উইলিয়াম শ্বেক্সপীয়েৰ

উইলিয়াম শ্বেক্সপীয়েৰৰ নাম নুশুনা সম্ভব্তঃ কোনো শিক্ষিত ব্যক্তি নাই; আৰু যদি তেনে কোনো ব্যক্তি আছে তেওঁ নিশ্চয় দুৰ্ভগীয়া। উইলিয়াম শ্বেক্সপীয়েৰ আছিল সৰ্বযুগৰ সর্বশ্রেষ্ঠ  এজন ইংৰাজ নাট্যকাৰ আৰু কবি।

উইলিয়াম শ্বেক্সপীয়েৰ ইংলেণ্ডৰ ওৱাৰউইকশ্বেয়াৰৰ ষ্ট্ৰেটফৰ্ড-অন-এভনত ১৫৬৪ চনৰ ২৩ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আছিল জন শ্বেক্সপীয়েৰ আৰু মেৰীৰ শ্বেক্সপীয়েৰৰ জ্যেষ্ঠ ল’ৰা আৰু তৃতীয় সন্তান। তেওঁ ষ্ট্ৰেটফৰ্ড গ্ৰামাৰ স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। স্কুলীয়া শিক্ষা শেষ হোৱাৰ পিছত, শ্বেক্সপীয়েৰে মুক্ত জীৱন যাপন কৰা আৰম্ভ কৰিছিল। ওঠৰ বছৰ বয়সত তেওঁ এনী হাথাওৱেক বিয়া কৰায় যিজনী উইলিয়াম শ্বেক্সপীয়েৰতকৈ আট বছৰ ডাঙৰ আছিল । সিহঁতৰ প্ৰথম সন্তান চুচান্না ১৫৮৩ চনৰ মে মাহত জন্ম গ্ৰহণ কৰিছিল। ১৫৮৫ চনৰ ফেব্ৰুৱাৰীত হামনেট আৰু জুডিথ —  দুই যমৰ জন্ম হৈছিল। নগৰখনৰ মাজেদি বৈ  যোৱা এভন নদীৰ নামেৰে শ্বেক্সপীয়েৰক ‘বাৰ্ড অফ এভন’ (এনভৰ কবি) নামৰে বিভূষিত কৰা হৈছিল।

উইলিয়াম শ্বেক্সপীয়েৰে ৩৮ খন নাটক, ১৫৪ খন চনেট, ২ খন বৰ্ণনাত্মক কবিতা আৰু কিছু অন্যান্য কবিতা ৰচনা কৰিছিল। তেওঁৰ নাটকসমূহ বিশ্বৰ বহুতো ভাষালৈ অনুবাদ কৰা হৈছে আৰু অন্য নাট্যকাৰসকলৰ  নাটকতকৈ তেওঁৰ নাটকসমূহ আটাইতকৈ বেছি  মঞ্চস্থ কৰা হয়। ‘এন্টনি এণ্ড ক্লিওেপট্ৰা’,  ‘হেমলেট’, ‘জুলিয়াচ চিজাৰ’, ‘কিং লিয়াৰ’,  ‘মেকেবথ’, ‘ৰোমিঅ’ এণ্ড জুলিয়েট’ ইত্যাদি হৈছে তেওঁৰ  ট্রেজেডি। ‘দি মাৰ্চেন্ট অফ ভেনিচ’,  ‘এজ ইউ লাইক ইট’, ‘মিজাৰ ফৰ মিজাৰ’ ইত্যাদি হৈছে তেওঁৰ কমেডি। আকৌ ‘হেনৰী ফৰ’, ‘কিং জন’, ‘ৰিচাৰ্ড টু’ ইত্যাদি হৈছে তেওঁৰ ঐতিহাসিক নাটক।

কিছুমান গত্যন্তৰ নোহোৱা কাৰণত শ্বেক্সপীয়েৰে ১৫৮৬ চনত ষ্ট্ৰেটফৰ্ড এৰি লণ্ডনলৈ মহানগৰীলৈ যায়। তথ্য-পাতিয়ে কয় যে ১৫৯২ চনৰ আগতেই তেওঁৰ কেইখনমান নাটক লণ্ডনৰ মঞ্চত মঞ্চস্থ কৰা হৈছিল। ১৬১১ চনৰ পৰা ১৬১৬ চনলৈ শ্বেক্সপীয়েৰে প্ৰধানকৈ ষ্ট্ৰেটফৰ্ডতে বাস কৰিছিল।

মাত্ৰ এটা যুগৰে নাট্যকাৰ নহয় বৰং সৰ্বযুগৰ নাট্যকাৰ উইলিয়াম শ্বেক্সপীয়েৰ বাৱন্ন বছৰ বয়সত ১৬১৬ চনৰ ২৩ এপ্ৰিলৰ দিনা মৃত্যু বৰণ কৰিছিল। তেওঁক ২৫ এপ্ৰিলৰ দিনা ষ্ট্ৰেটফৰ্ড চাৰ্চত কবৰ দিয়া হৈছিল। 

শ্বেক্সপীয়েৰৰ বহুমুখী প্ৰতিভা বৰ্ণনা কৰাটো সম্ভৱ নহয়। আকৌ শ্বেক্সপীয়েৰৰ জীৱনৰ ঘটনাৰ বহুখিনি জানিব পৰা হোৱা নাই। কিন্তু ইংৰাজী ভাষা যিমান দিনলৈ জীয়াই থাকিব সিমান দিনলৈ উইলিয়াম শ্বেক্সপীয়েৰ অমৰ হৈ থাকিব।

…ৰাব্বি মছৰুৰ

প্রসঙ্গ পুথি :উইলিয়াম শ্বেক্সপীয়েৰ 

Leave a Reply

Your email address will not be published. Required fields are marked *