অসমীয়া  ভাৱ-সম্প্ৰসাৰণ

(ইন্টাৰনেট সংস্কৰণ)

ৰাবিব মছৰুৰ

 

গ্ৰুহিলচ্ পাব্লিশিং 

কমলপুৰ, বৰেপটা (অসম) 

সর্বস্বত্ব সংৰক্ষিত

 

………………………………………………………………………………………………………………………………

 

অসমীয়া ভাব-সম্প্রসাৰণ

 (ভাৱ সম্প্ৰসাৰণ (Amplification ) ত সাধাৰণতে কিছুমান পটন্তৰ, ফৰকা যোজনা, কোনো বিখ্যাত ব্যক্তিৰ জ্ঞানগৰ্ভ উক্তি  আদি দিয়া হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰৰ ভাৱ সম্পৰসাৰণ কৰিব লাগে অৰ্থাৎ ভাৱ বহলাই লিখিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে প্রদত্ত বিষয়টো ভালদৰে বুজি লৈ নিজৰ ভাষাত ইয়াৰ ব্যাখ্যা কৰিব লাগে। অৱশ্যে প্ৰায় বেছিভাগ  পটন্তৰ, ফৰকা যোজনা, কোনো বিখ্যাত ব্যক্তিৰ জ্ঞানগৰ্ভ উক্তি আদিত দুটা ভাৱ বা অৰ্থ থাকে – এটা উপৰুৱা আৰু আনটো অন্তৰ্নিহিত। প্ৰথমে উপৰুৱা অৰ্থটো চমুকৈ বৰ্ণনা কৰি দ্বিতীয়তে অৰ্ন্তনিহিত  অৰ্থটো বহলাই ব্যাখ্যা কৰিব লাগে। ভাষাৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিব লাগে।  ভাষা সহজ আৰু সৰল হ’ব লাগে। ভাৱ সম্প্ৰসাৰণ কৰাটো সহজ কাম নহয়। ইয়াৰ বাবে  অনুশীলনৰ প্ৰয়োজন ।)

 

আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা

ঈৰ্ষাপৰায়ণ লোকে নিজৰ ঘোৰ অনিষ্ট সাধন কৰি আনৰ সামান্য অনিষ্ট সাধন কৰি সন্তুষ্টি লাভ কৰাৰ প্ৰসংগত উক্ত প্ৰবচনটো কোৱা হয়।

আমাৰ সমাজত পৰম্পৰাগতভাৱে এই বিশ্বাস চলি আহিছে যে যাত্ৰা কালত অংগক্ষত লোক দেখা পালে যাত্ৰা অশুভ হয়। সেয়ে তেনে অৱস্থাত যাত্ৰা স্থগিত ৰখা হয়। সতিনীসকল স্বাভাৱিকতে ঈৰ্ষাপৰায়ণ। সিহঁতে সদায় পৰস্পৰৰ অমংগল কামনা  কৰে। মাকৰ ঘৰলৈ যোৱাটো তিৰোতাসকলৰ বাবে বৰ আনন্দৰ কথা।সেইবাবে কোনো সতিনীয়ে মাকৰ ঘৰলৈ যাবলৈ ওলোৱা দেখিলে আনজনী ঈৰ্ষাত জ্বলি উঠে। সেয়ে সি সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ উপায় বিচাৰি ফুৰে। কিন্তু কোনো উপায় নাপালে কিছুমানে নিজৰ নাক কাটি অৰ্থাৎ নিজকে অংগক্ষত কৰি আনজনীৰ সন্মুখত দেখা দি যাত্ৰা ভংগ কৰায়। অৰ্থাৎ সতিনীয়ে নিজৰ মহা অনিষ্ট সাধন কৰি সতিনীৰ সামান্য অনিষ্ট কৰি মহা সন্তোষ পায়।

ইয়াৰ  দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ঈৰ্ষাপৰায়ণ লোকে  আনৰ সামান্য অনিষ্ট সাধন কৰিবলৈ নিজৰ মহা অনিষ্ট বা ক্ষতি কৰিবলৈ কুণ্ঠােবাধ নকৰে।

 

এশ গৰু মাৰিলে বাঘৰো মৰণ —ভাব সম্প্রসাৰণ 

অতি অন্যায়ৰ পৰিণতি যে বেয়া  হয় তাকে বুজাবলৈ উক্ত প্ৰবচনটি  ব্যৱহাৰ কৰা হয়।

গৰু-ম’হ বাঘৰ খাদ্য। সিহঁতে গৰু -ম’হ চিকাৰ কৰি সেইবোৰৰ  মাংস ভক্ষণ কৰি জীয়াই থাকে। গৰু-ম’হ বাঘৰ খাদ্য যদিও বাঘে যদি প্ৰায়োজনতকৈ অধিক গৰু মাৰি পেলায়, তেন্তে  তেনে কাৰ্যই বাঘৰ বিপদ মাতি আনে। কাৰণ প্ৰয়োজনতকৈ অধিক গৰু মাৰিলে এটা সময়ত গৰু শেষ হৈ যাব, তেতিয়া সি চিকাৰ কৰিবলৈ কোনো গৰু নাপাই নেখাই মৰিব লাগিব।  নাইবা কৃষকৰ পোহনীয়া গৰু অধিক মাৰিলে এটা সময়ত সমাজৰ আটাইবোৰ কৃষকে মিলি বাঘকো মাৰি পেলাব পাৰে। সেয়ে বেয়া  মানুহে যদি মানুহৰ হাক-বচন নামানি বেয়া  কাম বা দুষ্কার্যবোৰ সদায় কৰি থাকে, তেন্তে মানুহে তেওঁৰ ওপৰত বিতুষ্ট হৈ উঠে। 

 

আঠুৱা চাই ঠেং মেলা —ভাব সম্প্রসাৰণ

সামৰ্থ অনুসৰি কাম কৰাৰ  প্ৰসংগত উপদেশৰ সুৰত উক্ত প্ৰবচনফাঁকিৰ উদ্ধৃতি দিয়া হয়।

আমি ৰাতি শুবৰ সময়ত ম’হৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ আঠুৱা মেলি লও। আঠুৱাৰ ৰ্দ্ঘৈৰ এক সীমা আছে। আমি আঠুৱাৰ ভিতৰত থাকিলেহ ম’হৰ উৎপাতৰ পৰা ৰক্ষা পাব পাৰি। যদি আঠুৱাটো সৰু হয় তেন্তে আমি ঠেং মেলিলে আঠুৱাৰ বাহিৰলৈ ওলাই  যাব আৰু তেতিয়া আমাক মহে কামুৰিব। সেয়ে আঠুৱা সৰু হ’লে আমি সেইমতে ঠেং মেলিলে আমাৰ কোনো অনিষ্ট নহয়। ঠিক তেনেকৈ আমি আমাৰ আয় অনুসৰি ব্যয় কৰিব লাগে। যদি আয়তকৈ ব্যয় বেছি হয়, তেন্তে আমাৰ বহুত অসুবিধা বাঢ়ি যাব। আমি ঋণগ্ৰস্ত হ’ম আৰু ঋণে আমাৰ মান-মৰ্যদা হ্রাস কৰিব। সেয়ে কোৱা হয় যে আমি আমাৰ সামৰ্থ অনুসৰিহে ভোগ কৰা উচিত।

 

আইৰো বাৰ্তা গংগাৰো যাত্ৰা –ভাব সম্প্রসাৰণ

সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে বুজাবলৈ উক্ত প্ৰৱচনটো সততে ব্যৱহাৰ কৰা হয়।এই প্ৰৱচন মতে শশুৰৰ ঘৰত থকা বোৱাৰীয়ে নিজ মাতৃৰ অসুখৰ বাৰ্তা পোৱাৰ লগে লগেই আইক চাবলৈ পিতৃ-মাতৃৰ ঘৰলৈ যাত্ৰা কৰে। বেলেগ ক’ৰবালৈ যাবলৈ ওলাওঁতে  প্ৰতিজনী বোৱাৰীয়ে সাজোন-কাচোনত বহুত সময় লয়। অৰ্থাৎ যথা সময়ত ওলাব নোৱাৰে। কিন্তু আইৰ অসুখৰ খবৰ পোৱাৰ লগে লগেই সি উধাতু খাই যাত্ৰা আৰম্ভ কৰে। অৰ্থাৎ অলেপা সময়ৰ অপব্যয় নকৰে। 

আইৰ বাৰ্তা পাই যিদৰে বোৱাৰী এজনীয়ে সময়ৰ অপচ নকৰি সোনকালে  যাত্ৰা কৰে তেনেদৰে আমি সকলোৱে যদি প্ৰয়োজন অনুসৰি সময়মতে নিজৰ নিজৰ কাম কৰি যাওঁ তেন্তে সময়ৰ সদ্ব্যৱহাৰ হয়। কাৰণ সময়ৰ সদ্বৱ্যহাৰৰ ওপৰতহে আমাৰ জীৱনৰ উৎকৰ্ষ সাধন হয়।

 

সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ  খাবলৈ আশা কৰা মিছা —ভাব সম্প্রসাৰণ 

 ‘সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ  খাবলৈ আশা কৰা মিছা’: কথাষাৰ অসমীয়া ভাষাত সময়ৰ উপযুক্ত ব্যৱহাৰৰ বিষয়ে সচেতন কৰিবলৈ সততে কোৱা শুনিবলৈ পোৱা যায়।

শৰ মানে কাঁড়। ইয়াক ধেনুত গুণ লগাই জীৱ-জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ’ল একশ্ৰেণীৰ তীব্ৰ বেগী পহু। ইয়াৰ মঙহ  খাবলৈ সোৱাদ। সেই সোৱাদ লগা মঙহ  খাবলৈ হ’লে আমি পহুৰ গতিৰ বেগতকৈ অধিক বেগত ইয়াৰ গালৈ শৰ মাৰিব লাগিব। যদি শৰ মাৰোঁতে অলপ পলম হয়, তেন্তে পহুটো পলাই সাৰিব আৰু আমিও ইয়াৰ সোৱাদলগা মঙহ খাবলৈ নাপাম।

ঠিক তেনেদৰে আমি যদি জীৱন যুদ্ধত জয়ী হ’ব খোজো তেন্তে সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ সময়ৰ কাম সময়মতে কৰিব লাগিব। অন্যথা আমি জীৱনত উন্নতি তথা সুখ আশা কৰিব নোৱাৰো।

 

মাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা — ভা সম্প্ৰসাৰণ 

এইটো জ্ঞানীলোকে কোৱা এক প্ৰবচনহে।  কৰ্তব্যৰ খাতিৰত বা প্ৰয়োজনত যে টান কামো কৰিব লাগে আৰু অপ্ৰয়োজনত যে আনন্দজনক কামো কৰিব নালাগে তাক বুজাবলৈ উক্ত প্ৰবচনটো মতা হয়।

ৰণ বা যুদ্ধ কৰিবলৈ কোনেও ভাল নাপায়। কাৰণ যুদ্ধত নানা ধৰণৰ কষ্ট কৰিবলগা হোৱাৰ উপৰিও তাত জীৱন-মৰণৰ প্ৰশ্ন জড়িত হৈ থাকে।  আনহাতে ভোজ খাবলৈ মানুহে ভাল পায়। কাৰণ ভোজত সাধাৰণতে নানা ধৰণৰ উপাদেয় খাদ্য খাবলৈ দিয়া হয়। ভোজমেলত নানান ধৰণৰ মানুহ, বন্ধু-বান্ধৱীকো লগ পাব পাৰি। সিহঁতৰ লগত ভাৱৰ আদান-প্ৰদান কৰি আনন্দ লাভ কৰিব পাৰি। কিন্তু তেনে ভোজমেলা এখনলৈ আমি নিমন্ত্ৰণ পালেহে যাব পাৰোঁ। নিমন্ত্ৰণ নোহোৱাকৈ ভোজলৈ যোৱাটো লাজৰ কথা। কোনোবাই অপমানো কৰিব পাৰে।

যিমানেই আনন্দৰ নহওঁক কিয় আমি মাতিলে বা কৰ্তব্যৰ প্ৰয়োজন থাকিলেহে আমি কোনো কামলৈ যাব লাগে। অন্যথা আমি অপমানিত হোৱাৰ ভয় থাকে।

 

অনন্ত  বিশ্বৰ এই অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই — ভা সম্প্ৰসাৰণ 

এই বিশাল বিশ্বত অসংখ্য গ্ৰহ, নক্ষত্ৰ, জীৱ-জন্তু, চৰাই-চিৰিকতি ইত্যাদি আছে। সেই সকলো বস্তু বা জীৱ-জন্তুৰ মাজত মানুহ হৈছে অতি নগন্য এটি জীৱ। অৰ্থাৎ অসংখ্য জীৱৰ মাজত মানুহ এটি ধূলিকণা সদৃশ।  এই বিশাল বিশ্বৰ বুকুৰ পৰা কোনোৱা ব্যক্তি মৰি গ’লে বা নাইকীয়া হৈ গ’লে বিশ্বৰ অকনো ক্ষতি নহয়, বিশ্বৰ নীতি-নিয়মৰো অকনো হেৰ-ফেৰ নহয়। গ্ৰহ-নক্ষত্ৰবোৰে  নিজ নিজ ধৰ্ম মতে নিজ নিজ  কক্ষপথত ঘূৰি থাকিব, বতাহ বৈ  থাকিব, ফুল ফুলি থাকিব। অৰ্থাৎ কোনো কাম পৰি নাথাকিব । মানুহৰ জীৱনকালো সমান্য। মানৱ জীৱনৰ সামান্য আয়ুকাল শেষ হ’লে সি মাটিৰ লগত মিহলি হৈ যাব।  সেয়ে মানুহ নগন্য আৰু ক্ষণস্থায়ী জীৱ হিচাপে অহংকাৰ কৰিব নালাগে। ক্ষণস্থায়ী জীৱনত অহংকাৰৰ কোনো মূল্য নাই।

 

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত  কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে — ভা সম্প্ৰসাৰণ 

উক্ত কথাফাঁকিৰ জৰিয়তে বিদ্যা লাভ কৰাৰ গুৰুত্ব তথা তাৎপৰ্যৰ বিষয়ে কোৱা হৈছে। মানুহে জন্মৰ সময়তে ধন, মান, প্ৰতিভা বা যশস্যা লৈ জন্ম গ্ৰহণ নকৰে। এইবোৰ মানুহে অৰ্জনহে কৰিব লাগে। ধন, মান, যশস্যা আদি লাভ কৰাৰ মূলতে হৈছে বিদ্যা। বিদ্যাৰ দ্বাৰা  মানুহে নিজৰ প্ৰতিভা বিকাশ আৰু প্ৰকাশ কৰিবলৈ সক্ষম হয়। বিদ্যাই মানুহৰ কৰ্মকুশলতা বৃদ্ধি কৰে।  বিদ্যাই মানুহক সুবিবেচক  হ’বলৈ শিকায়। ভাল-বেয়া বিচাৰ কৰিবলৈ শিকায়। বিদ্যাই মানুহৰ কৰ্ম শক্তিক উৎসাহ, উদ্যম আৰু অনুপ্ৰেৰণা যোগায়। ফলত মানুহে কৰ্মত সফলতা লাভ কৰিব পাৰে। কৰ্মৰ সফলতাই ব্যক্তি জীৱনলৈ মান সন্মান, যশস্যা, সামাজিক প্রতিষ্ঠা  আদি কঢ়িয়াই আনে। সেয়ে মানুহে বিদ্যা নামৰ ধন উপাৰ্জন কৰিবলৈ আহোপুৰুষাৰ্থ কৰা উচিত।

 

হৰিণাৰ মাংসই বৈৰী — ভা সম্প্ৰসাৰণ 

অসমীয়া ভাষাত সততে কোৱা ই এক প্ৰৱচন। নিজৰ মাজত আনে শত্ৰুতা কৰিব পৰা গুণ থকা প্ৰসংগত উক্ত প্ৰৱচনফাকি মতা হয়।

হৰিণ হৈছে এবিধ বনৰীয়া কিন্তু অতি নিৰ্জু আৰু সুন্দৰ প্ৰাণী। ই মানুহৰ একো ক্ষতি নকৰে।  ই ঘাঁহ আৰু পাতল বিৰিণাজাতীয তৃণ  থকা ঠাইত থাকিবলৈ ভাল পায়। ইয়াৰ মঙহ  অতি সোৱাদযুক্ত। ইয়াক সহজে চিকাৰ কৰিবও নোৱাৰি। কাৰণ ই অতি বেগাই দৌৰিব পাৰে। কিন্তু ইয়াৰ মঙহ  সোৱাদযুক্ত হোৱা বাবে মানুহে নানান কৌশল অৱলম্বন কৰি ইয়াক চিকাৰ কৰে। মানুহে ইয়াক চিকাৰ কৰাৰ সময়ত হৰিণাই কিন্তু নুবুজে যে কিহৰ বাবেনো মানুহে তাক আক্ৰমণ কৰে। কিন্তু আমি জানো যে ইয়াৰ মঙহৰ সোৱাদেই ইয়াক চিকাৰ কৰাৰ বাবে মানুহক প্ৰৰোচিত কৰে।

সেইদৰে সমাজত এনে কিছুমান ব্যক্তি থাকে যিসকল ভাল বুলি নাম যশ আছে। এনে ভাল মানুহৰ শত্ৰু থাকিব পাৰে বুলি ভাবিবলৈ আমি টান পাওঁ। তথাপি আমি দেখা পাওঁ এনেকুৱা ভাল মানুহৰ কিবা গুণৰ প্ৰতি ঈৰ্ষাপৰায়ণ হৈ বহুতে শত্ৰুতা কৰে । উদাহৰণস্বৰূেপ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী  সকলোৰে বাবে আদৰ্শ ব্যক্তি অথচ তেখেতো আততায়ীৰ হাতত মৃত্যু বৰণ কৰিব লগা হৈছিল।

 

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ—ভা সম্প্ৰসাৰণ 

অভ্যাসৰ বলত যে কঠিন কামো সহজ হৈ যায় তাকে বুজাবলৈ উক্ত প্ৰবচনটো কোৱা হয়।

তিৰোতা মানুহে অলংকাৰ পৰিধান কৰিবৰ বাবে দুয়োখন কাণৰ পতা বিন্ধা কৰে। এই বিন্ধা অতি সৰু । ইয়াৰ মাজেদি শৰ এপাত সৰকি যাব নোৱাৰে। কিন্তু এনে কিছুমান লোক আছে সিহঁতে কৰ্ণপথেদিও সুকললে পাৰ হৈ যাব পৰাকৈ শৰ মাৰিব পাৰে। অৰ্থাৎ অভ্যাসৰ জৰিয়তে কিছুমান লোকে অসম্ভৱকো সম্ভৱ কৰিব পাৰে।

 সেইদৰে আমি যদি একাণপতীয়াকৈ কোনো কাম দীৰ্ঘদিন জুৰি অনুশীলন কৰি থাকো তেন্তে নিশ্চয় অসম্ভৱ যেন লগা কামো সম্ভৱপৰ হয়।

 

দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ —ভা সম্প্ৰসাৰণ 

ডাঙৰৰ অৰিয়া-অৰিৰ সময়ত যে সৰু লোকৰ ক্ষতি হয় সেয়া বুজাবলৈ উক্ত প্ৰৱচনটো  সততে ব্যক্ত কৰা হয়।

ম’হ এবিধ ডাঙৰ  আৰু শক্তিশালী প্ৰাণী। কেতিয়াবা কেতিয়াবা এটা ম’হে আন এটাৰ লগত যুঁজ দিয়ে। প্ৰাণী দুটা ডাঙৰ আৰু শক্তিমন্ত হোৱা বাবে   সিহঁতৰ যুঁজ বহু সময় ধৰি চলে। কোনেও সহজতে হাৰ নামানে। কিন্তু দুই ম’হৰ যুঁজৰ সময়ত যুদ্ধস্থলীৰ মাজত থকা সৰু সৰু বিৰিণা সিহঁতৰ ভৰিৰ  গচকত ধূলিসাৎ হৈ যায়। 

ঠিক তেনেদৰে কেতিয়াবা সমাজ বা দেশৰ দুটা দল বা প্রতিপত্তি  থকা দুজন ব্যক্তিৰ মাজত যদি কিবা কাৰণত কাজিয়া বা অৰিয়া-অৰি হয়, তেন্তে সিহঁতৰ অৰিয়া-অৰিত সাধাৰণ মানুহৰ বহুত ক্ষতি হয়।

 

এপাচি শাকত এটা জালুক —ভা সম্প্ৰসাৰণ

‘এপাচি শাকত এটা জালুক’: কথাফাকি অসমীয়া মানুহে সততে কোৱা এক প্ৰবচন।য’ত বহুত বস্তুৰ প্ৰয়োজন তেনে স্থলত সামান্য বস্তুৰ উপস্থিতি বুজাবলৈ উপলুৱা কৰি উক্ত প্ৰৱচনফাকি মতা হয়।

শাক মানুহৰ এবিধ ভাল খাদ্য। শাক খালে হজম শক্তি বৃদ্ধি হয়, পেট  খোলোচা হয়, চকুৰ দৃষ্টি শক্তি বৃদ্ধি পায়  ইত্যাদি বহুত উপকাৰ পোৱা যায়। কিন্তু শাক ৰান্ধোতে কোনো মচলা দিয়া নহয়। কাৰণ মচলা দিলে হোনো শাকৰ উপকাৰিতা হ্রাস পায়। কিন্তু শাকত জলকীয়া দিয়া হয়। কাৰণ জলকীয়া অবিহনে শাক খাব নোৱাৰি অৰ্থাৎ সোৱাদহীন হয়। ৰান্ধিবলৈ লোৱা শাক যিমানেই বেছি হ’ব জলকীয়াৰ পৰিমাণো সিমানে বেছি হ’ব লাগে। কিন্তু এপাচি অৰ্থাৎ বহুত পৰিমাণৰ শাকত যদি মাত্ৰ এটা  জালুক দিয়া হয়, সেয়া কোনো কামত নাহে। জলকীয়া অবিহনে কোনেও সেই শাক নাখাব। গতিকে জলীয়াহীন শাক ৰন্ধা মানে সেইবোৰ  কোনোও নোখোৱাৰ বাবে কোনো কামত নাহিব। 

ঠিক তেনেদৰে য’ত যিমান পৰিমাণৰ বস্তুৰ প্ৰয়োজন ঠিক সেই পৰিমাণৰ যোগান দিয়া উচিত। প্ৰয়োজনতকৈ অধিক কম হ’লে সেইখিনৰ কোনো সদ্ব্যৱহাৰ নহৈ নষ্টহে হয়। 

 

বাছি খাবা জাগি শুবা — ভা সম্প্ৰসাৰণ 

সকলো কামতে সতৰ্কতা অৱলম্বন কৰা প্ৰসংগত উক্ত কথাফাঁকি কোৱা হয়।

আমাৰ সমাজত চোৰৰ বৰ ভয়। চোৰে ৰাতি ঘৰত সিন্ধি দি গৃৰ্হস্থ্যৰ ঘৰৰ বস্তু-সামগ্ৰী চোৰ কৰি লৈ যায়। চোৰৰ পৰা হাত সাৰাৰ প্ৰধান উপায় হৈছে  সতৰ্কহৈ থকা। গৃৰ্হস্থ্যই যদি সতৰ্ক হৈ থাকে, তেন্তে  চোৰে ঘৰত সোমবলৈ ভয় কৰে। অৰ্থাৎ সতৰ্ক হৈ থাকিলে চোৰে বস্তু-সামগ্ৰী চোৰ কৰিব নোৱাৰে। সেইদৰে আমাৰ জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন। খাদ্যৰ দ্বাৰা আমাৰ শৰীৰৰ পুষ্টি সাধন হয়। কিন্তু আমাৰ খাদ্যৰ প্ৰয়োজন বুলিয়েই বাচ-বিচাৰ নকৰাকৈ খালে আমাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। কেতিয়াবা বদ হজম হৈ শৰীৰত নানান বেমাৰ আজাৰৰ সৃষ্টি হয়।

গতিকে আমি যিকোনো কামতে সতৰ্ক হৈ থাকিলে বহুতো অসুবিধাৰ পৰা হাতৰ সাৰিব পাৰি।

 

জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ —ভা সম্প্ৰসাৰণ 

‘জননী’ শব্দই জন্মধাতৃ আই আৰু ‘জন্মভূমি’ শব্দৰ দ্বাৰা স্বদেশক বুজোৱা হৈছে। জননী আৰু জন্মভূমিৰ মহত্ব আৰু তাৎপৰ্যৰ বিষয়ে বুজাবলৈ উক্ত কথাফাকি সঘনে উদ্ধৃত কৰা হয়। 

পৃথিৱীৰ সকলো মানুহ আৰু সকলো আত্মীয়তকৈ জন্মধাতৃ আই হ’ল শ্রেষ্ঠ। কিয়নো আইয়ে আমাক জন্ম দিয়াৰ উপৰিও বুকুৰ গাখীৰ খুৱাই অতি কষ্ট কৰি ডাঙৰ-দীঘল কৰিছে। আইৰ মুখৰ পৰা আমি মাতৃভাষাটো শিকি লৈছো। আইয়েই প্ৰকৃতিৰ গছ-গছনি, তৰু-লতা, নদ-নদী আদিৰ লগত পৰিচয় কৰাই দিছে। অৰ্থাৎ আমাৰ জীৱনৰ সকলো প্ৰয়োজনীয় মৌলিক শিক্ষা আইৰ পৰাই লাভ কৰিছো। আইয়ে বহু সময়ত নিজে নাখাই আমাক খুৱাইছে, নিজে উজাগৰে থাকি আমাক টোপনি নিয়াইছে। সেয়ে আইৰ স্থান সকলোৰে ওপৰত।

সেইদৰে নিজৰ জন্মভূমিও বিশ্বৰ অন্যান্য সকলো স্থানতকৈ শ্রেষ্ঠ। কাৰণ আমি জন্ম গ্ৰহণ কৰা দেশখনতে আমি প্ৰয়োজনীয় সকলো বিদ্যা লাভ কৰিছো। ইয়াৰ খাদ্য, ফলমূল আদি খাই ডাঙৰ-দীঘল হৈছো। নিজৰ দেশখনে আমাৰ বাবে অসংখ্য বস্তুৰ যোগান ধৰিছে। জীৱন-ধাৰণৰ কলা-কৌশল, সভ্যতা, সংস্কৃতিৰ শিক্ষা  আদি স্বদেশৰ পৰাই লাভ কৰিছো। স্বদেশৰ মানুহৰ পৰা যি মৰম, ভালেপাৱা, সহায়-সহযোগ পাওঁ সেয়া আন কোনো দেশতে নাপাওঁ। সেয়ে নিজৰ জন্মভূমি অতিকে আেপান আৰু বিশ্বৰ সকলো ঠাইতকৈ শ্রেষ্ঠ। 

আমি স্বৰ্গৰ বিষয়ে কিতাপ-পত্ৰত পঢ়িবলৈ  পাইছো যদিও সেয়া আমাৰ পঞ্চইন্দ্ৰিয়ৰ অগোচৰত আছে। তাৰ অস্তিত্বই কিমান সঁচা সেয়াও এক ৰহস্য। সেয়ে বাস্তৱত আমাৰ বাবে জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ।

 

আপোন ভালেই জগত ভাল — ভা সম্প্ৰসাৰণ 

মানুহৰ আচাৰ-আচৰণৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত কথাফাকি কোৱা হয়। 

‘আপোন’ বুলিলে নিজক বুজোৱা হয়। আমি জীৱনত বহুত মানুহৰ লগত যোগাযোগ, আত্মীয়তা, লেন-দেন আদি কৰিব লগা হয়। বহু সময়তে আমি এনে কিছুমান লোকক লগ পাওঁ যিসকলৰ আচাৰ-আচৰণক আমি ভাল নাপাই সিহঁতৰ বিৰুদ্ধে সমালোচনা কৰি থাকো। প্ৰকৃততে আমি আনক সমালোচনা কৰাটো যুক্তি সংগত হ’ব নোৱাৰে। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে আমি নিজকে সমালোচনা কৰা উচিত। কাৰণ আমি নিজে যদি ভাল হওঁ  আৰু আমাৰ নিজৰ আচৰণ যদি ভাল হয় তেন্তে আমি আনৰ পৰাও ভাল আচৰণ লাভ কৰিব পাৰো। উদাহৰণস্বৰূেপ আমি যদি কোনো কৃপণ ব্যক্তিৰ প্ৰতি উদাৰ হওঁ বা কোনো অভাৱী ব্যক্তিৰ প্ৰতি দানশীল হওঁ বা কৰ্কশ ব্যক্তিৰ লগত যদি নম্ৰভাৱে কথা পাতো তেন্তে এটা সময়ত সিও আমাৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ শিকিব। কাৰণ আচৰণ ভালেই হওঁক বা বেয়াই হওঁক ই সোঁচৰা বেমাৰৰ দৰে। সেয়ে আমি যদি নিজে ভাল হওঁ তেন্তে  গোটেই পৃথিৱীখনেই আমাৰ বাবে  ভাল বুলি ধৰা দিব।

 

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ  চিন দিয়ে —ভা সম্প্ৰসাৰণ

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে। কাৰণ  ৰাগি কৰা মানুহৰ স্বভাৱ-চৰিত্ৰ সলনি হয়, খৰতকীয়া মানুহ ঢিমা হয়, তজবজীয়া মানুহ সোৰোপা হয়, জুৰ মানুহ খঙাল  হয়, সৰল মানুহ ছলাহী হয়, শান্ত মানুহ দুষ্ট হয়। সেয়ে বহু দিন ৰাগি কৰিলে মানুহৰ স্বভাৱ চৰিত্ৰত এনে কিছুমান লক্ষণে দেখা দিয়ে  যি অস্বাভাৱিক আৰু নিৰাময়ৰ অযোগ্য হয়। অৰ্থাৎ  মানুহ  ৰাগিৰ প্ৰভাৱত সজ বাটৰ পৰা পিছলি গৈ অসজ বাটত পৰি সংসাৰত জীয়াতু ভোগ কৰে। শৰীৰৰ শক্তি কমি যায়, অজীৰ্ণ ৰোগত আক্ৰান্ত হয়, মস্তিষ্কৰ শক্তি হ্রাস পায়, ভাল-বেয়া বিবেচনা শক্তি হেৰুৱায, শৰীৰৰ স্বাভাৱিক অবয়ৱ হেৰুৱায়। অৰ্থাৎ গাত চিৰৰুগীয়াৰ  চিন বহে। লগতে স্বভাৱতো তেনে এটা চিন বহি যায়।

 

