ত পুৰুষক দ্বিতীয় স্বামী হিচাপে গ্ৰহণ কৰে। লৰ্ড ডেনভাৰ্চ ধনী আছিল যদিও মেগ্ডালিনতকৈ বয়সত বিশ বছৰ সৰু আছিল। লৰ্ড ডেনভাৰ্চ আছিল অতি দয়ালু আৰু সহায়হীনসকলৰ প্ৰতি সহানুভূতিশীল। তেওঁ হাৰ্বাৰ্ট পৰিয়ালৰ আটাইকেইজন সন্তানক অতি যত্ন সহকাৰে উপযুক্ত শিক্ষা-দীক্ষাৰে লালন পালন কৰিছিল। হাৰ্বাৰ্ট পৰিয়ালৰ প্ৰায় সকলোবোৰ সন্তানেই আইন বা সেনা বিভাগৰ চাকৰিত সোমাইছিল যদিও পঞ্চম পুত্ৰ জৰ্জ হাৰ্বাৰ্ট আছিল এক ব্যতিক্ৰম। তেওঁ  প্ৰাথমিক শিক্ষা লাভ কৰিছিল ওৱেষ্টমিনষ্টাৰ স্কুলত।  ছাত্ৰ হিচাপে তেওঁ আছিল অতি চোকা আৰু বুদ্ধিমান। ওৱেষ্টমিনষ্টাৰত শিক্ষা সাং কৰি কেম্ব্রিজ  বিশ্ববিদ্যালয়ৰ অধীনস্থ ট্ৰিনিটি কলেজত নাম ভৰ্তি কৰে। যেতিয়া তেওঁ ট্ৰিনিটি কলেজৰ ছাত্ৰ তেতিয়া তেওঁ নতুন বছৰৰ শুভেচ্ছা পত্ৰ হিচাপে মাকক বিষয়বস্তু হিচাপে লৈ দুখন ছনেট ৰচনা কৰি পঠিয়াইছিল। এইটোৱেই আছিল তেওঁৰ সৃষ্টিশীল প্ৰতিভাৰ আৰম্ভণি। ছনেট দুখনত তেওঁৰ ভৱিষ্যত প্ৰতিভাৰ  চানেকী বিদ্যামান আছিল।

১৬১৬ চনত তেওঁ বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰে ট্ৰিনিটি কলেজৰ ফেলো নিৰ্বাচিত হয়। ১৬১৮ চনত তেওঁ একে কলেজত অলংকাৰ শাস্ত্ৰত ৰিডাৰ পদত অধিষ্ঠিত  হয়। কিন্তু তেওঁ ‘লোক বক্তা’ (Public Orator) হোৱাৰহে আশা পোষণ কৰি আছিল। অৱশেষত নিজৰ প্ৰচেষ্টাত ১৬১৯ চনত লোক বক্তাৰ পদত অধিষ্ঠিত হয় আঠ বছৰৰ কাৰণে। লোক-বক্তা হিচাপে তেওঁ বিশ্ববিদ্যালয়খনৰ কাৰ্যকাৰী মূখপাত্ৰ হয়। এই পদত হাৰ্বাৰ্টে এজন দক্ষ বক্তাৰ পৰিচয় দিয়ে। এনেদৰে নিজৰ প্ৰচেষ্টা আৰু অধ্যাৱসায়ৰ বলত  নিজকে উচ্চতৰ পদত অধিষ্ঠিত কৰি ৰাজকীয় দৃষ্টি আকৰ্ষণ কৰে। কিন্তু পাৰ্থিৱ যশস্যাৰ প্ৰতি সোনকালেই তেওঁৰ বিতৃষ্ণা ভাৱ আহে আৰু শেষলৈ তেওঁ আধ্যাত্মিক পন্থাত নিজকে ঢাল খুৱায়।

১৬২৪ চনত হাৰ্বাৰ্ট মন্টেগোমাৰি অঞ্চলৰ বাবে সংসদৰ সদস্য নিৰ্বাচিত হয়। একে বছৰতে তেওঁ বিশ্ববিদ্যালয়ৰ চাকৰি এৰি দিয়ে। ইয়াত উল্লেখ্য যে হাৰ্বাৰ্ট শাৰীৰিক দিশত অসুখীয়া আছিল। ১৮২৪ চনৰ পৰা তেওঁ সঘনে বেমাৰত ভুগিবলৈ আৰম্ভ কৰে। তথাপি ১৬২৬ চনত তেওঁ ‘ডিকন’ পদত অধিষ্ঠিত হয়। ১৬২৯ চনত তেওঁ মিছ জেন ডেনভাৰ্চক বিয়া কৰায়। ১৬৩০ চনত তেওঁ বেমাৰটন গীৰ্জাত পৰোহিত পদ লাভ কৰে।

১৬৩০ চনৰ পৰা তেওঁ অনিশ্চিত বেমাৰত ভুগি থকা আৰম্ভ কৰে। তেওঁ শাৰীৰিক অসুস্থতাত ভোগাৰ উপৰিও মানসিক অসুখে দেখা দিয়ে। শাৰীৰিক-মানসিক দুয়ো দিশৰ পৰা বেমাৰত ভূগি থকা অৱস্থাত তেওঁ সম্পূৰ্ণৰূপে পাৰ্থিৱ আশা-আকাঙ্খা পৰিহৰি পৰিত্ৰাণৰ মাৰ্গ হিচাপে আধ্যাত্মিক চিন্তাত নিজকে নিয়োজিত কৰে আৰু কাব্য চৰ্চাত মনোনিেবশ কৰে। তেওঁ প্ৰায় এশ পঞ্চাচখনমান কবিতা ৰচনা কৰে যি কবিতাৰ প্ৰধান বিষয়-বস্তু হৈছে আত্মা আৰু শৰীৰৰ মাজৰ দ্বন্দ্ব। কাব্য চৰ্চাই তেওঁক কিছু পৰিমাণে মানসিক সকাহ দিছিল।  শৰীৰ আৰু আত্মাৰ মাজৰ দ্বন্দ্বই হৈছে তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু। 

প্ৰায় ডেৰশখনমান কবিতা ৰচনা কৰাৰ পিছত তেওঁ  অনুভৱ কৰিলে যে তেওঁৰ মৃত্যু যেন আসন্ন। সেয়ে তেওঁৰ নিচেই আপোন বন্ধু  নিকোলাচ ফেৰাৰ (Nicholas Ferrar) ক মাতি আনি তেওঁৰ সমস্ত পাণ্ডুলিপিবোৰ  তেওঁৰ হাতত গতাই দিয়ে আৰু প্ৰকাশৰ যোগ্য হয়নে নহয় তাক বিচাৰ কৰাৰ ভাৰ দিয়ে। পাণ্ডুলিপিসমূহ তেওঁৰ হাতত গতাই দিয়াৰ কিছুদিন পিছতে ১৬৩৩ চনত মাত্ৰ ৪০ বছৰ বয়সত তেওঁৰ পৰম আত্মাই পৰপাৰলৈ গতি কৰে।

তেওঁৰ মৃত্যুৰ পিছত একে বছৰতে তেওঁৰ বন্ধু  নিকোলাচ ফেৰাৰৰ তত্বাৱধানত তেওঁৰ পাণ্ডুলিপিসমূহ ‘দ্যা টেম্পল’ (The Temple) শিৰোনামেৰে কিতাপ আকাৰত প্ৰকাশ পায়। কবিতা পুথিখন প্ৰকাশ পোৱাৰ পিছত ইংলেণ্ডৰ সৰ্বসাধাৰণে জানিব পাৰিলে যে হাৰ্বাৰ্ট এজন মহান পৰোহিত হোৱাৰ উপৰিও এজন মহান কবিও আছিল। ইংৰাজীত লিখা কবিতা পুথিখনৰ বাহিৰেও তেওঁ লেটিন (Latin) ভাষাতো কিছুসংখ্যক কবিতা ৰচনা কৰিছিল। তেওঁ The Country Parson শিৰোনামেৰে এখন গদ্য পুথিও ৰচনা কৰিছিল।

ঈশ্বৰ-প্ৰেমেই হৈছে তেওঁৰ কবিতাৰ প্ৰধান বিষয়। তেওঁৰ ভাষা অতিকৈ সৰল আৰু অলংকাৰ সমৃদ্ধ। সমালোচকসকলে তেওঁৰ কবিতাসমূহক অধিবিদ্যামূলক কবিতা (Metaphysical Poetry) ৰ শ্ৰেণীত পেলাইছে যদিও ভক্তিবাদী কবি হিচাপে ইংৰাজী ভাষাত তেওঁৰ সমকক্ষ কবি দ্বিতীয় এজন নাই।

এক গুচ্ছ জীৱনী

 

 জন মিলিনটন চিনজ্ 

জন মিলিনটন চিনজ্ (John Millington Synge) আছিল আয়াৰলেণ্ডৰ এজন প্ৰখ্যাত আধুনিক কাব্য নাটক (Poetic Drama) প্ৰণেতা। এইজন নাট্যকাৰে জীৱনত মাত্ৰ ছয়খনমান নাটক ৰচনা কৰাৰ পিছত আঠত্ৰিছ বছৰ বয়সত মৃত্যু মুখত পৰে। এই ডেকা নাট্যকাৰৰ জন্ম হয় ডুবলিন চহৰৰ ওচৰত ৰাথফাৰ্ণহাম (Rathfernham) নামে ঠাইত ১৮৭১ খ্ৰীষ্টবাদত। তেওঁৰ পিতাক আছিল এজন প্ৰটেষ্টান ধৰ্মাৱলম্বী আইনজ্ঞ। চিনজ  জন্মৰ মাত্ৰ এবছৰ পিছতেই তেওঁৰ পিতাকৰ মৃত্যু হয়। সিহঁতৰ পৰিয়ালৰ এজন পূৰ্বপুৰুষে ইংলেণ্ডৰ সম্ৰাট হেনৰী ৮ম (Henry VIII) ৰ ৰাজসভাত সু-মধুৰ কণ্ঠত গীত পৰিৱেশন কৰি সম্ৰাটক মোহিত কৰাৰ বাবে সম্ৰাটে তেওঁক ‘চিনজ্’ (Synge) উপধি প্ৰদান কৰে। মাকৰ পিনৰ পৰা চিনজে শক্তিশালী ইভানজেলিকেল (Evangelical) মানসিকতাৰ অধিকাৰী হৈছিল।

পিতাকৰ মৃত্যুৰ পিছত তেওঁৰ মাকে তেওঁক গৃহ শিক্ষকৰ হতুৱাই লিখা-পঢ়াৰ ব্যৱস্থা কৰিছিল। পিছলৈ তেওঁক ডুবলিনৰ ট্ৰিনিটি কলেজলৈ পঠিওৱা হৈছিল। কিন্তু ছাত্ৰ হিচাপে  তেওঁ সিমান মেধাবী নাছিল যদিও সংগীত, ইতিহাস আৰু আয়াৰলেণ্ডৰ উপকথাৰ প্ৰতি আগ্ৰহশীল আছিল। 

