অসমীয়া ৰচনা শিক্ষা

(ইন্টাৰনেট সংস্কৰণ)

ৰাবিব মছৰুৰ

 

 

 

গ্ৰুহিলচ্  পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

 

………………………………………………………………………………………………………………………………

Asomiya Rachana Shikhya by Rabbi Masrur, Publsihed by Growhills Publishing, Kamalpur, Barpeta (Assam)

First Edition: 2019

All rights reserved with the publisher.

Price :

D.T.P. by Growhills D. T. P. Operators.

website: www.growhillsnet.com

 

……………………………………………………………………………………………………………………………….

 

নির্ঘন্ট  

 

গৰু 

হাতী

কুকুৰ 

মেকুৰী 

ঘোঁৰা

আমাৰ  বিদ্যায়লয়ৰ পুথিভৰাল

আমাৰ নগৰখন 

আমাৰ গাওঁ 

আমাৰ বিদ্যালয় 

আমাৰ শ্ৰেণীকোঠা 

মোৰ প্রিয়  খেল ফুটবল 

কলম 

কুলি চৰাই 

অসমৰ ফল-মূল 

অসমৰ প্রাকৃতিক  সৌন্দর্য 

মোৰ  প্রিয় গ্রন্থ 

মোৰ প্রিয় বিজ্ঞানী চার্লচ ডাৰউইন

মই যদি বিদ্যালয়ৰ অধ্যক্ষ হলোঁহেতেন 

আলি আই লৃগাং 

চাইকেল 

সৰস্বতী  পূজা 

বৰদিন 

ঈদ 

ধানখেতি 

কলগাছ 

মই  যোৱা গৰমৰ বন্ধ কিদৰে কটালো 

টেলিভিছন

মোৰ  কর্তব্য অথবা মোৰ অধ্যায়ন 

মোৰ দৈনন্দিন জীৱন 

মোৰ জীৱনৰ লক্ষ্য 

দৈনন্দিন জীৱনত  বিজ্ঞান 

বন্ধুত্ব 

মোৰ  প্রিয় কাম 

মাদাৰ টেৰেছা 

বর্তমান সমাজত দুর্নীতি আৰু তাৰ প্রতিকাৰ 

অসমৰ জাতীয় উৎসৱ বিহু 

ভাৰতৰ জাতীয় সংহতি 

অসমৰ বানপানী

অসমৰ বানপানী আৰু ইয়াৰ প্রতিকাৰ 

মোৰ প্রিয় কবি নলিনীবালা দেবী 

আধুনিক সমাজৰ ব্যাধি: অনুশাসনহীনতা তথা দুর্নীতিপৰায়ণতা

অসমীয়া লোক-সাহিত্য 

অসমৰ লোক-সংস্কৃতি 

অসমৰ প্রাকৃতিক সম্পদ 

মোৰ  প্রিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা 

কম্পিউটাৰ 

আধুনিক সমাজত বিজ্ঞানৰ অৱদান 

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা অথবা মাতৃভাষা শিক্ষাৰ প্রয়োজনীয়তা 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ 

অসমৰ বয়ন শিল্প 

বুৰঞ্জী প্রসিদ্ধ ঠাই  ভ্ৰমণ 

সময়ৰ মূল্য অথবা নিয়মানুবর্তিতা 

ছাত্র-ছাত্রী আৰু সমাজ সেৱা 

মহাত্মা গান্ধী 

বাতৰি কাকত 

পৰিৱেশ  প্ৰদূষণ 

অসমৰ ক্রীয়া জগত  অথবা অসমত খেল- ধেমেলীৰ পৰিবেশ

ইন্টাৰনেট

শিক্ষা আৰু  মূল্যবোধ

স্কুল আলোচনী আৰু ইয়াৰ উপযোগিতা

অসমৰ কুটির শিল্প  

 

……………………………………………………………………………………………………………………………….

 

ৰচনা লিখন (Essay Writing)

ৰচনা (Essay) বুলিলে কোনো এক বিষয়ৰ ওপৰত লিখকৰ দৃষ্টিভঙ্গী প্ৰতিফলিত হোৱা গদ্য ৰচনাক বুজায়। ৰচনাক ঘাইকৈ তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি, যথা :

(1) বৰ্ণনামূলক ৰচনা (Descriptive Essay)

(1) বিৱৰণাত্মক ৰচনা (Narrative Essay)

(3) চিন্তামূলক ৰচনা (Reflective Essay)

ৰচনা লিখিবলৈ লোৱাৰ আগতে তলত উল্লেখ কৰা নিৰ্দেশাৱলী মানি চলিব লাগে।

প্ৰথমে, ৰচনা লিখিবলৈ লোৱা বিষয়টোৰ ওপৰত তথ্য আহৰণ কৰি ল’ব লাগে।

দ্বিতীয়তে, প্ৰধান প্ৰধান কথাবোৰ  (Main points)  টুকি লৈ এটি ৰূপৰেখা প্ৰস্তুত কৰি ল’ব লাগে।

তৃতীয়তে, প্ৰধান কথাবোৰ একোটা অনুেচ্ছদত ফাঁহিয়াই লিখিব লাগে। প্ৰয়োজন অনুসৰি কেইবাটাও অনুেচ্ছদতো লিখিব পাৰি।

চতুৰ্থতে, ৰচনা এটিক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰি প্ৰথমতে লিখিবলৈ লোৱা বিষয়ৰ মূল কথা উনুকিয়াই আৰম্ভণি দিব লাগে। তাৰ পিছত আৰম্ভনিত উনুকিওৱা কথাখিনি যুক্তিসঙ্গতভােব বৰ্ণনা কৰিব লাগে। এইখিনি ৰচনা এটিৰ মূল বিষয় (Subject matter)। শেষত নিজৰ মতামত প্ৰতিফলিত কৰি  চমু সামৰণি দিব লাগে।

পঞ্চমতে, প্ৰয়োজন অনুসৰি নিজৰ কথা বা যুক্তিৰ সমৰ্থনত কোনো ব্যক্তিৰ মতামত উদ্ধৃত কৰিব পাৰি।

ষষ্টতে, আত্মজীবনীমূলক ৰচনা নহ’লে ‘মই, আমি’ আদি প্ৰথম পুৰুষ ব্যৱহাৰ নকৰি নৈবৰ্ক্তিকভাবে লিখিব লাগে।

সপ্তমতে, বানান আৰু ব্যাকৰণগত ভুল ভ্ৰান্তিৰ প্ৰতি সাৱধান হ’ব লাগে।

অষ্টমতে, ৰচনা লেখা শেষ হ’লে ৰচনাটি আকৌ এবাৰ  পঢ়ি  অজানিতে ৰৈ যোৱা ভুল-ভ্ৰান্তিেবাৰ শুদ্ধ কৰিব লাগে।

ৰচনা লিখন অনুশীলন কৰিলে অনুশীলনকাৰীৰ চিন্তা শক্তি, প্ৰকাশ শক্তি, ভাষা শক্তি আৰু লিখন অভ্যাস বৃদ্ধি পায়।

ভাল ৰচনা লিখা কামটো সহজ নহয়। ইয়াৰ  বাবে ভাল অনুশীলনৰ প্ৰয়োজন।

 

……………………………………………………………………………………………………………………………….

অসমীয়া ৰচনা  শিক্ষা

গৰু

আৰম্ভিণি: গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ  দেশতে পোৱা যায় ।  প্ৰায় প্ৰতিটো কৃষক পৰিয়ালেই গৰু পোহে । কিছুমান দেশত বনৰীয়া গৰুও পোৱা  যায়।

বিৱৰণ: গৰুৰ দুটা চকু, দুটা কাণ, আৰু মূৰৰ ওপৰত দুটা শিং আছে। ইয়াৰ এডাল ডাঙৰ  নেজো আছে। ইয়াৰ দ্বাৰা ই মহ- মাখি খেদায়। ইয়াৰ খুৰাবোৰ  ফটা। ইয়াৰ গোটেই শৰীৰত মিহি নোম আছে। গৰু বিভিন্ন বৰণৰ আছে, যথা: বগা, কলা, ৰঙা, পখৰা, কজলা আদি।

খাদ্য: গৰুৱে সাধাৰণতে ঘাঁহ, খেৰ, গছৰ পাত আদি খাই জীয়াই থাকে। 

উপকাৰিতা: গৰু অতি উপকাৰী জন্তু। গাই গৰুৱে আমাক গাখীৰ দিয়ে।  গাখীৰৰ পৰা আমি ঘি, মাখন আদি পাওঁ। ইয়াৰ গাখীৰ বৰ পুষ্টিকৰ  খাদ্য।কিছুমান মানুহে ইয়াৰ মাংস খাদ্য হিচাপে  গ্ৰহণ কৰে। কৃষকে ইয়াৰ সহায়ত পথাৰত হাল বায়। ষাঁড় গৰু আৰু বলধ গৰুৰ দ্বাৰা গাড়ী চলোৱা হয়। গৰুৰ গোৱৰ উত্তম  সাৰ।  ইয়াৰ হাড়ৰ দ্বাৰা ৰাসায়নিক সাৰ আৰু ঔষধ তৈয়াৰ কৰা হয়। ইয়াৰ ছালৰ পৰা বেগ, মোনা, পেটী, জোতা, জেকেট আদি তৈয়াৰ কৰা  হয়।

সামৰণি: আমাৰ দৈনন্দিন জীৱনত গৰু বৰ উপকাৰী জীৱ। আমি ইয়াৰ উপযুক্ত যত্ন লোৱা উচিত।

 

হাতী

আৰম্ভিণি: হাতী চাৰিঠেঙীয়া  প্ৰকাণ্ড জন্তু। হাতী সাধাৰণতে বনৰীয়া যদিও ইয়াক পোহ  মনাব পাৰি। 

বিৱৰণ: হাতীৰ দুটা চকু, দুখন বিচনীৰ দৰে কাণ, এডাল দীঘল শুঁৰ আছে। ইয়াৰ শুঁৰ ডালেই ইয়াৰ নাক।  হাতীৰ দুটা দাঁত আছে। ইয়াৰ দাঁত বৰ মূল্যৱান। পোহনীয়া হাতীয়ে মানুহক নানান ধৰণে সহায় কৰে।  ই গধুৰ বয়-বস্তু কঢ়িয়াব  পাৰে। ই চিকাৰীসকলৰ বন্ধু । চিকাৰীসকলে ইয়াৰ পিঠিত উঠি  চিকাৰলৈ যায়।  পোহনীয়া হাতীৰ দ্বাৰা বনৰীয়া হাতী চিকাৰ কৰা হয়। এচিয়া আৰু আফ্ৰিকা মহাদেশত হাতী বেছিকৈ পোৱা যায়।কিন্তু অসমৰ হাতী পৃথিৱী বিখ্যাত। ভাৰতবৰ্ষৰ ভিতৰত অসমতেই সৰ্বাধিক হাতী পোৱা যায়। অসমৰ হাতীবোৰৰ  বৰণ কলা। কিন্তু আফ্রিকাৰ  হাতীবোৰৰ  বৰণ বগা। 

হাতীয়ে গছৰ পাত, ঘাঁহ, ধান. মাহ আদি খায়। কলগছ ইয়াৰ প্ৰিয় খাদ্য। হাতীয়ে গড়ে দৈনিক তিনিশ কিলোগ্ৰাম খাদ্য খায়। 

হাতীয়ে বছৰেকত এটাকৈ পোৱালি দিয়ে। পোহনীয়া হাতীয়ে মানুহক নানা ধৰণে সহায় কৰে যদিও কিছুমান হাতীক প্ৰশিক্ষণ দি ছাৰ্কাচতো ব্যৱহাৰ কৰা হয়। ই নানান ধৰণৰ খেল দেখুৱাব পাৰে। 

হাতীৰ দাঁতেৰে অলংকাৰ বনোৱা হয়। ইয়াৰ হাড়ৰ দ্বাৰা বিভিন্ন বস্তু  বনোৱা হয়। ইয়াৰ ছালেৰে বেগ, মোনা, বেল্ট, পেটী  আদি তৈয়াৰ কৰা হয়। 

বনাঞ্চাল হৈছে হাবিৰ প্ৰিয় বাসভূমি। কিন্তু বৰ্তমান বনাঞ্চালৰ পৰিমাণ কমি অহাত হাতীৰ জীৱনলৈ প্রত্যাহ্বান  নামি আহিছে। বনৰীয়া হাতীয়ে কেতিয়াবা কেতিয়াবা খাদ্যৰ সন্ধানত গাওঁ অঞ্চললৈ সোমাই আহি কৃষকৰ খেতি-বাতিও নষ্ট কৰে।চৰকাৰে বৰ্তমানে হাতী সংৰক্ষণ আইন প্ৰণয়ন কৰি ইয়াক সুৰক্ষাৰ ব্যৱস্থা কৰিছে। চৰকাৰে হাতী দাঁত বিক্রী  কৰি বহুত বৈদেশিক মুদ্ৰা অৰ্জন কৰে। 

সামৰণি: হাতী হৈছ প্ৰকৃতিৰ এক আপুৰুগীয়া সম্পদ। আমি বানঞ্চল বৃদ্ধি কৰি আৰু চোৰাং চিকাৰীৰ  হাতৰ পৰা হাতীক সুৰক্ষা দি এই আপুৰুগীয়া জন্তুবিধক ৰক্ষণাবেক্ষণ  দিয়া উচিত।

 

কুকুৰ

আৰম্ভণি: কুকুৰ চাৰিঠেঙীয়া  জন্তু।  ই মানুহৰ অতি বিশ্বাসী জন্তু বুলি কোৱা হয়। কিছুমান মানুহে কুকুৰ পোহে ।

বিৱৰণ:  কুকুৰৰ দুখন চকু, দুখন কাণ আৰু এখন বেঁকা  নেজ আছে। ইয়াৰ চোকা দাঁত আৰু নখ আছে। এইেবাৰৰ সহায়ত ই শত্ৰুৰ লগত যুঁজে।  ই এবাৰতে কেইবাটাও পোৱালি জন্ম দিয়ে। 

কুকুৰৰ বহুতো প্ৰজাতি আছে, যেনে: এলচাচিয়ান কুকুৰ, জাপানী কুকুৰ, যুঁজাৰু  কুকুৰ, চিকাৰী কুকুৰ, স্পেনিয়েল কুকুৰ ইত্যাদি। যুঁজাৰু  কুকুৰ ইয়াৰ শক্তি, সাহস আৰু আঁকোৰগোজ স্বভাৱৰ কাৰণে বিখ্যাত।  এলচাচিয়ান কুকুৰ বৰ হিংস্ৰ বুলি জনাজাত ।

কুকুৰ বহুতো বৰণৰ আৰু বহুতো আকাৰৰ আছে।  কুকুৰে আন জীৱৰ মাংস খায়, তাৰোপৰি ই মানুহে খোৱা আন আন খাদ্যও খায়। 

মানুহৰ কাৰণে কুকুৰ অতি বিশ্বাসী জন্তু । কিছুমান মানুহে ইয়াক পোহে । কুকুৰক মানুহৰ অতি বিশ্বস্ত সেৱক বুলি কোৱা হয়।  পোহনীয়া কুকুৰে কোনো বাহিৰা মানুহক ইয়াৰ গৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে।

কুকুৰক ছাৰ্কাচ দলতো ব্যৱহাৰ কৰা হয়। ইয়াক ভালদৰে প্ৰশিক্ষিত কৰিব পাৰি। ই নানান ধৰণৰ খেল আৰু চাতুৰী দেখুৱাব পাৰে।  ই সদায় ইয়াৰ গৰাকীক মানি চলে। কুকুৰে কেতিয়াবা কেতিয়াবা মানুহক কামুৰেও।  কুকুৰৰ কামোৰ বৰ বিপদজনক। গতিকে আমি কুকুৰৰ পৰা সাৱধানে থাকিব লাগে। ভাৰতৰ ৰাস্তা-ঘাটত বহুতো গৰাকীহীন কুকুৰপোৱা যায়।সিহঁতে বহু সময়ত বাটৰুৱাক দিগদাৰিত পেলায়।

সামৰণি: সকলো জন্তুৰ ভিতৰত কুকুৰ মানুহৰ আটাইতকৈ বেছি বিশ্বস্ত  আৰু উপকাৰী জন্তু। আমি পোহনীয়া কুকুৰৰ যত্ন লোৱা উচিত।

 

মেকুৰী

পৰিচয়: মেকুৰী এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু। ই পৃথিৱীৰ প্ৰায় সকলো দেশতে পোৱা যায়। কোনো কোনো দেশত বনৰীয়া মেকুৰীও আছে।

আকৃতিঃ মেকুৰী এবিধ সৰু জীৱ। ই দেখিবলৈ প্ৰায় বাঘৰ দৰে। ইয়াৰ  গাটো মিহি নোমেৰে ঢকা। ইয়াৰ ঠেং চাৰিখন। ইয়াৰ চকু দুটি বৰ উজ্জ্বল। ইয়াৰ দাঁতবোৰ  অতি চোকা। মেকুৰীৰ মুখমণ্ডল ঘূৰণীয়া। ইয়াৰ মুখত দীঘল দীঘল কেইডালমান গোঁফ আছে। মেকুৰী নানা বৰণৰ আছে, যেনে – কলা, বগা, কজলা, পখৰা ইত্যাদি।

প্ৰকৃতি: মেকুৰী এক শান্ত  আৰু সহজে পোহমনা জীৱ। ইয়াৰ দৃষ্টি শক্তি বৰ চোকা। ই আন্ধাৰত স্পষ্টকৈ দেখে। ই এন্দুৰ, নিগনি, সাপ আদি সহজে চিকাৰ কৰিব পাৰে। ই মানুহে খোৱা সকলো প্ৰকাৰৰ খাদ্য খায় যদিও ই এক মাংসহাৰী জীৱ। গাখীৰ মেকুৰীৰ প্ৰিয় খাদ্য। মাইকী মেকুৰীয়ে এবাৰতে চাৰি-পাঁচটাকৈ পোৱালি জন্ম দিয়ে।

উপকাৰিতা: মেকুৰীয়ে ঘৰত থকা অনিষ্টকাৰী জীৱ যেনে – এন্দুৰ, নিগনি, পইতাঁচোৰা, সাপ আদি চিকাৰ কৰি আমাৰ উপকাৰ কৰে।  

অপকাৰিতা: মেকুৰীয় আমাক উপকাৰ কৰাৰ লগতে কেতিয়াবা আমাৰ অপকাৰো কৰে। মেকুৰীয় কেতিয়াবা ৰোগৰ জীৱানুও বিয়পায়। কোনো কোনো মেকুৰীয়ে ঘৰৰ খাদ্য-বস্তু চোৰ কৰি খায়।

সামৰণি: মেকুৰী মানুহৰ বৰ উপকাৰী জন্তু। আমি পোহনীয়া মেকুৰীৰ যত্ন লোৱা উচিত।

 

ঘোঁৰা

পৰিচয়: ঘোঁৰা এবিধ চাৰিঠেঙীয়া  জন্তু। পৃথিৱীৰ প্ৰায় সকলো দেশতে ঘোঁৰা পোৱা  যায়। ঘোঁৰা ঘৰচীয়া জন্তু যদিও বনৰীয়া ঘোঁৰাও পোৱা যায়।

আকৃতি: ঘোঁৰা বৰ শক্তিশালী জন্তু। ই দেখিবলৈ সুন্দৰ। ইয়াৰ গাটো নোমেৰে ঢকা। ইয়াৰ দুখন কাণ আছে। কাণ দুখন থিয়। ঘোঁৰাৰ  শিং নাই। ইয়াৰ ডিঙিটো  দীঘল। ঘোঁৰাৰ ডিঙিত দীঘল দীঘল নোম আছে। এইেবাৰক ‘কেশৰ’ বোলে । ঘোঁৰাৰ দুপাৰি দাঁত আছে। ইয়াৰ খুৰা আছে যদিও খুৰােবাৰ ফটা নহয়।

প্ৰকৃতি: ঘোঁৰাই বৰ বেগাই দৌৰিব পাৰে।  ই পৰিশ্ৰমী । ঘোঁৰা ত্ৰিশৰ পৰা চল্লিশ বছৰমান জীয়াই থাকে। মাইকী ঘোঁৰা বছৰত এবাৰকৈ পোৱালি দিয়ে। ঘোঁৰা নানা বৰণৰ আছে, যেনে – ৰঙা, কলা, মুগা, বগা ইত্যাদি।

খাদ্য: ঘোঁৰা তৃণেভাজী জীৱ। ই ঘাঁহ, বুট, মাহ, দানা, গছৰ পাত আদি খাই জীয়াই থাকে।

উপকাৰিতা: ঘোঁৰা বৰ উপকাৰী জন্তু। আগৰ যুগত ঘোঁৰাৰ দ্বাৰা বোজা  কঢ়িওৱা হৈছিল আৰু মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘোঁৰাৰে ভ্ৰমণ কৰিছিল। ঘোঁৰা যুদ্ধতো ব্যৱহাৰ কৰা হৈছিল। ৰাছিয়া আৰু ইংলণ্ডৰ মানুহে ঘোঁৰাৰে  হাল বায়। 

সামৰণি: ঘোঁৰা এবিধ বৰ উপকাৰী জন্তু। আমি পোহনীয়া ঘোঁৰাৰ যত্ন লোৱা উচিত।

 

আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল

আৰম্ভণি: পুথিভঁৰাল হৈছে এখন কোঠালী  বা ঘৰ য’ত অধ্যয়নৰ কাৰণে নানান বিষয়ৰ কিতাপ সযত্নে আৰু শৃঙ্খলাবদ্ধভাবে  ৰখা হয়। পুথিভঁৰাল অবিহনে কোনো এখন বিদ্যালয়ে পৰিপূৰ্ণ বিদ্যালয়ৰ মৰ্যদা লাভ কৰিব নোৱাৰে। প্ৰায়বোৰ বিদ্যালয়তে থকাৰ দৰে আমাৰ বিদ্যালয়তো এখন আহল-বহল পুথিভঁৰাল আছে। 

বিৱৰণ: আমাৰ বিদ্যালয়ৰ পুথিভঁৰালটো শিক্ষকসকলৰ উমৈহতীয়া কোঠালীটোৰ লগতে অৱস্থিত।  ই হৈছে এটি ডাঙৰ কোঠালী য’ত এখন পুথিভঁৰালত থাকিবলগীয়া প্ৰায় সকলোবোৰ আধুনিক সা-সুবিধা আছে।  আমাৰ বিদ্যালয়ৰ এজন অধ্যয়নশীল শিক্ষক আমাৰ পুথিভাঁৰলটোৰ তত্বাৱধানত আছে।  আমাৰ পুথিভঁৰালখন পৰিচালনা কৰিবলৈ কিছুমান ধ’ৰা-বন্ধা নীতি-নিয়ম আছে। 

আমাৰ পুথিভঁৰালখনত  কেইবা হাজৰ কিতাপ আছে।  পাঠ্যপুথি থকাৰ উপৰিও আমাৰ পুথিভঁৰালখনত বিভিন্ন বিষয়ৰ বহুতো কিতাপ আছে। বিদ্যালয় কতৃপক্ষই আমাৰ অধ্যয়নৰ কাৰণে দৈনিক বাতৰি কাকত আৰু নানান বিষয়ৰ আলোচনীও যোগান ধৰে। 

ছাত্ৰ-ছাত্ৰীসকলক পোন্ধৰ দিনৰ কাৰণে কিতাপ প্ৰদান কৰা হয়। দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিদ্যালয় কতৃপক্ষই এবাৰতে পাঁচোখনকৈ কিতাপ যোগান ধৰে। মই পুথিভঁৰালখনৰ নিয়মীয়া পঢ়োৱৈ। মই মোৰ জিৰণিৰ সময়খিনি পুথিভঁৰালখনত বাতৰি কাকত, আলোচনী আৰু গল্পৰ কিতাপ পঢ়ি  কটাওঁ।

সামৰণি: আমাৰ পুথিভঁৰালখন স্থাপন হোৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক সেৱা আগবঢ়াই আহিছে আৰু এনেদৰে ই জ্ঞান বিস্তাৰত এক সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে।

 

আমাৰ নগৰখন

আৰম্ভণি: আমাৰ নগৰখনৰ নাম বৰেপটা ৰোড। ই হৈছে নামনি অসমৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ। ই বৰেপটা জিলাৰ সদৰ ঠাইৰ পৰা প্ৰায় তেৰ কিলোমিটাৰ উত্তৰ দিশত অৱস্থিত  । 

বিৱৰণ: নগৰখন ঘন বসতিপূৰ্ণ।  ইয়াত প্ৰায় বিশ হেজাৰ  মানুহে শান্তিৰে বসবাস কৰি আছে। ইয়াত পাঁচখন প্ৰাথমিক বিদ্যালয়, তিনিখন উচ্চ মাধ্যমিক বিদ্যালয়, দুইখন কনিষ্ট মহাবিদ্যালয় আছে। ইয়াত ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ সাতখন মচজিদ আৰু ছয়খন মন্দিৰ আছে।  ইয়াত এখন পুথিভঁৰালো আছে।  পুথিভঁৰালখন বিভিন্ন বিষয়ৰ কিতাপেৰে  পৰিপূৰ্ণ। ইয়াত দুখন চৰকাৰী চিকিৎসালয়, এখন ডাকঘৰ আৰু এখন পশু চিকিৎসালয় আছে। নগৰখনৰ কেন্দ্ৰত এটি আৰক্ষী চকী আছে। 

বজাৰখন হ’ল নগৰখনৰ ব্যৱসায়ৰ কেন্দ্ৰ। বজাৰখন শাক-পাঁচলিৰ কাৰণে অসম বিখ্যাত।  অসমৰ চুক-কোণৰ পৰা বহুত বেপাৰী  কেঁচা শাক-পাঁচলি  ক্ৰয় কৰিবলৈ নগৰখনলৈ আহে। সোমবাৰ আৰু বৃহস্পতিবাৰ ইয়াৰ বজাৰৰ দিন।  বজাৰৰ দিনা নগৰখন মানুহেৰে ঠাহ খাই পৰে।বজাৰখনৰ প্ৰধান আকৰ্ষণীয় বস্তুটো হ’ল ইয়াৰ নামঘৰখন। ৰাস মহোৎসৱৰ সময়ত বহুত দূৰ-দূৰণিৰ পৰা ইয়াত ভক্তপ্ৰাণ ৰাইজে যোগদান কৰি সিহঁতৰ অন্তৰ পৱিত্ৰ কৰে।

সামৰণি: মই মোৰ নগৰখনক বৰ ভাল পাওঁ। মই ইয়াৰ সর্বাঙ্গীন উন্নয়ন কামনা কৰো।

 

আমাৰ গাওঁ

আৰম্ভণি: আমাৰ  গাওঁখনৰ নাম বেতবাৰী পাথাৰ। ই বৰেপটা নগৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ উত্তৰে  অৱস্থিত।  ই এটি সৰু দুখীয়া কৃষি প্ৰধান গাওঁ।

বিৱৰণ: আমাৰ গাওঁখনত  প্ৰায় তিনিশমান পৰিয়াল বসবাস কৰে । আমাৰ গাওঁত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে।  প্ৰায় সকলোবোৰ  পৰিয়ালেই কৃষক আৰু আৰ্থিকভাবে  দুর্বল । কিছু ব্যৱসায়ী আৰু কিছু চাকৰীয়াল আছে যদিও সিহঁতৰ সংখ্যা নিচেই কম। 

আমাৰ গাওঁৰ যোগাযোগ ব্যৱস্থাও অতি শোকজনক। আমাৰ গাৱঁলীয়া ৰাস্তাবোৰ  নিৰ্মাণ কৰাত চৰকাৰ মৌন হৈয়ে আছে। আমি বিজুলী বাতি আৰু এখন স্থানীয় ডাকঘৰৰ পৰাও বঞ্চিত।

আমাৰ গাওঁখনত মাত্ৰ দুটা প্ৰাথমিক বিদ্যালয় আৰু এখন মাত্ৰ মজলীয়া বিদ্যালয় আছে।  ইয়াৰ বেছিভাগ মানুহ  ইছলাম ধৰ্মাৱলম্বী। আমাৰ গাওঁখনত  তিনিখন সৰু সৰু মচজিদ আছে।

 সামৰণি: যদিও আমাৰ গাওঁখন দুখীয়া তথাপি আমি ইয়াক বৰ ভাল  পাওঁ। আমি গাওঁখন উন্নয়নৰ দিশলৈ আগুৱাই নিবলৈ চেষ্টা কৰি আছো।

 

আমাৰ  বিদ্যালয়

আৰম্ভণি: আমাৰ বিদ্যালয়খনৰ নাম কুঁজাৰপীঠ হাই স্কুল। ই বৰেপটা টাউনৰ পৰা সাত কিলোমিটাৰ উত্তৰে  অৱস্থিত। 

বিৱৰণ: আমাৰ স্কুলত চাৰিখন বিল্ডিং আছে। প্ৰতিটো বিল্ডিঙত   চাৰিটাকৈ কোঠালী আছে। ইয়াৰ দুটা কোঠালি  শিক্ষকসকলৰ  কমনৰুম হিচাপে,  এটা পুথিভঁৰাল হিচাপে  আৰু এটা পেক্ষাগৃহ হিচাপে  ব্যৱহাৰ কৰা হয়।  প্ৰতিটো ৰুমত ছয়টাকৈ খিড়িকী আৰু দুটাকৈ দৰজা আছে। প্ৰতিটো কোঠালীত সুন্দৰ চিলিং আছে। 

আমাৰ স্কুলত প্ৰায় তিনিশ ছাত্ৰ-ছাত্ৰী আছে।  আমাৰ স্কুলত এটি আহল-বহল খেল-পথাৰো আছে। স্কুলখন ১৯৫২ চনত স্থাপন কৰা হয়। স্কুলখনে ইয়াৰ স্থাপনৰ দিনৰে পৰা বহুত উচ্চ শিক্ষিত নাগৰিকৰ সৃষ্টি কৰি আহিছে।

সামৰণি: মই মোৰ স্কুলক অতি ভাল পাওঁ। এনে সুন্দৰ শৈক্ষিক পৰিবেশ  থকা স্কুলখনৰ ছাত্ৰ হোৱা বাবে  মই গৌৰৱান্বিত। মই ভালদৰে লিখা-পঢ়া কৰি ভাল ফলাফল দেখুৱাই স্কুলখনলৈ গৌৰৱ কঢ়িয়াই  অনাৰ বাবে  চেষ্টা কৰি আছো।

 

আমাৰ শ্ৰেণী কোঠা 

আৰম্ভণি: মই জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ। মই অষ্টম শ্ৰেণীত পঢ়ো । আমাৰ স্কুলত চাৰিখন বিল্ডিং আছে। ইয়াৰ এটা লাইব্রেৰী আৰু শিক্ষকসকলৰ বাবে  ব্যৱহাৰ কৰা হয়। আমাৰ শ্ৰেণীকোঠাটো নতুন বিল্ডিঙৰ অন্তৰ্গত এটি সুন্দৰ কোঠালী।

বিৱৰণ: আমাৰ শ্ৰেণী কোঠাটো বৰ পৰিপাটি। এইটোত প্ৰায় পঁচিশযোৰ ডেক্স-বেঞ্চ  আছে। এইবোৰ সৰল কাঠেৰে তৈয়াৰী। কোঠাটোৰ সন্মুখৰ এটা চুকত প্লেটফৰ্ম আৰু তাৰ ওপৰত শিক্ষক বহিবলৈ এটি চিয়াৰ আৰু এটি টেবিল আছে। চিঁয়াৰখনৰ কাষতে বেৰত  এটি ডাঙৰ ব্লাকবোর্ড  আছে। 

কোঠাটোত মুঠতে ছয়টা খিড়িকী আৰু দুটা দৰজা আছে। কোঠাটোৰ ওপৰত এটি চিলিং আছে। ই বাঁহেৰে তৈয়াৰী । আমি আটায়ে আমাৰ শ্ৰেণীকোঠাটোৰ যত্ন লও। আমি ইয়াক পৰিস্কাৰ আৰু পৰিপাটিকৈ ৰাখো।  আমি সকলোৱে অনুশাসন মানি চলো। আমি প্ৰতিদিন পাল পাতি কোঠালীটো ঝাড়ু দিও। আমাৰ শ্ৰেণী প্ৰতিনিধিজন   বৰ সক্ৰিয় আৰু সচেতন । আমি কেতিয়াও ডেক্স-বেঞ্চৰ  ওপৰত নিলিখো। 

সামৰণি: আমি সকলোৱে আমাৰ শ্ৰেণী কোঠাটো পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ  চেষ্টা কৰো। এনেকুৱা আহল-বহল সুন্দৰ শ্ৰেণীকোঠাটোক লৈ আমি গৌৰৱ কৰো।

 

মোৰ প্রিয় খেল ফুটবল  

মানুহে বিনোদন আৰু শৰীৰ চৰ্চাৰ উদ্দেশ্যে যিবোৰ  কাৰ্য কৰিবলৈ লয় সেইবোৰক  খেল-ধেমালি বুলি ক’ব পাৰি। খেল-ধেমালি কাৰ্যটো মানুহৰ সহজাত প্রবৃত্তি । ডেকাৰ পৰা  বুঢ়ালৈকে সকলোৱে খেল-ধেমালি কৰি ভাল পায়। পৃথিৱীৰ প্ৰায় সকলো জাতি, উপজাতি, দেশ বা অঞ্চলতে খেল-ধেমালিৰ প্ৰচলন আছে। খেল-ধেমালি বিভিন্ন ধৰণৰ আছে। কিছুমান খেল ঘৰৰ ভিতৰত খেলিব পাৰি আৰু কিছুমান খেল আমি ঘৰৰ বাহিৰত মুকলি পথাৰত খেলিব লগা হয়। কিছুমান খেলত দুজন আৰু কিছুমান খেলত বহুত  খেলুৱৈৰ প্ৰয়োজন হয়। মই ঘৰৰ বাহিৰত কৰা খেল-ধেমালি বৰ ভাল পাওঁ। ভলীবল, ক্ৰিকেট, কাবাডী, দৌৰ আদি খেল মই বৰ ভাল পাওঁ যদিও মোৰ প্ৰিয় খেল ফুটবলৰ বিষয়ে মই আজি লিখিবলৈ ল’লোঁ।

পৃথিৱীৰ অতি জনপ্ৰিয় খেলবোৰৰ  ভিতৰত ফুটবলো এটা। এই খেল দুটা দলৰ মাজত এখন লথিয়াব পৰা ঘূৰণীয়া বল লৈ খেলা হয়।  প্ৰতিটো দলত এঘাৰজনকৈ খেলুৱৈ থাকে। ফুটবল খেলৰ বাবে ডাঙৰ খেল পথাৰৰ প্ৰয়োজন হয়। ফুটবল খেল-পথাৰখনৰ পৰস্পৰৰ বিপৰীত দুয়োফালে দুটা গ’লস্থান থাকে। যিদলে অধিক গ’ল দিব পাৰে সেইদল বিজয়ী বুলি ঘোষিত হয়। 

ফুটবল খেল কেতিয়া ক’ত আৱিষ্কাৰ হৈছিল সঠিককৈ কোৱা টান যদিও আধুনিক ফুটবল খেল ইংলেণ্ডত আৰম্ভ হয় বুলি কোৱা হয়। আধুনিক ফুটবল খেলৰ নীতি-নিয়ম ১৮৬৩ চনত ইংলণ্ডত স্থিৰ আৰু বিধিবদ্ধ কৰা হয়। অৱশ্যে প্ৰাচীন চীন দেশত ‘কুজু’ নামেৰে এবিধ খেলৰ প্ৰচলন আছিল বুলি প্ৰমাণ পোৱা যায়। ‘কুজু’ শব্দৰ অৰ্থ লথিওৱা বল।  এই খেলত হাতৰ বাহিৰে শৰীৰৰ যিকোনো অংগ ব্যৱহাৰ কৰিব পৰা গৈছিল। খেলত বলটো লথিয়াই লথিয়াই এটা জালৰ ভিতৰত পেলাব লাগিছিল। কিন্তু বৰ্তমানৰ ফুটবল খেলটো ইয়াৰ নীতি-নিয়মৰ পৰা ভিন্ন প্ৰকৃতিৰ।

ঊনবিংশ শতিকাৰ পৰা ফুটবল খেল বিশ্বত জনপ্ৰিয় হ’বলৈ ধৰে আৰু বিংশ শতাব্দীত ই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰে। ইয়াৰ আন্তৰ্জাতিক জনপ্ৰিয়তালৈ চাই ১৯০৪ চনত ফ্ৰান্সৰ  পেৰিচত ‘ইন্টাৰনেচনেল ফেডেৰেশ্বন অৱ ফুটবল’ চমুকৈ ‘ফিফা’ প্রতিষ্ঠা কৰা হয়। বৰ্তমান বিশ্বত চলি থকা ফুটবল প্ৰতিযোগিতাসমূহ ই নিয়ন্ত্ৰণ কৰে। এই সংস্থাটোৰ মূলমন্ত্ৰটো হৈছে, “খেলৰ কাৰণে, বিশ্বৰ কাৰণে।” 

ফুটবল খেল অতি জনপ্ৰিয় হোৱাৰ কাৰণ হ’ল ই এক উত্তেজক  খেল। দৰ্শকে এই খেল চাই খেলুৱৈসকলৰ লগত একাত্মকতা অনুভৱ কৰে। ফুটবল খেলে শাৰীৰিক ব্যয়ামৰ কাম কৰে। ইয়াৰ উপৰিও আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাসমূহৰ জৰিয়তে আন্তৰ্জাতিক বুজাপৰা, ভাতৃত্বেবাধ, সহযোগিতা আদি দিশৰ বিকাশ হয়।

আমি সকলোৱে এই খেলবিধক অকল ভালপোৱাই নহয়, ইয়াক অনুশীলন কৰা উচিত।

 

কলম

কলম এবিধ লেখন যতন বা সঁজুলি। কলম কেতিয়া ক’ত আৱিষ্কাৰ কৰা হৈছিল কোনেও সঠিককৈ ক’ব নোৱাৰে যদিও প্ৰাচীন গ্ৰীচত কলমৰ ব্যৱহাৰ আৰম্ভ হৈছিল বুলি প্ৰমাণ পোৱা যায়। 

কলম বিভিন্ন ধৰণৰ আছে, যেনে: ফাউন্টেইন পেন, বলেপন,  পেঞ্চিল, কাঠ পেঞ্চিল, পাখি কলম, খাগৰি কলম, বটালি কলম ইত্যাদি। এইবোৰৰ  ভিতৰত বটালি কলম অতি প্ৰাচীন বুলি ভবাৰ থল আছে। লিখন কলা আৰম্ভ হোৱাৰ আদিতে মানুহে বটালিৰ দৰে জোঙা ধাতুৰ পাত কলম হিচাপে  ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ দ্বাৰা শিল বা চেপেটা  বস্তুত বিভিন্ন তথ্য বা জ্ঞান লিখি ৰখা হৈছিল। কাগজ বা কাগজৰ দৰে বস্তু যেনে: পেপিৰাচ, গছৰ ছাল, জন্তুৰ চামৰা আদি আৱিষ্কাৰ হোৱাৰ পিছত মানুহে খাগৰি কলমৰ ব্যৱহাৰ কৰিবলৈ লয়। প্ৰাচীন ইজিপ্তত খাগৰি কলম ব্যৱহাৰৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। মানৱ সভ্যতাৰ ইতিহাসত খাগৰি কলমৰ আধিপত্য দীৰ্ঘদিনীয়া। সম্ভৱত খ্ৰীষ্টপূৰ্ব দেৰ হাজাৰ বছৰৰ পৰা উনবিংশ শতিকালৈ খাগৰি কলম বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। খাগৰি কলমত একজাতীয় শকত বনৰ ছয়-সাত ইঞ্চিমান কাটি এমূৰ জোঙা কৰি চিয়াহীত তিয়াই তিয়াই কাগজ, চামৰা, গছৰ ছাল  বা  পেপিৰাচত লিখা হৈছিল। 

খাগৰি কলমৰ পিছে পিছে আন এক প্ৰকাৰৰ কলমৰ ব্যৱহাৰ আৰম্ভ হৈছিল সেয়া হ’ল পাখি কলম। পাখি কলম বুলিলে বিশেষকৈ ডাঙৰ  ডেউকা থকা চৰাই  যেনেঃ  ঈগল, শগুণ, সাৰেং আদি চৰাইৰ পাখি উভালি এমূৰ জোঙা কৰি চিয়াহীত তিয়াই তিয়াই লিখা হৈছিল। পাখি কলমৰ ব্যৱহাৰ ভাৰতত বিংশ শতাব্দীৰ অষ্টম  দহকলৈ থকাৰ প্ৰমাণ পোৱা যায় ।

বটালি কলম, খাগৰি কলম আৰু পাখি কলমবোৰ  প্ৰাচীন যুগৰ  কলম বুলি কোৱা হয়। ঊনবিংশ শতিকাত কলমৰ পৃথিৱীত এক নতুনত্বৰ সংযোজন হয়। ১৮৮৪ চনত আমেৰিকাৰ লুইচ ওৱাটাৰমেন নামৰ এজন অভিযন্তাই ফাউন্টেইন পেন নামৰ এক প্ৰকাৰৰ কলম তৈয়াৰ কৰে। এনে কলমৰ মূৰত ধাতুৰ তৈয়াৰী নিব থাকে আৰু কলমখনৰ ভিতৰত চিয়াহী ভৰোৱাৰ ব্যৱস্থা আছে। ফাউন্টেইন পেন আৱিষ্কাৰৰ ফলত লিখা কামটো অতি সহজ আৰু সুলভ হয়। ফাউন্টেইন পেন আৱিষ্কাৰৰ লগে লগে কলমৰ ইতিহাসত আধুনিক যুগ আৰম্ভ হয়। ফাউন্টেইন পেনৰ পিচত বিভিন্ন ধৰণৰ কলমৰ আৱিষ্কাৰ হয়। সেইবোৰৰ  ভিতৰত বৰ্তমান বলপেন বা ডট পেন অতি জনপ্ৰিয় আৰু বহুল ব্যবহৃত  পেন। 

কলম বিভিন্ন ৰঙৰ দেখিবলৈ পোৱা যায়। যেনে: ৰঙা, বগা, নীলা, সেউজীয়া, ক’লা, বেঙুনীয়া ইত্যাদি। কলমৰ দৈর্ঘ্য সাধাৰণতে ছয় ইঞ্চিমান হয় যদিও তিনি ইঞ্চি দৈর্ঘ্যৰ  কলমো বজাৰত পোৱা যায়। সম্প্ৰতি এফুট দৈর্ঘ্যৰ বলপেনো বজাৰত ওলাইছে। 

মানৱ সভ্যতাৰ ইতিহাসত কলমৰ অৱদান যথেষ্ট। কলমৰ প্ৰচলনৰ লগে লগে মানৱ সভ্যতাৰ বিকাশ আৰম্ভ হয় বুলি কোৱাৰ থল আছে। কাৰণ কলমৰ জৰিয়তে অতীতৰ জ্ঞান আৰু অভিজ্ঞতাসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে  লিপিবদ্ধ কৰি ৰখাত সহায়ক হয়।  

বৰ্তমান কলমৰ স্থান কম্পিউটাৰৰ কী বোৰ্ডে বহু পৰিমাণে দখল কৰিছে যদিও কলমৰ ব্যৱহাৰ আৰু প্ৰাসঙ্গিকতা সম্পূৰ্ণৰুপে  শেষ হোৱা নাই।

 

কুলি চৰাই 

আমি দেখা চৰাইবোৰৰ  ভিতৰত এক প্ৰকাৰৰ চৰাই হৈছে কুলি চৰাই।  ই চৰাইৰ কুকুলিফৰমিছ বৰ্গৰ অন্তৰ্গত। এই চৰাইবিধ বিশেষকৈ এচিয়া মহাদেশত দেখা যায়। 

মতা কুলি চৰাই  দেখাত চিকচিকিয়া ক’লা যদিও  মাইকী কুলিৰ বৰণ অলপ কজলা হয়।  ই আকৃতিত কাউৰীতকৈ অলপ সৰু আৰু  ডিঙিটো কাউৰীতকৈ অলপ দীঘল। ই দীঘলে ৪০-৪৫ ছেন্টিমিটাৰ মান হয়। ইয়াৰ চকুৰ মণিবলয় ডাঠ ৰঙা ।

ই এক প্ৰকাৰৰ পৰিভ্ৰমী চৰাই । ই বসন্ত ঋতু  চলি থকা অঞ্চলত অধিক দেখা যায়। ই ‘কউ-কউ’ বুলি মাতে। ই কেতিয়াবা ‘টু টু’ বুলিও মাতে। মতা কুলিয়ে ‘কিক-কিক কিক’ বুলি মতা শুনা যায়।

বসন্ত ঋতু হৈছে ইয়াৰ প্ৰজননৰ সময়। ই এবাৰতে তিনি-চাৰিটাকৈ কণী পাৰে। কুলি চৰাইয়ে বাহ সাজিব নাজানে। সেয়ে ই চুৰ কৰি কাউৰীৰ বাহত কণী পাৰে আৰু কাউৰীয়ে নিজৰ কণী বুলি উমনি দি পোৱালি  জগায়।

কুলি চৰাই এক সুন্দৰ চৰাই নহয় আৰু ইয়াক  পোহ   মনাব নোৱাৰি যদিও বহুতো কবিয়ে  কুলি চৰাইক লৈ কবিতাও ৰচনা কৰিছে। 

গছৰ ফলমূল, শস্য, পোক-পতংগ আদি কুলি চৰাইৰ  প্ৰধান খাদ্য। ই এবিধ বনৰীয়া চৰাই যদিও মানুহৰ বসতি অঞ্চলতো দেখা যায়।

বৰ্তমান হাবি-জংগলৰ পৰিমাণ কমি অহাত কুলি চৰাইৰো সংখ্যা কমি আহিছে বুলি পক্ষীবিদসকলে ক’ব খোজে।

 

অসমৰ ফল-মূল 

ভাৰতৰ পূর্ব দিশৰ সূর্য উঠা দেশ অসমখন হাবি-বননি গছ-গছনি, ফল-মূল আদিত ভাৰতৰ অন্যান্য ৰাজ্যবোৰতকৈ  ঈৰ্ষাজনকভাৱে চহকী। অসমত বিভিন্ন ধৰণৰ ফল-মূল প্ৰচুৰ পৰিমাণে উৎপাদন হয়। বিশেষকৈ আম, জাম, কঁঠাল, লিচু, বগৰী, লেটুকা, নাৰিকল, তামোল, ডালিম,  আমলখি, ঔটেঙা , কমলা আদি অসমৰ পৰ্বত আৰু ভৈয়ামত যথেষ্ট পৰিমাণে পোৱা যায়। 

অসমৰ প্ৰায় সকলো অঞ্চলতে আম উৎপাদন হয় যদিও অসমৰ গোৱালপাৰা, বৰেপটা, ধুবুৰী, নলবাৰী, নগাওঁ, বাক্সা, ওদালগুড়ি আদি জিলাত প্ৰচুৰ পৰিমাণে আম উৎপন্ন হয়। কিন্তু দুখৰ বিষয় অসমৰ সৰহভাগ আম টেঙা। অৱশ্যে পকিলে কিছু সংখ্যক আম মিঠা আৰু সোৱাদ লগা হয়। সেয়ে প্ৰতিবছৰ পশ্চিমবংগৰ পৰা বহু পৰিমাণে আম অসমলৈ আমদানি কৰা হয়। 

জাম এবিধ সৰু ফল যদিও ই স্বাস্থ্যৰ বাবে  উপকাৰী। বিশেষকৈ ইয়াক  বহুমূত্ৰ ৰোগী, হাঁপানী আদি ৰোগীৰ পথ্য হিচাপে বিবেচনা কৰা হয়। অসমৰ বৰেপটা জিলাত প্ৰচুৰ পৰিমাণে জাম গছ দেখা যায়। কিন্তু অসমৰ অন্যান্য জিলা আৰু নগৰীয়া অঞ্চলত এইবিধ ফল গছ প্ৰায় দেখা নাযায়। জামেৰে কিছুমান লোকে জেলী আৰু চৰ্বৎ তৈয়াৰ কৰিও খায়।

কঁঠাল অসমৰ এক আপুৰুগীয়া ফল বুলি ক’ব পাৰি। অসমৰ গাঁৱে-ভূৱে সকলোতে কম বেছি পৰিমাণে কঁঠাল গছ আছে। ই এবিধ স্বাস্থ্যকৰ মিঠা ফল। প্ৰতিবছৰ অসমৰ পৰা কিছু কঁঠাল ভাৰতৰ অন্যান্য ৰাজ্যলৈ ৰপ্তানি কৰা হয়। 

অসমত কম বেছি পৰিমাণে লিচু আৰু লেটুকা উৎপন্ন হয়। কিন্তু দুখৰ বিষয় অসমৰ ভৈয়াম অঞ্চলত উৎপন্ন হোৱা লিচুৰ গুণগত মান উন্নত নহয়। অৱশ্যে পাহাৰীয়া অঞ্চলত উৎপন্ন হোৱা লিচু সোৱাদযুক্ত। আনহাতে অসমৰ লেটুকা  প্ৰায়েই টেঙা হয়। 

অসমত  সৰহকৈ উৎপাদন হোৱা আন এবিধ ফল হ’ল নাৰিকল। অসমৰ গোৱালপাৰা, বৰেপটা আৰু উজনি অসমত প্ৰচুৰ পৰিমাণে নাৰিকল গছ আছে। অসমৰ নাৰিকল সোৱাদযুক্ত আৰু মিঠা। আকৃতিত ই  ভাৰতৰ অন্যান্য ৰাজ্যত উৎপাদন হোৱা নাৰিকলতকৈ ডাঙৰ। কিছুমান লোকে নাৰিকলৰ পৰা গাখীৰ উৎপাদন কৰে। অসমৰ পৰা কিছু নাৰিকল পশ্চিমবংগ, শ্বিলং, মিজোৰাম, অৰুণাচল প্ৰদেশ আদি ৰাজ্যলৈ ৰপ্তানি কৰা হয়। 

অসমত কিছু পৰিমাণে ডালিম আৰু কমলা উৎপাদন হয় যদিও সেয়া চাহিদাৰ তুলনাত অতি সামান্য। তাৰোপৰি এইবোৰৰ গুণগত মান উন্নত নহয়। সেয়ে প্ৰতি বছৰ ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা প্ৰচুৰ পৰিমাণে  ডালিম আৰু কমলা আমদানি কৰা হয়। 

অসমৰ হাবি-বননিত প্ৰচুৰ পৰিমাণে আমলখি আৰু ঔটেঙা গছ পোৱা যায়।  অসমীয়া মানুহে আমলখি আৰু ঔটেঙা আচাৰ  কৰি আঞ্জাৰ লগত খায়।  কিছু পৰিমাণে আমলখি অনান্য ৰাজ্যলৈ ৰপ্তানি কৰা হয়। 

অসমত উপৰুক্ত  ফল-মূল পোৱা যায় যদিও চাহিদাৰ তুলনাত যথেষ্ট  বুলি ক’ব নোৱাৰি। অসম হৈছে পাহাৰ-পৰ্বতৰ দেশ। ইয়াত বহুতো পাহাৰ  বনৰীয়া ঘাঁহ-বনেৰে পৰিপূৰ্ণ হৈ আছে। অসম চৰকাৰে এই পাহাৰবোৰত  আৰু অনাবাদী ভূমিত ফল-মূলৰ গছ ৰোপন কৰাৰ আঁচনি গ্ৰহণ কৰিলে ফল-মূলৰ ক্ষেত্ৰত অসম স্বাৱলম্বী হ’ব।

 

অসমৰ প্রাকৃতিক  সৌন্দৰ্য  

আৰম্ভণি: উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ভাৰতৰ অংগৰাজ্য অসমখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত ঈৰ্ষাজনকভাৱে চহকী। ইয়াৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা, নামনি, উজনি, সকলোতে প্ৰকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে ভূষিত কৰি ৰাখিছে। 

পাহাৰ-পৰ্বতৰ সৌন্দৰ্য: অসমৰ উত্তৰে সৌন্দৰ্যৰ ৰূপ-মাধুৰী পৰিহিতা হিমগিৰি হিমালয় পৰ্বতশ্ৰেণী। ইয়াত  সৰু-বৰ সকলো পাহাৰত সৌন্দৰ্য সিচঁৰতি হৈ আছে। ৰাতিপুৱাৰ কোমল ৰ’দ পাহাৰ- পৰ্বতৰ ওপৰত পৰি এক স্বৰ্গীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। শীতকালত বৰফে ঢকা পাহাৰ-পৰ্বত যেন বগা চাদেৰে আটোমটোকাৰিকৈ মেৰিয়াই ৰাখিছে। অসমৰ সোঁমাজত থকা কার্বি -আংলং পাহাৰবোৰেও  সৌন্দৰ্যময়ী অসমী আইক এক অপৰূপ দৃশ্যৰ চানেকি প্ৰদান কৰিছে। সেইদৰে অসমৰ ৰাজধানী গুৱাহাটী মহানগৰখনো চাৰিওদিশৰ পৰা পাহাৰে আগুৰা। পাহাৰৰ ওপৰৰ পৰা গুৱাহাটী মহানগৰখন চালে চকু থৰ হোৱা পোহৰৰ  ফিটাৰ দৰে দেখাই মনত অপাৰ আনন্দৰ জোঁৱাৰ তোলে। 

ভৈয়ামৰ সৌন্দৰ্য: অসমখন পাহাৰীয়া ৰাজ্য যদিও অসমৰ ব্রহ্মপুত্র  আৰু বৰাক নৈ দুখনৰ উপত্যকা অতিকৈ সাৰুৱা। ইয়াত নানান ধৰণৰ শস্য উৎপন্ন হয়। আঘোণৰ পকা ধানৰ পথাৰৰ যেন  সৌন্দৰ্যৰ আঁকৰ। আঘোণ মাহৰ চটফটীয়া বতাহত নাচি ফুৰা পথাৰৰ সোণালী ধানৰ সৌন্দৰ্যই মন-প্ৰাণ হৰি নি অসমবাসীক মুগ্ধ কৰে। 

নদ-নদীৰ সৌন্দৰ্য: অসম হৈছে নদী মাতৃকা দেশ। ইয়াত অসংখ্য ন’দ-নদী আছে। ইয়াৰ ব্রহ্মপুত্র  আৰু উপনৈসমূহে বাৰিষা কালত পানীৰে উপচি পৰি গাওঁ-ভুই বুৰাই পেলায়। বানপানীৰো সৃষ্টি কৰে। বানপনীয়ে যথেষ্ট ক্ষতি কৰে যদিও বাৰিষা কালত অসমৰ সৌন্দৰ্যই এক ৰহস্যময় অনিৰ্বচনীয় ৰূপ লয়। পানীৰ কুল কুল শব্দই  কাণত অমিয়া হৈ বাজে। অসমৰ নদ-নদীসমূহত নাওখেল অনুষ্ঠিত হয়। নাৱৰীয়াসকলে নানান গীতমাত গাই আনন্দ-স্ফূর্তি  কৰি সৌন্দৰ্যত সুৰৰ সমন্বয় ঘটায়। । 

অসমৰ হাবি বননিৰ সৌন্দৰ্য: অসম হৈছে হাবি-বননিৰ দেশ। ইয়াৰ ৩০ শতাংশ ভূমি হাবি-বননিয়ে দখল কৰি আছে। অসমৰ হাবিত নানান প্ৰজাতিৰ গছ-গছনি, তৰু-লতা, নল-খাগৰি আদিৰে ঠাহ   খাই আছে। এই গছ-গছনিবোৰে  প্ৰাকৃতিক সম্পদত অসমখনক চহকী কৰাৰ লগতে অসমৰ সৌন্দৰ্যৰ ভাণ্ডাৰলৈ অকৃপণ অৱদান আগবঢ়াইছে । অসমৰ উত্তৰ দিশত হিমালয় পৰ্বতৰ নামনি অঞ্চলত শাৰী শাৰী বিভিন্ন প্ৰজাতিৰ গছ, যেনে: গমেৰী, সোনাৰু, চেগুণ, শিশু, শিমলু  আদিৰ লানিয়ে মনত অপাৰ আনন্দৰ খলকনি তোলে। সেইদৰে অসমৰ ব্রহ্মপুত্র  ন’দৰ দক্ষিণ পাৰৰ সমভূমি অঞ্চলত বিস্তৃত হৈ থকা শাল গছৰ শাৰীয়ে সৌন্দৰ্য পিপাসু পৰ্যটকসকলক হাউ বাউলি  মাতে।

বিভিন্ন ঋতুৰ সৌন্দৰ্যঃ অসমত ছয়টা ঋতু  দেখা যায়: গ্ৰীষ্ম,  বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এই ঋতুসমূহ স্বকীয় সৌন্দৰ্যৰে বৈশিষ্ট্যমণ্ডিত। গ্ৰীষ্ম আৰু বৰ্ষা কালৰ অসমৰ সৌন্দৰ্য অতুলনীয় যদিও শৰত ঋতুয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যলৈ এক নতুনত্ব কঢ়িয়াই আনে। এই সময়ত আকাশ ফৰকাল হৈ নীল বৰণ ধাৰণ কৰি থাকে। গছ-গছনি নানান ধৰণৰ ফল-মূল যেনে: আম, কঁঠাল, মাধুৰী আম, কলমা, সুমথিৰা, লেটুকা, নাৰিকল, আপেল  আদিয়ে অসমবাসীৰ অন্তৰত জীয়াই থকাৰ নতুন উদ্যম প্ৰদান কৰে। অসমৰ বসন্তকালৰ সৌন্দৰ্য সোণত সোৱগা চ’ৰাৰ দৰে। এই ঋতুত  গছ-গছনিয়ে  নৱ নৱ পল্লবেৰে   জাতিষ্কাৰ হৈ উঠে। গোলাপ, তগৰ, নাৰ্জী, কপৌ  আদি ফুল ফুলি  সৌন্দৰ্যৰ খনি অসমী আইক ন-কইনাৰ সাজ পিন্ধায়। এই সময়ত অসমী আইৰ কোলাত কুলি, কেতেকী আদি  চৰাইৰ আবিৰ্ভাৱ হয়। এইবোৰে  স্বকীয় গীত মাতেৰে অসমৰ সৌন্দৰ্যত নতুন ৰাগিনীৰ সংযোজন ঘটায়। 

অসমত প্রাকৃতিক সৌন্দৰ্যৰ বিশেষ স্থানসমূহ: অসমৰ য’তে ত’তে সৌন্দৰ্যই লীলা কৰি আছে যদিও অসমৰ এনে কিছুমান স্থান আছে যিবোৰৰ  প্ৰাকৃতিক সৌন্দৰ্য ইমানেই মোহনীয় যে অসমৰ বাহিৰৰ পৰাও বহুত পৰ্যটক সেই সৌন্দৰ্যৰ অমীয়া পান কৰিবলৈ ঢাপলি মেলি আহে। তেনে কেইটামান স্থান হৈছে: গুৱাহটীৰ কামখ্যাধাম, বশিষ্ঠাশ্রম, তেজপুৰৰ অগ্নিগড়, হাজোৰ পোৱামক্কা, গোৱালপাৰৰ দৰগাহ শ্বৰীপ  আদি । এইবোৰৰ  চাৰিওফালৰ প্ৰাকৃতিক পৰিবেশ  আৰু সৌন্দৰ্য ইমান  মোহনীয় যে স্থানবোৰ  দৰ্শন কৰিলে  গতানুগতিক জীৱনৰ বিষাদ আৰু ক্লান্তি নিমিষতে দূৰ হৈ যায়। 

অসমৰ প্রাকৃতিক সৌন্দৰ্যৰ প্রতি  ভাবুকি: অসমৰ অপৰূপ প্ৰাকৃতিক  সৌন্দৰ্য আৰু সম্পদৰ  লোভত মোহিত হৈ যুগে যুগে  নানান জাতি আৰু  গোষ্ঠীৰ  লোক অসমলৈ প্রব্রজন কৰি আহিছে। ফলত অসমৰ জনসংখ্যা দ্ৰুত গতিত বাঢ়ি আছে। জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ বাসস্থান আৰু খাদ্যৰ বাবে  প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ স্থানসমূহ মানুহৰ বাসভূমি আৰু কৃষিভূমিলৈ সলনি হ’ব ধৰিছে। ফলত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত কুঠাৰাঘাত পৰি আছে। আমি অসবাসীয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অটুট ৰখাৰ বাবে  যদি এতিয়াই সচেতন নহওঁ তেন্তে সন্নিকট ভৱিষ্যতত  অসমৰ প্ৰাকৃতিক সৌন্দৰ্য লোপ পাব আৰু মোহময়ী বিনন্দীয়া অসমৰ নামো ইতিহাসৰ পৃষ্ঠা  এলাগী হৈ পৰিব।

 

মোৰ প্রিয় গ্রন্থ 

মই মাতৃভাষাৰ বৰ্ণমালা শিকাৰে পৰা গ্ৰন্থৰ প্ৰেমত পৰো  আৰু পাঠ্যপুথি  পঢ়াৰ  আঁৰে আঁৰে ঢৌতে খৰ মাৰি বহুতো লিখক যেনে: সত্যনাথ বৰা, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, নলিনীবালা দেৱী, ৰঘুনাথ চৌধাৰী,  নজৰুল ইছলাম, ৰবীন্দ্ৰনাথ ঠাকুৰ আদিৰ বহুকেইখন গ্ৰন্থ পঢ়ি অটাইছো। এইসকল লিখকৰ সৰহৰভাগ গ্রন্থই মোৰ প্ৰিয় যদিও আজি মোক মোৰ প্ৰিয় গ্ৰন্থৰ বিষয়ে  লিখিবলৈ দিয়াত মই এনে এখন গ্ৰন্থ বাছি ললোঁ যিখন গ্ৰন্থৰ জৰিয়তে ভাৰতৰ সাহিত্য প্ৰতিভা সমগ্ৰ বিশ্বদৰবাৰত প্রতিষ্ঠিত হয়  আৰু সাহিত্যিকজনো বিশ্বৰ দামী আৰু সন্মানী  নবেল পুৰস্কাৰেৰে বিভূষিত হয়। সেইখন গ্ৰন্থৰ নাম ‘গীতাঞ্জলি’ আৰু গ্ৰন্থখনৰ ৰচকজনৰ নাম হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰ। গ্ৰন্থখন এখন গীতি কবিতাৰ সংকলন। গ্ৰন্থখনত শতাধিক বাংলা গীত সন্নিবিষ্ট হৈছে।

এতিয়া প্ৰশ্ন হ’ল বহুতো গ্ৰন্থৰ মাজৰ পৰা মই এই গ্ৰন্থখনক মোৰ প্ৰিয় গ্ৰন্থ হিচাপে বাছি লঁলো কিয়? ‘গীতাঞ্জলি’ গ্ৰন্থখনৰ বিষয়বস্তু আলোচনা কৰিলেই ইয়াৰ উত্তৰ  ওলাই পৰিব। 

গ্ৰন্থখনৰ প্ৰতিপাদ্য বিষয় হৈছে প্ৰেম। ঈশ্বৰ প্ৰেম, প্ৰকৃতি প্ৰেম, মানৱ প্ৰেম আৰু দেশ প্ৰেম — এই চাৰিটা প্ৰেমৰ সুঁতি  শাখা-উপ-শাখাৰ সৈতে হৈ অনাবিল বিশাল স্বৰ্গীয় প্ৰেমত মিলিত হৈছে।     

গীতি কবিতাখনৰ প্ৰথম গীতটোতেই কবিয়ে নিজকে ঈশ্বৰৰ চৰণত  সঁপি দি গাইছে:

“আমাৰ মাথা নত কৰে  দাও হে তোমাৰ

চৰণ ধূলাৰ তলে।

 সকল অহংকাৰ হে আমাৰ ডুবাও

 চোখেৰ জলে।”

(গীত নং – ১  )

কবি ৰবীন্দ্ৰনাথে নিজকে প্ৰচাৰ বিমূখ কৰি ৰাখিবলৈ দৃঢ়তা  প্ৰকাশ কৰি ঈশ্বৰৰ ইচ্ছা তেওঁৰ নিজৰ জীৱনৰ কৰ্মৰাজিৰ মাজেৰে প্ৰকাশ কৰিবলৈ ঈশ্বৰক পাৰ্থনা কৰি লিখিছে: 

“আমােৰ না যেন কৰি প্ৰচাৰ

আমাৰ আপন কাজে –

তোমাৰি ইচ্ছা কৰহে  পূৰ্ণ

আমাৰ জীবন মাঝে।”

(গীত নং – ১  )

কবি ঈশ্বৰৰ ওচৰত পৰম কৃতজ্ঞ, কিয়নো ঈশ্বৰে কবিক সকলো মহত্ব দান কৰিছে। সেইবুলি তেওঁ বাহ্যিক জীৱণত নিজৰ স্বাধীনতা বিসর্জন  দিয়া নাই। কবিয়ে সকলো কামনা, জয়-পৰাজয় বিপদ-আপদত ঈশ্বৰৰ পৰা প্ৰত্যক্ষভাৱে সহায় নিবিচাৰি তেওঁ প্ৰাৰ্থনা কৰিছে যেন তেওঁ বিপদ আৰু দুঃখ সহ্য কৰিব পাৰে। কবিৰ ভাষাত ,

“বিপদে মোৰে  ৰক্ষা কৰো 

এনোহে মোৰ প্ৰাৰ্থনা

বিপদে আমি না যেন কৰি ভয়।

দুঃখ তাপ  ব্যাথিত চিত্তে 

নাইবা দিলে সান্তনা 

দুঃখ যেন কৰিতে পাৰি জয়।”

(গীত নং -৪  )

ভগবৎ প্ৰেমৰ ওপৰিও এই কাব্যগ্ৰন্থখনত স্বদেশ প্ৰেম, মানৱ প্ৰেম আৰু প্ৰকৃতি প্ৰেমৰো অসংখ্য পংক্তি আছে। কবিৰ স্বদেশ প্ৰেম সাৱলীল আৰু আক্ষেপময় যথা –

“জননী তোমাৰ  চৰণ খানি 

হেৰিনু আজি অৰুণ  কিৰণ ৰূপে ।

জননী তোমাৰ মৰণ হৰণ বাণী

নীৰব গগনে ভৰি উঠে চুপে চুপে ।”

(গীত নং – ১৪  )

কবিয়ে সেই সময়ত ভাৰতবৰ্ষক ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰাৰ আন্দোলনত জঁপিয়াই পৰা স্বাধীনতা যুঁজাৰুসকলক সম্বোধি, সিহঁতক সাহস যোগাই আশাবাদী মন লৈ লিখিছে:

“ছাড়িস নে ধৰে  থাক এঁটে ,

ওৰে  হেব তোৰ জয়।

অন্ধকাৰ যায় বুঝি কেটে,

ওৰে আৰ নেই ভয়।

(গীত নং – ১০৯  )

কবিৰ প্ৰকৃতিপ্ৰেম ৰমন্যাসধৰ্মী। প্ৰকৃতিৰ সৌন্দৰ্য্যত কবি বিভোৰ । সেয়ে কবিয়ে গাইছে।, 

“আজ ধানেৰ খেতে ৰৌদ্র  ছায়ায় 

লুকোচুৰি খেলা।

নীল আকাশে কে ভাসালে

সাদা মেঘেৰ ভেলা।”                      

(গীত নং – ৮  )

কবিৰ গীতাঞ্জলিৰ ভাষা আৰু ছন্দ সাবলীল, সৰল, সাংগীতিক আৰু কাব্যিক  ৰসত কোমল। ওপৰত দিয়া পংক্তিবোৰেই এই মন্তব্যৰ যথাৰ্থ প্ৰমাণ।

অবশেষত ক’ব পাৰি কবি ৰবীন্দ্ৰনাথৰ ‘গীতাঞ্জলি’ কাব্যগ্ৰন্থখন অকল বাংলা ভাষাতে কিয়, সমগ্ৰ বিশ্ব সাহিত্যৰ এক আপুৰুগীয়া সম্পদ কাৰণ এই  গ্ৰন্থখনত প্ৰকাশ পোৱা ধৰণে ভগবৎ প্ৰেম ইমান আন্তৰিকতাৰে আৰু সাৰ্বজনীন আবেদন সহকাৰে আন কোনো কাব্য গ্ৰন্থত চিত্ৰিত হোৱা আজিলৈকে আমাৰ চকুত পৰা নাই।

উপৰি উক্ত কাৰণবোৰৰ বাবে  ৰবীন্দ্ৰনাথৰ ‘গীতাঞ্জলি’ কাব্য গ্ৰন্থখন মোৰ অতি প্ৰিয়। মই ভাৱো যিকোনো পাঠকে গ্ৰন্থখন অধ্যয়ন কৰিলেই  তেওঁৰ প্ৰিয় ন’হৈ নোৱাৰে।

 

মোৰ প্রিয়  বিজ্ঞানী  চাৰ্লচ ডাৰউইন

আৰম্ভণি: মই ল’ৰালি কালৰে পৰা ককা আৰু আইতাৰ মুখত বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী শুনি কিতাপ পঢ়াৰ  বাবে  আগ্ৰহী হওঁ। সেয়ে মাতৃভাষাৰ বৰ্ণমালা শিকাৰে পৰাই বিভিন্ন কিতাপ-পত্ৰ পঢ়িবলৈ লওঁ। তাৰোপৰি  মোৰ ল’ৰালি কালৰ সৰহভাগ দিন মোৰ মোমায়েকৰ ঘৰত কটাইছিলো। মোৰ মোমায়েকৰ ঘৰত কিতাপ পঢ়াৰ এক ভাল পৰিবেশ আছিল । সেয়ে মই প্ৰতি মাহতে দুই-তিনিটাকৈ নতুন কিতাপ পঢ়াৰ সুযোগ পাইছিলো। মোৰ ডাঙৰ  মোমায়েকে মোৰ কিতাপ পঢ়াৰ আগ্ৰহ দেখি মাজে মাজে মোক নতুন নতুন কিতাপ যোগান ধৰিছিল। এনেদৰে মই বিভিন্ন ধৰণৰ কিতাপ গো-গ্ৰাসে পঢ়ি  গৈছিলো যদিও প্ৰখ্যাত ব্যক্তিৰ জীৱনী গ্ৰন্থ পঢ়াৰ প্ৰতি মোৰ এক দুৰ্বলতা আছিল। সেয়ে মই আইনষ্টাইন, নিউটন, প্লাংক, টমাচ আলভা এডিচন, জেমচ ওৱাট,  আলফ্ৰেড  নবেল,  চি. ভি. ৰমন, চাৰ্লচ ডাৰউইন আদি প্ৰখ্যাত বিজ্ঞানীসকলৰ জীৱনী পঢ়ি অঁটাইছিলো। এই বিজ্ঞানীসকলৰ সকলোৰে জীৱনৰ পৰা মই জীৱনত আগবাঢ়ি  যাবলৈ বহুত প্ৰেৰণা লাভ কৰিছো আৰু সিহঁতৰ প্ৰত্যেকজনেই মোৰ প্ৰিয়। তথাপি আজি মোক মোৰ প্ৰিয় বিজ্ঞানী এগৰাকীৰ বিষয়ে লিখিবলৈ দিয়াত মই এইসকল বিজ্ঞানীসকলৰ মাজৰ পৰা এনে এজন বিজ্ঞানীক বাছি ললোঁ  যিজনৰ চিন্তা-চৰ্চা আৰু আৱিষ্কাৰৰ তত্ত্বই মানুহৰ চিন্তা জগতত এক আমূল পৰিৱৰ্তন সাধন কৰিছিল। সেই বিজ্ঞানীজন হ’ল চাৰ্লচ ডাৰউইন। তেওঁক বিৱৰ্তনবাদ তত্ত্বৰ পিতৃ বুলি কোৱা হয়।

জন্ম আৰু বংশ পৰিচয়: বিৱৰ্তনবাদ তত্ত্বৰ পিতৃ ডাৰউইন  এক ঐতিহ্যময় শিক্ষিত পৰিয়ালত ১৮০৯ চনত জন্ম গ্ৰহণ কৰিছিল।  ডাৰউইনৰ পিতামহ আছিল এ’ৰাছমাছ ডাৰউইন। তেওঁ  আছিল এজন ডাক্তৰ, কবি আৰু ভাবুক। ডাৰউইনৰ মাতামহ জোছিয়া ওৱেজউদ আছিল সেই সময়ৰ পৃথিৱীৰ আটাইতকৈ প্ৰতিভাশালী আৰু বিখ্যাত কুমাৰ। ককাদেউতাকৰ নিচিনাকৈ ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনো এজন ডাক্তৰ আছিল। ডাক্তৰী কৰি তেওঁ ইমান ধন উপাৰ্জন কৰিছিল যে ডাৰউইনে গোটেই জীৱনত জীৱিকা অৰ্জনৰ কাৰণে কোনো ধৰণৰ কাম আৰু চিন্তা কৰিব লগা হোৱা নাছিল। সেয়ে তেওঁ জীৱনৰ গোটেই সময়খিনি উছৰ্গা কৰিব পাৰিছিল বিজ্ঞানৰ সাধনাত। তদুপৰি তেওঁৰ মাক ছুছানায়ো যৌতুক হিচাপে  পিতৃগৃহৰ পৰা বিপুল পৰিমাণৰ ধন লগত আনিছিল। ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনৰ ছয়জন ল’ৰা-ছোৱালী ভিতৰত ডাৰইউন আছিল পঞ্চম। 

শিক্ষা: ডাৰউইনে স্থানীয় প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল।  তাত  এবছৰ পঢ়াৰ পিছত ডাৰউইনে শ্ৰুছবাৰ স্কুল  নামৰ এখন বিখ্যাত স্কুলত ভৰ্তি হয়। ডাৰউইনে স্কুলত পঢ়ি থাকোঁতে পাঠ্যপুথি পঢ়াতকৈ প্ৰকৃতি অধ্যয়নত বেছি মনোযোগ দিছিল। ডাৰউইনৰ পৰিয়ালটো আছিল বংশানুক্ৰমে চিকিৎসক পৰিয়াল। গতিকে ৰবাৰ্ট ডাৰউইনে তেওঁৰ দ্বিতীয় পুত্ৰ চাৰ্লছ  ডাৰউইনকো ডাক্তৰি পঢ়ুওৱাৰ মানসেৰে ১৮২৫ খ্ৰীষ্টাব্দত,  এডিনবৰো মেডিকেল কলেজত  ভৰ্তি কৰাই দিছিল। কিন্তু ডাক্তৰি-বিদ্যাত ডাৰউইনৰ সমূলি মন বহা নাছিল। কাৰণ মানুহৰ শৰীৰ কটা-ছিঙা কৰিবলৈ তেওঁ  বেয়া পাইছিল। এই সময়তে তেওঁ আকৌ দুটা নতুন বিষয়ৰ প্ৰতি আকৃষ্ট হয় । তাৰে এটা হ’ল সামুদ্ৰিক প্ৰাণী আৰু উদ্ভিদ আৰু আনটো হ’ল ভূ-তত্ত্ব। বিশেষকৈ ভূ-তত্ত্বই ডাৰউইনৰ চিন্তাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।

সমুদ্ৰ যাত্ৰা আৰু গৱেষণা: ১৮৩১ খ্ৰীষ্টাব্দৰ ২৭ ডিচেম্বৰত অনাৱিষ্কৃত দুৰ্গম অঞ্চলত জীৱবিজ্ঞান অধ্যয়নৰ উদ্দেশ্য কেপ্তেইন ৰবাৰ্ট ফিৎসৰয়ৰ সৈতে ডাৰউইনে বিগল জাহাজত দক্ষিণ আমেৰিকালৈ এক দীঘলীয়া সমুদ্ৰ যাত্ৰাত অংশগ্ৰহণ কৰে।

এই সমুদ্ৰ যাত্ৰাত তেওঁ বিভিন্ন ধৰণৰ দুখ-কষ্ট সহ্য কৰিবলগা হৈছিল। জাহাখন অতিশয় সৰু আৰু ঠেক আছিল। কেৱল জাহাজখনেই যে তেওঁৰ একমাত্ৰ সমস্যা আছিল তেনে  নহয়। তেওঁৰ স্বাস্থ্যই তেওঁৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। বমি, জ্বৰ, অ-ভোক, মূৰঘূৰণি আদি সমুদ্ৰৰোগৰ লক্ষণে তেওঁৰ লগ এৰা নাছিল। কিন্তু সেইবোৰৰ মজতো তেওঁ প্ৰশান্ত চিত্তে নিজৰ কামত লাগি আছিল আৰু অৱশেষত সেই চেষ্টাত সফলো হৈছিল।  দক্ষিণ আমেৰিকাৰ বিভিন্ন অঞ্চলত ঘূৰি-ফুৰি তেওঁ অৰণ্যৰ উদ্ভিদ, পশু-পক্ষী, কীট-পতংগ আৰু সৰীসৃপ আৰু জীৱাশ্ম অধ্যয়ন কৰা কামত নিয়োজিত হৈছিল। ডাৰউইনৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল গালাপাগাছ দ্বীপপুঞ্জৰ শিলাময় মাটিৰ অধ্যয়ন। তাতেই তেওঁ তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ পাইছিল। গালাপাগাছ দ্বীপপুঞ্জত তেওঁ আৱিষ্কাৰ কৰিছিল যে এটা দ্বীপৰ কাছৰ লগত আন এটা দ্বীপৰ কাছৰ মিল নাই। ঠিক তেনেদৰে তেওঁ দেখিবলৈ পাইছিল যে বিভিন্ন দ্বীপৰ একে জাতিৰ চৰাইবোৰৰ মাজতো অমিল আছিল।

বিৱৰ্তনবাদ তত্ত্ব: গালাপাগাছ  দ্বীপুঞ্জলৈ কৰা ডাৰউইনৰ সমুদ্ৰ ভ্ৰমণে তেওঁৰ চিন্তাৰ মূৰ সম্পূৰ্ণৰূপে  ঘূৰাই দিছিল।  তেওঁ সেই অঞ্চলত থকা প্ৰাণীবোৰ  অধ্যয়ন কৰি  এক সিদ্ধান্তত উপনীত হয় যে পৃথিৱীৰ প্ৰাণীবোৰে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অবিৰামভাৱে পৰস্পৰে যুদ্ধ কৰি থাকে। কেতিয়াবা সীমিত পৰিমাণৰ খাদ্যৰ বাবে নিজৰ মাজতে তুমুল প্ৰতিযোগিতাৰ সৃষ্টি হয়। এই প্ৰতিযোগিতাত টিকি থাকিব পৰা  প্ৰাণীয়েহে  দ্ৰুত গতিৰে বিকশিত হ’ব পাৰে। তেনেকুৱা বিশেষ গুণ আয়ত্ত বা বিকশিত কৰিব নোৱাৰো প্ৰাণীবোৰ চিৰকাললৈ বিলুপ্ত হৈ যায়।  ইয়াৰ ফলতে এনেবোৰ মূলৰ প্ৰাণীৰ পৰাই নতুন নতুন আকৃতি আৰু প্ৰকৃতিৰ বিভিন্ন প্ৰাণীৰ উদ্ভৱ হৈছে। এইটোৱে হ’ল বিৱৰ্তন সম্পৰ্কে ডাৰউইনৰ মহান আৰু যুগান্তকাৰী তত্ত্ব। ডাৰউইনে তেওঁৰ বিখ্যাত কিতাপ ‘অৰিজিন অৱ স্পেছিজত’ এই যুগান্তকাৰী তত্ত্বটো দাঙি ধৰিছিল। 

ডাৰউইনে প্ৰাণীৰ উৎপত্তিৰ বিষয়ে এই নতুন তত্ত্ব দাঙি ধৰাৰ আগলৈকে পৃথিৱীৰ সকলো মানুহে এই কথা স্বতঃসিদ্ধ বুলি ধৰি লৈছিল যে এটা স্বৰ্গীয় শক্তিয়ে এই পৃথিৱী আৰু তাৰ সমস্ত প্ৰাণীক একেদিনেই সৃষ্টি কৰিছিল আৰু সৃষ্টি দিন ধৰি প্ৰাণীবোৰ একেটা ৰূপতে আছে। কিন্তু ডাৰউইনৰ যুগান্তকাৰী বিৱৰ্তন-তত্ত্বই সেই ধাৰণাটোক ভুল বুলি প্ৰমাণ কৰিলে। পৰিণামত ডাৰউইনৰ ব্যাখ্যাক কেন্দ্ৰ কৰি এফালে ধৰ্মযাজক আৰু আনফালে বিজ্ঞানীসকলৰ মাজত এক ৰোমাঞ্চকৰ তৰ্ক যুদ্ধৰ সূচনা হৈছিল। ডাৰউইনৰ তত্ত্বই বিজ্ঞানৰ জগতখনক সম্পূৰ্ণ এটা নতুন ৰূপ দিবলৈ সমৰ্থ হ’ল। 

এইজন মহান বিজ্ঞানী তথা চিন্তা নায়কে ১৮৮২ চনত নশ্বৰদেহা ত্যাগ কৰি পৰপাৰলৈ গমন কৰে।

 

মই যদি  বিদ্যালয়ৰ অধ্যক্ষ Ž হ’লোহেঁতেন  

বিদ্যালয় এখনৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আদি সকলোকে নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেদি  পৰিচালনাৰ দায়িত্বত যিজন শিক্ষক নিয়োজিত থাকে তেওঁক প্ৰধান শিক্ষক বা অধ্যক্ষ বুলি কোৱা হয়। চমুকৈ বিদ্যালয়ৰ প্রধানজনক প্রধান শিক্ষক বা অধ্যক্ষ কোৱা হয়।

প্ৰতিখন বিদ্যালয়ত থকা দৰে আমাৰ বিদ্যালয়ৰো এজন অধ্যক্ষ আছে। তেখেত এজন আদৰ্শ অধ্যক্ষ যদিও মই ব্যক্তিগতভাৱে তেখেতৰ কিছুমান পৰিচালন নীতিৰ সৈতে একমত নহয়। সেয়ে মই যদি আমাৰ বিদ্যালয়ৰ অথবা কোনো বিদ্যালয়ৰ অধ্যক্ষ হ’লোহেঁতেন বা ভৱিষ্যতে যদি কোনো বিদ্যালয়ৰ অধ্যক্ষ হওঁ তেন্তে মই তলত দিয়া ধৰণে বিদ্যালয়খন পৰিচালনা কৰিম।

প্ৰথমতে, শিক্ষাৰ্থীসকলক  ভাল ছাত্ৰ হোৱাৰ পৰিৱৰ্তে প্ৰথমতে এজন ভাল মানুহ হোৱাৰ শিক্ষা প্ৰদানত অধিক গুৰুত্ব প্ৰদান কৰিম। কাৰণ আমাৰ সমাজত ভাল ছাত্ৰতকৈ ভাল মানুহৰহে অধিক প্ৰয়োজন। আমি বাস্তৱিকতে দেখা পাওঁ যে  যিসকল ছাত্ৰ ভাল   বা লিখা পঢ়াত  অতি চোকা, সেইসকল ছাত্ৰ পিছলৈ উচ্চ পদত মকৰলহৈ দুৰ্নীতিত পোত্  গৈ আছে। সিহঁতে সকলো ধৰণৰ নীতি বিৰুদ্ধ কামৰ লগত জড়িত। যেনে: চৰকাৰী অৰ্থৰ অপব্যহাৰ কৰা, উৎকোচ গ্ৰহণ কৰা, সময়মতে কাৰ্যালয়ত উপস্থিত নথকা, মদ, জুৱা আদিত জড়িত থকা ইত্যাদি। মই ছাত্ৰসকলক এনে শিক্ষা প্ৰদান কৰিম যাতে সিহঁতে ভৱিষ্যতে যিকোনো¸ অসমাজিক  কাম-কাজ আৰু দুনীৰ্তিৰ পৰা আঁতৰত থাকে আৰু নীতিমতে সমাজলৈ সেৱা আগবঢ়াব  পাৰে। 

দ্বিতীয়তে, মই মধ্যাহ্ন ভোজন  বন্ধ কৰিম। কাৰণ দেখা যায় মধ্যাহ্ন ভোজনৰ লগত বিদ্যালয়ৰ অধ্যক্ষৰ লগতে উৰ্ধতন মহলাৰ সকলোবোৰ  বিষয়াই দুনীৰ্তিপৰায়ণ। উদাহৰণস্বৰুপে  আমাৰ বিদ্যালয়ত ২০০ জন ছাত্ৰ-ছাত্ৰী আছে যদিও আমাৰ অধ্যক্ষ ডাঙৰীয়াই ২৫০ জন ছাত্ৰ-ছাত্ৰীৰ খাদ্যৰ  বাজেট প্ৰস্তুত কৰি সেইমতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা অৰ্থ উলিয়াই আত্মস্থ কৰে। ছাত্ৰ-ছাত্ৰীসকলকো  বাজেটমতে যথাযথ খাদ্য যোগান নিদিয়ে। বহু সময়ত খাদ্যৰ মানদণ্ড বৰ নিম্নগামী হয়। বহু ছাত্ৰই খাদ্যৰ নামত সেইবোৰ  অখাদ্য নেখাই পেলাই   দিয়ে। তাৰ ভিতৰত ময়ো এজন । প্ৰায় প্ৰতিখন বিদ্যালয়ত ভু ৰাখিলে আমি দেখা পাম যে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  প্ৰস্তুত কৰা খাদ্য শিক্ষকসকলৰ কিছুমানে ঘৰৰ বন কৰা চাকৰ বা কুকুৰৰ কাৰণে লৈ যায়। সেয়ে মই মধ্যাহ্ন ভোজনৰ বাবে  চৰকাৰৰ পৰা পোৱা অৰ্থখিনি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ বেংক হিচাপৰ জৰিয়তে দি দিম যাতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহোতে ঘৰত প্ৰস্তুত কৰা সুখাদ্য লৈ আহিব পাৰে। 

তৃতয়ীতে, মই নিজেও নিয়মানুৱৰ্তিতা মানি চলিম আৰু শিক্ষকসকলক কঠোৰভাৱে নিয়মানুৱৰ্তিতা মানি চলিবলৈ বাধ্য কৰাম। লগতে প্ৰতিজন শিক্ষকক আদৰ্শপৰায়ণ হোৱাৰ ওপৰত গুৰুত্ব দিম যাতে ছাত্ৰ-ছাত্ৰীদকলে শিক্ষকসকলৰ জীৱন-শৈলীৰ পৰা  মানৱীয় গুণ আহৰণ  কৰিব পাৰে। 

চতুৰ্থতে, ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় কিছুমান  বাস্তৱ কাৰিকৰী শিক্ষা প্ৰদান কৰিবলৈ ব্যৱস্থা কৰিম। আমি দেখা পাওঁ এম, এচ, চি, পাচ কৰা ছাত্ৰ এজনে নিজৰ চাইকেলৰ চকাটো লগাব নোৱাৰে, নিজৰ ভাত কেইটাও ৰান্ধি খাব নেজানে, ঘৰৰ বৈদ্যুতিক   তাঁৰ এটাৰ লগত বাল্ভ এটা লগাব নোৱাৰে, জাল এখন পাতি পুখুৰীৰ পৰা মাছ মাৰিবও নাজানে অথচ ভাল মাছ খাব জানে, এ পৃষ্ঠামান ডিটিপি কৰিবলৈ হ’লে ডিটিপি অপৰেটৰ ওচৰলৈ দৌৰ মাৰিব লাগে। অথচ তেওঁক উচ্চ শিক্ষাৰ প্ৰমাণপত্ৰ   দিয়া হয়। মোৰ বিদ্যালয়ৰ পৰা যাতে এনে ছাত্ৰ-ছাত্ৰী ওলাব নোৱাৰে তাৰ বাবে  মই সদায় সচেষ্ট থাকিম।

পঞ্চমতে, মই প্ৰতিজন শিক্ষক-কৰ্মচাৰীক সিহঁতৰ দৰ্মহাৰ এটা অংশ সমাজৰ জনহিতাৰ্থে খৰচ  কৰিবলৈ বাধ্য কৰাম । কাৰণ দেখা গৈছে আজিকালি অবিবেচকী  চৰকাৰে শিক্ষক বা অন্যান্য কৰ্মচাৰীসকলক প্ৰয়োজনতকৈ অধিক দৰ্মহা দিয়ে।  ফলত সিহঁতৰ সন্তানসকলে অকাল কুষ্মাণ্ডত পৰিণত হয়। কিছুমানে টকাৰ  ব্যৱহাৰ কৰিবৰ ঠাই নাপাই মদ, ভাং, জুৱা আদিত মত্ত  হয় বা ছোৱালীৰ পিছত ঘূৰি, মোবাইলত গেম খেলি, ফেচ বুক কৰি বা বাইক এখন কিনি  সমাজৰ আৱৰ্জনাত পৰিণত হয়। মই মোৰ ছাত্র -ছাত্ৰীসকলক নিশ্চয় তেনে হ’বলৈ নিদিও।

ষষ্টতে,  ছাত্ৰ-ছাত্ৰীদকলক পাঠ্যপুথিৰ ওপৰত পৰীক্ষা লোৱাৰ আাগতে সিহঁতৰ  চৰিত্ৰ, মানৱীয় গুণ যেনে: পৰোপকাৰিতা, নিয়মানুৱৰ্তিতা, দয়া, সততা, মিতব্যয়ীতা, আদিৰ পৰীক্ষা ল’ম আৰু এই পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰোতাসকলকহে পাঠ্যপুথিৰ ওপৰত  অনুষ্ঠিত  কৰা পৰীক্ষাত বহিবলৈ অনুমতি দিম। 

মুঠতে মই যদি কোনো দিন বিদ্যালয়ৰ অধ্যক্ষ হওঁ তেন্তে মই ভাল ছাত্ৰ-ছাত্ৰী সৃষ্টি কৰাৰ সলনি ভাল মানুহ গঢ়াৰ  বাবে  আৰোপুৰুষাৰ্থ কৰিম। মই জানো যে তেনে কৰিলে কিছুমান মানুহৰূপী চয়তানে সিহঁতৰ আত্ম স্বৰ্থত বজ্ৰাঘাত পৰিব বুলি মোৰ বিপক্ষে থিয় দিব আৰু মোৰ বিৰোধিতা কৰিব । কিন্তু মই তালৈ কোনো পৰোৱা নকৰিম। আশা ৰাখিছো অন্ততঃ সৰল অন্তকৰণৰ সৰ্বসাধাৰণ ৰাইজে মোৰ লগত সহযোগ কৰিব।

 

আলি-আই-লৃগাং

ভাৰতৰ নুমলী জীয়ৰী অসমখন হৈছে এখন জনজাতি প্ৰধান ৰাজ্য। দূৰ অতীতৰে পৰা অসমৰ পাহাৰে-ভৈয়ামে নানাৰঙী জনগোষ্ঠীসমূহে বসবাস কৰি আহিছে। সকলো জনগোষ্ঠীৰে  সুকীয়া সংস্কৃতি, আচাৰ-আচৰণ, উৎসৱ-পাৰ্বন আদি আছে। অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ ভিতৰত এক উল্লেখনীয় জনগোষ্ঠী হৈছে মিচিংসকল।  মিছিংসকলক বিশেষকৈ উজনি অসমৰ ফালে বেছিকৈ দেখা যায়। এওঁলোক মূলতঃ কৃষিজীৱী আৰু সিহঁতৰ উৎসৱ-পাৰ্বণ আদিও কৃষিৰ সৈতেই জড়িত। সিহঁতৰ এক প্ৰধান উৎসৱ হৈছে ‘আলি-আই-লৃগাং’। বিহু উৎসৱৰ দৰে ইও এক কৃষিভিত্তিক  উৎসৱ।

আলি-আই-লৃগাং কেতিয়া, কেনেকৈ আৰম্ভ হ’ল তাৰ হদিছ পোৱাটো কঠিন। কিছুমান পণ্ডিতে ক’ব খোজে যে মিছিংসকলে ভৈয়ামলৈ আহি নাঙল-যুঁৱলিৰে ধান খেতি কৰিবলৈ লোৱাৰ আগৰে পৰাই  এই উৎসৱ পালন কৰিবলৈ লৈছিল। হয়তো সেই সময়ত ইয়াক পালন কৰাৰ ধৰণ বা উপচাৰসমূহ বেলেগ আছিল। তেতিয়াৰে পৰা ই ক্ৰমবিকাশৰ জৰিয়তে  বৰ্তমানৰ স্থিতি লাভ কৰিছে।

মিছিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ বা কঠিয়া, ‘আই’ মানে ফল আৰু ‘লৃগাং’ মানে আৰম্ভণি। অর্থাৎ  ই হ’ল শস্য ৰোপণৰ আৰম্ভণি উৎসৱ। অন্যান্য জনগোষ্ঠীসমূহৰ দৰেই, মিছিংসকলৰো জীৱন ধাৰণৰ মূল কেন্দ্ৰবিন্দু হৈছে কৃষি আৰু কৃষিভিত্তিক পৰম্পৰা। সেয়ে শস্য ৰোপণৰ আৰম্ভণি হৈছে তেওঁলোকৰ জাতীয় জীৱনৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংশ। সিহঁতে ভগৱানক সন্তুষ্ট কৰি ভাল উৎপাদন কামনা কৰাৰ লগতে ৰং-ধেমালীৰ মাজেৰে এই সময় পাৰ কৰিবলৈ আলি-আই-লৃগাং উৎসৱটো পালন কৰে। এই উৎসৱ পোনতে ফাগুন মাহৰ যিকোনো দিনত  পালন কৰা হৈছিল। কিন্তু আজিকালি ইয়াৰ বাবে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ ধাৰ্য কৰা হৈছে।

মিছিংসকলৰ আলি-আই-লৃগাং উৎসৱটি দুটা ভাগত বিভক্ত। উৎসৱৰ প্ৰথম দিনটোৰ বাবে বাৰীৰ এটুকুৰা মাটি বিশেষভাৱে চহাই  ঘৰৰ মুৰব্বীয়ে বিশেষ মন্ত্ৰ মাতি মাটিডৰাত কণী  ভাঙি  আলু, আদা, ধান আদি ৰোপণ  কৰে। ইয়াকেই ‘লৃগাং’ বুলি কোৱা হয়। ইয়াৰ পাছত ভগৱানলৈ পুৰাং আৰু আপং আগবঢ়াই মংগলময় জীৱন আৰু ভাল কৃষিৰ বাবে প্ৰাৰ্থনা জনায়।

মিছিংসকলে গধূলি সময়ৰে পৰা ‘গুমৰাগ’ নৃত্যৰ আয়োজন কৰে। ডেকা-গাভৰুহঁতে নতুন কাপোৰ পিন্ধি গুমৰাগ নাচ নাচি ৰং-ধেমালি কৰে। নাচৰ লগে লগে ডোল, তাল, পেঁপা, গগনা, লেংনং, মাধা, লেনদেন, তাপুং আদি বাদ্যযন্ত্ৰ বজায়।

আলি-আই-লৃগাং উৎসৱ সাধাৰণতে পাঁচদিন ধৰি চলে। এই পাঁচদিন ডেকা-গাভৰুসকলে মানুহৰ ঘৰে ঘৰে গৈ গুমৰাগ নৃত্য কৰি ধান, চাউল আদি সংগ্ৰহ কৰে আৰু শেষৰ দিনা ভোজ-ভাত খায়। কোনো কোনো অঞ্চলত এই উৎসৱ তিনি দিন চলে। 

এই উৎসৱৰ সময়ছোৱাত ঘৰলৈ পূজাৰী মতাই আনি ইষ্ট দেৱতাৰ পূজা কৰা হয়। উৎসৱ চলি থকা দিনকেইটাত গছ-বন কটা, মাছ মৰা, মাটি চহোৱা, পথাৰত কোৰ ধৰা আদি কামৰ পৰা বিৰত থকা হয়। ইয়াক কোৱা হয় ‘মদনাম ’ বা কৰ্মবিৰতি। উৎসৱৰ সামৰণিৰ দিনা ভোজ-ভাত খাই মদনামৰ অন্ত পেলোৱা হয়।

মূলতঃ কৃষিপ্ৰধান উৎসৱ হ’লেও, আলি-আই-লৃগাঙৰ পৰিসৰ বিশাল। ইয়াৰ সৈতে জড়িত গীত-মাত, বস্ত্ৰ, বাদ্যযন্ত্ৰ, খাদ্যাভ্যাস, বিশ্বাস, লোক-পৰম্পৰা আদিয়ে মিছিং জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় দৃঢ়  কৰি তুলিছে।

 

চাইকেল

চাইকেল হৈছে এবিধ ভৰিৰে চলোৱা দুচকীয়া বাহন। পৃথিবীৰ লাখ লাখ মানুহে চাইকেল ব্যৱহাৰ কৰে।  মানুহে চাইকেলৰ দ্বাৰা ভৰিৰে খোজকাঢ়ি  যোৱাতকৈ বেছি সোনকালে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিব পাৰে । ইয়াৰ উপৰিও, অন্যান্য বাহনৰ তুলনাত চাইকেলেৰে ভ্ৰমণ কৰাটো কম খৰচী আৰু স্বাস্থ্যকৰ।

কমপটে ডি চিভাৰাক নামেৰে ফ্ৰান্সৰ এজন মানুহে প্ৰথমতে দুচকাৰ কাঠৰ বাহন তৈয়াৰ কৰিছিল। ইয়াৰ কোনো পেডেল নাছিল। মানুহে ইয়াৰ ওপৰত  ঘোঁৰাত উঠাৰ দৰে  উঠি বেগেৰে যাব পাৰিছিল। কিন্তু সকলোৰে বাবে  ইয়াক চলোৱাটো সহজ নাছিল। মানুহে ইয়াক বেয়া  পাইছিল।

১৮৩৯ চনত মেকমিলান নামেৰে স্কটলেণ্ডৰ কমাৰ এজনে আন এটা বাইচাইকেল তৈয়াৰ  কৰিছিল। ইয়াত এখন বহা আসন আৰু  পিছৰ চকাটো ঘূৰাবৰ কাৰণে পেডেল আছিল।  এইটোৱে আছিল বৰ্তমান যুগৰ বাইচাইকেলৰ প্ৰথম আৰ্হি।

আকৌ ইংলণ্ডত এটা ক’ম্পানীয়ে বাইচাইকেলৰ এটি ভিন্ন আৰ্হি তৈয়াৰ কৰিছিল। ইয়াৰ পিছৰ চকাটো সন্মুখৰ চকাতকৈ বহুত সৰু আছিল। ই আছিল দ্ৰুত গতিৰ  চাইকেল। কিন্তু ইয়াৰ ব্রেক  নাছিল বাবে  ই নিৰাপদ নাছিল।

 বিশ্বৰ প্ৰথমটো ব্যাৱসায়িক বাইচাইকেল তৈয়াৰ কৰা হয় ১৮৭৯ চনত। ইয়াৰ চেইন আৰু গিয়েৰ আছিল।

ইতিয়া সকলোবোৰ  বাইচাইকেলৰ প্ৰাথমিক নক্সা একেই। সিহঁত চেইন, চকা, কগ, ব্রেক, হেন্ডলবাৰ আৰু এখন আসনসহ তৈয়াৰ কৰা হয়। চাইকেল চলাবলৈ হ’লে আমি  পেডেলত হেঁচা দিব লাগে। চেইনটোৱে পিচৰ চকাটো ঘূৰায়। ফলত চাইকেলখন চলে।

আজিকালি বিভিন্ন ধৰণৰ বাহন আৱিষ্কাৰ হৈছে, যেনে: মটৰ গাড়ী, ৰেল  গাড়ী, উৰাজাহাজ, জেট বিমান  ইত্যাদি। কিন্তুএই সকলোবোৰ বাহনৰ ভিতৰত চাইকেল হৈছে আটাইতকৈ কমদামী আৰু কম খৰচী। ইয়াক আমি স্বাধীন মতে চলাব পাৰো।  ইয়াৰ দ্বাৰা  পৰিৱেশৰ কোনো প্ৰদূষণ নহয়। আমি ইয়াক প্ৰায় সকলো ঠইাতে চলাব পাৰো । সেয়ে আমি সকলোৱে চাইকেল চলাবলৈ শিকিব লাগে আৰু সৰু-সূৰা দূৰত্ব আমি চাইকেলৰ দ্বাৰা ভ্ৰমণ কৰিব লাগে।

 

সৰস্বতী পূজা

আৰম্ভণি: ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলে পালন কৰা এক ডাঙৰ  উৎসৱ হ’ল সৰস্বতী পূজা। হিন্দু শাস্ত্ৰমতে সৰস্বতী হৈছে ‘জ্ঞান আৰু  বিদ্যা’ৰ দেৱী। প্ৰতিবছৰে মাঘ মাহৰ পঞ্চমী তিথিত এই উৎসৱ পালন কৰা হয়।

বিৱৰণ: সৰস্বতী পূজাৰ দিনা সৰস্বতী দেৱীৰ মূৰ্তি সুন্দৰকৈ সজাই বগা পদুম ফুলৰ আসনত আৰু বগা ৰাজহাঁহৰ বাহনত  স্থাপন কৰা হয়। সৰস্বতী দেৱীৰ এখন হাতত  বীণা আৰু আনখন হাতত পুস্তক থাকে। দেৱীক বগা কাপোৰ  পিন্ধোৱা হয়।

পূজাৰ দিনা ৰাতিপুৱা মানুহে লঘোণে থাকি গা-পা ধুই নতুন কাপোৰ  পিন্ধে। পূূজাৰ কাৰণে ফুল, বেলপাত, তুলসী আদি গোটাই পৱিত্ৰ ভাৱেৰে সৰস্বতী দেৱীৰ চৰণত নিবেদন কৰা হয়। পূজাৰীয়ে শান্তি নিৰ্মালি দান কৰি আৰ্শীবাদ দিয়ে। পূজাৰ পিছত প্ৰসাদ বিতৰণ কৰা হয়।

বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰি আত্মীয়-স্বজনক খুওৱা হয়। নিমন্ত্ৰিত অতিথিসকলক সাদৰ অভ্যৰ্থনা জনোৱা হয়। দুখীয়াক দান বৰঙণি  দিয়া হয়। পূজাৰ পিছদিনা সৰস্বতী দেৱীৰ মূৰ্তি নৈ বা পুুখুৰীত বিসৰ্জন দিয়া হয়। কোনো কোনো ঠাইত  পূজাৰ দিনা সন্ধিয়া বা পূজাৰ পিছদিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন  কৰে। ল’ৰা-ছোৱালীয়ে ৰং-তামচা, খেল-ধেমালী আদি  কৰে।

সামৰণি: বিদ্যা আৰু জ্ঞান কামনা কৰি এই সৰস্বতী পূজা কৰা হয় যদিও ইয়াৰ মাজেৰে মিলা-প্ৰীতি, শান্তি, একতা আৰু ভাতৃত্ববোধ  আদি গুণৰাজিৰ বিকাশ হয়।

 

বৰদিন

পৰিচয়: বৰদিন হৈছে খ্ৰীষ্টানধৰ্মাৱলম্বীসকলে পালন কৰা এক ডাঙৰ  উৎসৱ। আজিৰ পৰা দুহেজাৰ বছৰ আগতে যীশুখ্ৰীষ্টই ২৫ ডিচেম্বৰ তাৰিখে বৰ্তমানৰ জেৰুজালেমৰ বেথেলহেম নামে ঠাইত জন্ম গ্ৰহণ কৰে। যীশু খ্ৰীষ্টৰ জন্মৰ দিনটোৰ স্মৰণত খ্ৰীষ্টানসকলে প্ৰতি বছৰে ২৫ ডিচেম্বৰ দিনটোক ‘বৰদিন’ হিচাপে  পালন কৰে।

বিৱৰণ: যীশু খ্ৰীষ্টৰ পিতৃৰ নাম আছিল জোছেফ আৰু মাতৃৰ নাম আছিল মেৰী। যীশুৰ জন্মৰ কালছোৱা পৃথিৱী অশান্তি, অধৰ্ম আৰু নানান ধৰণৰ পাপাচাৰেৰে ভৰি  পৰিছিল। বিশ্বৰ মানুহে সঠিক পথ হেৰুৱাই পেলাইছিল। তেনে দুৰ্যোগপূৰ্ণ সময়ত যীশু খ্ৰীষ্টই জন্মলাভ কৰি মানৱৰ মুক্তিৰ পথ দেখুৱাইছিল। তেওঁ মানুহক প্ৰেম, দয়া, ভাতৃত্বেবাধ, ক্ষমা, পৰোপকাৰ আদি মহান আদৰ্শৰ কথা প্ৰচাৰ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ধৰ্মক তেওঁৰ নাম অনুসাৰেই ‘খ্ৰীষ্টান ধৰ্ম’ বুলি কোৱা হয়।

কিন্তু সেই সময়ত বহুতো লোকে বিশেষকৈ ইহুদি সম্প্ৰদায়ৰ লোকে যীশু  খ্ৰীষ্টৰ প্ৰেমৰ বাণী অগ্ৰাহ্য কৰি তেওঁৰ বিৰোধিতা কৰি অৱশেষত তেওঁক ক্ৰুছবিদ্ধ কৰি হত্যা কৰিছিল।

বৰদিনৰ তাৎপৰ্য: বৰ দিনৰ দিনা খ্ৰীষ্টানসকলে ৰাতিপুৱা প্ৰাৰ্থনা আৰু যীশুৰ গুণ-কীৰ্তন গায়। সকলোৱে মিলিজুলি ভোজ-ভাত খায়। সৰুৱে ডাঙৰক  সেৱা কৰে আৰু ডাঙৰে সৰুক আৰ্শীবাদ দিয়ে। সন্ধিয়া ঘৰত প্ৰদীপ জ্বলায়।

এই দিনটো প্ৰেম আৰু ভাতৃত্ববোধৰ  প্ৰতীক। যীশুৰ মহান ত্যাগৰ কথা এই উৎসৱে সোঁৱৰাই দিয়ে। কিছুমান ঠাইত দেৱদাৰু গছৰ ডাল এটা কাটি সজাই  পৰাই বৰদিনৰ গছ হিচাপে  ৰখা হয়। ইয়াৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ  আয়োজন কৰে। সমূহীয়া সংগীতৰ ব্যৱস্থা কৰা হয়। সেই দিনা বিশ্ববাসীৰ উদ্দেশ্যে পোপে  প্ৰেম আৰু ধৰ্মৰ বাণী  শুনায়।

সামৰণি: বৰদিন উৎসৱটো গোটেই  মানৱ জাতিৰ বাবে  এক মঙ্গলময় বাৰ্তাৰ বাহক।  ইয়ে মানুহক সৎ আৰু ঈশ্বৰপৰায়ণ হ’বলৈ শিক্ষা দিয়ে। আমি সকলোৱে বৰদিন উৎসৱ পালনৰ লগে লগে লগে যীশু খ্ৰীষ্টৰ ত্যাগ আৰু ধৰ্মীয় বাণীৰ দ্বাৰা উদ্বুদ্ধ হোৱা  উচিত।

 

ঈদ

পৰিচয়: ঈদ হৈছে  ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ঈদ’ শব্দৰ অৰ্থ হ’ল আনন্দ। এবছৰত ঈদ দুটা, যেনে- ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহা বা ঈদোজ্জোহা।

বিৱৰণ: মুছলমানসকলে আৰবী ৰমজান মাহ জুৰি ৰোজা ৰাখি মাহৰ  শেষত আকাশত ওলোৱা ন-জোন চাই তাৰ পিছ দিনা ঈদ-উল-ফিতৰ  উৎসৱ পালন কৰে। আনহাতে আৰবী জেলহজ্জ মাহৰ ১০ তাখিৰ দিনা ঈদোজ্জোহা উৎসৱ পালন কৰা হয়।

ঈদৰ দিনা সকলো ইছলামধৰ্মী লোকসকলে  ৰাতিপুৱা গা-পা ধুই নতুন কােপাৰ পিন্ধে। দুখীয়াক ফিৎৰা (দান) প্ৰদান কৰে।  মিঠাই, পায়স আদি নানা ধৰণৰ সুস্বাদু খাদ্য গ্ৰহণ কৰে। সৰুৱে ডাঙৰক  সেৱা কৰে। ডাঙৰে  সৰুক আৰ্শীবাদ কৰে। ৰাতিপৱা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত ঈদগাহ বা মছজিদ প্ৰাঙ্গনত সমূহীয়া নামাজ পড়ে  ।

ঈদোজ্জোহাৰ দিনা সমূহীয়া নামাজৰ  অন্তত ধনী লোকসকলে ভেড়া, ছাগলী, গৰু, ম’হ আদি কোৰবানী (ঈশ্বৰৰ নামত উৎসৰ্গা) কৰে। কোৰবানী কৰা প্ৰথাটো হজৰত মহম্মদৰ পূৰ্বপুৰুষ হজৰত ইব্রাহিম নামৰ পয়গম্বৰৰ পৰা আহিছে। এদিনাখন পয়গম্ব ইব্রাহিমে  নিজৰ শিশু পুত্ৰ ইছমাইলক আল্লাহৰ নামত উৎসৰ্গা কৰিব লাগে বুলি আল্লাহই তেওঁক সপোনযোগে জনায়। আল্লাহৰ আদেশ পাই আল্লাহক সন্তুষ্ট কৰিবলৈ আনন্দমনে পুত্ৰ ইছমাইলক কোৰবানী কৰিবলৈ পথাৰলৈ লৈ যায়। কিন্তু আচৰিত যে কোৰবানী কৰাৰ পিছত পুত্ৰৰ সলনি এটি দুম্বা (ছাগলী  জাতীয় জন্তু) পোৱা যায় । ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদে এই প্ৰথাটো সংস্কাৰ কৰি পালন কৰিবলৈ লয় আৰু তেতিয়াৰ পৰা এই প্ৰথাটো চলি আছে। 

সামৰণি: ঈদ উৎসৱ হৈছে মিলা-প্ৰীতি, আনন্দ, শান্তি, একতা আৰু ভাতৃত্ববোধৰ  প্ৰতীক।

 

ধানখেতি

পৰিচয়: ধান এবিধ ওখধি তৃণ জাতীয় গছ। পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতে ধান খেতি হয় যদিও নিৰক্ষীয় অঞ্চলত ধানখেতি বৰ ভাল হয়। ধানৰ পৰা চাউল হয় আৰু চাউলৰ পৰা ভাত আৰু নানা ধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয়।

প্রকাৰ : আমাৰ দেশত হোৱা ধানেবাৰক প্ৰধানলৈ দুটা প্ৰজাতিত ভাগ কৰিব পাৰি যেনে- আহু ধান আৰু শালি ধান। আহু ধানতকৈ শালি ধানৰ উৎপাদন ভাল হয়। শালি ধানৰ আকৌ নানা প্ৰকাৰ আছে যেনে- জহা, আইজং, চেপা, জয়া, মালা, পানী শইলা ইত্যাদি।

খেতি কৰাৰ পদ্ধতি: ধান সাধাৰণতে জ’হকালিন শস্য। আমাৰ দেশত ফাগুন আৰু চ’ত মাহত আহু ধানৰ বীজ সিঁচা হয়।  বীজ সিঁচাৰ আগতে মাটিডৰা ভালকৈ চহ কৰি ল’ব লাগে। সাধাৰণতে বীজ সিঁচাৰ পঁচিশ দিনমান পিছৰ পৰা ঘাহঁ-বন চাফা কৰি থাকিব লাগে। আহুধান বীজ সিঁচাৰ  দিনৰ পৰা এশ দিনৰ ভিতৰত পকে। আহাৰ আৰু শাওন মাহত আহু ধান চপোৱা  হয়।

আনহাতে আমাৰ দেশত আহাৰ মাহৰ পৰা শালি ধানৰ বতৰ আৰম্ভ হয়। শালি ধান ৰুৱৰ বাবে  প্ৰথমে বোকা মাটিত কঠিয়া সিঁচিব লাগে। কঠিয়া সিঁচাৰ পৰা বিশৰ পৰা ত্ৰিশ দিনৰ ভিতৰত পথাৰত ৰুই দিব লাগে। সাধাৰণতে অলপ দ মাটিত বা অলপ পানী থকা মাটিত শালি ধানৰ কঠিয়া ৰুব লাগে। শাওন আৰু ভাদ মাহ শালিধানৰ কঠিয়া ৰুৱাৰ উপযুক্ত সময়। শালি ধান আঘোণ আৰু পুহ মাহত পকে। 

উপকাৰিতা: পৃথিৱীৰ প্ৰায় পঞ্চাশ শতাংশ মানুহৰ প্ৰধান আহাৰ ভাত। ধানেই হৈছে ভাতৰ প্ৰধান উৎস। ধানৰ পৰা চাউল হয় আৰু চাউলৰ পৰা আমি ভাত পাওঁ। ইয়াৰ উপৰিও চাউলৰ পৰা বিবিধ সোৱাদযুক্ত খাদ্যসম্ভাৰ প্ৰস্তুত কৰা হয়, যেনে- চিৰা, মুৰী, পিঠা, সান্দহ ইত্যাদি। ধানৰ পতান বা তুঁহ খেতিত সাৰ হিচােপ ব্যৱহাৰ কৰাৰ উপৰিও কিছুমান মানুহে ইন্ধন হিচাপেও  ব্যৱহাৰ কৰে।

সামৰণি: বৰ্তমান বিশ্বত জনসংখ্যা বৃদ্ধিৰ লগে লগে ধানৰ চাহিদাও বাঢ়ি  আছে। কিন্তু দেখা যায় ধানৰ উৎপাদন ইয়াৰ চাহিদা অনুপাতে বৃদ্ধি  পোৱা  নাই। বহুতো দেশত উৎপাদন বৃদ্ধিৰ আশাত খেতিত নানা ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত খেতিৰ উৰ্বৰা শক্তি নষ্ট  হৈছে। সেয়ে আমি ধান উৎপাদনৰ প্ৰধান উৎস মাটিৰ গুণা-গুণ ঠিক ৰাখি ইয়াৰ উৎপাদন বৃদ্ধি কৰাৰ প্ৰতি সচেষ্ট হোৱা উচিত।

 

কলগছ

পৰিচয়: কল এবিধ ওখধি তৃণ জাতীয় গছ। পৃথিৱীৰ প্ৰায় সকলোবোৰ  দেশতে কলগছ উৎপন্ন হয়। কল এবিধ পুষ্টিকৰ ফল।

উৎপাদন:  সাধাৰণতে গ্ৰীষ্মকালত কল গছ ৰোৱা হয়। কলগছৰ মূঢ়া  বা আলুৰ পৰা কলগছ হয়। কলগছ যিকোনো প্ৰকাৰৰ মাটিত হয় যদিও বালিচহীয়া মাটিত কলগছ ভাল হয়। কলগছ সাত ফুটৰ পৰা সোতৰ-ওঠৰ ফুট দীঘল হয়। কলগছ ৰোওঁতে ইয়াৰ গুৰিত ছাই  আৰু খলিহৈ প্ৰয়োগ কৰিব লাগে। ইয়াৰ গুৰিত গোবৰ দিব নালাগে। গোবৰে কলগছৰ গুৰিত নানান ৰোগ সংক্ৰমণ হোৱাত সহায় কৰে।

প্ৰকাৰ: কল নানা প্ৰজাতিৰ আছে, যেনে- মালভোগ, চেনিচম্পা, মনোহৰ, ভীম কল, আঠিয়া কল, জাহাজী কল ইত্যাদি।

উপকাৰিতা: কল এবিধ অতি পুষ্টিকৰ খাদ্য। কল পূজাৰ  উপচাৰ হিচাপেও ব্যৱহাৰ হয়। ইয়াৰ শিপাৰ পৰা ঔষধ তৈয়াৰ কৰা হয়। কলগছৰ পাত গৰু-ম’হ, ভেড়া-ছাগলী আৰু হাতীৰ ভাল খাদ্য। শুকান কলগছ জুইত পুৰি খলখাৰ তৈয়াৰ কৰা হয়। ইয়াৰ পাত ভোজন  পাত্ৰ হিচাপেও  ব্যৱহাৰ কৰা হয়। বানপানী আসক্ত দেশত কলগছেৰে ভুৰ বনোৱা হয়।

সামৰণি: কল এবিধ সোৱাদযুক্ত ফল। অসমীয়া মানুহে গাখীৰ ভাতৰ লগত কল খাই ভাল পায়। এনে এবিধ ভাল ফল গছ আমাৰ সকলোৰে ঘৰত থকা উচিত।

 

মই যোৱা গৰমৰ বন্ধ কিদৰে কটালো

গ্ৰীষ্মৰ বন্ধ এক বিস্ময়কৰ সময়।  এই সময়ছোৱাত আমাৰ হাতত জিৰণিৰ বাবে  বহু সময় থাকে। আমি বহুত স্বস্তি আৰু আনন্দ অনুভৱ কৰো । ছাত্ৰ-ছাত্ৰীসকল অতিকৈ উৎফুল্লিত হয়।  প্ৰতি বছৰ সিহঁতে এমাহৰ দীঘল বন্ধ পায়। সিহঁতৰ কিছুমানে আত্মীয়স্বজনক দেখা কবিৰলৈ যায়, কিছুমানে পাহাৰীয়া ঠাই ভ্ৰমণ কৰে আৰু কিছুমানে বিদেশ ভ্ৰমণলৈ যায়। ময়ো গৰমৰ বন্ধ পূৰা মাত্ৰাই উপেভাগ কৰো।

যোৱা গৰমৰ বন্ধটো আছিল মোৰ কাৰণে অতিশয় বিস্ময়কৰ আৰু আনন্দময়। মই মোৰ বন্ধৰ সময়ত কৰিবলৈ দিয়া গৃৃহকাৰ্য এসপ্তাহতে শেষ কৰিছিলো। পিছত মই গাওঁত থকা মোৰ ককাদেউতাহঁতৰ ঘৰলৈ যাওঁ। গৰমৰ বন্ধৰ দহ দিন পাৰ হোৱাৰ পিছত, মোৰ দেউতাই ঘোষণা কৰিলে যে তেখেতে আমাক ধৰমশালা আৰু ইয়াৰ ওচৰ-চুবুৰীয়া   অঞ্চললৈ ফুৰাবলৈ  লৈ যাব। 

আমি অতি পুৱাই আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো। গুৱাহাটীৰ অঁকোৱা-পকোৱা ৰাস্তাৰে আমাৰ গাড়ীাখনে আগবাঢ়ি  যোৱাৰ লগে লগে আমি গাড়ীৰ ভিতৰত অতি গৰম অনুভৱ কৰিছিলো।  দুপৰীয়া আমি ধৰমশালা পালোগৈ। তাত গৈ দেখা পালো যে ঠাইখন ভ্ৰমণকাৰীৰ সৈতে ঠাহ খাই আছে। আমি চামুণ্ডু দেৱীত ৰ’বলৈ সিদ্ধান্ত লৈছিলো। আমি তাত জনতাৰ ভিৰৰ পৰা কিছু দূৰত এটা হোটেল পাইছিলো। হোটেলখনৰ চাৰিওফালটো আছিল সেউজীয়া গছ-গছনিৰে ভ’ৰা আৰু ই আছিল কবি ওৱৰ্ডওৱৰ্থৰ কবিতাৰ দৰে কাব্যিক । হোটেলখনৰ সন্মুখত এখন ওখ পাহাৰ আছিল তাৰ কষেদি এটা পাহাৰীয়া স্ৰোতস্বিনী জিৰ্ জিৰকৈ বৈ গৈছিল। তাত কোনো ঘৰ-বাৰী নাছিল, নাছিল কোনো যান-বাহনৰ জাম। সিদিনাখন বৰকৈ বৰষুণ দিছিল আৰু আমাৰ মনত আনন্দৰ জোঁৱাৰ তুলিছিল। বতৰটো আছিল আৰামদায়ক।আমি বিজুলি পাংখা ব্যৱহাৰ কৰিবলগা নহৈছিল। আমি শাৰীৰিকভাৱে, মানসিকভাৱে, আৱেগিকভাৱে আৰু আধ্যাত্মিকভাৱে শান্ত আৰু সুস্থিৰ অনুভৱ কৰিছিলো। ইংৰাজ কবি জন কীটচে ঠিকেই কৈছিল,  ‘সুন্দৰ বস্তু এটি চিৰদিনৰ বাবে  আনন্দৰ উৎস।’

গোটেই দিনতো তাত কটাই সেই ঠাইখনৰ সৌন্দর্য উপভোগ কৰি ভোজভাত খাই সন্ধিয়া ওভতি আহিলো। মই যোৱা গ্ৰীষ্মৰ বন্ধৰ এই আনন্দদায়ক মূহুৰ্ত চিৰদিন মনত ৰাখিম।

 

টেলিভিচন

টেলিভিচন হৈছে বিজ্ঞানৰ এক আধুনিক আবিষ্কাৰ। ‘টেলিভিচন’  ইংৰাজী শব্দ। ‘টেলি’ শব্দই ‘দূৰ’ আৰু ‘ভিচন’ শব্দই ‘দেখা বা দৰ্শন কাৰ্য’ক বুজায়। অৰ্থাৎ টেলিভিচন হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা দূৰৰ দৃশ্য দেখা আৰু দৃশ্যৰ সৈতে জড়িত কাৰ্য বা ঘটনাৰ  লগতে মাত-কথাও শুনিব পাৰি। টেলিভিচন শব্দৰ অসমীয়া প্ৰতিশব্দ হ’ল ‘দূৰদৰ্শন’। জন বেয়াৰ্ড নামৰ এজন ইংৰাজ  বৈজ্ঞানিকে ১৯২৫ চনত টেলিভিচন আবিষ্কাৰ কৰে।

টেলিভিচনৰ কাৰ্যৰ আধাৰ হ’ল বিদ্যুৎ আৰু  ইয়াৰ ক্ৰিয়া। টেলিভিচনত দেখা দৃশ্যবোৰ  প্ৰথমতে শক্তিশালী কেমেৰাৰে তুলি সেইবোৰ   উজ্জ্বল আৰু অনুজ্জ্বল পোহৰ বিন্দুলৈ ৰূপান্তৰিত কৰা হয়।  তাৰ পিছত ইয়াক বিদ্যুৎ তৰঙ্গলৈ সলনি কৰি শব্দ তৰঙ্গৰ সৈতে ইথাৰ জগতলৈ পঠোৱা হয়। গ্ৰাহক যন্ত্ৰই এইবোৰ পূৰ্বৰ ছবি আৰু শব্দলৈ ৰূপান্তৰ কৰে; ফলত টেলিভিচনৰ জৰিয়তে দূৰত ঘটা ঘটনা  চাব আৰু শব্দ শুনিব পৰা যায়।

টেলিভিচনৰ দৃশ্যবোৰক  আমি কলা-বগা আৰু ৰঙীন  এই দুই ৰূপত চাব পাৰো। টেলিভিচন বৰ শক্তিশালী প্ৰচাৰ মাধ্যম। ইয়াৰ যোগেদি দেশ-বিদেশত ঘটা ঘটনা নিজ ঘৰত বহিয়েই চাব পাৰি।  ব্যৱসায়-বাণিজ্য, শিক্ষা, প্ৰচাৰমূলক কাৰ্যত ইয়াৰ ব্যৱহাৰ অপৰিসীম। জনমত গঠনৰ ক্ষেত্ৰত ই এক প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰে। টেলিভিচনে নিয়মীয়াকৈ বহুতো মনোৰঞ্জনমূলক কাৰ্যসূচীও প্ৰচাৰ কৰে যিবোৰ  উপেভাগ কৰি আমি নানান কথা শিকাৰ উপৰিও  আনন্দ উপভোগ  কৰিব পাৰো ।

টেলিভিচনৰ যেনেকৈ উপকাৰী দিশ আছে, ঠিক তেনেকৈ ইয়াৰ অপকাৰী দিশো নথকা নহয়। বহু সময়ত টেলিভিচনত প্ৰৰোচনামূলক বাতৰিও  পৰিবেশন  কৰে যি বাতৰিয়ে বহু সময়ত জনসাধাৰণৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।  টেলিভিচনত নানা ধৰণৰ কাৰ্যসূচী প্ৰচাৰ কৰা হয় যদিও সকলো কাৰ্যসূচী সকলোৰে বাবে  প্ৰজোয্য নহয়। অতিৰিক্ত টেলিভিচন দৰ্শন কাৰ্যই আমাৰ চকু আৰু শৰীৰৰ ক্ষতি কৰে। তাৰোপৰি টেলিভিচনত প্ৰচাৰ কৰা বা-বাতৰি সদায় নিৰেপক্ষ নহয়। সেয়ে টেলিভিন চোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে সতৰ্কতা অৱলম্বন কৰা উচিত।

টেলিভিচন আজিকালি সভ্য জগতৰ প্ৰয়োজনীয় বস্তু যদিও ইয়াৰ বেয়া প্রভাৱবোৰ  এৰাই চলি ইয়াক যুক্তিসঙ্গতভাবে  ব্যৱহাৰ কৰা উচিত।

 

মোৰ কৰ্তব্য অথবা  মোৰ অধ্যয়ন

মই এজন ছাত্ৰ আৰু অধ্যয়নেই হৈছে মোৰ একমাত্ৰ কৰ্তব্য। মই কিতাপ পঢ়ো  যাতে মই অধিক তথ্য আৰু জ্ঞান আহৰণ কৰি দেশৰ এজন সু-নাগৰিক হ’ব পাৰো। 

যদিও অধ্যয়ন মোৰ প্ৰধান কৰ্তব্য তথাপি মই অকল অধ্যয়নতেই মোৰ সকলো সময় আৰু শক্তি খৰচ নকৰো। মই মোৰ এজন শ্ৰদ্ধেয় শিক্ষকৰ পৰামৰ্শ অনুসৰি  অধ্যয়নৰ এটি সময়সূচী প্ৰস্তুত কৰি লৈছো আৰু সেইটো মই বৰ কঠোৰভাবে  মানি চলো। মই বিদ্যালয়লৈ যোৱা  দিনবোৰত  ৰাতিপুৱা নিয়মিত তিনি ঘন্টাকৈ পাঠ্যপুথি অধ্যয়ন কৰো।  ৰাতি মই তিনিৰ পৰা চাৰি ঘন্টা বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়সমূহ  অধ্যয়ন কৰো।

কিন্তু বন্ধৰ দিনবোৰত  মই এই কাৰ্যসূচী কঠোৰভাবে  পালন নকৰো। মই এজন অনুসন্ধিৎসু ছাত্ৰ; সেয়ে মই মোৰ পাঠ্যপুথি অধ্যয়ন  কৰাৰ উপৰিও  অন্যান্য কিতাপ বিশেষকৈ সাহিত্য আৰু ধৰ্ম বিষয়ক কিতাপ বৰ আগ্ৰহেৰে অধ্যয়ন কৰো।  মই বিখ্যাত লোকৰ জীৱনী, আত্মজীৱনী আৰু ভ্ৰমণ কাহিনী পঢ়িও ভাল পাওঁ। মই ইতিমধ্যে ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা,  সত্যনাথ বৰা, হিতেশ ডেকা আদি সাহিত্যিকসকলৰ   লিখনিবোৰ পঢ়ি অটাঁইছো।

বাহিৰা কিতাপ অধ্যয়ন কৰি মই বহুত উপকৃত হৈছো। বাহিৰা কিতাপ (পাঠ্যপুথিৰ বাদে) অধ্যয়ন কৰি মই এনেকুৱা কিছুমান মূল্যৱান কথা শিকিছো যিবোৰ  স্কুল-কলেজত শিকোৱা নহয়। 

মই ঈশ্বৰক প্ৰাৰ্থনা কৰো যেন ঈশ্বৰে মোৰ গা-মন ভালে ৰাখে যাতে মই গোটেই জীৱন অধ্যয়নত ব্রতী থাকিব পাৰো আৰু অধ্যয়নৰ পৰা পোৱা সুফল মানৱ জাতিৰ কল্যাণৰ হকে প্ৰয়োগ কৰিব পাৰো।

 

মোৰ দৈনন্দিন জীৱন

আৰম্ভণি: মই এজন ছাত্ৰ আৰু মোৰ দৈনন্দিন জীৱনো অতিকৈ সাধাৰণ আৰু সৰল।  মই প্ৰতিটো দিনক মুঠতে চাৰিটা অংশত ভাগ কৰি লৈছো, যথাঃ ৰাতিপুৱা, সন্ধিয়া,  ভাটিবেলা  আৰু ৰাতি। সময়ৰ এই ভাগকেইটা মই তলত দিয়া ধৰণে  ব্যৱহাৰ কৰো।

ৰাতিপুৱা: মই খুৱ পুৱাই টোপনিৰ পৰা  উঠি হাত- মুখ ধুই ভগৱানক প্ৰৰ্থনা কৰো। তাৰ পাছত কিছুসময় শাৰীৰিক ব্যায়াম কৰি পঢ়িবলৈ  বহো। প্ৰথমতে মই ইংৰাজী বিষটো পঢ়ি লওঁ । মোৰ পঢ়া  কামটো ৰাতিপুৱা ৮.৩০ বজালৈ চলি থাকে। তাৰ পাছত মই গা-পা ধুই, ভাত-পানী  খাই ৯ বজাত স্কুললৈ যাত্ৰা আৰম্ভ কৰো।

আমাৰ স্কুলখন ৯.৩০ বজাত বহে। স্কুললৈ যোৱাত মোৰ কেতিয়াও পলম নহয়। মই শিক্ষকে কোৱা প্ৰতিটো কথাই বৰ মনোযোগেৰে শুনো। জিৰণিৰ সময়খিনি মই পুথিভঁৰাললৈ গৈ কাকত, আলোচনী, গল্পৰ  পুথি  আদি অধ্যয়ন কৰো। আমাৰ স্কুল ২.৩০ বজাত ছুটি হয় আৰু মই পোনে পোনে  ঘৰলৈ ওভতি আহো।

ভাটিবেলা : মই প্ৰায় ৩ বজাত ঘৰ পাওঁ। ঘৰ পাই স্কুলীয়া পোছাক সলাই হাত-মুখ ধুই, জা-জলপান খাওঁ। ইয়াৰ পিছত মই কিছুসময় জিৰণি লৈ মোৰ ঘৰত কৰিবলৈ দিয়া পাঠৰ অনুশীলনবোৰ  কৰো। তাৰ পিছত মই আধা ঘন্টামান মোৰ বন্ধুবৰ্গৰ  লগত খেলা-ধূলা কৰো আৰু সূৰ্য ডুব যোৱাৰ লগে লগে ঘৰলৈ ওভতি আহো।

ৰাতি: সন্ধিয়া ঘৰলৈ ওভতি আহি হাত-মুখ ধুই ঈশ্বৰক প্ৰৰ্থনা কৰো আৰু তাৰ পাছত একাপ চাহ বা গাখীৰ খাই পঢ়িবলৈ  বহো। মই ৰাতি ১০ বজালৈ পঢ়ো   আৰু তাৰ পাছত ভাত খাই প্ৰায় ১০.৩০ বজাত শুই পৰো।

বন্ধৰ দিন: বন্ধৰ দিনবোৰত  মই  উপৰি উক্ত কাৰ্যসূচী অনুসৰন নকৰো। বন্ধৰ  দিনবোৰত  মই পাঠ্যপুথি  পঢ়াৰ  উপৰিও কিছু বাহিৰা কিতাপ  পঢ়ো । ভাটিবেলা  ভাইটি-ভন্টিহঁতৰ লগত খেলো বা ঘৰুৱা কাম-বন কৰো।  কেতিয়াৱা মই ৰেডিঅ শুনো বা টেলিভিচন চাও। প্ৰতি দেওবাৰ দিনা মই স্থানীয় গ্ৰাম্য পুথিভঁৰাললৈ যাওঁ আৰু বিভিন্ন ধৰণৰ কাকত, আলোচনী আদি পঢ়ো  । 

সামৰণি:  এইদৰেই মই মোৰ দৈনন্দিন জীৱন  উপেভাগ কৰো।  মই সদায় উক্ত ৰুটিন মানি চলিবলৈ সচেষ্ট; কাৰণ  মই ভাবো  অনুশাসনপূৰ্ণ শৃঙ্খলাবদ্ধ জীৱনেই সুখ আৰু সফল জীৱন।

 

মোৰ জীৱনৰ লক্ষ্য

কোনো এক নিৰ্দ্দিষ্ট স্থান বা অৱস্থানত উপনীত হোৱা সংগ্ৰামৰ  নামেই লক্ষ্য। প্ৰত্যেকজন মানুহৰ জীৱনত এক লক্ষ্য থকা উচিত।  লক্ষ্য নোহোৱা মানুহ গুৰিয়াল নোহোৱা নাওৰ দৰে।  কিন্তু ব্যক্তি এজনে তেওঁৰ দক্ষতা আৰু অভিৰুচি অনুসৰি লক্ষ্য নিৰ্দ্ধাৰণ কৰা উচিত।

বহুতো চিন্তা-ভাৱনাৰ পিছত মই মোৰ লক্ষ্য স্থিৰ কৰিছো আৰু সেয়া হৈছে –এজন পৰিপূৰ্ণ শিক্ষক হোৱা।  ইংৰাজী বিষয়ৰ প্ৰতি মোৰ বিশেষ ৰাপ আছে আৰু সেয়ে মই হাই স্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি উচ্চতৰ মাধ্যমিকত কলা বিভাগত ভৰ্তি হম আৰু তাৰ পাছত ইংৰাজী গুৰু বিষয় হিচাপে  লৈ বি. এ. আৰু তাৰ পিছত  কোনো এখন ভাল বিশ্ববিদ্যালয়ত এম. এ. পঢ়িম   বুলি সিদ্ধান্ত লৈছো।

মই দেখা পাইছো যে সমাজত এজন আদৰ্শ শিক্ষকৰ যথেষ্ট প্ৰয়োজন আছে আৰু সুস্থ সমাজ গঠনত এজন আদৰ্শ শিক্ষকৰ বিশেষ ভূমিকা আছে। মই সেয়ে এজন শিক্ষক হ’ব বিচাৰো। কিন্তু গতানুগতিক শিক্ষকৰসকলৰ দৰে মই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানত অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাথাকি সকলোকে এক আদৰ্শ, সৎ আৰু নৈতিক জীৱন শৈলীৰ শিক্ষা দিব বিচাৰো।  আজিকালি সমাজে সর্বসাধাৰণ মানুহে অনুসৰণ কৰিব পৰা আদৰ্শ, সৎ আৰু নৈতিক শিক্ষকৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰি আছে । মই জীৱনত এনে এজন প্ৰকৃত শিক্ষক হ’বলৈ লক্ষ্য স্থিৰ কৰিছো। মই ভাবো শিক্ষক এজন সকলোৰে ভাল বন্ধু, পদপ্ৰদৰ্শক, দাৰ্শনিক আৰু সর্বোপৰি  এজন মহাপুৰুষ হ’ব লাগে যাতে তেওঁ তেওঁৰ উচ্চ নৈতিক, সৎ আৰু আদৰ্শ জীৱন শৈলীৰ জৰিয়তে  অকল ছাত্ৰ-ছাত্ৰীসকলকে নহয়, তেওঁৰ সংস্পৰ্শলৈ অহা সকলো মানুহক সুশিক্ষা দিব পাৰে। মই ছাত্ৰ জীৱনৰ পৰাই সহজ, সৰল, সৎ আৰু নৈতিক জীৱন শৈলী অনুশীলন কৰি আছো যাতে মই মোৰ অনুজসকলক আৰু মোৰ সংস্পৰ্শলৈ অহা সকলো মানুহক  প্ৰকৃত অৰ্থত আৰ্হিসহ মানৱীয় গুণৰ শিক্ষা দিব পাৰো।

এখন দেশৰ ভৱিষ্যত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে। দেশ এখনৰ বাবে আদৰ্শ সুনাগৰিক গঢ়াৰ  ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অপৰিসীম।  মই মোৰ লক্ষ্যত উপনীত হোৱাৰ বাবে  যথাসাধ্য চেষ্টা কৰি আছো। মই এতিয়া যিহেতু এজন ছাত্ৰ গতিকে বৰ্তমান মই এজন ভাল ছাত্ৰ হোৱাৰ বাবে  চেষ্টা কৰি আছো।

মই ঈশ্বৰক প্ৰৰ্থনা কৰো যাতে ঈশ্বৰে মোক মোৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে আৰু মানৱ সেৱাৰ সুযোগ দিয়ে। 

 

দৈনন্দিন জীৱনত বিজ্ঞান 

আৰম্ভিণি: কোনো বিষয়ৰ ওপৰত শৃঙ্খলাবদ্ধ আৰু বিশ্লেষণাত্মক জ্ঞানেই বিজ্ঞান। আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ নানান আৱিষ্কাৰসমূহে আমাৰ জীৱনটো অধিক নিৰাপদ, সহজ আৰু আৰামদায়ক কৰি তুলিছে।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান: আজি বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো বিষয় আৰু দিশকেই সাঙুৰি লৈছে, যথা:

প্ৰথমে আমি আমাৰ যোগাযোগ মাধ্যমৰ কথাকেই ক’ব পাৰো । বৰ্তমান যুগত আমাৰ যোগাযোগ ব্যৱস্থাটো ইমানেই উন্নত হৈছে যে ই আমাৰ পৃথিৱীৰ ৰূপটোকে সলনি কৰি দিছে। আগৰ যুগত মানুহে নিজৰ পিঠিত, জন্তুৰ পিঠিত বা ঘোঁৰা-গাড়ী, গৰু-গাড়ী আদিৰ সহায়ত বোজা  কঢ়িয়াইছিল। মানুহেও খোজকাঢ়ি বা জন্তুয়ে টনা গাড়ীত উঠি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল। কিন্তু তাৰ পৰিবৰ্তে আজিকালি আমি মটৰ গীাড়ী, ৰেল গাড়ী, উৰাজাহাজ, ট্ৰাম গাড়ী আদি পাইছো। এই সকলোবোৰ  বিজ্ঞানৰেই অৱদান। এইবোৰৰ  উপৰিও আমি যোগাযোগৰ মাধ্যম হিচাপে  টেলিফোন, মোবাইল ফোন, ৰেডিঅ, টেলিভিচন, কম্পিউটাৰ আদি পাইছো। এইবোৰে আমাৰ যোগাযোগ মাধ্যমবোৰ  দ্ৰুতৰ পৰা দ্ৰুততৰ কৰি পেলাইছে আৰু গোটেই বিশ্বখনক আজি আমি সহজে ঢুকি পোৱা এক গোলকীয় গাঁৱত পৰিণত কৰিছে।

দ্বিতীয়তে, চিকিৎসাৰ জগতখনৰ কথা  ক’ব পাৰি। চিকিৎসাৰ জগতখনত বিজ্ঞানৰ অৱদান ইমান বৃদ্ধি পাইছে যে আজি আৰু কোনো বেমাৰেই দূৰাৰোগ্য হৈ থকা নাই। বিজ্ঞানে সকলো ৰোগৰ প্ৰতিকাৰ সম্ভৱ কৰি তুলিছে। আজি আমাৰ শৰীৰখনক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ এক্সৰে , জেৰক্স , আল্ট্রা-চাউণ্ড আদি নানান যন্ত্ৰ আৰু আহিলা পাইছো। এই সকলোবোৰ  বিজ্ঞানৰে অৱদান।

তৃতীয়তে, বিজ্ঞানে ৰাতিপুৱা শুই উঠাৰ পৰা প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰিছে আৰু আমাৰ জীৱনটোক সহজৰ পৰা সহজতৰ, আৰু আৰামৰ পৰা অধিক আৰামদায়ক কৰি তুলিছে। এক কথাত ক’বলৈ গ’লে  বিজ্ঞান আমাৰ বিশ্বস্ত ভৃত্যত পৰিণত হৈছে।  উদাহৰণ স্বৰুপে  এলাৰ্ম ঘড়ীয়ে আমাক আমাৰ ইচ্ছামতে টোপনিৰ  পৰা জগাইছে,বৈদ্যুতিক আখলে আমাৰ আহাৰ তৈয়াৰ কৰি দিছে, টেলিভিচন, ৰেডিঅ, ইন্টাৰনেট আদিয়ে প্ৰতি মূহুৰ্তৰ বাতৰি মূহুৰ্তত দি আছে।

বিজ্ঞানৰ ব্যৱহাৰে আমাক বিশ্ব-ব্রমাণ্ডৰ ৰহস্য উদ্ঘাটন কৰি আমাৰ কৌতুহল নিবৃত কৰিছে। আনকি বিজ্ঞানৰ সহায়ত বিজ্ঞানিকসকলে মহাকাশলৈ ৰকেট পঠাবলৈয়ো সমথবাৰ্ন হৈছে।

সামৰণি: নিঃসন্দেহে বিজ্ঞানে আমাৰ জীৱন অধিকতৰ আৰামদায়ক কৰিছে। কিন্তু ইয়াৰ বিপৰীতে ই আমাৰ জীৱনলৈ জটিলতা আৰু কৃতিমতাও আনয়ন কৰিছে। অৱশ্যে ইয়াৰ বেয়া দিশেবাৰতকৈ ভাল দিশবোৰ  নিশ্চয় অধিক।

 

বন্ধুত্ব

 আৰম্ভিণি: বন্ধুত্ব হৈছে দুজন মানুহৰ মাজত আন্তৰিক ঘনিষ্টতা যি দুজনে পৰস্পৰে পৰস্পৰৰ সুখ-দুখ, আনন্দ-নিৰানন্দ, সৌভাগ্য-দুৰ্ভাগ্য আদিৰ সমভাগী হয়।

বন্ধুত্বৰ প্ৰকৃতি: বন্ধুত্বক আমি বহলভাবে দুই শ্ৰেণীত ভগাব পাৰো, যথা: সঁচা বন্ধুত্ব আৰু কৃত্ৰিম বা মিছা বন্ধুত্ব। কৃত্ৰিম বন্ধুত্ব বা মিছা বন্ধুত্ব তাকেই কোৱা হয় যি বন্ধুত্বই অকল আমাৰ আনন্দ আৰু সৌভাগ্যৰ অংশীদাৰ হয় আৰু বিপদ বা দুৰ্যোগৰ সময়ত আতঁৰি যায়। এনে বন্ধুত্বক ‘সম্পদ কালৰ বন্ধু’ বুলি কোৱা হয়।

আনহাতে সঁচা বা প্ৰকৃত বন্ধুত্বই আমাৰ সুখ আৰু দুখ উভয়ৰেই সমভাগী হোবাক বুজায় । সি কেতিয়াও আমাৰ দুৰ্ভাগ্যৰ সময়ত আমাৰ পৰা আঁতৰি নাথাকে। সঁচা বন্ধুত্বই পৰস্পৰে পৰস্পৰৰ অভাৱ পূৰণ কৰাত সচেষ্ট হোৱাৰ উপৰিও মনৰ আবেগৰো সমভাগী হয়।

বন্ধুত্বৰ মূল্য: মানুহ সামাজিক জীৱ। মানুহৰ সহজাত প্ৰবৃতিয়ে আন কাৰোবাৰ সংগ বিচাৰে। কিন্তু যেতিয়া এজনে প্ৰকৃত বন্ধু বিচাৰি পায, তেতিয়া ই তেওঁৰ বাবে  আৰ্শীবাদ স্বৰূপ হৈ পৰে। জীৱনত বন্ধুত্বৰ যথেষ্ট গুৰুত্ব আছে। সঁচা বন্ধুত্বই পৰস্পৰে পৰস্পৰৰ মাজত মানবীয় গুণৰ বিকাশ ঘটায়। ই আমাৰ সহনশীলতা, সসমৰ্মিতা, মৰম, ভালেপাৱা আদি গুণৰ  বিকাশ সাধন  কৰে। সঁচা বন্ধুত্বৰ আগত আমি আমাৰ মনৰ গোপন কথাবোৰ  প্ৰকাশ কৰিব পাৰো। সঁচা বন্ধুত্বই এজনে আনজনৰ প্ৰতি যত্নশীল আৰু এজনে আনজনৰ সফলতা কামনা কৰে।

সামৰণি: প্ৰকৃত বন্ধুত্ব এজন মানুহৰ জীৱনত এক ডাঙৰ  আৰ্শীবাদস্বৰূপ। আমি জীৱনত আনন্দিত আৰু সুখী হ’বলৈ বন্ধুত্বৰ প্ৰয়োজন। কিন্তু আমি বন্ধু নিৰ্বাচন কৰোতে খুৱ সতৰ্ক হ’ব লাগে। কাৰণ সঁচা ববন্ধুত্ব আমাৰ কাৰণে  এন্ধাৰত পোহৰৰ বন্তি স্বৰূপ। সঁচা বন্ধুত্বই আমাৰ পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰাৰ উপৰিও আমাৰ দৈনন্দিন জীৱন সজীৱ কৰি ৰাখে।

 

মোৰ প্রিয় কাম

আৰম্ভণি: দৈনন্দিন কাম-কাজ আৰু প্ৰধান কৰ্তব্যৰ  উপৰিও আনন্দৰ কাৰণে বা মনক সজীৱ ৰাখিবলৈ যি কাম কৰা হয তাকে এজনৰ প্ৰিয় কাম (hobby) বুলি কোৱা হয়। ব্যক্তি ভেদে  প্ৰিয় কাম ভিন ভিন হয়। মোৰো এটি প্ৰিয় কাম আছে আৰু ই হৈছে বাগিছাত কাম কৰা।

বিৱৰণ:  গছ মোৰ অতিকৈ প্ৰিয়। সেয়ে মই বাগিছা পতা কামটো মোৰ প্ৰিয় কাম হিহিচাপে  গ্ৰহণ কৰিছো। আমাৰ এটি আহল-বহল বাহিৰা চোতাল আছে।  মই চোতালখনক চাৰিটা ভাগত ভাগ কৰি লৈছো। ইয়াৰ উত্তৰ অংশটোত কিছুমান সৰল গছ ৰুইছো। সন্মুখৰ অংশটোত মই বিভিন্ন ধৰণৰ ঋতুজ ফুল গছ ৰুও। তৃতীয় অংশটোত শাক-পাচলিৰ খেতি কৰো আৰু চতুৰ্থ অংশটোত গছৰ পুলি উৎপাদন কৰো।

স্কুলৰ পৰা ওভতি আহি প্ৰত্যেক দিন সন্ধিয়া মই এঘন্টা সময় বগিছাখনত কাম কৰি কটাও। মই গছ-গছনিৰ গুৰিৰ ঘাঁহ বনবোৰ  চিকুনাই দিওঁ, গছৰ গুৰিত পানী দিওঁ আৰু আন আন আলপৈচান  ধৰো। মোৰ ভন্টিয়ে মাজে মাজে মোক সহায় কৰে। মোৰ বাগিছাখনে আমাক প্ৰয়োজনীয় শাক-পাঁচলিৰ যোগান ধৰে আৰু অতিৰিক্তখিনি বজাৰত বিক্ৰি কৰি কিছু বাহিৰা পইচা উপাৰ্জন কৰো।

প্ৰত্যেক দিন ৰাতিপুৱা মই বাগিছাখনত খোজ  কাঢ়ো  । যেতিয়া মই ফুলি থকা ফুলেবাৰ বতাহত নাচি থকা দেখো, তেতিয়া মোৰ হৃদয়খন আনন্দত নাচি উঠে। এনেদৰে বাগিছাত কাম কৰাটো মোৰ নিচা আৰু মনক সজীৱ কৰি ৰখাৰ শ্ৰেষ্ঠ  মাধ্যমত পৰিণত হৈছে। 

সামৰণি: মই ভাবো  প্ৰত্যেক মানুহৰে নিজৰ দৈনন্দিন কাম-কাজ আৰু প্ৰধান কৰ্তব্যৰ উপৰিও এটি প্ৰিয় কাম থাকিব লাগে আৰু সেই কাম বাগিছা পতা কাম হোৱা উচিত। 

 

মাদাৰ টেৰেছা

পৰিচয়: মাদাৰ টেৰেছা আছিল বিশ্ববৰেণ্য এজনী মানৱতাবাদী কৰ্মী, দয়া, কৰুণা আৰু ত্যাগৰ এক জলন্ত প্ৰতিমূৰ্তি। নিঃকিন, দীন-দৰিদ্ৰ, ৰোগী, পতিত আৰু গৃহহীন লোকসকলৰ সেৱা আৰু কল্যাণ সাধন কৰাই আছিল তাইৰ জীৱনৰ একমাত্ৰ লক্ষ্য।

জন্ম আৰু শিক্ষা  জীৱন: মাদাৰ টেৰেছাই  ইংৰাজী ১৯১০ চনৰ আগষ্ট মাহৰ ২৭ তাৰিখে ইউৰোপৰ যুগোশ্লাভিয়াত জন্ম গ্ৰহণ কৰে। তাইৰ দেউতাকৰ  নাম আছিল নিকোলাচ আৰু মাকৰ নাম আছিল মিচেচ ড্ৰানা। সৰুতে মাদাৰ টেৰেছাক পিতৃ-মাতৃয়ে ‘এগনেছ’  নামেৰে মাতিছিল।

মাদাৰ টেৰেছাই পাঁচ বছৰ বয়সত স্থানীয় বিদ্যালয়ত নাম ভৰ্তি কৰে। সাত বছৰ বয়সত তাইৰ দেউতাকৰ মৃত্যু হয়। ফলত পৰিয়ালটি আৰ্থিক সংকটত পৰে। মাকৰ তত্বাৱধানত তাই হাই স্কুলীয়া শিক্ষা সাং কৰি আনুষ্ঠানিক  শিক্ষাৰ সামৰণি মাৰে।

কৰ্ম জীৱন: মাদাৰ টেৰেছা এজনী কোমল হৃদয়া ছোৱালী আছিল। মানুহৰ দুখ, কষ্টৰ প্ৰতি তাই অতিকৈ সংবেদনশীল আছিল। সেয়ে তাই মানৱ সেৱাত নিজকে নিয়োজিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি  খ্ৰীষ্টান মিছনেৰী সংগঠন এটিত যোগ দি ভাৰতলৈ আহে।

এগনেছে ১৯২৮ চনত ভাৰতবৰ্ষলৈ আহি দাৰ্জিলিঙ  চহৰত ‘লৰেটো’ সংগঠনৰ এখন বিদ্যালয়ত শিক্ষাদান কৰিবলৈ লয়। সেই সময়ত তাই ‘টেৰেছা’ নাম গ্ৰহণ কৰে। তাৰ পিছত তাই কলকাতাৰ ‘চেন্ট মেৰীজ স্কুল’ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে যদিও পিছলৈ টেৰেছাই দৰিদ্ৰ ল’ৰা- ছোৱালীসকলৰ বাবে ‘মিছনেৰী অফ চেৰিটি’ নামৰ এক সংস্থাৰ জন্ম দি দৰিদ্ৰ জনগণৰ সেৱাত মনোনিেবশ কৰে। ইয়াৰ পিছত তাই ‘নিৰ্মল শিশু ভৱন’ আৰু ‘নিৰ্মল হৃদয়’ নামৰ শুশ্ৰূষাগৃহ স্থাপন কৰে।

টেৰেছাই তাইৰ মিছনেৰী অফ চেৰিটিৰ অধীনত পৃথিৱীৰ বিভিন্ন দেশত ষাঠিখন বিদ্যালয় আৰু দুই শতাধিক চিকিৎসালয়  স্থাপন কৰে আৰু এইবোৰ অনুষ্ঠানৰ  যোগেদি গোটেই  জীৱন নিঃস্ব আৰু দৰিদ্ৰ জনগণৰ সেৱা কৰি ১৯৯৭ চনৰ ৫ চেপ্তেম্বৰৰ দিনা পৰলোকগামী হয়।

স্বীকৃতি: মাদাৰ টেৰেছাই তাইৰ মানৱ সেৱাৰ স্বীকৃতি হিচাপে  বহুত ৰাষ্ট্ৰীয় আৰু আন্তজাৰ্তিক সন্মান আৰু পুৰষ্কাৰেৰে ভূষিত হয়। তাৰ ভিতৰত ১৯৭৯ চনত শান্তিৰ নেবল বঁটা, ভাৰত চৰকাৰৰ পৰা ‘পদ্মশ্ৰী’, ‘ভাৰতৰত্ন’ আদি উপাধি লাভ কৰাৰ উপৰিও ‘জৱাহৰলাল নেহৰু এৱাৰ্ড’,  ‘ৰাজীৱ গান্ধী সম্ভৱনা বঁটা‘, ‘মেঘেছেছে বঁটা’ আদি  নানান  বঁটা লাভ কৰে। তাই  নিজে নিচেই সাধাৰণ আৰু সৰল জীৱন যাপন কৰি  পুৰষ্কাৰ হিচাপে লাভ কৰা সকলো ধন দৰিদ্ৰ জনগণৰ কল্যাণৰ বাবে খৰচ কৰিছিল।

সামৰণি: মাদাৰ টেৰেছাই  মানৱ সেৱাত নিজকে ইমানেই একানপতীয়কৈ নিয়োজিত কৰিছিল যে তাই বৈবাহিক বান্ধোনৰ কথা পাহৰি গোটেই জীৱন অবিবাহিত হৈয়ে কটাইছিল। চিৰকুমাৰী থাকিও তাই নিঃস্ব আৰু দৰিদ্ৰ জনসাধাৰণৰ বিশ্বমাতৃ হিচাপে সকলোৰে পৰা শ্ৰদ্ধা লাভ কৰিছিল। আমি তাইৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা উচিত।

 

বৰ্তমান সমাজত দুৰ্নীতি আৰু তাৰ প্ৰতিকাৰ

যি আইন বা নীতি বিৰুদ্ধ সেয়াই দুৰ্নীতি। বিস্তৃত ভাষাত ক’বলৈ গ’লে, সমাজ বা দেশত প্ৰচলিত আইন, নীতি, নৈতিকতা, মানবতা আদিৰ বিৰুদ্ধে যিবোৰ কাৰ্য্য-কলাপ সকলোৱে জানে অথচ গোপনে চলি সমাজ তথা দেশৰ শান্তি -শৃঙ্খলা আৰু সামগ্ৰিক উন্নয়নত হেঙাৰ স্বৰূেপ দেখা দিয়ে- য়াই দুৰ্নীতি। আজি বিজ্ঞান আৰু যুক্তিৰ যুগত মানৱ সমাজ, সভ্যতা আৰু উন্নয়ণৰ দিশত যিমানেই আগুৱাই আছে, দুৰ্নীতিয়েও সমান্তৰাল গতিত চৰম সীমালৈ গতি কৰি এক সামাজিক আৰু সোঁচৰা বেমাৰত পৰিণত হৈছে। বৰ্তমান আমাৰ সমাজ তথা দেশৰ এনে এটি বিভাগ পাবলৈ নাই  য’ত দুৰ্নীতি নাই। প্ৰশাসনীয় বিভাগ, চৰকাৰী কাম কাজ আদি সকলোতে দুৰ্নীতিয়ে বাহ  লৈ আমাৰ সমাজ তথা মানৱ সভ্যতাক আক্টুপাচ  দৰে মেৰিয়াই লৈছে। দুৰ্নীতিৰ বিষয়ে কৈ অন্ত পেলাব নোৱাৰি যদিও তলত দেশৰ বিভিন্ন বিভাগত চলি থকা দুৰ্নীতিৰ বিষয়ে চমু আভাষ দিবলৈ চেষ্টা কৰা হ’ল-

আজি সৰ্বসাধাৰণ মনুহে মুকলিভাৱেই কোৱা আৰম্ভ কৰিছে যে দুৰ্নীতি কৰি কৰি যিজনে পৰিয়াল তথা সমাজত স্থান নাপায় সেইজনে ৰাজনীতিত আশ্ৰয় লয়। কথাষাৰ হাস্যকৰ যেন লাগিলেও ইয়াৰ সত্যতা নুই কৰিব নোৱাৰি। আজি ৰাজনীতি যে দুৰ্নীতিৰ “সঞ্চয়-ভৰাল” সেয়া সকলো সুস্থ মস্তিষ্কৰ ব্যক্তিয়ে একমুখে স্বীকাৰ কৰিব। দুৰ্নীতিত পুত  যোৱা ৰাজনৈতিক নেতা সকলে অকল ক্ষমতাৰ লোভত বহুসময় টকা আৰু ভুৱা প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জয়ী হৈ গাদী দখল কৰে আৰু পিছত নিৰ্বাচনত খৰচ হোৱা টকাৰ কেইবা হাজাৰ গুণ দুৰ্নীতিৰ মাধ্যমেদি আদায় কৰি লয়। অৰ্থাৎ আজি ৰাজনীতি হৈ পৰিছে দুৰ্নীতিৰ এক ডাঙৰ বেহা। ৰাজনৈতিক শীৰ্ষ নেতা বোৰৰ আদৰ্শ তথা উৎসাহ পাই তলতীয়া কৰ্মচাৰী সকলেও ৰাইজৰ পৰা মিছা প্ৰতিশ্ৰুতি দি বা চাকৰি দিয়াৰ প্ৰলোভন দি লাখ লাখ টকা আত্মসাৎ কৰি আছে।

দ্বিতীয়তে শিক্ষা বিভাগৰ কথাকেই ল’ব পাৰি। আজিৰ যোগত শিক্ষা লাভ কৰাটো জ্ঞান লাভ কৰাক নুবুজায়। আজিৰ যুগত শিক্ষা মানে ব্যৱসায় আৰু দুৰ্নীতিৰ অনুশীলন। উদাহৰণ হিচােপ সৰ্বশিক্ষা আঁচনি, অনানু‡ানিক শিক্ষা আঁচনি, সপ্তম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি যোগান ধৰা আঁচনি নিশ্চয় শিক্ষাৰ নামত েভকু ভাওনাহে । দেখা গৈছে বহু স্কুলত পাঠ্যপুথি নোহোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলৈ লোৱা হৈছে। আনহাতে চৰকাৰে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি সমূহ কেজি হিচােপ বজাৰত বিক্ৰী হৈছে। এয়া স্বাভাৱিক উদাহৰণ যদিও উচ্চ শিক্ষাৰ ক্ষেত্ৰত দুৰ্নীতি আৰু লজ্জ্বাজনক। দেখা গৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যিক বা দেশীয় বিদ্যালয় বা বিশ্ববিদ্যালয়ত পাচ কৰিব নোৱাৰে তেনে ছাত্ৰেবাৰে কিছুমান ব্যৱসায়ধৰ্মী দেশী বা বিদেশী বিশ্ব বিদ্যালয়েবাৰৰ পৰা টকাৰে অৰ্হতা কিনি আনি শিক্ষা বিভাগত সোমাই নতুন চামক দুৰ্নীতিৰ আঁখৰা দি আছে।

ব্যৱসায় বাণিজ্যতো দুৰ্ৰ্নীতিৰ প্ৰভাৱ কম নহয়। আজিকালি অধিক মুনাফা আদায়ৰ আশাত ব্যৱসায়ীসকলে Îবয়া বস্তুকো বিজ্ঞাপনযোগে ভাল বুলি জাহিৰ কৰি জনসাধাৰণক ঠগাইছে। বহুসময়ত নিত্য সামগ্ৰীসমূহৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি জনসাধাৰণক শোষণ কৰিছে।

তেনেদৰে  চৰকাৰী অফিচ আদালতৰ বিভিন্ন বিভাগ আৰু বিভিন্ন নিযুক্তিতো দুৰ্নীতিয়ে নীতিত পৰিণত হৈছে। আজি  উৎকোচ নিদিয়াকৈ কোনোৱে যোগ্যতা থাকিলেও চৰকাৰী চাকৰিত সোমাৱ নোৱাৰে। ভাৰতত চলি থকা দুৰ্নীতিৰ বিষয়ে মন্তব্য কৰি এজন ইংৰাজ লিখকে লিখিছিল- “ভাৰত হৈছে বিশেষ আটাইতকৈ ধনীদেশ কিয়নো ভাৰতৰ সামান্য প্ৰহৰীৰ চাকৰি কৰা ব্যক্তিৰ পৰা শাসন ক্ষমতাৰ শীৰ্ষতম ব্যক্তিয়েও উৎকোচ গ্ৰহণ কৰিও ভাৰতবৰ্ষ ইমান দিনে জীয়াই আছে।” উক্ত মন্তব্যটো কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে নিশ্চয়।

মুঠতে ভাৰতবৰ্ষৰ লগতে তৃতীয় বিশ্বৰ দেশসমূহ দুৰ্নীতিত ইমানেই লিপ্ত যে যাৰ বােব সিহঁতৰ উন্নয়নৰ পথ ৰুদ্ধ হৈ পৰিছে। এনেদৰে দুৰ্ৰ্নীতি চলি থাকিলে অৱশেষত সিহঁতে যে নিজৰ ভিতৰতে আত্মজাহ যাব সেয়া নিশ্চিত।

এতিয়া প্ৰশ্ন হ’ল- আমাৰ সমাজত চলি থকা দুৰ্নীতি নামৰ ব্যধিটোৰ কাৰণ কি?

ইয়াৰ উত্তৰত  বিভিন্নজনে বিভিন্ন মত পোষণ  কৰিলেও এয়া সঁচা যে আমাৰ দেশ তথা সমাজ দুৰ্নীতিত পূত যোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে আমাৰ সাধাৰণ মানুহেবাৰৰ নৈতিক স্খলন। মানুহেবাৰ নৈতিকতাৰ দিশত প্ৰতি দিনে অধঃপতিত হৈ আছে। আমাৰ সমাজত বৰমূৰীয়া  তথা শিক্ষিত সকলেই এই পতনত ইন্দন আৰু আৰ্হি যোগাইছে। স্কুল কলেজতো নৈতিকতাৰ শিক্ষা দিয়া নহয়। সকলোৱে  উপৰঞ্চি  মুনাফা থকা ব্যৱসায় বা  চৰকাৰী চাকৰিৰ  প্ৰতি আগ্ৰহী হয়। কিন্তু কোনেও এনে  অবৈধ  বা কলা টকা  উপাৰ্জনৰ পৰা  পিতৃ- মাতৃয়েও সন্তানক বিৰত নকৰে। সেয়ে দুৰ্নীতি আজি আমাৰ হাড়ে-হিমজুৰে থিতাপি লৈছে।

দ্বিতীয়তে, দৰিদ্ৰতা দুৰ্ৰ্নীতিৰ আন এক শক্তিশালী কাৰণ। আমাৰ সমাজৰ অধিকাংশ মানুহেই দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰে। সেয়ে সিহঁতে বহুসময়ত ক্ষুধাৰ জ্বালাত অবৈধ  কাম- কাজত সোমাই পৰে।

তৃতীয়তে, শিক্ষা ব্যৱস্থাও  দুৰ্নীতিৰ কাৰণ বুলি ক’ব লাগিব। কিয়নো আমাৰ দেশত শিক্ষা ব্যৱস্থাটো আসোঁৱাহপূৰ্ণ। লগতে ইয়াৰ কাৰিকৰী দিশতকৈ তাত্ত্বিক শিক্ষাতহে বেছি প্ৰাধান্য দিয়া হয়। ফলত প্ৰতি বছৰে হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতী স্কুলীয় শিক্ষা লাভ কৰি চাকৰি-বাকৰি নেপাই ঘৰতে নিৱনুৱা হৈ বহি  থাকে। কাৰিকৰী শিক্ষা নথকা ববাবেও  সিহঁতে কোনো কাম-বন নাপাই আৰ্থিক  তাড়ণাত  দুৰ্নীতিত সোমাই সহজতে ধন ঘটাৰ পথ অৱলম্বন কৰে। 

মুঠতে আজি দুৰ্নীতি আমাৰ সমাজৰ পৰম্পৰা নীতিত পৰিণত হৈছে। প্ৰতিটো পৰিয়ালতে দুৰ্নীতি আছে, প্ৰতিটো বিভাগতে দুৰ্নীতি আছে। সেয়ে পিচৰ প্ৰজন্ময়ো যেতিয়া সেই আসন দখল কৰে তেতিয়া সিহঁতেও দুৰ্নীতিক পৰম্পৰাগত সম্পত্তি  হিচাপেই  গ্ৰহণ কৰে।

প্ৰতিটো বেমাৰৰ  ঔষধ থকাৰ দৰে দুৰ্নীতি নামৰ ব্যাধিৰ  ঔষধ বা প্ৰতিকাৰ নথকা নহয়। প্ৰথমে আমি দুৰ্নীতিৰ পৰা নিজক আৰু সমগ্ৰ সমাজ তথা দেশক ৰক্ষা কৰিবলৈ হ’লে আমি প্ৰত্যেকেই দুৰ্নীতিমুক্ত মানসিকতা গঠন কৰিব লাগিব। দুৰ্নীতিক ঘিণ কৰা শিকিব লাগিব। কোনো সন্তানে  দুৰ্নীতিৰ দ্বাৰা ধন উপাৰ্জন কৰিলে পিতৃ- মাতৃয়ে সেই ধন অগ্ৰাহ্য কৰিব লাগিব। দ্বিতীয়তে আমাৰ  শিক্ষা ব্যৱস্থাত নৈতিকতাৰ শিক্ষাও অৰ্ন্তভুক্ত কৰিব লাগিব। লগতে তাত্ত্বিক শিক্ষাতকৈ কাৰিকৰী শিক্ষা প্ৰদানত শিক্ষা বিভাগে গুৰুত্ব দিব লাগিব। চতুৰ্থতে, দুৰ্নীতিৰ বিৰুদ্ধে আইন প্ৰনয়ণ কৰি দুৰ্নীতিত লিপ্ত বিষয়াক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগিব। পঞ্চমতে,  দৰিদ্ৰতা হ্রাস  কৰি উন্নয়ণৰ বাবে  নতুন নতুন আঁচনি প্ৰস্তুত কৰি  লাগিব।

সামৰণিত ক’ব পাৰি দুৰ্নীতি আমাৰ সার্বিক  উন্নয়নৰ অন্তৰায়। সেয়ে আমি আটায়ে দুৰ্নীতিৰ বিষয়ে সচেতন হৈ ইয়াৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি দুৰ্নীতিক সমূলেঞ্চ  নাশ কৰিব লাগিব।

 

অসমৰ জাতীয় উৎসৱ বিহু 

আৰম্ভিণি: বিহু হ’ল অসমৰ জাতীয় উৎসৱ। ই প্ৰেম, শান্তি, ভাতৃত্ত্ববোধ, একতা আৰু জাতীয় সংহতিৰ প্ৰতীক। বিহু মুঠতে তিনিটা, যথা: বহাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু।

বহাগ বিহু: বহাগ বিহু চ’ত মাহৰ শেষৰ দিনা  আৰম্ভ হয় আৰু ই বহাগ মাহৰ সাত তাৰিখলৈ চলি থাকে। এই বিহুৰ আৰম্ভনী দিনটো ‘গৰু বিহু’ বুলি কোৱা হয় কাৰণ এই দিনা গৰুক নৈ বা পুখুৰীত গা-পা ধুৱাই গৰুৰ শিং, মূৰ, কাণ আদিত তেল ঘঁহি ভক্তি আৰু শ্ৰদ্ধাৰে লাউ, বেঙেনা  আদি খুৱাই নতুন বছৰটোত ডাঙৰ -দীঘল হ’বলৈ শুভ কামনা কৰা হয়। পিছ দিনৰ পৰা ‘মানুহ বিহু’ আৰম্ভ হয়। ডেকা ল’ৰা-ছোৱালীহঁতে মুকলি পথাৰত নাচে আৰু বিহু গীত গায়। মানুহে নতুন কাপোৰ  লয়। এই বিহুটোৱে জীৱনৰ যৌৱন কালটোক প্ৰতিনিধিত্ব কৰে।  সেয়ে ইয়াক ‘বসন্ত উৎসৱ’ বুলিও কোৱা হয়। আত্মীয়-কুটুম্বক মাতি জা-জলপান খুওৱা হয় আৰু গামোছা উপহাৰ দিয়া হয়।  এই বিহুত মানুহে বহুত ৰং-ধেমালি আৰু ¦স্ফূর্তি  কৰে বাবে  ইয়াক ‘ৰঙালী  বিহু’ বুলিও কোৱা হয়।

কাতি বিহু: কাতি বিহু আহিন মাহৰ শেষ দিনা  আৰম্ভ হয়। এই সময়ত মানুহৰ শস্য- ভঁৰাল উদং হৈ থাকে আৰু খাদ্যৰ আকাল হয় বাবে ইয়াক ‘কঙালী বিহু’ বুলিও কোৱা হয়। এই বিহুত চোতালতে কল পুলি আৰু তুলসী ৰুই চাকি-বন্তি জ্বলাই  সন্ধিয়া ঘৰে ঘৰে নাম পদ গাই মাহ-প্ৰসাদ খোৱা হয়। সন্ধিয়া পথাৰত বন্তি জ্বলাই লখিমী দেৱীৰ শুভ আগমন আহ্বান  কৰা হয়।

ভোগালী বিহু: এই বিহু পুহ মাহৰ শেষ দিনা  আৰম্ভ  হয়।  ই সাত দিন চলে।  এই সময়ত কৃষকৰ শস্য-ভঁৰাল ধনে-ধানে পৰিপূৰ্ণ হৈ থাকে । গতিকে খাদ্যৰ কোনো অভাৱ নহয় আৰু প্ৰতি ঘৰত পিঠা-পনা, লাড়ু, খৈ, মুৰি, চিৰা আদি বনোৱা হয় আৰু আত্বীয়-কুতুম্বক মাতি খাবলৈ দিয়া হয়। সেয়ে এই বিহুক ‘ভোগালী বিহু’ বুলিও কোৱা হয়। বিহুৰ আগদিনাক ‘উৰুকা’ বোলে । উৰুকাৰ দিনা সকলোৱে মিলিজুলি লগভাত খায়। বিহুৰ দিনা সূৰ্যোদয়ৰ আগতে সকলোৱে গা-পা ধুই  ধানৰ নৰাৰে সজা ভেলা ঘৰত জুই দি অগ্নি দেৱতাৰ পূজা কৰে। আবেলি  সময়ত মুকলি পথাৰত মহ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ, কড়ি খেল, ধোপ খেল আদি অনুষ্ঠিত হয়।

সামৰণি: বিহু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। বিহুত অসমীয়া সমাজৰ স্বকীয় কলা-কৃষ্টি সুন্দৰভাবে  মূৰ্ত হৈ উঠে।  ই প্ৰেম, ভাতৃত্ত্ববোধ, মৰম, চেনেহ, শান্তি আৰু একতাৰ প্ৰতীক। অসমীয়াসকলে এই বিহুক লৈ বিশ্ব দৰবাৰত গৌৰৱ কৰে।

 

ভাৰতৰ জাতীয় সংহতি 

কোনো এখন দেশ বা জাতি একোটাৰ ভিতৰত বসবাস কৰা বিভিন্ন বৰ্ণ-সম্প্ৰদায়, ভাষা-ভাষী আৰু ধৰ্মালম্বীৰ লোকসকলৰ মাজত সমন্বয় বা একতাই জাতীয় সংহতি। উত্তৰে  হিমগিৰিৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে বিস্তৃত ভাৰতবৰ্ষ ঐক্য বা সংহতিৰ এক লীলাভূমি। এইখন ভাৰতবৰ্ষত  প্ৰাকৃতিক দিশত অনৈক্য আছে যথা-কিছুমান অঞ্চল অতিপাত ঠাণ্ডা, কিছুমান অঞ্চল অতিপাত গৰম আৰু কিছুমান অঞ্চল নাতিশীতোষ্ণ। এনেদৰে ইয়াত  বিভিন্ন ভাষা ভাষী বা সম্প্ৰদায় যথা- অসমীয়া, বঙালী, মাৰাঠী, তামিলী, হিন্দী, ৰাজস্থানী আদিৰ লোক বসবাস কৰে। আকৌ ভাৰতবৰ্ষত পৃথিৱীৰ আটাইবোৰ  ধৰ্মৰ লোক যথা- হিন্দু, বৌদ্ধ, খৃষ্টান, মুছলমান,পাৰ্চী আদি ধৰ্মৰ লোক কাহানিৰেপৰাই পৰাই বসবাস কৰি আছে। বাস্তৱত দেখা যায় ভাৰতবৰ্ষ এখন অনৈক্যৰ বিচৰণ ক্ষেত্ৰ । তথাপি এনে অনৈক্যৰ মাজত ভাৰতবাসীয়ে সংহতিৰ বান্ধোনেৰে বান্ধ খাই আছে। আজি আমি আটায়ে মহান ভাৰতৰ নাগৰিক বুলি গৰ্ব কৰো। সমগ্ৰ বিশ্বয়ো আজি ভাৰতবৰ্ষৰ সংহতিত বিষ্ময় মানে। অৰ্থাৎ ভাৰতবৰ্ষখন অনৈক্যৰ মাজত ঐক্যৰ এক বিৰল নিদৰ্শন। কিন্তু ভাৰতৰ এই ঐক্য বা সংহতি একে দিনাই স্থাপন হোৱা নাছিল। ভাৰতবৰ্ষই আজি যি সংহতি, একতাৰ গৌৰৱ বা সন্মানৰ অধিকাৰী হৈছে সেয়া ইতিহাসৰ কোনোৱা এটি যুগৰ পৰা আৰম্ভ কৰি সমন্বয় আৰু বিকাশৰ মাজেদি আজিৰ অৱস্থা পাইছেহি।

ভাৰতৰ মহান সংহতি গঠনত কেইবাটাও কাৰকে বা উপাদানে অৰিহণা আগবঢ়াইছে। প্ৰথমে ৰাজনীতিৰ কথাকেই  উনুকিয়াব পাৰি। আমি ইতিহাসত পাওঁ যীচু খ্ৰীষ্ট জন্মৰ কেইবা শতাব্দীৰ আগতে ভাৰতত ‘ভৰত’ নামৰ এজন মহান ৰজাই ডাঙৰ সাম্ৰাজ্য স্থাপন কৰিছিল। তেতিয়া এই বিশাল ৰাষ্ট্ৰৰ অধিবাসীসকলে একেজন শাসনকৰ্তাৰ অধীনত শাসিত হ’বহৈ পাই সিহঁতে এটা জাতি হিচাপে  ভাৱিবলৈ আৰম্ভ কৰিছিল। দ্বিতীয়তে মোগল সম্ৰাট সকলেও ভাৰতত এটি ডাঙৰ  সম্ৰাজ্য স্থাপন কৰি সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ মানুহক একতাৰ জৰীৰে  বান্ধিবলৈ প্ৰচেষ্টা চলাইছিল। যাৰ ফলত হিন্দু আৰু মুছলমান বা অন্যান্য সম্প্ৰদায় বা ধৰ্মালম্বী লোকসকলৰ মাজত  সমন্বয়  সম্ভৱ হৈছিল। মোগল শাসকসকলৰ পিছত ভাৰতবৰ্ষখন ইংৰাজৰ হাতলৈ যায়। সিহঁতে ভাৰতত শোষণ কৰিবলৈ লোৱাত ভাৰতীয় মানুহে ইংৰাজৰ হাতৰ পৰা দেশখন স্বাধীন কৰিবলৈ স্বাধীনতা যুদ্ধত জপিয়াই পৰিছিল। ফলত ভাৰতীয়সকলৰ মাজত সংহতিৰ ভেটিটো অধিক কটকটীয়া হয়।

দ্বিতীয়তে ধৰ্ময়ো ভাৰতীয় সংহতি স্থাপনত  ভূমিকা গ্ৰহণ কৰিছে। এই সংহতি স্থাপনৰ নায়কসকল  হ’ল কবিৰ,  শংকৰাচাৰ্য্য, নানক, শংকৰদেৱ, মাধৱদেৱ আদি ধৰ্ম সংস্কাৰক সকল। সিহঁত আটাযে ভাৰতত একেশ্বৰবাদ প্ৰচাৰ কৰে। সিহঁতে সকলো মানুহকে ঈশ্বৰৰ সন্তান বুলি উদাৰ মনোভাৱ গ্ৰহণ কৰি ভাৰতীয় জীৱনত প্ৰভাৱ পেলায়। ফলত সকলো ধৰ্মৰ মাজত সমন্বয় আৰম্ভ হয়। গুৰু নানকক হিন্দুসকলে ‘গুৰু’ আৰু মুছলমানসকলে ‘পীৰ’ বুলি মান্য কৰে-

“গুৰু নানক ছাহ ফকিৰ

হিন্দুকা গুৰু মুছলমান কা পীৰ।”

ভাৰতত মোগল সম্ৰাটসকলৰ ধৰ্মীয় নীতিয়ো ভাৰতীয় সংহতি স্থাপনৰ এটি উপকাৰক। মোগল সম্ৰাটসকলে সকলো প্ৰজাক সমান চকুৰে চোৱা আৰু যোগ্যতাৰ ভিত্তিত  ৰাজসভাত স্থান দিয়া উদাহৰণ ইতিহাসত আছে। আকবৰে হিন্দু পণ্ডিত টোডৰমল আৰু বীৰবলক ৰাজসভাত বিষয়-ভাৱ দিছিল। ইয়াৰোপৰি মোগল সম্ৰাটসকলে হিন্দু কোঁৱৰীৰ পাণিও গ্ৰহণ কৰি ধৰ্মীয় ঐক্য সাধনত ইন্ধন যোগাইছিল। স্বাধীনতা পোৱাৰ পিছত ভাৰতীয় সংবিধানে সকলো ধৰ্মৰ লোকসকলৰ বাবে একে নীতি, একে ভূমি, একে শাসন প্ৰবৰ্তন কৰি ধৰ্মনিৰেপক্ষতা বজাই ৰখাত গুৰুত্ব দিয়ে। ফলত ধৰ্মীয় সহনশীলতাৰ প্ৰকোপ বাঢ়ি সংহতি স্থাপনত অৰিহণা যোগাইছে।

তৃতীয় শক্তিশালী কাৰকটো হ’ল ভাৰতীয় সমাজত চলি থকা ধৰ্মীয় উৎসৱ -পাৰ্বনসমূহ। আজি দুৰ্গা পূজা, লক্ষ্মী পূজা, স্বৰস্বতী পূজা, শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা আদি অকল হিন্দুসকলৰ উৎসৱ নহয়; এইবোৰ উৎসৱত সকলো ধৰ্মৰ মানুহে অংশ গ্ৰহণ কৰি সৰ্বভাৰতীয় উৎসৱত পৰিণত কৰিছে।

চতুৰ্থতে ভাষা আৰু সাহিত্যেয়েও জাতীয় সংহতি স্থাপনত বৰঙণি  আগবঢ়াইছে। আজি ৰামায়ণ, মহাভাৰত, পুৰাণ অকল হিন্দুসকলৰ গ্ৰন্থ নহয়। ই ভাৰতীয়সকলৰ উমৈহতীয়া আদৰ্শ বা আধ্যাত্মিক  প্ৰেৰণাৰ গ্ৰন্থ। বহু মুছলমানেও  হিন্দুৰ ধৰ্ম গ্রন্থবোৰৰ  পৰা আধ্যাত্মিক নিৰ্য্যাস আহৰণ কৰি আছে। মোগল সম্ৰাট ছাহজাহানৰ পুত্ৰ দাৰা ছিকো এজন পাৰ্চী, আৰৱী আৰু সংস্কৃত ভাষাৰ পণ্ডিত আছিল। সাহিত্যৰ দিশত ইকবাল, ৰবীন্দ্ৰনাথ, নজৰুল আদি সাহিত্যিকৰ ধৰ্মনিৰেপক্ষ লিখনিয়ে সকলো ভাৰতীয়কে উদ্বুদ্ধ  কৰে। ৰবীন্দ্ৰনাথে ভাৰতীয় সংহতিক স্বীকাৰ কৰি লিখিছে-

“হেথায় আৰ্য হেথায় অনাৰ্য,

হেথায় দ্ৰাবিড় চীন

হক,শূণ  দল পাঠান মোগল

এক দেহে হ‘ল লীন।”

স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত যাতায়ত, যোগাযোগ, ব্যৱসায় বাণিজ্য আদি সম্প্ৰসাৰিত হৈছে। যাৰ ফলত বিভিন্ন অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত যোগাযোগ আৰু মিলা-মিছা সম্ভৱ হৈ সংহতি স্থাপনত অৰিহণা যোগাইছে।

এনেদৰে অনৈক্যৰ লীলাভূমি ভাৰতবৰ্ষত উক্ত কাৰক সমূহে সংহতি স্থাপন কৰি আজি মহান ভাৰতীয় জাতি গঠন কৰিছে।

ভাৰতবৰ্ষ সংহতিৰ দিশত বিশ্বৰ ঈৰ্ষাৰ পাত্ৰ হলেও ভাৰতত সংহতিৰ পথত কাঁইট বা বাধা নথকাও নহয়। আজি এচাম গোড়া স্বাৰ্থান্বেষী লোকে ভাৰতত সম্প্ৰদায়িকতাৰ বিষ-বাষ্প বিয়পাই দিছে। ফলত বিভিন্ন সম্প্ৰদায় আৰু ধৰ্মালম্বীসকলৰ মাজত বৈষম্য তথা হিংসা-হিংসিৰ ঘটনা ঘটিবলৈ পাইছে। উদাহৰণ স্বৰূেপ ১৯৫০ চনত হোৱা হিন্দু মুছলমান সংঘৰ্ষ, ১৯৮০-৮৫ চনত অসমীয়া আৰু মুছলমান সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষ, যোৱা ২০০৩ ত সংগঠিত হোৱা গুজৰাটৰ হিন্দু-মুছলমান সংঘৰ্ষ, অসমৰ পৰা বিহাৰী খেদা আন্দোলন আদি কিছুমান বিক্ষিপ্ত উদাহৰণ।

উক্ত ঘটনাবোৰে   ভাৰতীয় মহান সংহতিত কিছু আঘাত হানিলেও সেয়া ক্ষণস্থায়ী। ইয়াৰ বাবে  ঘাইকৈ ৰাজনৈতিক নেতাবোৰৰ স্বাৰ্থান্বেষী মনোভাৱেই  সততে দায়ী। অৱশ্যে ভাৰতৰ জাতীয় সংহতিত আজি চৰম পৰ্যায়ত থকা বুলি ক’ব নোৱাৰি। কিয়নো অন্যান্য কিছুমান বৈষয়িক তথা ধৰ্মীয় কাৰণো ইয়াৰ বাবে  দায়ী। বৈষয়িক কাৰণৰ ভিতৰত ভাৰতত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা অধিক। দৰিদ্ৰতাৰ কবলত পৰি কেতিয়াবা শিক্ষিত বা অশিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে নানান কুটাঘাতমুলক কামত ব্যস্ত হয়-যিবোৰ কামে বহু সময়ত সোঁচৰা বেমাৰৰ দৰে জনসাধাৰণৰ মাজত অশান্তি তথা সাম্প্ৰদায়িক হিংসা খৰিয়ালৰ উদ্ভৱ কৰে।

ভাৰতৰ জাতীয় শক্তি অটুট ৰখাৰ লগতে ইয়াক অধিক শক্তিশালী কৰি তুলিবলৈ সাম্প্ৰদায়িকতাবাদ সমূলেঞ্চ নিৰ্মূল কৰিব লাগিব। লগতে আজি আমাৰ দৃষ্টিভঙ্গী উন্নত কৰি  আমি যে আটাইয়ে ঈশ্বৰৰ সন্তান- সেয়া সদায় মনত ৰাখি আৰু হিংসা, ঈৰ্ষা আদি পাহৰি আমি ভাৰতীয় বুলি একে পতাকাৰ তলত থিয় দি জাতীয় সংহতি বজাই ৰখাত আগবাঢ়ি  আহিব লাগিব। অন্যথা বৰ্তমান সৰু সুৰা ‘সাম্প্ৰদায়িতা’ নামৰ স্ফুলিংগই প্ৰকাণ্ড অগ্নিকুণ্ড হৈ আমাক নিঃশেষ কৰিব।

 

অসমৰ বানপানী

আৰম্ভণি: পানীৰ অস্বাভাৱিক বাঢ়নিয়েই বানপানী। ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে আটাইতকৈ বেছি বানপানী আসক্ত প্ৰদেশ। বৰ্ণনাতীত কালৰে পৰা অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জন-জীৱন বানপানীৰ দ্বাৰা সকৰুণভাবে প্ৰভাৱিত হৈ আহিছে।  ই হ’ল অসমৰ এক স্বতঃস্ফূর্ত  প্ৰাকৃতিক বিপৰ্যয়। 

বানপানীৰ কাৰণ ঃ অসমৰ বানপানীৰ বাবে  বহুতো উৎস দায়ী, যথা: 

প্ৰথমতে, গ্ৰীষ্ম কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়, যাৰ ফলত অসমৰ বাট-পথ, গাওঁ-ভূই প্লাৱিত হৈ বাপানীৰ সৃষ্টি হয়। 

দ্বিতীয়তে, অসম হৈছে পাহৰ আৰু পবর্ত, নদী আৰু উপনদী, জান আৰু জুৰিৰ দেশ। ইয়াৰ ওচৰে-পাঁজৰে থকা  পাহাৰ আৰু পর্বত  (বিশেষকৈ হিমালয় পৰ্বত ) সমূহত জমা হৈ থকা বৰফবোৰ  গ্ৰীষ্ম ঋতুত  সূৰ্যৰ তাপত গলি অসমৰ ব্রহ্মপুত্ৰ আৰু ইয়াৰ  উপনৈসমূহ প্লাৱিত কৰি বানপানীৰ সৃষ্টি কৰে।

তৃতীয়তে, চৰকাৰে নিৰ্মাণ কৰা নলী-নৰ্দমা, দলং, কালভাৰ্ট, নদীৰ মাথাউৰি আদিত বহুতো আসোঁৱাহ থকাৰ বাবে বাৰিষা কালত পানীৰ হেচাঁত ভাঙি-চিঙি  নদী উপ-নদীৰ পানী গাওঁ-ভূই, শস্য পথাৰ আদিত সোমাই  বানপানীৰ সৃষ্টি কৰে। 

বানপানীৰ প্রভাব: বানপানীৰ প্ৰভাৱ  অসমবাসীৰ কাৰণে সুদূৰ-প্ৰসাৰী। ই মানুহৰ খেতি-বাতি, পথাৰ, পুখুৰী আদি নষ্ট কৰাৰ উপৰিও হাজাৰ হাজাৰ ঘৰবাৰী, ভিটা-মাটি উচ্ছন্ন কৰে।  বহু পৰিয়ালক  গৃহহীন কৰে। বহু মানুহক জীৱন্তে উঠাই লৈ গৈ সলিল সমাধি ঘটায়। ই ৰাস্তা-ঘাট, সাঁকো, দলং, আদিৰ ক্ষতি সাধন কৰি যোগাযোগ বিচ্ছিন্ন কৰে। 

তাৰোপৰি বানপানীৰ পিছতো গেলা-পচা বস্তু আৰু মৰা-শৰ গোন্ধই পৰিৱেশ  দূষিত কৰি অনাহাৰ -অনিদ্ৰাত ভূগি থকা মানুহক বেমাৰত  পেলায়।  কেতিয়াবা কেতিয়াবা মহামাৰীৰ সৃষ্টি কৰি বহুত লোকৰ প্ৰাণ নাশ কৰে। ফলত সামাজিক, আৰ্থিক, আৰু সাংস্কৃতিক দিশত অৱনমন ঘটে। মুঠতে বানপানীয়ে অসমবাসীৰ কাৰণে চৰম অভিশাপ হৈ জন- জীৱন সকৰুণভাৱে বিধবস্ত কৰে।

বানপানী ৰোধৰ উপায়: প্ৰতিটো সমস্যাৰ সমাধান থকাৰ দৰে বানপানী নামৰ দৈত্যটোক ৰোধ কৰাৰো উপায় নিশ্চয় আছে। ইয়াক ৰোধৰ বাবে  আমি তলত দিয়া উপায়বোৰ  গ্ৰহণ কৰিব পাৰো: 

প্ৰথমতে,  মহাবাহু ব্রহ্মপুত্ৰক বৈজ্ঞানিকভাৱে নিয়ন্ত্ৰণ কৰি বা দুয়ো পাৰে শক্তিশালী মাথাউৰি বান্ধি ইয়াৰ জলশক্তিক অন্য কামত ব্যৱহাৰ কৰিব পাৰিলে বানপানীৰ প্ৰাৱল্যৰ পৰা নিশ্চয় অসমবাসী সকাহ পাব। 

দ্বিতীয়তে, ব্রহ্মপুত্ৰ নদীৰ সকলো উপনদীসমূহকো সুপৰিকল্পিতভাবে  নিয়ন্ত্ৰণ কৰি স্থায়ীভাৱে মাথাউৰি নিৰ্মাণ কৰাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিব লাগে।

তৃতীয়তে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে  অধিক গছ-গছনি ৰুব লাগে আৰু যধে-মধে গছ-গছনি কটা ৰোধ কৰিব লাগে।

চতুৰ্থতে, সুপৰিকল্পিতভাৱে  আলিবাট, কালভাৰ্ট, দলং আদি নিৰ্মাণ কৰিব লাগে যাতে অতিৰিক্ত পানীৰ প্ৰাৱল্য  প্ৰতিৰোধ কৰিব পাৰে।

পঞ্চমতে, হ্রস্বম্যাদী আঁচনিবোৰৰ  ভিতৰত বানপানীয়ে সৃষ্টি কৰা দুৰ্যোগ চম্বালিবলৈ চকৰকাৰী অনুদান, বৰঙণি, সাহাৰ্য আদি বৃদ্ধি কৰিব লাগে আৰু কোনো ধৰণৰ ৰঙা-ফিটাৰ মেৰপাক সোমাব নিদিয়াকৈ ৰাইজক যোগান ধৰিব লাগে।

সামৰণি: অসমৰ বানপানী যদি নিয়ন্ত্ৰণ কৰিব পৰা যায়, তেন্তে অসম তথা ভাৰতৰ অৰ্থনীতি নিশ্চয় টনকীয়াল হ’ব আৰু অসম ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত এক লেখতলবলগীয়া ৰাজ্যত পৰিণত হ’ব।

 

অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ

অলেখ- অপাৰ প্ৰাকৃতিক সম্পদেৰে বিনন্দীতা ভাৰতৰ নুমলী জীয়ৰী অসমখন হ’ল প্ৰকৃতিৰ এক ৰম্যভূমি। অসংখ্য সেউজীয়া গছ-গছনি, পাহাৰ-পৰ্বত, নদ-নদী আদিৰে পৰিবেষ্টিতা প্ৰকৃতিৰ এই ৰম্যভূমিলৈ গতানুগতিক ছন্দৰে প্ৰতি বছৰেই বিভীষিকাময় সংহাৰী ৰূপত নামি আহে এক সহজাত অভিশাপ – অভিশাপটিৰ নাম ‘বানপানী’। ইতিহাস-বিষ্মৃত দিনৰ পৰাই বানপানীয়ে অসমী আইৰ আঁচলৰ ধন: জীৱজন্তু, মানুহ-দুনুহ, গছ-গছনি, শস্য-মৎস্য আদি লুটি নি অসমীয়া জাতিৰ সার্বিক  উন্নয়ণ অৱদমিত কৰি ৰাখিছে আৰু আজি বানপানী নামৰ অভিশাপটো হৈ পৰিছে অসমীয়া জাতিক তিল তিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া মৃত্যুদূত স্বৰূপ।

But no effect without cause- কাৰণ অবিহনে  কাৰ্য নহয়। প্ৰতিবছৰে অসমলৈ নামি অহা বানপানী সৃষ্টিৰো কাৰণ আছে, যথা:

প্ৰথমতে, অসম হ’ল মৌচুমী বতাহৰ দেশ। প্ৰতি বছৰে বৰ্ষাকালত মৌচুমী বতাহৰ প্ৰভাৱত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। সেই বৰষুণৰ পানীয়ে অসমৰ নদ-নদীত অধিক পানী বোৱাই বানপানীৰ সৃষ্টি কৰে।

দ্বিতীয়তে, অসম হ’ল নদী মাতৃক দেশ। ইয়াত অসংখ্য নদ-নদী আছে। মহাবাহু ব্রহ্মপুত্ৰৰ লগতে ইয়াৰ আটাইবোৰ  উপ-নৈসমূহ বাৰিষা কালত সূৰ্যৰ পোহৰত হিমগিৰি হিমালয়ৰ গাত জমা হৈ থকা বৰফ গলি নৈসমূহেদি বৈ  অহা পানী ধাৰণ কৰিব নোৱাৰি পাৰ ওপচাই বানপানীৰ সৃষ্টি কৰে।

তৃতীয়তে, ইতিহাসে গৰকা ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পই  ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বুকু  বহুত ওপৰলৈ দাং খুৱালে। ফলত আগতে যিখিনি পানী এইবোৰে  ধাৰণ কৰিব পাৰিছিল, আজি তাতকৈ কম পানী ধাৰণ কৰিব পাৰে। ফলত বাৰিষাৰ লগে লগে নদীবোৰ পানীৰে নধৰা হৈ অতিৰিক্ত পানীখিনি গাওঁ-ভূইলৈ সোমাই আহি বানপানীৰ সৃষ্টি কৰে।

চতুৰ্থতে, অসমত আজি লাগ-বান্ধ নোহোৱাকৈ নিৰ্দ্বিধাই গছ-গছনি কাটি পেলোৱা হৈ আছে। ফলত নদীৰ পাৰত খহনীয়াৰ সৃষ্টি হৈ পাৰৰ মাটি নদ-নদীৰ বুকুলৈ উঠি গৈ নদীবোৰ তৰাং হৈ পৰিছে – যি পৰিস্থিতিত নদীসমূহৰ ধাৰণ ক্ষমতা যথেষ্ট পৰিমাণে কমি আহি বানপানীৰ সৃষ্টিত অৰিহণা যোগাইছে।

পঞ্চমতে, অসমৰ নদ-নদীসমূহ আজিলৈ চৰকাৰী পৰিকল্পনাৰ ছত্ৰ-ছায়াত সোমাব পৰা নাই। চৰকাৰে অপৰিকল্পিতভাবে  যি ৰাস্তা-ঘাট বা মাথাউৰি বান্ধিছে সেইবোৰ বাৰিষাৰ প্ৰৱল পানীৰ ঢৌক বাধা দিব নোৱাৰি অসমৰ নদীসমূহৰ পানী সহজে ভিতৰুৱা খেতি-পথাৰলৈ সোমাই আহি বানপানীৰ সৃষ্টি কৰে।

প্ৰতিটো কাৰ্যৰে ফল থকাৰ দৰে অসমৰ প্ৰলয়ংকাৰী বানপানীৰো ইতিবাচক আনকি নেতিবাচক ফলো আছে। কিন্তু অসমৰ বানপানীৰ ক্ষেত্ৰত ইতিবাচক দিশতকৈ নেতিবাচক দিশেই বহুত বেছি, যথা –

প্ৰথমতে, অসমৰ বানপানীয়ে প্ৰতিবছৰে অসমীয়া কৃষক সমাজৰ অবৰ্ণনীয় ক্ষতি কৰে। শস্য, গছ-গছনি, নাদ, পুখুৰী, আদি নষ্ট কৰি অসমীয়া মানুহক দুর্ভিক্ষৰ কবলত পেলায়। মানুহ-দুনুহ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। ঘৰ-দুৱাৰ ভাঙি-চিঙি অসংখ্য্য মানুহক অঘৰীৰ পথলৈ ঠেলি দিয়ে। অসমৰ কিছুমান অঞ্চল বানপানী তথা ব্রহ্মপুত্ৰৰ কৰাল গ্ৰাসত পৰি চিৰদিনৰ বাবে  নিঃশ্চিহ্ন হৈ গৈছে। উদাহৰণ স্বৰূেপ তাৰাবাৰী, পলাশবাৰী, নাওপাৰা  আদি ঐতিহ্যমণ্ডিত অঞ্চল ব্রহ্মপুত্ৰৰ বুকুত জাহ গৈছে।

দ্বিতীয়তে, বানপানাীয়ে অসমৰ ৰাস্তা-ঘাট, দলং-সাঁকো, আদিৰ বিস্তৰ ক্ষতি সাধন কৰি অসমৰ যোগাযোগ  ব্যৱস্থা স্থবিৰ কৰি ৰাখে। ফলত ব্যৱসায়-বাণিজ্যৰ যথেষ্ট ক্ষতি সাধন হোৱাৰ উপৰিও অসমৰ উদ্যোগিকৰণো অনুন্নত কৰি ৰাখিছে।

তৃতীয়তে, বানপানীৰ সময়ত  অলেখ-অপাৰ ক্ষতি  হোৱাৰ উপৰিও বানপানীৰ অন্তত কেঁচা ঘাত নেমু টেঙা  দিয়াদি দেখা দিয়ে মহামাৰী সদৃশ নানা বেমাৰ-আজাৰ। ইতিমধ্যে বানপানীয়ে ভাঙি  থৈ যোৱা ৰাজহাড়ডালৰ যন্ত্ৰণাত ছটফটাই থকা অসমীয়া মানুহে সোণকালেই বেমাৰ -আজাৰত আক্ৰান্ত হৈ জীয়াতু ভূগি অকালতে সিপুৰীলৈ যাত্ৰা কৰে।

মুঠতে বানপানীয়ে আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ব ক্ৰমান্বয়ে ধূলিসাৎ কৰি প্ৰকৃতিৰ বুকুত জীৱন্ত  কংকালত পৰিণত কৰি আছে।

অসমত প্ৰতিবছৰে বানপানী হয় আৰু প্ৰতিবছৰেই অসমৰ সীমাহীন ক্ষতিসাধন কৰে যদিও অসমৰ ইতিহাসত ১৯০৪ চনৰ, ১৯৮৪ চনৰ আৰু ২০০৪ চনৰ বানপানীৰ ক্ষয়-ক্ষতি উদাহৰণযাগ্য। ১৯৩৪ চনত নগাওঁ জিলাত কপিলী নদীৰ প্ৰলয়ংকৰী বানে নজিৰবিহীন ক্ষতি সাধন কৰে। ১৯৮৪ চনত অসমৰ বৰেপটা জিলা, ধেমাজী জিলা, গোৱালপাৰা, বঙাইগাওঁ আদি অঞ্চলত তাণ্ডৱলীলা  চলাই সেই অঞ্চলবোৰৰ  বাসিন্দাসকলক যি নাৰকীয় যন্ত্ৰণা ভূগালে সেয়া কাৰো অবিদিত নহয়। সেইদৰে যোৱা ২০০৪ চনৰ বানপানীয়ে অসমৰ পশ্চিম অঞ্চলটোত ইমানেই ক্ষতি সাধন কৰিলে যেন এই অঞ্চলটোলৈ ঈশ্বৰৰ প্ৰলয়ৰ দিনহে নামি আহিছিল।

প্ৰতিটো সমস্যাৰে সমাধানৰ উপায় থকাৰ দৰে অসমৰ এই  প্ৰলয়ংকৰী বানপানীৰো সমাধান বা প্ৰতিকাৰ নথকা নহয়। কিন্তু ইয়াৰ বাবে  লাগে মাথো  সদ ইচ্ছা আৰু গঠনমূলক ব্যৱস্থাক কাৰ্যকৰী কৰাৰ মানসিকতা। বানপানী যিহেতু আমাৰ উমৈহতীয়া সমস্যা সেয়ে এই সমস্যা সমাধানত চৰকাৰেই আগভাগ লব লাগিব আৰু ৰাইজেও ইয়াৰ বাবে হাতে হাত মিলাই  আগবাঢ়ি  আহিব লাগিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ মিলি অসমক এই বানপানীৰ দুৰ্যোগৰ পৰা চিৰদিনৰ বাবে  মুক্ত কৰিবলৈ হ্ৰস্ব কালীন আৰু দীৰ্ঘকালীন ব্যৱস্থা অচিৰেই গ্ৰহণ কৰিব লাগিব। দীৰ্ঘকালীন ব্যব্যস্থাবোৰৰ  ভিতৰত তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে।

প্ৰথম, অসমৰ নদ-নদীসমূহৰ তলি খান্দি সেইবোৰৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰিব লাগিব যাতে বাৰিষা কালত অতিৰিক্ত পানীখিনি নদ-নদীয়ে সহজে বহন কৰিব পাৰে।

দ্বিতীয়তে, নদ-নদীসমূহক দুয়োফালৰ পৰা শক্তিশালী মাথাউৰীৰ দ্বাৰা বেষ্টন কৰিব লাগিব যাতে নদীৰ বাঢ়নি  পানী ভিতৰুৱা অঞ্চললৈ সোমাই আহি গাওঁ-ভূই  শস্য-পথাৰ আদি বুৰাই পেলাব  নোৱাৰে।তৃতীয়তে, অসমৰ নদীসমূহৰ গঢ়াখহনীয়া ৰোধ কৰাৰ অৰ্থে নদীৰ পাৰত বুৰুজ আদি দিয়াৰ উপৰিও নদীৰ পাৰত গছ-গছনি আদি ৰুই দিব লাগিব।

ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ আজি কেইবা  দহক পাৰ হৈ গ’ল যদিও আজিলৈ অসমৰ বানপানীৰ  স্থায়ী সমাধান নোহোৱাটো আমাৰ সকলোৰে বাবে  মহা লাজৰ কথা। ইতিমধ্যে চৰকাৰে ‘বান নিয়ন্ত্ৰন বোৰ্ড’, ‘ ব্রহ্মপুত্ৰ বোৰ্ড’ আদি গঠন কৰিছে যদিও সেইবোৰৰ  কাম-কাজ আজিলৈ বাস্তৱ ৰূপ পোৱা নাই। সেয়ে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে  স্বীকৃতি দি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে অচিৰেই বিশেষ আঁচনিৰ যোগেদি বাননিয়ন্ত্ৰন আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে স্থায়ী ব্যৱস্থা কাৰ্যকৰী কৰিব লাগে।

অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিব পাৰিলে আৰু ইয়াৰ জল সম্পদখিনি উপযুক্তভাবে  খটুৱাব পাৰিলে অৰ্থাৎ জলবিদ্যুৎ উৎপাদন, মৎস্য পালন, জলযানৰ যোগাযোগ বৃদ্ধি আদি আঁচনি গ্ৰহণ কৰিব পাৰিলে অসমৰ বানপানী অসমৰ বাবে  অভিশাপ নহৈ অসম তথা ভাৰতবৰ্ষৰ বাবে  আৰ্শীবাদত পৰিণত হ’ব যেনেদৰে একালৰ আমেৰিকাৰ দুখ ‘টেনিচ‘ নদী আৰু চীনৰ ‘হোৱাংহো’ নদী আজি দুয়োখন দেশৰ বাবে  আৰ্শীবাদ স্বৰূপ হৈ পৰিছে।

 

 মোৰ প্ৰিয় কবি নলিনীৱালা দেৱী

মোৰ স্কুলীয়া জীৱনৰ প্ৰাৰম্ভিকতে মাতৃভাষাৰ বৰ্ণমালা উচ্চাৰণ কৰিব পৰা হোৱাৰে পৰা মই সাহিত্য-বিশেষকৈ কবিতাৰ প্ৰেমত পৰো। সেয়ে তেতিয়াৰ পৰা মই মোৰ পাঠ্যপুথি অধ্যয়ন কৰাৰ লগতে ঢৌতে  খৰমাৰি বিভিন্ন কবিৰ কবিতাৰ সোৱাদ লওঁ। আজি কবিতা অধ্যয়ন মোৰ অকল অভিৰুচিয়েই নহয়, ই মোৰ নিচা আৰু নিৰ্জন সময়ৰ বিনোদনত পৰিণত হৈছে। আজিলৈকে মই যিকেইজন কবিৰ কবিতা অধ্যয়ন কৰিছো, সেইসকল কবিৰ প্ৰায় আটাইকেইজনেই মোৰ প্ৰিয় যদিও আজি মই মোৰ প্ৰিয় কবিৰ বিষয়ে লিখিব লগা হোৱাত মোৰ প্ৰিয় কবিৰ তালিকাৰ পৰা এজনী অসমীয়া মহিলা কবিক বাছি ললো- যিজনীয়ে ব্যক্তিগত জীৱনত মাতৃ মেদিনীৰ সমস্ত কাৰুণ্য, সাহিষ্ণুতা আৰু ধৈৰ্য্যৰ ভাণ্ডাৰ বুকুত লৈ পূর্ব্ব -দৃষ্টান্তহীন অতীন্দ্ৰিয় ৰহস্যবাদী অনুভূতিৰ ব্যঞ্জনাৰে লালিত্যময় ছন্দসজ্জাত কবিতা ৰচনা কৰি অসমীয়া কাব্য কাননৰ ভঁৰাল চহকী কৰাৰ লগতে অসমীয়া কাব্য প্ৰেমী পাঠকক চিৰ দিনৰ বাবে  হৃদয় স্পৰ্শী সুৰৰ মুর্ছনাৰে মোহিত কৰি ৰাখিছে- সেই মহিমামণ্ডিতা  কবিজনীৰ নাম নলিনীৱালা দেৱী।

মোৰ প্ৰিয় কবি নলিনীৱালা দেৱীৰ জন্ম হয় ১৮৯৮ চনত। তেওঁৰ পিতৃৰ নাম আছিল নবীন চন্দ্ৰ বৰদলৈ- যাক অসমীয়া জাতিয়ে ‘কৰ্মবীৰ’ উপাধিৰে বিভূষিত কৰিছিল। তাইৰ মাতৃৰ নাম আছিল হেমন্ত কুমাৰী দেৱী। সেই সময়ত কু-সংস্কাৰাচ্ছন্ন অসমীয়া সমাজত নাৰী শিক্ষাৰ প্ৰচলন নাছিল বাবে নলিনীৱালাই আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিতা হৈছিল। তাৰোপৰি সেই সময়ত সমাজত প্ৰচলিত বাল্য বিবাহৰ  বলি হৈ মাত্ৰ এঘাৰ বছৰ বয়সতে জীৱেশ্বৰ চাং কাকতি নামৰ ডেকা এজনৰ লগত বিয়া হয়। কিন্তু স্বামীৰ ঘৰত সুখে সন্তোষে  থকাৰ যি ৰঙীন  কল্পনা লৈ তাই বিয়াত সোমাইছিল সেয়া বহু বছৰ নৰজিল। মানুহে পাঙে  ঈশ্বৰে ভাঙে – কথাফাকিৰ দৰে তাইৰ ৰঙীন  কল্পনা মাত্ৰ বিশ বছৰ বয়সতে ধূলিসাৎ  হৈ বৈধব্যৰ বগা কােপাৰ মূৰত ললে। স্বামী চাংকাকতিয়ে মাত্ৰ আঠ বছৰ বৈবাহিক জীৱন-যাপন কৰি তাইক পাঁচজন পুত্ৰ সন্তান উপহাৰ দি পৰপাৰলৈ গমন কৰে। নলিনীৱালাই বৈধব্যৰ জ্বালা বুকুত বান্ধি সন্তানসহ পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ঘৰত আশ্ৰয় ললে। স্বামী বিয়োগৰ চিতা-জুইকুৰা বুকুত দাউ-দাউকৈ জ্বলি থকাৰ সময়তেই ভূতৰ ওপৰত দানহ পৰাৰ দৰে তাইৰ দুটি পুত্ৰ সন্তানৰ অকাল মৃত্যু হয়। স্বামী শোক আৰু পুত্ৰ শোকত ম্ৰিয়মান নলিনীৱালাই পিতাকৰ পৰামৰ্শমতে বুকুৰ জুই কুৰাৰ  পৰা অলপ হ’লেও উপশম পোৱাৰ অৰ্থে ঘৰত অসমীয়া, বাংলা আৰু সংস্কৃত পঢ়িবলৈ আৰম্ভ কৰে। বিভিন্ন কিতাপ-পত্ৰ পঢ়ি সাহিত্যৰ জ্ঞান লাভ কৰি শোক-তাপৰ শেষ আশ্ৰয় হিচাপে  কাব্য ৰচনাত হাত দিয়ে।

১৯২৮ চনত তেখেতৰ প্ৰথম কবিতাৰ পুথি “সন্ধিয়াৰ সুৰ” প্ৰকাশ পায়। লগে লগে অসমীয়া কাব্য কাননত এটি নতুন  প্ৰতিভা প্ৰতিভাত হ’ল। ইয়াৰ পিছত তাই আৰু ৰব লগা হোৱা নাই। এটাৰ পিছত এটাকৈ কবিতা পুথি প্ৰকাশ হৈ থাকিল। তাইৰ কবিতা পুথিৰ ভিতৰত- সপোনৰ  সুৰ, পৰশ মণি, যুগ দেৱতা, স্মৃীতিতীৰ্থ, অলকানন্দা  আদি প্ৰকাশ পায় আৰু পাঠক সমাজৰ পৰা বিপুল সমাদৰ লাভ কৰে।

তাইৰ কাব্য-প্ৰতিভাৰ স্বীকৃতি হিচাপে  ‘অলকানন্দা’ কাব্য পুথিৰ বাবে  ১৯৬৮ চনত সাহিত্য একাডেমীৰ পুৰষ্কাৰ লাভ কৰে। ১৯৪৭ চনত অসম চৰকাৰে তাইলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়। ১৯৫১ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ একবিংশতম অধিবেশনত সভানেত্ৰী পদ অলংকৃত  কৰে। ১৯৫৫ চনত দিল্লীত অনুষ্ঠিত  হোৱা সৰ্বভাৰতীয় কবি সন্মিলনীলৈ আমন্ত্ৰিত হৈ ভূয়সী প্ৰশংসা পোৱাৰ লগতে ৰাষ্ট্ৰপতিৰ সম্ভৰ্ধনা লাভ কৰে।

কবিতা ৰচনাৰ উপৰিও তাই জীৱনী গ্ৰন্থ, নাটক আৰু আত্ম-জীৱনীও ৰচনা কৰে। অতীন্দ্ৰিয় ৰহস্যবাদ, স্বদেশ প্ৰেম, প্ৰেম-বিৰহ  তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।

এই গৰাকী মহান কবিৰ মহাপ্ৰয়াণ ঘটে ১৯৭৭ চনত।

এতিয়া প্ৰশ্ন হ’ল মই মোৰ আন আন প্ৰিয় কবিৰ মাজৰ পৰা নলিনীৱালা দেবীক   মোৰ প্ৰিয় কবি হিচাপে  বাছি ললোঁ কিয় ?তাইৰ কবিতাৰ বৈশিষ্ট্য বিশ্লেষণ কৰিলেই ইয়াৰ  কাৰণেবাৰ ওলাই পৰিব, যথা-

প্ৰথমতে, নলিনীৱালাৰ কবিতা অতীন্দ্ৰিয় ৰহস্যবাদৰ সুৰেৰে পুক্ত । মানুহে ৰোগ, শোক, জৰা, মৃত্যু আদিৰে ভৰপুৰ পৃথিৱীত প্ৰশান্তি আৰু সমান্তৰাল শেষ আশ্ৰয় হিচাপে আধ্যাত্মিক চিন্তাত মনোনিেবশ কৰে। তাইৰ কবিতাই শোকাকুল পাঠকক সেই আধ্যাত্মিকতাৰ খোৰাক যোগায়। কবি গৰাকীয়ে বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো ধূলি-বালিত ঈশ্বৰৰ  সন্ধান পাইছে। সেয়ে তাই গাইছে-

“জগতৰ প্ৰতি ৰেণু মাজে

আছা তুমি জানো ভালকৈয়ে।”

কবিয়ে ভাৱিছে মানৱ আত্মাৰ শেষ আশ্ৰয় ঈশ্বৰৰ কোলাত। তাইয়ো ঈশ্বৰ আত্মাৰ লগত বিলীন হ’বলৈ হাবিয়াস কৰি গাইছে-

“তুমি জ্যোতি মই ৰেণু

হে  অৰূপ ৰূপৰ আলয়

অনুৰুপে  অনাদিত

তোমাতেই লীন হ’ম গৈ।”

কবি নলিনীবালাই ঈশ্বৰক  মহাশক্তিশালী সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু বিনাশকৰ্তা হিচাপে  উপলব্ধি কৰি মানৱ জীৱন যে ঈশ্বৰৰ হাতৰ পুতুলা- ঈশ্বৰৰ ইচ্ছাতে পৰিচালিত হৈ আছে, সেয়া প্ৰকাশ কৰি লিখিছে-

“কাৰোবাৰ মুখত হাঁঁহি

চকুপানী কাৰোবা বোৱাই,

হিয়া জুৰি জুই জ্বালি

শান্তি ঢালি, দিয়া নুমুৱাই।”

দ্বিতীয়তে, মই তাইৰ কবিতা ভালপোৱাৰ আন এক কাৰণ হৈছে, তাইৰ কবিতাত সততে পোৱা দেশপ্ৰেমৰ অবিমল উৎস। কবিয়ে নিজৰ দেশক ইমানেই ভাল পায় যে মাতৃভূমিয়েই তাইৰ বাবে  স্বৰ্গ। তাই কৈছে-

“তোমাৰ ই ধূলি বালি

তোমাৰ আকাশ বায়ু

আই মোৰ সৰগৰ বাস;

তুমি মোৰ মৰতৰ

পুণ্য মুকুতিৰ ভূমি

তুমি মোৰ তীৰ্থৰ প্ৰবাস।”

কবিজনীৰ দেশপ্ৰেমমূলক কবিতাৰাজিয়ে পাঠকৰ মন-প্ৰাণত দেশপ্ৰেমৰ ভাৱেৰে আপ্লুত কৰি স্বদেশ প্ৰীতিৰ বাবে  উদ্বুদ্ধ কৰে।

তৃতীয়তে, তাইৰ কবিতাৰ আন এক অবিমল উৎস হ’ল তাইৰ প্ৰেমানুভূতি। তাই নিজৰ স্বৰ্গগত স্বামীগৰাকীক কেতিয়াও পাহৰিব পৰা নাই। প্ৰতি মূহৰ্ততে স্বামীৰ স্মৃতি মনত ৰাখি তেওঁৰ আত্মাৰ সৈতে মিলি যাবলৈ আকুণ্ঠ বাসনা ৰাখিছে। স্বামীৰ বিৰহত তাইৰ অন্তৰ হাহাকাৰ কৰি চিঞৰি উঠিছে,

“অন্তৰ বিদাৰি নিতে

উঠে হাহাকাৰ বিৰহৰ

আছা তুমি, আছা তুমি ক’ত·”

অকালতে হেৰুৱা পুত্ৰ শোকত কবি ম্ৰিয়মান। সেয়ে তাই শোক কৰি গাইছে,

“ধেমালি সামৰি থৈ, সন্ধিয়া পৰত

যোৱা তুমি কাৰ কাষলৈ

ধূলি বালি মচি কোনে, মোৰ দৰে বাৰু

বুকুত সাবটি তুলি লয়·”

ইংৰাজ কবি P. B Shelley  য়ে কৈছিল, Our sweetest songs are those that tell of saddest thoughts, অৰ্থাৎ সেইবোৰেই  আমাৰ সুমধুৰ সঙ্গীত যি সঙ্গীতে দুখৰ কাহিনী শুনায়। নলিনীৱালাৰ কবিতা মন-প্ৰাণ স্পৰ্শা একো একোটা শোক- দুখৰ জয় গাঁথা।

চতুৰ্থতে, নলিনীৱালাৰ কবিতাৰ ভাষা¸ আৰু ছন্দ-সজ্জা পাহাৰী নিজৰাৰ দৰে তীব্র, গতিময় আৰু আবেগ-বিহবল- যিয়ে প্ৰতিজন পাঠকৰ হূদয়ত অফুৰন্ত শিহৰণ আৰু ঝংকাৰৰ  প্ৰতিধবনি তোলে। ইয়াৰ উপৰি তাইৰ প্ৰতিটো কল্পচিত্র যেন একো-একোটা মনি-মুকুতা খচিত  হীৰাৰ মালা। তলত উদ্ধৃত কবিতাফাঁকি ইয়াৰ এটি সাধাৰণ উদাহৰণ, যথা-

“ৰচিম হোমৰ  বেদী

চিৰ শেষ শ্মশান চিতাত

নিবেদিম অৰ্ঘ মোৰ

পূৰ্ণ হ’ব হে পূৰ্ণ তোমাত

চিতাগ্নি হোমাগ্নি হ’ব

সমীৰণ মলয় চন্দন।”

মুঠতে নলিনীৱালা দেৱীৰ কবিতা পঢ়ি মোৰ দুখ-শোকেৰে পুৰ্ণ খন্তেকীয়া পাৰ্থিৱ  জীৱনৰ নীৰৱ মুহূর্তবোৰ  পাৰ কৰাৰ লগতে আধ্যাত্মিকতাৰ কোলাত ঢলি  পৰিব পাৰি। সেয়ে নলিনীৱালা দেৱীৰ কবিতা মই ভাল পাওঁ আৰু তাই মোৰ প্ৰিয় কবি।

শেষত কামনা কৰো, মোৰ প্ৰিয় কবি নলিনীৱালা দেৱীৰ আত্মা ঈশ্বৰ আত্মাৰ লগত বিলীন হৈ পৰমপদ  লাভ কৰি চিৰ শ্বাশত শান্তিধাম স্বৰ্গত প্ৰৱেশ কৰক। 

 

আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা

যিবোৰ  চলন্ত উপসৰ্গই আজি মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰি আধুনিক সমাজৰ শান্তি-শৃঙ্খলাক নিঃশেষ কৰি মানৱ জাতিক অশান্তি তথা অবনতিৰ কৰাল গ্ৰাসত নিঃপতিত কৰি আছে সেই উপ-সর্গবোৰৰ ভিতৰত অনুশাসণহীনতা তথা দুৰ্নীতিপৰায়ণতা এটি অন্যতম উপসৰ্গ। আজি প্ৰতিটো পৰিয়াল, প্ৰতিটো সমাজ তথা প্ৰতিখন  ৰাষ্ট্ৰই এই অনুশাসনহীনতা  তথা দুৰ্নীতিৰ হাঁতোৰাৰ হাতত বন্ধী হৈ অটল মহাসাগৰৰ মাজত ডুবি নিঃসহায় নিঃকিন হৈ মৃত্যুৰ ক্ষণ গণি ককবকাই আছে। এই অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা  হঠাতে উদ্ভৱ হোৱা নাই। মানৱ জাতিয়ে ‘ক্ষমতা’ নামৰ দৈত্যটোৰ জন্ম দিয়াৰ পৰাই এই ব্যাধিটোৰো জন্ম হৈছে। কেতিয়াবা ই শান্ত-শিষ্ট মেঘ পশুৰ দৰে সামাজিক উন্নয়ণৰ কুঁহিপাতবোৰ  খাই উন্নয়ণত বাধা দিছে, কেতিয়াবা বলিয়া হাতীৰ দৰে দৌৰি এফালৰ পৰা ভয়াতুৰসকলক পদ তলত নিক্ষেপ কৰি অবদমিত কৰিছে আৰু কেতিয়াবা নৰখাদক বনৰাজ সিংহৰ দৰে এফালৰ পৰা খেদি নৰৰক্ত পাণ কৰি তৃপ্তিৰ অট্টহাস্য  মাৰিছে। কিন্তু বৰ্তমান এই একবিংশ শতাব্দীৰ দুৱাৰ মুখত থিয় হৈ বিজ্ঞানৰ চৰম বিন্দুত  উপনীত হৈয়ো মানৱ সভ্যতাই এই অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা নামৰ মাৰাত্মক ব্যাধিটোৰ পৰা হাত সাৰিব পৰা নাই, বৰঞ্চ ই আগতকৈয়ো দহগুণে শক্তিমন্ত হৈ জীৱ শ্ৰেষ্ট মানৱ সমাজক চাৰিও পিনৰ পৰা আক্ৰমণ কৰি অশান্তিৰ নিশান উৰাইছে। ফলত মানৱ প্ৰমুল্য, মানৱ শান্তি তথা মানৱ জাতিৰ উন্নয়ণ ব্যহত হৈ অবনতিৰ বাটেৰে দ্ৰুত গতিত অপমৃত্যুৰ উৎসলৈ আগবাঢ়ি আছে। আজি প্ৰতিটো সমাজ তথা ৰাষ্ট্ৰীয় অনুষ্ঠান, আদালত, অফিচ, স্কুল কলেজ আনকি প্ৰাৰ্থনা গৃহতো এই অনুশাসণহীনতাই অবাধ ৰাজত্ব চলাইছে। অনুশাসণহীনতা তথা দুৰ্নীতিপৰায়ণতা সকলো প্ৰকাৰৰ উন্নয়ণ তথা শান্তি-শৃঙ্খলাৰ বাটত হেঙাৰ স্বৰূপ। কিন্তু কিয় এই অনুশাসণহীনতা ? কিয় এই দুৰ্নীতি পৰায়ণতা ?এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি কোনো বুদ্ধিজীৱি, পণ্ডিত বা দাৰ্শনিকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই; আমাৰ বিবেক  আৰু জ্ঞান চকুক মুকলি কৰি নিজকে আৰু নিজৰ আত্মীয় স্বজন তথা সমাজ আৰু সামাজিক পৰিৱেশ  গমি চালেই ইয়াৰ উত্তৰ জল জলপটকৈ আমাৰ আগত ধৰা দিব।

অনুশাসনহীনতা বা দুৰ্নীতিপৰায়ণতাৰ কাৰণ বহুতো। তাৰে প্ৰধান কাৰণেবাৰ তলত চমুকৈ আলোচনা কৰা হ’ল।

কাৰিকৰীবিহীন চাকৰীমুখী শিক্ষা: অনুশাসনহীনতাৰ প্ৰধান কাৰণবোৰৰ  ভিতৰত প্ৰথমতে আসোৱাপূৰ্ণ শিক্ষানীতি আৰু ইয়াৰ প্ৰয়োগিক দিশটো উল্লেখ কৰিব পাৰি। স্কুল-কলেজ বা যিকোনো  শিক্ষানুষ্ঠানত  কেৱল তাত্ত্বিক (Theoretical) দিশটোৰ ওপৰত গুৰুত্ব দি প্ৰয়োগিক বা কাৰিকৰী (Technical) দিশ দিশটোৰ প্রতি  বাৰুকৈয়ে অৱহেলা কৰা হয়। ফলত ছাত্ৰ-ছাত্ৰীসকল কৰ্ম বা শ্ৰমৰ প্ৰতি বিমুখ হয়। সেয়ে লিখা-পঢ়া শেষ কৰি কোনোৱে শাৰীৰিক শ্ৰম খটুৱাই উৎপাদানমুখী কৰ্মত নিয়োজিত হ’বলৈ ইচ্ছা নকৰি কেৱল চৰকাৰী চাকৰিৰ আশাত হাত সাবটি বহি থাকে। ফলস্বৰূেপ দেশত বা সমাজত উৎপাদন জনসংখ্যা বা ভোক্তা  অনুসৰি বৃদ্ধি নাপায়। আনহাতে শ্ৰম-বিমুখ শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি নাপাই শ্ৰম বিহীন টকা উপাৰ্জন কৰাৰ মানসিকতাৰ আশ্ৰয় লয়।ফলত দুৰ্নীতিৰ উদ্ভৱ হয়।

চাকৰিয়ালসকলৰ কৰ্তব্যৰ প্ৰতি অৱহেলাঃ দুৰ্নীতিপৰায়ণতাৰ দ্বিতীয় কাৰণ হিচাপে চাকৰিয়াল বিষয়া সকলৰ কৰ্তব্যৰ প্ৰতি অৱহেলা লেখতলবলগীয়া কাৰণ বুলি উল্লেখ কৰিব পাৰি। আজিকালি প্ৰতিটো চৰকাৰী বিভাগতে ঘোচ দিয়া আনকি লোৱাৰ প্ৰৱণতা ইমান বৃদ্ধি পাইছে যে ঘোচ নাপালে কোনো বিষয়াই মুখ নুখুলে আনকি কলমো নধৰে। তাৰোপৰি নিজৰ নিজৰ কৰ্তব্যৰ প্ৰতি অৱহেলা কৰি বহি থাকিলেও কোনো ধৰোতা নাই, কিয়নো প্ৰতিজন বিষয়াই কলা টকাৰ বাবে বলিয়া। ফলত অফিচ-আদালত দুৰ্নীতিৰ বকৰাণী তথা গেলা জাবৰত পুত  গৈ আছে।

শোষণ আৰু দৰিদ্ৰতাঃ  শোষণ আৰু দৰিদ্ৰতা অনুশাসণহীনতা সৃষ্টিৰ প্ৰধান কাৰণবোৰৰ ভিতৰত অন্যতম। আজিকালি সমাজত স্পষ্টকৈ দুটা শ্ৰেণীৰ সৃষ্টি হৈছে- এটা হৈছে শোষক শ্ৰেণী আনটো হৈছে শোষিত  শ্ৰেণী। শোষক শ্ৰেণীৰ ভিতৰত প্ৰথমতে হৈছে চৰকাৰী চাকৰিয়াল বিষয়াসকল, দ্বিতীয়তে পুজিপতি মহাজন সকল আৰু তৃতীয়তে স্বাৰ্থান্বেষী ব্যৱসায়ী সকল। চৰকাৰী চাকৰিয়ালসকলে গোটেই দিনৰ মাথো কেইঘন্টামান কাম কৰি যি পাৰিশ্ৰমিক পায় তাৰ বিপৰীতে দহজন বনুৱাই গোটেই দিন ৰ’দ-বৰষুণ নেওচি কপালৰ ঘাম মাটিত পেলাই  হাড়-ভগা পৰিশ্ৰম কৰিও সিমানখিনি পাৰিশ্ৰমিক নাপায়। ফলত দৰিদ্ৰসকল কঠোৰ পৰিশ্ৰম কৰিও দৰিদ্ৰতাত পুত  গৈ থাকে। বহুতে দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ চুৰি, ডকাইত, ঠগবাজী, দালালি, কলা ব্যৱসায়ৰ আশ্ৰয় লয়, ফলত দুৰ্নীতিৰ সৃষ্টি হয়।

নৈতিকতাবিহীন জীৱন যাপনঃ  আজি এই বিজ্ঞানৰ যুগত জীৱন-যাপন ক্ৰমান্বয়ে কৃত্ৰিমতাৰ পৰা কৃত্ৰিমতালৈ গতি কৰি আছে; লগে লগে মানবতাহীনতা আৰু নৈতিকতাবিহীনতাও বৃদ্ধি পাই  আছে। আনুষ্ঠানিক শিক্ষাৰ পাঠ্যপুথিতো নৈতিকতা শিক্ষাৰ কোনো অনুশীলন নাই। নৈতিকতাবিহীন শিক্ষা লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে যিকোনো উপায়ে ধন ঘটাৰ চেষ্টা চলায়। ফলত সিহঁতৰ জীৱন-যাপনত বিশৃঙ্খলতা তথা দুৰ্নীতিয়ে দেখা দিয়ে।

স্বাৰ্থান্বেয়ী ৰাজনৈতিক নেতাসকলৰ ক্ষমতা লাভৰ অন্ধ সংগ্ৰামঃ অনুশাসণহীনতা বৃদ্ধি  পোৱাৰ এটি প্ৰধান ঘৃণনীয় উৎস হৈছে বৰ্তমানৰ ৰাজনীতি আৰু ৰাজনৈতিক নেতাসকল- যি সকলৰ হাততেই অনুশাসন বজাই ৰখাৰ দায়িত্ব  বা চাবিকাঠি থাকে। অকল ক্ষমতা লাভৰ বাবেই  নেতাসকলে দৰিদ্ৰ  জনসাধাৰণক লৈ জুৱাৰ খেল খেলে। সিহঁতে কেনেবাকৈ ক্ষমতা দখল কৰিব পাৰিলেই নিজকে আইনৰ উৰ্দ্ধত ‘ভগৱান’ বুলি ভাৱে আৰু যি ইচ্ছা তাকেই কৰি ফুৰে। কিন্তু ধৰোতা কোনো নাই; কিয়নো দৰিদ্ৰ জনসাধাৰণৰ জনমতৰ মূল্য কেৱল কাকত -আলোচনী আৰু নেতাসকলৰ মুখ-পাত্ৰতেই সঞ্চিত থাকে।

বুদ্ধিজীৱি তথা মানবতাবাদী দাৰ্শনিকৰ স্বাৰ্থান্ধতাঃ অনুশাসনহীনতা উদ্ভৱ হোৱাৰ প্ৰধান কাৰণবোৰৰ ভিতৰত বুদ্ধিজীৱি তথা মানবতাবাদী দাৰ্শনিকসকলৰ স্বাৰ্থান্ধতা এটি অন্যতম কাৰণ। যিসকলক আজি কালি বুদ্ধিজীৱি বা দাৰ্শনিক বুলি স্বীকৃতি দিয়া হয় সিহঁত, সৰল  ভাষাত ক’বলৈ গ’লে, মুখা পিন্ধা সুবিধাবাদীহে। কিয়নো যিসকল নিজকে বুদ্ধিজীৱি বুলি পৰিচয় দিয়ে সিহঁতৰ কোনোৱেই উৎপাদনমূলক কামৰ লগত জড়িত নহয়। সিহঁতে চৰকাৰৰ পৰা সুবিধা আদায়ৰ বাবে  চৰকাৰৰ হাতৰ মুঠিত থাকি নিজস্ব মস্তিষ্কত সত্য লুকাই ৰাখি চৰকাৰৰ বহতীয়া  হিচাপে  সিহঁতৰ বুদ্ধি প্ৰয়োগ কৰে। অৱশ্যে দুই এজন প্ৰকৃত মানবতাবাদী বুদ্ধিজীৱি আছে যদিও চৰকাৰ নামৰ ৰবটটোৱে কলিতে বিনাশ কৰি দিয়ে। ফলত সাধাৰণ জনগণে পদ-প্ৰদৰ্শকৰ অভাৱত বিপথে পৰিচালিত হৈ বিশৃঙ্খলতা তথা দুৰ্নীতিৰ সৃষ্টি কৰে।

অনুশাসণহীনতা তথা দুৰ্নীতিপৰায়ণতা প্ৰতিকাৰৰ উপায়ঃ অনুশাসনহীনতা উদ্ভৱ হোৱাৰ কাৰণবোৰৰ আঁৰতেই ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহ লুকাই আছে। আমাৰ শিক্ষা পদ্ধতি চাকুৰীমুখী নহৈ কৰ্মমুখী হ’লে, চাকৰিয়ালসকল কৰ্তব্যৰ প্ৰতি অবহেলা নকৰি জনসেৱা বুলি সততাৰে লাগি থাকিলে, ধনী দুখীয়াৰ মাজত বৰ্তমান সমাজ ব্যৱস্থাত দেখ-দেখকৈ কৰা অৰ্থনৈতিক অসমতা দূৰ কৰিলে, নৈতিকতাপূৰ্ণ জীৱন যাপন কৰিলে, ৰাজনৈতিক নেতাসকলে ৰাজনীতিক ধন ঘটাৰ ব্যৱসায় হিচাপে  গ্ৰহণ নকৰি দেশৰ প্ৰতি নিঃস্বাৰ্থ কৰ্তব্য বুলি ভাবি সবৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্য আগত ৰাখি কাম কৰি গ’লে আৰু বুদ্ধিজীৱি, দাৰ্শনিকসকল চৰকাৰৰ বহতীয়া নহৈ জনসাধাৰণৰ পদ প্ৰদৰ্শকৰ অগ্ৰদূত হিচাপে  নিজৰ নিজৰ কৰ্তব্য পালন কৰিলে দুৰ্নীতি নিশ্চয় আঁতৰ হ’ব আৰু সমাজত শান্তি শৃঙ্খলা তথা অনুশাসন প্রতিষ্ঠা  হ’ব।

সমৰণিঃ  আপোন ভালেই জগত ভাল। প্ৰত্যেকেই জন কল্যাণমূলক আদৰ্শ আগত ৰাখি দুৰ্নীতিমুক্ত জীৱন-যাপন কৰিলে আৰু দুৰ্নীতিৰ প্ৰতি তীব্র  বিৰোধীতা কৰি গ’লে অনতিপলমেই  সমাজ  তথা ৰাষ্ট্ৰ অনুশাসনহীনতা নামৰ মাৰাত্মক ব্যাধিটোৰ পৰা মুক্ত হ’ব।  অন্যথাই  মানৱ সভ্যতা যে অচিৰেই বিনাশ ঘটি এইখন পৃথিৱী অনন্ত যন্ত্ৰনাৰে ভৰা নৰকত পৰিণত হ’ব তাত কোনো সন্দেহ নাই।

 

অসমীয়া লোক-সাহিত্য

মানুহৰ মুখে মুখে ৰচিত আৰু পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে চলি অহা সাহিত্যকে লোক-সাহিত্য (Folk-lore) বুলি কোৱা হয়। লোক-সাহিত্য জাতি একোটাৰ সহজাত সম্পদ । লোক-সাহিত্যৰ মাজেৰে কোনো এটি বিশেষ অঞ্চল বা জাতি বা ভাষা- গোষ্ঠীৰ  সভ্যতা-সংস্কৃতিৰ আটাইবোৰ  দিশ যথা- সমাজ নীতি, অৰ্থনীতি, ধৰ্মনীতি, নৈতিকতা আদিৰ লগত জাতি একোটাৰ প্ৰেম-প্ৰণয়, সুখ-দুখ, আশা-আকাংখা, চিন্তা-ভাবনা, কল্পনা আদি সহজ আৰু সৰল ভাষাত প্ৰতিফলিত হয়। পৃথিৱীৰ প্ৰায় সকলোবোৰ  জাতি বা ভাষা-গোষ্ঠীৰ নিজস্ব লোক-সাহিত্য আছে। ভাৰত প্ৰজাতন্ত্ৰৰ নুমলী জী অসমতো বিভিন্ন ভাষা-গোষ্ঠীৰ স্বকীয় লোক-সাহিত্য আছে। অসমীয়া লোক-সাহিত্যৰ মাজেদি অসমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতিটো দিশেই প্ৰতিভাত হৈছে। দেশ বা জাতি একোটাৰ পুৰাতত্ব দিশ, পুৰণি সমাজৰ চিন্তাধাৰা, সভ্যতাৰ উত্থান-পতন, পুৰণি ঐতিহ্য আদি জানিবলৈ লোক-সাহিত্যৰ গুৰুত্ব অপৰিসীম।

অসমীয়া লোক-সাহিত্য অসমীয়া জাতিৰ দাপোণ  স্বৰূপ। অন্যান্য ভাৰতীয় ভাষাৰ লোক-সাহিত্যৰ দৰে অসমীয়া ভাষাৰ লোক-সাহিত্যও অতিকৈ চহকী। অসমীয়া লোক-সাহিত্যক বহলকৈ ৪ টা ভাগত ভাগ কৰিব পাৰি যথা- (১) লোকগীত (২) ফকৰা যোজনা (৩) সাধু কথা আৰু (৪)  মন্ত্ৰ-সাহিত্য।

অসমীয়া লোক-সাহিত্যৰ ভিতৰত সবাতোকৈ চহকী আৰু জনপ্ৰিয় শাখাটোৱেই হ’ল লোকগীত। লোকগীতত অসমীয়া জাতিৰ প্ৰাণৰ উচ্ছাসৰ মূৰ্ত অভিব্যক্তি ঘটিছে। অসমীয়া লোকগীতসমূহক পটভূমি আৰু কথিতব্য বিষয় অনুসৰি পাঁচটা ভাগত ভাগ কৰিব পাৰি যথা- (ক) অনুষ্ঠানমূলক  (খ) আখ্যানমূলক (গ) দেহ বিচাৰমূলক (ঘ) নিচুকনি আৰু (ঙ ) বিবিধ।

লোকগীতৰ অনুষ্ঠানমূলক বিভাগটোত সাধাৰণতে বিহু নাম, হুচৰি, আই নাম, বিয়া নাম, সুবচনীৰ গীত, লখিমী সবাহৰ গীত, অপেশ্বৰী  সবাহৰ গীত , মহহু  গীত আদি অন্তৰ্ভুক্ত। বিহুগীত, হুচৰী, বনগীত আদিয়ে অসমীয়া ডেকা-ডেকেৰীৰ প্ৰাণোচ্ছল যৌৱনৰ আৱেগ- অনুভূতি, প্ৰেম- বিৰহ আদি ভাৱ আৰু আৱেগৰ সন্টালনি প্ৰকাশ কৰা অতি জনপ্ৰিয় গীত। আমি বিহুগীতত পাঁও-

“অতিকৈ চেনেহৰ মুগাৰে মহুৰা

অতিকৈ চেনেহৰ মাকো,

তাতোকৈ চেনেহৰ বহাগৰ বিহুটি

নেপাতি কেনেকৈ থাকো।”

কোনো কোনো বিহুগীতত ডেকা-গাভৰুৰ অন্তৰে অনুভৱ কৰা অথচ বাস্তৱত  নোপোবা  অধীৰ অস্থিৰ হোৱা ভাৱৰ প্ৰকাশ ঘটিছে। উদাহৰণ-

“ঘৰতো নবহে মন, সমনীয়া পথাৰতো নবহে মন

  কমোৱা তুলােবাৰ যেনেকৈ উৰিছে

তেনেকৈ উৰিবৰ মন”

বিহুগীতৰ লেখীয়া বনগীতবোৰত  অনাহুত কামনা-বাসনাৰ  দুর্ব্বাৰ আকাঙ্খা তথা প্ৰেম- বিচ্ছেদৰ  আল্পনাৰে আচ্ছাদিত, যেনে-

“হাঁহ হৈ চৰিম গৈ তোমাৰ পুখুৰীত

পাৰ হৈ চৰিম গৈ চালত,

মাখি হৈ উৰি গৈ চুমা খাই আহিম গৈ

তোমাৰ লাবনী গালত।”

আই নাম, বিয়া নাম, আদি বিবাহ উৎসৱত গোৱা গীত। এইবোৰ  গীতত বিয়াৰ সময়ত পালন কৰা বিভিন্ন আনুষ্ঠানিকতাৰ  বৰ্ণনা পোৱা যায়। এইবোৰত  প্ৰেম, বিৰহ, শৃংগাৰ, কাৰুণ্য আদি ভাৱৰ সমাৰোহ ঘটিছে।

আখ্যানমূলক লোকগীতসমূহ (Ballads)  একো-একোটা সামাজিক বা বুৰঞ্জীমূলক কাহিনীত   কৰুণ ৰসৰ সমাবেশ  ঘটাই ৰচনা কৰা  হৈছে। আখ্যানমূলক গীতবোৰক  বিষয়-বস্তু অনুসৰি ৩ টা ভাগত ভাগ কৰিব পাৰি, যথা- (১) বুৰঞ্জীমূলক গীত (২) কিংবদন্তীমূলক আৰু (৩) কাল্পনিক। এইবোৰৰ  ভিতৰত বুৰঞ্জীমূলক গীত যথা- বৰফুকনৰ গীত, জয়মতী কোঁৱৰীৰ গীত, পদুম কোঁৱৰীৰ গীত, মনিৰাম দেৱানৰ গীত আদি বিখ্যাত।

দেহ বিচাৰমূলক গীতবোৰ আধ্যাত্মিক ভাবাপন্ন। এইবোৰত  মানৱ দেহাৰ ক্ষণস্থায়িত্ব, ধন-দৌলতৰ অসাৰত্ব আদি ভাৱ প্ৰকাশ পাইছে।

নিচুকনি গীতবোৰ  লোকগীতৰ আন এক মূল্যবান শাখা। এইবোৰ ঘাইকৈ শিশুসকলক সুৰ আৰু ভাৱৰ দ্বাৰা সন্মোহিত কৰি টোপনি নিয়াবলৈ গোৱা গীত। শ্ৰীধৰ কন্দলীৰ “কাণখোৱা” অসমীয়া লোক সাহিত্যৰ শ্রেষ্ঠ সম্পদ ।

“ঘুমতি  যাওৰে অ’ৰে কানাই

হৰে কাণখোৱা আসে,

সকল শিশুৰ কাণ খাই খাই

আসয় তোমাৰ পাশে।”

বিবিধ গীতৰ ভিতৰত- জুনা গীত, নাওঁ খেলৰ গীত, মোৱামৰীয়া ৰণুৱাৰ গীত, আদি উল্লেখযোগ্য।

অসমীয়াৰ লোক সাহিত্যৰ দ্বিতীয় শক্তিশালী আৰু জীৱন্ত শাখাটো হ’ল ফকৰা-যোজনাসমূহ। অসমীয়া লোক সাহিত্যৰ এই শাখাটি অসমীয়া জীৱনৰ টিপ্পনী বুলি ক’ব পাৰি। কিয়নো ইয়াৰ মাজেদি জীৱনৰ কিছুমান গভীৰ সত্য কেতিয়াবা সৰল আৰু প্ৰাঞ্জল ভাষাত আৰু কেতিয়াবা সাঁথৰময় ভাষাত প্ৰকাশ পাইছে, যথা-

(১) হস্তীৰো পিছলে পাৱ

      সজ্জনৰো বুৰে নাওঁ

(২) মাজ মূৰত চুলি নাই,  গিৰীয়েকে  মাতে ৰূপহী বুলি।

(৩)  আইৰ ঘৰলৈ যাম, দুই হাতে খাম

      বিধাতাই বোলে  পাচে পাচে যাম।

(৪)  আশা কৰিছো মুলুক জুৰি

      খোদাই থৈছে বেঙেনা  পুৰি। ইত্যাদি।

অসমীয়া লোক সাহিত্যৰ সাধু কথাৰ শাখাটিও কম চহকী নহয়। অসমীয়া সাধুকথাবোৰ  চিত্ৰধৰ্মী। এইবোৰ বিভিন্ন বাস্তৱ উপদেশ আৰু নীতি শিক্ষাৰ সমলেৰে পূৰ্ণ। সাধুকথাবোৰৰ ভিতৰত- ৰজা ৰাণীৰ সাধু, বুঢ়া-বুঢ়ীৰ সাধু, সাউদৰ পুতেকৰ সাধু, বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু আদি উল্লেখযোগ্য।

অসমীয়া লোক সাহিত্যৰ আন এক আকৰ্ষণীয় বিভাগ হৈছে মন্ত্ৰ সাহিত্য। মন্ত্ৰ সাহিত্যৰ ভিতৰত কৰতি মন্ত্ৰ, সাপৰ ধৰণী ধৰা মন্ত্ৰ, মোহিনী মন্ত্ৰ,বীৰাজৰা মন্ত্ৰ, সবৰ্বঢাক  মন্ত্ৰ আদি উল্লেখযোগ্য । মন্ত্রবোৰ  সাধাৰণতে বিভিন্ন দেৱ-দেৱীৰ নামত শপত দি গোৱা হয়। এই মন্ত্ৰবোৰৰ  দ্বাৰা সমাজত চিকিৎসাও কৰা হৈছিল। কিন্তু এই মন্ত্ৰবোৰ  বাস্তৱ জীৱনত কিমান কাৰ্যকৰী সেয়া এতিয়া গৱেষণাৰ বিষয়।

বৰ্তমান শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ যুগত আজিকালি সৰ্বসাধাৰণে বিশেষকৈ শিক্ষিত চামে ঐতিহ্যমণ্ডিত লোক-সাহিত্যৰ প্ৰতি পিঠি দি লিখিত সাহিত্যৰ প্ৰতি অধিক অনুৰাগ দেখুওৱা পৰিলক্ষিত হৈছে। সেয়ে লোক সাহিত্য এতিয়া হেৰাই যোৱাৰ পথত।

এটা জাতিৰ পুৰণি ঐতিহ্য আৰু সংস্কৃতি জনাত লোক সাহিত্যৰ গুৰুত্বৰ তুলনা নাই। সেয়ে লোক সাহিত্য সময়ৰ সোঁতত হেৰাই যাবলৈ নিদি সেইবোৰ  সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা উচিত।

কিন্তুু “উমৈহতীয়া শ বাহী শ” হোৱাৰ দৰে দেশৰ বিভিন্ন প্ৰান্তত সিচৰঁতি হৈ থকা লোক বা সাহিত্যসমুহ  মানুহৰ মুখৰ পৰা কোনে উদ্ধাৰ কৰি সংৰক্ষণ কৰিবলৈ ওলাই আহিব? 

 

অসমৰ লোক-সংস্কৃতি

কোনো এটি বিশেষ অঞ্চলৰ বা জাতি এটাৰ উমৈহতীয়া সামাজিক জীৱন প্ৰণালীয়েই হৈছে লোক-সংস্কৃতি। লোক-সংস্কৃতিয়ে জাতি এটাৰ সাধাৰণতে চাৰিটা দিশ সামৰি লয়, যথা- (ক) লোক সাহিত্য (খ) সামাজিক প্ৰথা আৰু  ৰীতি-নীতি যথা – পূজা-পাৰ্বণ, উৎসৱ, খেল-ধেমালী আদি  (গ) দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক সা-সঁজুলি আৰু (ঘ) পৰিবেশিত  কলা । পৃথিৱীৰ প্ৰায় সকলো জাতিৰে নিজস্ব লোক-সংস্কৃতি আছে। তেনেদৰে ভাৰতৰ পূৰ্ব প্ৰান্তৰ সীমামূৰীয়া ৰাজ্য অসমৰো এক ঐতিহ্যমণ্ডিত স্বকীয় সংস্কৃতি আছে। অসমীয়া সংস্কৃতি অনৈক্যৰ মাজত ঐক্যৰ নিদৰ্শন  স্বৰূপ  বিভিন্ন ভাষা-ভাষীৰ লোক যথা- অসমীয়া, বাংলা, বড়ো, আবৰ, মিৰি, নেপালী আৰু বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লোক যথা- হিন্দু, বৌদ্ধ, মুছলমান, খৃষ্টান আদিৰ সংমিশ্ৰণত গঢ়ি উঠিছে। তলত অসমীয়া লোক-সংস্কৃতিৰ দিশবোৰ  চমুকৈ আলোচনা কৰিবলৈ লোৱা হ’ল-

অসমৰ লোক-সংস্কৃতিৰ প্ৰধান অংগটো হৈছে অসমৰ লোক বা মৌখিক সাহিত্য। মৌখিক সাহিত্যৰ দিশত অসম বাৰুকৈয়ে চহকী। অসমৰ মৌখিক সাহিত্যক বহলকৈ ৪ টা ভাগত ভাগ কৰিব পাৰি, যেনে- (১) লোকগীত, (২) প্ৰবচন বা ফকৰা যোজনা (৩) সাধুকথা আৰু (৪) মন্ত্ৰ সাহিত্য। অসমীয়া লোক-সাহিত্যৰ মাজেদি অসমীয়া জাতিৰ সামাজিক নীতি নিয়ম, প্ৰেম-বিৰহ, আশা-আকাঙ্খা, সুখ-দুখ, চিন্তা-ভাৱনা, কল্পনা আদি আটাইবোৰ  দিশেই  প্ৰতিফলিত হৈছে।

অসমীয়া লোক-সাহিত্যৰ প্ৰধান ভাগ লোকগীতসমূহক পটভূমি আৰু  বিষয় অনুসৰি ৫ ভাগত ভাগ কৰিব পাৰি যথা- (১) অনুষ্ঠানমূলক  (২) আখ্যানমূলক (৩) দেহ  বিচাৰমূলক (৪) নিচুকনি আৰু (৫) বিবিধ। অনুষ্ঠানমূলক  বিভাগটোত সাধাৰণতে বিহুগীত, হুচৰি, আইনাম, বিয়ানাম, সুবচনীৰ গীত, লখিমী সবাহৰ গীত ইত্যাদি অন্তৰ্ভূক্ত। বিহুগীত তথা বনগীতবোৰ  অসমীয়া আখ্যানমূলক লোকগীতসমূহৰ ভিতৰত আটাইতকৈ বেছি আকৰ্ষণীয় আৰু সাহিত্য তথা সংস্কৃতিৰ ধ্বজ্জাবাহক। বিহুগীতবোৰৰ  মাজত অসমীয়া ডেকা গাভৰুৰ প্ৰাণোচ্ছল যৌৱনৰ আবেগ, অনুভূতি, প্ৰেম বিৰহ আদি ভাৱৰ সন্টালনি প্ৰকাশ ঘটিছে।

“ঘৰতো নবহে মন, সমনীয়া পথাৰতো নবহে মন

  কমোৱা তুলাবোৰ  যেনেকৈ উৰিছে

  তেনেকৈ উৰিবৰ মন”

লোকগীতৰ আখ্যানমূলক গীতৰ মাজেদি অসমীয়া সামাজিক কাহিনী বিশেষকৈ-প্ৰেম প্ৰণয়ৰ ঘটনা কৰুণ  ৰসেৰে সিক্ত হৈ বৰ্ণিত হৈছে। আখ্যানমূলক লোকগীত সমূহক ৩ টা ভাগত ভাগ কৰিব পাৰি, যথা- (১) বুৰঞ্জীমূলক (২) কিংবদন্তীমূলক আৰু (৩) কাল্পনিক।

লোকগীতৰ তৃতীয় বিভাগটো হৈছে দেহ বিচাৰমূলক গীত। এনে গীতবোৰৰ  মাজেদি মানৱ দেহাৰ ক্ষণস্থায়িত্ব, ধন-দৌলতৰ অসাৰত্ব আৰু পাৰলৌকিক চিন্তাৰ প্ৰকাশ ঘটিছে।

নিচুকনি গীতবোৰ  অসমীয়া লোকগীতৰ আন এটি শাখা। নিচুকনি গীতবোৰ সাধাৰণতে ল’ৰা-ছোৱালীক সুৰ আৰু ভাৱৰ দ্বাৰা সন্মোহিত কৰি টোপনি নিয়াবলৈ গোৱা গীত। শ্ৰীধৰ কন্দলীৰ কাণখোৱা’ শিৰোনামৰ নিচুকনি গীতটোৰ অসমীয়া নিচুকনি গীতৰ শ্ৰেষ্ঠ নিদৰ্শন।

অসমীয়া লোক-সংস্কৃতিৰ দ্বিতীয় অংগটো হ’ল সামাজিক প্ৰথা,  যথা- ৰীতি নীতি, উৎসৱ, পূজা পাৰ্বন আদি। অসমীয়া মানুহে পালন কৰা বিহু তিনিটা যেনে- বহাগ বিহু, কাতি বিহু আৰু  ভোগালী বিহু। পূজা পাৰ্বন,  যথা- কালি পূজা, দুৰ্গা পূজা, স্বৰস্বতী পূজা, মা কামাখ্যা দেৱীৰ পূজা ইত্যাদি।উৎসববোৰ  হৈছে- দৌল, পচেতী, ভথেলী বাম্বোল, সোনোৰায় আদি । খেল- ধেমালীবোৰ  হৈছে- টাংগুটি,  লুকাভাকু, বাঘাবুল , গছক পতি, হাউ ইত্যাদি। অসমীয়া জাতিৰ ঐক্য আৰু সংহতি স্থাপন আৰু অটুট ৰখাত উক্ত উৎসৱসমূহ , খেল- ধেমালি আৰু পূজা পাৰ্বনে  যথেষ্ট  অৰিহণা যোগাইছে। এনেবোৰ  সামাজিক প্ৰথাত সকলো মানুহে – জাতি ধৰ্ম নিৰ্ৱিশেষে- অংশগ্ৰহণ কৰে।

অসমীয়া লোক-সংস্কৃতিৰ তৃতীয় অংগটো হ’ল দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক  কলা বা সা সঁজুলি। ইয়াৰ ভিতৰত পৰে অসমীয়া মানুহৰ ঘৰ-দুৱাৰ সজাৰ পদ্ধতি, কাম বন কৰাৰ আহিলা, অসমীয়া সমাজত মুনিহ  আৰু তিৰোতাসকলে পৰিধান কৰা কাপোৰ যেন: পাট কাপোৰ, মুগা কাপোৰ, এৰি  কাপোৰ আদি বিশ্ব বিখ্যাত। এইবোৰ  অসমীয়া সমাজৰ এদনীয়া সম্পদ । তাৰোপৰি সোণ-ৰূপৰ কাম, হাতী দাঁতৰ অলংকাৰ, পিতল বা কাঁহৰ কাম-কাজত অসমীয়া জাতি নিপুন আৰু উদাহৰণৰ যোগ্য।

অসমীয়া সমাজ-সংস্কৃতিৰ চতুৰ্থটো অংগ হ’ল অসমীয়া সমাজত পৰিবেশিত  হোৱা সংগীত, নৃত্য আৰু বাদ্য যন্ত্ৰসমূহ। অসমীয়া সংগীতত ব্যৱহাৰ কৰা বাদ্য-যন্ত্ৰসমূহৰ ভিতৰত- তাল, খোল, মৃদং, পেঁপা, বাঁহী আদি উল্লেখযোগ্য । নৃত্যৰ ভিতৰত বিহু নৃত্য, দেউধনী নৃত্য, ৰাভাসকলৰ ফৰকানি নৃত্য,  বছাও নৃত্য, ওজাপালি নৃত্য, ভাৰীগান নৃত্য  আদি।

ইয়াৰ ওপৰিও অসমীয়া মানুহৰ খোৱা-লোৱাৰ বিশেষ বৈশিষ্ট্য আছে, যথা- অসমীয়া লোকে খাৰ খায়, তামোল পান খায় লগতে অসমীয়া মানুহৰ ৰন্ধণ প্ৰণালীও যুতি লগা আৰু অন্যান্য জাতিৰ তুলনাত পৃথক।

এইদৰে অসমীয়া সংস্কৃতিটো ভাৰতীয় অন্যান্য ৰাজ্য বা জাতিৰ সংস্কৃতিৰ দৰেই চহকী আৰু বিশেষ বৈশিষ্ট্যমণ্ডিত। ই বহুলভাবে  অন্যান্য জাতিৰ সংস্কৃতিৰ পৰা পৃথক। বৰ্তমান অসমীয়া সংস্কৃতিত বিদেশী প্ৰভাৱৰ ধল বৈছে । বিশেষকৈ পাশ্চাত্য অপ-সংস্কৃতিয়ে অসমীয়া স্বকীয় সংস্কৃতিত আঘাত সানিছে। আনৰ সংস্কৃতি গ্ৰহণত বাধা নাই যদিহে সেই সংস্কৃতি আমাতকৈ উন্নত হয়। কিন্তু  বাস্তৱত দেখা যায়, কিছুমান অসমীয়াই বিদেশী অপ-সংস্কৃতিৰ বলি হৈছে। এয়া নিশ্চয় শুভ লক্ষণ নহয়। আমি আমাৰ ঐতিহ্যমণ্ডিত সংস্কৃতি ম্লান পৰিবলৈ  নিদি ইয়াক জীয়াই ৰখাটোহে বিবেচকৰ কাম হ’ব। কিয়নো যি জাতিৰ নিজস্ব সংস্কৃতি হেৰায়, সেই জাতিটোৰ সত্বাও হেৰাই যায়।

সামৰণিত ক’ব পাৰি অসমীয়া সংস্কৃতিৰ প্ৰতি প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰ চকুৰে চাই ইয়াক জীয়াই ৰাখক। অন্যথা অসমীয়া সংস্কৃতি যে ক্ৰমে নি:শেষ  হৈ  পৰ-সংস্কৃতিয়ে দখল কৰি আমাৰ সত্বাক পৰাধীন কৰিব সেয়া উলাই কৰিব নোৱাৰি।

 

অসমৰ প্রাকতিক সম্পদ

প্ৰকৃতিৰ বুকুত মুক্তভাৱে পোৱা বা প্ৰকৃতিৰ বুকুত উদ্ভব  হোৱা সম্পদেই প্ৰাকৃতিক সম্পদ। দেশ এখনৰ সামগ্রিক উন্নয়নত প্ৰাকৃতিক সম্পদৰ গুৰুত্ব অপৰিসীম। যিখন দেশ প্ৰাকৃতিক সম্পদত চহকী, সেইখন দেশৰ সামগ্রিক উন্নয়নৰ পথ  সিমানে প্ৰশস্ত। ভাৰতৰ পূৰ্ব প্ৰান্তত অৱস্থিত অসম নামৰ প্ৰদেশখনো প্ৰাকৃতিক সম্পদত ভাৰতৰ আন আন প্ৰদেশৰ তুলনাত ঈৰ্ষাজনক ভাৱে চহকী। অসমৰ গাঁৱে-ভূয়ে, পাহাৰে পৰ্বতে, হাবি-জঙ্গলে, ভূমিয়ে-নদীয়ে অলেখ-অপাৰ সম্পদ যেন প্ৰকৃতিদেৱী নিজ হাতে অসমী আইৰ সন্তানসকলৰ বাবে চিৰদিন সঞ্চয় কৰি ৰাখিছে। অসমৰ এনে অলেখ-অপাৰ প্ৰাকৃতিক সম্পদক সাধাৰণতে চাৰিটা  ভাগত ভাগ কৰিব পাৰি, যথা:  (ক) বনজ সম্পদ (খ) খনিজ সম্পদ (গ) জলজ সম্পদ আৰু  (ঘ) কৃষিজ সম্পদ।

অসমৰ বনজ সম্পদক আকৌ দুটা  ভাগত ভাগ কৰিব পাৰি যেনে- (১) গছ-গছনি আৰু (২) জীৱ- জন্তু। অসমৰ হাবি- বননিত বহুমূল্যবান গছ গছনি যথা- শাল, চেগুণ, তিতাচপা, গামেৰী, শিশু, চন্দন, অগৰ আদি যথেষ্ট পৰিমাণে পোৱা যায়। এইবোৰৰ দ্বাৰা গৃহ নিৰ্মাণ, আচৱাব-পত্ৰ নিৰ্মাণ, ৰেলৰ শ্লিপাৰ  নিৰ্মাণ আদি কামত ব্যৱহাৰ কৰা হয়। চন্দন, অগৰ আদি ঔষধ আৰু সুগন্ধি তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা হয়। নাও তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা চাও গছো অসমত পোৱা যায়। শিমলু গছ  প্লাইউড  উদ্যোগত ব্যৱহাৰ কৰা হয়। অসমৰ হাবিত গছ-গছনিৰ উপৰিও অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকতি পোৱা যায়। জন্তুবোৰৰ  ভিতৰত বাঘ, ভালুক, সিংহ, হৰিণ, বান্দৰ, হাতী, গড় আদি উল্লেখযোগ্য। অসমৰ এশিঙ্গিয়া গড় বিশ্ব বিখ্যাত। ই অসমৰ এদনীয়া সম্পদ । অসমৰ হাবিত পোৱা চৰাই-চিৰিকতিৰ ভিতৰত- মইনা, কাউৰী, ভাটো, মৰা চৰাই, ধনেশ, বাদুলী, কাউৰী, কেতেকী আদি যথেষ্ট পৰিমাণে পোৱা যায়। এই বনজ সম্পদবোৰৰ ওপৰত ভিত্তি  কৰি অসমত কেইবাটাও উদ্যোগ গঢ়ি উঠিছে যেনে- দিয়াচলাই উদ্যোগ, প্লাইউড উদ্যোগ, কাগজ উদ্যোগ, বনস্পতি উদ্যোগ, আদি। অসমে প্ৰতি বছৰে প্ৰাকৃতিক সম্পদ আহৰণ কৰি আৰু সেইবোৰ বিদেশলৈ ৰপ্তানি কৰি যথেষ্ট ৰাজহ সংগ্ৰহ কৰিব পাৰে।

বনজ সম্পদৰ দৰে খনিজ সম্পদতো অসম অন্যান্য ভাৰতীয় ৰাজ্যবোৰৰ  তুলনাত ঈৰ্ষাজনকভাৱে চহকী। অসম খাৰুৱা তেলৰ বাবে  ভাৰত বিখ্যাত। অসমত কয়লা যথেষ্ট পৰিমাণে পোৱা যায়। অসমৰ লিডু মাৰ্ঘেৰিটা, বৰ গোলাই, টিপয়. মাকুম আদিত কয়লাৰ  খনি আছে। কয়লাবোৰ  বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয়। প্ৰতিবছৰে অসমে কয়লাৰ পৰা যথেষ্ট ৰাজহ লাভ কৰে। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হুগ্ৰীজান আদিত তেলৰ পুং আৱিষ্কাৰ হৈছে। অসমত চূণশিলো  পোৱা যায়। ইয়াক চিমেন্ট কাৰখানাত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি অসমত বালিচন্দা, সোণ আৰু লোৰ আকৰ পোৱা যায়। অসমৰ খনিজ সম্পদৰ ওপৰত ভিত্তি  কৰি বঙাইগাও, গুৱাহাটীৰ  নুনমাটি, ডিগবৈ  আদিত তেল শোধানাগাৰ স্থাপন কৰা হৈছে।

জলজ সম্পদৰ ভিতৰত অসম ভাৰতৰ ভিতৰত চহকী ৰাজ্য। অসমত যথেষ্ট নদ-নদী আছে। ব্রহ্মপুত্ৰ অসমৰ প্ৰধান নৈ। ইয়াৰোপৰি বাৰিষা কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়। ফলত অসমৰ জলজ সম্পদ ইমানেই বৃদ্ধি পায় যে অসমীয়া মানুহে সেইবোৰৰ  ব্যৱহাৰ কৰিব নোৱাৰাত বিশ্বই অসমবাসীক অকৰ্মণ্য আৰু সম্পদৰ মূল্য নুবুজা জাতি বুলি গালি দিয়ে। অসমৰ জলভাগত মাছ কাছ, জলজ উদ্ভিদ আদি যথেষ্ট পৰিমাণে উৎপন্ন হয়।

কৃষিজাত সম্পদকো প্ৰাকৃতিক সম্পদ হিচাপে  ধৰিব হয় । কিয়নো ভূমিৰ সাৰুৱা গুণৰ বাবেই কৃষিজাত সামগ্ৰী উৎপাদন সম্ভৱ হয়। অসমত ধান, মাহ, সৰিয়হ, মৰাপাট, তামোল, কঁঠাল, মাটি কঁঠাল  আদি যথেষ্ট পৰিমাণে উৎপন্ন হয়। অসমৰ এৰি, মুগা আদিও প্ৰাকৃতিক সম্পদ। এইেবাৰ সম্পদৰ ওপৰত ভিত্তি  কৰি পলু পোহা  হয়।

মুঠতে অসমখন প্ৰকৃতিৰ বাৰেমিহলি সম্পদৰে মেটমাৰি আছে। মাত্ৰ আমি অসমীয়াসকলহে সেইবোৰৰ মূল্য বুজিব পৰা নাই। অসমৰ প্ৰাকৃতিক সম্পদৰাজি উপযুক্তভাৱে কামত লগাব পাৰিলে আৰু কৰ্ম বিমুখ অসমীয়া লোকে আলস্য এৰি অসমৰ প্ৰাকৃতিৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰিলে, অসম ভাৰতৰ ভিতৰতে চহকী প্ৰদেশত পৰিণত হ’ব আৰু অসমৰ নিৱনুৱা সমস্যাও সমাধান হ’ব। শেষত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত ক’ব পৰি-

“আমি অসমীয়া নহওঁ দুখীয়া

কিহৰ দুখীয়া হম,

সকলো আছিল, সকলো আছে

নুশুনো নলও গম।” 

 

মোৰ প্রিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা

সৰুতে আতা, আবু আৰু বয়োজেষ্ঠ  সকলৰ মুখৰ পৰা পৰম্পৰাগত সাধু আৰু বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী আৰু গল্প শুনি সাহিত্যৰ প্ৰতি মোৰ অনুৰাগ জন্মে। সেয়ে মোৰ পাঠ্যপুথি পঢ়াৰ আঁৰে আঁৰে থোৰতে খৰ মাৰি বিভিন্ন সাহিত্যিকৰ সাহিত্য অধ্যয়নৰ অভ্যাস গঢ়ি  উঠিছে। এতিয়া সাহিত্য অধ্যয়ন মোৰ অকল অভিৰুচিয়েই নহয়, ই মোৰ নিচা আৰু নিৰ্জন সময়ৰ বিনোদন হৈ পৰিছে। আজিলৈ মই যিসকল সাহিত্যিকৰ লিখনি পঢ়িছোঁ- সেইসকলৰ কোনোজন সাহিত্যিকেই মোৰ অপ্ৰিয় নহয়, তথাপি আজি মোক মোৰ প্ৰিয় সাহিত্যিকজনৰ বিষয়ে লিখিবলৈ দিয়াত মই মোৰ সেইজন প্ৰিয় সাহিত্যিকক বাছি ললোঁ- যিজন সাহিত্যিকে আধুনিক অসমীয়া ভাষা আৰু সাহিত্যক অনিশ্চিত ভৱিষ্যতৰ গঢ়া-খহনীয়াৰ পৰা ৰক্ষা কৰি সাহিত্যৰ সকলোবোৰ শাখাত নিপুন আৰু দক্ষ হাতৰ পৰশ বিলাই ষোড়শ-উপচাৰেৰে অলংকৃত কৰি অসমীয়া ভাষা সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা  কৰি থৈ গ’ল- সেইজন মহান আৰু স্বনামধন্য সাহিত্যিকজনৰ নাম সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।

মোৰ এই প্ৰিয় সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হয়  ১৮৬৪ চনৰ নভেম্বৰ মাহৰ লক্ষ্মীপুৰ্ণিমাৰ দিনা। লক্ষ্মীপুৰ্ণিমাৰ দিনা তেওঁৰ জন্ম হয় বাৰে মাক-দেউতাকে তেওঁৰ নাম ৰাখে লক্ষ্মীনাথ। তেওঁৰ পিতাক দীননাথ বেজবৰুৱা সেইসময়ত ইংৰাজৰ অধীনত সন্মানীয় মুন্সিফৰ চাকৰি কৰিছিল।

উচ্চ শিক্ষিত পিতাকৰ তত্বাৱধানত  লক্ষ্মীনাথে সৰু কালৰ পৰাই শিক্ষাৰ এক সুস্থ পৰিৱেশ পাই ১৮৮৬ চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্রবেশিক্ষা পৰীক্ষা পাচ কৰি কলিকতাৰ ৰিপন কলেজৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰে। তেওঁ এম. এ আৰু আইন পঢ়িছিল যদিও  শিক্ষা বিভাগৰ আসোঁৱাহৰ বিৰুদ্ধে নীৰৱ প্ৰতিবাদ জনাই চূড়ান্ত পৰীক্ষাত নবহি সিমানতে আনুষ্ঠানিক  শিক্ষা জীৱনৰ যৱনিকা টানে।। কলিকতাত থাকোতে তেওঁ ১৮৯১ চনত কলিকতাৰ প্ৰখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা-সুন্দৰীক বিয়া কৰে।

বেজবৰুৱাৰ  কলেজীয়া জীৱনে তেওঁলৈ আনে সাহিত্য সাধনাৰ অফুৰন্ত উৎসাহ আৰু অনুপ্ৰেৰণা। কলিকতাতেই তেওঁ আন কেইজনমান বন্ধুৰ  লগলাগি অসমীয়া ভাষা সাহিত্যৰ উন্নয়নৰ অৰ্থে, “অসমীয়া ভাষা উন্নতি সাধিনী সভা” ৰ জন্ম দি ‘জোনাকী’ কাকত উলিয়ায় আৰু  একানপতীয়াকৈ সাহিত্য সাধনাত লাগে।

লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ অৰ্থে আধুনিক সাহিত্যৰ সকলোবোৰ  শাখাতেই  দক্ষ আৰু আলফুল হাতৰ পৰশ বোলাই কালজয়ী সাহিত্য ৰচনা কৰি থৈ গেছে। তেওঁৰ সাহিত্য কৰ্মক তলত দিয়া শ্ৰেণীত ভাগ কৰিব পাৰি-

চুটিগল্প: সুৰভি, জোনবিৰি,  কেহোঁকলি ।

সাধু কথাৰ পুথি:  বুড়ী আইৰ সাধু, সাধু কথাৰ কুঁকি, ককা দেউতা আৰু নাতি ল’ৰা।

উপন্যাস:   পদুম কুঁৱৰী।

নাটক:  চক্ৰধবজ সিংহ, জয়মতী, বেলিমাৰ আদি।

কবিতা:  কদমকলি।

জীৱনী গ্ৰন্থ: শংকৰদেৱ, শংকৰদেৱ আৰু মাধৱদেৱ।

তত্বমূলক ৰচনা:  তত্বকথা, শ্ৰীকৃষ্ণকথা  আদি।

এতিয়া প্ৰশ্ন হ’ল মই অন্যান্য সাহিত্যিসকলৰ লিখনিও ভাল পাওঁ যদিও বেজবৰুৱাদেৱক মোৰ প্ৰিয় সাহিত্যিক হিচাপে  বাছি লোৱাৰ কাৰণ কি ? ইয়াৰ কাৰণ কেইবাটাও-

প্ৰথমতে, সাহিত্য সমাজ বা জাতি এখনৰ দাপোণ স্বৰূপ। যি সাহিত্য যিমানে সমাজমুখী আৰু বাস্তৱধৰ্মী সেই সাহিত্য সিমান আবেদনময়ী। বেজবৰুৱাৰ সাহিত্যও ঠিক তেনেকুৱাই। তেওঁৰ সাহিত্যত অসমীয়া সমাজৰ প্ৰতিটো দিশ তথা প্ৰেম, ভালপোৱা, পূজা-পাৰ্বন, অন্ধ বিশ্বাস, ঠগ, ভণ্ডামি, জাতিভেদ প্ৰথা আলস্যতা, মুখাপিন্ধা পাণ্ডিত্যাভিমানী  আদি সকলো দিশ অকনো কল্পনা বা  অতিশয়োক্তিৰ ৰহন নলগাকৈ ভাস্বৰ হৈ উঠিছে। এই ক্ষেত্ৰত তেখেত নাটক, সাধুকথা আৰু চুটিগল্পসমূহ অসমীয়া সমাজৰ জীৱন্ত দলিল।

দ্বিতীয়তে, তেওঁৰ কাব্য তথা নাটক সমূহ তেওঁৰ পাঠকৰ বাবে  স্বদেশ প্ৰেমৰ অফুৰন্ত ভাৱ উদ্ৰেককাৰী অনন্য সৃষ্টি। তেওঁৰ নাটকসমূহ প্ৰাচীন অসমৰ  শৌৰ্য-বীৰ্য, বল-বিক্ৰম আৰু জয়গাঁথাৰ অনবদ্ধ সংস্কৰণ। । তলত উদ্ধৃত কবিতা কলিকেইটাৰ দ্বাৰাই তেওঁ  পাঠকৰ  মনত স্বদেশ প্ৰেমৰ আলোড়ণ তুলিব পাৰে:

“আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ’ম

 সকলো আছিল, সকলো আছে, নুশুনো নলও গম,

 বাজক ডবা, বাজক শঙ্খ, বাজক মৃদং খোল,

 অসম আকৌ উন্নতি পথত জয় আই অসম বোল ।”

তৃতীয়তে, তেওঁৰ সৃষ্টি সাহিত্যৰাজিৰ পাতে-পাতে বিমল  হাস্য-ৰসৰ কল্লোলিত খলকনি আছে- যি হাস্য-ৰসৰ জৰিয়তে অসমীয়া সমাজৰ ফোঁপোলা  স্বভাৱটো উদং কৰি দেখুৱাৰ লগতে পাঠকৰ হৃদয়ত হাস্য-ৰসৰ হেন্দোলনি তোলে।

চতুৰ্থতে, এইজন সাহিত্যিকৰ ৰচনাই মোৰ দৰে পাঠক এজনৰ হৃদয় মন জয় কৰাৰ আন এক কাৰণ হৈছে তেওঁৰ ভাষা,  শব্দ চয়ন আৰু বাক্য বিন্যাস। তেওঁৰ ভাষা খাটি অসমীয়া গোন্ধৰে আমোলমোল। তেখেতে সাধাৰণ ভাৱ এটাকো অসাধাৰণ শব্দ চয়ন  আৰু ব্যঙ্গ দৃষ্টিৰ ৰহণ  লগাই শ্ৰুোতা আৰু পাঠকৰ মন-প্ৰাণ হৰণ কৰাত সিদ্ধহস্ত। “মোৰ জীৱন সোঁৱৰণ” শিৰোনামৰ প্ৰৱন্ধটিত তেখেতে নিজৰ জন্ম বৃত্তান্তৰ কাহিনী যি ভাষাতে দাঙ্গি  ধৰিছে, সেয়া  অসমীয়া ভাষা সাহিত্যৰ আচুতীয়া সম্পদ ।

পঞ্চমতে, লক্ষ্মীনাথ বেজবৰুৱাদেৱ যে অকল সাহিত্যিক হিচাপে মোৰ প্ৰিয় সেয়া নহয়, তেওঁ মোৰ এজন আদৰ্শ ব্যক্তিও। তেওঁ আছিল স্বাধীনচেতীয়া,  অসমীয়া জাতি আৰু  ভাষা-সাহিত্যৰ চিৰ হিতাকাঙ্খী, সফল আলোচনী সম্পাদক, উদাৰ বৈষ্ণৱ, স্বদেশপ্ৰেমিক, অসমীয়া কৃষ্টিৰ পৃষ্ঠপোষক  আৰু আশাবাদী সমাজ সংস্কাৰক।  মুঠতে অসমীয়া জাতি গঠনত শ্ৰীমন্ত শংকৰদেৱৰ যি অৱদান অসমীয়া ভাষা সাহিত্যৰ বিকাশত বেজবৰুৱাদেৱৰ সেই অৱদান।

এইেবাৰ কাৰণতে বেজবৰুৱাদেৱ মোৰ প্ৰিয় সাহিত্যিক। মই ভাৱো যে সাহিত্য পঢ়ি  সোৱাদ, আনন্দ আৰু জ্ঞান লাভ কৰাৰ মানসিকতা যিজন ব্যক্তিৰ আছে, সেইজন ব্যক্তিয়ে যদি বেজবৰুৱাদেৱৰ সাহিত্য অধ্যয়ন কৰে, তেন্তে সাহিত্যৰথী বেজবৰুৱাদেৱ তেওঁৰো নিশ্চয় প্ৰিয় সাহিত্যিক হ’ব।

 

কম্পিউটাৰ

বৰ্তমান যুগটো হৈছে বিজ্ঞানৰ যুগ। আজি বিজ্ঞানে মানৱ সভ্যতালৈ যি যি বৰঙণি  আগবঢ়াইছে, সেইবোৰৰ  ভিতৰত আটাইতকৈ বেছি বিষ্ময়কৰ আৱিষ্কাৰটো  হৈছে কম্পিউটাৰ। কম্পিউটাৰ এনে এটি যন্ত্ৰ যাৰ দ্বাৰা গণনা কৰিব পাৰি, তথ্য সংগ্ৰহ কৰিব পাৰি আৰু নিৰ্দেশ দিয়া মতে কামত ব্যৱহাৰ কৰিব পাৰি। আধুনিক সভ্যতাত কম্পিউটাৰ কাৰ্য্য পৰিসৰ যথেষ্ট বৃদ্ধি পাইছে।

কম্পিউটাৰ কোনো এজন ব্যক্তিৰ নিজস্ব আৱিষ্কাৰ নহয়। কম্পিউটাৰ আৱিষ্কাৰকসকলৰ ভিতৰত মেণ্ডেলি নামৰ বৈজ্ঞানিক এজনৰ নাম যুক্ত হৈ আছে। তেওঁ পোন প্ৰথমে ১৯৪০ চনত প্ৰাথমিক পৰ্য্যায়ৰ কম্পিউটাৰ আৱিষ্কাৰ কৰে। তেওঁৰ সেই আৱিষ্কাৰৰ লগত পিছত অন্যান্য বহুতো বৈজ্ঞানিকে নতুন প্ৰযুক্তি সংযোগ কৰি বৰ্তমানৰ সৰ্বাধুনিক কম্পিউটাৰলৈ ক্ৰম বিকশিত কৰে।

প্ৰাথমিক অৱস্থাত কম্পিউটাৰৰ দ্বাৰা সাধাৰণ গণনা আৰু দুই এটা সৰু সৰু তথ্য যোগানৰ কাম সাধন কৰিব পৰা হৈছিল যদিও বৰ্তমান ইয়াক ইমান বহুধা-বিবিধ কামত ব্যৱহাৰ কৰা হয় যে কম্পিউটাৰৰ ব্যৱহাৰৰ দিশেবাৰৰ বিষয়ে বৰ্ণাই অন্ত পেলাব নোৱাৰি। প্ৰতি দিনে ইয়াৰ কাৰ্য্য পৰিসৰ বৃদ্ধি পাই আছে। আমাৰ ভাৰতবৰ্ষত তলত দিয়া কাৰ্যক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়।

প্ৰথমতে, ইয়াক গণনা কৰা কামত ব্যবহাৰ কৰা  হয়। দ্বিতীয়তে ইয়াৰ জৰিয়তে বেংক, অফিচ, আদালত, দোকান  আদিত হিচাপ ৰখা হয়। তৃতীয়তে, যান বাহন নিয়ন্ত্ৰন , কল-কাৰখানাত  দূৰূহ  কাম-কাজসমূহ কম্পিউটাৰ ৰূপী ৰবটৰ দ্বাৰা সম্পাদন কৰা হয়। বৰ্তমান কম্পিউটাৰৰ যোগেদি বা-বাতৰি প্ৰেৰণ, কিতাপ মুদ্ৰণ, ছপাকৰণ আদি প্ৰায় নিত্য-নৈমিত্তিক  প্ৰায়বোৰ কাম কৰা হয়। বিজ্ঞানৰ বিভিন্ন শাখাতো বিভিন্ন পৰীক্ষা-নিৰীক্ষা তথা মহাকাশ বিজ্ঞানতো ইয়াক প্ৰয়োগ কৰি বহিঃবিশ্বতো মানৱ সভ্যতাৰ ধবজা   উৰুৱাইছে। ইয়াৰ দ্বাৰা আজি কালি মানুহৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা বিধানো দিয়া হৈছে। মুঠতে কম্পিউটাৰৰ দ্বাৰা আজি প্ৰায় সকলো জটিল কাম কাজ সম্পাদন কৰা হৈ আছে।

কম্পিউটাৰৰ যিমান সুবিধা থাকক, ইয়াৰ অসুবিধাও নথকা নহয়। কম্পিউটাৰৰ দ্বাৰা আজিকালি তথ্য চুৰি কাৰ্য্যও হৈ থাকে। মানুহৰ কাম আজি  কম্পিউটাৰে সম্পাদন কৰিবলৈ লোৱাত অফিচ আদালতত অতিৰিক্ত কামৰ বাবে  নিয়োগ কৰা কেৰাণী, মহৰী, পিয়ন আদি পদৰ প্ৰয়োজন নোহোৱা হৈ আহিছে। ফলত নিৱনুৱা সমস্যাৰ সৃষ্টি হৈছে। আধুনিক সামৰিক বিভাগতো যুদ্ধ বিগ্ৰহৰ কাম কাজত কম্পিউটাৰ বা ৰবট ব্যৱহাৰ হৈ আছে। ফলত পৃথিৱীৰ শান্তি বিনষ্ট হোৱাৰ আশংকা  আছে।

কম্পিউটাৰে মানুহৰ শ্ৰম লাঘব কৰি আৰু সময়ৰ সদ ব্যৱহাৰ কৰাত যথেষ্ট অৱদান যোগাই  মানৱ সমাজলৈ প্ৰযুক্তিৰ দিশত বিপ্লৱৰ সূচনা কৰিছে যদিও ইয়াৰ সুবিধা আজিও গাঁৱে- ভূৱে সৰ্বসাধাৰণ নাগৰিকে লাভ কৰিব পৰা নাই। ইয়াৰ কাৰণ ইয়াৰ দাম আজিলৈ সুলভ হোৱাহি নাই।  দেখা যায় ইয়াক এচাম মানুহে বিলাসীতাৰ সামগ্ৰী হিচােপ ব্যৱহাৰ কৰিছে। ফলত সমাজত বৈষম্যৰ  সৃষ্টি হৈ আছে।

আজি কম্পিউটাৰৰ সুপ্ৰয়োগৰ দ্বাৰা বিশ্ব সভ্যতালৈ উন্নয়ন আৰু শান্তি  প্ৰতিষ্ঠা  হওঁক। লগতে ইয়াৰ মূল্য সুলভ হৈ সৰ্বসাধাৰণ মানুহৰ ওচৰ পাওঁক। কামনা এয়ে।

 

আধুনিক সভ্যতাত বিজ্ঞানৰ অৱদান

আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। অষ্টাদশ শতাব্দীৰ অন্তিম ভাগৰ পৰা বিংশ শতাব্দীৰ মাজ ভাগলৈ বিজ্ঞানে চৰম উৎকৰ্ষ সাধন কৰি মানৱ সভ্যতাৰ ৰেহ-ৰূপ সম্পূৰ্ণ  সলনি কৰি দিছে। বিজ্ঞানে যে অকল বস্তু-সামগ্রী, সা-সঁজুলি, যন্ত্ৰপাতিৰ দিশতেই মানৱ সমাজখনক পৰিৱৰ্তন কৰিছে সেয়া নহয়; বিজ্ঞানে মানুহৰ দৃষ্টিভঙ্গী, যুক্তি বিচাৰ আদিকো সলনি কৰি মানৱ সভ্যতালৈ এক দৃষ্টান্তহীন বৈপ্লৱিক পৰিৱৰ্তন আনি দিছে। ইংৰাজ দাৰ্শনিক C. M. Joad ৰ ভাষাত, “Science has not only changed the lives of men, but made them happier, easier and more secure.”

আজি মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান ইমানেই যে আজিৰ মানুহে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই পিছদিনা আকৌ টোপনিলৈ যোৱাৰ সময়খিনিত  যি যি বস্তু স্পৰ্শ কৰিছে বা যি কাৰ্য্য সমাধা কৰিছে সকলোতে বিজ্ঞানৰ অৱদান আছে। অৰ্থাৎ আমাৰ দৈনদিন জীৱনৰ প্ৰতিটো পল-অনুপল বিজ্ঞানে অধিকাৰ কৰি লৈছে। বিজ্ঞানৰ ইমান অলেখ-অপাৰ অৱদানৰ বিষয়ে সীমিত পৰিসৰৰ এটি প্ৰবন্ধত বৰ্ণনা কৰিবলৈ যোৱা অবান্তৰহে মাথোন। তথাপি আমাৰ দৈনন্দিন জীৱনৰ যোগাযোগ, পৰিবহন আৰু যাতায়ত, শিল্প, কৃষি, আকাশ বিজ্ঞান, জ্ঞান বিকাশৰ দিশ, স্বাস্থ্য বিজ্ঞান, কু-সংস্কাৰ দূঢ়ীকৰণ আদি বিভাগত বিজ্ঞানে যোগোৱা অৱদানৰ বিষয়ে চমু আভাষ দিবলৈ অৰ্থাৎ “হাতী মাৰি ভুৰুকাত সুমুৱাবলৈ” অসাধ্য প্ৰচেষ্টা চলোৱা হ’ল-

আজিৰ যুগত বিজ্ঞানে যাতায়ত আৰু পৰিবহনৰ দিশত ইমান অৱদান আগবঢ়াইছে যে আমি মূহুৰ্তৰ ভিতৰতে বিশ্বৰ এঠাইৰ পৰা আন ঠাইলৈ নিজ ইচ্ছা অনুযায়ী যাতায়ত কৰিব পৰা হলোঁ। যাতায়তৰ দিশত বিজ্ঞানে আগবঢ়োৱা অৱদানসমূহ হ’ল- চাইকেল, মটৰ গাড়ী, ৰেল গাড়ী, জাহাজ, জেট বিমান আৰু ক’ত যে কিহ্! যোগাযোগৰ ক্ষেত্ৰত টেলিফোন, টেলিগ্ৰাফ, ফেক্স, কেৱল ফোন, বেতাৰ ইত্যাদি- যিবোৰৰ জৰিয়তে আজি যিকোনো সময়তে বিশ্বৰ যিকোনো ঠাইৰ ব্যক্তিৰ সৈতে যোগাযোগ সম্ভৱ হৈ বিশ্বখন এটা পৰিয়ালৰ দৰে সৰু কৰি পেলাইছে।

শিল্প উদ্যোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান অনস্বীকাৰ্য।  আজি বিজ্ঞানে শিল্প উদ্যোগৰ বাবে ইমানবোৰ যন্ত্ৰপাতি, সা-সঁজুলি আদিৰ উদ্ভাৱন কৰিছে যে তাৰ তালিকা প্ৰস্তুত  কৰাটো সম্ভৱ নহয়। তথাপি  থোৰতে ক’বলৈ গ’লে সূতা কটা যন্ত্ৰ, কাপোৰ বোৱা মেচিন, খাৰুৱা তেল উদ্ঘাটন কৰা যন্ত্ৰ, বিজুলী শক্তিৰ আৱিষ্কাৰ ইত্যাদি।

বিজ্ঞানে আজি কৃষিৰ ক্ষেত্ৰতো বিপ্লৱ আনয়ন কৰিছে। ই হালবোৱা মেচিন, মাটি খন্দা মেচিন আৱিষ্কাৰ কৰাৰ লগতে খেতিত উৎপাদন আশাতীতভাৱে বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাসায়নিক সাৰৰ উদ্ভাৱন, পোক- পৰুৱাৰ পৰা শস্যক ৰক্ষা কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কীটনাশক দ্ৰৱ্যৰ যোগান ধৰিছে।

জ্ঞান বিকাশ আৰু বিস্তাৰ অৰ্থাৎ লিখা-পঢ়াৰ দিশতো বিজ্ঞানৰ অৱদান লেখতলবলগীয়া। কলম, টাইপ ৰাইটিং, ছপাশাল, কম্পিউটাৰ আদি আৱিষ্কাৰ কৰাৰ লগতে কলা আৰু কণা মানুহৰ বাবেও শিক্ষাৰ সঁজুলি উদ্ভাৱন কৰি জ্ঞান লাভৰ পথ প্ৰশস্ত কৰিছে।

স্বাস্থ্য বিজ্ঞানৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান কম নহয়। আজিৰ মানুহে কম দুখ-যন্ত্ৰণা ভোগ কৰে- কিয়নো প্ৰায় প্ৰতিটো ৰোগৰ ঔষধ বিজ্ঞানে আৱিষ্কাৰ কৰি আৰু স্বাস্থ্য ৰক্ষাৰ যাবতীয় দিশৰ সন্ধান উলিয়াই মানৱ জীৱনটো দীৰ্ঘায়ু কৰিছে। ফলত আজি মৃত্যুৰ হাৰ যথেষ্ট কমি গৈছে।

উক্ত সকলোবোৰ দিশৰ লগতে বিজ্ঞানে মহাকাশ বিজ্ঞানৰ দিশতো সমানে আগবঢ়াইছে। আজি বিজ্ঞানে এনেকুৱা যান আৱিষ্কাৰ কৰিছে যাৰ দ্বাৰা চন্দ্ৰত মানুহ পঠাব পৰা হোৱাৰ উপৰিও মঙ্গল গ্ৰহত মানুহৰ পদাৰ্পনৰ  সম্ভৱনাৰ  দিশো প্ৰশস্ত কৰিছে। আজি আমাৰ সৌৰজগতৰ বাহিৰতো যোগাযোগ স্থাপন কৰাৰ প্ৰচেষ্টা চলিছে।

বিজ্ঞানে মানুহৰ বাহ্যিক জীৱনত বাৰুকৈয়ে পৰিৱৰ্তন সাধন কৰাৰ লগতে মানুহৰ মানসিকতা পৰিৱৰ্তন কৰি সমাজৰ পৰা পৰম্পৰাগতভাৱে চলি অহা অন্ধ বিশ্বাসো দূঢ়ীকৰণত ইন্ধন যোগাইছে। আজিকালি মানুহ যুক্তিবাদী হৈছে। যুক্তি, পৰ্যেবক্ষণ আৰু বিশ্লেষণৰ তুলাচনীত সকলো কাৰ্য্য আৰু বিশ্বাস জুখি-মাখিহে গ্ৰহণ কৰে। ফলত আজিৰ বিশ্ব সম্পূৰ্ণ সলনি হৈ গৈছে।

মুঠতে বিজ্ঞানে আমাৰ মানৱ সমাজৰ দৈনদিন জীৱনৰ প্ৰতিটো দিশ হস্তগত কৰি আমাক বিজ্ঞানৰ দাসত পৰিণত কৰি লৈছে। আজি আমি বিজ্ঞান নোহোৱাকৈ এটা মূহৰ্তও পাৰ কৰিব নোৱাৰো আৰু এখোজো  আগুৱাব  নোৱাৰো।

বিজ্ঞানে মানৱ সভ্যতাৰ ৰূপ কল্পনাতীতভাৱে সলনি কৰি উন্নয়নৰ শীৰ্ষত তুলি দিছে  সঁচা, কিন্তুু বিজ্ঞানে মানৱ সমাজলৈ অশান্তি আৰু ধবংসও মাতি আনিছে। উদাহৰণ স্বৰুপে যাতায়ত,পৰিবহন, শিল্প, কৃষি আদিৰ ক্ষেত্ৰত যিবোৰ  অৱদান আগবঢ়াইছে, সেইেবাৰ অপৰিকল্পিত আৰু অতিৰিক্ত ৱ্যবহাৰৰ ফলত পৰিেবশ প্ৰদূষিত হৈ মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকি স্বৰূপ হৈ উঠিছে।

আজিৰ বিজ্ঞানে টেষ্ট টিউবত প্ৰাণৰ স্পন্দন সম্ভৱ কৰি স্ৰষ্টাকো প্রত্যাহ্বান  জনাইছে সঁচা, তাৰ বিপৰীতে গণ বিধবংসী অস্ত্ৰ-শস্ত্ৰ  যথা- বন্দুক=বাৰুদ, যুদ্ধ জাহাজ, পাৰমানৱিক বোমা, আদিও বিজ্ঞানেই আৱিষ্কাৰ কৰিছে। এক শ্ৰেণীৰ স্বার্থান্বেষী অবিবেচকী  এনেবোৰ  মৰণাস্ত্ৰৰ সুবিধা গ্ৰহণ কৰি বিশ্বত্ৰাসৰ সৃষ্টি কৰি বিশ্ব শান্তিত কুঠাৰাঘাত কৰিছে। সম্প্ৰতি আফগানিস্থান, ইৰাক, পেলেষ্টাইন আদি দেশত চলোৱা ধবংস যজ্ঞ বিজ্ঞানৰ  অৱদানৰ বাবেই সম্ভৱ হৈছে।    

সামৰণিত ক’ব পাৰি বিজ্ঞান মানৱ সভ্যতাৰ ওপৰত আৰ্শীবাদ আৰু অভিশাপ দুয়োটাই। মানুহে যুক্তি বিচাৰৰ তুলাচনীত বিজ্ঞানৰ অৱদানসমূহ জুখি-মাখি ইয়াৰ আৰ্শীবাদসমূহ গ্ৰহণ কৰি অভিশাপসমূহ বৰ্জন কৰিব লাগিব। তেতিয়াহে বিজ্ঞানৰ অৱদানে মানৱ সমাজলৈ প্ৰত্যাশিত শান্তি-শৃঙ্খলা আনয়ন কৰিব পাৰিব।অন্যথা বিশ্ব সভ্যতা এদিনাখন বিজ্ঞানৰ অৱদানসমূহৰ বাবেই  ধবংস হৈ যাব।

 

শিক্ষাৰ মাধ্যম হিচাপে  মাতৃভাষা  অথবা  মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা

শিশু এজনে মাতৃগৰ্ভৰ পৰা ভূমিষ্ট হৈ পিতৃ-মাতৃৰ মুখৰ পৰা স্বতঃস্ফূর্তভাৱে যি ভাষা শিকে তাকে “মাতৃভাষা” বোলে । ই হৈছে মানুহৰ এক সহজাত শিক্ষা। পৃথিৱীত কেইবা হাজাৰ ভাষা আছে, তাৰে কিছু সংখ্যক ভাষাৰ নিজস্ব লিপি আৰু সাহিত্য আছে। আনহাতে কিছুসংখ্যক ভাষাৰ লিপি নাই আৰু কোনো লিখিত সাহিত্যও নাই। কিন্তু আজি এয়া প্ৰমাণ পোৱা যায় যে যি জাতিৰ ভাষা-সাহিত্য যিমানে চহকী সেই  জাতিৰ সভ্যতাও সিমানে উন্নত।

কিন্ত দুঃখৰ বিষয় যে আজি কিছুসংখ্যক মানুহ বা জাতিয়ে, বিশেষকৈ ভাৰতত মাতৃভাষাৰ পৰিৱৰ্তে বিদেশী অৰ্থাৎ ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে  গ্ৰহণ কৰি লৈছে  আৰু  মাতৃভাষাক অৱহেলা কৰিবলৈ লৈছে। এয়া নিশ্চয় শুভ লক্ষণ যে নহয়, তাৰ প্ৰমাণ প্ৰতিজন চিন্তাশীল আৰু ভাষা-সাহিত্য প্ৰেমীয়ে উপলব্ধি নকৰা নহয়।

ভাৰতবৰ্ষত ইংৰাজসকলে শাসনৰ বাঘজৰীডাল হাতত লোৱাৰ লগে লগেই সিহঁতৰ শাসন কাৰ্যত সহায় হোৱাৰ উদ্দেশ্যে এক শ্ৰেণীৰ আমোলা সৃষ্টি কৰাৰ প্ৰয়োজন অনুভৱ কৰি ভাৰতীয় ভাষাৰ প্ৰতি পিঠি দি শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষা প্ৰৱৰ্তন কৰে। ভাৰতীয় মানুহেও ইংৰাজসকলৰ সিদ্ধান্ত বা নীতি চৰম বুলি মানি লৈ ইংৰাজী ভাষাকেই শিক্ষা তথা প্ৰশাসনীয় কাম-কাজ পৰিচালনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰি আজিলৈ সেই মানসিকতাৰ পৰা ওলাই আহিব পৰা নাই।

বিদেশী ভাষা বা ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাত আমাৰ দেশৰ যি বিস্তৰ ক্ষতি হৈছে সেয়া এই  তথ্যৰ পৰাই  প্ৰমান পোৱা যায় যে ভাৰতে স্বাধীনতা পোৱাৰ কেইবাটাও দহক  পাৰ কৰিলে যদিও ভাৰতবৰ্ষত শিক্ষিতৰ  হাৰ এতিয়াও মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰা পাশ্চাত্য দেশবোৰৰ  তুলনাত দুঃখলগাকৈ নিম্ন আৰু উন্নয়নো নিম্ন।

মাতৃভাষাৰ পৰিৱৰ্তে অইন ভাষাক (ভাৰতত ইংৰাজী ভাষাক) শিক্ষা গ্ৰহণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে আমি যথেষ্ট বাধা তথা অসুবিধাৰ সন্মুখীন হও যিবোৰ অসুবিধা মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে সততে সন্মুখীন হোৱা নাযায়। মাতৃভাষা শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিলে আমি তলত দিয়া সুবিধাসমূহ পাওঁ:

প্ৰথমতে, মাতৃভাষা আমাৰ জন্মস্বত্বৰ দৰে। আমি ওপজিয়েই এই ভাষাৰ লগত চিনাকী হওঁ। ইয়াক দৈনন্দিন জীৱনত কোনো পাঠ্যপুথি বা গুৰুৰ সহায় নোহোৱাকৈ পিতৃ-মাতৃৰ মুখৰ পৰা স্বতঃস্ফূর্তভাৱে শিকিব পাৰোঁ। তাৰ পৰিৱৰ্তে ইংৰাজী বা অইন ভাষা শিকিবলৈ গলে আমি নিশ্চয় সাধনা  কৰিব লাগিব – যি দৈনন্দিন জীৱনত স্বতঃস্ফূর্তভাৱে  শিকা  কথাটো অবান্তৰ।

দ্বিতীয়তে, মাতৃভাষা শিক্ষাৰ বাবে  কোনো অৰ্থ ব্যয় নহয়। ইয়াক সহজে শিকিব পাৰি। এই ভাষা শিকিবলৈ মানসিক প্ৰস্ততিৰো প্ৰয়োজন নহয়। আমাৰ শৰীৰৰ অংগ-প্ৰতংগ বৃদ্ধি বা বিকাশ হোৱা আমি যেনেদৰে গম নাপাও মাতৃভাষা  শিকাতো গম নাপাও। আনহাতে ইংৰাজী বা বিদেশী ভাষা শিক্ষাৰ বাবে  আমাৰ নিশ্চয় মনোযোগৰ প্ৰয়োজন। বহুসময় ঘৰুৱা শিক্ষকো ৰাখিবলগীয়া হয়। সময়ো বেছি লাগে। কোমলমতীয়া ছাত্ৰ-ছাত্ৰীয়ে স্বতঃস্ফূর্তভাৱে শিকিব পৰা ভাষাটো এৰি বেলেগ ভাষা এটা শিকিবলৈ যোৱাটো নিশ্চয় কষ্টকৰ।

তৃতীয়তে, মাতৃভাষা আমি যিমান সোনকালে বুজি পাওঁ  আৰু ৰসাস্বাধন কৰিব পাৰি অইন ভাষাৰ সাহিত্য অধ্যয়ন কৰি সিমান ৰসাস্বাধন কৰিব নোৱাৰি। উদাহৰণ হিচাপে  আমি গ্ৰহণ কৰা খাদ্য বস্তুৰ কথাকে ল’ব পাৰোঁ। আমি খোৱা খাদ্য যদি জীন নিয়াব  নোৱাৰো; তেন্তে আমাৰ স্বাস্থ্য হানি হয়।  তেনেদৰে আমি বিদেশী ভাষা শিকি যদি তাৰ ৰসস্বাদন কৰাত ব্যৰ্থ হওঁ , সেয়া নিশ্চয় আমাৰ বাবে  সময় আৰু পৰিশ্ৰম হানিকাৰক।

চতুৰ্থতে, ভাৰতবৰ্ষত ইংৰাজসকলে ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ কাৰণ আছিল সিহঁতৰ সুবিধাৰ্থে ইংৰাজী শিক্ষাত শিক্ষিত ভাৰতীয়ক কৰ্ম- বিমুখ কৰি চাকৰি জীৱি কৰোৱা। কিন্তু  বৰ্তমান শিক্ষা  ব্যৱস্থাটোৰ  উদ্দেশ্য সেয়া নহয়। বৰ্তমানৰ উদ্দেশ্য হ’ল দেশৰ নাগৰিকসকলক কাৰিকৰী শিক্ষাত শিক্ষিত কৰি নিৱনুৱা সমস্যা সমাধানত অৰিহণা যোগোৱা। সেয়ে দেশৰ নাগৰিকসকলক মাতৃভাষাৰ জৰিয়তে কাৰিকৰী শিক্ষা প্ৰদান কৰিলে সহজে কাৰিকৰী কৌশল আয়ত্ব কৰিব পাৰে। বাস্তৱত দেখা গৈছে ভাষাৰ অন্তৰালৰ বাবেও  বহুতো যুৱক-যুৱতীয়ে আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে।

পঞ্চমতে, ইংৰাজী বা বিদেশী ভাষাত লিখা কিতাপ পত্ৰবোৰত  বিদেশী সংস্কৃতিয়ে প্ৰাণ পায় যিবোৰ  আমাৰ ভাৰতীয় পৰিবেশত সদায় গ্ৰহণযোগ্য নহয়। বাস্তৱত দেখা যায় ইংৰাজী শিক্ষাত শিক্ষিত ভাৰতীয়সকল ঐতিহ্য মণ্ডিত ভাৰতীয় সংস্কৃতি পাহৰি বিদেশী সংস্কৃতি গ্ৰহণ কৰিবলৈ লৈছে। ফলত ভাৰতীয় সংস্কৃতি ম্লান পৰি আছে। জাতি এটাৰ বাবে  এইয়া নিশ্চয় অশুভ লক্ষণ।

ষষ্ঠতে, বিদেশী ভাষাত শিক্ষা প্ৰদান কৰা শিক্ষা প্রতিষ্টানসমূহত অনুমোদন কৰা পাঠ্যপুথি সমূহ বিদেশী লিখকৰ দ্বাৰা প্ৰস্তুুত কৰা হয়। সেইবোৰ  কিতাপৰ স্বত্ব গ্ৰহণ কৰোতে বা বিদেশৰ পৰা আমদানি কৰোতে যথেষ্ট সময় আনকি বৈদেশিক মুদ্ৰাও খৰচ হয়। ফলত আৰ্থিক দিশত দেশখন ক্ষতিগ্ৰস্ত হয়।

সপ্তমতে, ভাষা শিকাটোৱেই মানৱ জীৱনৰ একমাত্ৰ লক্ষ্য নহয়। মানৱ জীৱনৰ লক্ষ্য হ’ল কৰ্ম শিকাহে।  দেখা যায় বিদেশী ভাষা এটাক সম্পূৰ্ণভাবে আয়ত্ব কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। মানুহৰ জীৱনটো যিহেতু খন্তেকীয়া, সেয়ে অকল ভাষা শিকোতেই জীৱনৰ অধিক সময় খৰচ কৰাটো নিশ্চয় যুক্তিসংগত নহয়।

বৰ্তমান দেশৰ দাৰ্শনিক, পণ্ডিত, মনস্তাত্বিক আৰু শিক্ষাবিদসকলে গৱেষণাৰ দ্বাৰা প্ৰমাণ কৰিছে যে বিদেশী ভাষাৰ পৰিৱৰ্তে মাৰ্তভাষাত শিক্ষাদান সহজ হোৱাৰ উপৰিও শিক্ষাও ফলপ্ৰসু হয়। প্ৰখ্যাত মনস্তাত্বিক পণ্ডিতসকল যেনে- জন ডিউ, পাৰ্চিনান, ফ্রয়েড আদিয়ে মাতৃভাষাত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা দান কৰিবলৈ পৰামৰ্শ আগববঢ়াইছে।

অভিজ্ঞতাৰ  পৰা পাওঁ যে আমি যেতিয়া মাতৃভাষাৰে কোনো শব্দ বা বাক্য উচ্চাৰণ কৰো, তেতিয়া সেই শব্দ বা বাক্য বাৰ যেন আমাৰ হৃদয়ৰ পৰা পাহাৰী স্নোতস্বিনীৰ দৰেই স্বাভাৱিকভাৱে ওলাই আহে। কিন্ত যেতিয়া কোনো বিদেশী ভাষাৰ শব্দ বা বাক্য উচ্চাৰণ কৰো তেতিয়া আমাৰ স্মৃতিৰ পৰা উচ্চাৰণ কৰিব লগা হয়। স্মৃতিৰ পৰা বাহিৰ কৰা কামটো নিশ্চয় যে কঠিন সেয়া আমি সকলোৱে স্বীকাৰ কৰো।

মাতৃভাষাৰ গুৰুত্ব উপলব্ধি কৰিয়েই আমাৰ অসমীয়া কবি নৱকান্ত বৰুৱাদেৱে লিখিছে-

“হয়তো নহ’ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া

তথাপি আপোন  মোৰ ভাষা,

তাৰেই প্ৰকাশ কৰো অন্তৰৰ ভাৱ কুমলীয়া

সুখ, দুখ, স্নেহ, শান্তি, আশা।”

ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰিলে আমি বহুতো অসুবিধাৰ পৰা হাত সাৰিব পাৰি আৰু তুলনামূলকভাৱে সহজে জ্ঞান আহৰণ কৰিব পাৰি। সেয়ে মাতৃভাষাই শিক্ষাৰ মাধ্যম হোৱা উচিত। 

সামৰণিত ক’ব পাৰি মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে চৰকাৰে আইন প্ৰণয়নৰ যোগেদি  অচিৰেই আনুষ্ঠানিক  শিক্ষাৰ সকলো স্তৰতে প্ৰৱৰ্তন কৰিব লাগে । অন্যথা ভাষাৰ ব্যৱধানৰ বাবে  উন্নত ৰাষ্ট্ৰবোৰৰ তুলনাত ভাৰতবৰ্ষই স্বনিৰ্ভৰশীলতা অৰ্জন কৰাত আৰু বহুবছৰ অপেক্ষা কৰিব লাগিব। 

 

মহাপুৰুষ শ্ৰীমন্ত  শংকৰদেৱ

শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯- ১৫৬৮)) নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত।  তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত আইতা খেৰসুতিয়ে  শংকৰদেৱক তুলি-তালি ডাঙৰ -দীঘল কৰে।

আইতা খেৰসুতিয়ে  শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভৰ্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ সংস্কৃত শাস্ত্ৰত পাৰ্গত হৈ উঠে।

একৈশ বছৰ বয়সত তেওঁ সূৰ্যৱতীক বিয়া কৰায় আৰু তিনি বছৰ পিছত এটি কন্যা সন্তানৰ জন্ম দি সূৰ্যাৱতী স্বৰ্গগামী হয়।  পত্নী বিয়োগ হোৱাত তেওঁৰ মন ভাগি পৰে আৰু সংসাৰ বিৰাগী হৈ ১৪৮১ চনত ১৭ জন সঙ্গীৰ সৈতে তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলায়। এই ভ্ৰমণ কালত তেওঁ উত্তৰ  ভাৰতৰ  প্ৰায়বোৰ তীৰ্থস্থান পৰিদৰ্শন কৰে আৰু সেই সময়ৰ হিন্দু ধৰ্মৰ বহুতো ধৰ্ম গুৰুৰ সৈতে মত বিনিময় কৰি আধ্যাত্মিক জ্ঞানত পুষ্ঠ হৈ বাৰ বছৰ পিছত অসমলৈ উভতি আহে। ঘৰলৈ উভতি আহি কালিন্দী নামৰ ছোৱালী এগৰাকীক বিয়া কৰায়।

সেই সময়ত অসমত সামাজিক আৰু ধৰ্মীয় জীৱনত নানান খেলিমেলি দেখি হিন্দু ধৰ্ম সংস্কাৰ কৰাৰ মানসেৰে শ্ৰীমদ্বভাগৱত গীতাৰ ভিত্তিত এক নতুন ধৰ্মমতৰ পাতনি মেলে। এই ধৰ্মক ‘ নৱবৈষ্ণৱ ধৰ্ম’ বুলি কোৱা হয়। লগে লগে তেওঁ তেওঁৰ ধৰ্ম মত প্ৰচাৰৰ মাধ্যম হিচােপ সাহিত্য ৰচনা আৰম্ভ কৰে।

১৫২২ চনত তেওঁ ধূঞাহাটৰ বেলগুৰিত মাধবদেৱক লগ পায়। শ্ৰীশংকৰদেৱৰ লগত মাধবদেৱ শাস্ত্ৰীয় তৰ্কত পৰাজিত হৈ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু আজীৱন গুৰু শংকৰদেৱৰ লগত থাকি ধৰ্ম প্ৰচাৰত মনোনিেবশ কৰে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক ‘মণি-কাঞ্চন সংযোগ’ বুলি কোৱা হয়। শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ অৰ্থে ঠায়ে ঠায়ে সত্ৰ, থান, নামঘৰ, ভাওনাঘৰ আদি স্থাপন কৰে আৰু অসমীয়া সমাজক খোল, তাল, ডবা আদিৰ ব্যৱহাৰ শিকায়। ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’ – হৈছে তেওঁৰ ধৰ্মৰ মূলমন্ত্ৰ।

শংকৰদেৱে তেওঁৰ ধৰ্মীয় তত্ত্ব সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ মাধ্যম হিচােপ বহুতো গ্ৰন্থও ৰচনা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।

কাব্য: হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ আদি।

ভক্তিমূলক পুথি:  ভক্তি প্ৰদীপ, নিমি-নৱসিদ্ধ সংবাদ, ভক্তি ৰত্নাকৰ, অনাদি পতন আদি।

নাম প্ৰসঙ্গমূলক: কীৰ্তন ঘোষা, গুণমালা আদি।

অনুবাদমূলক: ভাগৱত, আৰু  উত্তৰাকাণ্ড ৰামায়ণ।

অংকীয়া নাট: পত্নী প্ৰসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামজিয়।

গীত: বৰগীত,ভটিমা।

শ্ৰীমন্ত শংকৰদেৱৰ ‘কীৰ্তন ঘোষা’ নামৰ পুথিখন হৈছে তেওঁৰ সাহিত্যিক কীৰ্তি স্তম্ভ স্বৰূপ। এইখন গ্ৰন্থখনক  নৱবৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ পুথি বুলি গণ্য কৰা হয়। শংকৰেদেৱে ব্রজাৱলী নামৰ এক কৃত্ৰিম ভাষাত তেওঁৰ গ্ৰন্থেবাৰ ৰচনা কৰিছিল।  ব্রজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথেলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। এই ভাষাত স্বৰধবনিৰ প্ৰয়োগ অধিক বাবে  শ্ৰুতি মধুৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ সৰহভাগ ৰচনাত ব্রজাৱলী ভাষাৰ ব্যৱহাৰ কৰিছে। শংকৰদেৱৰ সকলোবোৰ  গ্ৰন্থ ব্রজাৱলী ভাষাত ৰচনা কৰা যদিও তেওঁৰ একমাত্ৰ পুথি ‘ভক্তি ৰত্নাকৰ’ খন সংস্কৃত ভাষাত ৰচিত।

শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ অকল এক নতুন ধৰ্ম দি যোৱাই নহয়, তেওঁ অসমীয়া সমাজ সংস্কৃতিলৈয়ো নানান অৱদান আগবঢ়াই  অসমীয়া জাতিক এক স্বকীয়তা প্ৰদান কৰি গৈছে।

এইজন মহাপুৰুষে ১৫৬৮ চনত এশ ঊনৈশ বছৰ বয়সত কোচ বিহাৰৰ ভেলা  মধুপুৰ সত্ৰত  ইহলীলা সম্বৰণ কৰে।

 

অসমৰ বয়ন শিল্প

সাধাৰণ হাতে গঢ়া  সা-সঁজুলিৰ সহায়ত নিজ ঘৰৰ পৰিসৰৰ ভিতৰত থলুৱা কেঁচা সমগ্ৰীৰে যিবোৰ  উদ্যোগ স্হাপন কৰা  হ্য়  সেইেবাৰ উদ্যোগকে কুটিৰ উদ্যোগ বা কুটিৰ শিল্প বুলি কোৱা হয়।

প্ৰাচীন কালৰ পৰাই ভাৰত কুটিৰ শিল্পত চহকী। ভাৰতৰ উত্তৰ-পুর্বাঞ্চলৰ  ৰাজ্য অসমো কুটিৰ শিল্পত আগবঢ়া । আনকি কেইবাটাও ক্ষেত্ৰত ই অন্যান্য ৰাজ্যতকৈয়ো বেছি চহকী। অসমত থকা কুটিৰ শিল্পসমূহৰ ভিতৰত বয়ন শিল্প, বাহঁ -বেতৰ শিল্প, ভাস্কৰ্য শিল্প, মৃৎ শিল্প, হাতীদাঁতৰ শিল্প, কাহঁ-পিতলত শিল্প আদিয়েই প্ৰধান।  ইয়াত অসমৰ বয়ন শিল্পৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে।

বয়ন শিল্পত বিশ্বৰ ভিতৰতে  অসমৰ এক সুকীয়া আসন আছে।  অসমৰ জীয়ৰি-বোৱাঁৰী সকলোৱে বয়ন শিল্পত পাকৈত। অসমৰ ছোৱালীয়ে কাপোৰ  ব’ব নজনাটো এসময়ত বৰ লাজৰ কথা বুলি বিবেচনা কৰা হৈছিল। অসমীয়া ছোৱালীয়ে নিজে যঁতৰৰ দ্বাৰা সূতা কাটি সেই সূতাত নিজেই থলুৱা পদ্ধতিত ৰং দি কাপোৰ  ব’ব জানে।  অসমৰ পাট- মুগা, এৰি আদি কাপোৰ অকল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।  অসমীয়া তিৰোতাই তৈয়াৰ কৰা পাট-মুগাৰ কাপোৰে এসময়ত মোগল হেৰেমসমূহত আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰভু কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰে অসমীয়া সাজ পৰিধান কৰা উষাদেৱীক চাই মুগ্ধ হৈছিল। মহাপুৰুষ শংকৰদেৱৰ তত্বাৱধানত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰখনৰ কথা আজি বিশ্বৰ সকলোৱে জানে। ইয়াৰ আৰ্হি বিশ্বৰ কেইবাখনো দেশৰ আঠখন যাদুঘৰত সংৰক্ষিত হৈ আছে। অসমীয়া তিৰোতাই আহোম যুগত এক প্ৰকাৰৰ কাপোৰ এৰাতিৰ ভিতৰতে তৈয়াৰ কৰি উলিয়াছিল যাক ‘কবচ’ বোলা  হৈছিল। জন বিশ্বাসত কোৱা হৈছিল যে ঘৈনীয়েকে নিজ হাতে তৈয়াৰ কৰি দিয়া এনে বস্ত্ৰ পৰিধান কৰি গিৰিয়েকে যুদ্ধলৈ গ’লে যুদ্ধত বিজয়ী হয়।  অসমৰ শিপিনীয়ে তৈয়াৰ কৰা ফুলাম কােপাৰ দেখি  জাতিৰ পিতা মহাত্মা গান্ধীয়ে মন্তব্য কৰি কৈছিল, ‘অসমীয়া তিৰোতাই কাপোৰত  সপোন  ৰচিব পাৰে।’

এসময়ত অসম বয়ন শিল্পত চহকী  আছিল যদিও বৰ্তমান এই শিল্প বহুত প্ৰত্যাহব্বানৰ সন্মুখীন হৈছে। ইয়াৰ ঘাই  কৰাণ হৈছে- আধুনিক  বিজ্ঞানৰ আৱিস্কৃত বৃহৎ যন্ত্ৰ-পাতিৰ সহায়ত তৈয়াৰ হোৱা কাপোৰৰ প্ৰতিপ্রতিযেগিতাৰ লগত ই তিষ্টিব পৰা নাই। বৃহৎ কল-কাৰকানাত উৎপাদিত হোৱা কাপোৰৰ তুলনাত হাতেৰে বোৱা কাপোৰৰ খৰচ বেছি হয়। ফলত ইয়াৰ চাহিদা কমি গৈছে।

বয়ন শিল্প অসমৰ এক আচুতীয়া  শিল্প যদিও এই শিল্পক জীয়াই ৰাখিবলৈ হ’লে চৰকাৰী পৃষ্ঠাপোষকতাৰ  প্ৰয়োজন। চৰকাৰ আগুয়াই  আহিলে আৰু এই শিল্পৰ বিশেষত্বৰ বিষয়ে অসমীয়া সকল সচেতন হ’লে নিশ্চয় এই শিল্প পুনৰ ঠণ ধৰি উঠিব আৰু বিশ্ব দৰবৰত অসমীয়া শিপিনীৰ যশ-কীৰ্তি পুনৰ  প্রতিষ্ঠা   হ’ব।

 

বুৰঞ্জী প্রসিদ্ধ ঠাই ভ্ৰমণ

ঐতিহাসিক পটভূমি থকা স্থানক বুৰঞ্জী প্ৰসিদ্ধ ঠাই বুলি কোৱা হয়। সাধাৰণতে নতুন ঠাই চাবলৈ, নতুন কথা শিকিবলৈ, অতীতৰ ঘটনাৰ  সাক্ষীস্বৰূপ কীৰ্তিচিহ্নসমূহ  নিজ চকুৰে চাবলৈ মানুহৰ  মনৰ ভিতৰত তীব্ৰ  কৌতুহল আৰু হাবিয়াস জন্মে।  এনে কৌতুহল  নিবৃতিৰ বাবেই মানুহে ঠাই ভ্ৰমণ কৰে। 

ঐতিহাসিক ঠাই ভ্ৰমণৰ প্ৰতি মোৰো দুবৰ্বলতা আছে। মই ভাৰতৰ বিভিন্ন ঐতিহাসিক স্থানবোৰ  দৰ্শন কৰাৰ এক সুদূৰ সপোন মনতে পুহি ৰাখিছো। ইতিমধ্যে মই  অসমৰ ঐতিহাসিক ঠাই শোণিতপুৰ ভ্ৰমণ কৰিছো। এই ভ্ৰমণৰ বিষয়ে মই ইয়াত কিছুকথা ক’বলৈ ওলাইছো।

শোণিতপুৰ আছিল ঐতিহাসিক বাণৰজাৰ ৰাজধানী। আমি ইতিহাসত পাইছো যে বাণৰজাৰ ঊষা নামেৰে এগৰাকী সুন্দৰী জীয়েক আছিল। ৰজাই নিজৰ জীয়েকক পুৰুষৰ সংস্পৰ্শৰ পৰা নিলগত ৰাখিবলৈ অগ্নিগড় নামেৰে এটি দুৰ্গ সাজিছিল আৰু তাত সশস্র পহৰাৰ মাজত নিজৰ জীয়েকক সুৰক্ষিত কৰি ৰাখিছিল।  কিন্তু এদিনাখন তাই শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক সপোনত   দেখা পাই তেওঁৰ প্ৰেমত পৰে আৰু চিত্ৰলেখা নামৰ তাইৰ সখিয়েকৰ সহায়ত অনিৰুদ্ধক মাতি আনে আৰু গোপনে তেও’ৰ লগত পলাই যায়। ঊষা পলাই যোৱাৰ বাতৰি পাই বাণ ৰজাই সসৈন্যে অনিৰুদ্ধক আক্ৰমণ কৰি বন্ধী কৰে। ইপিনে নাতিয়েক বন্ধী হোৱা বাতৰি পাই শ্ৰীকৃষ্ণই বানৰজাৰ ৰাজ্য আক্ৰমণ কৰে।  বাণৰজা প্ৰভু শিৱৰ ভক্ত আছিল। বাণ ৰজাৰ এনে দুৰ্যোগৰ সময়ত শিৱই তেওঁক সহায় কৰিবলৈ  আগবাবাড়ি  আহে। ফলত শ্ৰীকৃষ্ণ আৰু বাণৰজাৰ মাজত তয়াময়া ৰণ হয়। যুদ্ধত বাণৰজা পৰাজয় হয় আৰু শ্ৰীকৃষ্ণই অনিৰুদ্ধ আৰু ঊষাদেৱীক দ্বাৰকালৈ লৈ গৈ দুয়োজনৰ বিবাহ পাতি দিয়ে। এই যুদ্ধ দুই দেৱতা অৰ্থাৎ হৰি  (শ্ৰীকৃষ্ণ) আৰু হৰ (শিৱ) ৰ মাজত হোৱা বাবে  ইয়াক ‘হৰিহৰৰ যুদ্ধ’ বুলি কোৱা হয়। 

বাণৰজাৰ প্ৰাচীন ৰাজধানী আৰু ঊষাদেৱীক সুৰক্ষা দি ৰখা সেই অগ্নিগড় চাবলৈ মনত বহু দিনৰ পৰাই হেঁপাহ আছিল আৰু যোৱা বছৰ গৰমৰ বন্ধত মই তালৈ ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। সৌভাগ্যক্ৰমে মোৰ সম্বন্ধীয় খুৰায়েকৰ ল’ৰা এজন চাকৰিসূত্ৰে তাত থাকে। তেওঁৰ ওচৰত মোৰ হেঁপাহৰ বিষয়ে কোৱাত তেওঁ মোক তেওঁৰ লগত সেইখন ঠাইলৈ লৈ যায়। আমি দুয়ো জুলাই মাহৰ প্ৰথম দিনাই ৰাতিৰ বাছত উঠি তেজপুৰলৈ যাওঁ। তাত মই প্ৰায় একসপ্তাহ থাকো আৰু এই সময়খিনিত তেওঁ মোক শোণিতপুৰৰ বহুতো ঐতিহাসিক ঠাইলৈ লৈ যায়। 

ঠাইখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভ’ৰপুৰ এখন সুন্দৰ ঠাই। এই ঠাইখন ইমানেই চাফ-চিকুন যে মই চাই বিষ্ময়ত অবাক হ’লো। আমি অগ্নিগড়, মহা ভৈৰৱী মন্দিৰ আৰু বাণ ৰজাৰ ৰাজধানীৰ ধবংসাৱশেষ চালো। এইদৰে তাত এসপ্তাহ থাকি মনৰ দীৰ্ঘদিনীয়া কৌতুহল নিবাৰণ কৰি ওভতি আহিলো।

ঠাইখনৰ স্মৃতি মোৰ চিৰদিন মনত থাকিব।

 

সময়ৰ মূল্য অথবা  নিয়মানুৱৰ্তিতা

প্ৰবাদ বাক্যত কোৱা হয়, ‘সময় আৰু জোঁৱাৰ কাৰোবাবে ৰৈ নাথাকে।’ কথাষাৰৰ নিশ্চয় সাৰ্বজনীন সত্যতা আছে; কাৰণ সময় হৈছে এনেকুৱা এটা বস্তু যিয়ে থমকি ৰ’বলৈ শিকা নাই। পাৰ হৈ যোৱা সময় আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো।  সময় ইমানেই মূল্যৱান যে ইয়াক কোনো টকা-পইচাৰে কিনিব নোৱাৰি।

প্ৰত্যেকেই সময়ৰ যথাযথ ব্যৱহাৰৰ প্ৰতি মনোযোগী হ’ব লাগে কাৰণ আচলতে জীৱনটো সময়ৰ এক সমষ্টিহে মাথোন। আমি সকলোৱে সময়ৰ কাম সময়ত কৰিব লাগে।  ছাত্ৰ-ছাত্ৰীসকলে সময়মতে  পঢ়া-শুনা কৰি  সময়ৰ যথাযথ ব্যৱহাৰ কৰিব লাগে।  ব্যৱসায়ী এজনে সময়ৰ ব্যৱহাৰ এনেভাবে  কৰিব লাগে যাতে তেওঁৰ খৰচ কৰা সময় ব্যৱসায়ৰ উত্তৰোত্তৰত ব্যৱহাৰ হয়। আচলতে জীৱনৰ সফলতা সময়ৰ উপযুক্ত ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ কৰে।

আলস্যতা সময়ৰ হত্যাকাৰী বুলি ক’ব পাৰি। যিসকলে অভাৱতে সময় নষ্ট কৰে সিহঁতে নিশ্চয় ইয়াৰ ফল জীৱনত ভোগ  কৰিব লাগিব। পিছত তেওঁ সময়ৰ মূল্য অনুধাৱন কৰিব পাৰিলেও¸ অনুতাপৰ বাহিৰে কৰিবলগীয়া একো নাথাকিব। আমি আমাৰ মূল্যৱান সময় ফচহু গল্প কৈ বা শুনি, বেয়া  কিতাপ অধ্যায়ন  কৰি  বা কৰ্তব্যক অৱহেলা কৰি নষ্ট কৰা উচিত নহয়।

মানৱ জীৱন বৰ মূল্যৱান।  এজন মানুহৰ মূল্য তেওঁ সম্পাদন কৰা কৰ্মৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়। আমি ইতিহাসৰ পাতত পাওঁ যিসকল ব্যক্তিয়ে  মানৱ সভ্যতালৈ বিশেষ অৱদান  আগবঢ়াইছে  সিহঁতে সময়ৰ প্ৰতিটো মূহুৰ্তৰ সৎ ব্যৱহাৰৰ প্ৰতি সচেষ্ট আছিল। সময় ধনুৰ পৰা কাড় উৰি যোৱাৰ দৰে প্ৰতি মূহুৰ্তত আমাৰ পৰা আতঁৰি গৈ আছে। বুদ্ধিমানে সময় উৰি যোৱাৰ আগতেই থাপ মাৰি ধৰি ইয়াৰ সুপ্ৰয়োগ  কৰে। সংক্ষেপতে  ক’বলৈ গ’লে আমি সকলোৱেই জীৱনত নিয়মানুৱৰ্তিতা মানি চলিব লাগে।

 

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা

মানুহ সামাজিক জীৱ। সমাজক বাদ দি কোনো মানুহেই সভ্য আৰু সুস্থ জীৱন যাপন কৰিব নোৱাৰে। সেয়ে সামাজিক প্ৰাণী হিচাপে  সকলো ব্যক্তিৰে সমাজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। অধ্যয়নেই ছাত্ৰ-ছাত্ৰীৰ প্ৰধান কৰ্তব্য যদিও ছাত্ৰ-ছাত্ৰীসকলো সামাজিক প্ৰাণী; সমাজৰ পৰাই সিহঁতে শিক্ষা-দীক্ষা লাভ কৰে বা শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰে। সেয়ে সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰো কৰ্তব্য আৰু দায়িত্ব আছে।

বৰ্তমান শিক্ষাৰ যুগ যদিও সমাজৰ অধিকাংশ মানুহ আজিও অশিক্ষিত আৰু সহজ-সৰল বা হজুৱা। সেয়ে বৰ্তমান বিজ্ঞান তথা যুক্তিৰ যুগত অশিক্ষিত সহজ-সৰল গাঁৱলীয়া লোকে নিজকে যুগৰ লগত খাপ খুৱাই  নিজৰ অধিকাৰ তথা দায়িত্ব সাব্যস্ত কৰিব  নোৱাৰে। তাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলে কিতাপ-পত্ৰ, বাতৰি কাকত, আলোচনী আদি অধ্যয়ন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান -প্রতিষ্ঠানৰ লগত জড়িত হৈ সভ্যতাৰ সৰ্বাধুনিক গতি-বিধিৰ বিষয়ে সহজে ভূ পাব পাৰে। সেয়ে অশিক্ষিত গাঁৱলীয়া আৰু হোজা লোকসকলক ছাত্ৰ-ছাত্ৰীসকলে সভ্যতা আৰু বিকাশৰ  দিশত হাতে হাত ধৰি আগবঢ়াই  লৈ যাব লাগিব।

স্কুল-কলেজত থকা বিভিন্ন সমাজ সেৱা বিভাগ যথা- এ. চি. চি., এন. চি. চি, এন. এছ. এছ, স্কাউট আৰু গাইড আদিত ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰি সমাজ সেৱাত যোগদান কৰিব পাৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ  সমাজ সেৱামূলক কাম কাজৰ বিভিন্ন দিশ আছে, যথা-

সমাজৰ অধিকাংশ মানুহেই অশিক্ষিত। সেয়ে ভাৰতবৰ্ষ, পাকিস্থান, আফগানিস্থান, নেপাল আদিৰ দৰে অনুন্নত  দেশত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আজৰি সময়ত দুই চাৰিজন অশিক্ষিত লোকক সাক্ষৰ কৰি তুলিব পাৰে।  

প্ৰাকৃতিক দুৰ্যোগ যথা- বানপানী, খৰাং বতৰ, ভূমিকম্প, মহামাৰী আদিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ওলাই আহি সৰ্বসাধাৰণ লোকক সহায়-সাহায্য আগবঢ়াব  পাৰে, ঔষধ-পাতি, কােপাৰ-কানি বিতৰণ কৰিব পাৰে, বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ প্ৰদান কৰিব পাৰে।

আজিৰ বিজ্ঞানৰ চৰম উৎকৰ্ষৰ যুগতো বহুতো অঞ্চলত কুসংস্কাৰ, অন্ধবিশ্বাস, বাল্য বিবাহ আদি প্ৰচলিত হৈ আছে। ছাত্ৰ-ছাত্ৰী সকলে যুক্তিৰ ভিত্তিত  সৰ্বসাধাৰণক বুজাই-বঢ়াই  এনেকুৱা কুসংস্কাৰ আঁতৰ কৰিব পাৰে।

অসম তথা ভাৰতৰ অধিকাংশ অঞ্চলত আজিলৈকে উপযুক্ত ৰাস্তা-ঘাট, দলং আদিৰ বিকাশ হোৱাহি নাই। ছাত্ৰ-ছাত্ৰীসকলে সিহঁতৰ বিভিন্ন সেৱামূলক সংগঠনৰ যোগেদি প্ৰয়োজনীয় ৰাস্তা-ঘাট, দলং আদি নিৰ্মাণত অৰিহণা যোগাব পাৰে।   

শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বাবে খেলা-ধূলা অপৰিহাৰ্য্য। ছাত্ৰ-ছাত্ৰীসকলে নিজকে খেলা-ধূলাৰ লগত জড়িত ৰাখি সৰ্বসাধাৰণ ৰাইজকো খেলা-ধূলাৰ উপকাৰিতাৰ বিষয়ে বুজাই খেলা-ধূলাৰ উপযুক্ত পৰিবেশ  ৰচনা কৰিব  পাৰে।

বৰ্তমান বিশ্বত জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই আছে বাবে নিবনুৱা সমস্যাও প্ৰকট ৰূপ ধাৰণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে নিবনুৱাসকলক কৰ্ম সংস্থান পোৱাৰ  এক সহায়ক উপায় হিচাপে  আত্মসহায়ক গোট স্থাপন কৰি তাৰ যোগেদি কিছু পৰিমাণে হ’লেও অৰ্থ সাহাৰ্য্য দি বা দিহা-পৰামৰ্শ আগবঢ়াই  সমাজৰ প্ৰতি সেৱা আগবঢ়াব  পাৰে।

যি জাতি যিমানেই শিক্ষিত, সেই জাতি সিমানেই উন্নত। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে সমাজত সামাজিক পুথিভঁৰাল স্থাপন কৰি গাঁৱলীয়া মানুহক পুথি অধ্যয়নত উৎসাহ যোগাব পাৰে।

পৰিবেশ  সচেতনতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্য আছে। আজিকালি ৰাসায়নিক বা কৃত্ৰিম সা-সামগ্ৰীৰ অত্যাধিক ব্যৱহাৰ, ৰবৰ বা প্লাষ্টিক জাতীয় দ্ৰৱ্যৰ ব্যৱহাৰ, খেতি-পথাৰত কীট নাশক দ্ৰব্যৰ ব্যৱহাৰ, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা, পেলনীয়া পদাৰ্থ, যান-বাহনৰ পৰা ওলোৱা অতিপাত শব্দ আদিয়ে আমাৰ পৰিৱেশ  তথা মাটি, পানী, বায়ু আদি প্ৰদূষিত কৰি আছে। ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰদূষণৰ বিষয়ে জনসাধাৰণক সচেতন কৰি প্ৰদূষণমুক্ত পৃথিৱী গঢ়াৰ  বাৰে  উদ্বুদ্ধ কৰিব পাৰে।

ছাত্ৰ-ছাত্ৰীসকলে কৰিব পৰা সমাজ সেৱাৰ আন এটি দিশ হৈছে বৃক্ষ ৰোপন। বৃক্ষ ৰোপনে প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰখাৰ উপৰিও সৌন্দৰ্য বৃদ্ধি কৰে। 

আমি যদি ইতিহাসৰ পাতলৈ লক্ষ্য কৰো, তেন্তে দেখা পাম যে প্ৰায় সৰহভাগ মহান ব্যক্তিয়েই ছাত্ৰ জীৱনৰ পৰাই সামাজিক কাম-কাজৰ লগত জড়িত আছিল। সেয়ে মহান ব্যক্তিসকলৰ আদৰ্শ শিৰোগত কৰি পাঠ্যপুথি অধ্যয়ন কৰাৰ আঁৰে আঁৰে  ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গঠনমূলক সমাজ সেৱাত মনোনিেবশ কৰা উচিত।

 

 মহাত্মা গান্ধী

আৰম্ভনি : যিজন ব্যক্তিয়ে মানৱ সমাজলৈ শৃঙ্খলা, সুখ, শান্তি, সংহতি, ভাতৃত্বেবাধ আদিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়ায়  সেইজন ব্যক্তিক ‘মহান ব্যক্তি’ বুলি বিবেচনা কৰা হয়। মানৱ ইতিহাসত অৱশ্যে মহান ব্যক্তিৰ অভাৱ নাই। কিন্তু তেনে মহান ব্যক্তিসকলৰ মাজৰ পৰা মই মহামানৱ মহাত্মা গান্ধীক মোৰ আদৰ্শ  ব্যক্তি হিচাপে  নিৰ্বাচন কৰিছো।

মহাত্মা গান্ধীৰ জন্ম  আৰু পৰিচয়:  মহাত্মা গান্ধীৰ আচল নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। তেওঁ অক্তোবৰ ২, ১৮৬৯ চনত গুজৰাটৰ পোৰবন্দৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী। তেওঁ সেই সময়ত ৰাজকোটৰ এজন মন্ত্ৰী আছিল। তেওঁৰ মাকৰ নাম আছিল পুতুলী বাঈ। তাই এগৰাকী ধৰ্মভীৰু মহিলা আছিল। 

শিক্ষা আৰু কৰ্ম জীৱন: গান্ধীয়ে ৰাজকোটৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি  উচ্চ শিক্ষাৰ বােব ইংলণ্ডলৈ যায় আৰু এজন উকিল হৈ আহে। প্ৰথমতে তেওঁ ভাৰতৰ বম্বে হাই কোৰ্টত উকালতি আৰম্ভ কৰে।  তাৰ পাছত তেওঁ উকালতি ব্যৱসায়ৰ উদ্দেশ্যে দক্ষিণ আফ্রিকালৈ যায়। দক্ষিণ আফ্ৰিকাত  থকা সময়খিনিত তেওঁ সেই সময়ত উপনিবেশিক শাসকসকলে থলুৱা আফ্রিকীয়সকল আৰু প্ৰবাসী ভাৰতীয়সকলৰ ওপৰত কৰা দমনমূলক অন্যায় নীতিৰ বিৰুদ্ধে এলানি আন্দোলনৰ গুৰি ধৰি সফলতা আৰু জনপ্ৰিয়তা অৰ্জন কৰে।

১৯১৫ চনত তেওঁ ভাৰতলৈ ঘূৰি আহি ভাৰতীয় জাতীয় কংগেছত যোগদান কৰি ইয়াৰ নেতৃত্ব গ্ৰহণ কৰে।  তেওঁ নেতৃত্ব বহন কৰি  ইংৰাজসকলক ভাৰতৰ পৰা খেদিবলৈ আৰু বিদেশী শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ এলানি আন্দোলন পৰিচালনা কৰে আৰু  অৱশেষত আগষ্ট ১৫, ১৯৪৭ চনত ভাৰতবৰ্ষক স্বাধীন কৰে। ভাৰতবৰ্ষক বিদেশী শাসকসকলৰ হাতৰ পৰা স্বাধীন কৰাৰ  পিছত  জানুৱাৰী ৩০, ১৯৪৮ চনত নাথুৰাম গডচ  নামৰ এজন উম্মত্ত  গোড়া হিন্দুৱে তেখেতক গুলিয়াই হত্যা কৰে। 

তেখেত মোৰ আদৰ্শ ব্যক্তি হোৱাৰ কাৰণ: মহাত্মা গান্ধীক মই ভাল পাওঁ আৰু প্ৰশংসা কৰো এই কাৰণে যে তেখেত এজন মানৱ দৰদী মহান নেতা আছিল। তেখেতৰ আদৰ্শ আৰু ব্যক্তিত্বত মোহিত হৈ দেশী-বিদেশী বহুতো ব্যক্তিয়ে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। তেওঁ সদায় সহজ-সৰল জীৱন যাপন কৰিছিল। তেওঁ সমাজৰ পৰা অস্পৃস্যতা দূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। হিন্দু আৰু মুছলমানৰ মাজত সংহতি স্থাপন কৰাৰ বাবেও  যৎপৰোনাস্তি চেষ্টা কৰিছিল।  তেওঁ এজন মহান সমাজ সংস্কাৰকো আছিল। তেওঁ ভাৰতবৰ্ষত  কুটিৰ শিল্পৰ বিকাশৰ হকে মাত মাতিছিল আৰু নিজে সুতা কাটি কােপাৰ বৈছিল। তেওঁ সাৰ্বজনীন শিক্ষাৰো পোষকতা কৰিছিল।  ইয়াৰ উপৰিও তেওঁ এজন লিখকো আছিল। তেওঁ নিজে কেইবাখনো আলোচনী সম্পাদনা কৰিছিল। সিবিলাকত তেওঁৰ বহুত মূল্যবান লিখনি সিঁচৰতি হৈ আছে। তেওঁৰ আত্মজীৱনী ‘মোৰ সত্য অন্বেষণৰ কাহিনী’ খন বিশ্বজুৰি লাখ লাখ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে। 

সামৰণি: মহাত্মা গান্ধীৰ জীৱন অধ্যয়ন কৰি আমি বহুত আদৰ্শ  শিকিব পাৰো। আমি সকলোৱে তেওঁৰ জীৱনৰ পৰা শিক্ষা লাভ কৰা উচিত।

 

বাতৰি কাকত

আৰম্ভণি : বাতৰি কাকত হৈছে বিভিন্ন বিষয়ৰ সর্ব্বশেষ  জ্ঞান আৰু তথ্য সমৃদ্ধ  এসোপা প্ৰকাশিত কাগজ। ই হ’ল যোগাযোগৰ জনপ্ৰিয় আৰু সহজ মাধ্যম। 

প্রকাৰ: বাতৰি কাকত বিভিন্ন প্ৰকাৰৰ আছে, যেনে: দৈনিক,  সাপ্তাহিক,  পষেকীয়া,  মাহেকীয়া,  তিনিমহীয়া, ছয়মহীয়া, বছৰেকীয়া ইত্যাদি। পষেকীয়া,  মাহেকীয়া,  তিনিমহীয়া, ছয়মহীয়া আৰু  বছৰেকীয়া কাকতবোৰক ‘আলোচনী’ বোলে । 

বাতৰি কাকতৰ ইতিহাস:  আধুনিক বাতৰি কাকতৰ জন্ম ১৫৩৬ চনত ইউৰোপৰ ভেনিচ চহৰত হৈছিল। প্ৰথমতে ই বহু দিন মূৰে মূৰে সাময়িকভাবে  প্ৰকাশ পাইছিল । ইয়াক ‘গেজেটা’ বুলি কোৱা হৈছিল। সপ্তদশ শতাব্দীৰ শেষ ভাগত জাৰ্মানীত তিনিখন বাতৰি কাকত প্ৰকাশিত হৈছিল। তেতিয়াৰ পৰাই ই লাহে লাহে পৃথিৱীৰ বিভিন্ন দেশলৈ বিস্তাৰ লাভ কৰে।  ভাৰতবৰ্ষত ১৮৭০ চনত আগাষ্টাচ হিকি নামৰ এজন ইংৰাজ ভদ্ৰলোকে প্ৰথম বাতৰি কাকত উলিয়ায়।

বাতৰি কাকতৰ উপযোগিতা: বাতৰি কাকতৰ যথেষ্ট উপযোগিতাা আছে। যিহেতু বাতৰি কাকতে ৰাজনীতি, অৰ্থনীতি, সমাজ নীতি, সাহিত্য, বিজ্ঞান, খেল-ধেমালী আদি বিভিন্ন বিষয়ৰ বাতৰি প্ৰকাশ কৰে, গতিকে বাতৰি কাকত অধ্যয়ন কৰি আমি সকলো বিষয়ৰ জ্ঞান লাভ কৰিব পাৰো ।  বাতৰি কাকতে মানুহৰ লগত মানুহ, জাতিৰ লগত জাতি আৰু দেশৰ লগত দেশৰ সম্পৰ্ক বৃদ্ধি কৰে। ই আমাৰ ভাষাৰ দক্ষতাও  বিকশিত  কৰে। কিছুমান মানুহে আনন্দৰ বাবে বা মনক সজীৱ কৰিবলৈ বাতৰি কাকত পড়ে । জনমত গঠণত বাতৰি কাকতৰ ভূমিকা অনস্বীকাৰ্য। প্ৰায় প্ৰতিটো বাতৰি কাকতে গুৰুত্বপূৰ্ণ বাতৰিৰ ওপৰত সম্পাদকীয় প্ৰকাশ কৰে। 

বাতৰি কাকতৰ ক্ষŽতিকাৰক দিশ: দুৰ্ভাগ্যক্ৰমে প্ৰতিটো ভাল বস্তুৰ বেয়া দিশ থকাৰ দৰে বাতৰি কাকতৰো বেয়া দিশ নথকা নহয়। কিয়নো আজিকালি বহুতো বাতৰি কাকত আছে যদিও ইয়াৰ খুৱ কম সংখ্যক কাকতেহে নিৰেপক্ষ বাতৰি প্ৰকাশ কৰে।  কেতিয়াবা ভিত্তিহীন আৰু মিছা বাতৰিও কাকতত প্ৰকাশ কৰা দেখা যায় যিবোৰে পাঠকক বহু সময়ত বিপাঙত পেলায়।  গতিকে বাতৰি কাকত পঢ়াৰ সময়ত কিছু সতৰ্ক হোৱা প্ৰয়োজন।

সামৰণি: বাতৰি কাকতৰ সর্বাত্মক  গুৰুত্ব আৰু তাৎপৰ্য অনুধাৱন কৰি ক’ব পৰা যায় যে ইয়াৰ সুফলৰ তুলনাত কুফল তুলনামূলকভাবে  কম। গতিকে সকলো মানুহে বাতৰি কাকত পঢ়াৰ  অভ্যাস গঠন কৰিব লাগে।

 

 পৰিবেশ প্ৰদূষণ

আমাৰ চাৰিওফালৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু, গছ-গছনি, বায়ু, পানী, মাটি, নদ-নদী আদি মিলি যি অৱস্থাৰ সৃষ্টি হয়, সেয়াই পৰিবেশ। অৰ্থাৎ প্ৰকৃতিৰ মুকলিমূৰীয়া অৱস্থা বা স্বভাৱৰ লগত আমাৰ অৱস্থা মিলি পৰিবেশৰ সৃষ্টি হয়। আকৌ ‘প্ৰদূষণ’ মানে স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা অৱস্থা। এতেকে “পৰিবেশ প্ৰদূষণ” মানে আমাৰ চাৰিওফালৰ স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা পৰিস্থিতি। বৰ্তমান জন-অৰণ্যময় বিশ্বত কিছুমান মানুহে জীয়াই থকাৰ তাগিদাত আৰু কিছুমান মানুহে আৰাম আৰু বিলাসিতাৰ জীৱন-যাপন কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কৃত্ৰিম বা ৰাসায়নিক আৰু অতিৰঞ্জিত বস্তু-সামগ্ৰী ব্যৱহাৰ কৰি অথবা প্ৰকৃতিত পোৱা বস্তু-সামগ্ৰী  বিবেচনাহীন আৰু অপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি প্ৰতিদিনে পৃথিৱীৰ স্বাভাৱিক পৰিবেশ বা অৱস্থা বিনষ্ট কৰি আছে। বৰ্তমান ই কোনো এটি নিৰ্দিষ্ট অঞ্চল বা দেশৰ সমস্যা হিচাপে দেখা নিদি গোটেই বিশ্বৰ উমৈহতীয়া সমস্যা হিচাপে দেখা দিছে আৰু ই মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকি স্বরূপ  হৈ পৰিছে।  

পৰিবেশ  প্ৰদূষণক মোটামুটিভাৱে চাৰিটা দিশত আলোচনা কৰিব পাৰি, যথা- বায়ু প্ৰদূষণ, ভূমি প্ৰদূষণ, জল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ।

প্ৰধানকৈ পাঁচোটা গেছ মিলি আমাৰ বায়ুমণ্ডল গঠিত হৈছে। সিহঁতৰ অনুপাত প্ৰকৃতিয়ে বিশ্বৰ জীৱ-জন্তুৰ অনুকূলে নিৰ্দ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত অক্সিজেন গেছ মানুহৰ স্বাস্থ্য তথা শ্বাস-প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য্য। অক্সিজেনৰ পৰিমাণ কম হ’লে আমাৰ জীৱনৰ বাবে প্ৰতিকূল হৈ পৰে। কিন্তু বৰ্তমান আমাৰ বায়ুমণ্ডল প্ৰতিদিনে কলুষিত হৈ আছে। ইয়াৰ কাৰণ বহুতো, যথা- মানুহৰ সুবিধা সৃষ্টিৰ নামত গছ-গছনি কাটি পেলোৱা হৈ আছে, তাৰ ফলত বায়ুমণ্ডলত অক্সিজেনৰ অনুপাত হ্ৰাস পাই আছে। ইয়াৰ উপৰিও প্ৰতিদিনে গাড়ী-মটৰ, কল-কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা, পাৰমাণৱিক বোমা  বিষ্ফোৰণ আদিৰ ফলত বায়ুমণ্ডলত   কাৰ্বন-ডাই অক্সাইড, ছালফাৰ-ডাই অক্সাইড, অ’জন আদি গেছৰ পৰিমাণ বৃদ্ধি পাই বায়ু প্ৰদূষণ অবিৰত গতিত চলি আছে।

ভূমি হ’ল মানুহৰ সকলো খাদ্য ভাণ্ডাৰৰ উৎস। ভূমিৰ পৰাই আমি আমাৰ প্ৰয়োজনীয় সকলোবোৰ খাদ্য-সামগ্ৰী উৎপাদন কৰো। কিন্তু আজি এই ভূমিকো মানুহে নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ৰক্ষাৰ্থে ভৱিষ্যতৰ প্ৰতি আওকান কৰি প্ৰদূষিত কৰি আছে। সাধাৰণতে ভূমিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ্য আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে। আজি বিশ্বত প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানেই বৃদ্ধি পালে যে সেইবোৰৰ  অৱশেষ আশ্ৰয় হৈছে ভূমি  ঃ যিয়ে ভূমিৰ সাৰুৱা গুণ নিঃশেষ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।

পৰিবেশ  প্ৰদূষণৰ আন এক দিশ হৈছে জল প্ৰদূষণ। সাধাৰণতে জল বা পানীক ‘জীৱন’ৰ অন্য নাম বুলি স্বীকাৰ কৰা হয় যদিও আজি বিশ্বত বিশুদ্ধ জল পোৱা প্ৰায় অসম্ভৱ হৈ পৰিছে। সাধাৰণতে, প্ৰতিদিনে কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা গেলা-পচা আবৰ্জনা, খেতিত প্ৰয়োগ কৰা কীট নাশক দ্ৰৱ্য, জীৱ জন্তুৰ মল-মূত্ৰ আদি নৈ, বিল, খাল, সাগৰ, মহাসাগৰ আদিৰ পানীৰ লগত মিহলি হৈ জল প্ৰদূষণৰ সৃষ্টি কৰিছে।

‘শব্দ প্ৰদূষণ’ আমাৰ পৰিবেশ প্ৰদূষণৰ আন এটি দিশ। আজিকালি বিশ্বত বিজ্ঞানৰ গৌৰৱ ধবজা উৰি আছে। বিজ্ঞানে মানুহক হাজাৰ-বিজাৰ নতুন নতুন সা-সামগ্ৰী, যান-বাহন আদি উপহাৰ হিচাপে  আগবঢ়াইছে যদিও সেই সেইবোৰে  উপকাৰৰ লগতে আমাৰ যে মাৰাত্মক অপকাৰো সাধন কৰি আছে – সেয়া আমি জানিও নজনাৰ ভাও জুৰি আছোঁ। যান-বাহনে যি শব্দ নিৰ্গত কৰে, সেয়া আমাৰ কৰ্ণ কুহৰত সোমাই আমাৰ মস্তিষ্কক আঘাত কৰি আমাৰ মস্তিষ্কৰ স্বাভাৱিক শক্তি বা ক্ষমতাক ঘূণীয়া কৰিছে। আজিকালি অতি বেগী প্লেন, যুদ্ধ জাহাজ, পাৰমানৱিক বোমা বিষ্ফোৰণ আদিয়ে শব্দ প্ৰদূষণ ক্ৰমাৎ বৃদ্ধি কৰি মানৱ পৰিেবশ প্ৰদূষিত কৰি আছে।

প্ৰতিটো কাৰ্য্যৰে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থকাৰ দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো ফল আছে। পৰিবেশ প্ৰদূষণৰ ফলত আমাৰ বিশ্বখনৰ স্বাভাৱিক অৱস্থাক প্ৰতিকূল কৰাৰ লগতে আজি মানুহ তথা অন্যান্য জীৱ-জন্তুই মাৰাত্মক বেমাৰ-আজাৰত ভূগি থকা দেখা গৈছে। বায়ু আৰু জল প্ৰদূষিত হোৱাৰ ফলত নানা ধৰণৰ বেমাৰ যথা- গ্ৰহণী, হাইজা, টাইফয়েড, মেলেৰীয়া আদি বেমাৰ দ্ৰুত গতিত বৃদ্ধি পাই আছে। জল প্ৰদূষণৰ ফলত জলজ উদ্ভিদ তথা মাছ-কাছৰ জীৱন আৰু অস্তিত্বলৈ ভাবুকি নামি আহিছে। আজি কৰ্কট ৰোগ, বিকৃত সন্তানৰ জন্ম, জন্ম- বৈকল্যা , অপৰিণত বয়সত মৃত্যু আদিৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাব লাগিছে।

প্ৰতিটো সমস্যাৰ সমাধান তথা প্ৰতিকাৰ থকা দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো প্ৰতিকাৰৰ ব্যৱস্থা বা উপায় নথকা নহয়, যেনে ঃ
আমাৰ পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ হ’লে প্ৰথমে মনোযোগ দিব লগা দিশটো হ’ল আমি গোটেই মানৱ জাতিয়ে পৰিবেশৰ প্ৰতি সচেতন থাকিব লাগিব আৰু এই পৰিবেশ স্বাভাৱিক কৰি ৰাখিবলৈ দৃঢ়  মানসিকতা গঠন কৰিব লাগিব। প্ৰত্যেকেই পৰিবেশক ক্ষতি কৰিব পৰা বস্তু-সামগ্ৰী ব্যৱহাৰ আৰু পৰিবেশ ক্ষতি কৰিব পৰা কাম-কাজৰ পৰা বিৰত থাকিব লাগিব। কল- কাৰখানা, উদ্যোগ-প্রতিষ্ঠান  আদিৰ পৰা ওলোৱা ধোঁৱা, আৱৰ্জনা আদি নিয়ন্ত্ৰিত অৱস্থাত ৰাখি সহজে যাতে বায়ু আৰু পানীত মিহলি হৈ প্ৰদূষণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। খেতি-পথাৰত ৰাসায়নিক সাৰ তথা কীট নাশক দ্ৰৱ্য যিমান পাৰি সিমান কম প্ৰয়োগ কৰি জৈৱিক সাৰ প্ৰয়োগ আৰু প্ৰাকৃতিক নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পাৰমাণৱিক বোমা বিষ্ফোৰণ সম্পূৰ্ণরূপে  বন্ধ কৰিব লাগিব। নিম্নমানৰ প্লাষ্টিক, ৰবৰ আদিৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গছ-গছনি অধিক হাৰত ৰোপন কৰিব লাগিব।

পৰিশেষত ক’ব পাৰি যে আমি বিশ্ববাসীয়ে আজি পৰিবেশৰ প্ৰতি সচেতন হৈ যিকোনো ত্যাগৰ বিনিময়ত পৰিবেশৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সচেষ্ট হ’ব লাগিব। অন্যথা চলিত শতাব্দীৰ ভিতৰতে মানৱ সভ্যতাৰ অস্তিত্বলৈ চৰম দুৰ্যোগ নামি আহিব।

 

অসমৰ ক্রীড়া জগত অথবা  অসমত  খেল ধেমালিৰ পৰিৱেশ

খেল-ধেমালী অতি প্ৰাচীন কালৰ পৰাই শিক্ষা, বিনোদন আৰু শৰীৰ চৰ্চাৰ এক চলিত মাধ্যম হিচাপে  বিবেচিত হৈ আহিছে। পৃথিৱীৰ বিভিন্ন দেশ, জাতি বা অঞ্চলৰ বিভিন্ন জন-গোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ স্বকীয় খেল-ধেমালী থকাৰ দৰে ভাৰতৰ পূৰ্ব প্ৰান্তৰ সীমামূৰীয়া ৰাজ্য অসমৰো কিছুমান নিজস্ব খেল-ধেমালী আছে।

অসমৰ খেল-ধেমালীৰ ইতিহাসক তিনিটা যুগত ভাগ কৰিব পাৰি, যথা- (ক) প্ৰাচীন যুগ (খ) মধ্য যুগ আৰু (গ) আধুনিক যুগ।

অসমৰ প্ৰাচীন যুগ বুলিলে ৰামায়ণ-মহাভাৰতৰ যুগৰ পৰা অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা  হোৱাৰ সময়লৈকে বুজোৱা হয়। সেই যুগটোত অসমত থলুৱা খেল-ধেমালীৰ প্ৰচলন আছিলঃযিেবাৰ খেল-ধেমালী অসমৰ স্বকীয় খেল-ধেমালী বুলি ক’ব পৰা যায়। অসমৰ স্বকীয় আৰু থলুৱা খেল-ধেমালীৰবোৰ ভিতৰত লুকা-ভাকু, চিলনী-চিলনী, ইচনি-বিচনি, বাঘ-ছাগলী, এন্দুৰ-মেকুৰী, কচুগুটি, হাউ, হাফোলা, সোৰ, কাড়, ঠুকুচ, ৰিলা, সাত সৰালী, বকুলগুটি, পাশা, তেল দিয়া বাঁহত উঠা, কানি-মুনি, সাঁতোৰা আদি খেলেই প্ৰধান আছিল। সেই সময়ত খেল-ধেমালী বিশেষ প্ৰতিযোগীতামূলক নাছিল। খেলেবাৰ অঞ্চলভদে বিভিন্ন নামেৰে নামকৰণ কৰা হৈছিল যদিও নীতি-নিয়মেবাৰ প্ৰায় একে আছিল। তেতিয়া খেলবোৰ প্ৰধানকৈ বিনোদন আৰু শৰীৰ-চৰ্চা হিচাপে  খেলা হৈছিল।

প্ৰাচীন যুগৰ পিছত আহোম ৰাজবংশ প্ৰতিষ্ঠা  হোৱাৰ সময়তে অসমত খেল-ধেমালীৰ মধ্য যুগ আৰম্ভ হোৱা বুলি ক’ব পাৰি। এই যুগত খেল- ধেমালীয়ে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিছিল। এই যুগৰ প্ৰধান খেলেবাৰ আছিল মল্ল যুঁজ, কুঁকুৰা যুঁজ, মহ যুঁজ, হাতী যুঁজ, শেন যুঁজ, ঘঁৰিয়াল যুঁজ, তৰোৱাল খেল, লাঠি খেল, কাঁড় খেল, নাওঁ খেল আদি। সাধাৰণতে বছৰেকত এবাৰ, দুবাৰ বা তিনিবাৰ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত উক্ত খেলবোৰৰ প্ৰতিযোগিতা অনুষ্ঠিত  হৈছিল। উক্ত খেলৰ প্ৰতিযোগিতা যে অসমত বহুল প্ৰচলন আছিল তাৰ হদিচ মাধৱ কন্দলী, শংকৰদেৱ, ৰাম স্বৰস্বতী আদি লেখকৰ লিখনিত পোৱা যায়। আহোমৰাজ ৰুদ্ৰ সিংহ আৰু ৰাজেশ্বৰ সিংহ অতিকৈ খেল-ধেমালী প্ৰিয় আছিল। ৰজাঘৰে খেল-ধেমালী উপভোগ  কৰিবলৈ ৰংঘৰ সাজি উলিয়াইছিল। আহোম যুগৰ ৰংঘৰক ৰোমানসকলৰ Amphitheater আৰু আধুনিক যুগৰ Stadium ৰ লগত তুলনা কৰিব পাৰি।

আহোম ৰাজত্বৰ অন্ত পৰাৰ পিছত অসমত ইংৰাজ শাসন প্ৰৱৰ্তন হয় আৰু তেতিয়াৰ পৰাই অৰ্থাৎ 1826 চনৰ পিছৰ পৰা অসমৰ খেল-জগতৰ ইতিহাসত আধুনিক যুগ আৰম্ভ হয়। ইংৰাজসকলে অসমত কিছুমান বিদেশী খেল আমদানি কৰে। সেইেবাৰৰ ভিতৰত ফুটবল, ভলীবল, ক্ৰিকেট, হকী, গলফ, পলো, বিলিয়াৰ্ড আদি উল্লেখযোগ্য। ফলত  অসমৰ ঐতিহ্য বহন কৰা পৰস্পৰাগত খেল-ধেমাবোৰে আগৰ মৰ্যদা হেৰুৱায়।

ইংৰাজসকলে ইংলেণ্ডৰ আৰ্হিত অসমতো খেল-ধেমালীৰ বাবে  কিছুমান সংঘ বা ক্লাৱৰ জন্ম দিয়ে। তাত ইংৰাজসকলৰ আধিপত্য আছিল যদিও অসমীয়া ডেকাসকলকো সিহঁতে নতুন খেল-ধেমালীৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিছিল।ইংৰাজ আমোলত 1909 চনত স্কুল-টুৰ্ণামেন্ট আৰম্ভ হয়। 1904 চনত অসমৰ যোৰহাট নগৰীত প্ৰথম ‘শক্তি খেল’ আৰম্ভ হয়। 1940 চনত যোৰহাটত প্ৰথম সৰ্বভাৰতীয় খেল-ধেমালী পতা হয় আৰু ক্ৰমান্বয়ে অসমত আধুনিক খেল-ধেমালীৰ পৰিবেশ  গঢ়ি  উঠিবলৈ আৰম্ভ কৰে।

স্বাধীনোত্তৰ কালত অসমত খেল-ধেমালীৰ উন্নয়নৰ কাৰণে জাতীয় চৰকাৰে চকু দিবলৈ আৰম্ভ কৰে আৰু পঞ্চ-বাৰ্ষিক পৰিকল্পনাসমূহতো খেল-ধেমালীৰ বােব বাজেট ধাৰ্য কৰিবলৈ লয়। সেইমতে অসমত “জাতীয় ক্ৰীড়া পৰিষদ” গঠন কৰা হয়। তেতিয়াৰ পৰাই অসম খেল-ধেমালীৰ দিশত প্ৰতিযোগিতামূখী হয় আৰু বিভিন্ন আন্তঃৰাজ্যিক আৰু সৰ্বভাৰতীয় প্ৰতিযোগিতাত অসমে অংশ গ্ৰহণ কৰা আৰম্ভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে 1949 চনত আন্ত:বিশ্ববিদ্যালয় ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি চেম্পিয়ন হয় আৰু উক্ত বিশ্ববিদ্যালয়ে সৰ্বভাৰতীয় আন্ত:বিশ্ববিদ্যালয় ফুটবল প্ৰতিযোগিতাত ফাইনেল খেলাৰ যোগ্যতা অৰ্জ্জ্বন কৰে। অসমৰ ফুটবল খেলৰ ইতিহাসত অসমৰ “মহাৰাণা ক্লাৱে” সৰ্বপ্ৰথমে অসমৰ বাহিৰলৈ খেলিবলৈ যায় আৰু ভাৰতীয় ফুটবল জগতত অসমক প্রতিষ্ঠা  কৰে। 1940 চনত লণ্ডন অলিম্পিক খেলত অসমৰ শ্ৰী আওৱে যোগদান কৰে। একে বছৰতে তেওঁ কলিকতাৰ ‘মোহন বাগান ক্লাৱ’ৰ অধিনায়ক নিৰ্বাচিত হয়।1971 চনৰ বেংককত অনুষ্ঠিত হোৱা প্ৰাক-অলিম্পিক খেলত অসমৰ শ্ৰী চেতন বৰাই ভাৰতীয় দলৰ অন্তৰ্ভূক্ত হয়। বৰ্তমান অসমত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাবোৰৰ ভিতৰত “গুৱাহাটীৰ লোকপ্ৰিয় বৰদলৈ ট্ৰফী” নগাঁৱৰ ‘স্বাধীনতা দিবস কাপ’, শিলচৰৰ ‘কেপ্তেইন গুপ্ত ট্ৰফী’ আদিয়েই প্ৰধান।

ফুটবল আৰু অন্যান্য আঞ্চলিক খেল-ধেমালীত অসমে সন্মান কঢ়িয়াবলৈ সক্ষম হ’লেও এথলেটিকচ, ভলীবল, হকী, ক্ৰিকেট আদি ক্ষেত্ৰত বিশেষ সফলতা দেখুৱাব পৰা নাই।

আজি কালি অসমত ক্ৰীয়াৰ পৰিবেশ গঢ়ি  উঠিছে যদিও অসমত দক্ষ প্ৰশিক্ষকৰ অভাৱ। সেয়ে অসমত দক্ষ প্ৰশিক্ষকৰ আমদানি কৰি সৰ্বাধুনিক পদ্ধতিত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে, লগতে চৰকাৰৰ পৰা উপযুক্ত পৰিমাণে  বিত্তীয়  সাহায্যৰ যোগান পালে অসমে সৰ্বভাৰতীয় আনকি আন্তৰ্জাতিক ক্ৰীড়া ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

 

ইন্টাৰনেট

বা 

ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধা 

 

‘ইন্টাৰনেট’ হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী ব্যৱস্থা।ইংৰাজী ‘Interconnection of Network’ শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটাই ‘Internet’ শব্দটি গঠন কৰা হৈছে। সহজ ভাষাত হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট। ইন্টাৰনেটৰ লগত World Wide Web (W W W) শব্দকেইটা জড়িত।  World Wide Web (সংক্ষেেপ ৱেব) হৈছে পৃথিৱীব্যাপী সিচঁৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ। বিভিন্ন তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু ইয়াক অতি সহজে আহৰণ কৰিব পাৰি। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত পদাৰ্থ কণিকাৰ তাত্বিক  আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণাকেন্দ্ৰ চাৰ্নত W W W বা ৱেব -ৰ জন্ম হৈছিল। 

বিংশ শতাব্দীৰ শেষ দহকত ইন্টাৰনেটৰ শুভাৰম্ভ হয় আৰু ইয়াৰ আৰম্ভণিৰ মাত্ৰ কেইবছৰমানৰ ভিতৰতে ইয়াৰ প্ৰসাৰ ইমানেই বৃদ্ধি পায় যে আজি ইন্টাৰনেট নোহোৱাকৈ এক মূহুৰ্তও চলিব নোৱাৰি। আজি আমাৰ দৈনন্দিন জীৱনৰ সকলো কাম-কাজ ইন্টাৰনেটৰ সহায়ত সম্পন্ন কৰা হয়। 

ইন্টাৰনেটৰ বহুত সুবিধা আছে, যেনে:

প্ৰথমত, ইন্টাৰনেটৰ জৰিয়তে আমি পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা বন্ধু-বান্ধবীসকললৈ ই-মেইল পঠাব পাৰো, ভিডিঅ’ কলিং কৰিব পাৰো।

দ্বিতীয়, ইন্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ তথ্য, কিতাপ-পত্ৰ আদি পঢ়িব পাৰো।

তৃতীয়তে, ঘৰতে বহি ৰেলৰ টিকট, বিমানৰ টিকট আদি সংগ্ৰহ কৰাৰ লগতে হোটেলৰ ৰুম বুকিং আদি বহুতো কাম কৰিব পাৰো।

চতুৰ্থতে, ইন্টাৰনেটৰ জৰিয়তে আমি ভিডিঅ’ গেম খেলিব পাৰো।

পঞ্চমতে, ইন্টাৰনেটৰ জৰিয়তে গীত, চিনেমা, আদি উপভোগ কৰিব পাৰো।

ইন্টাৰনেটৰ সুবিধা অৰ্থাৎ মিঠা দিশ  থকাৰ লগতে ইয়াৰ অসুবিধা বা তিতা দিশো আছে, যেনে:

প্ৰথম, ইন্টাৰনেট অধিক ব্যৱহাৰ কৰিলে ইয়াৰ প্ৰতি ব্যৱহাৰকাৰী আসক্ত হৈ পৰে ।ফলত প্ৰধান কৰ্তব্যক পাহৰি যায়।

দ্বিতীয়ত, ইন্টাৰনেটে ব্যক্তি এজনৰ মনত পৰিয়াল আৰু সমাজৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি অৱহেলাৰ ভাৱ গঢ়ি তোল।

তৃতীয়তে, ইন্টাৰনেটত সময়ৰ অপচয় হয়। ছাত্ৰ-ছাত্ৰীসকলে  পাঠ্যপুথি অধ্যয়ন, আলোচনী, বাতৰি কাকত আদি পঢ়িবলৈ এলাগী হয়।

চতুৰ্থতে, ইন্টনেটত প্ৰচাৰ হোৱা তথ্য, বাতৰি আদি সদায় শুদ্ধ নহয়। বহু সময়ত উৰা-বাতৰিও প্ৰচাৰ হয়। ফলত মানুহৰ মাজত ভুল বুজা-বুজিৰ সৃষ্টি হৈ সমাজৰ ক্ষতি কৰে।

পঞ্চমতে, ইন্টাৰনেটত আসক্ত ছাত্ৰ-ছাত্ৰীসকলে শৰীৰচৰ্চা, খেলা-ধূলা, বন্ধু-বান্ধবীৰ লগত সম্পৰ্ক আদিৰ প্ৰতি পিঠি দিয়ে। ফলত শাৰীৰিক আৰু মানসিক বিকাশ ব্যাহত হয়। 

ইন্টাৰনেট আধুনিক সভ্যতাৰ অতি বিষ্ময়কৰ আৱিষ্কাৰ। ই মানৱ সভ্যতাৰ ৰূপ মাত্ৰ কেইবছৰমানৰ ভিতৰতে  অভাৱনীয়ভাৱে সলনি কৰি দিছে। ইন্টাৰনেট ব্যৱহাৰৰ বেয়া দিশ কিছুমান আছে যদিও ইয়াৰ শুভ দিশবোৰ  অতুলনীয়। ০ ০ ০

 

 

শিক্ষা আৰু মূল্যবোধ

 

আৰম্ভণি: ‘মূল্যবোধ’ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আৰু  নিয়ন্ত্ৰণ কৰিবৰ বাবে স্থিৰ কৰা কিছুমান নীতি আৰু আদৰ্শ—যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ব কৰে। মানুহ সামাজিক জীৱ। মূল্যবোধক  সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। কাৰণ অকল ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহ’লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি। 

শিক্ষা আৰু মূল্যবোধ: শিক্ষা আৰু মূল্যবোধ ওতঃপ্ৰোতভাৱে জড়িত। কাল, সভ্যতাৰ বিকাশ, বৈজ্ঞানিক  আৱিষ্কাৰ, মানৱ চিন্তাৰ ধাৰা, সমাজৰ প্ৰয়োজন আদিৰ ওপৰত ভিত্তি  কৰি মূল্যবোধৰ পৰিৱৰ্তন হয়। শিক্ষানীতিয়ে সেই পৰিৱৰ্তনসমূহ বাস্তৱায়িত কৰে। কালেভদে মূল্যবোধক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে: প্ৰাচীন মূল্যবোধ আৰু আধুনিক মূল্যবোধ।

প্ৰাচীন শিক্ষা আৰু মূল্যবোধ: প্ৰাচীন মূল্যবোধ আধ্যাত্মিকতাৰ ওপৰত প্রতিষ্ঠিত আছিল। প্ৰাচীন ভাৰতীয় শিক্ষা আছিল মূল্যবোধৰ শিক্ষা অৰ্থাৎ শিক্ষাৰ জৰিয়তে ব্যক্তিক সামাজিক জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় সকলো জ্ঞান প্ৰদান কৰা হৈছিল। আন কথাত ভাৰতীয় মূল্যবোধ সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা সৃষ্টি হৈছিল। ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে, যথা – ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। প্ৰাচীন ভাৰতীয় শিক্ষাই এই চাৰিটা দিশৰ সমবিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। 

‘ধৰ্ম’ হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকিয়াই দিয়ে। এই মূল্যবোধ ‘অৰ্থ’ আৰু ‘কৰ্ম’তকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। ভাৰতীয় প্ৰাচীন মূল্যবোধ অনুসৰি, ‘অৰ্থ’ আৰু ‘কাম’ক পৰিচালিত কৰিব লাগে ধৰ্মই আৰু নৈতিকতাই। আন কথাত  ভাল আৰু বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। ভাৰতীয় মূল্যবোধ মতে ‘মোক্ষ” হৈছে মানৱ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় – যি মানুহৰ আত্মবোধৰ ওপৰত প্রতিষ্ঠিত। আন কথাত কবলৈ গ’লে ভাৰতীয় মূল্যবোধৰ মূলমন্ত্র  হৈছে “সত্যম, শিৱম, স্নু্দৰম”।

আধুনিক শিক্ষা আৰু মূল্যবোধ: ইংৰাজসকলে ভাৰতবৰ্ষৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়লৈকে ভাৰতবৰ্ষৰ শিক্ষানীতি সত্যম, শিৱম আৰু সুন্দৰম: এই  তিনিটা মূল্যবোধৰ ওপৰত প্রতিষ্ঠিত আছিল । অৰ্থাৎ প্ৰাচীন ভাৰতীয় মূল্যবোধে প্ৰকৃতাৰ্থত মানুহ গঢ়াৰ শিক্ষা প্ৰদান কৰিছিল। কিন্তু ইংৰাজৰ আমোলত ভাৰতবৰ্ষৰ পৰম্পৰাগত মূল্যবোধৰ ওপৰত কুঠাৰাগত পৰে । সিহঁতে আধুনিক প্ৰাশ্চাত্য  ভোগবাদী মূল্যবোধৰ প্ৰৱৰ্তন কৰে। এই মূল্যবোধে নৈতিকতা আৰু ধৰ্মৰ ওপৰত গুৰুত্ব নিদিয়ে। ই মানুহৰ বস্তুবাদী প্ৰয়োজন পূৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে ফলত মানুহৰ আধ্যাত্মিকতা হ্রাস পাবলৈ ধৰে। আকৌ ব্রিটিছসকলে এনে ধৰণৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যাতে সেই শিক্ষাৰ দ্বাৰা শিক্ষিত লোকসকলে ইংৰাজসকলৰ শাসন কাৰ্যত সহায় কৰিব পাৰে। গতিকে  ইংৰাজসকলৰ শিক্ষা নীতি আছিল অফিচ-আদালতৰ বাবে চাকৰিজীৱি লোকৰ সৃষ্টি কৰা। এই নীতি ইংৰাজ শাসন চলি থকা সমসয়লৈকে আছিল যদিও আজিও ভাৰতীয় শিক্ষা ব্যৱস্থা ইংৰাজসকলৰ শিক্ষা নীতিৰ পৰা সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাই। বৰ্তমান শিক্ষাত মূল্যবোধৰ ওপৰত অকনো গুৰুত্ব দিয়া দেখা নাযায়। এনে শিক্ষানীতিৰ দ্বাৰা শিক্ষিত যুৱক-যুৱতীয়ে কোনো বাস্তৱ আৰু কৰ্মমুখী শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। তাৰোপৰি এনে শিক্ষাত মানৱীয় গুণ যেনে: নৈতিকতা, ধৰ্ম, পৰোপাকাৰীতা, সততা, সহিষ্ণুতা, দয়া আদি গুণৰ বিকাশৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নহয়। ফলত সমাজৰ পৰা মানৱীয় গুণ  হ্রাস পাই আছে। 

সামৰণি: মানৱ সভ্যতা জ্ঞান আৰু বৈষয়িক দিশত বহুত আগবাঢ়ি  আছে যদিও সমাজত মূল্যবোধৰ অৱক্ষয় হৈ আছে। এই অৱক্ষয় বাধা দিবলৈ আমাৰ এটা কৰণীয় কাম হৈছে সকলো মানুহেই নৈতিক আৰু আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিব লাগিব। চৰকাৰে শিক্ষানীতি প্ৰস্তুত কৰোতে বিদ্যাৰ্থীসকলৰ তথ্যগত আৰু কাৰিকৰী শিক্ষা প্ৰদানৰ লগে লগে নৈতিকতা আৰু আধ্যাত্মিকতা বিকাশৰ বাবে নীতি নিৰ্ধাৰণ কৰি সেইমতে পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব আৰু শিক্ষকসকলওে সিহঁতৰ আদৰ্শৰ দ্বাৰা বিদ্যাৰ্থীসকলক মানৱীয় প্ৰমূল্যৰ শিক্ষা প্ৰদান কৰা কাৰ্যত ব্রতী হ’ব লাগিব। কিয়নো ধন-সম্পদ, জ্ঞান আৰু পাণ্ডিত্যই নহয়, নৈতিকতা আৰু আধ্যাত্মিকতাইহে মানুহৰ মাজত মানৱীয় গুণৰ বিকাশ ঘটাব পাৰে। ০ ০ ০

 

 

স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা  

 

আৰম্ভণি: ‘আলোচনী’ (Magazine) বুলিলে সাপ্তাহিক, পষেকীয়া, মাহেকীয়া, ছয়মহীয়া, বছৰেকীয়া বা কোনো বিশেষ অনুষ্ঠানিকতা  পালনৰ উদ্দেশ্যে বিভিন্ন লিখকৰ নিৰ্বাচিত লিখনি সন্নিবিষ্ট গ্ৰন্থক বুজায়। সংখ্যা হিচাপে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰকাশ পোৱা আলোচনীৰ জন্ম হয় জাৰ্মানীত। ১৬৬৩ চনত প্ৰথমতে জাৰ্মানীত  সাহিত্যিক  আৰু দৰ্শন সম্পৰ্কীয় বিষয়ৰ ওপৰত আলোচনী প্ৰকাশ পায়।  ইংৰাজী ভাষাত প্ৰথম আলোচনী প্ৰকাশ পায় ১৭৭১ চনত। আলোচনীখনৰ নাম আছিল ‘Gentlemen’s Magazine’। আমেৰিকাৰ মিছনেৰীসকলে অসমীয়া ভাষাৰ প্ৰথম আলোচনী ‘অৰুণোদয়’ প্ৰকাশ কৰে ১৮৪৬ চনত। আনাহতে ১৯১৬ চনত ইংলণ্ডত স্কুল-কলেজত ছাত্ৰ-ছাত্ৰীৰ লিখনি সন্নিবিষ্ট আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ হয়। ভাৰতবৰ্ষতো স্কুল-কলেজত আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ কৰে ইংৰাজসকলে। বৰ্তমান  উচ্চ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি কলেজ, ইউনিভাৰচিটি, কাৰিকৰী বিদ্যালয়  আদি শিক্ষানুষ্ঠানত বছৰেকীয়া আলোচনী প্ৰকাশ কৰাটো এক পৰম্পৰাত পৰিণত হৈছে।

স্কুল আলোচনী প্ৰকাশৰ প্ৰয়োজনীয়তা: স্কুল-কলেজত আলোচনী প্ৰকাশৰ বিশেষ গুৰুত্ব আৰু প্ৰয়োজন আছে, যেনে :

প্ৰথম, আলোচনীত সৰহভাগ লিখনি ছাত্ৰ-ছাত্ৰীসকলে লিখিব লাগে। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ লিখাৰ অভ্যাস বৃদ্ধি হয়।

দ্বিতীয়ত, যিকোনো লিখনিৰ বাবে তথ্য আহৰণ কৰিব লাগে। ফলত ছাত্ৰ-ছাত্ৰীসকলে তথ্য আহৰণৰ বাবে বিভিন্ন ধৰণৰ কিতাপ-পত্ৰ পঢ়াৰ প্ৰতি উদ্বুদ্ধ হয়।

তৃতীয়ত, আলোচনীত লিখা ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা শক্তি, ভাষা শক্তি, কল্পনা শক্তি, উদ্ভাৱন শক্তি আদিৰ বিকাশ ঘটে। 

চতুৰ্থতে, আলোচনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা উন্মোচন কৰাৰ লগতে সৃষ্টিশীল কাৰ্য কৰাৰ বাবে  উদ্যোগী হয়।

পঞ্চমতে, আলোচনীত বিভিন্ন ধৰণৰ লিখনি থাকে। সেইবোৰ অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে একেখন কিতাপৰ পৰাই বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে। 

ষষ্ঠতে, আলোচনী অধ্যয়নে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পঠন অভ্যাস গঢ়ি তোলে। 

সপ্তমতে, স্কুল-কলেজৰ আলোচনীত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰীসকল, কোনো প্রতিষ্ঠিত অতিথি লিখকৰ লিখনিও অন্তৰ্ভূক্ত কৰা হয়। বয়সীয়াল ব্যক্তিসকলৰ জ্ঞানগৰ্ভ লিখনি পঢ়ি  ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰে।

অষ্টমতে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে আলোচনীত লিখা-মেলা কৰে সিহঁতৰ বাবে ভৱিষ্যত সাহিত্যিক হোৱাৰ পথ মুকলি হয়।

নৱমতে, আলোচনী এখনৰ মানদণ্ডই বিদ্যালয় এখনৰ মানদণ্ডও নিৰূপণ কৰে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লিখনি মানদণ্ডসম্পন্ন হোৱাৰ বাবে শিক্ষকসকলে দিহা-পৰামৰ্শ প্ৰদান কৰে। ফলত ছাত্ৰ-ছাত্ৰসকলে সাহিত্যৰ প্ৰশিক্ষণ লাভ কৰে।

আলোচনী প্ৰকাশত সন্মুখীন হোৱা অসুবিধাসমূহ: শৈক্ষিক আৰু বৌদ্ধিক দিশৰ পৰা চাবলৈ গ’লে স্কুল আলোচনীৰ গুৰুত্ব যথেষ্ট যদিও আলোচনী এখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। যেনেঃ

প্ৰথমত, আলোচনী এখনৰ বাবে মানসম্পন্ন লিখনিৰ প্ৰয়োজন হয়। কিন্তু বহু সময়ত দেখা যায় যে ছাত্ৰ-ছাত্ৰীসকলে লিখা লিখনিসমূহ মানসম্পন্ন নহয় আৰু আশা কৰা মতে লিখনিও পোৱা নাযায়। ফলত আলোচনী প্ৰকাশৰ বাবে প্ৰয়োজনীয় লিখনিৰ অভাৱত আলোচনী প্ৰকাশ কৰিব পৰা নাযায় বা আলোচনীৰ মানদণ্ড অতি নিম্ন মানৰ হয়।

দ্বিতীয়তে, আলোচনীত প্ৰকাশৰ বাবে সংগ্ৰহ হোৱা লিখনিসমূহ অভিজ্ঞ লোকৰ দ্বাৰা সম্পাদনা কৰাৰ প্ৰয়োজন হয়। এনে অভিজ্ঞ লোকৰ অভাৱ দেখা  যায় । শিক্ষকসকলেও আলোচনী প্ৰকাশৰ কাম ছাত্ৰ-ছাত্ৰীসকলৰ বুলি ভাবি হেমাৰি দেখুৱায়।

তৃতীয়তে, বৰ্তমান স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰত অনুশীলন কৰিবলৈ দিয়া কাম বৃদ্ধি পাইছে। লগতে সময়ে সময়ে গোট পৰীক্ষা অনুষ্ঠিত হৈ থাকে। ফলত সিহঁতে আলোচনীৰ বাবে  লিখনি প্ৰস্তুত কৰাৰ সময় নাপায়। 

চতুৰ্থতে, আলোচনী প্ৰকাশৰ প্ৰধান অসুবিধাটো হৈছে ইয়াৰ বাবে প্ৰয়োজনী আৰ্থিক বাজেট। এই বাজেট ছাত্ৰ-ছাত্ৰীসকলেই যোগান ধৰিব লাগে। ফলত দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  ই বোজাস্বৰূপ হয়।

সামৰণি: স্কুল  আলোচনী প্ৰকাশৰ ক্ষেত্ৰত নানান অসুবিধাৰ সন্মুখীন হ’লেও নিয়মীতভাৱে আলোচনী প্ৰকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। এইক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক লিখা-মেলাৰ কৰাৰ বাবে দিহা পৰামৰ্শ দিয়াৰ উপৰিও উদ্বুদ্ধ কৰিব লাগে। আলোচনী প্ৰকাশৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহত শিক্ষকসকলেও বৰঙণি  আগবঢ়াব  লাগে। ০ ০ ০ 

 

 

অসমৰ কুটিৰ শিল্প 

 

আৰম্ভণি: হাতে গঢ়া সাধাৰণ সা-সঁজুলিৰ সহায়ত নিজ ঘৰৰ পৰিসৰৰ ভিতৰত থলুৱা কেঁচা সমগ্ৰীৰে যিবোৰ  উদ্যোগ গঢ়ি উঠে সেইবোৰ  উদ্যোগকে ‘কুটিৰ উদ্যোগ’ বা ‘কুটিৰ শিল্প’ বুলি কোৱা হয়। 

প্ৰাচীন কালৰ পৰাই ভাৰত কুটিৰ শিল্পত চহকী। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমো কুটিৰ শিল্পত আগবঢ়া । আনকি কেইবাটাও ক্ষেত্ৰত ই অন্যান্য ৰাজ্যৰ তুলনাত অধিক চহকী। অসমত থকা কুটিৰ শিল্পসমূহৰ ভিতৰত বয়ন শিল্প, বাহঁ-বেতৰ শিল্প, ভাস্কৰ্য শিল্প, মৃৎ শিল্প, হাতীদাঁতৰ শিল্প, কাঁহ-পিতলৰ শিল্প, কাঠ শিল্প আদিয়েই প্ৰধান।  

বয়ন শিল্প:  বয়ন শিল্পত বিশ্বৰ ভিতৰতে  অসমৰ এক সুকীয়া আসন আছে।  অসমৰ জীয়ৰী-বোৱাঁৰী সকলোৱে বয়ন শিল্পত পাকৈত। অসমৰ ছোৱালীয়ে কাপোৰ ব’ব নজনাটো এসময়ত বৰ লাজৰ কথা বুলি বিবেচনা কৰা হৈছিল। অসমৰ পাট, মুগা, এৰি আদি কাপোৰ  অকল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।  অসমীয়া তিৰোতই তৈয়াৰ কৰা পাট-মুগাৰ কাপোৰে এসময়ত মোগল হেৰেমসমূহত আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰভু কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰে অসমীয়া সাজ পৰিধান কৰা উষাদেৱীক চাই মুগ্ধ হৈছিল। মহাপুৰুষ শংকৰদেৱেৰ তত্বাৱধানত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰখনৰ কথা আজি বিশ্বৰ সকলোৱে জানে। অসমৰ শিপিনীয়ে তৈয়াৰ কৰা ফুলাম কাপোৰ  দেখি  জাতিৰ পিতা মহাত্মা গান্ধীয়ে মন্তব্য কৰি কৈছিল, ‘অসমীয়া তিৰোতাই কাপোৰত সপোন ৰচিব পাৰে।’ 

বাঁহ- শিল্প: অসমৰ থলুৱা কুটিৰ শিল্পসমূহৰ ভিতৰত বাঁহ-বেতৰ শিল্প উল্লেখযোগ্য। অসমীয়াসকলে নিজ ঘৰতে বাঁহ আৰু বেতেৰে ঢাৰি, খালৈ, জাকৈ, ঢলা, কুলা, পাচি, ফুলদানি, পিকদানি, ছাইদানি আদি বহুতো সুন্দৰ সুন্দৰ বস্তু তৈয়াৰ কৰে। বৰ্তমান অসমৰ বাহিৰলৈয়ো এইবোৰ ৰপ্তানি হৈ আছে। 

মৃৎশিল্প: মৃৎশিল্প বুলিলে বোকা মাটিৰে তৈয়াৰ কৰা সা-সামগ্ৰীক বুজায়। এসময়ত মৃৎশিল্পত অসম চহকী আছিল। অসমীয়া কুমাৰ সম্প্ৰদায়ৰ লোকসকল এই শিল্পৰ লগত জড়িত। সিহঁতে বোকা মাটিৰে বিভিন্ন ধৰণৰ পাত্ৰ, যেনে:  কলহ, ভুৰুকা, কেটেলি, কেৰাহী, ঢেকচি, খুলা, পাতিল, খুৰা, গছা, ছামনি, ঘটি আদি বস্তু তৈয়াৰ  কৰাৰ উপৰিও সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে  নানান ধৰণৰ খেলনা যেনে: ঘোঁৰা, হাতী, পুতলা, ফুলৰ আৰ্হি আদি তৈয়াৰ কৰে।

কাঁহ-পিতলৰ শিল্প: অসম কাঁহ-পিতলৰ শিল্পত ভাৰত বিখ্যাত। অসমৰ হাজো আৰু সৰ্থেবাৰী কাঁহ-পিতলৰ বস্তু তৈয়াৰ কৰাত অগ্ৰগণ্য। এসময়ত অসমৰ কাঁহ-পিতলৰ সামগ্ৰী ভাৰতৰ অন্যান্য প্ৰদেশলৈ ৰপ্তানি কৰা হৈছিল। মধ্য যুগত অসমৰ কাঁহ পিতলৰ সামগ্ৰী মোগল দৰবাৰলৈ পঠোৱা হৈছিল বুলি ইতিহাসত প্ৰমাণ পোৱা যায়। 

হাতীদাঁতৰ শিল্প: অসমৰ এক আপুৰুগীয়া আৰু গৌৰৱময় শিল্প হৈছে হাতীদাঁতৰ শিল্প। অসমৰ শিল্পীয়ে হাতী দাঁতেৰে নানান কাৰুকাৰ্য খচিত অলংকাৰ তৈয়াৰ কৰাৰ উপৰিও বুঢ়া মানুহৰ কাৰণে হাতৰ লাখুটি তৈয়াৰ কৰে। অসমৰ বৰেপটা হাতীদাঁতৰ শিল্পত বিখ্যাত।

কাঠ-শিল্পঃ অসমৰ আন  এবিধ কুটিৰ শিল্প হৈছে কাঠৰ শিল্প। অসমীয়া শিল্পীসকলে কাঠেৰে  বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰাৰ লগতে বেদীৰ সিংহাসন, কৃষ্ণমূৰ্তি, মুখা, দেৱ-দেৱীৰ মূৰ্তি আদি তৈয়াৰ কৰাত সিদ্ধহস্ত।

এসময়ত অসম কুটিৰ শিল্পত চহকী  আছিল যদিও বৰ্তমান এই শিল্প বহুত প্রত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ ঘাই  কৰাণ হৈছে আধুনিক  বিজ্ঞানৰ আৱিষ্কৃত বৃহৎ যন্ত্ৰ-পাতিৰ সহায়ত তৈয়াৰ কৰা বস্তু-সামগ্ৰীৰ প্ৰতিযোগিতাৰ লগত ই তিষ্টিব পৰা নাই। বৃহৎ কল-কাৰখানাত উৎপাদিত বস্তুৰ তুলনাত হাতেৰে সাধাৰণ সা-সঁজুলিৰে তৈয়াৰ কৰা বস্তুৰ খৰচ বে ছি হয়। ফলত কুটিৰ উদ্যোগজাত বস্তুৰ  চাহিদা কমি গৈছে।।

সামৰণি: কুটিৰ শিল্প অসমৰ এক আচুতীয়া  শিল্প যদিও এই শিল্পক জীয়াই ৰাখিবলৈ হ’লে চৰকাৰী  পৃষ্ঠপোষকতাৰ প্ৰয়োজন। চৰকাৰ আগবাঢ়ি আহিলে আৰু এই শিল্পৰ বিশেষত্বৰ বিষয়ে অসমীয়া লোকসকল সচেতন হ’লে নিশ্চয় এই শিল্প ঠণ ধৰি উঠিব আৰু পুনৰ বিশ্ব দৰবৰত অসমৰ কুটিৰ শিল্পৰ যশ-কীৰ্তি প্রতিষ্ঠিত হ’ব। ০ ০ ০

 

Useful Books for Students:

49 Comments

  1. Pingback: মোৰ প্রিয় খেল। ফুটবল ৰচনা  – Growhills Publishing

  2. Pingback: কৰ্তব্য  মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু — ভাব সম্প্ৰসাৰণ  – Growhills Publishing

  3. Pingback: স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা   - Growhills Publishing

  4. Pingback: অসমৰ বয়ন শিল্প - Growhills Publishing

  5. Pingback: অসমৰ প্রাকৃতিক  সৌন্দৰ্য ৰচনা । প্রাকৃতিক  সৌন্দৰ্য ৰচনা  - Growhills Publishing

  6. Pingback: কুলি চৰাই ৰচনা - Growhills Publishing

  7. Pingback: কলম ৰচনা।কলম - Growhills Publishing

  8. Pingback: হীৰেন ভট্টাচাৰ্যৰ কবিতাত কৰুণ ৰস - Growhills Publishing

  9. Pingback: হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  সমাজবাদ আৰু বিপ্লৱ - Growhills Publishing

  10. Pingback: হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবিজনৰ আত্ম কথা - Growhills Publishing

  11. Pingback: হীৰেন ভট্টাচাৰ্যৰ কবিতা: এক বৈশিষ্ট্যমূলক আলোচনা - Growhills Publishing

  12. Pingback: ইছমাইল হোছেইনৰ কবিতা 'কৃষক বন্ধুলৈ': এক বিশ্লেষণ - Growhills Publishing

  13. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দুঃসময়': এক  বিশ্লেষণ - Growhills Publishing

  14. Pingback: ইছমাইল হোছেইনৰ কবিতা 'গাঁৱৰ চিঠি': এক বিশ্লেষণ - Growhills Publishing

  15. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আনৱিক':এক বিশ্লেষণ - Growhills Publishing

  16. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আস্থানিক':  এক  বিশ্লেষণ - Growhills Publishing

  17. Pingback:  ইছমাইল হোছেইনৰ কবিতা 'বহুৰঙী': এক বিশ্লেষণ - Growhills Publishing

  18. Pingback: ইছমাইল হোছেইনৰ কবিতা 'মহানগৰ': এক  বিশ্লেষণ - Growhills Publishing

  19. Pingback: ইছমাইল হোছেইনৰ কবিতা 'অৰাজনৈতিক বুদ্ধিজীৱি সমীেপষু': এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  20. Pingback: d - Growhills Publishing

  21. Pingback: তালেবৰ ৰহমান-চমু পৰিচয় - Growhills Publishing

  22. Pingback: অতুল চন্দ্ৰ বৰুৱা-চমু পৰিচয় - Growhills Publishing

  23. Pingback: অমৃতভূষণ দেৱ অধিকাৰী-চমু পৰিচয় - Growhills Publishing

  24. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় - Growhills Publishing

  25. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় । Ismail Hossain - Growhills Publishing

  26. Pingback: ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা - Growhills Publishing

  27. Pingback: ইছমাইল হোছেইনৰ কবিতাত মনস্তত্ত্ব - Growhills Publishing

  28. Pingback: ইছমাইল হোছেইনৰ কবিতাত কবিজনৰ আত্ম-কথা - Growhills Publishing

  29. Pingback: ইছমাইল হোছেইনৰ কবিতাত অসমীয়া সমাজ চিত্ৰ - Growhills Publishing

  30. Pingback: ইছমাইল হোছেইনৰ কবিতাত দৰ্শন - Growhills Publishing

  31. Pingback: ইছমাইল হোছেইনৰ কবিতাত কৰুণ ৰস - Growhills Publishing

  32. Pingback: ইছমাইল হোছেইনৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ - Growhills Publishing

  33. Pingback: Ismail Hossain Photos - ইছমাইল হোছেইন - Growhills Publishing

  34. Pingback: হাবিল উদ্দিন - Growhills Publishing

  35. Pingback: মানিক লাল ভৌমিক - Growhills Publishing

  36. Pingback: মানিকা  ভৌমিক - Growhills Publishing

  37. Pingback: HSLC Exam Que Paper English 2016 - Growhills Publishing

  38. Pingback: HSLC Exam Que Paper English 2017 - Growhills Publishing

  39. Pingback: HSLC Exam Que Paper English 2018 - Growhills Publishing

  40. Pingback: HSLC Exam Que Paper English 2015 - Growhills Publishing

  41. Pingback: H.S.L.C. Exam Que Paper Assamese 2015 - Growhills Publishing

  42. Pingback: HSLC Exam Que Paper Assamese 2017 - Growhills Publishing

  43. Pingback: HSLC Exam Que Paper Assamese 2018 - Growhills Publishing

  44. Pingback: HSLC Exam Que Paper Assamese 2019 - Growhills Publishing

  45. Pingback: HSLC Exam Que Paper Social Science 2017 - Growhills Publishing

  46. Pingback: HSLC Exam Que Paper Social Science 2018 - Growhills Publishing

  47. Pingback: HSLC Exam Que Paper Social Science 2019 - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *