লম্বোদৰ বৰা

 

১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ অসমীয়া ভাষা-সাহিত্যৰ বিপৰ্যয়ৰ যুগ (The Age of Disaster)। কাৰণ ১৮২৬ চনত ইংৰাজসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত অসমীয়া ভাষা আৰু সংস্কৃতি সম্বন্ধে অনভিজ্ঞ ইংৰাজসকলে শাসনকাৰ্যত সহায়ক হিচাপে বংগদেশৰ পৰা বঙালী কেৰানী-মহৰী আমদানি কৰে। সিহঁতৰ প্ৰৰোচনাত ইংৰাজসকলে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষা প্ৰৱৰ্তন কৰে। ফলত অসমীয়া ভাষা-সাহিত্য বিপৰ্যয় তথা অৱলুপ্তিৰ পথলৈ গতি কৰে। কিন্তু কিছুমান শিক্ষিত ভাষা-হিতৈষী অসমীয়া লোকে অসমীয়া ভাষা সাহিত্যৰ উদ্ধাৰ আৰু বিকাশৰ বাবে সাহিত্যৰ সাধনাত ব্রতী হয়। লম্বোদৰ বৰা আছিল সেই বিপৰ্যয় যুগৰ এজন ডেকা সাহিত্যিক। তেওঁ মাত্ৰ ৩২ বছৰ জীয়াই আছিল আৰু এই ৩২ বছৰৰ ভিতৰত তেওঁ অসমীয়া ভাষা-সাহিত্যলৈ কেইখনমান গধুৰ জ্ঞানগৰ্বী গ্ৰন্থ আৰু প্ৰবন্ধ এৰি গৈছে।এই অলপ সংখ্যক ৰচনাই তেওঁৰ সাহিত্য প্ৰতিভাৰ উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰে। তেঁৱেই পোন প্ৰথমে অসমীয়া ভাষাত ওজস্বী অলংকাৰপূৰ্ণ আৱেগিক গদ্যৰ অৱতাৰণা কৰে। 

এইজন ডেকা সাহিত্যিক লম্বোদৰ বৰাৰ জন্ম হয় ১৮৬০ চনত তেজপুৰৰ গমিৰি মৌজাৰ খালিপোকৰীয়া নামৰ এখন গাঁৱত। তেওঁৰ পিতাকৰ নাম আছিল বৃকোদৰ পাঠক। বৃকোদৰ গমিৰি মৌজাৰ কাকতি আছিল। লম্বোদৰ বৰাৰ ককাদেউতা আহোম যুগৰ কুৰ গোট ‘শেন চোৱা’ পাইকৰ ওপৰত বৰা আছিল। কিন্তু ইংৰাজকলে অসমৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ পিছত এই আহোম যুগৰ বিষয়-বাববোৰৰ  অন্ত পৰে। সৰু কালতে লম্বোদৰ বৰাই মাতৃক হেৰুৱায়। লম্বোদৰে ১৮৭২ চনত গমিৰি মৌজাত নকৈ স্থাপন হোৱা প্ৰাথমিক বিদ্যালয়ত ভর্তি  হয়। প্ৰাথমিক পৰ্যায়ৰ পৰাই লম্বোদৰ বৰাই পঢ়া-শুনাত মেধা শক্তিৰ পৰিচয় দিছিল। নিজৰ অধ্যাৱসায় আৰু মেধা শক্তিৰ গুণত তেওঁ পঢ়া-শুনাত দোপত-দোপে উন্নতি কৰি ১৮৭৭ চনত প্ৰাথমিক শিক্ষা সাং কৰি তেজপুৰৰ চৰকাৰী হাইস্কুলত ভর্তি হয়। ছাত্ৰ হিচাপে  তেওঁ আছিল মেধাবী আৰু আদৰ্শবান। সজ চিন্তা-চৰ্চা কৰা আৰু সামাজিক সভা-সমিতিত আগভাগ লোৱাই আছিল তেওঁৰ ব্যক্তিত্ব। স্কুলৰ ছাত্ৰসভাৰো তেওঁ  আছিল গুৰি ধৰোতা। তেওঁৰ চেষ্টাতেই স্কুলৰ ছাত্ৰসকলৰ মাজত ‘আলোচনী সভা’ স্থাপন হৈছিল। সেই আলোচনা সভাত সাহিত্য বিষয়ক নানান ৰচনা পাঠ কৰি ছাত্ৰসকলক ভাষা আৰু সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ  লগতে মহৎ লোকৰ জীৱনাদৰ্শৰ প্ৰতিও অনুপ্ৰাণিত কৰিছিল। হাইস্কুলত পঢ়ি থকাৰ সময়ত লম্বোদৰে পিতাকক হেৰুৱায়। পিতাকৰ মৃত্যু হোৱাত পৰিয়ালটি আৰ্থিক দুৰ্যোগত পৰে যদিও লম্বোদৰে নিৰাশ নহৈ পঢা-শুনা চলাই থাকিল। সেইখন স্কুলৰ পৰা সুখ্যাতিৰে কুৰি টকীয়া বৃত্তিসহ এণ্ট্ৰেন্স পৰীক্ষা পাচ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। তাত মেট্রোপলিটান কলেজ (বৰ্তমান ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰ কলেজ) ত ভর্তি  হয়। কিন্তু প্ৰথমবাৰ এফ. এ. পৰীক্ষা পাছ কৰিব নোৱাৰিলে। তথাপি হতাশ নহৈ দুগুণ উৎসাহেৰে পিছৰ বছৰ পৰীক্ষাত বহি সুখ্যাতিৰে এফ. এ. পাছ কৰে। তাৰ পিছত তেওঁ বি. এ. পাছ কৰে।  অধিক পঢ়াৰ ইচ্ছা আছিল যদিও তেওঁৰ আৰ্থিক অৱস্থা ইমানেই নিঃস্ব আছিল যে তেওঁ জীৱিকাৰ পথ ল’বলৈ বাধ্য হ’ল আৰু সেই উদ্দেশ্যে অসমলৈ উভতি আহি কোহিমা চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ চাকৰিত সোমায়। সেই চাকৰিত কিছু টকা সাঁচি দুবছৰ পিছত আইন পঢ়িবলৈ পুনৰ কলিকতালৈ যায় আৰু তাতে আইন কলেজত পঢ়ি তেওঁ বি. এল. পাছ কৰে। ছাত্ৰ অৱস্থাৰে পৰা তেওঁ বিভিন্ন কাকত-আলোচনীত প্ৰবন্ধাদি প্ৰকাশ কৰিছিল। বি. এল.পাছ কৰি অসমলৈ আহি তেজপুৰত স্বাধীনভাৱে আইন ব্যৱসায় আৰম্ভ কৰে আৰু লগে লগে ভাষা সাহিত্যৰ উন্নয়নৰ বাবে  সাহিত্য চৰ্চা আৰু লেখা-মেলা কৰাত মনপুতি লাগে। সেই সময়ত চৰকাৰী অফিচ-আদালতৰ বিষয়াসকলৰ স্বেচ্ছাচাৰীতা বাঢ়ি গৈছিল। লম্বোদৰৰ প্ৰচেষ্টাত তেজপুৰত চৰকাৰী বিষয়াসকলৰ স্বেচ্ছাচাৰীতা বহু পৰিমাণে লোপ পায়। তেওঁ ইমানেই ন্যায়পৰায়ণ আৰু স্পষ্টবাদী আছিল যে তেওঁৰ প্ৰতাপত দুৰন্ত পুলিচ তথা চৰকাৰী বিষয়া শান্ত হৈ পৰিছিল। ইতিমধ্যে ওকালতি ব্যৱসায়ৰ দ্বাৰা আৰ্থিক অনাটন কিছু লাঘৱ হৈছিল আৰু তেজপুৰত মাটি কিনি তাতে স্থায়ীভাৱে থাকিবলৈ ঘৰ-বাৰী সাজি লয় আৰু সাহিত্য ৰচনাত একানপতীয়াকৈ লাগে। কিন্তু কালে নসহিলে। তাতেই তেওঁ হাইজা (জহনী) ৰোগত আক্ৰান্ত হয় আৰু মাত্ৰ ৩২ বছৰ বয়সতে জীৱন লীলাৰ অন্ত পৰে। লগে লগে এজন ভাষা সাহিত্য-হিতৈষীৰ প্ৰতিভা চিৰদিনৰ বাবে স্তমিত হৈ পৰে। তেজপুৰত নকৈ সজা ঘৰখনতে তেওঁ এক পুথিভঁৰালো স্থাপন কৰে য’ত তেওঁ দেশ-বিদেশৰ বহুতো মূল্যৱান পুথি সংগ্ৰহ কৰিছিল। বহুতো পাণ্ডুলিপিও অপ্ৰকাশিত অৱস্থাত ৰাখি গৈছিল। কিন্তু সেই সময়ত অন্ধবিশ্বাস আছিল যে কোনো মানুহ কোনো সংক্ৰামক বেমাৰত মৃত্যু হ’লে তেওঁ ব্যৱহাৰ কৰা সকলোবোৰ  বস্তুই চিতাৰ জুইত পেলাই দিয়া উচিত। লম্বোদৰ বৰাৰ পুথিভঁৰাল আৰু পাণ্ডুলিপিবোৰৰ  সেই দশাই হ’ল। তেওঁৰ অশেষ পৰিশ্ৰমৰ ফলসমূহ চিতাৰ জুইত জাহ গ’ল।

লম্বোদৰ বৰাই ছাত্ৰাৱসস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল যদিও যেতিয়া তেওঁ সাহিত্য সাধনাৰ এক পৰিৱেশ ৰচনা কৰি একাগ্ৰতাৰে সাহিত্য সাধনাৰ ব্রতত ব্রতী  হোৱাৰ সিদ্ধান্ত লৈছিল, সেই সময়তে কালে তেওঁক উভালি নিলে। এক সম্ভৱনাময় প্ৰতিভাৰ কলিতে বিনাশ হ’ল।

ছাত্ৰাৱস্থাত লিখা তেওঁৰ সৰহভাগ প্ৰৱন্ধ ‘আসাম বিলাসিনি’, ‘আসাম নিউজ’, ‘আসাম বন্ধু’ আদি আলোচনীৰ পাতত প্ৰকাশ পাইছিল। উক্ত আলোচনীসমূহত প্ৰকাশ পোৱা প্ৰৱন্ধসমূহ আছিল ‘সদানন্দৰ কলাঘূমটি’, ‘মত্ত  মাতঙ্গিনী বৰুৱা আৰু দেৱ সুন্দৰী’, ‘উপন্যাস আৰু আত্মহত্যা’, ‘গান’, ‘বিয়াৰ খৰচ’, ‘অলংকাৰ আৰু দৰকাৰ’ আদি। ইয়াৰ উপৰিও আৰু বহুতো প্ৰৱন্ধ ‘জোনাকী’, ‘আসাম তৰা’ আদিত প্ৰকাশ পাইছিল যদিও সেইবোৰৰ  লেখ আজিলৈ পোৱা হোৱা নাই।

অসমীয়া ভাষা সম্পৰ্কেও তেওঁ কেইটামান গভীৰ প্ৰৱন্ধ ৰচনা কৰিছিল। তাৰে ভিতৰত “অসমীয়া ভাষাৰ আখৰ জোঁটনি” কেইবাটাও খণ্ডত ‘জোনাকী’ত প্ৰকাশ পাইছিল। 

তেওঁ ‘জ্ঞানোদয়’ আৰু ‘লৰাবোধ’ নামৰ দুখন কিতাপ স্কুলৰ পাঠ্যপুথি হিচাপে ৰচনা কৰিছিল। কিতাপ দুখনত ল’ৰা-ছোৱালীৰ মানসিকতাৰ জোখাৰে বিভিন্ন জ্ঞানগৰ্ভী আদৰ্শ জীৱনীমূলক প্ৰৱন্ধ আৰু আলোচনা সন্নিৱিষ্ট কৰিছিল। ‘অসমীয়া প্ৰাকৃত ভূগোল’  নামৰ ভূগোল বিষয়ক কিতাপখন পঢ়াশালিত পাঠ্যপুথি হিচাপে ব্যৱহাৰ হৈছিল।

ল’ৰা-ছোৱালীৰ উদ্দেশ্যে পাঠ্যপুথি হিচাপে লিখা গ্রন্থবোৰৰ বাহিৰে তেওঁৰ বেছিভাগ প্ৰৱন্ধ ব্যঙ্গাত্মক। অসমীয়া শিক্ষিত লোকৰ মৈমতালি আৰু সোৰোপালিক ব্যঙ্গ কৰি লোকসমাজৰ আগত দাঙি ধৰাই তেওঁৰ ব্যঙ্গাত্মক ৰচনাৰাজিৰ উদ্দেশ্য আছিল। ‘সদানন্দৰ কালাঘূমটি’, ‘সদানন্দৰ সানমিহলি টোকা’, ‘সদানন্দৰ সমাচাৰ’, ‘সদানন্দৰ নতুন অভিধান’ আদি তেওঁৰ  ব্যঙ্গাত্মক ৰচনাৰ উজ্জ্বল চানেকি।

তেওঁ এজন জীৱনী চৰিতকাৰো আছিল। ‘আনন্দৰাম বৰুৱাৰ জীৱন চৰিত’, ‘ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জীৱন চৰিত’ আদি ৰচনা কৰিবলৈ লৈছিল যদিও কালে সময় নিদিলে। ইয়াৰোপৰি ‘সমাজ দৰ্পণ’ নামৰ এখন নাটকো অসমাপ্ত অৱস্থাত ৰাখি গৈছিল। পিছত সকলো অগ্নিগৰ্ভত জাহ যায়। 

তেওঁ এজন সমাজ সংস্কাৰকো আছিল। দৰং জিলাত ‘বেগাৰ ধৰা’ নামেৰে এটি কু-প্ৰথা সমাজত প্ৰচলিত আছিল। লম্বোদৰে এই প্ৰথাৰ বিলোপ সাধনৰ বাবে চেষ্টা কৰিছিল আৰু এই উদ্দেশ্যে ‘বেগাৰ ধৰা প্ৰথা’ নামেৰে এটি প্ৰৱন্ধও ‘আসাম নিউজ’ত প্ৰকাশ কৰিছিল। 

ইয়াৰোপৰি তেওঁৰ সাহিত্যিক জীৱনৰ ডাঙৰ কীৰ্তি হ’ল কালিদাসৰ মূল সংস্কৃত নাটক ’অভিজ্ঞান শকুন্তলা’ৰ অসমীয়া ভাঙনি । তেওঁৰ এই অনুবাদখনেই সংস্কৃত ভাষাৰ পৰা আধুনিক অসমীয়ালৈ অনুবাদ কৰা প্ৰথম পুথি। অনুবাদখন সহজ-সৰল ভাষাত মূলৰ অকণো বিকৃত নকৰাকৈ কৰা অসমীয়া অনুবাদে সংস্কৃত সাহিত্যত থকা তেওঁৰ পাণ্ডিত্য আৰু দখলৰ উজ্জ্বল চানেকি দাঙি ধৰে।

ইমানবোৰ সাহিত্যিক অৱদানৰ উপৰিও অসমীয়া গদ্য শৈলীলৈ তেওঁ এক নতুন অৱদান আগবঢ়ায় । সেয়া হৈছে অলংকাৰপূৰ্ণ, ওজস্বী অথচ সৰল আৰু ছান্দিক গতিময় গদ্যশৈলী। ইংৰাজ প্ৰৱন্ধকাৰ বেকনৰ গদ্যৰীতিৰ লগত তেওঁৰ গদ্যৰ মিল আছে। তেওঁৰ গদ্য ইমানেই গতিশীল যে কেতিয়াবা কেতিয়াবা আবেগিক  হৈ বক্তব্য-বিষয় দীঘলীয়াও হৈ পৰিছে। 

তেওঁৰ এই চুটি জীৱনত যিখিনি সাহিত্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে তালৈ চাই ক’ব পাৰি কালে তেওঁক অকালতে হৰি নিনিয়া হ’লে সময়ত তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাললৈ কালজয়ী মূল্যৱান সাহিত্যৰত্ন উপহাৰ দিব পাৰিলেহেঁতেন।

…ৰাব্বি মছৰুৰ

উৎস গ্রন্থ: এক গুচ্ছ জীবনী

প্রসঙ্গঃ  লম্বোদৰ বৰা

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *