জৰ্জ হাৰ্বাৰ্ট 

জৰ্জ হাৰ্বাৰ্ট (George Herbert) আছিল সোঁতৰ শতিকাৰ ইংলেণ্ডৰ এজন মহান ভক্তিবাদী কবি (Devotional Poet)। ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ভক্তিবাদী কবি হিচাপে এইজন কবিয়ে শ্ৰেষ্টতৰ আসনত প্রতিষ্ঠিত যদিও তেওঁ নিজৰ জীৱন কালত এটি কবিতাও প্ৰকাশ নকৰি কবি হিচাপে  তেওঁ নিজকে জাহিৰ কৰাৰ পৰা বিৰত ৰাখিছিল। অৰ্থাৎ গোটেই জীৱন তেওঁ আছিল এজন ‘গুপুত কবি’ (Private Poet)।

এই মহান কবিজনৰ জন্ম হয় এটি প্ৰখ্যাত ইংৰাজ পৰিয়ালত ১৫৯৩ খৃীষ্টাব্দৰ ৩ এপ্ৰিলত। পিতৃ-মাতৃৰ তেওঁ আছিল পঞ্চম সন্তান। তিনি বছৰ বয়সত তেওঁ পিতাকক হেৰুৱায়। তেওঁৰ মাকৰ আছিল মেগ্ডালিন হাৰ্বাৰ্ট। তেওঁৰ মাক মেগ্ডালিন আছিল অতি ধৰ্মপৰায়ণা আৰু সৰল অন্তৰৰ মহিলা। যেতিয়া সাতোজন পুত্ৰ আৰু তিনিজনী ছোৱালী সন্তান এৰি তাইৰ স্বামীৰ মৃত্যু হয়, তেতিয়া তাই অসহায় অৱস্থাত পৰে আৰু নিজৰ আনকি সন্তানসকলৰ আশ্ৰয় হিচাপে লৰ্ড ডেনভাৰ্চ (Lord Danvers) নামৰ এজন সম্ভ্ৰান্ত পুৰুষক দ্বিতীয় স্বামী হিচাপে গ্ৰহণ কৰে। লৰ্ড ডেনভাৰ্চ ধনী আছিল যদিও মেগ্ডালিনতকৈ বয়সত বিশ বছৰ সৰু আছিল। লৰ্ড ডেনভাৰ্চ আছিল অতি দয়ালু আৰু সহায়হীনসকলৰ প্ৰতি সহানুভূতিশীল। তেওঁ হাৰ্বাৰ্ট পৰিয়ালৰ আটাইকেইজন সন্তানক অতি যত্ন সহকাৰে উপযুক্ত শিক্ষা-দীক্ষাৰে লালন পালন কৰিছিল। হাৰ্বাৰ্ট পৰিয়ালৰ প্ৰায় সকলোবোৰ সন্তানেই আইন বা সেনা বিভাগৰ চাকৰিত সোমাইছিল যদিও পঞ্চম পুত্ৰ জৰ্জ হাৰ্বাৰ্ট আছিল এক ব্যতিক্ৰম। তেওঁ  প্ৰাথমিক শিক্ষা লাভ কৰিছিল ওৱেষ্টমিনষ্টাৰ স্কুলত।  ছাত্ৰ হিচাপে তেওঁ আছিল অতি চোকা আৰু বুদ্ধিমান। ওৱেষ্টমিনষ্টাৰত শিক্ষা সাং কৰি কেম্ব্রিজ  বিশ্ববিদ্যালয়ৰ অধীনস্থ ট্ৰিনিটি কলেজত নাম ভৰ্তি কৰে। যেতিয়া তেওঁ ট্ৰিনিটি কলেজৰ ছাত্ৰ তেতিয়া তেওঁ নতুন বছৰৰ শুভেচ্ছা পত্ৰ হিচাপে মাকক বিষয়বস্তু হিচাপে লৈ দুখন ছনেট ৰচনা কৰি পঠিয়াইছিল। এইটোৱেই আছিল তেওঁৰ সৃষ্টিশীল প্ৰতিভাৰ আৰম্ভণি। ছনেট দুখনত তেওঁৰ ভৱিষ্যত প্ৰতিভাৰ  চানেকী বিদ্যামান আছিল।

১৬১৬ চনত তেওঁ বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰে ট্ৰিনিটি কলেজৰ ফেলো নিৰ্বাচিত হয়। ১৬১৮ চনত তেওঁ একে কলেজত অলংকাৰ শাস্ত্ৰত ৰিডাৰ পদত অধিষ্ঠিত  হয়। কিন্তু তেওঁ ‘লোক বক্তা’ (Public Orator) হোৱাৰহে আশা পোষণ কৰি আছিল। অৱশেষত নিজৰ প্ৰচেষ্টাত ১৬১৯ চনত লোক বক্তাৰ পদত অধিষ্ঠিত হয় আঠ বছৰৰ কাৰণে। লোক-বক্তা হিচাপে তেওঁ বিশ্ববিদ্যালয়খনৰ কাৰ্যকাৰী মূখপাত্ৰ হয়। এই পদত হাৰ্বাৰ্টে এজন দক্ষ বক্তাৰ পৰিচয় দিয়ে। এনেদৰে নিজৰ প্ৰচেষ্টা আৰু অধ্যাৱসায়ৰ বলত  নিজকে উচ্চতৰ পদত অধিষ্ঠিত কৰি ৰাজকীয় দৃষ্টি আকৰ্ষণ কৰে। কিন্তু পাৰ্থিৱ যশস্যাৰ প্ৰতি সোনকালেই তেওঁৰ বিতৃষ্ণা ভাৱ আহে আৰু শেষলৈ তেওঁ আধ্যাত্মিক পন্থাত নিজকে ঢাল খুৱায়।

১৬২৪ চনত হাৰ্বাৰ্ট মন্টেগোমাৰি অঞ্চলৰ বাবে সংসদৰ সদস্য নিৰ্বাচিত হয়। একে বছৰতে তেওঁ বিশ্ববিদ্যালয়ৰ চাকৰি এৰি দিয়ে। ইয়াত উল্লেখ্য যে হাৰ্বাৰ্ট শাৰীৰিক দিশত অসুখীয়া আছিল। ১৮২৪ চনৰ পৰা তেওঁ সঘনে বেমাৰত ভুগিবলৈ আৰম্ভ কৰে। তথাপি ১৬২৬ চনত তেওঁ ‘ডিকন’ পদত অধিষ্ঠিত হয়। ১৬২৯ চনত তেওঁ মিছ জেন ডেনভাৰ্চক বিয়া কৰায়। ১৬৩০ চনত তেওঁ বেমাৰটন গীৰ্জাত পৰোহিত পদ লাভ কৰে।

১৬৩০ চনৰ পৰা তেওঁ অনিশ্চিত বেমাৰত ভুগি থকা আৰম্ভ কৰে। তেওঁ শাৰীৰিক অসুস্থতাত ভোগাৰ উপৰিও মানসিক অসুখে দেখা দিয়ে। শাৰীৰিক-মানসিক দুয়ো দিশৰ পৰা বেমাৰত ভূগি থকা অৱস্থাত তেওঁ সম্পূৰ্ণৰূপে পাৰ্থিৱ আশা-আকাঙ্খা পৰিহৰি পৰিত্ৰাণৰ মাৰ্গ হিচাপে আধ্যাত্মিক চিন্তাত নিজকে নিয়োজিত কৰে আৰু কাব্য চৰ্চাত মনোনিেবশ কৰে। তেওঁ প্ৰায় এশ পঞ্চাচখনমান কবিতা ৰচনা কৰে যি কবিতাৰ প্ৰধান বিষয়-বস্তু হৈছে আত্মা আৰু শৰীৰৰ মাজৰ দ্বন্দ্ব। কাব্য চৰ্চাই তেওঁক কিছু পৰিমাণে মানসিক সকাহ দিছিল।  শৰীৰ আৰু আত্মাৰ মাজৰ দ্বন্দ্বই হৈছে তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু। 

প্ৰায় ডেৰশখনমান কবিতা ৰচনা কৰাৰ পিছত তেওঁ  অনুভৱ কৰিলে যে তেওঁৰ মৃত্যু যেন আসন্ন। সেয়ে তেওঁৰ নিচেই আপোন বন্ধু  নিকোলাচ ফেৰাৰ (Nicholas Ferrar) ক মাতি আনি তেওঁৰ সমস্ত পাণ্ডুলিপিবোৰ  তেওঁৰ হাতত গতাই দিয়ে আৰু প্ৰকাশৰ যোগ্য হয়নে নহয় তাক বিচাৰ কৰাৰ ভাৰ দিয়ে। পাণ্ডুলিপিসমূহ তেওঁৰ হাতত গতাই দিয়াৰ কিছুদিন পিছতে ১৬৩৩ চনত মাত্ৰ ৪০ বছৰ বয়সত তেওঁৰ পৰম আত্মাই পৰপাৰলৈ গতি কৰে।

তেওঁৰ মৃত্যুৰ পিছত একে বছৰতে তেওঁৰ বন্ধু  নিকোলাচ ফেৰাৰৰ তত্বাৱধানত তেওঁৰ পাণ্ডুলিপিসমূহ ‘দ্যা টেম্পল’ (The Temple) শিৰোনামেৰে কিতাপ আকাৰত প্ৰকাশ পায়। কবিতা পুথিখন প্ৰকাশ পোৱাৰ পিছত ইংলেণ্ডৰ সৰ্বসাধাৰণে জানিব পাৰিলে যে হাৰ্বাৰ্ট এজন মহান পৰোহিত হোৱাৰ উপৰিও এজন মহান কবিও আছিল। ইংৰাজীত লিখা কবিতা পুথিখনৰ বাহিৰেও তেওঁ লেটিন (Latin) ভাষাতো কিছুসংখ্যক কবিতা ৰচনা কৰিছিল। তেওঁ The Country Parson শিৰোনামেৰে এখন গদ্য পুথিও ৰচনা কৰিছিল।

ঈশ্বৰ-প্ৰেমেই হৈছে তেওঁৰ কবিতাৰ প্ৰধান বিষয়। তেওঁৰ ভাষা অতিকৈ সৰল আৰু অলংকাৰ সমৃদ্ধ। সমালোচকসকলে তেওঁৰ কবিতাসমূহক অধিবিদ্যামূলক কবিতা (Metaphysical Poetry) ৰ শ্ৰেণীত পেলাইছে যদিও ভক্তিবাদী কবি হিচাপে ইংৰাজী ভাষাত তেওঁৰ সমকক্ষ কবি দ্বিতীয় এজন নাই।

…ৰাব্বি মছৰুৰ

প্রসঙ্গ সূত্রঃ  জৰ্জ হাৰ্বাৰ্ট 

Leave a Reply

Your email address will not be published. Required fields are marked *