সত্যনাথ বৰা। Shatyanath Bora

   সত্যনাথ বৰা সত্যনাথ বৰা আছিল এজন অসমীয়া ব্যাকৰণবিদ আৰু চিন্তাশীল প্ৰৱন্ধাকৰ। তেওঁৰ প্ৰবন্ধৰ বিষয়বস্তু আছিল বাস্তৱ জীৱনধৰ্মী আৰু জ্ঞানগৰ্ভী—যিবোৰ জীৱনৰ প্ৰতি খোজতে জাতি, বৰ্ণ নির্বিশেষেকে সকলোৰে বাবে প্ৰযোজ্য আৰু সাৰ্বজনীন। তাৰোপৰি সত্যনাথ বৰা হৈছে এনেকুৱা এজন অসমীয়া লিখক যিজনে পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত সহজ-সৰল আদৰ্শ গদ্যৰ অবতাৰণা কৰে, যি গদ্য শৈলী তেওঁৰ পিছৰ বহুতো লিখকৰ আৰ্হি স্বৰূপ হয়। এইজন চিন্তাশীল প্ৰবন্ধকাৰ আৰু আদৰ্শ গদ্য শৈলীৰ জন্মদাতা সত্যনাথ বৰাৰ জন্ম হয় ১৮৬০ চনত গুৱাহাটীৰ […]

Read More

 ৰজনীকান্ত বৰদলৈ। Rajanikanta Bordoloi

  ৰজনীকান্ত বৰদলৈ অসমৰ এজন প্ৰখ্যাত ঔপন্যাসিকৰ নাম ৰজনীকান্ত বৰদলৈ। তেওঁ ইংৰাজী আৰু বঙালী উপন্যাসৰ প্ৰভাৱত অসমীয়াত উপন্যাস ৰচনা কৰিবলৈ লয় আৰু পোন প্ৰথম তেঁৱেই অসমীয়া ভাষাত উপন্যাস সাহিত্যক এক শক্তিশালী আৰু স্বতন্ত্ৰ সাহিত্যিক শাখা হিচাপে  প্রতিষ্ঠা  কৰে। তেওঁক “অসমীয়া উপন্যাস সম্ৰাট” বুলিও কোৱা হয়। এইজন উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ জন্ম হয় ১৮৬৭ চনত গুৱাহাটীত। তেওঁৰ পিতৃৰ নাম নৰকান্ত বৰদলৈ। সিহঁতৰ পূৰ্বপুৰুষ আহোম ৰাজত্বৰ যুগত কনৌজৰ পৰা অসমলৈ আহিছিল। ৰজনীকান্তৰ বয়স ন বছৰ নহওঁতেই […]

Read More

পদ্মনাথ গোহাঞিবৰুৱা। Padmanath Gohainbaruah

  পদ্মনাথ গোহাঞিবৰুৱা  বহু দুৰ্যোগ আৰু বিতৰ্কৰ মাজেদি ঊনবিংশ শতাব্দীৰ শেষৰ দহক পাঁচোটাত আধুনিক অসমীয়া ভাষাই জন্ম লাভ কৰে আৰু ১৮৮৯ চনত ‘জোনাকী’ আৰু ১৮৯০ চনত ‘বিজুলী’ নামৰ দুখন কাকতৰ আৱিৰ্ভাৱৰ লগে লগে আধুনিক অসমীয়া ভাষাৰ লগতে সাহিত্যৰো বিকাশ আৰু বিস্তাৰ আৰম্ভ হয়। অসমীয়া ভাষা সাহিত্যৰ বিস্তাৰৰ এই প্ৰাথমিক স্তৰত যিসকল লেখকে অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰি  সুদৃঢ়  কৰি থৈ গ’ল সেইসকল লেখকৰ এজন অন্যতম লেখকৰ নাম […]

