মোৰ আই। ৰাব্বি মছৰুৰ

মোৰ আই (কবিতা) তুমি মোৰ আই বুকুত সোণালী সপোনৰ  থোপা আঁৰি দিয়া  মোৰ কল্পচিত্ৰৰ কল্যাণময়ী প্ৰেৰণা। তোমাৰ হাতৰ কোমল পৰশে পাহৰাই দিয়ে মোৰ হাজাৰ নিশাৰ কৰাল কান্দোন। মোৰ আই  তুমি মোৰ সুনীল আকাশ বগোৱা সুবিমল সোপান তুমি মোৰ তেজে ধোৱা বননিত গজা কোমল ঘাঁহ।   মোৰ আই তুমি মোৰ এস্ত ৰাতিৰ শেষ লগ্নত উদিত হোৱা  সোণোৱালী সূৰুযৰ হেঙুলী কিৰণ।   তুমি বিহনে মোৰ আই  নিশাৰ সপোনে  হাহাকাৰ কৰি পাৰ ভাঙে  নদীৰ চেতনাৰ ৰুদ্ৰাক্ষ মণিত […]

Read More

সময় সমাগত।ৰাব্বি মছৰুৰ

সময় সমাগত  (কবিতা) আমি বিপ্লৱৰ বহ্নি জ্বলাও বা নজ্বলাও  এয়া কিন্তু বিপ্লৱৰেই সময় আমি সংগ্ৰাম কৰো বা নকৰো  এয়া কিন্তু সন্নিকট সংগ্ৰামৰেই সময়।   বীভৎস বিষন্ন পৃথিৱীৰ ভূমিকম্পন হওঁক বা নহওঁক  এয়া কিন্তু জ্বলামূখী উদ্গীৰণৰেই সময় আমি সংঘবদ্ধ হওঁ বা নহও  নিত্যান্ত নিৰ্জন ৰাতিৰ অন্ধকাৰেও চিঞৰি কয়- এয়া সংঘবদ্ধ হোৱাৰেই সময়।   আমি উষ্ণ উমাল বাহুৰে অভিনন্দন জনাওঁ বা নজনাও বিবস্ত্ৰা নিদাঘ ৰাতিৰ ৰাজহাড় কঁপা  একাঁজলী বৰ্ণোজ্জ্বল হাঁহিৰে এয়া কিন্তু অৰুনোদয়ৰেই […]

Read More

আকৌ এজন কবিৰ কথাৰে।ৰাব্বি মছৰুৰ

আকৌ এজন কবিৰ কথাৰে (কবিতা)  মই কবি  অনেক অচিন দেশৰ অজান বাতৰি মই কঢ়িয়াওঁ হৃদয়ত  আনকি বতাহৰ ফুচফুচনিৰ ভাষাও মই বুজি পাওঁ।  মই কবি  মই জানো স্বৰ্গত এতিযা কোন আছে  ঈশ্বৰ এতিয়া কিমান ক্লান্ত ৰাতিৰ বৰষুণ কাৰ চকুলো হৈ নামি আহে মই তাকো কৈ দিব পাৰো হেলাৰঙে । মই চকুৰ পচাৰতে ভ্ৰমণ কৰো স্বৰ্গ পান কৰো অমিয়া, স্বৰ্গ সুধা, অমৃত লগতে গৰলো। দেৱদূতৰো মই সাক্ষাৎকাৰ লও আৰু সুৰ সলাও হালধীয়া পাতৰ […]

Read More

আশাৰ সূৰুয। ৰাব্বি মছৰুৰ

আশাৰ সূৰুয (কবিতা) মই মৰি আছো আৰু মৰি আছো আৰু ক্ৰমান্বয়ে  আগবাঢ়ি আহি আছে মোৰ শাশ্বত জীৱন প্ৰতি খোজতে মই পৰাভূত হৈ আছো আৰু মোৰ পৰাজয়ে দৃঢ় কৰি আছে – হে মোৰ আই, তোমাৰ জয়ৰ নিচান। মই কান্দি আছো আৰু কান্দি আছো মোৰ কান্দোনক আৱৰি, হে মোৰ আই, তোমাৰ মুখত ফুলক হাঁহিৰ ফুল। মই প্ৰতিটো পলক উজাগৰে আছো আৰু  উজাগৰে আছো আৰু যিমানেই মই উজাগৰে আছো সিমানেই ওচৰ চাপি আহি […]

Read More

বছনিয়াৰ   বিপ্লবীসকলৰ প্রতি।ৰাব্বি মছৰুৰ

বছনিয়াৰ   বিপ্লবীসকলৰ প্রতি (কবিতা) তোমালোকৰ বুকুৰ তেজত প্রতিধ্বনিত  হয় স্বাধীনতা সেউজ সপোন  আত্মীয়তা। তোমালোকৰ মেঘে ঢকা আকাশখন ফৰকাল হ’বলৈ বেছি  পৰ নাই তোমালোকৰ তেজে বিনিময় কৰিব- সবুজ ফুল নীলাভ অন্তৰীক্ষ মাথো মুক্তিৰ চিৰাকাঙ্খিত পতাকাখন  ঢলি পৰিবলৈ নিদিবা।   তোমালোকৰ নিঃক্ষৰিত তেজৰ ছিটিকনি  কবিৰ বুকুত তোমালোকৰ অনাথ শিশুৰ হাহাধ্বনি   আমাৰ কলিজাত তোমালোকৰ প্ৰতি উশাহত এই কবিৰ  সহৃদয়া শুভাশীষ।   বিপ্লৱী মানেইতো সগোত্ৰতা বিপ্লৱ মানেইতো জীৱন বিপ্লৱ মানেইতো প্ৰেম অন্ধকাৰ ৰাতিৰ শেষত ফৰকাল দিন। ০ ০ ০ […]

Read More

অন্তিম  নিশাৰ কবিতা। ৰাব্বি মছৰুৰ

অন্তিম  নিশাৰ কবিতা (কবিতা) পাহাৰবোৰ  এতিয়াও ক’লা ডাৱৰে  আঁৰ কৰি আছে হৃদয়ৰ  পৰা খহি পৰিছে হৃদয়  আলোৰ দ্যোতনাত দুলি আছে অন্ধকাৰ সময় ‘পৃথিৱী’ নামৰ গ্ৰহটিত ফুলিছে ‘অপৃথিৱী’ নামৰ ফুল পাহি কোৱা- কেনেকৈ বজাও মোৰ নিশাৰ প্ৰেমবাঁহী ?   নিতাল মাৰি শুই থকা দেৱ শিশুটি শুলে যে শুলেই সি আৰু কোনো দিনেই আমনি নকৰে মাকৰ পিয়াহ বিচাৰি কি! দুর্বিবহ   ভয়াবহ ৰাতি !  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

আকৌ প্ৰেমৰ স্তবক।ৰাব্বি মছৰুৰ

আকৌ প্ৰেমৰ স্তবক (কবিতা) মাথো আৰু এখোজ গ’লেই  ফৰকাল আকাশৰ চোতাল মাথো এখোজ গ’লেই  হয়তো বাস্তৱ মোৰ বৰ্তমান হায! বহুতো খোজ আহি আহি ভাগৰি পৰা মই ক্লান্ত কবি।   আশাত বৰশী বোৱাৰ  দৰে মই বৈ  আছো তোমাৰ হৃদয়  মোৰ বুকুত এন্ধাৰ হেন গভীৰ ৰণ-উন্মুত্ত  ৰাতিতো। ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

গোলাপ যেন সুন্দৰ।ৰাব্বি মছৰুৰ

গোলাপ যেন সুন্দৰ (কবিতা) গোলাপ যেন সুন্দৰ সপোনৰ  জখলাৰে নামি আহিল এটি সাপ পদুম ৰঙী পাখি লগাই ৰক্তাক্ত দেহাৰে সি আহিল সি আহিল আৰু ৰক্তাক্ত দেহাৰেই সি গুচি গ’ল। সি আহিল আৰু গ’ল ফুল হৈ আৰু নুফুলিলে আমিবোৰে  এনেকৈ আহো আৰু এনেকৈয়ে যাওঁ এক গতানুগতিক ছন্দহীনতাৰ মাজেৰে।   এই যে মানুহবোৰ  দেখিছা  তিৰোতাবোৰো   ফটা গাৰে শিল কোবাই থকা ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে আবৰ্জনাৰ দ’ম খুচুৰি থকা  ল’ৰা অথবা   ছোৱালিবোৰ   এজন কবি বন্ধুয়ে  কোৱাৰ দৰে  […]

Read More

স্তৱক।ৰাব্বি মছৰুৰ

স্তৱক (কবিতা) তোমাৰ মুখলৈ চালেই মোৰ মানস দাপোণত  প্ৰতিফলিত হয়- চ’তৰ নিদাঘ দুপৰীয়া আহাৰৰ ধাৰাষাৰ বৰষুণ আৰু নামি আহে মোৰ চকুৰ তন্ত্ৰীৰ মাজেৰে এবুকু তপত লো।   ‘তোমালোকৰ হৃদয়  বৰ কঠোৰ’ – গ্ৰীক নাটকত এজনী প্ৰতাৰিত কুমাৰীৰ  এটি গানৰ কলিৰ দৰে  মোৰো আজি অকপটে আওঁৰাবলৈ মন গৈছে: সঁচাকৈ সময়ৰ হৃদয়বোৰ  যে কিমান কঠিন শিল !  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

অভীপ্সা। ৰাব্বি মছৰুৰ

অভীপ্সা  (কবিতা) আকৌ আহিব  বিশুদ্ধ বোলেৰে  বলা ৰিব ৰিব বতাহ আৰু আমাৰ প্ৰতিশ্ৰুত স্বাধীনতা ।   আকৌ উদিত হ’ব  নীলিমাৰ বুকুত শান্তি সূৰ্য গোটেই মেদিনী জুৰি  বিকিৰণ কৰিব আলোৰ দ্যুতি আৰু ঘূৰাই আনিব  আমাৰেই হেৰুৱা অস্তিত্ব।   আকৌ আহিব কুলি ক-উ, ক-উ মাতেৰে জাগ্ৰত কৰিব প্ৰভাতী পৃথিৱী আহিব বসন্ত, ফুলিব ফুল আৰু নক্ষত্ৰলোকৰ উজ্জ্বলতাৰে চিক-মিকাই  তুলিব আইৰ সেমেকা মুখ। ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More