স্নেহাৰ্দ্ৰৰ নামত।ৰাব্বি মছৰুৰ

স্নেহাৰ্দ্ৰৰ নামত  (কবিতা) (১)  তোমাক মই কি দিব পাৰো, বন্ধু  হাতৰ অঞ্জলি ভ’ৰাই মইতো দিব নোৱাৰো কেঁচা তেজ অথবা বুকু ভ’ৰা ভালেপাৱা চকুৰ পতাত বিগলিত হৈ আছে শ্বাশত অশ্ৰু লাগে যদি বন্ধু  উভাতাই নিয়া সিবোৰ  যে এদিন তুমিয়েই দিছিলা।  (২) বতাহজাক এতিয়াও বলা নাই তিমিৰ সিক্ত ৰক্তজবাই ক’লে আলসুৱা বনত হালি-জালি থকা নাই শুভ্ৰ শেৱালী ই হেনো শৰতত ফুলে ! (৩) পাতবোৰ  তুমিয়েইতো সজীৱ কৰি তুলিছিলা চকুলোৰ বানত ডুব গৈছিল বাগিছাৰ প্ৰতিটো […]

Read More

তেওঁ অহা বাট।ৰাব্বি মছৰুৰ

তেওঁ অহা বাট (কবিতা) এইমাত্ৰ মই গম পালো তেওঁ অহা নাই আইৰ বুকুৰ বেদনা  গুচোৱাৰ শক্তি সঞ্চয়ত সি হেনো ব্যস্ত আহা, আমি সুগম কৰো তেওঁ অহা বাট আহা! আমি হাতত লওঁ নল, খাগৰি কিংবা পাখি  অথবা তীক্ষ্ণ তৰোৱাল।  আহা আমি কণ্ঠত ধাৰণ কৰো – সুৰ, গান আৰু কিছু কথা তুলিকাত ভ’ৰাই লওঁ আমাৰেই নিঃসৃত ৰক্ত কণিকা আহা, আমি নীলা অন্তৰীক্ষত উৰুৱাও সংহতি, প্ৰেম আৰু মুক্তিৰ পতাকা। আহা, আমি সুগম কৰো তেওঁ অহা […]

Read More

এখন পুৰণি চিঠি।ৰাব্বি মছৰুৰ

এখন পুৰণি চিঠি  (কবিতা) মোৰ মানস জুপুৰিটোৰ এচুকত জমা হোৱা  আবৰ্জনাৰ দ’মবোৰ  খুচুৰি থাকোতে  হঠাৎ পাই গ’লো  আজিৰ পৰা দুই দহকমান আগতে লিখা  এখন পুৰণি চিঠি। চিঠিখন ময়েই লিখিছিলো এজন বন্ধুলৈ  চিঠিখনত আমাৰ ইয়াৰ কিছু খবৰ আছিল আৰু আছিল কিছু নিচেই একান্ত ব্যক্তিগত কথা। আছিল প্ৰেম আৰু ভালেপাৱাৰ কথা আছিল জুইৰ কথা, এন্ধাৰৰ কথাও তাত আছিল,  আছিল পোহৰৰ   কথাও আছিল শতাব্দীয়ে শ্বাসৰুদ্ধ হৈ আত্মহত্যা কৰাৰ কথা। আৰু কিছু কথা আছিল ঠিক চিঠিখনৰ শেষৰ […]

Read More

সাম্প্ৰতিক খবৰ।ৰাব্বি মছৰুৰ

সাম্প্ৰতিক খবৰ (কবিতা) সম্প্ৰতি আমাৰ ইয়াত পানীৰ বৰ আকাল গছ-লতাবোৰ পাত হেৰুৱাই নাঙঠ  হ’ল  সম্প্ৰতি ইয়াত সবুজ শস্য নগজে ক্ষৰিত তেজেৰে প্লাবিত হ’ল মাটি  বোকাত  গজিল বালি সমভূমিবোৰ  মৰুভূমি হ’ল  সোণে হেৰুৱালে উজ্জ্বলতা নদীয়ে হেৰুৱালে খৰস্ৰোতা মাছবোৰ  কেতিয়াবাই জীৱাষ্ম হ’ল ফৰকাল আকাশত জুইৰ শিখা জ্বলিছে দাউ-দাউকৈ অহৰহ উচুপিছে আকাশে।  ইয়াত কেইবা দহক জুৰি ফুল নুফুলে।  মাথো কাঁইটীয়া সাগৰ ফেনাই বিন্ধি ৰক্তাক্ত কৰিছে আমাৰ হৃদয় ।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

প্রতীকি।ৰাব্বি মছৰুৰ

প্রতীকি  (কবিতা) অন্ধকাৰে জুৰুলা কৰা  নিঃসাৰ ৰাতিৰ মহাসন্ধিত  সাৰ পায় মোৰ খাগৰি ৰক্তজবাৰ দৰে ৰঙা  তেজৰ শলিতা জ্বলাই আঁকি যায় অবিৰাম ভঙা-গঢ়াৰ  অলেখ ছবি।   ফুল বছা আকাশৰ তলত  কোনে বজায় বাঁহী· মোৰ আত্মাৰ গোপন কুঠৰীত  সেই  সুৰৰ প্রতিধ্বনি । ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

তোমাৰ আশীর্বাদত।ৰাব্বি মছৰুৰ

তোমাৰ আশীর্বাদত  (কবিতা) তোমাৰ আশীর্বাদত  মোৰ আই সাৰ পাই উঠিল মোৰ ভিতৰৰ সত্বা বিলুপ্ত হ’ল মনৰ সমস্ত অৰাজকতা ক্ষৰিত তেজত জিলিকি উঠিল যদৃচ্ছাকৃত সপোনবোৰ । তোমাৰ আৰ্শীবাদত  আই মোৰ  জলপ্লাৱন আহিল মোৰ হৃদয়  সাগৰত ভাপহৈ উৰি গ’ল বুকুত গোট মৰা তেজৰ চেকা।  তোমাৰ আৰ্শীবাদত আই মোৰ  অৰুণোদয় হ’ল মোৰ মানস মালঞ্চত নিমিষতে পুৰি ছাৰ-খাৰ হৈ গ’ল বিলাসী বাসনাবোৰ । মই এতিয়া তোমাৰ স’তে,  মোৰ আই পাৰ কৰিব পাৰো দিন অথবা ৰাতিৰ প্ৰতিটো কুটিল  মূহুৰ্ত […]

Read More

বিদেশী বন্ধুলৈ।ৰাব্বি মছৰুৰ

বিদেশী বন্ধুলৈ (কবিতা)   প্ৰিয় বিদেশী বন্ধু , তোমালৈ কি লিখিম মোৰ কথানে আমাৰ কথা ? মোৰ বিষয়ে ক’বলৈ মোৰ একোৱেই নাই মোৰ এটাই মাথো জুপুৰী ঘৰ- ইয়াতেই মই গান গাওঁ, খাওঁ, শোওঁ, ক্লান্ত হও আৰু জিৰণি লও আকৌ ক্লান্ত হও, আকৌ জিৰণি লও নিজৰ স’তে হাঁহো, কান্দো ইয়াতেই কাজিয়া কৰো একান্তই মোৰ নিজৰ স’তে ইয়াতেই মৰো, ইয়াতেই পুনৰ জী উঠো। ইয়াৰ বাহিৰে মোৰ আৰু একোৱেই নাই।   প্ৰিয় বন্ধু  শুনা, আমাৰ কথাকেই […]

Read More

মোক দূৰত থাকিবলৈ দিয়া।ৰাব্বি মছৰুৰ

মোক দূৰত থাকিবলৈ দিয়া (কবিতা) মোক ধৰ্ম নামৰ আফিংৰ পৰা আতঁৰত থাকিবলৈ দিয়া আফিং খাই  বিবেক  হেৰুৱাই  মইতো হত্যা কৰিব নোৱাৰো মছজিদৰ ঈশ্বৰ মন্দিৰৰ ভগৱান গীৰ্জাৰ গড। মোক ধৰ্ম নামৰ আফিংৰ পৰা আতঁৰি থাকিবলৈ দিয়া লাগিলে মোক অধাৰ্মিক অথবা নাস্তিক অথবা কাফিৰ  যি ইচ্ছা তাকেই ক’ব পাৰা তুমি মোক তোমালোকৰ মন্দিৰ-মছজিদৰ আফিংৰ পৰা  আতঁৰি থাকিবলৈ দিয়া। মোক এজন মানুহ হ’বলৈ দিয়া যাৰ ঈশ্বৰ বাস কৰে মছজিদত নহয় মন্দিৰত নহয়  নিৰ্যাতিত, নীপিড়ীৰিত, শোষিত […]

Read More

প্রেমিক  শতাব্দীৰ।ৰাব্বি মছৰুৰ

প্রেমিক  শতাব্দীৰ (কবিতা)  হে প্ৰেমিক শতাব্দীৰ  আহা, আমি এটি মাথো মূহুৰ্তৰ বাবে  আশ্ৰয় লওঁ এইখন গছজোপাৰ তলত আৰু পৰস্পৰে পৰস্পৰৰ পোছাক  খুলি নাঙঠ  হওঁ বিনিময় হওঁক কিছু প্ৰেম, কিছু নীৰৱতা।   অলপ সময়ৰ বাবে  আহা আমি দলিয়াই পেলাওঁ  ক’লা বগা আৱৰণবোৰ  আত্মীয়তাৰে ভৰি উঠক  তোমাৰ মোৰ শূন্য হৃদয় ।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

প্রতিনিয়ত।ৰাব্বি মছৰুৰ

প্রতিনিয়ত (কবিতা) দিনৰ পিছত দিন আৰু ৰাতি মই নদীৰ কাষলে’ যাওঁ তাইৰ বিশাল বুকুত প্ৰসাৰণ কৰো মোৰ  সংকোচিত হৃদয় । দিনৰ পিছত দিন আৰু ৰাতি সুনীল আকাশৰ সেউজীয়াৰ স’তে মিতিৰালি পাতো আৰু  পাহৰিব খোজো তেজে ধোৱা ৰক্ত-ৰঙা  দুখেবাৰ। দিনৰ পিছত দিন আৰু ৰাতি  নদীৰ হাত ধ’ৰা-ধৰিকৈ  ময়ো বগাব খোজো সময়ৰ সৰ্পিল বাট।  কিন্তু প্ৰতিবাৰেই উৰ্ফাল খাই বাগৰি পৰো  আৰু চূৰ্ণ-বিচূৰ্ণ হৈ যায় মোৰ সমস্ত অনুভৱৰ শৰীৰ নিমিষতে ৰক্তাক্ত হৈ পৰে মোৰ আত্মাৰ […]

Read More