Read More

সূৰ্যকুমাৰ  ভূঞা। Suriyakumar Bhuyan, S.K. Bhuyan

 সূৰ্যকুমাৰ  ভূঞা সূৰ্যকুমাৰ ভূঞা আছিল একেধাৰে কবি, সাহিত্য সমালোচক আৰু ইতিহাসবিদ। কিন্তু কবি আৰু সাহিত্য সমালোচক হিচাপে  তেওঁ যিমানে খ্যাত তাতোকৈ বেছি খ্যাত এজন ইতিহাসবিদ হিচাপেহে। কাৰণ হেৰাই যাব ধৰা অসমৰ অতীত বুৰঞ্জীৰ সমল উদ্ধাৰ কৰি বৈজ্ঞানিক আৰু গৱেষণাত্মক দৃষ্টিভঙ্গীৰে তেঁৱেই আটাইতকৈ সৰহ সংখ্যক বুৰঞ্জী গ্ৰন্থ প্ৰণয়ন কৰিছিল। তেওঁ ইংৰাজী আৰু অসমীয়া দুয়ো ভাষাতেই সু-পণ্ডিত আছিল আৰু ইয়াৰোপৰি দুয়ো ভাষাতেই তেওঁ সাহিত্য সাধনা কৰিছিল। এইজন কবি, সমালোচক আৰু ইতিহাসবিদ সূৰ্যকুমাৰ ভূঞাৰ […]

Read More

 কৃষ্ণকান্ত   সন্দিকৈ  সন্দিকৈ। Krishnakanta Sandikoi

   কৃষžকান্ত  সন্দিকৈ আজিলৈ অসম মাতৃয়ে এনে দুজন সংস্কৃত পণ্ডিতৰ জন্ম দিছে যি দুজনাই সংস্কৃত ভাষা-সাহিত্যৰ ওপৰত কেবাখনো পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ প্ৰণয়ন কৰি বিশ্বৰ দৰবাৰত সংস্কৃত সাহিত্যৰ লগতে প্ৰাচীন ভাৰতৰ গৌৰৱময় সভ্যতাকো প্রতিষ্ঠা  কৰি থৈ গৈছে: তাৰে এজনৰ নাম হ’ল আনন্দৰাম বৰুৱা আৰু আন জনৰ নাম কৃষ্ণাকান্ত সন্দিকৈ। আনন্দৰাম বৰুৱাই প্ৰতিভাৰ প্ৰাৰম্ভিক কালতে মাত্ৰ ৩৯ বছৰ বয়সতে মৃত্যু বৰণ কৰিছিল আৰু কৃষ্ণকান্ত সন্দিকৈ ৮৪ বছৰ আয়ুস পাই প্ৰতিভাৰ চূড়ান্ত  পৰ্যায়লৈ আৰোহণ কৰি বিশ্বৰ পণ্ডিত […]

Read More

হেমচন্দ্ৰ বৰুৱা। Hemchandra Baruah

হেমচন্দ্ৰ বৰুৱা  ১৮২৬ চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত শাসন কাৰ্যত সহায় হ’বৰ নিমিত্তে সিহঁতে বংগদেশৰ পৰা কিছুসংখ্যক শিক্ষিত বঙালিক অসমলৈ আমদানি কৰি কেৰানী, মহৰী আদি চাকৰিত মকবল কৰে। সিঁহতে অসমত সিহঁতৰ চাকৰি স্থায়ী কৰিবৰ উদ্দেশ্যে ইংৰাজসকলক প্ৰৰোচনা কৰি বুজায় যে অসমীয়া ভাষাটো বঙালী ভাষাৰ এটা অপভ্ৰংশ অৰ্থাৎ চহাৰূপ। অসমীয়া ভাষা সাহিত্য সম্পৰ্কে অনভিজ্ঞ ইংৰাজসকলে বঙালীসকলৰ কথাকেই সত্য বুলি ভোল গৈ অসমৰ স্কুল, আদালতত  অসমীয়া ভাষাৰ সলনি বঙালী ভাষা […]

Read More

হেমচন্দ্ৰ গোস্বামী। Hemchandra Goswami

  হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ গোস্বামী অসমৰ এনে এজন সু-সন্তানৰ নাম যিজন আছিল একেধাৰে কবি, প্ৰত্নতাত্বিক আৰু ইতিহাসবিদ। এখেতৰ জন্ম হৈছিল ১৮৭২ চনত গোলাঘাটত। তেওঁৰ পিতৃৰ নাম ডম্বৰুধৰ গোস্বামী। তেওঁ গোলাঘাটত প্ৰাথমিক শিক্ষা সাং কৰি নগাওঁ হাইস্কুলৰ পৰা ১৮৮৮ চনত এণ্ট্ৰেন্স পৰীক্ষা সুখ্যাতিৰে পাছ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। তাত তেওঁ প্ৰেছিডেন্সী কলেজত নাম ভর্তি  কৰি ১৮৯০ চনত এফ. এ. পৰীক্ষা সুখ্যাতিৰে পাছ কৰে। ছাত্ৰ হিচাপে তেওঁ মেধাবী আছিল যদিও ইতিমধ্যে কলিকতাত তেওঁ […]

Read More

অম্বিকাগিৰী ৰায়চৌধুৰী। Ambikagiri Raychaudhuri

 অম্বিকাগিৰী ৰায়চৌধুৰী ইংৰাজ সকলে ১৮২৬ চনত অসমৰ শাসনভাৰ নিজৰ হাতলৈ লোৱাৰ পিছত অসমৰ পুৰণি ঐতিহ্য আৰু ভাষা-সংস্কৃতি ইংৰাজী আৰু বাঙালিৰ  প্ৰভাৱত লুপ্ত হ’বলৈ ধৰে। তেনে সময়তে বিদেশী ইংৰাজৰ বিৰুদ্ধে স্বদেশক জগাবলৈ অসমত এজন বিপ্লৱী নায়ক আৰু কবিৰ জন্ম হৈছিল- তেওঁৰ নাম আছিল অম্বিকাগিৰী ৰায়চৌধুৰী। তেওঁ শৰীৰ, হৃদয় মস্তিস্ক তথা সৰ্বস্ব সমাজ সচেতক তেজোদ্বীপ্ত বিপ্লৱী কবিতা ৰচনাৰ কামত উছৰ্গা কৰিছিল। তেওঁ আছিল এনে এজন বিপ্লৱী নায়ক যিজনে বিপ্লৱ আৰু সংগঠনৰ নামত নিজৰ […]

Read More

বাণীকান্ত কাকতি। Banikanta Kakati

বাণীকান্ত কাকতি  বাণীকান্ত কাকতি আছিল অসমৰ এজন প্ৰখ্যাত ভাষাতত্ববিধ (Philologist) আৰু সাহিত্য সমালোচক (Literary Critic)। তেঁৱেই¸ পোন প্ৰথমে অসমীয়া ভাষাৰ উৎপত্তি  আৰু গঠনৰ ওপৰত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আলোচনা কৰি অসমীয়া ভাষাক এক স্বতন্ত্ৰ ভাষা  হিচাপে বিশ্বৰ আগত  দাঙি দৰে। তাৰোপৰি তেঁৱেই পোন প্ৰথমে অসমীয়া সাহিত্যত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সমালোচনা সাহিত্যৰ পাতনি মেলে। এইজন ভাষাতত্ববিদ আৰু সাহিত্য সমালোচক বাণীকান্ত কাকতিৰ জন্ম হয় ১৮৯৪ চনত বৰেপটাৰ বাতি-কুৰিহা নামৰ গাঁও এখনত। তেওঁৰ পিতাকৰ নাম ললিতৰাম কাকতি আৰু […]

Read More

যতীন্দ্ৰনাথ দুৱাৰা। Jatindranath Duwara

যতীন্দ্ৰনাথ দুৱাৰা আজিলৈকে অসমত এনে দুজন কবিৰ জন্ম হৈছে যি দুজনাই গোটেই জীৱন অবিবাহিত থাকি কবিতাকেই প্ৰেয়সী হিচাপে গ্ৰহণ কৰি অনিত্য সংসাৰৰ শোক-দুখ পাহৰিবলৈ চেষ্টা কৰিছে—তাৰে এজনৰ নাম ৰঘুনাথ চৌধাৰী আৰু আনজনৰ নাম যতীন্দ্ৰনাথ দুৱাৰা। ৰঘুনাথ চৌধাৰীয়ে চৰাই আৰু নৈসৰ্গিক দৃশ্যৰাজিক কবিতাৰ প্ৰধান বিষয়-বস্তু হিচাপে গ্ৰহণ কৰিছে আৰু যতীন্দ্ৰনাথ দুৱাৰাই ব্যৰ্থ প্ৰেমৰ স্মৃতি আৰু জীৱন ৰহস্যক কবিতাৰ বিষয়-বস্তু হিচাপে গ্ৰহণ কৰি অসমীয়া সাহিত্যাকাশত ৰোমান্টিক কবি হিচাপে উজ্জল নক্ষত্ৰৰ জ্যোতিৰে জোতিষ্মান হৈ […]

Read More