ট্ৰিনিটিত শিক্ষা সাং কৰি তেওঁ সংগীত চৰ্চাৰ উদ্দেশ্যে জাৰ্মানীলৈ যায়। কিন্তু শোকৰ বিষয় যে তেওঁ শ্ৰোতামণ্ডলীৰ সন্মূখত সংগীত পৰিৱেশন কৰাৰ সাহস গোটাব পৰা নাছিল যাৰ বাবে তেওঁ সংগীত চৰ্চাৰ লগতে জাৰ্মানীকো চিৰ বিদায় জনায়। সংগীতৰ প্ৰতি বিমুখ হৈ তেওঁ সাহিত্যিক হোৱাৰ মানসেৰে পিছলৈ ফ্রান্সৰ পেৰিছ মহানগৰলৈ যায়। তাত তেওঁ, যিহেতু মাকে পঠোৱা সামান্য অৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল, গতিকে তেওঁ অতি দৰিদ্ৰ আৰু কদর্য  পৰিৱেশত বাস কৰিব লগা হৈছিল। পেৰিচত থকা কালত তেওঁ ইংৰাজী আৰু ফৰাচী ভাষা শিকি সাহিত্য সমালোচনা লিখিবলৈ আৰম্ভ কৰে। তাতে তেওঁ উইলিয়াম বাটলাৰ ইয়েটচ্  (William Butler Yeats) ক লগ পায় যিজন আছিল সেই সময়ৰ আয়াৰলেণ্ডৰ এজন জনপ্ৰিয় কবি আৰু নাট্যকাৰ। তাত সিহঁতে পৰস্পৰে পৰস্পৰৰ ভাৱ বিনিময় কৰিছিল আৰু বিশেষকৈ চিনজে  ইয়েটচৰ ব্যক্তিত্বৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। যেতিয়া চিনজে সাহিত্য কৰ্মৰ বাবে  ইয়েটচৰ  পৰামৰ্শ বিচাৰিছিল তেতিয়া ইয়েটচে তেওঁক আৰান দ্বীপপুঞ্জলৈ গৈ কৃষক সম্প্ৰদায়ৰ বাস্তৱ জীৱন অধ্যয়ন কৰাৰ বাবে উপদেশ দিয়ে। চিনজে ইয়েটচৰ উপদেশ শিৰোধাৰ্য্য কৰি আৰান দ্বীপপুঞ্জলৈ গৈ তাত থকা জনসাধাৰণৰ সামাজিক জীৱন অধ্যয়ন কৰি প্ৰচুৰ বাস্তৱ অভিজ্ঞতা লাভ কৰে।

ইতিমধ্যে ইয়েটচ্, লেডি গ্ৰেগৰী আৰু আন কেইজনমান সংস্কৃতিপৰায়ণ ব্যক্তিয়ে লগলাগি আয়াৰলেণ্ডত সাহিত্যিক আন্দোলন আৰম্ভ কৰে। পিছত চিনজেও এই আন্দোলনত যোগদান কৰি নাটক ৰচনা কৰিবলৈ লয়। ১৯০৩ চনত তেওঁ তেওঁৰ জীৱনৰ প্ৰথম নাটক ‘The Shadow of the Glen’ ৰচনা কৰে। এইখন আছিল এখন হাস্যৰসাত্মক নাটক। ইয়াৰ পিছত তেওঁ নাটক লিখাত সম্পূৰ্ণ মনোনিৱেশ কৰি ১৯০৪ চনত ‘Riders to the Sea’ শিৰোনামৰ নাটকখন লিখি উলিয়ায়। তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইমানেই জানিব পৰা গৈছে যে তেওঁ চেৰি মেথেচন (Cherry Matheson) নামেৰে এজনী অভিনেত্ৰীৰ প্ৰেমত পৰে। কিন্তু অভিনেত্ৰীজনীয়ে তেওঁক অগ্ৰাহ্য কৰে। ইয়াৰ পিছত তেওঁ মলি অলগুড (Molly Allgood) নামেৰে আন এগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰে যদিও এই প্ৰেম আগবাঢ়িব  নোৱাৰিলে। জনা যায় যে পিছলৈ মলিয়ে চিনজৰ  প্ৰতি ইমানেই গভীৰ প্ৰেমত ডুব গৈছিল যে তাই চিনজক পাবৰ বােব উন্মত্ত  হৈ পৰিছিল।

চিনজে সৰু কালৰ পৰাই ‘হডকিন’ (Hodgkin) নামৰ বেমাৰত ভুগি আছিল যাৰ বাবে  তেওঁ কেইবাবাৰো শল্য চিকিৎসা ল’ব লগা হৈছিল। অৱশেষত এই অসুখে তেওঁক ইমান প্ৰৱলভাৱে আক্ৰান্ত কৰে যে তেওঁক ডুবলিন চিকিৎসালয়ত ভর্তি  কৰোৱা হয়। কিন্তু কোনো ডাক্তৰে তেওঁক আৰোগ্য কৰিব নোৱৰিলে। এই বেমাৰতে মাত্ৰ আঠত্ৰিছ বছৰ বয়সতে চিনজে মৃত্যুক আকোৱলি লয়। 

সাহিত্যিক কৰ্মৰ নামত তেওঁ মাত্ৰ ছয়খনমান নাটক এৰি থৈ যায়। তেওঁৰ নাটক কেইখন বৈশিষ্ট্যগত ভাৱেই চিন্জিয়ান। এই নাটকবোৰ সম্পূৰ্ণ বাস্তৱ জীৱনৰ ওপৰত ৰচিত। আয়াৰলেণ্ডৰ প্ৰচলিত কাহিনী আৰু জীৱন ধাৰাৰ হুবহু প্ৰতিফলন ঘটিছে তেওঁৰ নাটকসমূহত। যদিও তেওঁৰ নাটকসমূহ গদ্য ৰীতিত ৰচিত তথাপি তেওঁৰ নাটকসমূহ ভাৱ আৰু অনুভূতিৰ সূক্ষ্মতাত কাব্য-নাটকৰ শ্ৰেণীত পৰে। তেওঁৰ নাটকসমূহৰ ভিতৰত ‘Riders to the Sea’ শিৰোনামাৰ নাটকখন সর্বোৎকৃষ্ট। ভাৱ আৰু কলাত্মক দিশৰ পৰা তেওঁৰ নাটসমূহ তেওঁৰ সমসাময়িক আন আন নাট্যকাৰ যেনে- ইয়েটচ্ , লেডি গ্ৰেগৰী, এডৱাৰ্ড মাৰ্টিন, জৰ্জ ম’ৰ আদি নাট্যকাৰৰ নাটকবোৰতকৈ শ্রেষ্ঠ ।

তেওঁৰ প্ৰকৃতি আৰু ব্যক্তিত্বৰ বিষয়ে জনা যায় যে তেওঁ আছিল লাজকুৰীয়া আৰু মৌন স্বভাৱৰ। তেওঁ সদায় নিজৰ মতামতৰ ওপৰত অবিচল আস্থা ৰাখিছিল। তেওঁ যিকোনো আচাৰ-অনুষ্ঠানত  নিজে অংশ গ্ৰহণ কৰাতকৈ দৰ্শক হিচাপে  নীৰৱে উপেভাগ কৰি থকাটো পচন্দ কৰিছিল। মূৰ্খালিৰ প্ৰতি তেওঁৰ হিংসাভাৱ আছিল। কোনো বস্তু বা ঘটনাক সূক্ষ্ম অনুসন্ধান কৰাৰ প্ৰতি তেওঁৰ নিপুণ দক্ষতা আছিল। 

এজন মানুহৰ মূল্য আৰু প্ৰতিভা তেওঁৰ কামৰ সংখ্যাৰ ওপৰত নহয়, মানদণ্ডৰ ওপৰত ভিত্তি  কৰিহে নিৰ্ণীত হয়। গতিকে ক’ব পাৰি যে চিনজ্ যদিও মাত্ৰ ছয়খন নাটক ৰচনা কৰি আকস্মিক মৃত্যু মুখত পৰে তথাপি নাটক কেইখনৰ বাবে  তেওঁৰ নাম বিশ্ব নাট্য-সাহিত্যৰ ইতিহাসত চিৰদিন অমৰ হৈ থাকিব।

এক গুচ্ছ জীৱনী

 

 জৰ্জ বাৰ্ণাৰ্ড শ্ব

 জৰ্জ বাৰ্ণাৰ্ড শ্ব’ (George Bernard Shaw) আছিল বিংশ শতাব্দীৰ এজন নবেল বঁটা বিজয়ী ইংৰাজ নাট্যকাৰ। এৱেই পোন প্ৰথমে বিশ্ব সাহিত্যত ব্যতিক্ৰমধৰ্মী মুক্ত চিন্তাৰ নাট্য-সাহিত্যৰ পাতনি মেলে। ব্যক্তিত্ব আৰু সাহিত্যিক প্ৰতিভাৰ দিশত জৰ্জ বাৰ্ণাৰ্ড শ্ব আছিল বিশ্বৰ ইতিহাসত এক অদ্ভুদ-বিষ্ময় পুৰুষ।

জৰ্জ বাৰ্ণাৰ্ড শ্ব’ৰ জন্ম হয় ১৮৫৬ চনত আয়াৰলেণ্ডৰ ডুবলিন চহৰত। তেওঁৰ পিতাক জৰ্জ কাৰ শ্ব’ (George Carr Shaw) আছিল তেৰ জন ল’ৰা-ছোৱালী থকা এহাল দম্পতীৰ কনিষ্ট সন্তান। তেওঁৰ পিতাক জৰ্জ কাৰ শ্ব’ পোনতে ডুবলিন আদালতৰ এজন তলতীয়া কৰ্মচাৰী আছিল। পিছলৈ তেওঁ চৰকাৰী চাকৰি এৰি খাদ্য শস্যৰ ব্যৱসায় কৰিবলৈ লয়। কিন্তু ব্যৱসায়ত উন্নতি কৰিব নোৱাৰি দৰিদ্ৰতাৰ কৱলত পৰে। তাৰোপৰি তেওঁ আছিল সুৰাসক্ত যাৰ বাবে নিজৰ পৰিয়াল পোহপাল দিয়াত অপাৰগ হৈছিল। আনহাতে তেওঁৰ মাক আছিল এজনী সু-বংশীয় কন্যা। তাই নিজৰ গিৰীয়েকতকৈ বয়সত বিশ বছৰমান সৰু আছিল। তাইৰ গীত গোৱাৰ দক্ষতা আছিল আৰু এখন অপেৰাত কণ্ঠ শিল্পী হিচাপে যোগদান কৰিছিল। জৰ্জ বাৰ্ণাৰ্ড শ্ব’ই নিজৰ মাকৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। 

জৰ্জ বাৰ্ণাৰ্ড শ্ব’ই স্কুলীয়া শিক্ষা গ্ৰহণৰ পৰ্যাপ্ত সুযোগ-সুবিধা পোৱা নাছিল। তথাপি পিতাকে তেওঁক দৰিদ্ৰতাৰ মাজতো স্কুললৈ পঠিয়াইছিল। কিন্তু বাৰ্ণাৰ্ড শ্বই স্কুলীয়া অনুশাসন মানি চলিবলৈ অতি টান পাইছিল। স্কুলীয়া জীৱনটো শ্ব’ৰ বাবে আছিল ‘সশ্ৰম কাৰাদণ্ড স্বৰূপ’। গতিকে পোন্ধৰ বছৰ নৌহওঁতেই তেওঁ স্কুল এৰিছিল। যদিও তেওঁ আনুষ্ঠানিক শিক্ষাৰ পৰা সিমান লাভা-লাভ পোৱা নাছিল তথাপি তেওঁ আয়াৰলেণ্ডৰ জাতীয় চিত্ৰশালালৈ সঘনে আহ-যাহ কৰি বহুতো বাস্তৱ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল।

যিহেতু পৰিয়ালটো আৰ্থিক দিশত দুৰ্বল আছিল গতিকে তেওঁ অতি কম বয়সতে নিজৰ বাবে কৰ্ম সংস্থাপন বিচাৰিব লগা হৈছিল। সোনকালে তেওঁৰ সেই সুযোগ মিলে আৰু এখন অফিচত কেৰানীৰ চাকৰিত সোমায়। পিছলৈ সেই অফিচৰ বিত্ত-সচিব পদত মকৰল পায়। যিহেতু তেওঁৰ পিতাক আছিল এজন নিষ্কৰ্মা আৰু মদপী, গতিকে তেওঁৰ মাকে আন দুজনী সন্তানক লগত লৈ লণ্ডন মহানগৰীলৈ গুচি যায় কৰ্মসংস্থানৰ উদ্দেশ্যে। তাই এখন সংগীত বিদ্যালয় স্থাপন কৰি নিজৰ উপাৰ্জনৰ পথ উলিয়ায়। যিহেতু পিতৃ-মাতৃ দুয়োজনে সন্তানসকলৰ প্ৰতি দায়িত্ব পালনত অপাৰগ হৈছিল গতিকে শ্ব’ই অতিপাত স্বাধীনতা উপভোগ কৰাত সুবিধা পাইছিল। শ্ব’ চঞ্চল স্বভাৱৰ আছিল বাবে কোনো কামতে বেছি সময় নিজকে বন্দী কৰি ৰাখিবলৈ ভাল পোৱা নাছিল। সেয়ে কেৰানী আৰু বিত্ত সচিবৰ চাকৰি এৰি লণ্ডনত থকা মাকৰ ওচৰলৈ যায়। তাত তেওঁ মাকৰ মৰম পোৱাৰ পৰা বঞ্চিত হৈছিল যদিও সংগীতৰ বিষয়ে সাধাৰণ অভিজ্ঞতা লাভ কৰিবলৈ সমৰ্থ হৈছিল।

লণ্ডনত থকা সময়খিনিত নিজৰ পেটৰ ভাতখিনি মোকলাবৰ বাবে  পোনতে সংগীত সমালোচক আৰু পিছলৈ The Star  নামৰ আলোচনী এখনৰ বাবে নাটক সমালোচনা কৰা কাম আৰম্ভ কৰিলে। এনেদৰে তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলে।

বয়স বাঢ়ি অহাৰ লগে লগে শ্ব’ বেছি যুক্তিবাদী হৈ উঠিল আৰু তেওঁৰ মনত নতুন নতুন ভাৱ গজি উঠিবলৈ ধৰিলে। পঁচিছ বছৰ বয়সত তেওঁ মাংস খোৱা এৰি নিৰামিষভোজী হয়। ল’ৰালি কালতে তেওঁ খৃষ্টান ধৰ্ম মতত আস্থা হেৰুৱায়। তেওঁ মত পোষণ কৰিছিল যে খৃষ্টান ধৰ্মই নিজৰ আচল পথ হেৰুৱাই কলুষগামী হৈছে। ইয়াৰ পৰিবৰ্তে তেওঁ নৈতিকতাৰ ওপৰত বেছি মূল্য দিয়া আৰম্ভ কৰে। তেওঁৰ জীৱনটো লাহে লাহে নৈতিকতা, সৰলতা আৰু ন্যায়পৰায়ণতাৰ পিনে ঢাল খায়। আনকি তেওঁ কোনো প্ৰকাৰৰ নিচাযুক্ত খাদ্য গ্ৰহণ কৰাৰ পৰাও বিৰত থাকিল। তেওঁ কোনো খেল-ধেমালীতো অংশ গ্ৰহণ কৰাৰ পৰা দূৰত থাকিবলৈ ল’লে। তেওঁ ভাৱিলে যে শৰীৰ সুস্থ ৰখাৰ বাবে  খোজকঢ়া  হৈছে উত্তম  ব্যায়াম আৰু নিজেই খোজকঢ়া ব্যায়াম অনুশীলন কৰা আৰম্ভ কৰিলে। কিন্তু তেওঁৰ মানসিক অৱস্থাটো ক্ৰমান্বয়ে অদ্ভূদ  হ’বলৈ ধৰে। একেৰাহে পোন্ধৰ মিনিট তেওঁক কেতিয়াও এটা মেজাজত থকা দেখা পোৱা নগৈছিল। কেতিয়াবা হঠাৎ তেওঁ পৃথিৱীৰ মানৱ অস্তিত্বৰ ভৱিষ্যত সম্পৰ্কে অতি আগ্ৰহেৰে কিবা-কিবি বলকিছিল আৰু পিছ মূহুৰ্ততে হাঁহি উঠা কথা পাতি শ্ৰোতাসকলক মুগ্ধ কৰিছিল। তেওঁ মিষ্টান্ন আৰু পিত্ত একেলগে মিহলি কৰি মানুহক সমালোচনা কৰিব পাৰিছিল আৰু তেওঁ ইমান মধুৰ আৰু বুদ্ধিদীপ্ত বাক্য বাণেৰে মানুহক সমালোচনা কৰিছিল যে তেওঁৰ সমালোচনাৰ পাত্ৰই কোনো অভিযোগ উত্থাপন কৰিব পৰা নাছিল। শ্ব’ সদায় সামাজিক ন্যায় আৰু নৈতিকাতৰ পক্ষে মাত মাতিছিল। কিন্তু মাজে মাজে তেওঁ মুক্ত চিন্তাৰ পোষকতা কৰি মুক্ত যৌন ক্ৰিয়াৰ সপক্ষে যুক্তি দাঙি ধৰিছিল। তেওঁ ৰাজকীয় শাসন আনকি গণতন্ত্ৰৰ বিৰোধীতাও কৰিছিল। তেওঁ সকলো প্ৰকাৰৰ ঈশ্বৰ উপাসনাৰ বিৰোধীতা কৰিছিল। সংক্ষেপতে, তেওঁ আছিল মূৰ্তি পূজাৰ বিৰোধী। তেওঁৰ এনে ব্যক্তিত্বই তেওঁক বিংশ শতাব্দীৰ এজন জটিল চৰিত্ৰৰ ব্যক্তিত পৰিণত কৰিছিল।

সাহিত্য সমালোচনা কৰি তেওঁ খুব কম পইচাহে উপাৰ্জন কৰিব পাৰিছিল -যিখিনি নিজৰ খৰচতে নিঃশেষ হৈ গৈছিল। প্ৰথম দহোটা বছৰ নিজৰ পেট প্ৰৱৰ্তাবৰ বাবে নিজৰ মাকৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছিল। সমালোচনা লিখি যোৱাৰ লগে লগে তেওঁ ভৱিষ্যত প্ৰতিভাৰ পথ মুকলি কৰাৰ ভেটি গঢ়িবলৈ  জন-সভা, জন-দল আৰু সামাজিক অনুষ্ঠানসমূহতো উপস্থিত হোৱা আৰম্ভ কৰিলে। তেওঁ ১৮৮৪ চনত এদিন এটি জনসভাত যোগ দিয়ে য’ত হেনৰী জৰ্জ নামৰ এজন অৰ্থনীতিবিদৰ বক্তৃতা শুনি মুগ্ধ হয়। তেওঁ সমাজবাদৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তৃতা দিছিল। হেনৰী জৰ্জে পোষকতা কৰিছিল যে চৰকাৰে জনসাধাৰণৰ ওপৰত মাত্ৰ এটি বস্তুৰ ওপৰতহে কৰ ধাৰ্য্য কৰিব লাগে। তেওঁৰ বক্তৃতাই জৰ্জ বাৰ্ণাৰ্ড শ্ব’ৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। ইয়াৰ পিছত তেওঁ ‘Fabian Society’ লগত সম্বন্ধ স্থাপন কৰি সঘনে যোগাযোগ ৰক্ষা কৰি থাকে। এই ‘Fabian Society’ টোৱে সমাজৰ বৈপ্লৱিক পৰিৱৰ্তন কামনা কৰিছিল। এই সমাজত Mrs. Annie Bessant ক লগ পায় যিজনীয়ে ভাৰতৰ স্বাধীনতা কামনা কৰিছিল আৰু পিছলৈ যেতিয়া এনি বেছান্তই ‘দৈৱ জ্ঞানী’ সমাজৰ নেত্ৰী হৈছিল তেতিয়া বাৰ্ণাৰ্ড শ্ব’ই তাইৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

জীৱনৰ প্ৰতি নতুন আৰু মুক্ত চিন্তাৰ সমল গোটাই শ্ব’ই পিছলৈ সৃষ্টিশীল সাহিত্য কৰ্মত মনপুতি লাগে। তেওঁৰ প্ৰথম প্ৰচেষ্টা আছিল উপন্যাসৰ ওপৰত। তেওঁ একেৰাহে তিনিখন উপন্যাস লিখে। উপন্যাস তিনিখনত তেওঁৰ নিজস্ব মুক্ত আৰু চিত্তোদ্বেষক চিন্তাৰ প্ৰতিফলন আছিল। উপন্যাস তিনিখনৰ পাণ্ডুলিপি হাতত লৈ তেওঁ প্ৰকাশৰ দুৱাৰে দুৱাৰে কেইবামাহো ঘূৰি ফুৰিছিল; কিন্তু প্ৰকাশৰ বাবে  কোনেও আগবাঢ়ি অহা  নাহিল। ইয়াৰ পিছত নিৰাশ হৈ উপন্যাস ৰচনা এৰি নাটক ৰচনাত লাগিল। সেই সময়ত তেওঁ শ্বেক্সপীয়েৰ, ইবচেন আৰু এণ্টন চেখভৰ নাটক অধ্যয়ন কৰিছিল আৰু সিহঁতৰ নাটকৰ অভিনয় উপেভাগ কৰি নিজকে নাট্যকাৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ সংকল্প লয়। ১৮৯২ চনত তেওঁ ‘Widow’s House’ শিৰোনামেৰে নাটক এখন লিখি উলিয়ায়। নাটকখন প্ৰথমতে লণ্ডন মহানগৰীত মঞ্চস্থ হয়। এইখনেই শ্ব’ৰ প্ৰথম নাটক। নাটকখন লণ্ডন মহানগৰীৰৰ কলুষ কালিমাৰ ওপৰত ৰচনা কৰিছিল। ইয়াৰ উপৰিও নাটকখনত দুৰ্ভগীয়া আৰু দুখীয়া লোকৰ ওপৰত নিৰ্য্যাতন আৰু শোষণৰ চিত্ৰ অংকণ কৰিছিল। ইংৰাজী ভাষাত এনেকুৱা বিষয়ৰ ওপৰত ৰচনা কৰা এইখনেই আছিল প্ৰথম নাটক। নাটকখনে সিমান জনপ্ৰিয়তা অৰ্জন কৰিব নোৱৰিলে যদিও তেওঁ নাটক ৰচনা চলাই থাকিল আৰু Mrs Warner’s Profession, The Devil’s Discipline, Candida আদি নাট লিখি উলিয়ায়। ইতিমধ্যে তেওঁ ১৮৯৮ চনত Charlotte Payne Towshed নামৰ তিৰোতা এজনীক বিয়া কাৰায় আৰু লণ্ডন মহানগৰীত বসবাস কৰিবলৈ লয়। ১৯০৪ চনত তেওঁৰ ৰচিত নাটক কেইখন মঞ্চত সফলতা অৰ্জন কৰে আৰু লগে লগে তেওঁৰ নাম আৰু যশস্যা চাৰিওফালে সিঁচৰতি হৈ পৰে। 

জৰ্জ বাৰ্ণাৰ্ড শ্ব’ৰ ব্যক্তিত্ব যেনে আছিল তেওঁৰ নাটকবোৰো  তেনে আছিল। তেওঁৰ নাটকবোৰ আছিল তেওঁৰ চিন্তা আৰু ভাৱধাৰাৰ সূচীপত্ৰ। যদিও তেওঁ শ্বেক্সপীয়েৰ, ইবচেন, চেখভ আদিৰ দ্বাৰা প্ৰভাৱিত হৈছিল তথাপি তেওঁ সিহঁতৰ কাকো আৰ্হি হিচাপে গ্ৰহণ নকৰি সম্পূৰ্ণ নিজৰ দৃষ্টিভঙ্গীৰে নাটক ৰচনা কৰিছিল। তেওঁ এবাৰ কৈছিল, “মোৰ নাটকৰ উদ্দেশ্য হৈছে- দেশবাসীক মোৰ চিন্তা আৰু আদৰ্শৰ প্ৰতি উদ্বুদ্ধ কৰা।” গতিকে তেওঁৰ নাটকবোৰ  হৈ পৰিছিল তেওঁৰ নিজস্ব মতবাদৰ বিজ্ঞাপন। তেওঁৰ নাটকৰ শৈলী আৰু গঠনত ঐক্য আৰু সু-সংবদ্ধতাৰ অভাৱ পৰিলক্ষিত হয়। তেওঁৰ চৰিত্ৰসমূহ কেতিয়াও পূৰ্ণ পৰ্যায়ৰ নহয়; সেইবোৰৰ  অকল বৌদ্ধিক দিশটোৰহে প্ৰতিফলন ঘটিছে। নাটকৰ সংলাপসমূহ সঘনে ব্যঙ্গ আৰু বুদ্ধিদীপ্ত উক্তিৰে ভৰপুৰ। গতিকে ক’ব পাৰি যে কলাত্মক দিশৰ পৰা তেওঁৰ নাটকবোৰ সিমান সফল নহয়। কিন্তু চিন্তা আৰু ভাৱৰ পিনৰ পৰা প্ৰশংসাৰ যোগ্য। ইয়াত কোৱাটো বাঞ্চনীয় যে তেওঁৰ চিন্তা আৰু ভাৱ চৰম নহয়, সেইবোৰ হৈছে তেওঁ খেয়ালী মনৰ অভিব্যক্তিহে। উদাহৰণ হিচাপে তেওঁ তিৰোতাক মুক্ত আৰু পুৰুষৰ সমান মৰ্য্যাদা দিয়াৰ পক্ষপাতিত্ব কৰিছিল -যিটো নিশ্চয় প্ৰশংসাৰ যোগ্য। কিন্তু তেওঁ যেতিয়া মুক্ত যৌন ক্ৰিয়াৰ সপক্ষে কৈছিল তেতিয়া তেওঁ সামাজিক শৃংখলা আনকি বিবাহ নামৰ অনুষ্ঠানৰ বিৰুদ্ধে গৈছিল। জীৱবিদ্যামতে মুক্ত যৌন ক্ৰিয়া যুক্তি সংগত যেন লাগিলেও সমাজবিদ্যামতে আনকি নৈতিকতাৰ পিনৰ পৰা অযুক্তিকৰ আৰু অস্বাস্থ্যকৰ।

তেওঁৰ মুক্ত আৰু নতুন ভাৱাদৰ্শ কেতিয়াবা যুক্তিযুক্ত যেন লাগিলেও সেইবোৰত সাধাৰণীকৰণ আৰু মানৱীয়কৰণৰ অভাৱ পৰিলক্ষিত হয়, যাৰ বাবে  তেওঁৰ ভাৱাদৰ্শ আৰু চিন্তাই মানুহৰ মনত গভীৰ সাঁচ পেলাব নোৱাৰিলে।

১৯২৫ চনত তেওঁ সাহিত্যত নেবল বঁটা লাভ কৰে। যদিও তেওঁৰ নাটকসমূহ কলাত্মক দিশৰ পৰা সু-সমন্বয় আৰু সংযমৰ অভাৱত ভূগি আছে তথাপি বিষয়বস্তুৰ দিশৰ পৰা তেওঁৰ নাটকৰ বিশেষ আকৰ্ষণ আছে। ১৯২৩ চনত তেওঁ ‘St. Joan’  নাটকখন লিখে -যিখন অকল ইংলেণ্ডতেই নহয় আমেৰিকাতো প্ৰচুৰ সমাদৰ লাভ কৰে।

তেওঁৰ জটিল ব্যক্তিত্ব আৰু নৱ দৃষ্টিভঙ্গীৰ নাটকবোৰে  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল আৰু বিংশ শতাব্দীৰ প্ৰথম পাঁচোটা দহকত তেওঁৰ নাম লোক কথাত পৰিণত হৈছিল।

১৯৫০ চনত চৌৰানব্বৈ   বছৰ বয়সত এইজন মহান নাট্যকাৰৰ মৃত্যু হয়।

এক গুচ্ছ জীৱনী

 

চেমুৱেল বেকেট

চেমুৱেল বেকেট (Samuel Beckett) আছিল নবেল বঁটা বিজয়ী বিংশ শতাব্দীৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন এজন ফৰাচী নাট্যকাৰ। এইজন নাট্যকাৰে পূৰ্বৰ পৰা চলি অহা নাট্যধাৰাক উলাই কৰি সম্পূৰ্ণ নিজস্ব মইমতীয়া দৃষ্টি-ভংগীৰে এক নতুন শ্ৰেণীৰ নাটকৰ জন্ম দিছিল–যি  প্ৰকাৰৰ নাটকক নাট্য সাহিত্যৰ ইতিহাসত ‘অপুদ্ঘাত নাটক’ বা ‘উদ্ভট নাটক’ (Absurd Drama) বুলি  নামকৰণ কৰা হৈছে। বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকত এইজন নাট্যকাৰে ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিছিল যে তেওঁৰ Waiting for Godod  শিৰোনামৰ এখন নাটক প্ৰকাশ পোৱাৰ প্ৰথম পাঁচোটা বছৰত বিশ্বৰ বিশটা ভাষাত অনুদিত হৈ বিশ্বৰ পঁচিশখন দেশত মঞ্চস্থ হৈছিল।

এইজন ফৰাচী নাট্যকাৰ চেমুৱেল বেকেটৰ জন্ম হয় ১৯০৬ চনৰ ১৩ এপ্ৰিলত আয়াৰলেণ্ডৰ ডুবলিন চহৰৰ ফক্সৰ’ক নামে ঠাইত। তেওঁৰ পিতৃ-মাতৃ আছিল প্ৰটেষ্টান সম্প্ৰদায়ৰ। পিতৃ-মাতৃৰ ফালৰ পৰা এইজন নাট্যকাৰে সংস্কাৰবাদী আৰু মানৱতাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত হৈছিল। তেওঁ তেওঁৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল আলষ্টাৰ নামে ঠাইত থকা পৰ্টুৰা ৰয়েল স্কুলৰ পৰা। ইয়াৰ পিছত তেওঁ ডুবলিনৰ ট্ৰিনিটি কলেজলৈ যায় আৰু আধুনিক ভাষা শাস্ত্ৰত স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰে। ১৯২৮ চনত তেওঁ পেৰিচলৈ গৈ এখন মহাবিদ্যালয়ত ইংৰাজী সাহিত্যৰ প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৩১ চনত তেওঁ এই পদ ত্যাগ কৰি লণ্ডনলৈ যায় আৰু তাৰ পৰা সমগ্ৰ ইউৰোপ ভ্ৰমণ কৰি ১৯৩৭ চনত পেৰিচত থিতাপি লয়।

পেৰিচত তেওঁ জেমচ জয়চ (James Joyce) ক লগ পায়। জেমচ জয়চ আছিল সেইসময়ৰ এজন জনপ্ৰিয় ঔপন্যাসিক। পেৰিচত বেকেটে পোন প্ৰথমতে এজন প্ৰৱন্ধকাৰ হিচাপে  আত্ম প্ৰকাশ কৰে। তেওঁ ডান্টে, বাৰ্ণো, ভিকো আদি প্ৰখ্যাত ঐতিহাসিক ব্যক্তিকসলৰ ওপৰত প্ৰৱন্ধ ৰচনা কৰে। তেওঁৰ প্ৰৱন্ধই জেমচ জয়েচক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল আৰু তেওঁ বেকেটক ‘প্ৰতিভাৰ আকৰ’ বুলি অভিনন্দন জনাইছিল। বেকেটে সঘনে জেমচ জয়চৰ ঘৰলৈ আহ-যাহ কৰিছিল। তেতিয়া জেমচ জয়চৰ লুচিয়া নামৰ ছোৱালী এজনীয়ে বেকেটৰ প্ৰতি আকৰ্ষিত হৈ বেকেটৰ প্ৰেমত পৰে। কিন্তু বেকেটে লুচিয়াৰ প্ৰেম অগ্ৰাহ্য কৰি কয়, “তেওঁ অকল তাইৰ পিতৃক লগ কৰিবলৈহে আহে। ইয়াৰ বাহিৰে তেওঁৰ আন কোনো উদ্দেশ্য নাই।” এনেদৰে লুচিয়াৰ প্ৰেম প্ৰত্যাখ্যান কৰি বেকেটে মিছ চুজেন (Miss Suzane) নামৰ দীপলিপ ছোৱালী এজনীক বিয়া কৰায়।

সামাজিক আচৰণ আৰু বৌদ্ধিক দিশত জেমচ জয়চ আৰু বেকেটৰ মাজত যথেষ্ট সাদৃশ্য আছিল। দুয়োজনেই হতাশাত ভূগিছিল — যি হাতাশা সিহঁতৰ সৃষ্টিকৰ্মত প্ৰতিফলিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সময়ত বেকেটে জাৰ্মানীৰ বিৰুদ্ধে ফ্ৰান্সৰ প্ৰতিৰোধ বাহিনীত যোগদান কৰিছিল। ইয়াৰ প্ৰথম দুটা বছৰত গুপ্তচৰ সেনা হিচাপে  আৰু দ্বিতীয় দুবছৰ জাৰ্মানীৰ গুপ্তচৰ পুলিচ গোস্টােপা বাহিনীৰ পৰা হাত সাৰিবলৈ পলাই থাকিব লগা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধই বেকেটৰ চৰিত্ৰৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। ১৯৩৯ চনত যেতিয়া জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে, তেতিয়া বেকেটে মাকক দেখা কৰিবলৈ আয়াৰলেণ্ডলৈ যায়। কিন্তু বিশ্বযুদ্ধৰ পৰিবেশে  তেওঁক সোনকালে পেৰিচলৈ উভতি আহিবলৈ বাধ্য কৰায়। জাৰ্মানীৰ নাজী বাহিনীয়ে ইহুদী সম্প্ৰদায়ৰ ওপৰত চলোৱা অমানৱীয় হত্যালীলাই বেকেটৰ মনত বাৰুকৈয়ে আঘাত হানিছিল। তেওঁৰ বহুতো ইহুদী বন্ধু জাৰ্মানীৰ বৰ্বৰতাৰ বলি হৈছিল। বেকেটৰ মন জাৰ্মানীৰ প্ৰতি বিদ্ৰোহী হৈ উঠাত ১৯৪০ চনত সক্ৰিয়ভাৱে ফ্ৰান্সৰ  গুপ্তচৰ বাহিনীত  যোগদান কৰে। ১৯৪১ চনত তেওঁৰ গুপ্তচৰ দলটো প্ৰতাৰিত হোৱাত সেই দলৰ ৮০ জন সদস্যৰ মাত্ৰ ২০ জনৰ বাহিৰে আন সকলোবোৰ  সদস্যই মৃত্যু মুখত পৰে। বেকেট আৰু তেওঁৰ পত্নী চুজানে কোনোমতে গোষ্টােপা বাহিনীৰ হাতৰ পৰা ৰক্ষা পৰে। সিহঁতে প্ৰাণ লৈ অৱশেষত ফ্রান্সলৈ ঘূৰি আহে। সিহঁতে ফ্রান্সৰ এভিগনন নামৰ পাৰ্বত্য গাওঁ এখনত আশ্ৰয় লয় আৰু জাৰ্মানীৰ পতন হোৱালৈকে তাতে থাকে। তাত থকা কেইদিন বেকেটে দিনৰ ভাগত এজন বনুৱা হিচাপে কাম কৰি জীৱিকা উপাৰ্জন কৰিছিল। বিশ্বযুদ্ধ অন্ত পৰাৰ লগে লগে তেওঁ মাকক দেখা কৰিবলৈ আয়াৰলেণ্ডলৈ যায়। কিন্তু সেই সময়ত তেওঁৰ স্বাস্থ্য ইমানেই ভাগি পৰিছিল যে তেওঁৰ পুৰণি বন্ধুসকলে তেওঁক চিনিব পৰা নাছিল। সেই সময়ৰ অন্যান্য সাহিত্যিকসকলৰ তুলনাত বেকেটে অধিক নৰহত্যাৰ চাক্ষুষ অভিজ্ঞতা লাভ কৰিছিল। এনেদৰে তেওঁ অন্তৰত ভয়, যাতনা আৰু জটিলতাৰ দাবালনত ভূগিছিল। কিন্তু তেওঁ যিকোনো পৰিস্থিতিত জীয়াই থাকিবলৈ দৃঢ়  সংকল্প লৈছিল।

১৯৪৫ চনত বেকেটে তেওঁৰ স্থায়ী নিবাস পেৰিচলৈ গৈ নিজকে একাণপতীয়াকৈ সাহিত্য সেৱাত নিয়োজিত কৰে। ইয়াৰ পিচৰ পাঁচোটা বছৰত তেওঁৰ জীৱনৰ উল্লেখযোগ্য ৰচনাসমূহৰ কাম সম্পূৰ্ণ কৰে। সেই সময়ত তেওঁ তেওঁৰ  শ্রেষ্ঠ নাটক  Waiting for Godot  ৰচনা কৰে।

নাট্যকাৰ হিচাপে তেওঁ আছিল নতুনত্বৰ অধিকাৰী। কাৰণ তেওঁ প্ৰচলিত সকলো নাট্যধাৰাক নুই কৰি সম্পূৰ্ণ নতুন, নিজস্ব কলা-কৌশলেৰে নাটক লিখিছিল। তেওঁ তেওঁৰ নাটকত মানৱ প্ৰকৃতিৰ জটিল আৰু কৰুণ দিশসমূহ হাস্যৰসৰ উপাদান সানি উপস্থাপন কৰিছিল। তেওঁৰ নাটকসমূহক ‘উদ্ভট নাটক’ বুলি কোৱা হয়। নাট্যকাৰ হিচাপে তেওঁ সুদূৰ প্ৰসাৰী স্থান লাভ কৰিব নোৱাৰিলেও বিংশ শতাব্দীৰ জনপ্ৰিয় নাট্যকাৰসকলৰ ভিতৰত তেওঁৰ নাম শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়।

এক গুচ্ছ জীৱনী

 

 লুডউইগ ভ’ন বিথুভেন 

লুডউইগ ভ’ন বিথুভেন  (Ludwig Von Beethoven) আছিল ঊনবিংশ শতিকাৰ জাৰ্মানীৰ এজন সংগীতজ্ঞ। পিয়ানোবাদক আৰু অৰ্গেনবাদক হিচাপে তেওঁ আন্তৰ্জাতিক যশ-খ্যাতি লাভ কৰাৰ লগতে জীৱন কালতেই ‘সুৰৰ যাদুকৰ’, ‘সুৰ সম্ৰাট’ আদি বিশেষণেৰে বিভূষিত হৈ কিংবদন্তীত পৰিণত হৈছিল।

এইজন প্ৰখ্যাত সঙ্গীতজ্ঞজনৰ জন্ম হৈছিল জাৰ্মানীৰ ৰাইনলেণ্ড নামৰ এখন নগৰৰ এটি দুখীয়া পৰিয়ালত ১৭৭০ চনৰ ১৬ ডিচেম্বৰত। তেওঁৰ দেউতাকৰ নাম আছিল ৰোহেন বিথুভেন। ৰোহেন বিথুভেন আছিল পিয়ানো আৰু  ভায়োলিনবাদক। তেওঁ নিজে ভায়োলিন আৰু পিয়ানোবাদক হিচাপে যশ আৰু খ্যাতি অৰ্জন কৰাৰ বাবে হাবিয়াস কৰিছিল যদিও তেওঁৰ দুৰ্ঘোৰ মদাহী স্বভাৱে তেওঁক এই হাবিয়াস পূৰণৰ পথত অন্তৰায় হিচাপে থিয় দিয়ে। অৱশেষত তেওঁ বাদ্য এৰি গীত গাবলৈ লয় আৰু নিজকে গায়ক হিচাপে প্রতিষ্ঠা কৰাত সফল হয়। ঘৰত দৰিদ্ৰতা আৰু বিশৃঙ্খলা থকা সত্বেও পুত্ৰ লুডউইগ ভ’ন বিথুভেনে সংগীত চৰ্চা কৰাৰ বাবে প্ৰাথমিক আহিলা নিজ ঘৰতে পাইছিল। নিজে সংগীতজ্ঞ হ’ব নোৱাৰি ৰোহন বিথুভেনে পুত্ৰৰ ওপৰত চকু দিয়ে। সন্তানৰ মাজত নিজৰ হাবিয়াস পূৰণ কৰিবলৈ পুত্ৰ বিথুভেনক নিজেই পিয়লা আৰু বেহেলাৰ তালিম দিবলৈ ধৰে। অলপ দিনৰ ভিতৰতে পুত্ৰ বিথুভেনে পিয়ানো বাদ্যৰ তাল, মান, লয় আদি আয়ত্ব কৰি লয় । বিথুভেনৰ মাজত প্ৰতিভাৰ উমান পাই পিতাকে তেওঁক এখন স্কুলত ভৰ্তি কৰাই দিলে। পঢ়া-শুনাৰ প্ৰতি বিথুভেন আছিল উদাসীন। সেয়ে পিতাকে পুতেকক আচুতীয়াকৈ সংগীত শিক্ষা দিয়াৰ বাবে  ভন ডেন ইডেন নামৰ এজন শিক্ষক নিযুক্ত কৰিলে। গৃহ শিক্ষকৰ তত্বাৱধানত শিশু বিথুভেন অৰ্গেনবাদক হিচাপে  পাকৈত হৈ উঠিল। ইতিমধ্যে পৰিয়ালত দৰিদ্ৰতাই চৰম সীমা পালে। অৱশেষত ভন ডেন ইডেন নামৰ সেই শিক্ষকজনৰ সহানুভূতি আৰু প্ৰচেষ্টাৰ দ্বাৰা মাত্ৰ তেৰ বছৰ বয়সত লুডউইগ বিথুভেনে ৰাজদৰবাৰত সহায়কাৰী অৰ্গেনবাদক হিচাপে নিযুক্তি লাভ কৰে। ৰাজদৰবাৰত বিথুভেনে সংগীত চৰ্চাৰ অনুকূল পৰিবেশ পোৱাৰ লগতে আন বহুতো সংগীতজ্ঞৰ সান্নিধ্য লাভ কৰে। অলপ দিনৰ ভিতৰতে ৰাজদৰবাৰত সংগীত পৰিবেশন  কৰি তেওঁ যথেষ্ট যশ আৰু প্ৰশংসা বুটলিলে। তেওঁৰ মাহিলী দৰমহাও বৃদ্ধি পালে।

এবাৰ তেওঁ এজন সুভাকাংঙ্খীৰ সহায়ত ভিয়েনাৰ এটি সংগীত সমাৰোহত ভাগ লোৱাৰ সুযোগ পায়। যথাসময়ত বিথুভেনে নিজৰ সংগীত পৰিবেশন কৰিলে। উপস্থিত শ্ৰোতামণ্ডলীৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ উপৰিও সেইখন অনুষ্ঠানত সংগীত প্ৰবাদ পুৰুষ আন্তৰ্জাতিক খ্যাতি সম্পন্ন মোজাৰ্ট উপস্থিত আছিল। মোজাৰ্টে এইজন সৰু শিল্পীৰ সুৰৰ লহৰত মুগ্ধ হয়। মোজাৰ্টে বিথুভেনৰ মাজত ভৱিষ্যতৰ সোণালী কিৰণৰ জিলিকনি দেখা পাই অনুষ্ঠানৰ শেষত নিজেই বিথুভেনক লগ ধৰে। মোজাৰ্টে বিথুভেনক প্ৰশংসা কৰাৰ লগতে সংগীতৰ বিষয়ে বহুতো জ্ঞানগৰ্ভী দিহা পৰামৰ্শ আগবঢ়ায় । বিথুভেনও মোজাৰ্টৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিভাৱত মোহিত হৈ মোজাৰ্টৰ শিষ্যত্ব গ্ৰহণ কৰিলে। হীৰা আৰু সোণৰ সংযোগ ঘটিল। মোজাৰ্টৰ পৰা বিথুভেনে সংগীতৰ বাকী থকা প্ৰায় আটাইবোৰ  শিক্ষা আয়ত্ব কৰি ললে। ইতিমধ্যে বিথুভেনৰ পিতৃ-মাতৃ দুয়োজনৰে মৃত্যু ঘটিছে। বিথুভেন ঘৰুৱা বান্ধোনৰ পৰা স্বাধীন হ’ল। মোজাৰ্টৰ লগত বিভিন্ন সংগীত অনুষ্ঠানত  ভাগ ল’বলৈ ধৰিলে।

এবাৰ এখন সংগীত অনুষ্ঠানত  সেই সময়ৰ আন এজন প্ৰখ্যাত সংগীতজ্ঞ মিষ্টাৰ হাইডেনক লগ পায়। হাইডেনে বিথুভেনক প্ৰশংসা কৰাৰ উপৰিও বিথুভেনক নিজৰ শিষ্যত্বও দান কৰিলে। এইবাৰ বিথুভেনে গুৰু হাইডেনৰ লগত ভিয়েনাত নিগাজীকৈ থাকিবলৈ ললে। তেওঁৰ অধীনত সংগীতৰ উচ্চতম পাঠ গ্ৰহণ কৰি কেইবাটাও স্ব-সুৰৰ সৃষ্টি কৰিলে। সংগীতত এইবাৰ বিথুভেন পাকৈত হৈ উঠিল।

বিথুভেনৰ যশ চাৰিওপিনে সিঁচৰতি হৈ পৰিল। তেওঁৰ হাতত যশৰ লগতে যথেষ্ট অৰ্থও আহিল। অৰ্থৰ আধিক্যই বিথুভেনৰ স্বভাৱ পৰিৱৰ্তন কৰি দিলে। তেওঁ আত্মগৌৰৱী হৈ উঠিল। স্বভাৱ হৈ পৰিল খিঙখিঙগীয়া । গুৰু হাইডেনৰ লগত তেওঁৰ প্ৰায়েই কাজিয়া হ’বলৈ ধৰিলে। অৱশেষত হাইডেনৰ পৰা আঁতৰি আহিল। পিছত মোজাৰ্টৰ প্ৰতিদ্বন্দ্বীস্বৰূপ চেলিইভি নামৰ আন এজন সংগীতজ্ঞৰ লগ লাগিল। সেই সময়ত বিথুভেনৰ প্ৰকৃতি  ইমানেই  ৰুক্ষ হ’ল যে তেওঁ প্ৰায়েই আগৰ গুৰু মোজাৰ্ট আৰু হাইডেনৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিবলৈ ধৰিলে।

এদিন হঠাৎ বিথুভেনে অনুভৱ কৰিলে যে তেওঁ বাদ্যযন্ত্ৰত যি সুৰৰ লহৰ তুলিছে সেয়া কাণেৰে শুনিব পৰা নাই। বিথুভেন শিহঁৰিত হৈ উঠিল। চিকিৎসকৰ ওচৰলৈ লৰ মাৰিলে। চিকিৎসকে পৰীক্ষা কৰি ঘোষণা কৰিলে যে  তেওঁৰ কাণৰ পৰ্দা দুৰ্বল হৈ গৈছে। বিথুভেন হাতাশাত মানসিকভাৱে ভাগি পৰিল। বুকুত প্ৰচণ্ড হাতাশাৰ আঘাত বাজি উঠা অনুভৱ কৰিলে। লগে লগে তেওঁ সিদ্ধান্ত ললে যে তেওঁৰ মেজাজ পৰিৱৰ্তন কৰিব। সিদ্ধান্ত মতে কাম কৰিলে। ৰাতিৰ ভিতৰতে মদ খোৱা এৰি পেলালে। কাজিয়া কৰা বন্ধ কৰি দিলে। ঈৰ্ষাৰ বশৱৰ্তী হৈ যিসকলক  অপমান কৰিছিল সিহঁতৰ প্ৰতি নম্ৰ আৰু বিনয়ী হৈ পৰিল। কিন্তু কোনো ব্যক্তিৰ জীৱনলৈ যেতিয়া বিপৰ্যয় নামি আহে তেতিয়া চাৰিওপিনৰ পৰা ঘেৰি ধৰে। এইবাৰ বিথুভেনৰ জিভা দুখনো বিকল হৈ আহিল। মাত-কথা নোলায়। তেওঁৰ এনে বিপৰ্যৰ সময়ত নিজৰ বন্ধু-বান্ধবীও তেওঁৰ পৰা আঁতৰি যোৱা আৰম্ভ কৰিলে। বিথুভেন হতাশা আৰু অনুতাপত জৰ্জৰিত হ’ল। তথাপি তেওঁ সুৰৰ সাধনা চলাই থাকিল। বহুতো সুৰৰ সৃষ্টি কৰিলে।

এবাৰ ১৮২৪ চনৰ কোনোবা এটি সন্ধিয়া ভিয়েনা মহানগৰীৰ এটি সংগীত সমাৰোহত তেওঁ পিয়ানো বজাই আছে। পেক্ষাগৃহভৰ্তি শ্ৰোতামণ্ডলীয়ে বিথুভেনৰ পিয়ানোৰ সুৰত মোহ গৈছে। এটা সময়ত পিয়ানোত সুৰৰ শেষ লহৰ  পৰিল। পেক্ষাগৃহভৰ্তি শ্ৰোতামণ্ডলীয়ে কোনো কাল্পনিক আনন্দময় জগতৰ পৰা যেন হঠাতে বাস্তৱলৈ ঘূৰি আহিল। বাদ্যকৰজনৰ প্ৰশংসাত দৰ্শকে হাত চাপৰি মাৰিলে। কিন্তু বাদ্যকৰজনৰ কোনো সাৰ-সুৰ নাই। দৰ্শকে আকৌ জোৰেৰে দুগুণ উৎসাহেৰে হাত চাপৰিৰ ৰেয়াজ তুলিলে। এইবাৰো বাদ্যকৰজন মুখ তুলি দৰ্শকৰ অভিবাদনৰ প্ৰতি কোনো সঁহাৰি নজনালে। পিয়ানোবাদকে পিয়ানোৰ ওপৰত মূৰ পেলাই চকু মুদি নির্বিকাৰভাৱে তলমুখ কৰি আছে। দৰ্শকসকল আচৰতি হ’ল। সিহঁতৰ অভিবাদন মূৰ তুলি গ্ৰহণ নকৰাৰ বাবে  বহুতে ভিতৰি ভিতৰি অসন্তোষ প্ৰকাশ কৰিলে। এইবাৰ মঞ্চৰ আঁৰৰ পৰা  এজন লোক ওলাই আহি শিল্পীগৰাকীৰ মুখমণ্ডল দৰ্শকৰ পিনে ঘূৰাই দিলে। শিল্পী গৰাকীয়ে মূৰ দুপিয়ালে। মুখেৰে কিবা ক’ব খুজিলে যদিও কোনো শব্দ ওলাই নাহিল। তেতিয়াহে দৰ্শকবৃন্দই  জানিব পাৰিলে যে সিহঁতৰ প্ৰিয় শিল্পীজন কলা আৰু বধিৰ অৰ্থাৎ কাণেৰেও নুশুনে আৰু মুখেৰেও মাতিব নোৱাৰে।

এই মহান সংগীত শিল্পীজনৰ মৃত্যু হয় ১৮২৭ চনৰ ২৬ মাৰ্চত। কলা আৰু বধিৰ হৈয়ো সংগীত জগতত বিথুভেনে যি অনন্য প্ৰতিভাৰ সাক্ষৰ ৰাখি গ’ল সেয়া সংগীতৰ ইতিহাসত এক বিষ্ময়কৰ অধ্যায় হিচাপে চিৰদিন থাকি যাব।

এক গুচ্ছ জীৱনী

 

 ষ্টিফেন উইলিয়াম হকিং

এয়া হ’ল এজন বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তিৰ জীৱন বিষয়ক বিৱৰণ। তেওঁ হ’ল ষ্টিফেন উইলিয়াম হকিং। অতি  তীক্ষ্ণ  বুদ্ধিসম্পন্ন আৰু প্ৰায় সম্পূৰ্ণৰূপে পক্ষাঘাতযুক্ত জ্যোৰ্তি-পদাৰ্থবিজ্ঞানী ষ্টিফেন উইলিয়াম  হকিং একবিংশ শতিকাৰ মহান বিজ্ঞানীসকলৰ ভিতৰত অন্যতম। 

এজন ইংৰাজ কচম’লজিষ্ট, ষ্টিফেন হকিং জ্যোতি বিজ্ঞানী গেলিলিঅ’ গেলিলিৰ মৃত্যুৰ তিনিশ বছৰ পিছত জানুৱাৰী ৮, ১৯৪২ চনত ইংলেণ্ডত জন্ম গ্ৰহণ কৰিছিল। তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত ভৰ্তি হৈ পদাৰ্থবিজ্ঞান অধ্যয়ন কৰিছিল। তেওঁৰ দেউতাকে তেওঁক মেডিচাইনৰ ওপৰত মনোযোগ দিবলৈ জোৰ দিছিল। কিন্তু ষ্টিফেনে  সামগ্ৰিক বিশ্বব্রহ্মাণ্ডৰ উৎপত্তি  তত্ব (কচম’লজি) ৰ ওপৰত গৱেষণা  কৰিবলৈ কেম্ব্ৰিজলৈ যায় ।

১৯৬৩ চনৰ প্ৰাৰম্ভিকতে, তেওঁৰ ২১তম জন্ম দিনত হকিংৰ মটৰ নিউৰণ ৰোগ ধৰা পৰে, এই ৰোগটোক সাধাৰণভাৱে লু গেহৰিড ৰোগ বা এমিঅ’ট্ৰফিক লেটাৰেল লেৰচিচ (এ এল এ) বুলি জনা যায়। তেওঁ দু বছৰতকৈ অধিক দিন জীয়াই থাকিব বুলি আশা কৰা হোৱা নাছিল। কিন্তু তেওঁ জীয়াই থাকিল আৰু  পি. এইচ. ডি. ডিগ্ৰী লাভ কৰাৰ লগতে  বিশ্বব্রহ্মাণ্ডৰ বোধগম্যতাৰ নতুন পথ সৃষ্টি কৰে। পৰিশেষত তেওঁৰ ৰোগটো সিঁচৰতি হৈছিল। হকিং কম লৰচৰ কৰিব পৰা হয়। তেওঁ নিজকে হুইল চিয়াৰত আৱদ্ধ ৰাখিব লগা হয়। তেওঁৰ কথোপকথনো অধিক প্রত্যাহ্বানযুক্ত হ’ল। ১৯৮৫ চনত এক জৰুৰী ট্ৰেচ’টমি চিকিৎসাত তেওঁ বাকশক্তি সম্পূৰ্ণৰূপে  হেৰুৱাই পেলায়। পিছত তেওঁ কম্পিউটাৰত পাঞ্চিং বুটামৰ সহায়ত কথা পাতিব লগা হয়। মেচিনটোৱে যন্ত্ৰবৎ সুৰত তেওঁৰ হৈ কথা পাতে।  এক ছফ্টৱেৰ প্ৰ’গ্ৰেমৰ সহযোগত কেমব্রিজত  কথা সৃষ্টি কৰা এক যন্ত্ৰ সাজি উলিওৱা হয় আৰু এই যন্ত্ৰটোৱে তেওঁক বৈদ্যুতিকভাৱে কথা পতাৰ সেৱা আগবঢ়ায়। এইটোৱে তেওঁৰ গালৰ শিৰাসমূহ লৰচৰ কৰাৰ জৰিয়তে হকিঙক  শব্দ নিৰ্বাচন কৰাত সুবিধা কৰি দিয়ে।

ষ্টিফেন হকিঙে  ১৯৬৫ চনত জেন ওৱাইল্ডৰ লগত বিবাহ পাশত আবদ্ধ হয়। সিহঁতৰ তিনিটা ল’ৰা-ছোৱালী হৈছিল। ইয়াৰ পিছত সিহঁত পৰস্পৰে পৰস্পৰৰ পৰা পৃথক হয়। হকিঙে ১৯৯৫ চনত পুনৰ বিবাহ কৰে কিন্তু ২০০৬ চনত বিবাহ বিচ্ছদ ঘটে।

গ্ৰেজুৱেশ্বন লাভ কৰাৰ  পিছত হকিঙে ৰিচাৰ্চ ফেল’ হিচাপে আৰু পিছলৈ কেমব্রিজত বৃত্তিধাৰী  ফেল’ হিচােপ সেৱা আগবঢ়ায় । ১৯৭৪ চনত বিশ্বব্যাপী বিজ্ঞানীসকলৰ  ফেল’শ্বিপৰ ৰয়েল চ’ছাইটিত তেওঁক নিযুক্তি দিয়া হয়। ১৯৭৯ চনত তেওঁক কেমব্রিজত লিউকেচিয়ান প্ৰফেচৰ অফ মেথমিটিকচ হিচাপে  নিযুক্তি পায়। ই হৈছে বিশ্বৰ অতি বিখ্যাত আনুষ্ঠানিক পদবী। তেওঁ হৈছে আইজাক নিউটনৰ যোগ্য উত্তৰসুৰী । এই  সময়ছোৱাত হকিঙে  বিশ্বব্রহ্মাণ্ডক পৰিচালনা কৰি থকা মৌলিক সূত্ৰসমূহৰ ওপৰত অধ্যয়ন কৰিছিল।

ষ্টিফেন হকিং এজন  জনপ্ৰিয় লিখকো আছিল। তেওঁৰ প্ৰথম গ্ৰন্থ, ‘এ ব্রিফ হিষ্টুৰী অফ টাইম’ ১৯৮৮ চনত প্ৰকাশিত হয়। ই আন্তৰ্জাতিকভাৱে বেছি বিক্ৰী হোৱা কিতাপত পৰিণত হয়। এই কিতাপখনৰ জৰিয়তে হকিঙে সৰ্বসাধাৰণ মানুহৰ লগত বিশ্বব্রহ্মাণ্ডৰ জন্ম আৰু মৃত্যু বিষয়ক প্ৰশ্নসমূহৰ  আদান-প্ৰদান কৰাৰ লক্ষ্য লৈছিল। তেওঁৰ অন্যান্য সৃষ্টিসমূহ হ’ল – ‘এ ব্রিফাৰ হিষ্টুৰি অফ টাইম’, ‘দি ইউনিভাৰ্চ ইন এ নাটছেল’, ‘দি গ্ৰেণ্ড ডিজাইন’, আৰু ‘অন দ্যা চলজাৰ্চ অফ গিয়ান্টচ’। তেওঁ আৰু তেওঁৰ জীয়েক লুচি হকিঙে  বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ ওপৰত মজলীয়া বিদ্যালয়ৰ ল’ৰা-ছোৱালীৰ বাৰে  এলানি কাল্পনিক পুথি ৰচনা কৰিছে।

অতি বিশেষ প্ৰতিভাসম্পন্ন ষ্টিফেন উইলিয়াম হকিং হৈছে অন্যান্য অক্ষম ব্যক্তিসকলৰ বাবে এক মহান প্ৰেৰণাদায়ক ব্যক্তি।

এইজন মহান বিজ্ঞানীয়ে ৭৬ বছৰ বয়সত ২০১৮ চনত ১৪ মাৰ্চত মৃত্যু বৰণ কৰে।

এক গুচ্ছ জীৱনী

 

  উইলিয়াম শ্বেক্সপীয়েৰ

উইলিয়াম শ্বেক্সপীয়েৰৰ নাম নুশুনা সম্ভব্তঃ কোনো শিক্ষিত ব্যক্তি নাই; আৰু যদি তেনে কোনো ব্যক্তি আছে তেওঁ নিশ্চয় দুৰ্ভগীয়া। তেওঁ আছিল সৰ্বযুগৰ সর্বশ্রেষ্ঠ  এজন ইংৰাজ নাট্যকাৰ আৰু কবি।

উইলিয়াম শ্বেক্সপীয়েৰ ইংলেণ্ডৰ ওৱাৰউইকশ্বেয়াৰৰ ষ্ট্ৰেটফৰ্ড-অন-এভনত ১৫৬৪ চনৰ ২৩ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আছিল জন শ্বেক্সপীয়েৰ আৰু মেৰীৰ শ্বেক্সপীয়েৰৰ জ্যেষ্ঠ ল’ৰা আৰু তৃতীয় সন্তান। তেওঁ ষ্ট্ৰেটফৰ্ড গ্ৰামাৰ স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। স্কুলীয়া শিক্ষা শেষ হোৱাৰ পিছত, শ্বেক্সপীয়েৰে মুক্ত জীৱন যাপন কৰা আৰম্ভ কৰিছিল। ওঠৰ বছৰ বয়সত তেওঁ এনী হাথাওৱেক বিয়া কৰায় যিজনী উইলিয়াম শ্বেক্সপীয়েৰতকৈ আট বছৰ ডাঙৰ আছিল । সিহঁতৰ প্ৰথম সন্তান চুচান্না ১৫৮৩ চনৰ মে মাহত জন্ম গ্ৰহণ কৰিছিল। ১৫৮৫ চনৰ ফেব্ৰুৱাৰীত হামনেট আৰু জুডিথ —  দুই যমৰ জন্ম হৈছিল। নগৰখনৰ মাজেদি বৈ  যোৱা এভন নদীৰ নামেৰে শ্বেক্সপীয়েৰক ‘বাৰ্ড অফ এভন’ (এনভৰ কবি) নামৰে বিভূষিত কৰা হৈছিল।

উইলিয়াম শ্বেক্সপীয়েৰে ৩৮ খন নাটক, ১৫৪ খন চনেট, ২ খন বৰ্ণনাত্মক কবিতা আৰু কিছু অন্যান্য কবিতা ৰচনা কৰিছিল। তেওঁৰ নাটকসমূহ বিশ্বৰ বহুতো ভাষালৈ অনুবাদ কৰা হৈছে আৰু অন্য নাট্যকাৰসকলৰ  নাটকতকৈ তেওঁৰ নাটকসমূহ আটাইতকৈ বেছি  মঞ্চস্থ কৰা হয়। ‘এন্টনি এণ্ড ক্লিওেপট্ৰা’,  ‘হেমলেট’, ‘জুলিয়াচ চিজাৰ’, ‘কিং লিয়াৰ’,  ‘মেকেবথ’, ‘ৰোমিঅ’ এণ্ড জুলিয়েট’ ইত্যাদি হৈছে তেওঁৰ  ট্রেজেডি। ‘দি মাৰ্চেন্ট অফ ভেনিচ’,  ‘এজ ইউ লাইক ইট’, ‘মিজাৰ ফৰ মিজাৰ’ ইত্যাদি হৈছে তেওঁৰ কমেডি। আকৌ ‘হেনৰী ফৰ’, ‘কিং জন’, ‘ৰিচাৰ্ড টু’ ইত্যাদি হৈছে তেওঁৰ ঐতিহাসিক নাটক।

কিছুমান গত্যন্তৰ নোহোৱা কাৰণত শ্বেক্সপীয়েৰে ১৫৮৬ চনত ষ্ট্ৰেটফৰ্ড এৰি লণ্ডনলৈ মহানগৰীলৈ যায়। তথ্য-পাতিয়ে কয় যে ১৫৯২ চনৰ আগতেই তেওঁৰ কেইখনমান নাটক লণ্ডনৰ মঞ্চত মঞ্চস্থ কৰা হৈছিল। ১৬১১ চনৰ পৰা ১৬১৬ চনলৈ শ্বেক্সপীয়েৰে প্ৰধানকৈ ষ্ট্ৰেটফৰ্ডতে বাস কৰিছিল।

মাত্ৰ এটা যুগৰে নাট্যকাৰ নহয় বৰং সৰ্বযুগৰ নাট্যকাৰ উইলিয়াম শ্বেক্সপীয়েৰ বাৱন্ন বছৰ বয়সত ১৬১৬ চনৰ ২৩ এপ্ৰিলৰ দিনা মৃত্যু বৰণ কৰিছিল। তেওঁক ২৫ এপ্ৰিলৰ দিনা ষ্ট্ৰেটফৰ্ড চাৰ্চত কবৰ দিয়া হৈছিল। 

শ্বেক্সপীয়েৰৰ বহুমুখী প্ৰতিভা বৰ্ণনা কৰাটো সম্ভৱ নহয়। আকৌ শ্বেক্সপীয়েৰৰ জীৱনৰ ঘটনাৰ বহুখিনি জানিব পৰা হোৱা নাই। কিন্তু ইংৰাজী ভাষা যিমান দিনলৈ জীয়াই থাকিব সিমান দিনলৈ উইলিয়াম শ্বেক্সপীয়েৰ অমৰ হৈ থাকিব।

এক গুচ্ছ জীৱনী

 

কল্পনা চাওলা

কল্পনা চাওলা আছিল প্ৰথমজনী ভাৰতীয়  মহিলা মহাকাশচাৰী আৰু বিজ্ঞানী। তাই  জুলাই ১, ১৯৬১ চনত হাৰিয়ানাৰ কাৰ্ণালত জন্ম গ্ৰহণ কৰে ।

কল্পনা চাওলাই কাৰ্ণালত থকা ‘ঠাকুৰ বিদ্যালয়ত’ প্রাথমিক  শিক্ষা গ্ৰহণ কৰে ।  তাৰ পিচত পঞ্জাৱ অভিযন্তা মহাবিদ্যালয়ৰ পৰা বিমান অভিযন্তা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে ।  ইয়াৰ পিছত তাই আমেৰিকা যুক্তৰাজ্যলৈ যায়  আৰু টেক্সাচ বিশ্ববিদ্যালয়ৰ পৰা এৰ’স্পেচ ইঞ্জিনিয়াৰিংত স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰে।  উজ্জ্বল আৰু উদ্যমী ছাত্ৰী কল্পনা চাওলাক ক’ল’ৰাডো বিশ্ববিদ্যালয়ৰ পৰা  এৰ’স্পেচ ইঞ্জিনিয়াৰিঙত  পি. এইচ ডি. ডিগ্ৰী প্ৰদান কৰা হয়।

কল্পনা চাওলাই তাইৰ কৰ্ম জীৱন আৰম্ভ কৰে ১৯৮৮ চনত। প্ৰথমতে তাই এজনী গৱেষক হিচাপে  নাচা আমেজ ৰিচাৰ্চ চেন্টাৰত যোগদান কৰে । ১৯৯৪ চনত নাচাই তাইক এজনী মহাকাশচাৰী সদস্য হিচাপে বাচনি কৰে। ১৯৯৬ চনৰ নৱেম্বৰত কল্পনা চাওলাক  মহাকাশযান কলম্বিয়াত মিছন বিশেষজ্ঞ আৰু প্ৰাইম ৰ’বটিক আৰ্ম অপাৰেটৰ হিচাপে  দায়িত্ব দিয়া হয়। তাই আকৌ ২০০৩ চনত ৩০ দিন, ১৪ ঘন্টা  ৫৪ মিনিট মহাকাশত কটায়।

উদ্যমী মহাকাশচাৰী আৰু বিজ্ঞানী কল্পনা চাওলা ২০০৩ চনত মহাকাশযান কলম্বিয়াৰ বিপৰ্যয়ত প্ৰাণ হেৰুৱায়।

কল্পনা চাওলা হৈছে ভাৰতীয় ল’ৰা-ছোৱালীসকলৰ বাবে  এজনী প্ৰেৰণাদায়ক মহিলা। তাইৰ নামত  ভাৰতত আৰু আমেৰিকা যুক্তৰাজ্যত বহুতো স্মৃতি, পুৰষ্কাৰ, ছাত্ৰবৃত্তি  আদি খোলা হৈছে। নাচাই আনকি তাইৰ নামত এটি গ্ৰহাণুৰ নামকৰণ কৰিছে।

এক গুচ্ছ জীৱনী

 

 নীতি  কাহিনীকাৰ  ঈছপ

বিশ্ব সাহিত্যত এনেকুৱা কিছুমান গল্প, কবিতা আৰু অন্যান্য সাহিত্যকৰ্ম আছে যিবোৰ মানৱ সভ্যতা জীয়াই থকালৈকে আমাৰ মনত জীয়াই থাকিব। সেইবোৰ  হ’ল ধ্ৰুপদী সাহিত্য। ঈছপৰ ‘ফেবলচ’ অর্থাৎ নীতি কথাবোৰ  ধ্ৰুপদী সাহিত্য বুলি বিবেচিত  হয়। 

‘ফেবল’ হৈছে এনেকুৱা এক শ্ৰেণীৰ গল্প যাৰ চৰিত্ৰবোৰ  প্ৰায়েই জীৱ-জন্তু হয় আৰু ইয়াৰ মাজেদি নৈতিক শিক্ষা প্ৰদান কৰা হয়। এনে সাহিত্যৰ বিষয়ে কোৱাৰ সময়ত ততালিকে  ইছপৰ ফেবলৰ কথা আমাৰ মনলৈ আহে।

ঈছপৰ ফেবলবোৰ  ল’ৰা-ছোৱালীসকলৰ মাজত বৰ জনপ্ৰিয়। সেইবোৰ  প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখে মুখে চলি আহিছে। কিন্তু ঈছপ কোন আছিল সেই বিষয়ে মানুহে প্ৰায় নাজানেই।

ঈছপ আছিল এজন গ্ৰীক দাস। তেওঁৰ আছিল গল্প কোৱাৰ অসাধাৰণ প্ৰতিভা।  গল্প কোৱাৰ এই প্ৰতিভাৰ বাবেই তেওঁ স্বাধীন হৈছিল।

ঈছপ  তেওঁৰ গল্প বৰ্ণনা কৰি গোটেই পৃথিৱী বহুলভাৱে ভ্ৰমণ কৰিছিল। তেওঁৰ প্ৰতিটো গল্পত নৈতিক শিক্ষা আছে। এই গল্পবোৰে   আমাক জীৱনৰ বিষয়ে কয় আৰু চৰিত্ৰ গঠনত সহায় কৰে। সেয়ে এই গল্পবোৰ অধিকভাৱে পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হয়।

ঈছপে  তেওঁৰ গল্পবোৰ  খ্ৰীষ্টপূৰ্ব ৬২০ ৰ আশে-পাশে মানুহক শুনাই ফুৰিছিলি  । তাৰ পিছত সেইবোৰ  কেইবা প্ৰজন্ম ধৰি মুখে মুখে চলি আহিছিল। ঈছপৰ নীতি কথােবাৰ পোন প্ৰথমতে খ্ৰীষ্টপূৰ্ব ৩২০ চনত লিখিত ৰূপ পায়। ৰোমান পণ্ডিতসকলে এই নীতিকথাবোৰ  লেটিন অনুবাদত শিকিছিল।

ইছপৰ নীতিকথাবোৰ  বৰ সৰল। চৰিত্ৰবোৰ জীৱ-জন্তু। কিন্তু ই প্ৰদান কৰা আবেদন  হৈছে সাৰ্বজনীন। সেয়ে এই গল্পবোৰ  শিশুসকলৰ আনন্দৰ বস্তু আৰু বিশ্বত অতি বেছিকৈ পঢ়া  গল্পবোৰৰ  ভিতৰত অন্যতম।

 

Two Useful Books for Students:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

এক গুচ্ছ জীৱনী

০০০

 

78 Comments

  1. Pingback:  লম্বোদৰ বৰা। Lambodar Bora – Growhills Publishing

  2. Pingback: নিধি লেভি ফাৰৱেল। Nidhi Levi Farwell – Growhills Publishing

  3. Pingback: ইছমাইল হোছেইনৰ কবিতা 'গাঁৱৰ কথা': এক  বিশ্লেষণ - Growhills Publishing

  4. Pingback: ইছমাইল হোছেইনৰ কবিতা 'বিদ্ৰোহ': এক বিশ্লেষণ - Growhills Publishing

  5. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দুঃসময়': এক  বিশ্লেষণ - Growhills Publishing

  6. Pingback: ইছমাইল হোছেইনৰ কবিতা 'গাঁৱৰ চিঠি': এক বিশ্লেষণ - Growhills Publishing

  7. Pingback: ইছমাইল হোছেইনৰ কবিতা 'যুদ্ধৰ বিৰুদ্ধে': এক বিশ্লেষণ - Growhills Publishing

  8. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দুঃস্বপ্নৰ এবেলা' : এক বিশ্লেষণ - Growhills Publishing

  9. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আনৱিক':এক বিশ্লেষণ - Growhills Publishing

  10. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আত্মপাঠ': এক  বিশ্লেষণ - Growhills Publishing

  11. Pingback: ইছমাইল হোছেইনৰ কবিতা 'চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি': এক বিশ্লেষণ - Growhills Publishing

  12. Pingback: ইছমাইল হোছেইনৰ কবিতা 'সখী': এক বিশ্লেষণ - Growhills Publishing

  13. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আস্থানিক':  এক  বিশ্লেষণ - Growhills Publishing

  14. Pingback: ইছমাইল হোছেইনৰ কবিতা 'মহানগৰ': এক  বিশ্লেষণ - Growhills Publishing

  15. Pingback: ইছমাইল হোছেইনৰ কবিতা 'নিজৰ স’তে দ্বন্দ্বঃ এক বিশ্লেষণ - Growhills Publishing

  16. Pingback: তালেবৰ ৰহমান-চমু পৰিচয় - Growhills Publishing

  17. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় - Growhills Publishing

  18. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় । Ismail Hossain - Growhills Publishing

  19. Pingback: ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা - Growhills Publishing

  20. Pingback: ইছমাইল হোছেইনৰ কবিতাত অসমীয়া সমাজ চিত্ৰ - Growhills Publishing

  21. Pingback: ইছমাইল হোছেইনৰ কবিতাত দৰ্শন - Growhills Publishing

  22. Pingback: ইছমাইল হোছেইনৰ কবিতাত কৰুণ ৰস - Growhills Publishing

  23. Pingback: মানিক লাল ভৌমিক - Growhills Publishing

  24. Pingback: মানিকা  ভৌমিক - Growhills Publishing

  25. Pingback: হাবিল উদ্দিন - Growhills Publishing

  26. Pingback: HSLC Exam Que Paper English 2016 - Growhills Publishing

  27. Pingback: HSLC Exam Que Paper English 2017 - Growhills Publishing

  28. Pingback: HSLC Exam Que Paper English 2018 - Growhills Publishing

  29. Pingback: HSLC Exam Que Paper English 2015 - Growhills Publishing

  30. Pingback: HSLC Exam Que Paper Social Science 2018 - Growhills Publishing

  31. Pingback: HSLC Exam Que Paper Social Science 2017 - Growhills Publishing

  32. Pingback: আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা - Growhills Publishing

  33. Pingback: ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে - Growhills Publishing

  34. Pingback: HSLC Exam Que Paper Assamese 2020 - Growhills Publishing

  35. Pingback: HSLC Exam Que Paper Social Science 2019 - Growhills Publishing

  36. Pingback: HSLC Exam Que Paper Social Science 2020 - Growhills Publishing

  37. Pingback: HSLC Exam Que Paper Science 2015 - Growhills Publishing

  38. Pingback: HSLC Exam Que Paper  Science 2016 - Growhills Publishing

  39. Pingback: HSLC Exam Que Paper  Science 2017 - Growhills Publishing

  40. Pingback: HSLC Exam Que Paper  Science 2018 - Growhills Publishing

  41. Pingback: HSLC Exam Que Paper  Science 2020 - Growhills Publishing

  42. Pingback: অতুলানন্দ গোস্বামীৰ চুটি গল্প ‘বলিয়া হাতী’: এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  43. Pingback: ড্রাফট - Growhills Publishing

  44. Pingback: মহিম বৰাৰ চুটিগল্প: “এখন নদীৰ মৃত্যু”- এক সমালোচনা - Growhills Publishing

  45. Pingback: লক্ষীনন্দন বৰাৰ গল্প: “এৰাবাৰীৰ লেছেৰী”-এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  46. Pingback: যোগেশ দাসৰ চুটিগল্প: ‘পৃথিৱীৰ অসুখ’ - এক বিশ্লেষণ - Growhills Publishing

  47. Pingback: চৈয়দ আব্দুল মালিকৰ উপন্যাস, 'জীয়া জুৰিৰ ঘাট' - এক সমালোচনাত্মক আলোচনা - Growhills Publishing

  48. Pingback: চাৰ আৰ্থাৰ কেনান ডয়েলৰ উপন্যাস ‘বিলুপ্ত জগত’ - এক সমালোচনা - Growhills Publishing

  49. Pingback: এখন ইটালীয় শিশু উপন্যাস ‘দ্য এডভানচাৰ অফ পিন’কিও’ -এক সমালোচনা - Growhills Publishing

  50. Pingback: A For Apple - Growhills Publishing

  51. Pingback: Cobbler Cobbler - Growhills Publishing

  52. Pingback: Hickory Dickory Dock - Growhills Publishing

  53. Pingback: Peter Peter Pumpkin Eater - Growhills Publishing

  54. Pingback: Rain Rain Come Soon - Growhills Publishing

  55. Pingback: Marry Ann Marry Ann - Growhills Publishing

  56. Pingback: Old Mother Hubbard - Growhills Publishing

  57. Pingback: Hot Cross Buns - Growhills Publishing

  58. Pingback: অটল বিহীৰী বাজেপয়ী - Growhills Publishing

  59. Pingback: অলিভাৰ থমাচ কট্টাৰ - Growhills Publishing

  60. Pingback: মেঘৰাজ কৰ্মকাৰ - Growhills Publishing

  61. Pingback: বিনেশ্বৰ ব্রহ্ম-Bineshwar Brahma - Growhills Publishing

  62. Pingback: আশা ভোছলে-Asha Bhosle - Growhills Publishing

  63. Pingback: আৰ্কিমিডিছ-Archimedes - Growhills Publishing

  64. Pingback: অসম্ভৱ অনুবাদ  - Growhills Publishing

  65. Pingback: শৰ-সন্ধান - Growhills Publishing

  66. Pingback: এতিয়াও অমৃত - Growhills Publishing

  67. Pingback: সংকট দিন - Growhills Publishing

  68. Pingback: মোৰ দেশ - Growhills Publishing

  69. Pingback: মোৰ গীত তোমাৰ সুৰ - Growhills Publishing

  70. Pingback: সংহতিৰ ভাড়াঘৰ - Growhills Publishing

  71. Pingback: শিশু পদ্য - Growhills Publishing

  72. Pingback: Ready Guide H S 2nd Yr English Supplementary Reader - Growhills Publishing

  73. Pingback: Ready Guide H S 2nd Yr English Poetry - Growhills Publishing

  74. Pingback: Photo of Students - Growhills Publishing

  75. Pingback: আনন্দৰাম বৰুৱা।Anandaram Baruah - Growhills Publishing

  76. Pingback: মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *