আকৌ আহিব।ৰাব্বি মছৰুৰ

আকৌ আহিব (কবিতা) আকৌ আহিব ওভতি  আইৰ মুখৰ হেৰুৱা জ্যোতি প্ৰেম আৰু সংহতিৰে আনিব ঘূৰাই  তোমাৰ শিল্পীয়ে তোমাৰ বুকুতে হেৰুৱা আমাৰেই অস্তিত্ব। আকৌ আহিব ওভতি  আইৰ বুকুৰ সূৰ্যমণি বীৰ্যমন্ত দুবাহু দাঙি  দলিয়াই পেলাব  শোষণ- নিষ্পেষণৰ শিকলি আকৌ আহিব ওভতি তোমাৰ বুকুত সূৰ্যালোকৰ বীৰ তোমাৰ গৰ্ভত স্থিতি ল’ব আকৌ বুদ্ধ, যীশু, মহম্মদ আৰু শংকৰ তেতিয়া আৰু নেথাকিব পতিত আত্মাৰ কৰুণ বিননি। উচ্চ-নীচ,  ভেদ -ভাৱ,  সাম্প্ৰদায়িকতাৰ বিষবাষ্প  নিমিষতে যাব উৰি। ০ ০ ০    […]

Read More

মোৰ আই । ৰাব্বি মছৰুৰ।

মোৰ আই । (কবিতা) মোৰ আই মোৰ দেশ মোৰ শত আকাঙ্খাৰ সোণালী বেশ  আজন্ম সময়ৰ আয়ুৰে আয়ুষ্মান মোৰ আই মোৰ দেশ আগত ইতিহাসৰ পৃষ্ঠাতো  থাকি যাওক তোমাৰ ৰূপালীম বেশ । মোৰ আই মোৰ দেশ মচি নিয়া তোমাৰ সন্তানৰ মনৰ পৰা হিংসা-বিদ্বেষ তুমি জানো বিচৰা, হে মোৰ আই ভাতৃঘাতী মহাসংঘাতেৰে আমি হৈ যাওঁ নিঃশেষ? মোৰ আই মোৰ দেশ মোৰ হৃদয়লোকৰ কল্পতৰু অলেখ মোৰ আই মোৰ দেশ তোমাৰ মহিমাৰ নাই শেষ !   ০ ০ ০ […]

Read More

বিকল্প।ৰাব্বি মছৰুৰ

বিকল্প (কবিতা) যেতিয়া মহামান্য স্বয়ম্ভু ঈশ্বৰহঁতে  স্নায়ুত আখৰা কৰে গণ হত্যাৰ  ৰণ-কৌশল অস্ত্ৰ আৰু গোলা-বাৰুদেৰে আটোম-টোকাৰিকৈ সজ্জিত কৰে মগজুৰ কুঠৰি তেতিয়া আমাৰ এটাই বিকল্পঃ হাঁহিমূখে বুকুখন উদং কৰি দিয়া অথবা বিপ্লৱৰ ৰঙা   নিচান উত্তোলন  কৰা।   যেতিয়া ৰাজনীতিকৰ কোষাগাৰত  প্ৰতিজন নাগৰিকৰ নায্য অধিকাৰ ধূসৰ ধূলিৰ লগত নিচিহ্ন কৰি দিয়াৰ পাশৱিক অৰিয়া-অৰি চলে  তেতিয়া আমাৰ এটাই বিকল্প হাঁহি হাঁহি আত্মাক সিহঁতৰ হাতত তুলি দিয়া অথবা বিপ্লৱ ৰুজু কৰা।   যেতিয়া সমৰ সজ্জাত সজ্জিত হয় […]

Read More

বাঁহী।ৰাব্বি মছৰুৰ

বাঁহী (কবিতা) তুমি যেতিয়া বাঁহী বজোৱা দুভাগ ৰাতি নামি আহে জোন উজাই আহে ফাগুন সেমেকি উঠে মোৰ চকু।   তুমি যেতিয়া বাঁহী বজোৱা বৰষুণ নামে মোৰ কলিজাত তুমি যেতিয়া বাঁহী বজোৱা  প্ৰেমৰ নদীয়ে জোঁৱাৰ তোলে বুকুত।   তোমাৰ বাঁহীয়ে বন্ধু  এনেকৈয়ে মোক দিয়ে সুখ আৰু  দুখ।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

একাত্মকতা।ৰাব্বি মছৰুৰ

একাত্মকতা  (কবিতা) আমি  শিল হৈ  আগবাঢ়ি আছো সন্মুখত আমাৰ বিশাল নৈ নৈখনৰ পাৰত আমি লগা-লগি হওঁ প্ৰতি ৰাতি কথা পাতো হৃদয়ৰ  ভাষাৰে কাৰো স’তে কেতিয়াও নপতা কথা।   আমি শিল হৈ  আগবাঢ়ি আছোঁ আমাৰ সন্মুখত বিশাল সাগৰ আমি প্ৰতিদিন উপকূলখনতে লগালগি হওঁ আৰু বিনিময় কৰো আত্মীয়তা।   আমি শিল হৈ আগবাঢ়ি আছোঁঁ সন্মুখত আমাৰ জ্বালামূখীৰ জুই আমি প্ৰতি দুপৰীয়া ইয়াতে লগালগি হওঁ বুকু ফালি  বিনিময় কৰো আত্মা।   আমি শিল হৈ  আগবাঢ়ি […]

Read More

পৃথিৱীৰ আৰু মোৰ।ৰাব্বি মছৰুৰ। Of the World and Mine। Rabbi Masrur

পৃথিৱীৰ আৰু মোৰ  (কবিতা) সবুজ শস্যৰ বাবে  গান গোৱা মাটিৰ বাবে গীত গোৱা প্ৰেম, সংহতি আৰু শান্তিৰ বাবে কণ্ঠ উজাৰি সুৰ নিঃসৃত কৰা  প্ৰতিজন গায়ক, প্ৰতিজন কবি, প্ৰতিজন শিল্পীয়েই  পৃথিৱীৰ আৰু মোৰ।   ৰ’দ, বতাহ, বৰষুণ, বিজুলি-ঢেৰেকনী হেলাৰঙে  মূৰত লৈ কঠিন শিলত ফুল ফুলোৱা, শস্য গজোৱা,  প্ৰতিজন কৃষক শিল্পীয়েই  পৃথিৱীৰ আৰু মোৰ।   দেশৰ কলিজা, আত্মা আৰু আড়ষ্ট শুকান মাটিক জীপাল কৰিবলে’ নিজৰ হাড় আৰু মাংসক পানী কৰা প্ৰতিজন শ্ৰমিক বনুৱাই  পৃথিৱীৰ […]

Read More

মহানগৰ।ৰাব্বি মছৰুৰ

মহানগৰ (কবিতা) আশাৰ অসিময় আলো লৈ খোজ কাঢ়িছো  খলা-বমা ৰাজপথৰ দাঁতিয়ে দাঁতিয়ে হেঙুল সময়ৰ তালে তালে।   আড়ষ্ট সময়ৰ অসহায়তাত মোৰ হৃদয়-ঘৰ ভাৰাক্ৰান্ত অকনমান কোলাহলহীন নীৰৱতাৰে, অকনমান শুকুলা শান্তিৰে  কটাব নোৱাৰো ইয়াত এৰাতিও- ভৰিৰ তলৰ পৰা আঁতৰ হয় মাটি বুকুৰ পৰা আশা, হাতৰ পৰা শতাব্দীৰ মুক্তিৰ বীণ কণ্ঠৰ পৰা প্ৰাগলভ শ্লোগান।   মহানগৰৰ উপকণ্ঠত থিয় হৈ শুনিলো: শতাব্দী জ্বলি-পুৰি শেষ হোৱাৰ কথা আৰু মৃত্যুৰ দুৱাৰ দলিত ঠেলা-হেঁচা কৰা হেজাৰ অনাথ শিশুৰ মৃত্যু […]

Read More

আমি যদি সংঘবদ্ধ হওঁ। ৰাব্বি মছৰুৰ

আমি যদি সংঘবদ্ধ হওঁ (কবিতা) আমি যদি সংঘবদ্ধ হওঁ সংঘঠিত হয় যদি শিল্পী প্ৰতিভা আমি সলাব পাৰোঁ ৰক্তাক্ত সময় তিমিৰ ফালি আনয়ন কৰিব পাৰো সুবিমল সূৰ্যালোকৰ উৎস।  হিংসাৰ বিৰুদ্ধে অহিংসাৰ বীজমন্ত্ৰ সিঁচিব পাৰো শিলৰ প্ৰাচীৰ ভাঙি গঢ়িব  পাৰো সংহতিৰ এনাজৰী হেঙুল সময়ৰ বাবে  নামিব পাৰো বিশ্ব গঢ়াৰ সংগ্ৰামত।   আমি যদি হাতৰ ওপৰত ৰাখিব পাৰো হাত হৃদয়ৰ  ওপৰত হৃদয় , প্ৰেমৰ সলনি দিব পাৰো প্ৰেম-  মানৱতাৰ জয় অনিবাৰ্য। বীভৎস অন্ধকাৰত যেতিয়া পতিত হয় […]

Read More

কেইটিমান অনুেচ্ছদ।ৰাব্বি মছৰুৰ

কেইটিমান অনুেচ্ছদ  (কবিতা) (১)  হে সতীৰ্থ কবিসকল,  আহা, আমালোকৰ তকমাত ধাৰণ কৰো সভ্যতাই গচকি যোৱা খলা-বমা ইতিহাস। আহা, আমি পোছাক  পিন্ধাও সভ্যতাৰ শিখৰৰ পৰা উখহি পৰা  নিলাজ সৌ পাহাৰেবাৰক। (২)  শিশিৰ-স্নাত মোৰ স্বদেশৰ আত্মজ ভাইসকল তোমালোকৰ বাবে  খুলি ৰাখিছো বুকুৰ সকলোবোৰ দ্বাৰ অৱগাহন কৰা ইয়াত কোনো জাতি নাই, গোষ্ঠী  নাই, ভেদ  নাই আমি এটাই জাতি আমাৰ এটাই পৰিচয়- আমি মানুহ।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

মই সাৰে থাকোঁ।ৰাব্বি মছৰুৰ

মই সাৰে থাকোঁ  (কবিতা) অন্তঃশীলা ফল্গুৰ দৰে বৈ  আছে মোৰ অনুযোগ হাবিয়াসলব্ধ পোহৰৰ  দৰে তমসা ৰাতিৰ সপোনবোৰ  মোৰ  দিঠক হৈ যায় আৰু এন্ধাৰৰ মাজত হেৰাই যায় ক্ৰমে ক্ৰমে। মোৰ অযত্ন-বিন্যস্ত শব্দৰ ইপিঠিত-সিপিঠিত তাৰেই ব্যৰ্থ অনুৰণন। মোৰ আন্তঃসংঘাত মোৰ সুহৃদ  সিহঁতৰ পৰাই মই আখৰা লও সম্পূৰ্ণ নিৰ্ভুল  হোৱাৰ।  বিশালতাৰে ভ’ৰাই তোলো মোৰ শব্দ ভাণ্ডাৰ বুটলো নীলোজ্জ্বল নক্ষত্ৰৰ বীজ আৰু বাৰিধিৰ এবুকু নীলা। মোৰ অনুসন্ধানী মন থমকি ৰয় যেতিয়া ৰাজপথত পৰি থাকে ৰঙীন  সূৰ্য। মোৰ সপোনৰ  অকাল বৃদ্ধ […]

Read More