মানুহৰ সজ চৰিত্ৰ শুৱনি ফুলনিতকৈও মনোহৰ — ভা সম্প্ৰসাৰণ

ফুলনিত নানা ধৰণৰ ফুল ফুলি সৌন্দৰ্য বঢ়ায় । কিন্তু সজ চৰিত্ৰবান মানুহ ফুলনিতকেয়ৈা সুন্দৰ। কাৰণ সজ চৰিত্ৰবান মানুহে সকলোৰে আদৰ, মৰম, সন্মান, প্ৰশংসা আদি  পায়। সজ চৰিত্ৰবান মানুহৰ সংস্পৰ্শত অহা সকলো মানুহেই কম-বেছি পৰিমাণে তেওঁৰ আচৰণৰ দ্বাৰা প্রভাবিত হয়। ফলত আমাৰ দৈনন্দিন জীৱন সুন্দৰ আৰু সুখকৰ হয়। সেয়ে সজ চৰিত্ৰ ফুলনিতকৈয়ো মনোহৰ বুলি ক’ব পাৰি।

 

বিনয় পৰম ভূষণ–ভা সম্প্ৰসাৰণ  

‘বিনয়’ অৰ্থাৎ বিনীত ভাব  বা ভদ্ৰতা যে এক ডাঙৰ  গুণ তাকে বুজাবলৈ উক্ত কথাফাকি ব্যক্ত কৰা হয়। 

সঁচা অৰ্থত মানুহ হ’বলৈ হ’লে এজন ব্যক্তিৰ কেইবাটাও মানৱীয় গুণ থাকিব লাগে, যেনে: দয়া, ক্ষমা, পৰোপকাৰিতা, সহিষ্ণুতা, প্ৰেম, মৰম, অহিংসা, বিনয়  ইত্যাদি। এই গুণবোৰৰ ভিতৰত ‘বিনয়’ গুণটোক ‘পৰম’ অৰ্থাৎ শ্রেষ্ঠ বুলি কোৱা হয়। আকৌ বিনয় গুণে ভদ্ৰতা, নম্ৰতা, সৰলতা আদি গুণক সামৰি লয়। সাধাৰণতে অন্যান্য মানৱীয় গুণ আয়ত্ব কৰোতে  প্ৰথমতে ব্যক্তি এজন বিনয়ী হ’ব লাগিব। অৰ্থাৎ মানুহৰ প্ৰতি ভদ্ৰ আচৰণ কৰিবলৈ শিকিব লাগিব। যাৰ মাজত এই ভদ্ৰতা বা বিনয়ী গুণ থাকে, সি অন্যান্য গুণ সহজে আয়ত্ব কৰিব পাৰে। বিনয়ী ব্যক্তি এজনে ডাঙৰক শ্ৰদ্ধা কৰে, সৰুক মৰম কৰে আৰু পিতৃ-মাতৃ, শিক্ষাগুৰু আদিক মানি চলে। অৰ্থাৎ আমি যদি বিনয়ী হ’বলৈ শিকো তেন্তে আমাৰ মাজত অন্যান্য সকলো গুণৰ বিকাশ আপুনা-আপুনি হৈ থাকে। সেয়ে বিনয়ক পৰম ভূষণ অৰ্থাৎ অলংকাৰ বুলি কোৱা হয়।

 

মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ’ব নালাগে — ভা সম্প্ৰসাৰণ

মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ’ব নালাগে। ধন সম্পদক  লৈ  দম্ভ কৰা আৰু দুখ দৰিদ্ৰতাত অধীৰ হোৱা নীচ লোকৰ কাম। মহৎ লোকসকল  সকলো অৱস্থাতে একে থাকে। অৰ্থাৎ মহৎ লোকসকলে সম্পদ আৰু বিপদকালত অধীৰ নহৈ সুস্থিৰে থাকিব পাৰে। কাৰণ সিহঁতে জানে যে মানৱ জীৱনটো সুখ আৰু দুখৰ সমষ্টি। অকল সুখ বিচৰাটো অজ্ঞানীৰ লক্ষণ। বিপদত অধীৰ হ’লে বিপদ আঁতৰ নহয়, ইয়াৰ বোজা অধিক বৃদ্ধিহে পায়। সেয়ে বিপদত অধীৰ বা অস্থিৰ নহৈ সুস্থিৰভাৱে বিপদৰ মোকাবিলা কৰিব লাগে। মানুহ যিমানে মহত্বৰ দিশত আগবাঢ়ি যায় সিমানে বেছি  অসুবিধা বা বিপদৰ মুখামুখি হ’ব লগা হয়। মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতাৰ হকে কেইবাবাৰো জেললৈ যাবলগা হৈছিল। কিন্তু সেই বুলি অস্থিৰ হৈ বা উদ্যম হেৰুৱাই লক্ষ্য এৰি দিয়া নাছিল। সেইদৰে ছেৰচাহৰ হাতত মোগল সম্ৰাট হুমায়ুনে ৰাজ্য হেৰুৱাই  অধীৰ নহৈ নতুন উদ্যমেৰে আগবাঢ়ি  হেৰুৱা ৰাজ্য উদ্ধাৰ কৰিছিল। তেনেদৰে জেমচ ৱাটে ষ্ট্ৰিম ইঞ্জিন আৱিষ্কাৰ কৰোতে আৰ্থিক আৰু মানসিক দিশত বহুত বিপদ আৰু লাঞ্ছনাৰ মুখামুখি হৈছিল কিন্তু সেইবুলি অধীৰ হৈ নিজৰ গৱেষণা এৰি দিয়া নাছিল। বৰং উদ্যম ঠিক ৰাখি কাৰ্য কৰি গৈছিল আৰু অৱশেষত সফল হৈছিল।

সেয়ে মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ’ব নালাগে।  

 

কৰ্তব্য  মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু — ভা সম্প্ৰসাৰণ 

‘কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্ৰভু।’ নিষ্ঠা  সহকাৰে কৰ্তব্য কৰি গ’লে যে আমি জীৱনত সফল হ’ব পাৰো সেয়া বুজাবলৈ উক্ত কথাফাকি কোৱা হয়। 

‘আৰাধ্য’ মানে আৰাধনা বা পূজা কৰিবলগীয়া বস্তু অৰ্থাৎ দেৱতা। মানুহে মনৰ আশা পূৰ্ণ কৰিবলৈ বা সুখ শান্তি কামনা কৰি দেৱতাক পূজা-সেৱা কৰে। কিন্তু দেৱতাক পূজা কৰি মানুহে জীৱনত সফল পাৰে নে নোৱাৰে সেয়া ক’ব নোৱাৰি। কিন্তু নিয়মিতভাৱে নিষ্ঠা সহকাৰে যদি আমি আমাৰ কৰ্তব্য কৰি যাব পাৰো তেন্তে নিশ্চিত সফলতা লাভ কৰিব পাৰো। আমি যদি বিশ্ব ইতিহাস অধ্যয়ন কৰো তেন্তে দেখা পাম যে জীৱনত সফলতা লাভ কৰা আৰু মানৱ সভ্যতালৈ অৱদান আগবঢ়োৱা সকলো ব্যক্তিয়েই কৰ্তব্যপৰায়ণ আছিল আৰু কৰ্তব্যৰ দ্বাৰাইহে সিহঁতে জীৱনত সফল হৈছিল। কৰ্তব্যক অৱহেলা কৰি অকল দেৱতাক পূজা কৰি জীৱনত সফলতা লাভ কৰা বা মানৱ সভ্যতালৈ অৱদান আগবঢ়াবলৈ লৈ সক্ষম হোৱা এজন ব্যক্তিৰ নামো আমি ইতিহাসত নাপাওঁ। সহজ কথাত কৰ্তব্যই আমাৰ দণ্ডাধাৰী প্ৰভুৰ দৰে। আমি কৰ্তব্য কৰি গ’লে কৰ্তব্যই আমাক সফল কৰে।

সেয়ে কৰ্তব্যক আৰাধ্য দেৱতা আৰু দণ্ডাধাৰী প্ৰভু বুলি ক’ব পাৰি।

 

ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন — ভা সম্প্ৰসাৰণ

ৰাগিয়াল বস্তুৰ এক গুণ হৈছে ‘ৰাগি’। এই গুণ নঞাৰ্থক অৰ্থতহে ব্যৱহাৰ কৰা হয়।  ‘ৰাগিয়াল বস্তু’ বুলিলে সেইেবাৰ বস্তুক বুজোৱা হয় যিবোৰ বস্তু খালে মানুহৰ নিচা হয় আৰু হিত-অহিত জ্ঞান হ্রাস  পায়। উদাহৰণস্বৰূেপ মদ, ভাং কানি, ফটিকা ইত্যাদি। এই বস্তুবোৰৰ যিকোনো এটা খালে মানুহৰ ৰাগি হয়। প্ৰথমতে মানুহে ইয়াক আনন্দৰ বাবে খাবলৈ আৰম্ভ কৰে যদিও পিছলৈ ই নিচা বা অভ্যাসত পৰিণত হয়। ৰাগিয়াল বস্তু সম্পৰ্কে কিছুমান মানুহে কয় যে ইয়াক সেৱন কৰিলে গাত বল হয়, জীৰ্ণ শক্তি বৃদ্ধি কৰে, টোপনি ভাল হয়, মনৰ উদ্বেগ কমে ইত্যাদি। কিন্তু এইবোৰ গোকাট মিছা যুক্তি। প্ৰকৃততে ৰাগিৰ এই গুণবোৰ পিছলৈ মাৰাত্মক দোষত পৰিণত হয়। বিহৰ পৰা কেতিয়াও অমৃত নোলায়। বিহৰ ফল সদায় মাৰাত্মক।

 

মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হলে মানুহে ভাল-বেয়াৰ বিবেচনা  পাহৰে — ভা সম্প্ৰসাৰণ  

ৰাগিয়াল বস্তুৰ ভিতৰত মদো এবিধ। মদপীয়ে মদৰ ৰাগি দেখুৱাবলৈ ভাল পায়। সেয়ে সি ঘৰৰ পৰা বাহিৰ ওলাই সকলোৰে আগত ঢলং-পলং কৰি ফুৰে। এইদৰে ফুৰাটো তেওঁৰ মনত মহতালি যেন লাগে। ৰাগি লগা ব্যক্তিয়ে নিজৰ আনকি আনৰ গুপ্ত কথাবোৰ ব্যক্ত কৰি ফুৰে আৰু অসময়ত বৰ কথা কৈ বিপদত পৰে।  সি অবাবত খং  আৰু অবাবত ৰং কৰে, অবাবত হাঁহে আৰু অবাবত কান্দে। কিন্তু ৰাগি এৰিলে সকলো পাহৰি যায়। মদৰ নিচাত মদপীয়ে নিজকে মহাৰজা বুলি ভাৱে, পৰিয়ালত কন্দল লগায়, ঘৈণীয়েকৰ লগত কাজিয়া কৰে, ল’ৰা-ছোৱালীৰ লগত বেয়া ব্যৱহাৰ কৰে। অৰ্থাৎ ভাল-বেয়া বিবেচনা শক্তি হেৰুৱাই পেলায়। সেয়ে মদৰ দৰে বেয়া বস্তুক মানুহে এৰাই চলিব লাগে।

 

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে — ভা সম্প্ৰসাৰণ

মদেই হওঁক বা কানিয়েই হওঁক ৰাগি মাত্ৰৰে এটা দোষ আছে। ৰাগি লগাই মতলীয়া কৰিলে, তাক শলাগিবলৈ দুই-চাৰিজন মানুহ লাগে নহ’লে মতলীয়ালিত কোনো আনন্দ নাপায়। এজনে তাল নধৰিলে গায়নৰ গা নুঠাৰ দৰে মদপীৰ ক্ষেত্ৰতো সেয়া হয়। কিন্তু নিমতলীয়া মানুহে মতলীয়াৰ কথা নশলাগে, মতলীয়াইহে মতলীয়াৰ কথাত ৰস পায়। সেইবাবে কানীয়া, ভঙুৰা, মদপী সকলোৱে লগ  বিচাৰে আৰু লগৰীয়াৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে।  সেয়ে সিহঁতে ভাল-বেয়া, ভদ্ৰ-অভদ্ৰ একো বিচাৰ নকৰি সৰু-ডাঙৰ  সকলোৰে লগত হৰিল-গৰিল হয় আৰু বুঢ়াও ল’ৰাৰ লগত সমানে চলে।  সেয়ে দেখা যায় লগৰীয়াৰ সংখ্যা বঢ়াবলৈ সিহঁতে ৰাগি নকৰা মানুহকো ৰাগি কৰিবলৈ শিকায়।

 

 কিনা হাঁহৰ ঠোঁটলৈকে মঙহ —ভা সম্প্ৰসাৰণ 

টকা খৰচ কৰি ক্ৰয় কৰা বস্তুৰ সর্বোচ্চ  সদ্ব্যৱহাৰৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত কথাফাকি ব্যক্ত কৰা হয়।

হাঁহ এবিধ চৰাই। ইয়াক মানুহে পালন কৰে। হাঁহৰ মঙহ  বৰ উপাদেয়। মানুহে ইয়াক বিভিন্নভাৱে ৰন্ধন কৰি খায়। বিয়া-সবাহতো হঁহাৰ মঙহ  খাদ্য সম্ভাৰত স্থান দিয়া হয়। ভৈয়ামৰ অসমীয়া মানুহে মঙহৰ বাবেই  হাঁহ পোহে যদিও চহৰ অঞ্চলৰ মানুহে হাঁহ পোহা দেখা নাযায়। উপাদেয় গুণৰ বাবে মানুহে বজাৰৰ পৰা হাঁহ কিনি আনে। হাঁহৰ ঠোঁট মঙহ হিচাপে খাব নোৱাৰি; কিন্তু মানুহে ইয়াৰ উপাদেয় গুণৰ বাবে লগতে টকা খৰচ কৰি ক্ৰয় কৰাৰ বাবে ইয়াৰ ঠোঁটোলৈকে মঙহ উলিয়াব বিচাৰে। অৰ্থাৎ টকাৰে কিনি অনা হাঁহৰ মঙহৰ  সর্বোত্তম  ব্যৱহাৰ হোৱাটো বিচাৰে। 

সেইদৰে মানুহে টকাৰে ক্ৰয় কৰা যিকোনো বস্তুৰ সর্বোত্তম  সেৱা লাভ কৰিবলৈ চেষ্টা কৰে।

 

আজিকালি ধনেই আলাউদ্দিনৰ চাকি —ভা সম্প্ৰসাৰণ 

আজিকালি আমাৰ সমাজত সৎ গুণৰ পৰিৱৰ্তে  ধনেই যে প্ৰভাৱ বিস্তাৰ কৰি আছে, সেই কথা বুজাবলৈ  উক্ত কথাষাৰৰ অৱতাৰণা কৰা হয়।

আমাৰ সমাজত ধনৰ প্ৰভাৱ অসীম। ধনৱান লোক এজনৰ কোনো গুণ নাথাকিলেও সি ধনৰ প্ৰভাৱত সমাজত উচ্চ আসন লাভ কৰা দেখা যায়। ধনী লোক এজনে তেওঁৰ ধন কোনো ভাল কামত খৰচ নকৰি অসৎ কামত খৰচ কৰিলেও ধন থকাৰ বাবে তেওঁৰ সন্মান হ্রাস নাপায়। সাধাৰণ মানুহেও ধনী লোকক ভয়তে সন্মান কৰে। অৰ্থাৎ ধন হৈছে আলাউদ্দিনৰ চাকিৰ দৰে। আলাউদ্দিনৰ চাকিৰ এনে এক অদ্ভদ শক্তি আছিল যে তেওঁ যিহকে বিচাৰিছিল চাকিটোৱে তেওঁক তাকেই দিছিল। সেয়েহে ব্যাংগাত্মক সুৰত কোৱা হয়, ধনেই আলাউদ্দিনৰ চাকি। অৰ্থাৎ ধনৰ প্ৰভাৱত সকলো পাব পাৰি।

 

ৰূপ ঈশ্বৰ প্রদত্ত — ভা সম্প্ৰসাৰণ    

প্ৰাণীৰ অবয়ৱ আৰু ৰূপ প্ৰকৃতিগতভাৱে পোৱা যায়। অৰ্থাৎ ৰূপ ঈশ্বৰ প্রদত্ত। কথাষাৰৰ বৰ তাৎপৰ্যপূৰ্ণ।

আমি দেখা পাওঁ যে আমাৰ মাজৰ কিছুমানৰ শাৰীৰিক ৰূপ অতুলনীয়, আকৌ কিছুমান লোক সিমান দেখনিয়াৰ নহয় আৰু  কিছুমানৰ ৰূপ কুৎসিত। কুৎসিত চেহেৰাৰ লোকে বহু সময়ত সুন্দৰ বা দেখনিয়াৰ নোহোৱা বাবে দুঃখ কৰা দেখা যায়। বাস্তৱিকতে এয়া ভুল ধাৰণা। শাৰীৰিক ৰূপৰ ওপৰত আমাৰ কোনো হাত নাই । কাৰণ ৰূপ জন্মগত এটি গুণ। আমি ইয়াক যিভাৱে পাওঁ সেইদৰে গ্ৰহণ কৰাই  জ্ঞানীৰ লক্ষণ। ৰূপৰ গুণ থাকিলেও ৰূপৰ বেয়া দিশো নথকা নহয়। আমি ইতিহাসত পাওঁ  গ্ৰীক ৰাজকুমাৰী হেলেনৰ ৰূপৰ বাবেই  ট্ৰয় নগৰী ধবংস হৈছিল ৰূপৰ বাবেই ৰাৱণে  সীতাক হৰণ কৰি সীতাৰ চৰিত্ৰত কলংক আৰোপ কৰিছিল।

 

ধনেই ধৰ্মৰ মূল, ধন নহ’লে  যায় জাতিকুল— ভা সম্প্ৰসাৰণ 

উক্ত কথাফাকিৰ জৰিয়তে ধনৰ গুৰুত্ব  আৰু তাৎপর্যৰ  বিষয়ে কোৱা হৈছে। 

আমি সুন্দৰ আৰু মৰ্যদাপূৰ্ণ জীৱন যাপন কৰোতে ধনৰ প্ৰয়োজন। ধনৰ বাবেই মানুহে পৰিশ্ৰম কৰে, কৃষকে  হাড় ভগা পৰিশ্ৰম কৰি খেতি কৰে, শ্ৰমিকে বাটত শিল ভাঙে , ঠেলাৱালাই ঠেলা চলায়।  ধনৰ দ্বাৰা আমি যি ইচ্ছা তাকে কৰিব পাৰো। ধন থাকিলে আমি দুখীয়াক দান কৰিব পাৰো, সমাজ সেৱামূলক কাম-কাজ কৰিব পাৰো।  ধৰ্ম কৰিবলৈয়ো ধনৰ প্ৰয়োজন হয়। কাৰণ দান কৰা, দুখীয়াক সাহাৰ্য কৰা, স্কুল কলেজ স্থাপন  কৰা আদি ধনৰ  দ্বাৰাহে সম্ভৱ। সমাজত নিজৰ স্থিতি সবল কৰিবলৈয়ো ধনৰ প্ৰয়োজন। আমি দেখা পাওঁ ধন থকা ব্যক্তিয়ে সমাজত সহজে আনৰ পৰা সন্মান আৰু ভক্তি আদায় কৰিব পাৰে। আনহাতে ধনহীন বা দুখীয়া ব্যক্তি এজনে নিজৰ বহুত গুণ থকা সত্বেও আনৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে।  সেয়ে ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতিকুল’ বুলি কোৱা হয়। কথাষাৰৰ যথাৰ্থতা আছে।

 

সোণৰ জেউতি অমান্য কৰিলে নকমে — ভা সম্প্ৰসাৰণ

মূল্যৱান বস্তুক উলাই কৰিলেই যে তাৰ গুণ বা মূল্য নকমে তাকে ব্যক্ত কৰিবলৈ উক্ত কথাফাকি উদ্ধৃত কৰা হয়।

সোণ এবিধ বহুমূলীয়া ধাতু। ইয়াৰ  উজ্জ্বলতা আৰু  দুষ্প্রাপ্যতাৰ  বাবে  মানুহে ইয়াক বৰ মূল্যৱান ধাতু বুলি বিবেচনা কৰে। সোণক মূল্যৱান স্থাবৰ সম্পদ বুলিও ধৰা হয়। সোণৰ দ্বাৰা মানুহে মূল্যৱান আ-অলংকাৰ তৈয়াৰ কৰে। দেশ এখনৰ অৰ্থনৈতিক দিশটোও সোণৰ জৰিয়তে মূল্যায়ন কৰা হয়। আন্তৰ্জাতিক বিনিময়ৰ ক্ষেত্ৰতো সোণ ব্যৱহাৰ কৰা হয়। সেয়ে সোণৰ চাহিদা যথেষ্ট। এনেকুৱা মূল্যৱান ধাতু এবিধক কোনোবাই অমান্য কৰিলেও বা ইয়াৰ গুণক অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য নকমে। ঠিক সেইদৰে  গুণবান মানুহৰ কোনো গুণক কোনোবাই অমান্য কৰিলেও বা অস্বীকাৰ কৰিলেও ব্যক্তিজনৰ গুণৰ কোনো ক্ষতি নহয় বা হ্র্রাস  নাপায়। 

সেয়ে গুণৱান বস্তুৰ গুণক স্বীকাৰ কৰি লোৱাই  জ্ঞানীৰ পৰিচায়ক।

 

বলে মানুহক সাহস,  স্ফ্রুর্তি  আৰু আনন্দ দিয়ে —ভা সম্প্ৰসাৰণ  

ইয়াত ‘বল’ বুলিলে শাৰীৰিক শক্তিৰ কথা বুজোৱা হৈছে। শাৰীৰিক বল গৌৰৱৰ এক কাৰণ। ইতিহাসত আমি ভীম আৰু হাৰ্কিউলিচৰ  শাৰীৰিক বলৰ বিষয়ে পঢ়িবলৈ পাওঁ। ভীমৰ যথেষ্ট বল থকা বাবে বহুতে তেওঁক ভয় কৰিছিল। সেইদৰে  হাৰ্কিউলিচে দৈত্যৰ লগত যুদ্ধ কৰি পৰাভূত কৰিছিল। বল থাকিলে মানুহে আনৰ ওপৰত কেতিয়াবা প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয় আৰু ভক্তি আকৰ্ষণ কৰিব পাৰে। বল ঈশ্বৰ প্ৰদত্ত হ’লেও তাক নিজে চেষ্টা কৰি বহুত পৰিমাণে বঢ়াব পাৰি। ছেণ্ডো আৰু প্ৰফেছাৰ ৰামমূৰ্তিৰ বল আনেকাংশ নিজ চেষ্টাৰ ফল। সেয়ে দেখা যায় বলে মানুহক সাহস, স্ফ্রুর্তি  আৰু আনন্দ দিয়ে।

 

বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে —ভা সম্প্ৰসাৰণ

ধন বা বল অৰ্থাৎ শক্তি সামৰ্থৰ দ্বাৰা যে মানুহক পৰাস্ত কৰিব পাৰি, কিন্তু মনক জয় কৰিব নোৱাৰি সেই কথা বুজাবলৈ গৈ  উক্ত কথাফাকি কোৱা হয়। 

ইতিহাসত দেখা যায় যে বহুতো ৰজা মহাৰজাই সিহঁতৰ শক্তি সামৰ্থৰে বহুতো দেশ জয় কৰিছিল। উদাহৰণ স্বৰূেপ আলেকজেণ্ডাৰ, নেপোলিয়ন, চীজাৰ আদি ৰাজনৈতিক নায়কসকলে বহুতো দেশ জয় কৰিছিল। কিন্তু সিহঁতৰ জয় ক্ষণস্থায়ী আছিল। কালৰ গতিত সিহঁতৰ সাম্ৰাজ্য লীন গৈছে। কিন্তু মনৰ দ্বাৰা অৰ্থাৎ জ্ঞান, বুদ্ধি, উদাৰতা, মহত্ব, আত্মত্যাগ আদিৰ দ্বাৰা যি বিজয় সাব্যস্ত হয় সেয়া চিৰস্থায়ী। উদাহৰণ স্বৰূেপ বুদ্ধ, মহম্মদ, চক্ৰেটিছ, কবীৰ,  নানক  আদি ব্যক্তিসকলে সিহঁতৰ জ্ঞান বুদ্ধিৰ দ্বাৰা মানুহৰ মন জয় কৰি অমৰ হৈ আছে। ৰজা মহাৰজাসকলে অস্থায়ীভাৱে মানুহক জয় কৰিছিল,  কিন্তু জ্ঞানী আৰু পণ্ডিতসকলে স্থায়ীভাৱে মানুহৰ মন জয় কৰিছিল।

 

পঢ়ায় পঢ়ে, ৰোৱে পাণ, এই তিনি নিচিন্তে  আন —ভা সম্প্ৰসাৰণ

কাৰ্যত সিদ্ধি লাভ কৰিবলৈ প্ৰয়োজন হোৱা একাগ্ৰতা গুণৰ কথা ক’বলৈ গৈ অসমীয়ালেকে সততে উক্ত প্ৰৱচনটো ব্যক্ত কৰে।

পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হ’ল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হ’ল এটা প্ৰধান গুণ। একাগ্রচিত্তে  কাম নকৰিলে কামকেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি।   ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কাৰ্যত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ণ নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা-দান কাৰ্যত সিহঁতে সফল হ’ব নোৱাৰে।  ছাত্ৰ-ছাত্ৰীসকলওে সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিত্ত হ’ব লাগিব। তেহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানান জ্ঞানৰ গৰাকী হ’ব পাৰিব আৰু পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰিব ।

আকৌ  যিসকলে পাণ খেতি কৰে সিহঁতে পাণ খেতিৰ নিয়মিত তদাৰক কৰি থাকিব লাগিব অৰ্থাৎ নিয়মমিত সাৰ-পানীৰ যোগান ধৰি থাকিব লাগিব। ন’হলে পাণ খেতিয়ে আশানুৰূপ ফল নিদিব ।  

মুঠতে, মানৱ  জীৱনৰ উন্নতিত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে।এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়।

 

যি মূলা বাঢ়ে তাৰ দুপাততে চিন —ভা সম্প্ৰসাৰণ 

অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰু কালতে যে ডাঙৰৰ ৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি মতা হয়। 

মূলা এবিধ ভাল  পাচলি।ইয়াৰ শাক আৰু মূল দুয়ো খাব পাৰি। অসমীয়া মানুহে পাচলি হিচাপে ইয়াক খাবলৈ অতি ভাল পায়। সেয়ে বহুত কৃষকে ইয়াৰ খেতি কৰে। মূলাৰ বীজ সিঁচাৰ প্ৰায় পোন্ধৰ-বিশদিনৰ ভিতৰতে ই দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে গঁজি উঠা মূলাৰ সকলোবোৰ  চেহেৰা দেখাত একে নহয়। ইয়াৰ কিছুমান দুৰ্বল আৰু লেহুেকা হয়। কৃষকে ইয়াৰ দুপাত হোৱাৰ লগে লগেই পাত চাইয়েই বুজিব পাৰে কোনবোৰ  মূলা ডাঙৰ  হ’লে ভাল হ’ব আৰু কোনবোৰ  বেয়া হ’ব। সেয়ে বেয়া পুলিবোৰ  উভালি পেলাই ভাল লক্ষণ থকা পুলিবোৰ  ডাঙৰ  হ’বলৈ দিয়ে। 

দুপাততে যিদৰে মূলা চিনিব পাৰি ঠিক সেইদৰে ল’ৰালি কালৰ আচাৰ-আচৰণ চাই শিশু এটা ডাঙৰ  হ’লে কেনেকুৱা হ’ব সেয়া বুজিব পাৰি। আমি ইতিহসত পাওঁ যে সিকল ব্যক্তিয়ে মানৱ সভ্যতালৈ মহৎ অৱদান আগবঢ়াইছে  সেইসকল ব্যক্তি সৰুকালৰ পৰাই আচাৰ-আচৰণত ভাল আৰু কৰ্তব্যপৰায়ণ আছিল। 

উক্ত প্ৰৱনচটোৰ সমাৰ্থক আন এক প্ৰৱচন আছে। সেয়া — ‘ৰাতি পুৱাই দিনটোৰ আগজানিনি দিয়ে’। অৰ্থাৎ ৰাতিপুৱা যদি সুন্দৰ আৰু উজ্জ্বল হয় তেন্তে গোটেই দিনটো উজ্জ্বল আৰু ভাল হোৱাৰ সম্ভাৱনা থাকে। তেনেদৰে ৰাতিপুৱাৰ বতৰটো যদি গোমোঠা, ডাৱৰীয়া হয় তেন্তে গোটেই দিনটো প্ৰায়েই তেনে হয়।

 

ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায় —ভা সম্প্ৰসাৰণ 

“ঘঁহি থাকিলে শিলো ক্ষয় যায়” কথাষাৰ পটন্তৰ হিচাপে সততে কোৱা হয়। কোনো কাম একেলেথাৰিয়ে কৰি থাকিলে যে সফল হ’ব পাৰি সেয়া বুজাবলৈ উক্ত কথাফাকি ব্যক্ত কৰা হয়।

শিল অতি টান বস্তু। ইয়াক সহজে ভাঙিব নোৱাৰি বা ক্ষয় নিয়াব নোৱাৰি। কিন্তু এনে কঠিন শিলকো যদি নিয়মিত ঘঁহি থকা হয় তেন্তে লাহে লাহে ই ক্ষয়প্ৰাপ্ত হয়। সেইদৰে কোনো কঠিন বা ডাঙৰ  যেন ভবা কাম অসাধ্য বুলি ভাবি এৰি নিদি যদি ধৈৰ্য আৰু অধ্যাৱসায়ৰ সৈতে নিয়মিত কৰি থকা হয় তেন্তে ই নিশ্চয় সম্ভৱ হয়।  অৱশ্যে  কিছুমান কাম আছে যাক সিদ্ধ কৰিবলৈ হ’লে সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। মুৰ্খ লোকে এনে পৰিশ্ৰমসাধ্য আৰু সময়সাধ্য কামত লাগি থাকিবলৈ ভয় পাই এবাৰ দুবাৰ চেষ্টা কৰিয়েই এৰি দিয়ে বা তেনে কামৰ পৰা হাত সাৰি থাকে। কিন্তু কাম যিমান যিমানেই কঠিন আৰু পৰিশ্ৰমসাধ্য হয় তাৰ ফলাফলো সিমানে মধুৰ হয়। গতিকে ঘঁহোতে ঘঁহোতে শিল ক্ষয় যোৱাৰ দৰে নিয়মিত কৰি গ’লে কিঠন কামতো সফলতা লাভ কৰিব পাৰি।

 

চেষ্টাৰ  অসাধ্য একো নাই — ভা সম্প্ৰসাৰণ  

কোনো কাম এবাৰতে নোৱাৰিলে সেয়া সফল নোহোৱালৈকে কৰি যোৱাই  চেষ্টা। চেষ্টা কৰিলে আমি যিকোনো কামতে সিদ্ধি লাভ কৰিব পাৰো। মানুহে কয়, “যত্ন কৰিলে ৰত্ন পায়”। ইয়াত ‘যত্ন’  শব্দৰ দ্বাৰা যথাযথ চেষ্টা কৰাক বুজোৱা হৈছে। আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ হয় আৰু কিছুমান কঠিন যেন বোধ হয়। সহজসাধ্য কাম সকলোৱে কৰিব পাৰে। কিন্তু বহুতে কঠিন যেন ভবা কামক ভয় পাই বহুতে তেনে কাম এৰাই চলে। এয়া নিশ্চয় ভুল ধাৰণা। আমি জানো যে বিজ্ঞানৰ প্ৰতিটো বিষ্ময়জনক আৱিষ্কাৰৰ অন্তৰালত অশেষ চেষ্টা নিহিত আছে। উদাহৰণস্বৰূেপ ইলেকট্ৰিক বাল্বৰ ফিলামেন্টৰ আৱিষ্কাৰ কৰোতে চাৰ টমাচ আলভা এডিচনে কেইবা হাজাৰ বস্তু পৰীক্ষা-নিৰীক্ষা কৰিব লগা হৈছিল। তেনেদৰে মোগল সম্ৰাট হুমায়ুনে চেৰচাহৰ হাতত ৰাজ্য হেৰুৱাই কেইবাবছৰ অনাই-বনাই ঘূৰি-ফুৰি অৱশেষত চেষ্টাৰ বলত পুনৰ হেৰুৱা ৰাজ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সেইদৰে আহোম কোঁৱৰ গদাধৰ সিংহই  চেষ্টাৰ বলত আহোম সিংহাসন পুনৰুদ্ধৰ কৰিব পাৰিছিল। 

সেয়ে ‘চেষ্টাৰ অসাধ্য একো নাই’ বুলি কোৱা হয়।

 

প্রতিজ্ঞা   ভয়ৰ পৰম ঔষধ —ভা সম্প্ৰসাৰণ 

প্ৰতিজ্ঞা বা মনৰ দৃঢ়তার  দ্বাৰা যে কঠিন কামৰ প্ৰতি থকা মনৰ ভয় আঁতৰ কৰিব পাৰি সেয়া বুজাবলৈ উক্ত কথাফাকি কোৱা হয়।

আমি কৰিবলগা কিছুমান কাম সহজ আৰু কিছুমান টান বা কষ্টদায়ক। সহজ কামবোৰ  আমি অনায়াসে কৰিব পাৰো। সহজ কামত পৰিশ্ৰমো কম। আনহাতে কঠিন কাম কৰিবলৈ হ’লে বহুত কষ্ট কৰিব লগা হয় বাবে বহুতে কঠিন কামৰ পৰা হাত সাৰি থাকিব বিচাৰে।  ফলত সিহঁতে জীৱনত সফল হ’ব নোৱাৰে। কিন্তু কঠিন কামৰ প্ৰতি থকা ভয়ৰ পৰা মুক্তি লাভৰ একমাত্ৰ উপায়টো হৈছে মনৰ দৃঢ়তা  বা প্ৰতিজ্ঞা। কঠিন বুলি ভবা কামটো যদি আমি কৰিম বুলি মনত প্ৰতিজ্ঞা কৰি আগবাঢ়ো  তেন্তে আমি নিশ্চয় সফল হ’ব পাৰিম। পৃথিৱীত আজিলৈকে যিবোৰ বস্তু আৱিষ্কাৰ হৈছে সকলোবোৰেই  কঠিন পৰিশ্ৰমৰ অৰ্থাৎ অধ্যাৱসায়  আৰু প্ৰতিজ্ঞাৰ ফল। সেয়ে প্ৰতিজ্ঞাক ভয়ৰ পৰম ঔষধ বুলি কোৱা হয়।

 

সিদ্ধি নহ’লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি —ভা সম্প্ৰসাৰণ। 

আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ আৰু কিছুমান কঠিন বা  পৰিশ্ৰমসাধ্য। সহজ কামবোৰ  সকলোৱে কৰিব পাৰে। কিন্তু জীৱনত সফলতা পাবলৈ হ’লে আমি কঠিন বুলি ভবা কামো কৰিব লাগিব।  আমাৰ মাজত এনে বহুতো লোক আছে যিসকলে এবাৰত কোনো কামত সফল হ’ব নোৱাৰিলে কামটো এৰি দি হাত সাবটি বহি থাকে। ফলত সি সফলতাৰ মুখ দেখিব নোৱাৰে। কঠিন বুলি কাম এৰি দিয়াটো হৈছে চঞ্চল মানুহৰ ৰীতি।  আমি দেখা পাওঁ সমাজত সৰহভাগ মানুনেই জীৱনত বিফল হয়। আমি যদি বিফল হোৱা মানুহৰ জীৱন অধ্যয়ন কৰো, তেন্তে দেখা পাম যে সিহঁতৰ মন চঞ্চল। অৰ্থাৎ অধ্যাৱসায়ৰ  সৈতে কেনো কাম কৰিব নোৱাৰে বাবে  সিহঁত বিফল হয়।

 

অধ্যৱসায় মনত লুকাই থকা  প্রতিজ্ঞাৰ ফল —ভাব সম্প্ৰসাৰণ।

কোনো কাম এবাৰতে নোৱাৰিলে তাক কৰিবলৈ এৰি  নিদি সিদ্ধি লাভ নকৰালৈকে বাৰে বাৰে চেষ্টা কৰি যোৱাকে ‘অধ্যাৱসায়’ বোলে। কিন্তু এই অধ্যাৱসায় গুণটো সকলো মানুহৰ নাথাকে। অৰ্থাৎ অধ্যাৱসায়ৰ মূল্য বা তাৎপৰ্য সকলোৱে অনুধাৱন কৰিব নোৱাৰে। এই অধ্যৱসায় মনৰ দৃঢ়তা  অৰ্থাৎ প্ৰতিজ্ঞাৰ ফল। অৰ্থাৎ কোনো কাম কৰিমেই বুলি মন  দৃঢ়  কৰি কামত আগবাঢ়ি যোৱাই প্ৰতিজ্ঞা। যিসকল লোকে  প্ৰতিজ্ঞাত অলৰ-অচৰ সেইসকল লোকে জীৱনত সফল হ’ব পাৰে। উদাহৰণস্বৰূেপ টামচ আলভা এডিচনে ইলেক্ট্রনিক  বাল্বৰ ভিতৰত থকা ফিলামেন্ট আৱিষ্কাৰ কৰোতে কেইবা হাজাৰবাৰ বিফল হৈছিল, কিন্তু মনৰ দৃঢ়তা  অৰ্থাৎ প্ৰতিজ্ঞাৰ বাবে চেষ্টা এৰি নিদি গৱেষণা চলাই গৈছিল আৰু শেষত সফল হৈছিল। সেয়ে অধ্যাৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল বুলি কোৱা হয়।

 

যত্ন কৰিলেহে ৰত্ন পায়—ভাৱ সম্প্ৰসাৰণ

জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা যত্ন বা চেষ্টাৰ গুৰুত্বৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়। 

ৰত্ন হ’ল অতি মূল্যবান আৰু  দুৰ্লভ বস্তু। ইয়াক লাভ কৰিবলৈ হ’লে মানুহে পৰিশ্ৰম কৰিবলগা হয়।   বিনা পৰিশ্ৰমে অমূল্য ৰত্নক কোনেও লাভ কৰিব নোৱাৰে। ঠিক সেইদৰে মানুহে ৰত্নৰ তুল্য মান-সন্মান, জ্ঞান-বুদ্ধি, ধন-সম্পদ, যশস্যা আদি লাভ কৰিবলৈও অশেষ যত্ন বা পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। ৰত্ন লাভৰ আশা কৰি  কাম-বন নকৰি বহি থাকিলে কাৰো হাতত আপোনা-আপুনি ৰত্ন আহি নপৰে। জীৱনত সফলতা লাভ কৰা লোকসকললৈ চালে দেখা যায় যে তেওঁলোকে তেজক পানী কৰা আৰু হাড়ক মাটি কৰা কঠোৰ পৰিশ্ৰমৰ মাজেদিহে আকাংক্ষিত সফলতা লাভ কৰে। এই সফলতাই তেওঁলোকক মহামূল্যৱান ৰত্নৰ তুল্য মূল্যৱান সা-সম্পদেৰে সমৃদ্ধ কৰে। এনে পৰিশ্ৰমী লোকসকলে পৰিশ্ৰমৰ অমৃত ফল লাভ কৰি জীৱনক উপযুক্ত স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।

 

ফটাবাঁহ কদাপি জোৰা নালাগে —ভাব  সম্প্ৰসাৰণ

বাঁহ এবিধ অতি প্ৰয়োজনীয় বস্তু। ইয়াক আমি নানান ঘৰুৱা কামত ব্যৱহাৰ কৰিব লগা হয়। কিন্তু বাঁহ এটি যদি কিবা কাৰণত ফাটি যায় তেন্তে আমি ইয়াক জোৰা লগাব নোৱাৰোঁ।কেনেবাকৈ ৰচীৰে বান্ধিলেও বা জোৰা-তাপলি মাৰিলেও ফটাৰ চিহ্নটো থাকিয়েই যায়। ঠিক সেইদৰে আমাৰ স্বাস্থ্য যদি এবাৰ ৰোগীয়া হৈ যায় তাক আমি পুনৰাই সম্পূৰ্ণ ৰূপত ঘূৰাই পাব নোৱাৰো। সেয়ে আমি কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে অতি সাৱধানে ব্যৱহাৰ কৰিব লাগে যাতে তাৰ কোনো অপব্যৱহাৰ নহয়।

 

স্বাস্থ্য পৰম ধন —ভাৱ সম্প্ৰসাৰণ 

স্বাস্থ্য মানুহৰ বাবে  এক অমূল্য সম্পদ। ইয়াক আমি এবাৰতে পাওঁ। স্বাস্থ্য ভালে থাকিলে  যিকোনো কাম আমি উৎসাহ উদ্দীপনাৰে কৰিব পাৰো। স্বাস্থ্য ভালে থাকিলে মনো ভালে থাকে। মন ভালে থাকিলে আমাৰ দৈনন্দিন জীৱনো ভালদৰে পাৰ হয়। মানুহ এবাৰ মৰে কিন্তু ৰোগীয়া মানুহে জীৱনত বাৰে বাৰে মৰণৰ যন্ত্ৰণা ভোগ কৰিব লগা হয়। সেয়ে স্বাস্থ্যক পৰম ধন হিচাপে মানি লৈ ইয়াৰ যত্ন লোৱা উচিত।

 

স্বাস্থা  নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে —ভাৱ সম্প্ৰসাৰণ   

স্বাস্থ্য ধন পৰম সম্পদ। সদায় সুস্থ থকাই শৰীৰৰ স্বভাৱ যদিও স্বাস্থ্য ভালে থকালৈকে মানুহে ইয়াৰ তাৎপৰ্য অনুভৱ নকৰে।  কিন্তু অৱহেলা কৰি বা স্বাস্থ্যবিধি নিয়মমতে মানি নচলাৰ বাবে  এবাৰ যদি স্বাস্থ্য পৰি যায় বা ৰোগীয়া হৈ যায় তেন্তে তাৰ বাবে  বহুত যাতনা ভূগিব লগা হয় আৰু তেতিয়াহে মানুহে স্বাস্থ্য যে পৰম সম্পদ তাক অনুভৱ কৰিব পাৰে। সেয়ে স্বাস্থ্য ভালে থকা সময়ৰ পৰাই স্বাস্থ্য ৰক্ষাৰ প্ৰতি মনোযোগী হ’ব লাগে।

 

ৰোগ মানুহৰ এটা পৰম শক্ৰ 

ৰোগ মানুহৰ পৰম শত্ৰু বুলি কোৱা হয়। মানুহৰ নানা শত্ৰু থাকিব পাৰে। কোনো শত্ৰুৱে আমাক জীৱনতো মাৰি পেলাব পাৰে। কিন্তু যদি কোনো মানুহ ৰুগীয়া হয় তেওঁ বাৰে বাৰে মৰণ যন্ত্ৰণা ভোগ কৰিব লাগে। সেয়ে ৰোগ মানুহৰ পৰম শত্ৰু বুলি কোৱা হয়। বুদ্ধিমান মানুহে ৰোগ নামৰ পৰম শত্ৰুক সদায় এৰাই চলিবলৈ যত্নবান হয়।

 

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে

শ্ৰম-বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাক বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হয়।

হাঁহ-কুকুৰা শিয়ালৰ প্ৰিয় খাদ্য। কিন্তু হাঁহ-কুকুৰাবোৰ  আেপানা-আপুনি শিয়ালৰ ওচৰত ধৰা নিদিয়ে। শিয়ালে নিজ চেষ্টাৰে এইবোৰ  ধৰিব লাগে। নানান ফন্দিও কৰিব লগা হয়। সেয়ে শিয়াল এজনীয়ে যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে, তেন্তে সি হাঁহ ধৰিব নোৱাৰি নেখাই মৰিব লাগিব। ঠিক তেনেকৈ মানুহে জীৱনত সুখ-শান্তিত থাকিবলৈ হ’লে তেওঁ পৰিশ্ৰম কৰিব লাগিব। নিজে ধন অৰ্জন কৰিব লাগিব। কিন্তু তাকে নকৰি যদি আলস্যত দিন পাৰ কৰে, তেন্তে সি কেতিয়াও জীৱনত উদ্গতি কৰিব নোৱাৰে। সেয়ে উদ্গতিৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন।

 

টেঙা  আম এবাৰহে বেচিব পাৰি 

ছল-চাতুৰীৰ দ্বাৰা যে মানুহক বাৰে বাৰে ঠগাব নোৱাৰি তাকে বুজাবলৈ উক্ত নীতিবচনটো সততে উদ্ধৃত কৰা হয়।

আম অতি ভাল ফল। ইয়াক মানুহে খায় আৰু ভাল পায়। ইয়াৰ বিশেষ শক্তিবৰ্দ্ধক গুণো আছ। কিন্তু টেঙা আম আমি খাব নোৱাৰি। সেয়ে টকা খৰচ কৰি  কোনও টেঙা  আম কিনিব নিবিচাৰে।  কিন্তু বিক্ৰেতাৰ কথা বিশ্বাস কৰি যদি ক্ৰেতাই টেঙা আম কিনে তেন্তে সি ঘৰলৈ গৈ খোৱাৰ পিছত বিক্ৰেতাৰ প্ৰৱঞ্চনা ধৰা পৰিব। তেনে অৱস্থাত ক্ৰেতাজনে সেইজন বিক্ৰেতাৰ  পৰা ভৱিষ্যতে কোনো দিন আম নিকিনে। ঠিক তেনেকৈ মানুহক মিছা মাতি এবাৰহে ঠগাব পাৰি, বাৰে  বাৰে নোৱাৰি।

 

তুলসীৰ লগত কলপটুৱাৰ মুক্তি

ভালৰ লগত বেয়া থাকিলেও বেয়াও যে বহু সময়ত ভালৰ মৰ্যাদা লাভ কৰে তাকে বুজাবলৈ উক্ত ফকৰা যোজানটি উদ্ধৃত কৰা হয়। 

তুলসী গছক পৱিত্ৰ বুলি গণ্য কৰা হয়। ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ লোকে ইয়াক পূজাও কৰে। কাৰণ ইয়াৰ বহুতো ঔষধি গুণো আছে।  কিন্তু  ইয়াৰ তুলনাত কলপটুৱা অতি সাধাৰণ বস্তু। কলপটুৱাক কোনো মানুহে পূজা নকৰে। কিন্তু কলপটুৱাৰ খোল সাজি তাতে তুলসী থৈ পূজা-পাতলৰ কামত ব্যৱহাৰ কৰা হয় বাৰে  কলপটুৱাৰো মূল্য বৃদ্ধি পায়। ঠিক তেনেদৰে সমাজত এনে বহুতো লোক আছে যিসহঁত কোনো কামৰ যোগ্য নহয় বা কোনো গুণ নাই। তেনে মানুহ যদি গুণী মানুহৰ সংস্পৰ্শত থাকে তেন্তে সিও সময়ত গুণৱান হৈ উঠে আৰু মানুহৰ পৰাও সন্মান লাভ কৰিব পাৰে।

সেয়ে কোৱা হয় ভালৰ লগত থাকিলে বেয়াও ভালৰ মৰ্যদা লাভ কৰে।

 

ৰাইজে নখ জোকাৰিলে নৈ বয়

উক্ত উক্তিটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হোৱা এটি প্ৰবচন। সমজুৱাভাৱে কাম কৰিলে যে জটিল কামো সহজে সমাধান কৰিব পাৰি তাকে  বুজাবলৈ  প্ৰবচনটি মতা হয়।

নদ-নদী সাধাৰণতে প্ৰাকৃতিক প্ৰক্ৰিয়াত সৃষ্টি হয়। মানুহে নৈ সৃষ্টি কৰাটো অসম্ভৱ। কিয়নো নৈ বৈ  যাবলৈ বহুত পানীৰ প্ৰয়োজন। এই পানী বৰষুণৰ উপৰিও বিভিন্ন উৎসই যোগান ধৰে। অৰ্থাৎ এটুপি এটুপিকৈ বহুত পানী লগ হৈ নৈ বৈ যায়। ঠিক তেনেকৈ আমাৰ এনে বহুতো কাম আছে যিবোৰ  আমি কোনো  ব্যক্তিয়ে অকলশৰীয়াভাৱে কৰিব নোৱাৰো। কিন্তু সেই কাম যদি সমাজৰ সকলোৱে মিলি-জুলি কৰো তেন্তে সি সহজ হৈ পৰে। সমাজৰ বহুত ডাঙৰ ডাঙৰ  কাম যেনে: শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান, সাহাৰ্য শিবিৰ আদি সমূহ ৰাইজৰ দান বৰঙণিত  গঢ়ি  উঠে।

সেয়ে কোৱা হয় ৰাইজে ঐক্যবদ্ধ হৈ কাম কৰিলে নৈ বোওৱাৰ দৰে টান বা অসম্ভৱ কাম এটিও সহজে সমাধান কৰিব পাৰি।

 

অতি ভক্তি চোৰৰ লক্ষণ 

অতিপাত নমনীয়তা বা সাধুতাত যে ভণ্ডালি থাকিব পাৰে তাকে বুজাবলৈ অসমীয়া ভাষাত এই প্ৰৱচনটো কোৱা হয়।

প্ৰত্যেক বস্তু বা কথাৰে একোটা সীমা থাকে। যেতিয়ালৈকে সি সীমাৰ ভিতৰত থাকে, তেতিয়ালৈকে তাৰ সুফল সকলোৱে ভোগ কৰিবলৈ পায়।সেইদৰে সাধু স্বভাৱৰ বা ভক্তিপৰায়ণ লোক সকলোৰে আদৰৰ। কিন্তু ভক্তি যেতিয়া অতিপাত বা অতিৰঞ্জিত হয় তেতিয়া তাত কৃত্ৰিমতা থাকে। সমাজত এনে বহু লোক পোৱা যায় যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে  স্বাভাৱিকতকৈ অধিক বিশ্বাসভাজন বা ভক্তিপৰায়ণ হোৱা যেন দেখুৱায়। তেনে লোকে সুযোগ বুজি পিছত অনিষ্ট সাধন কৰে। 

 সেয়ে অতিৰিক্তি ভক্তি প্ৰদৰ্শন কৰি বিশ্বাস অৰ্জন কৰা লোকৰ পৰা সাৱধানে থাকিব লাগে। অৰ্থাৎ বেছি ভক্তিপৰায়ণতাত যে অসৎ উদ্দেশ্য থাকে তাৰ প্ৰতি সচেতন থাকিব লাগে।

 

বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা

 কোনো কাম, কথা বা অৱস্থাৰ ভাল-বেয়া যে মানুহৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে তাকে বুজাবলৈ উক্ত প্ৰৱচনফাঁকি সততে উদ্ধৃৃত কৰা হয়।

মানুহে  মাটিত আৰামদায়কভাৱে বহিবলৈ পীৰাৰ প্ৰয়োজন। সেইদৰে ক্ষুদা নিবাৰণ কৰিবলৈ আমাৰ খাদ্যৰ প্ৰয়োজন। কিন্তু জুতি লগাবলৈ আমি সুস্বাধু খাদ্য বিচাৰো। আমি ইচ্ছা কৰিলেই যিকোনো পৰিস্থিতিত আৰামদায়কভাৱে বহিবলৈ বা জুতি লগাকৈ খাবলৈ খাদ্য বস্তু নেপাওঁ। তেনে স্থলত আমি আমাৰ মনৰ ভিতৰত  কোনো অসন্তোষভাৱ পোষণ নকৰি যদি মাটিতে ভৰি দুখনত ভৰ দি বহো আৰু সেইদৰে ভোকৰ সময়ত সোৱাদৰ ওপৰত সিমান গুৰুত্ব নিদি সাধাৰণ খাদ্যকেই গ্ৰহণ কৰো তেন্তে আমাৰ  কোনো অসুবিধাও নহয় আৰু সমস্যাও পূৰণ হয়। 

সেয়ে উক্ত প্ৰৱচনটিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে আমি আমাৰ দৃষ্টিভংগী অৱস্থাৰ  অনুকূলে  গঠন কৰিব লাগে।

 

যিবিলাক ৰীতি-নীতি নৰৰ গঠিত সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত

মানুহৰ দ্বাৰা ৰচিত ৰীতি-নীতি যে বহু সময়ত ভূল বা স্বাৰ্থান্বেষী হয় সেই কথাষাৰকেই উক্ত কথাফাঁফিৰ দ্বাৰা বুজোৱা হৈছে।

সমাজত মানুহে শান্তি-শৃঙ্খলা, নৈতিকতা, মানৱতা আদি বজাই ৰাখিবলৈ প্ৰয়োজন অনুসাৰে বহুতো ৰীতি-নীতি, আইন-কানুন গঢ়ি  তোলা হয় আৰু সেই ৰীতি-নীতিবোৰ মানি চলিবলৈ সকলোকে বাধ্যও কৰোৱা হয়। কাৰণ সকলোবোৰ ৰীতি-নীতি, আইন-কানুন আদিৰ নেপথ্যত মানুহৰ কল্যাণৰ উদ্দেশ্য নিহিত থাকে। কিন্তু বাস্তৱত দেখা যায় যে বহু সময়ত সেই ৰীতি-নীতিবোৰে মানুহৰ কল্যাণ সাধন নকৰি অকল্যাণ বা অহিত সাধন কৰে। ইয়াৰ কাৰণ গমি চালেই দেখা যায় যে কোনো কর্তৃপক্ষৰ দ্বাৰা সৃষ্টি কৰা ৰীতি-নীতি বা আইন-কানুনৰ পটভূমি বা নেপথ্যত কৰ্তৃপক্ষৰ কোনো উদ্দেশ্য লুকাই থাকে। ফলত সি পিছলৈ হিতৰ বিপৰীতে যায়। উদাহৰণ স্বৰুপে ইংৰাজসকলে প্ৰৱৰ্তন কৰা প্ৰতিটো আইনৰ নেপথ্যত সিহঁতৰ স্বাৰ্থ লুকাই আছিল। ফলত ইংৰাজসকলৰ আইন-কানুন ভাৰতীয়সকলৰ স্বাৰ্থৰ বিৰুদ্ধে গৈছিল। মানৱ সভ্যতাৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে যিবোৰ  ৰীতি-নীতি আগতে প্ৰচলিত আছিল সেইেবাৰৰ বেছিভাগেই বৰ্তমান অন্ধবিশ্বাস বা ভুল বুলি প্ৰমাণিত হৈছে।

সেয়ে কোৱা হয় যে মানৱ ৰচিত প্ৰতিটো ৰীতি-নীতিত ব্যক্তি  স্বাৰ্থ  জড়িত হৈ থাকে।

 

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীেবাৰ ভঙ্গাই  পেলাই বাহো  কৰিলো নষ্ট  —ভাৱ সম্প্ৰসাৰণ 

উক্ত ফকৰা যোজনাটিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে অজ্ঞানী বা মূৰ্খক সজ উপদেশ দিলে সিহঁতে ভুল বুজি উপকাৰীৰহে অনিষ্ট সাধন কৰে।

উক্ত ফকৰাটি হৈছে দৃষ্টান্তমূলক উপদেশ বাণী। দৃষ্টান্তত কোৱা হৈছে যে বান্দৰ অতি মূৰ্খ প্ৰাণী। বৰষুণত তিতি-বুৰি কষ্ট পোৱা বান্দৰবোৰক  এবাৰ  চৰাই বিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজি থাকিবলৈ উপদেশ দিছিল।  কিন্তু মূৰ্খ বান্দৰবোৰে বিদ্ৰূপ কৰা বুলি ভাবি টোকোৰা চৰাইৰ বাহত সোমাই গৈ কণীবোৰ  ভাঙি পেলাই দি বাহবোৰ  নষ্ট কৰিলে।  টোকোৰা চৰাইবোৰে  বান্দৰেবাৰক সজ উপদেশ দিয়াত নিজৰহে ঘোৰ অনিষ্ট হ’ল।

এই দৃষ্টান্তৰ  দ্বাৰা ইয়াকে বুজোৱা হৈছে যে মূৰ্খ বা অজ্ঞানীক উপযাচি  উপদেশ দিব নালাগে।  সিহঁতক সজ উপদেশ দিলেও ভুল বুজি উপদেশ দিওতাজনৰহে অনিষ্ট সাধন কৰে।

 

 উদক ভেঁটা ৰখীয়া পতা—ভাৱ সম্প্ৰসাৰণ 

খকুৱা বা লুভীয়া  মানুহক খাদ্য বস্তু বা সম্পদৰ ৰখীয়া পাতিলে সম্পদ ৰক্ষা কৰাৰ সলনি নিজেই যে ভক্ষণ কৰি নিঃশেষ কৰে – উক্ত প্ৰবচনটিৰ দ্বাৰা তাকেই বুজোৱা হৈছে।

চেপা পাতি মাছ ধৰিবলৈ  মানুহে  জান, জুৰি আদিত ভেঁটা মাৰে।  ভেঁটাত বাধা পাই ডাঙৰ  মাছবোৰে  জপিয়াই ভেঁটা পাৰ হ’বলৈ চেষ্টা কৰে। সেইবাবে  ভেঁটাত ৰখীয়া থাকিব লাগে।  উদৰ প্ৰিয় খাদ্য হ’ল মাছ আৰু ই অতি লুভীয়া প্ৰাণী। তেনে ক্ষেত্ৰত যদি উদক ভেঁটা ৰখীয়া পতা হয় সি মাছক জপিয়াই যোৱাত বাধা দিয়াতো দূৰৰ কথা সি নিজেই ভক্ষণ কৰিব।  গতিকে উদক ভেঁটা ৰখীয়া পতাটো যুক্তিসংগত হ’ব নোৱাৰে।

ইয়াৰ দ্বাৰা অৰ্থাৎ উদৰ দৃষ্টান্তৰ দ্বাৰা বচনটিত ইয়াকে বুজোৱা হৈছে যে যদি লোভী মানুহ এজনক তেওঁ ভালেপাৱা কোনো বস্তুৰ ৰখীয়া পতা হয় তেন্তে সি বস্তুবোৰ  ৰক্ষণােবক্ষণ দিয়াৰ পৰিবৰ্তে নিজ্যই  আত্মসাৎ কৰিব।  এতেকে লুভীয়া মানুহক কোনো বস্তুৰ ৰখীয়া পতা উচিত নহয়।

 

বুঢ়াৰ কথা নুশুন ডেকা  টানত পৰি কিয় কেকা —ভাৱ সম্প্ৰসাৰণ 

উক্ত কথাষাৰ গূঢ়ার্থ থকা বহুলভাৱে   ব্যবহৃত  অসমীয়া লোকবচন। ডেকাসকলে যে অভিজ্ঞ বুঢ়া  মানুহৰ উপদেশ মানি সংসাৰত বাট বুলিব লাগে  তাকেই উক্ত  প্ৰবচনটিৰ দ্বাৰা বুজোৱা হৈছে।

বুঢ়া মানুহ সংসাৰৰ   আটাইতকৈ অৱিজ্ঞ ব্যক্তি। সিহঁতৰ আনুষ্ঠানিক  শিক্ষা নাথাকিব পাৰে; কিন্তু সিহঁতে সংসাৰত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন  হৈ বহুতো বাস্তৱ জ্ঞান লাভ কৰে।  সিহঁতে লাভ কৰা জ্ঞান প্ৰকৃত বা আচল।  কাৰণ সিহঁতে ঠেকিহে শিকে। সিহঁতৰ তুলনাত শিক্ষিত মানুহে অধিক কথা জানিব পাৰে, কিন্তু সেয়া কিতাপৰ পৰা পোৱাহে।  কিতাপৰ পৰা পোৱা জ্ঞান তথ্য সমৃদ্ধ।  তথ্য সমৃদ্ধ জ্ঞান সমাজত সাধাৰণ কাম-কাজ বা চলন ফুৰণত খুব কমহে প্ৰয়োগ হয়।  গতিকে বুঢ়া মানুহে জীৱনৰ পৰা যি নিগূঢ় অিভিজ্ঞতা লাগ কৰে সেয়া সিহঁতে মাজে মাজে ডেকা সকলক কৈ থাকে। কিন্তু ডেকাসকল উতনুৱা স্বভাৱৰ।গতিকে সিহঁতে বুঢ়া মানুহৰ  কথা অমান্য কৰি  সংসাৰত যিহ’কে ইচ্ছা তাকে কৰিব বিচাৰে আৰু বহু সময়ত বিপদতো পৰে।গতিকে প্ৰবচনটিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে বিপদ-বিঘিনী বা বিভিন্ন আহুকালৰ পৰা হাত সাৰি থাকিবলৈ  বুঢ়া  মানুহৰ উপদেশ মানি চলিব লাগে।  অন্যথা বিপদ- বিঘিনীত পৰি কষ্ট বা হতাশা ভূগিব লগা হয় ।

 

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি  খোৱা —ভাৱ সম্প্ৰসাৰণ 

উক্ত  কথাফাকি বৰ তাৎপৰ্যপূৰ্ণ।এই প্ৰবচনটোৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে  শক্তিমন্তই দুবৰ্বলীক যেনে-তেনে ব্যৱহাৰ কৰিবলৈ কুন্ঠাবোধ  নকৰে।

আদা বৰ উপকাৰী বস্তু। ইয়াক বিভিন্ন ঔষধী কামত ব্যৱহাৰ কৰাৰ উপৰিও যিকোনো পৰিস্থিতিত খাব পাৰি। ই হজম শক্তিও বৃদ্ধি কৰে।  কিন্তু আদা যেতিয়া বুঢ়া  হয় তেতিয়াহে ইয়াৰ গুণাগুণ বাঢ়ে  লগতে বুঢ়া আদা জাল হয়।বুঢ়া আদা জাল হয় বুলি যিকোনো সময়তেই ইচ্ছা কৰিলেই খাব নোৱাৰি। আনহাতে কুমলীয়া আদা জাল কম। ইয়াৰ ছাল কোমল বাবে হাতেৰে মোহাৰিও খাব পাৰি।  বুঢ়া আদাৰ দৰে ইয়াক  কটাৰীৰে ৰুকিবও নালাগে।  অৰ্থাৎ কুমলীয়া আদা খোৱাত কোনো কষ্ট নহয়। ইয়াক তুচ্ছ কৰি ভৰিৰে মোহাৰি খোৱাৰ কথা কৈছে। 

সেইদৰে সমাজত বহুত ঢিলা বা দুবৰ্বল মানুহ আছে। বহুত মানুহে সেই দুবৰ্বল মানুহক সহজে ঠগে বা অপকাৰ কৰে।  কিন্তু সহজ বা সৰল বুলিলেই শক্তিশালীয়ে তেনে লোকক অপকাৰ বা ক্ষতি কৰিব নেলাগে।  সেয়ে সমাজত শক্তিশালী লোকৰ হাতত দুবৰ্বলীয়ে কষ্ট ভোগ  কৰাৰ প্ৰসংগত উক্ত কথফাকি কোৱা হয়। প্ৰৱচনটিৰ যথাৰ্থ তাৎপৰ্য আছে।

 

মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন —ভাৱ সম্প্ৰসাৰণ 

উক্ত পদ ফাকিৰ দ্বাৰা স্বজাতি আৰু স্বদেশৰ প্ৰতি প্ৰেমভাব  প্ৰকাশ কৰা  হৈছে । ইয়াত কবিয়ে দেশ আৰু জাতি – এই দুটাৰ মাজত যে অভিন্ন সম্পৰ্ক আছে তাকে ব্যক্ত কৰিছে।

অসমীয়া জাতিৰ লগত অসম দেশৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। অৰ্থাৎ অসম বুলিলে অসমীয়া জাতিক সামৰি লয় আৰু অসমীয়া জাতি বুলিলে অসম দেশক সামৰি লয়। এটা অবিহনে আনটোৰ স্বতন্ত্ৰ পৰিচয় নাই। গতিকে কবিয়ে ক’ব বিচাৰিছে যে যদি অসমখন ধবংস হৈ যায় বা পৰাধীন হৈ যায়  তেন্তে অসমীয়া জাতিও ধবংস বা পৰাধীন হৈ যাব। আৰু অসমখন যদি জীয়াই থাকে অৰ্থাৎ ইয়াৰ স্বাধীনতা যদি বৰ্তি থাকে তেন্তে অসমীয়া জাতিৰো কোনো ধবংস নাই। সেয়ে অসমীয়া জাতি জীয়াই থাকিবলৈ হ’লে অসমখন জীয়াই ৰাখিব লাগিব অৰ্থাৎ অসমৰ স্বাধীনতাক ৰক্ষণােবক্ষণ দিব লাগিব।  ইয়াৰ উন্নয়ন মানেই অসমীয়া জাতিৰ উন্নয়ন ।

সেয়ে কবিয়ে অসমখনৰ লগত অসমীয়া জাতিৰ নিবিড় সম্পৰ্কৰ কথা উনুকিয়াই দি অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ উক্ত তাৎপৰ্যপূৰ্ণ কথাষাৰ কৈছে। কথাষাৰ যে কেবল অসম আৰু অসমীয়া জাতিৰ ক্ষেত্ৰত প্ৰযোজ্য এনে নহয়, ই সকলো দেশ আৰু সকলো জাতিৰ ক্ষেত্ৰতে প্ৰযোজ্য। অৰ্থাৎ উক্ত কথাষাৰৰ সাবৰ্বজনীন আবেদন  আছে।

 

হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাও —ভাৱ সম্প্ৰসাৰণ 

 অসমীয়া ভাষাত বহুলভােব ব্যবহৃত  হোৱা এইটো এটা গভীৰ অৰ্থব্যঞ্জক প্ৰৱচন। ই সংস্কৃত “মনিনাঞ্চ মতিভ্ৰম” পদ ফাকিৰ সমাৰ্থক। এই কথাফাকিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে অতি সাৱধানী ডাঙৰ  প্ৰাণী বা ডাঙৰ মানুহৰো ভুল হয়।

হাতী বৰ ডাঙৰ  জন্তু। ইয়াৰ খোজবোৰো গহীন। সাধাৰণতে হাতীৰ খোজ নিপিছলে। ইয়াৰ ভৰি পিছলা মানে এক ব্যতিক্ৰম। তথাপি কেতিয়াবা কিবা ব্যতিক্ৰম বা অসুবিধাজনক পৰিস্থিতিত হাতীৰ দৰে ডাঙৰ  জন্তুৰো ভৰি পিছলে।

এইদৰে সজ্জনে সদায় ভাবি-চিন্তিহে কাম কৰে। সিহঁত সদায় সতৰ্কশীল। সিহঁতৰ কামত ভুল-ত্ৰুটি প্ৰায় নহয়েই।  কিন্তু ভাবি-চিন্তি কাম কৰাৰ পিছতো সিহঁতৰো আকস্মিক কিবা ভুল হৈ যায়।

গতিকে এই ৰূপাত্মক কথা ফাকিৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে হাতীৰ দৰে বিশালাকায় জন্তুৰো যেতিয়া  ভৰি পিছলিব পাৰে বা সজ্জনৰো নাও বুৰিব পাৰে, গতিকে আমি সাধাৰণ মানুহৰো ভুল হোৱাটো অতি স্বাভাবিক। সেয়ে মানুহ যিমানেই জ্ঞানী নহওক কিয়, নিজৰ মত সদায় অভ্ৰান্ত বুলি অহংকাৰ কৰিব নালাগে।  অৰ্থাৎ মানুহ মাত্ৰেই ভুল হয়।

 

 আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা —ভাৱ সম্প্ৰসাৰণ 

অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা এইটো এটা উল্লেখযোগ্য প্ৰবচন। নিজৰ সামৰ্থৰ কথা উপলব্ধি নকৰি নিজক জহাবলৈ যোৱা মানুহক সাধাৰণতে উপলুঙা বা তিৰস্কাৰ কৰিবলৈ অসমীয়া ভাষাত এই প্ৰবচনটো ব্যৱহাৰ কৰা হয়।

আদা হৈছে নানান ঔষধী গুণেৰে পৰিপূৰ্ণ হজমকাৰী উপকাৰী বস্তু। ইয়াক আঞ্জা আৰু অন্যান্য খোৱা বস্তুৰ লগত খোৱা হয়। কিন্তু কেতুৰী একজাতীয় বস্তু হ’লেও ই মানুহৰ খাদ্য নহয় আৰু ই কোনো কামতো নালাগে।  আদাক মানুহে খোৱা  দেখি কেতুৰীয়ে নিজক অভক্ষ বুলি জানিও মানুহে খাওক বুলি উপযাচি গা পাতি দিলেও কোনো মানুহে তাক নাখায়। 

সেইদৰে সমাজত এনে কিছুমান লোক আছে যিহঁত কোনো কামৰে যোগ্য নহয় বা সিহঁতে কোনো বিশেষ কাম কৰাৰ যোগ্যতা নাই। এনে লোকৰ কিবা ভাল জ্ঞান বা বিদ্যা -বুদ্ধি নাথাকিলেও বিভিন্ন বিষয়ত সিহঁতৰ সামৰ্থ আছে বুলি প্ৰচাৰ কৰিব বা জহাব বিচাৰে।  এনেকুৱা ব্যক্তিয়ে বহু সময়ত নানা বিপদৰ সন্মুখীনো হ’ব লগা হয়। জ্ঞানী লোকে সততে এনে লোকক  অযোগ্য বুলি  ত্যাগ কৰি চলে।

এইদৰে  উক্ত প্ৰবচন ফাকিৰ দ্বাৰা অসমীয়া সমাজৰ এক তাৎপৰ্যপূৰ্ণ কথা প্ৰকাশ কৰিছে।

 

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল–ভাৱ সম্প্ৰসাৰণ 

 উক্ত ফকৰা যোজনাটো অসমীয়া সমাজত সততে ব্যৱহাৰ হোৱা দৃষ্টান্তমূলক কথা। উক্ত কথাফাকিৰ জৰিয়তে ইয়াকে বুজোৱা হৈছে যে কোনো মূল্যবান বা গুৰুত্বপূৰ্ণ বস্তু বা সমাগ্ৰী যদি ব্যৱহাৰ কৰা নহয় তেন্তে সেইটো থকা বা নথকা সমান কথা।

কৃষকৰ বাবে  গৰু এবিধ প্ৰয়োজনীয় সম্পদ। গৰু নোহোৱাকৈ কৃষকৰ কোনো পৰিচয় নাই। গতিকে গৰু কৃষকৰ বাবে অতি মূল্যৱান সম্পদ। কিন্তু  এই মূল্যবান জন্তু পুহিও যদি হাল বোৱা নহয়  বা কোনো কামত খটোৱা নহয়, তেন্তে এই মূল্যৱান সম্পদৰ পৰা কোনো আৰ্থিক লাভ নহৈ অপচয়হে হয়।

এনেদৰে দেখা যায় বহুত মানুহৰ বহুতো মূল্যবান সামগ্ৰী, বিদ্যা-বুদ্ধি বা ধন আছে। কিন্তু সেইবোৰক কামত খটোৱা নহয়। তেনেকুৱা অপাৰ  সম্পত্তি থাকিলেও সেই সম্পদৰ দ্বাৰা সমাজৰ কোনো মঙ্গল নহয়। তেনে সম্পদ থকাতকৈ নথকাই ভাল। দেখা যায় যে চৰকাৰে বহুতো ভাল ভাল আঁচনি গ্ৰহণ কৰি আধা সম্পূর্ণ  কৰি বাকীখিনি দীৰ্ঘদিন পেলাই থয়।  ফলত সম্পদৰহে অপচয় হয়। এনদৰে সমাজত বহুত ধনী ব্যক্তিয়ে সম্পদ প্ৰয়োগ নকৰি মাটিত বা ভঁৰালত সঞ্চয় কৰি থৈ দিয়ে অথচ সেইখন সমাজতে  বহুতো ব্যক্তিয়ে অনাহাৰে থাকি মৰণ যন্ত্ৰনা ভোগ  কৰি থাকে। 

গতিকে ইয়াৰ দ্বাৰা এইটো বুজিব পাৰি যে ব্যৱহাৰ নকৰা সম্পদৰ কোনো মূল্য নাই।

 বাটৰ দুবুৰি বন গচককত পৰা তাৰো এটি পাতে দিয়ে সৰগৰ বতৰা —ভাৱ সম্প্ৰসাৰণ 

 উক্ত কথাফাকি অতি সূক্ষ্ম  জ্ঞানগৰ্ভ অৰ্থ বহন কৰা আধ্যাত্মিক ভাবসম্পন্ন শ্লোক। এই শ্লোকৰ দ্বাৰা বুজোৱা হৈছে যে বিশ্ব ব্রহ্মাণ্ডৰ সামান্য বস্তুও বিভিন্ন দিশৰ পৰা প্ৰয়োজনীয় আৰু আধ্যাত্মিক দিশৰ পৰা চিন্তা কৰিলে সকলোতে ভগৱানৰ মাহাত্ম্য নিহিত আছে বুলি জ্ঞান লাভ কৰিব পাৰি।

দুবুৰি বন অতি সামান্য তৃণ। ই সদায় ভৰিৰ পতাৰ তলতহে  থাকে।  এই সামান্য তৃণও বহু সময়ত বিভিন্ন কামত  ব্যৱহাৰ কৰা হয়।  ইয়াৰ মূল্যৱান ঔষধী গুণো  আছে। গতিকে গছকত পৰা এই সামন্য দুবুৰি বনকো  মূল্যহীন বুলি উপলুঙা  কৰিব নালাগে। আধ্যাত্মিক দিশৰ পৰা বিচাৰ কৰিবলৈ গ’লে  এই দুবুৰি বনো ভগৱানেই সৃষ্টি কৰিছে। গতিকে সামান্য দুবুৰি বনতো যে ভগৱানৰ লীলা চলি আছে তাক আধ্যাত্মিক ভাবাপন্ন লোকে উলাই কৰিব নোৱাৰে।

 এইদৰে সমাজত কিছুমান মানুহে  শিক্ষা-দীক্ষা বা সা-সম্পদত আনতকৈ হীন। সিহঁতক কিছুমান ধনী বা শিক্ষিত লোকে নিজৰ লগত তুলনা কৰি হীন চকুৰে চায়। কিন্তু দেখা যায় যে সিহঁতৰ দ্বাৰাও বহু সময়ত ভাল কাম সম্পাদিত হয়। গতিকে সামান্য বুলি ভাবি কোনো মানুহকে ঘিণ কৰা বা হীন চকুৰে চোৱা উচিন নহয়।  আধ্যাত্মিক দৃষ্টিতো মানুহক কেতিয়াও সামান্য বা হীন বুলি ভাবিব নেলাগে। কিয়নো ভগৱানে সামন্যা ব্যক্তিৰ মাজেদিয়ো  নিজৰ মাহাত্ম্য প্ৰকাশ কৰিব পাৰে।

 

নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান — ভাব সম্প্রসাৰণ

অসমীয়া ভাষাত প্ৰৱচন হিচাপে  চলি অহা উক্ত শ্লোকফাকিৰ দ্ধাৰা সজ্জন আৰু দুজ্জ্বনৰ  প্ৰকৃতি বা চৰিত্ৰৰ বিষয়ে আলোকপাত কৰিছে।

দুজ্জ্বন অৰ্থাৎ নিলাজৰ কোনো লাজ নাই।  সিহঁতৰ কথাৰো কোনো মূল্য নাই। কাৰণ সিহঁতে কিবা কৰিম বুলি ভাবিলে বা কাৰোবাক  কিবা প্ৰতিশ্ৰুতি দিলে সেয়া পালন কৰিবৰ বাবে  তৎপৰ নহয় বা পালন নকৰে। ইয়াৰ বাবে  সিহঁতে লোক ভৎৰ্সনা পালেও সিহঁত লজ্জিত নহয় বা অপমান বোধ  নকৰে। অৰ্থাৎ সিহঁতে নিজৰ কথাৰ কোনো মূল্য বা সততা নাৰাখে।

আনহাতে সজ্জন বা সৎ লোকে সততে নিজৰ কথাৰ সত্যতা বা মূল্য ৰাখিবলৈ সদায় যত্নপৰ হয়। সিহঁতে কাৰোবাক  কিবা কথা দিলে বা প্ৰতিশ্ৰুতি দিলে  মৰণ পণ কৰি হ’লেও তাক ৰক্ষা কৰিবলৈ সচেষ্ট হয়। কাৰণ সততা আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰাটো সজ্জনৰ ধৰ্ম। সিহঁতে সদায় লোক নিন্দা আৰু ভৎৰ্সনাক অপমান বুলি ভাবি অপমানিত হোৱাতকৈ মৰণেই শ্ৰেয় বুলি ভাবে।

এইদৰে প্ৰৱচনটোৰ মাজেদি সজ্জন আৰু দুজ্জ্বনৰ পাৰ্থক্য দাঙি ধ’ৰা হৈছে।

 

উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই — ভাব সম্প্রসাৰণ

পূৰ্বপুৰুষৰ পৰা চলি অহা নীতি-নিয়ম বা স্বভাৱ যে  মানুহে এৰিব নোৱাৰে তাকে বুজাবলৈ উক্ত নীতিবচনটো অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা হয়। 

উদ পানীত থকা এবিধ প্ৰানী। ইয়াৰ প্ৰধান খাদ্য হ’ল মাছ। ই মাছ খাইয়েই জীয়াই থাকে। ই মাছ অবিহনে আন একো খাব নোৱাৰে। সেইদৰে বান্দৰ হৈছে এবিধ বনৰীয়া প্ৰাণী। ই বনৰ গছ-গছনিত বাস কৰে। ই গছৰ ডাল বগাই ভাল পায়।  গছৰ ডাল কোবাই ই আনন্দ কৰে। 

সেইদৰে সমাজত আজিও এনে বহুত মানুহ আছে যিসকলে বিজ্ঞানৰ এই চৰম যুগতো অন্ধবিশ্বাস, কুসংস্কাৰ আদি এৰিব পৰা নাই । সিহঁতে সিহঁতৰ পূৰ্বপুৰুষৰ দৰে অন্ধাকৰত নিমজ্জিত থাকি ভাল পায়। আধুনিক শিক্ষাৰ পোহৰে সিহঁতক বিজ্ঞানমনস্ক কৰিব পৰা নাই।  অৰ্থাৎ শিক্ষাই সিহঁতৰ স্বভাৱৰ কোনো পৰিৱৰ্তন ঘটাব পৰা নাই। সিহঁতৰ বাবে শিক্ষা আৰু অশিক্ষা একেই কথা। 

 

গাওঁ একাধাৰে নগৰৰ জনক-জননী — ভাব সম্প্রসাৰণ

মানুহে সমাজ পাতি বসবাস কৰাৰ লগে লগে গাওঁৰ জন্ম হৈছে বুলি কোৱা হয়। গাওঁৰ তুলনাত নগৰ হৈছে বহু যুগৰ পিছৰ সৃষ্টি। নগৰ সৃষ্টিত গাওঁৰ মানুহেই আগভাগ লয়। উদ্যোগ বা চৰকাৰী অফিচ আদালত আদিৰ ওপৰত ভিত্তি কৰি নগৰৰ সৃষ্টি হয়। পিছত চাকৰিজীৱি আৰু উদ্যোগৰ লগত জড়িত মানুহে নগৰৰ জন্ম দিয়ে। নগৰত সাধাৰণতে সা-সুবিধা বেছি থাকে যদিও নগৰৰ মানুহে ইয়াৰ প্ৰয়োজনীয় কেঁচা সামগ্ৰী, খাদ্য বস্তু আদিৰ বাবে গাওঁৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়। কাৰণ গাওঁ অঞ্চলতহে কৃষিজাত সামগ্ৰী উৎপাদন কৰা হয়। গাওঁ অঞ্চলৰ মানুহে যদি সিহঁতৰ উৎপাদিত সামগ্ৰী চহৰলৈ ৰপ্তানি নকৰে, তেন্তে চহৰ অঞ্চলৰ মানুহে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱত মৰি যাব। তেতিয়া চহৰৰ কোনো অস্তিত্ব নাথাকিব। আনহাতে গাওঁৰ মানুহেহে দেশৰ ঐতিহ্য, পৰম্পৰা, কৃষ্টি, সভ্যতা আদি ধৰি ৰাখিব পাৰে। নগৰ অঞ্চলত ভিন ভিন ঠাইৰ মানুহ আহি বাস কৰে বাবে সিহঁতে নিজৰ নিজৰ কৃষ্টি-সভ্যতা ধৰি ৰাখিব নোৱাৰে। সেয়ে গাওঁক নগৰৰ ‘জনক-জননী’ অৰ্থাৎ পিতৃ-মাতৃ বুলি কোৱা হয়। কথাষাৰৰ  যথাৰ্থতা আছে। 

 

 ‘কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগে — ভাব সম্প্রসাৰণ

অথবা 

সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয় — ভাব সম্প্রসাৰণ

কোনো কামত সফলতা লাভ কৰাৰ বাবে  যে অনুশীলনৰ প্ৰয়োজন হয় তাকে বুজাবলৈ উক্ত কথাষাৰ প্ৰৱচনস্বৰূপ কোৱা হয়। 

লোৰ বস্তু সাধাৰণতে কমাৰশালত তৈয়াৰ কৰা হয়। কিন্তু কমাৰশালত কোনো বস্তু গঢ়িবলৈ হ’লে প্ৰথমতে লোডাল জুইশালত গৰম কৰিব লাগে। লো গৰম নকৰাকৈ কমাৰশালত তাৰ কোনো গঢ় (আকৃতি) দিব নোৱাৰি। এনেদৰে সাঁতুৰিবলৈ শিকিবলৈ হ’লে প্ৰথমতে পানীত নামিব লাগিব। পানীত নিতিতাকৈ সাঁতোৰ শিকাটো অসম্ভৱ। ঠিক তেনেকৈ আমি কোনো কামত কৃতাকৰ্যতা লাভ কৰিবলৈ হ’লে  অনুশীলন কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আমি কাম এটাত সফলতা লাভ কৰিবলৈ হ’লে স্তৰে স্তৰে আগবাঢ়ি যাব লাগিব। একেদিনতে বা এবাৰৰ চেষ্টাতেই সফলতা আশা কৰিব নোৱাৰি। 

 

কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে — ভাব সম্প্রসাৰণ

প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজ বা দেশৰ উপকাৰ হয় – তাকে বুজাবলৈ উক্ত প্রবচনটো ব্যক্ত কৰা হয়।

পূজাৰ উপচাৰ হিচাপে ফুল ব্যৱহাৰ কৰা হয়।  কলি ফুল পূজাত ব্যৱহাৰ নহয়। বিকশিত ফুলহে পূজাৰ যোগ্য। ঠিক সেইদৰে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতহে। ছাত্ৰ-ছাত্ৰীয়ে বিদ্যা-বুদ্ধিত পুৰঠ হ’লেহে সিহঁতৰ দ্বাৰা দেশ তথা সমাজৰ মঙ্গল হ’ব। কিন্তু সিহঁত যদি বিপথগামী হয় বা উপযুক্ত শিক্ষা লাভ কৰিব নোৱাৰে, তেন্তে সিহঁত ঠিক কলি ফুল পূজাৰ অযোগ্য বুলি বিবেচিত হোৱাৰ দৰেই উপযুক্ত শিক্ষাহীন বুলি দেশ সেৱাৰ বাবে  অযোগ্য বুলি বিবেচিত  হ’ব। সেয়ে বিদ্যা আহৰণ কৰি দেশৰ উপযুক্ত নাগৰিক হোৱা উচিত। 

 

নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা — ভাব সম্প্রসাৰণ

মানৱ সেৱাই যে প্ৰকৃত ধৰ্ম সেয়া উক্ত কথাষাৰৰ দ্বাৰা বুজোৱা হৈছে।

বিশ্বৰ প্ৰায় সকলো ধৰ্মই এক মহান সৃষ্টিকৰ্তাক বিশ্বাস কৰে। সৃষ্টিকৰ্তাক পূজা-অৰ্চনা কৰাটো ধৰ্মৰ এক প্ৰধান অঙ্গ। তেওঁক সন্তুষ্ট কৰাটো আমাৰ এক ধৰ্মীয় কৰ্তব্য। কিন্তু ভগৱানক আমি সচক্ষে দেখা নাপাওঁ। আকৌ হিন্দু ধৰ্মত কোৱা হৈছে যে মানুহৰ অন্তৰত ভগৱান লুকাই থাকে। সেই দিশৰ পৰা আমি মানৱ সেৱাৰ যোগেদি ভগৱানক সেৱা কৰিব পাৰো। ছাত্ৰসকলেও মানৱ সেৱাত আত্ম নিয়োগ কৰাৰ জৰিয়তে ভগৱানক সেৱা কৰিব পাৰে। সিহঁতে এই কাৰ্যৰ বাবে নিজৰ গাওঁখনকে বাচি ল’ব পাৰে। সিহঁতে গাওঁৰ পৰা অজ্ঞানতা দুৰ কৰা, অশিক্ষিতক শিক্ষিত কৰা, কুসংস্কাৰ দূৰ কৰা আদি কাৰ্যত ব্রতী হৈ নাৰায়ণক সেৱা কৰাৰ পথ বাছি ল’ব পাৰে।

 

লাগি থাকিলে মাগি নাখায় — ভাব সম্প্রসাৰণ

একান্তভাৱে লাগি থাকিলে যে আমি যিকোনো কামতে সফল হ’ব পাৰো তাক বুজাবলৈ অসমীয়া ভাষাত উক্ত প্ৰৱচনটো সততে উদ্ধৃত কৰা হয়।

মানুহে জীৱনত সফলতা বিচাৰে। সফলতা কৰ্মৰ লগত জড়িত। কাৰণ কাম কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি। কামত সফলতা লাভ কৰাৰ বাবে কামটোত একান্তভাৱে লাগি থাকিব লাগিব। উদাহৰণস্বৰুপে এজন গায়ক বা এজন লিখকে নিজকে প্রতিষ্ঠিত কৰিবলৈ হ’লে অবিৰতভাৱে চৰ্চা চলাই থাকিব লাগিব। চৰ্চা অৰ্থাৎ কাম নকৰাকৈ সফলতাৰ আশা কৰাটো গছ ৰোপন নকৰাকৈ ফল আশা কৰাৰ দৰেই মূৰ্খামী। সমাজত আমি এনে কিছুমান মানুহ দেখিবলৈ পাওঁ, যিসকল শাৰীৰিকভাৱে সক্ষম থকা সত্বেও কাম-বন  নকৰি অভাৱত ভূগে আৰু অৱশেষত ক্ষুধাৰ  তাড়ণাত ভিক্ষা মাগিবলৈ বাধ্য হয়। সেয়ে আমি যি কামেই নকৰো কিয় সেই কামটোত যদি লাগি থাকিব পাৰো অৰ্থাৎ একাণপতীয়াকৈ কামটো চলাই থকা হয়, তেন্তে সেই কামত নিশ্চয় সফলতা আহিব আৰু আমি আত্মনিৰ্ভৰশীল হ’ব পাৰিম।

 

পক্ষী মৰে ৰৈ মানুহ মৰে কৈ — ভাব সম্প্রসাৰণ

‘পক্ষী মৰে ৰৈ মানুহ মৰে কৈ’ — কথাষাৰ অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা এটি প্ৰৱচন। আগ-গুৰি নভবাকৈ কাম কৰা বা কথা কোৱাৰ পৰা যে মানুহৰ বিপদ হ’ব পাৰে তাকে বুজাবলৈ উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়।

পক্ষী অৰ্থাৎ চৰাইৰ মাংস বৰ সোৱাদলগা। সেয়ে মানুহে চৰাই চিকাৰ কৰে। উৰি থকা চৰাই মানুহে চিকাৰ কৰিব নোৱাৰে। কিন্তু গছৰ ডালত বহি থকা চৰাই আমি সহজে চিকাৰ কৰিব পাৰো। অৰ্থাৎ চৰাই এটিয়ে বহি থকা বা জিৰণি লৈ থকা অৱস্থাতহে চিকাৰীৰ কাঁড়ৰ আঘাতত মৰা পৰে। কিন্তু চৰাই যদি নিজৰ শত্ৰুৰ প্ৰতি সচেতন থাকে, তেন্তে কোনো চিকাৰীয়ে সহজে ইয়াক চিকাৰ কৰিব নোৱাৰে। সেইদৰে মানুহে নিজৰ বা আনৰ গোপনীয় বিষয় কথাৰ চলেৰে ব্যক্ত কৰি ভাল পায়। পিছত গোপনীয়তা ভংগ কৰাৰ বাবে তেওঁ বিপদতো পৰে বা শত্ৰুয়ে সহজে অঘটন ঘটায়। বহু সময়ত গোপনীয় কথা ব্যক্ত কৰাৰ বাবে  জীৱনো নাশ হ’ব পাৰে। সেয়ে কোৱা হয় যে চৰাইয়ে যিদৰে গছৰ ডালত ৰৈ থকাৰ  সময়ত বিপদত পৰে, সেইদৰে মানুহে নিজৰ গুপুত কথা ব্যক্ত কৰি বিপদত পৰে।

 

ফটা কঁথা তিতে মানে গালৈহে গধুৰ

নক’বলগীয়া কথা বা নকৰিবলগীয়া কামৰ ফলাফল যে অসহনীয় আৰু কষ্টদায়ক তাকে বুজাবলৈ অসমীয়া ভাষাত দৃষ্টান্তস্বৰূপ উক্ত প্ৰৱচনটি ব্যক্ত কৰা হয়।

‘কঁথা’ বুলিলে পুৰণি কাপোৰ -কানিৰে চিলাই লোৱা ‘নিহালি’ক বুজোৱা হয়। জাৰৰ পৰা সুৰক্ষা পাবলৈ মানুহে জাৰকালি কঁথা (নিহালি) ব্যৱহাৰ কৰে। কিন্তু কঁথাখন যদি ফটা হয়, তেন্তে  ই আমাক  জাৰৰ পৰা সুৰক্ষা দিব নোৱাৰে। সেই ফটা কঁথাটো যদি কেনেবাকৈ পানীত তিতে, তেতিয়া ই ওজনত গধুৰ হয়। এনে তিতা ফটা কঁথা গাত লোৱা অসহনীয়। কিয়নো ফটা কঁথাই ঠাণ্ডাৰ পৰা আমাক সুৰক্ষা দিব নোৱাৰে বাবে আমি কষ্ট কৰিবলগীয়া হয়। তাতে যদি ই তিতা হয়, তেন্তে আমাৰ কষ্ট বহুগুণে বঢ়াই দিয়ে। 

ঠিক তেনেদৰে মানুহে কেতিয়াবা কেতিয়াবা এনে কথা কয় বা এনে কাম কৰে যি কাম বা কথাৰ দ্বাৰা কাৰো একো উপকাৰ নহয়। তেনে কথা বা কাম যদি সঘনে কৰি থকা হয় তেন্তে ই অসহনীয় হৈ পৰে। ফলত আমি আনৰ ভৰ্ৎসনা, নিন্দা, কষ্ট আদি ভোগ কৰিবলগা হয়।

অসমীয়া ভাব-সম্প্রসাৰণ 

অন্ত 

 

16 Comments

  1. Pingback: ভাব সম্প্রসাৰণ।আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা – Growhills Publishing

  2. Pingback: এশ গৰু মাৰিলে বাঘৰো মৰণ —ভাব সম্প্রসাৰণ – Growhills Publishing

  3. Pingback: আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল — ভাব সম্প্রসাৰণ – Growhills Publishing

  4. Pingback: অতি ভক্তি চোৰৰ লক্ষণ —ভাব সম্প্রসাৰণ – Growhills Publishing

  5. Pingback: উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই - ভাব সম্প্রসাৰণ - Growhills Publishing

  6. Pingback: গাওঁ একাধাৰে নগৰৰ জনক-জননী -ভাব সম্প্রসাৰণ - Growhills Publishing

  7. Pingback: ‘কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগে - ভাব সম্প্রসাৰণ - Growhills Publishing

  8. Pingback: কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে - ভাব সম্প্রসাৰণ - Growhills Publishing

  9. Pingback: নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা - ভাব সম্প্রসাৰণ - Growhills Publishing

  10. Pingback: লাগি থাকিলে মাগি নাখায় - ভাব সম্প্রসাৰণ - Growhills Publishing

  11. Pingback: পক্ষী মৰে ৰৈ মানুহ মৰে কৈ - ভাব সম্প্রসাৰণ - Growhills Publishing

  12. Pingback: ফটা কঁথা তিতে মানে গালৈহে গধুৰ - Growhills Publishing

  13. Pingback:  নিলাজৰ নাই লাজ নাই অপমান সজ্জনৰ এক কথা মৰণ সমান - ভাব সম্প্রসাৰণ  - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *